লুইতী
লু ই তী
শ্রীপাৰ্ৱতিপ্ৰসাদ বৰুৱা
অ ৰু ণ বু ক কো ম্পা নি
প্ৰথম প্ৰকাশ
বহাগ মাহ
১৮৮১ শক
প্ৰকাশক :
শ্ৰীবিজন বৰকটকী
অৰুণ বুক কোম্পানি।
জোৰহাট।
বেটু পাতৰ শিল্পী
শ্ৰীত্ৰৈলোক্য দত্ত
ছেপোতা :
শ্ৰীকাৰ্তিক চন্দ্ৰ পাণ্ডা
মুদ্ৰণী
৭১, কৈলাশ বোস্ ষ্ট্ৰীট
কলিকতা-৬
বান্ধোতা :
উদয় বাইণ্ডিং ওৱাৰ্কচ্
৫৬, মিৰ্জাপুৰ ষ্ট্ৰীট
কলিকতা-৯
বেচ এটকা
উছৰ্গা
নুমলীয়া ভনী
স্বৰ্গীয়া প্ৰতিমা আইদেওৰ
চেনেহৰ সোঁৱৰণীত
সূচী পাত
| ৯ | কাৰে বেজাৰতে | লুইতৰ চাপৰিত | ২০ | |
| ১০ | বৰনৈৰ পাৰৰে | নাহৰ গছৰ | ২১ | |
| ১১ | দোকমোকালিতে | দূৰত সেউজীয়া | ২২ | |
| ১২ | পাটকাই পৰেবত | অ’ চিত পখিলি | ২৩ | |
| ১৩ | অৰণ্যৰ মাজতে | ফাগুনী জোনাক | ২৪ | |
| ১৪ | আঁহত জুপিৰ | আকৌ সেউজীয়াই | ২৫ | |
| ১৫ | লুইতৰ পাৰৰে | জীৱন জাগে | ২৬ | |
| ১৬ | জুৰণি বতাহত | ফাগুনত আমাৰ | ২৭ | |
| ১৭ | সন্ধিয়া বেলিকা | আজি নতুন | ২৮ | |
| ১৮ | লুইতৰ বুকুতে | পুখুৰী পাৰৰে | ২৯ | |
| ১৯ | সাগৰৰ পাৰৰে | জীৱনৰ মৌৰস | ৩০ |
মানুহৰ দেহাতে ৩১
লু ই তী
কাৰে বেজাৰতে এজাৰ নিজাৰ পৰিছে।
এটি দুটি কৰি পাত জহি পৰি সৰিছে।
এজাৰ গছতে নিজোৰ কপউ
বিসুৰীয়া গীত ধৰিছে।
নিজোৰ কপউ জুৰীয়া আছিলে
সুৰীয়া আছিলে মাত,
এজাৰ গছত হেজাৰ-বিজাৰ
সেউজী আছিলে পাত।
কোনে জানে হাঁয় ক’ৰে তেজা বাই
ফুলতী গাভৰু হল,
এটি দুটি কৰি পাত জহি সৰি,
কপউ ভুৰুঙি গল॥
বৰনৈৰ পাৰৰে আহঁত এজুপি
তিনি ফেৰেঙীয়া ডাল;
আহঁতৰ ডালতে টিপচী চৰায়ে
বাহটি সাজিলে ভাল।
কৌটি-কলীয়া বুঢ়া আঁহতৰ
চিকুণ কুমলীয়া পাত;
তাতোকে চিকুণ এধানি টিপচী
গীত জোৰে জাঁত জাঁত।
পুৰণি আঁহত পুৰণি পৃথিৱী
পুৰণি আকাশ নীল;
ন কুঁহিপাত নতুন টিপচী,
ন পুৰণিৰ মিল॥
দোকমোকালিতে ফেহুঁজালি দিলে
ৰ’দালি ৰেঙালে পূবে;
চিকুণ কুমলীয়া আঁহতৰে পাত
জিলিঙনি পৰি শোভে।
পাতৰে আঁৰতে টিপচীৰে বুকু
ৰঙ্-উলাহেৰে ভৰা;
ৰ’দালিলৈ বুলি বাট চাই আছিলে
নিশা দোভাগৰে পৰা।
এধানি টিপচীৰ একণি বুকুতে
পোহৰৰ বতৰা ৰয়;
ৰ’দালি আহিবৰ আগলি বাতৰি
ৰাতি নৌ পুৱাওঁতেই কয়॥
পাতকাই পৰেবত ঐ উজ্জ্বলি উঠিলে
জিলিকি উঠিলে টিং।
পৰ্ব্বতৰ সিপাৰত কোনে ভুমুকিয়ায়
কোনেনো মাৰিছে ৰিং?
সূৰুয কোৱঁৰে ছুটি মেলি আহে
চেকুৰাই সাতোটি ঘোঁৰা;
সোণালী পোহৰৰ ধূলি উৰি আহে
উজ্বলি চৌদিশ-জোৰা।
আকাশ উজ্বলে পৰ্ব্বত জিলিকে
জিলিকি উঠিলে নৈ;
লুইতৰ বুকুতে ঢৌ জিলিকিলে
চিক্মিক্ চিক্মিক্ কৈ॥
অৰণ্যৰ মাজতে অজান পখীয়ে
পুৱতি প্ৰসঙ্গ গালে;
লতাই বিৰিখে ফুলকলি বোৰে
মুৰ তুলি তুলি চালে।
কোঁৱৰো নতুন পুৱাটি নতুন
নিতৌ নো নতুন ঐ,
সেৱাটি কৰিলে লতাই বিৰিখে
পোহৰৰে ধূলি লৈ।
কেৱে নেজানিলে কেৱে নুশুনিলে,
অৰণ্যই পঢ়িলে স্তৱ,
চৌদিশ জুৰি উঠিলে গম্ভীৰ
সূৰুজ-বন্দন ৰৱ॥
আহঁত জুপিৰ টোপাল সৰিলে
তিতিলে দুবৰি বন;
লুইতৰ পাৰতে জকমক কৰিলে
কাৰে ফুলবাৰী খন।
ফুলনি কাষতে শুকুলা শিলৰে
পকা খটখটী ঘাট,
ছান কৰি যোৱা চৰণ এজুৰি—
ছাব পৰি আছে তাত।
বকুল তলেদি কোন গ’লে সেয়া
পাট-কাপোৰৰ সাজ।
বকুল কিপাহি কোচত ভৰাই
সোমালে বনৰ মাজ।
লুইতৰ পাৰৰে ঝাওগছ এজুপি
বতাহত লৰচৰ কৰে;—
কোষৰে চাপৰিত দুবৰি বননিত
পৰ্ব্বতৰ ভেলেঙী চৰে।
উজাই নাৱৰীয়াই বোজাই নাও এখনিত
বেহা কৰিবলৈ যায়;
বহল চকুজুৰি বহলকৈয়ে মেলি
ভেলেঙী ৰ লাগি চায়।
তুমি নাৱৰীয়া নাও বাই আহিছা
কেলেই ধৰিছা শৰ?
ভেলেঙীৰ দেহাটি জাতেই আলসুৱা
কলিজা কোমল বৰ॥
জুৰণি বতাহত ধাননি কঁপিলে
ওপৰে উৰিলে টুনী।
সন্ধিয়া বেলিকা দূৰণি গাৱঁতে
ডবা-কাঁহ বজোৱা শুনি।
নৈৰে কোষৰে পচতীয়া জোপা
গৰা-খহনীয়াত গ’ল;
গৰাৰে লগতে টুনিৰো বাহটি
এথানি-এবানি হ’ল।
হেৰ উৰণীয়া কিনো হব চাই
ধানৰ সেউজীয়৷ বৰণ,
বাহ উটি গ’লে খুদ-কণ নহলে
ধান পকে মানেই মৰণ
সন্ধিয়া বেলিকা কোনে নাও বায়
চাবত চাবে মাৰি ব’ঠা?
ক’ৰপৰা আহিছা ক’লৈ নো বা যাবা
আমাক ক’য়ে যোৱা কথা।
উজনিৰ বৰাগী ভটিয়াই আহিছোঁ
লুইতৰ আগালত ঘৰ;
সাগৰৰ পাৰলৈ যাবলৈ আহিছোঁ
দূৰণিবটীয়া বৰ।
সাতোখন গাঁৱৰে বেহানি আনিছোঁ
টুলুঙা নাৱতে ভৰি।
বুকুৰে বান্ধৈকে এৰি থৈ আহিছোঁ
এথানি-এবানি কৰি॥
লুইতৰ বুকুতে লহৰী কঁপিলে
লিহিৰি কঁপিলে পাৰত,
সিপাৰত কোনোবাই সুহুৰি মাৰিলে
কঁহুৱা বনৰে আঁৰত।
চৰাই লৰিয়লি দেও দি লৰিছে
দীঘল ডঁৰিয়লি বালিত।
উভতি চাওঁতে উজুটি মাৰিবা
পথাৰৰ বকিয়৷ আলিত।
“চাইনো চাই বুলিবা বাট সমনীয়া
চাইনো চাই বুলিবা বাট,
দেহৰে ভিতৰত আছে খলাবমা
পিছলি পৰিবা তাত॥”
সাগৰৰ পাৰৰে পছোৱা এছাটি
জুৰকৈ পূবলৈ ব’লে;
সাগৰৰ মনৰে নোকোৱা কথাটি
লুইতক নিৰলে ক’লে।
লুইতৰ বুকুতে কঁপনি উঠিলে
হেন্দোলি উঠিলে ঢউ;
ওপৰত কঁপিলে কলীয়া ডাৱৰ ঐ
ঢালিলে বুকুৰে মউ।
পাৰতে কঁপিলে পাৰৰে বিৰিণা
ৰৈ ৰৈ কঁপিলে ঘনে,
সাগৰৰ বুকুৰে বায়ুৰে বাতৰি
টিপতে বুজিলে মনে॥
লুইতৰ চাপৰিত ক’ৰে নাৱৰীয়া
বালিত ভাতে ৰান্ধি খায়;
সাউদৰ ডিঙৰা বগা পালে তৰা
উজনি দেশলৈ যায়।
হেৰ’ নাৱৰীয়া মেলি দে ডিঙৰা
তৰি দে শুকুলা পাল,
পছিমৰ দিশৰে পছোৱা আহিছে
বতাহ বলিছে ভাল।
পালতে লাগিব পছিমৰ পছোৱা
তুল-বুল কৰিব নাও,
ঢউৰ চেৱে চেৱে নামে লগাই দিবি
হালিব-জালিব গাৱ॥
নাহৰ গছৰ কুঁহিপাতত
পোহৰ পেলাই ফাগুন আহিছে;
সখিয়তীৰ মিহি মাতত
লহৰ খেলাই ফাগুন আহিছে।
থল-পদুমৰ ৰঙা পাহিত
চৰণ বুলাই ফাগুন আহিছে;
ফুল কুৱঁৰীৰ মুখৰ হাঁহিত
বৰণ মিলাই ফাগুন আহিছে।
প্ৰাণৰ গানৰ তালে তালে
চৰণ পেলাই ফাগুন আহিছে;
জীৱন বনৰ ডালে ডালে
কোঁহ মেলাই ফাগুন আহিছে॥
দূৰত সেউজীয়া চাপৰিটি আজি
ন কৈ চাই ল মন;
তাতে আছে তোৰ হেৰোৱা ৰতন
লুকুৱা সপোনৰ ধন।
একাষেদি তোৰ শুকান বালি-গড়া
একাষে অতল জল।
পাছত এৰি আহ অথাই সাগৰৰ
উৰুমিৰ কোলাহল।
ওপৰে উৰিছে আকাশত তোৰ
তমোময় ৰ’দৰে ভাপ
নিশাহত তোৰ বতাহত বিয়পি
উৰিছে অগনিৰ ভাপ।
নিলগত জিলিকা চাপৰিটি চাই
টুলুঙা নাও খন বা,
আকৌচোন এবাৰ জীৱনৰ তোৰ
সেউজী-পামলৈ যা॥
অ’ চিত পখিলি,
কচোন ক’ত পাই
সৰু পাখি দুখিলি?
কোন দূৰ-দূৰণিত
পাৰিজাত ফুলনিত
আঁৰে আঁৰে উৰি তই
কি ছবি দেখিলি?
পোহৰৰ গুণ গাই,
ফুটুকাৰ মৌ খাই,
তোৰ দৰে ঘূৰি ঘূৰি
উৰিবৰ মন যায়।
ৰ’দালিয়ে বীণ বায়,
জিলিয়ে জুৰণি গায়
চেৱে চেৱে নাচি তই
কি সুৰ শিকিলি?
ফাগুনী জোনাক ঐ
আহিছা কি বাতৰি লৈ?
বাঁহীটি বাজিছে সুৰটি আহিছে
মন উৰণীয়া কৈ।
ভগা এই টোকাৰী
সুৰ মোৰ হেৰালে
বাঁহীৰে সুৰটি বুজোঁ কি নুবুজোঁ
বুজোঁ যেন লাগিছে ঐ।
পুৰণি চিনাকি
ফাগুনৰ জোনাকী,
দূৰণি গাৱঁৰে পুৰণি বান্ধৈ
বাট চাই আছে যেন ৰৈ॥
আকৌ সেউজীয়াই বজালে বীণ?
