লেখক:নকুল চন্দ্ৰ ভূঞা
অৱয়ব
| ←লেখকৰ তালিকা | নকুল চন্দ্ৰ ভূঞা (১৮৯৫–১৯৬৮) |
| নকুল চন্দ্ৰ ভূঞা (১৮৯৫-১৯৬৮) অসমৰ এগৰাকী বুৰঞ্জীবিদ, নাট্যকাৰ আৰু গল্প লেখক। তেওঁ চৰকাৰী কৰ্মচাৰী আৰু বাগানৰ মেনেজাৰ ৰূপে চাকৰিত নিযুক্ত আছিল। অসমৰ চৰকাৰৰ বিত্ত নিগমৰো সভ্য আছিল। জন্ম চাৰিঙত। পিতৃ গোলাপচন্দ্ৰ, মাতৃ ডালিমী। ১৯১৬ চনত যোৰহাট চৰকাৰী হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ উচ্চ শিক্ষাৰ্থে কলিকতালৈ যায় যদিও পঢ়া এৰি ডিব্ৰুগড় কাছাৰীৰ কৰ্মচাৰী ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯২৮ চনত যোৰহাট চাহ কোম্পানীৰ সহকাৰী মেনেজাৰ আৰু ১৯৫৪ চনত অক্টোভিয়াচ কোম্পেনীত মকৰল হৈ নুমলীগড় চাহ বাগিচাৰপৰা অৱসৰ গ্ৰহণ কৰে। কৃষ্ণকান্ত সন্দিকৈৰ বাল্যবন্ধু। অসম সাহিত্য সভাৰ কোষাধ্যক্ষ আছিল। |
গ্ৰন্থসমূহ
[সম্পাদনা কৰক]- বুৰঞ্জীমূলক ৰচনা
- বাৰভূঞা
- বাৰভূঞাৰ চমু বুৰঞ্জী
- চাহ বাগিচাৰ বনুৱা
- ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়া
- নাটক
- বদন বৰফুকন
- চন্দ্ৰকান্ত সিংহ
- বিদ্ৰোহী মৰাণ
- নুমলী কুঁৱৰী
- গল্প সংকলন
- চোৰাংচোৱাৰ চ'ৰা
- জোনোৱালী
- গল্পৰ শৰাই
- গীতৰ পুথি
- বহাগী
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )