সমললৈ যাওক

যুগনায়ক শঙ্কৰদেৱ

ৱিকিউৎসৰ পৰা

যুগনায়ক শঙ্কৰদেৱ

 

ডিম্বেশ্বৰ নেওগ

 

শুৱনী প্ৰকাশ
দিশপুৰঃ গুৱাহাটী - ৭৮১০০৫

YUGNĀYAK ŚANKARDEVA—A critical study on Mahapurusha Śankardeva, Pioneer Vaishnava Saint of Assam by late Dimbeswar Neog, Renowned Literateur of Assam and published by Xuwani Prakash, Dispur, Guwahati—781005 (Assam), September, 1996.

 

প্ৰকাশক
শুৱনী প্ৰকাশ
দিশপুৰ, গুৱাহাটী—৭৮১০০৫

 

পৰিবেশক
নন্দন প্ৰকাশ
আজলীতৰা ভৱন
দিশপুৰ, গুৱাহাটী—৭৮১০০৫

 

তৃতীয় তাঙৰণ
৫৪৮ শঙ্কৰাব্দ

 

মূল্য : এশ আশী টকা (১৮০.০০ টকা)

 

মুদ্ৰক :
শৰাইঘাট ফটো টাইপচ্
উদ্যোগ পাম
বামুণীমৈদাম
গুৱাহাটী—৭৮১০২১

প্রথম প্রকাশকৰ নিবেদন

 প্রাতঃস্মৰণীয় লক্ষ্মীনাথ বেজবৰুৱাৰ পাচত পঢ়াশলীয়া জীৱনৰ পৰা যােৱা আধা শতিকা কাল গভীৰ শ্রদ্ধা আৰু ঐকান্তিক নিষ্ঠাৰে আশাশুধীয়াকৈ একেৰাহে মহাপুৰুষীয়া তথা অসমীয়া সাহিত্য তুলনামূলকভাৱে অধ্যয়ন কৰি অহা এই গ্রন্থকাৰৰ চৰ্চাৰ প্ৰায় পৰিসমাপ্তিমূলক এই গ্রন্থখনি প্ৰকাশ কৰিবলৈ পাই আমি অতি গৌৰৱান্বিত বােধ কৰিছোঁ।

 শঙ্কৰদেৱ তথা মহাপুৰুষীয়া সাহিত্য-চৰ্চাৰ জনক স্বর্গীয় বেজবৰুৱাই বর্তমান শতিকাৰ দ্বিতীয় দশকৰ পৰাই তেওঁৰ আলােচনাৰ পাতনি মেলে। ১৯১১ চনত তেওঁৰ ‘শঙ্কৰদেৱ’ আৰু ১৯১৪ চনত ‘শঙ্কৰদেৱ আৰু মাধৱদেৱ’ প্রকাশিত হােৱাৰ উপৰি তেওঁৰ সম্পাদিত ‘বাঁহী’ত যােৱা তৃতীয় দশকৰ শেষলৈকে অলেখ প্ৰৱন্ধ আৰু আলােচনা ওলায়। কোৱা বাহুল্য মহাপুৰুষীয়া ধৰ্ম আৰু সাহিত্যৰ আলােচনাৰ এয়ে মূল ভেঁটি; আৰু বর্তমান গ্রন্থকাৰক এই ক্ষেত্ৰত বেজবৰুৱাৰ উত্তৰাধিকাৰী বুলি আমি ধৰিব পাৰোঁ।

 কিন্তু প্রাচীন গ্রীচৰ চিন্তাজগতত প্লেটো আৰু তেওঁৰ শিষ্য এৰিষ্টটোল বা প্রাচীন ধর্মজগতত অদ্বৈতবাদী শঙ্কৰাচাৰ্য্য আৰু তেওঁৰ উত্তৰাধিকাৰী বিশিষ্টাদ্বৈতবাদী ৰামানুজাচাৰ্য্যৰ সামান্য মতানৈক্যৰ দৰে বেজবৰুৱা আৰু বর্তমান গ্রন্থকাৰৰ বিচাৰ-পদ্ধতিত সামান্য পার্থক্য দেখিবলৈ পােৱা হয়। এই প্রভেদ ব্যক্তিগত নিশ্চয় নহয়, ই কেৱল ৰীতিগত। বেজবৰুবাই যি সময়ত গৱেষণা আৰম্ভ কৰে তেতিয়া বৈজ্ঞানিক পদ্ধতি ভালদৰে বিকশিত হােৱা নাছিল; বর্তমান গ্রন্থকাৰে বিকশিত বিজ্ঞান-সম্মত পদ্ধতিৰ সুবিধা পাই তাৰ প্ৰয়ােগ কৰিছে, ইমানেই।