আঙুলি বুলালে ঢোলতে ধিন্।
পুৰণি ধৰণীৰ সেউজী ওৰণি
বিৰিখৰ শিৰতে জীৱনৰ অগণি
ন কৈ জ্বলালে চিন।
আহা সমনীয়া গাৱঁলীয়া
ডেকা গাভৰু চেঙেলীয়া
বীণৰে সুৰতে ঢোলৰে বোলতে
নাচোনৰ চেৱতে জীৱনটি ওলটে,
আহিছে ৰঙৰে দিন॥
জীৱন জাগে!
নতুন জীৱন জাগে!
কোন ময়াপীৰ পৰশ লাগে।
কোন সুদূৰৰ সৰগ পুৰৰ
বতাহ আহিল নতুন সুৰৰ,
শুকান ডালৰ টোপনি ভাগে।
নাহৰ গছত ন কুঁহিপাত;
চৰাইৰ ডিঙিত ন মিহিমাত।
মৰা জীৱনৰ সুঁতিত বান,
জাগে পৰাণত নতুন গান;
কেঁচা-কলিজাৰ কঁপনি লাগে॥
ফাগুনত আমাৰ দেশত
পছিমৰ পছোৱাই
পৰ্ব্বতত দেৱালি জ্বলায়;
উতৰৰ মলয়াই
আহিনত বনে বনে
শেৱালি সৰায়।
বিৰিখত ঠেও ধৰি
কত কুলি কেতেকীয়ে নাচে;
হাবি বন ভৰি ভৰি
কত গান কত গীত আছে।
কত ম’হ-গুৱালৰ গীত
মুকলি পথাৰ ভেদি
বতাহত উটি উটি যায়;
কতনো নাৱৰীয়াই
লুইতত ৰিঙিয়াই
বন গীত গায়।
আজি নতুন ফাগুন দিন
বিশ্ব-বীণৰ পুৰণি তাঁৰত
জোকাৰ উঠিছে ৰিণ্ জিন্ জিন্।
তাঁৰৰ জোকাৰ সুৰৰ ৰাগী
গছৰ নতুন পাতত লাগি,
নাচোন জাগে তা ধিন্ তা ধিন্।
মোৰ সুৰৰ ৰাগী লাগিছে,
মোৰ প্ৰাণত নাচোন জাগিছে।
মোৰ হৃদয়ৰ মাজে মাজে
কাৰ নেদেখা নেপুৰ বাজে,
মঞ্জিৰা বাজে ৰিণ্ জিন্ জিন্॥
পুখুৰী পাৰৰে কেচ ফুল এজুপি
নিতৌ তিনি পাহি সৰে;
এপাহি সৰিলে আন পাহি গৈ
কাষতে বেজাৰ কৰে।
তিনি পাহি সৰি বেলা হয় গধূলি,
বেলিয়ে মেলানি মাগে;
ফুল ফুলোৱাৰ দিনতীয়া মেলা
নিতৌ এনেকৈয়ে ভাগে॥
জীৱনৰ মৌৰহ উপচি পৰিছে
চৌদিশ চৌ-চৌৱাই
পইচা লেখোতাৰ লেখোতেই আহুকাল
চাবৰ হে সময় নাই।
হেৰা ধনবৰ ধনকে চিনিলা
বঙহক কৰিলা পৰ
আপদৰ কালতে ধনে নেতাৰিব
বঙহ হে আপোন বৰ।
“ধনক ধনে কৰি ধনকে ঘটিছা
পৰমে যতনে কৰি
ধন যায় উচলি দেহা যায় পিছলি
লগত যায় দুচলি খৰি।”
মানুহৰ দেহাতে জীৱই কলেমলাই
“খাবলৈ খুদ কণ নাই—
মানুহৰ ভোগতে ভোগ পৰমানত
খুদকণ কমিলেই দায়।
হেৰা ভোগেশ্বৰ ভোগমন ভোগাই
ভোগতে গৈছা বুৰ
শুনা কাণ পাতি জীৱৰ চিঞৰ
কলমলনিৰ সুৰ।
পেটৰ অগনিয়ে সৱাকো দংশিব
জীৱৰ সৰু-বৰে নাই,
মানুহে মানুহক মোৰ নুবুলিলে
মানুহে মানুহক খায়।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )