লিখক:শ্ৰীমন্ত শংকৰদেৱ

ৱিকিউৎসৰ পৰা

শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯ - ১৫৬৮) এগৰাকী মহাপুৰুষ৷ শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা৷ তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিত কৰিছিল৷ অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়৷

শঙ্কৰদেৱৰ সাহিত্য[সম্পাদনা কৰক]

সেই সময়ত সকলো শাস্ত্ৰই সংস্কৃত ভাষাত থকাৰ কাৰণে সাধাৰণ মানুহে তাক পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল৷ সেই অসুবিধা দুৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেওঁ বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰিও বহু অসমীয়া গ্ৰন্থ ৰচনা কৰে৷ জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰেই আছিল তেওঁৰ ৰচনাৰ মূল অৰ্থ৷ সেইবাবে তেওঁ সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট, ৰচনা নকৰি 'ব্ৰজাৱলী' নামে ভাষাত ৰচনা কৰিছিল৷ কাৰণ এই ভাষাই সাধাৰণ মানুহৰ মাজত কৃষ্ণভক্তিৰ প্ৰতি মন কৃষ্ট কৰাত সহায় কৰিছিল৷ শ্ৰীশ্ৰীশঙ্কৰদেৱৰ গ্ৰন্থসমূহক কেইবাভাগত ভগাব পাৰি, যেনে:

কাব্যঃ[সম্পাদনা কৰক]

ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থঃ[সম্পাদনা কৰক]

অনুবাদমূলক গ্ৰন্থঃ[সম্পাদনা কৰক]

অঙ্কীয়া নাটঃ[সম্পাদনা কৰক]

গীতঃ[সম্পাদনা কৰক]

নাম-প্ৰসঙ্গৰ গ্ৰন্থঃ[সম্পাদনা কৰক]