 লিখক মহাপুৰুষীয়া ধৰ্ম আৰু সাহিত্যৰ এগৰাকী বিশিষ্ট সমালােচক। উক্ত বিষয়ে গ্রন্থকাৰৰ অসমীয়া আৰু ইংৰাজীত অসংখ্য প্ৰৱন্ধৰ উপৰিও ১৯৪০ ত “বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি”, ১৯৪১ ত “বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্ত্ব”, ১৯৪২ ত “বৈষ্ণব ধৰ্মৰ ক্ৰমবিস্তাৰ”, ১৯৫০ ত Mahapurusism, a universal Religion আৰু ১৯৫২ত “বৈষ্ণৱ ধৰ্মৰ আতিগুৰি (বিস্তৃত) আৰু ১৯৬৪ ত Jagat-Guru Sankardew, the Founder of Mahapurusism গ্রন্থ প্রকাশিত হয়। অসম সাহিত্য সভাৰ সভাপতি (১৯৬৫-৬৬) হােৱাৰ আগতে তেখেত কেইবাবছৰ “অসম শঙ্কৰদেৱ সঙ্ঘৰ” স্থায়ী সভাপতি আছিল, আৰু তাৰো আগতে ১৯৪০ ত যােৰহাটত “শঙ্কৰদেৱ শিক্ষালয়”ৰ প্ৰতিষ্ঠাপক-সভাপতি হৈছিল।

 অতি সন্তোষৰ বিষয়, বর্তমান গ্ৰন্থত এক সম্পূর্ণ নতুন দৃষ্টি-ভঙ্গীৰ পৰা তেখেতে শঙ্কৰদেৱৰ আলােচনা কৰিছে। বহুতে যেনেকৈ অজ্ঞানতাবশতঃ শঙ্কৰদেৱৰ গুৰু বিচাৰ কৰে, আন বহুতেই তেনেকৈ এক ভ্রান্ত ধাৰণাৰ বশবর্তী হৈ শঙ্কৰদেৱ দ্বৈতবাদী নে অদ্বৈতবাদী, বিশিষ্টাদ্বৈতবাদী নে দ্বৈতাদ্বৈবাদী, আদি প্রশ্ন কৰে। তেওঁলোকৰ এই বিবেচনা নাই যে নিজা অনুভৱ আৰু স্বকীয় মত নাথাকিলে প্ৰকৃত গুৰু হ’ব নোৱাৰি, আৰু বিভিন্ন আচাৰ্য্যৰ মতাৱলম্বীসকল সেই সকলৰ বহতীয়া, কোনো গুৰু নহয়। গ্ৰন্থকাৰে তেখেতৰ Jagat-Guru Sankardew গ্ৰন্থত এই মত ভালদৰে প্ৰতিষ্ঠা কৰিছে যে শঙ্কৰদেৱৰ মত আচাৰ্যসকলৰ প্ৰচাৰিত মতৰ ভিতৰুৱা যে নহয়েই, যি বেদান্ত-সূত্ৰৰ ভাষ্য লিখি এই আচাৰ্য্যসকলে নিজ মত প্ৰতিষ্ঠা কৰিবৰ প্ৰয়াস পাইছিল স্বয়ং সেই বেদান্তৰ ব্ৰহ্মবাদৰ ওপৰতে শঙ্কৰদেৱে স্বতন্ত্ৰ মত ঘোষণা কৰিছে।

 ততোধিক সুখৰ কথা, গ্ৰন্থকাৰে গতানুগতিকভাৱে অকল বৈষ্ণৱ মতৰ আলোচনাৰ ভিতৰতে আৱদ্ধ নাথাকি পৃথিৱীৰ পাঁচটা বৃহত্তম ধৰ্মৰ সাৰ-মৰ্ম অধিকাৰিত্বসম্পন্ন আৰু বিজ্ঞানসম্মতভাৱে ফঁহিয়াই দেখুৱাই তাৰ পাচত ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্ম-আন্দোলন ব্যাপক ভাবে আলোচনা কৰি এই সকলোবোৰৰ পোহৰত শঙ্কৰদেৱৰ ধৰ্ম মতৰ অৱতাৰণ কৰিছে। গ্ৰন্থকাৰে আৰু স্পষ্টকৈ দেখুৱাইছে, বহুতে ভুলকৈ ভবা দৰে অসমত বৈষ্ণৱ ধৰ্মৰ ভিন্‌ ভিন্‌ সুতি কেতিয়াও বোৱা নাছিল; একে মহাপুৰুষীয়া ধৰ্মকে পৰবৰ্তী কালত বিভিন্ন প্ৰচাৰকে নিজ ৰুচি অনুযায়ী প্ৰচাৰ কৰিব পাৰে বা কালক্ৰমত আপুনি সেইবোৰ অলপ লৰচৰ হ'ব পাৰে, ইমানেই; কিয়নো “ভিন্ন ৰুচিঃ হি লোকাঃ।” বৈদিক ধৰ্ম শাক্ত শৈৱ আদি ভাগত, বৌদ্ধ ধৰ্ম বজ্ৰযান, হীনযান, মহাযান ৰূপত, খৃষ্টান ধৰ্ম কেথলিক প্ৰটেষ্টান্ট গঢ়ত, মুছলমান ধৰ্মও ছিয়া-ছুন্নিৰ উপৰি আধুনিক ন ন ভাগত বিভক্ত হৈও চিৰকাল জীয়াই আছে। মহাপুৰুষীয়া ধৰ্মৰো বৰ্তমান বিভিন্ন সুতিয়ে এই ধৰ্মৰ ব্যাপকতা আৰু দীৰ্ঘজীৱনৰ সূচনা কৰে বুলি গ্ৰন্থকাৰে ভাৱে; গতিকে তাত বিভীষিকা দেখিবৰ কাৰণ নাই বুলি কয়। কালৰ গতিত বিভিন্ন ৰুচিৰ যোগান ধৰি দামোদৰীয়া-হৰিদেৱী প্ৰভৃতি গ্ৰন্থই আকোৱালি নোলোৱা হ’লে সেই পন্থ-অৱলম্বীসকল মহাপুৰুষীয়া ধৰ্মৰে বাহিৰ হৈ যাবৰ আশঙ্কা আছিল। ইংৰাজ শাসন আৰু খৃষ্ট ধৰ্মৰ সংঘৰ্ষত বৈদিক ধৰ্ম খুন্দা-খুন্দলি খাই ভাগি যাবৰ উপক্ৰম হোৱা পৰিস্থিতিত দূৰদৰ্শী ৰামমোহন ৰায়ে ব্ৰাহ্ম-ধৰ্ম উদ্ভাৱন নকৰা হ’লে অন্ততঃ সেই কালত ভাৰতীয় সমাজত লেখৰ আৰু বুজন এক অংশই ভাৰতীয় ধৰ্মৰ পৰাই একেবাৰে ফাটি গ'লহেঁতেন যে সন্দেহ নাই। তেনেকৈয়ে মহাপুৰুষীয়া প্ৰচাৰক দামোদৰদেৱ, হৰিদেৱ প্ৰভৃতিয়ে সেই কালত ভাঙনমুখী হোৱাৰ পৰা মহাপুৰুষীয়া ধৰ্মক ৰক্ষা কৰিলে আৰু ইয়াক সুদূৰব্যাপী কৰি সমাজত ইয়াৰ পৰিসৰ বঢ়ালে। গতিকে এই বিভিন্ন পন্থবোৰ পৰস্পৰৰ পৰিপূৰক বুলি জানি ভেদ-অসূয়া আদি বৰ্জন কৰিব লাগে।

 এই গ্ৰন্থৰ আৰু এক বৰঙণি হ'ল ইয়াৰ বিশিষ্ট বিচাৰ-পদ্ধতি। মতানৈক্য বিষয়ত আমি কিম্বদন্তি মানিম নে চৰিত মানিম, বা চৰিতবোৰৰ অমিল হলে কোনখন চৰিতৰ কথা গ্ৰহণীয় বা বৰ্জনীয় বুলি ধৰিম, বা চৰিত আৰু মূল পুথিৰ ভিতৰত অমিল হ’লে ক’ত প্ৰাধান্য দিয়া হ'ব, আৰু পাঠান্তৰৰ বিবাদ থাকিলে তাৰ মীমাংসা কিদৰে কৰা হ'ব এনে বাৰ-বুৰি প্ৰশ্নৰ বৈজ্ঞানিক সিদ্ধান্ত গ্ৰন্থকাৰে অন্যান্য ধৰ্ম বিচাৰ-পদ্ধতিৰ লগত তুলনা কৰি আমাক দিছে। এনে ভালেমান কাৰণত এই গ্ৰন্থই মহাপুৰুষীয়া ধৰ্মৰ আৰু শঙ্কৰদেৱৰ মতবাদ সম্পৰ্কেসকলে বিবাদৰ নিৰাকৰণ কৰি এক সমিল-মিলৰ চৰম মীমাংসাৰ ভেটিত আমাক থিয় কৰিছে।

 অকল ইমানেই নহয়, মহাপুৰুষীয়া আৰু সংশ্লিষ্ট সকলো ধৰ্মৰ মতামত সেইবোৰৰ মূলে সৈতে ব্যাপকভাৱে উল্লেখ কৰি দি পঢ়ুৱৈয়ে নিজৰ মনৰ সকলো শঙ্কা আৰু খৰচি যাতে নিজেই মাৰি লব পাৰে তাৰ কাৰণে হাতে ঢুকি পোৱা নোপোৱা সকলো শাস্ত্ৰৰ বিপুল উদ্ধৃতি দি গ্ৰন্থখনিক অকল বুৰঞ্জী বা সমালোচনা পুথিয়েই নহয়, ধৰ্ম-শাস্ত্ৰৰ এক ব্যাপক সংগ্ৰহ-পুথিৰো ৰূপ দিছে। আমি অতি আনন্দ, গৌৰৱ আৰু শ্ৰদ্ধাৰে সেই দেখি ইয়াক পঢ়ুৱৈ সমাজলৈ আগবঢ়ালোঁ; আশাকৰোঁ ইয়াক সদৌৱে সাদৰে গ্ৰহণ কৰিব।

শ্ৰীমুনীন্দ্ৰনাৰায়ণ দত্তবৰুৱা

 

তৃতীয় তাঙৰণৰ নিবেদন

 ‘যুগনায়ক শঙ্কৰদেৱ’ৰ ক্ৰমশঃ বাঢ়ি অহা প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ তৃতীয় তাঙৰণ সহৃদয় পাঠক সমাজৰ মাজলৈ আগবঢ়োৱা হ’ল। বৰ্তমানে আৰু ভৱিষ্যতেও শঙ্কৰদেৱৰ বহল অধ্যয়নত এই গ্ৰন্থই অনুসন্ধানৰ ক্ষেত্ৰত প্ৰেৰণা দিব পাৰিলে প্ৰকাশকৰ প্ৰয়াস সাৰ্থক হ’ব। পূৰ্বৰ দৰেই এতিয়াও পাঠকে গ্ৰন্থখনি আদৰি ল’ব বুলি আমাৰ একান্ত বিশ্বাস।

শুৱনী প্ৰকাশ

 

বিষয়-সূচী

১। বৈদিক ধৰ্মৰ বহু-শৰণ। ২। বহু-শৰণৰ বিপক্ষে জৰথুস্ত্ৰ ধৰ্ম। ৩। কৰ্মকাণ্ডৰ বিৰুদ্ধে জ্ঞানকাণ্ড। ৪। বেদান্তত বৈদিক দেৱতা। ৫। আৰ্যধৰ্মত দ্ৰাবিড়ী প্ৰভাৱ। ৬। বৈদান্তিক ধৰ্মৰ প্ৰতিবাদী বৌদ্ধ ধৰ্ম। ৭। কন্-ফু-ছিয়াছ, ছক্ৰেটিছ, যীশুখৃষ্ট। ৮। মহম্মদীয় ধৰ্মত পূৰ্ব-সমন্বয়। ৯। দ্ৰাবিড়ী দেশত ভক্তি-ধৰ্ম। ১০। ভক্তি-ধৰ্মৰ দাৰ্শনিক ভেটি। [৩-৮৯]

১১। ৰামানুজৰ পৰবৰ্তী প্ৰচাৰকসকল। ১২। ৰামানন্দ কবীৰ প্ৰভৃতিৰ ভক্তি-প্ৰচাৰ।
১৩। প্ৰাক্-শঙ্কৰী অসমত ধৰ্মৰ যুঁজ-বাগৰ। ১৪। শঙ্কৰদেৱলৈ সমাজৰ সকীয়ণ।
১৫। শঙ্কৰদেৱলৈ দৈৱিক সকীয়ণ। ১৬। শঙ্কৰদেৱৰ তীৰ্থভ্ৰমণৰ তাৎপৰ্য্য।
১৭। শঙ্কৰদেৱ-মাধৱদেৱৰ মিলন। ১৮। শঙ্কৰদেৱৰ ভাগৱত-পাণ্ডিত্য।
১৯। শঙ্কৰদেৱৰ আগতীয়া গ্ৰন্থসমূহ। ২০। শঙ্কৰদেৱৰ শেহতীয়া গ্ৰন্থসমূহ। [৯৩-১৮০]
২১। শঙ্কৰদেৱৰ ধৰ্মৰ বিচাৰ পদ্ধতি। ২২। অবৈষ্ণৱ ব্যাখ্যাৰ বিৰুদ্ধে সতৰ্কতা।
২৩। গুৰু-চৰিতৰ পোহৰত ধৰ্মৰ বিচাৰ। ২৪। গুৰু-চৰিতৰ পোহৰত মূৰ্তি বিচাৰ।
২৫। শঙ্কৰদেৱৰ একশৰণ নীতিৰ স্বৰূপ। ২৬। ভক্তিৰ বিৰোধী আৰু অবিৰোধী কৰ্ম।
২৭। নাম-ধৰ্মৰ প্ৰয়োগ-অপ্ৰয়োগ বিচাৰ। ২৮। ভক্তি ধৰ্মৰ আচাৰৰ শুদ্ধাশুদ্ধতা।
২৯। দৈনন্দিন ভক্তি-ব্যৱহাৰৰ বিচাৰ। ৩০। শঙ্কৰদেৱৰ নিজ সৃষ্টি-তত্ত্ব ব্যাখ্যা। [১৮৩-২৭৭]
৩১। অৱতাৰবাদ আৰু প্ৰাক্‌শঙ্কৰী অসম। ৩২। সমাজ-সংগঠনৰ অন্যান্য আহিলা।
৩৩। কুৰি শতিকালৈ শঙ্কৰদেৱৰ বাণী। ৩৪। নামঘৰ আৰু সত্ৰত শঙ্কৰী সংস্কৃতি।
৩৫। গ্ৰাক্-শঙ্কৰী যুগত বৈষ্ণৱ অভ্যুত্থান। ৩৬। শঙ্কৰদেৱৰ সমাজ-চিকিৎসা।
৩৭। অসমীয়া সমাজ-বোধ জাগৃতি। ৩৮। শঙ্কৰদেৱৰ অসমীয়া প্ৰাণ-প্ৰতিষ্ঠা।
৩১। সমাজত মজ্জাগত শঙ্কৰী প্ৰভাৱ। ৪০। লুথাৰ,কবীৰ আৰু শঙ্কৰদেৱ। [২৭৯-৩৬৬]

৪১। আজিৰ জগত আৰু ভৱিষ্যতৰ ধৰ্ম। ৪২। মহাপুৰুষীয়া ধৰ্মত নৱবিধানসঙ্কেত। ৪৩। মহাপুৰুষীয়া ধৰ্মত অতীতৰ সমন্বয়। ৪৪। মহাপুৰুষীয়া দৰ্শনত গীতাৰ সামঞ্জস্য (১) ৪৫। মহাপুৰুষীয়া দৰ্শনত গীতাৰ সামঞ্জস্য (২)। ৪৬। মহাপুৰুষীয়া ধৰ্মৰ মায়ামৰা আন্দোলন। ৪৭। শঙ্কৰদেৱত জগত-গুৰুৰ লক্ষণসমূহ। ৪৮। মহাপুৰুষীয়া ধৰ্মৰ প্ৰকৃত তাৎপৰ্য্য। ৪১। মহাপুৰুষীয়া ধৰ্মত ভক্তিৰ দাৰ্শনিকতা। ৫০। মহাপুৰুষীয়া ধৰ্মত অমৃতৰ সন্ধান। [৩৬৯-৪৪৭]

 

(ক) “মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ”
(খ) শঙ্কৰদেৱ-মাধৱদেৱৰ অন্যান্য আধুনিক জীৱনী
(গ) গীতাত ‘মহাপুৰুষ” শব্দৰ ব্যৱহাৰ
(ঘ) গীতা আৰু উপনিষদ মতে ব্ৰহ্মবিচাৰ
(ঙ) গীতা-উপনিষদৰ বিচাৰত অক্ষৰ ব্ৰহ্ম
(চ) গীতাৰ আৰু মহাপুৰুষীয়াৰ পুৰুষোত্তম
(ছ) গীতাৰ পোহৰত প্ৰকৃতি-তত্ত্ব
(জ) গীতাৰ বিচাৰমতে পুৰুষতত্ত্ব
(ঝ) উপসংহাৰত লেখকৰ বক্তব্য।

 

৪৪৯
৪৫৩
৪৫৪
৪৫৫
৪৫৭
৪৫৯
৪৬১
৪৬২
৪৬৪

[ ওপৰলৈ যাওক]

[ পৰৱৰ্তী অংশ পঢ়ক]

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলভ্য।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।