মোৰ জীৱন সোঁৱৰণ (প্ৰথম খণ্ড, ১৯৪৫)

ৱিকিউৎসৰ পৰা
মোৰ জীৱন-সোঁৱৰণ
প্ৰথম আধ্যা

 কোন শকৰ কোন তাৰিখে মোৰ জন্ম হৈছিল,মোৰ মনত নাই। পিতৃ-মাতৃৰ মুখৰপৰা সেইটো সৰুতে শুনিছিলো যদিও পাহৰিলোঁ। মই ডাঙৰ হ’লে যেতিয়া মনতে এটা শক ভাবি সাজি লৈ মোৰ জন্মৰ শক তাৰিখ নিদেলে নচলা কাৰ্যবোৰৰ নিমিত্তে সেইটোকে ব্যৱহাৰ কৰিছিলো। কাৰবাক লাগিলে,সেই শক তাৰিখটোকে এইখিনিতে দিব পাৰোঁ। যথা – ১৮৬৮ খৃষ্টাব্দ,নবেম্বৰ মাহ। কিন্তু ইয়াৰ দ্বাৰাই কাৰ কি লাভ বা লোকচান হ’ব ক’ব নোৱাৰৰোঁ। এই পৃথিৱীত মোৰ প্ৰদত্ত এই শকটোৰ দুবছৰ নাইবা চাৰি বছৰৰ আগতে,নাইবা পিছতে মই অন্নাসুৰ ধ্বংস কৰিবলৈ জন্ম লোৱাৰ বাতৰি শুনি,জানি,ভণি,তাৰ দ্বাৰাই এই মনুষ্যলোকৰ কিবা হানি-বিঘিনি বা উপকাৰ-অনুপকাৰ হ’ব বুলি মোৰ মনে নধৰে। আমাৰ ঘৰত যে কাৰো জন্ম পত্ৰিকা বা সোঁৱৰণী কৰা নহৈছিল এনে নহয়,বৰং এই ৰীতি নিখুঁতকৈ অৱলম্বন কৰা হৈছিল আৰু এতিয়াও হৈ আহিব লাগিছে,এইটো থিৰাংকৈ জানো। মোৰো যে সোঁৱৰণী পূৰ্বাপৰ প্ৰচলিত প্ৰথামতে পিতৃ দেৱতাই কৰাইছিল,এইটোও নিঃসন্দেহ, কাৰণ সেইটোপোলাটো মই নিজ চকুৰে দেখিছিলোঁ। আমি ল’ৰাবোৰে কিন্তু সেই টোপোলাটো সহজে ঘোটা-ঘুটি কৰিবলৈ নাপাইছিলোঁ, কাৰণ পিতৃদেৱতাৰ হুকুম নাছিল। কোৱা বাহুল্য যে পিতৃদেৱতাৰ প্ৰতি আমাৰ অশেষ ভয় আৰু ভক্তি আছিল,সহজে কোনো এটা কথা লৈ তেওঁৰ কাষ চাপিবলৈ আমি ভয় কৰিছিলোঁ। তেওঁ যদি কোনো এটা কাম কৰিবলৈ আমাক হাক দিয়ে,সেইপিনে মুখকে নকৰিছিলোঁ। কোনো বিষয়ত তেওঁৰ অবাধ্য হোৱা বা তেওঁৰে সৈতে উত্তৰা-উত্তৰি কৰাটো আমাৰ সপোনৰ অগোচৰ আছিল। আমাৰ জীৱনৰ লেখ-বুজ থুপকৈ থোৱা সেই টোপোলাটো ছুবলৈ আমাক দেউতাই মানা কৰিছে যেতিয়া বছ! আমি তাৰ চিন্তা এক প্ৰকাৰ এৰিকে দিছিলো,যদিও এইখিনিতে কোৱা আৱশ্যক যে আমাতকৈ বয়সে ডাঙৰ দুজন এজনে লুকাই-চুৰকৈ কোনো কাচিৎ সেই টোপোলাৰূপী জ্ঞানবৃক্ষৰ ফল যে নাখাইছিল আৰু সেই ফলৰ এচকল আদচকল সেই ফলভোক্তাজনৰ পৰা আমিও যে নাপাইছিলোঁ সেইটো ন দি ক’ব নোৱাৰোঁ।

 ১৮৮৬ খৃষ্টাব্দত শিৱসাগৰৰ গৱৰ্ণমেণ্ট হাইস্কুলৰ পৰা এস্ট্ৰেন্স পৰীক্ষাত উঠি মই কলিকতাত পঢ়িবলৈ আহিলোঁ আৰু তাৰ দুবছৰৰ পিছত ১৮৮৮ খৃষ্টাব্দত এফ.এ. পৰীক্ষাত উঠিলোঁ যেতিয়া,তেতিয়া মই ভাবিলোঁ,মই আৰু আগৰ সেই ল’ৰাহঁতৰ ভিতৰত নাই,ডাঙৰৰ শাৰীলৈ প্ৰমোশ্যন পাইছোঁ,এতেকে মোৰ অনেক দিনৰ আকাংক্ষা এতিয়া সহজে পুৰোৱাতো আৰু কোনো বিঘিনি নঘটিব ইয়াকে ভাবি মই কলিকতাৰ পৰা এবাৰ মোৰ সোঁৱৰণীখন খুজি দেউতালৈ চিঠি লিখিলোঁ। কিন্তু এফ.এ. পাছ মোৰ স্বৰাজ লাভ কৰিবৰ যোগ্যতাৰ বিষয়ে দেউতাৰ যদিও তেতিয়া আপত্তি নাছিল,তথাপি মোৰ দুৰদৃষ্টৰ গুণত মোৰ চিঠি পাই তেওঁ ‘ওলোটা বুজিলি ৰাম’ হ’ল। দেউতাই ভাবিলে মই মনে মনে বিলাতত পঢ়িবলৈ যাবলৈ ফন্দি কৰিছোঁ সেই দেখিহে এতিয়া মোক সোঁৱৰণী লগা হৈছে। গতিকে উত্তৰত মই দেউতাৰ পৰা সোঁৱৰণী সলনি ডাবি আৰু বিলাত যাত্ৰাৰ বিৰুদ্ধে অলংঘনীয় শপত পালোঁ। এইখিনিতে লাহেকৈ কৈ থওঁ যে যদিও এই সোঁৱৰণী প্ৰাৰ্থনা-ব্যাপাৰৰ কালত মোৰ বিলাত প্ৰয়াণৰ নিচিনা কোনো দুৰভিসন্ধি নাছিল,তথাপি যে কিছুকালৰ পিছত মোৰ মনত এনে এটা অদম্য অকাংক্ষা উদ্ভুত হোৱা নাছিল আৰু সেই আকাংক্ষা পূৰ্ণ কৰিবলৈ চেষ্টা কৰাও নাছিলোঁ,মন খুলি এনেকৈ ক’ব নোৱাৰোঁ,কিন্তু এইটোও কওঁ যে তেতিয়াও পিতৃদেৱতাৰ অলংঘনীয় শপতে মোৰ সেই দুৰ্দান্ত আকাংক্ষাৰ “উছিত মঞ্চত চড়ি কেশত ধৰি তাৰ ঘণ্টা লাড়ি"পিতৃ ভক্তিৰূপ জগতৰ ভৰ দি তাক মাৰি মোৰ মন-সমজ্যাত পেলাই চোঁচৰাই লৈ ফুৰাবলৈ নেৰিছিল। পিতৃদেৱতা ঢুকুৱাৰ পিছত প্ৰপিতামহ,পিতামহ দেৱতাসকলৰ দিনৰেপৰা সংগৃহীত আৰু পিতৃদেৱতাৰ দ্বাৰাই অতি যত্নেৰে পৰিবৰ্ধিত আমাৰ ঘৰৰ মূল্যবান অসংখ্য পুৰণি পুথিবোৰেৰে সৈতে সেই সোঁৱৰণীৰ টোপোলাটো ক’লৈ গ’ল,আজিলৈকে মই নাজানো। ইত্যাদি কাৰণত,মোৰ জন্ম শকৰ সম্পৰ্কে মোৰ এই অজ্ঞাতৰ ইতিবৃত্ত আৰু স্বেচ্ছা প্ৰদত্ত কৈফিয়ৎ,যদি কোনোবাই বিচাৰে,সেইজনৰ সন্তোষৰ নিমিত্তে এইখিনি দিয়া গ’ল,নতুবাই অনাৱশ্যক আৰু অবান্তৰ মাথোন। মোৰ জন্মস্থান। ক’ত সেই important অৰ্থাৎ সাৰুৱা ঘটনা ঘটিছিল, মই থিৰাংকৈ ক’ব নোৱাৰোঁ। জীৱিতসকলৰ ভিতৰতে কোনোৱে ক'ব পাৰে বুলিও মই বিশ্বাস নকৰোঁ। ইয়াৰ কাৰণটো কি,অৱশ্যে মই ক’বলৈ বাধ্য। মোৰ জন্ম বিৱৰণ যিটো মোৰ শ্ৰুতিগোচৰ হৈছিল সেইটো নিম্নলিখিত প্ৰকাৰৰ – পিতৃদেৱতা মুন্সেফ কামত নগাঁৱৰপৰা বৰপেটালৈ বদলি হৈ নাৱেৰে গৈছিল। সেইকালত আসামত আজিকালিৰ নিচিনা জাহাজ চলাচল যে নাছিল,সেইটো কোৱাই বাহুল্য। আঁহতগুৰি নামেৰে এডোখৰ ঠাইৰ বালিত গধূলি নাও বন্ধা হ’ল। মাতৃদেৱীয়ে বালিত আঁৰ কাপোৰৰ ভিতৰত ভাত ৰান্ধিবলৈ সোমাইছিল,এনেতে তেওঁৰ গা বেয়া কৰাত তেওঁ ভাত ৰান্ধিবলৈ এৰি,নাৱৰ কুন্ধিলৈ আহিল,আৰু আজিৰ এই জীৱন সোঁৱৰণ-লেখক তেতিয়াৰ কোনো এক শুভমুহুৰ্তত ভূমিষ্ঠ নহৈ নৌকাস্থ হ’ল। শুনিছিলোঁ,সেইদিনা হেনো পূৰ্ণিমা আৰু লক্ষ্মীপূজা আছিল,সেইদেখিয়েই এই লেখকৰ নাম পিছত লক্ষ্মীনাথ ৰখা হৈছিল। বিৱৰণটোৰ গঢ়-গতি এই। আঁহতগুৰিৰ কাষৰ ব্ৰহ্মপুত্ৰৰ সেই ভাতৰন্ধা বালি কেতিয়া তল গ’ল,সেই বালিৰ পৰা,সেই চাপৰি খহাই শান্তনুকুলনন্দন আমোঘা-গৰ্ভসস্তুত লৌহিত্যই আকৌ কেতিয়া তাক ক’ত পাতিলে, মোৰ ভাৰসহোঁতা ব্ৰহ্মপুত্ৰৰ সেই চলন্ত পানী কলৈ বৈ গ’ল, কাঠৰ সেই নাওখন মোৰ জন্ম কুন্ধিটিৰে সৈতে কেতিয়া কত পচি ভাগি ছিগি কোন পঞ্চভূতত বিলীন হ’ল, কোনে জানে, কোনে ক’ব পাৰে? হয়তো ব্ৰহ্মপুত্ৰৰ সেই চলন্ত পানী সাগৰত পৰি, কালক্ৰমত উভতি আকাশলৈ উঠি, ডাৱৰ হৈ বতাহৰ কোবত আকৌ ব্ৰহ্মপুত্ৰত বৰষুণৰূপে পৰি বৈ গৈ আকৌ সমুদ্ৰত পৰি, আকৗ কতবাৰ সেই পৰিৱৰ্তনৰ খেল খেলিছে আৰু হয়তো তাৰে এটোপা গোটাদিয়েক কৃষ্ণবৰ্ণ দ্ৰব্যৰে সৈতে মিশ্ৰিত হৈ আজি এই লেখকৰ মৈলামত সোমাই কাপৰ আগেদি ওলাই এই তুলাপাতত লেখকৰ জীৱন-সোঁৱৰণ লেখাৰ সহায়ক হৈ পৰিছে, কোনে জানে, কোনে ক’ব পাৰে?

 বৰপেটাত পিতৃদেৱতা মুনচিপ হৈতিনিবছৰমান আছিল। বৰপেটাৰ স্মৃতিৰ ভিতৰত মোৰ মাথোন চাৰিটা কথা ধুৱলি-কুৱলীকৈ মনত আছেঃ

১ম টো। — বৰপেটাত বাৰিষা বছৰি নৈৰ পানীৰ ঢলে চহৰখন প্ৰায় তল নিয়ায়। এবাৰ তেনেকুৱা ঢলত আমাৰ ঘৰৰ চোতালতো একাঁঠুৱা পানী হৈছিল,আৰু সেই পানীত নামি মই মোৰ লগৰীয়া ভাগিন আৰু ককাইদেওসকলেৰে সৈতে ওৰে দিনটো খেদ খেদাই আছিলো। সেই কথা গধূলি দেউতাই কাছাৰীৰ পৰা আহি শুনি তেওঁলোকক আৰু মোকো ধৰি চেকনিৰে কোবাইছিল।

২য় টো। — তেনেকুৱা বৰপানীত কৰবালৈ দেউতাৰে সৈতে আমি নাৱেৰে যাওঁতে দেখিছিলোঁ,কিছুমান বনৰীয়া ম'হ সাঁতুৰি গৈছিল, আৰু দূৰৈৰ পৰা সিহঁতৰ কলা শিংবোৰ মাথোন দেখা গৈছিল।

৩য় টো।– দেউতাৰে সৈতে আমি বৰপেটাৰ কীৰ্তন ঘৰলৈ গৈছিলো। কীৰ্তনঘৰৰ বৰখুঁটা, বৰগচা, আৰু কথিত অৰ্থাৎ বহল পিৰালিত বহি বুঢ়ী ভকতনীসকলে নাম গোৱা দেখিছিলো। কীৰ্তনঘৰৰ বিষয়ে এই তিনিটা কথাৰ সাঁচ আজিলৈকে মোৰ মনত পৰি আছে।

৪ৰ্থ টো – সত্ৰৰ হাটীত বৰবাহৰ আতৈৰ বহাৰ ভিতৰত হাতীখুজীয়া বাটিত ম'হৰ এঠা দৈ গাখীৰ আৰু এখামোচ গুৰেৰে সুন্দৰকৈ কোমলা বোকা-চাউল বা কোমল চাউলৰ জলপান খাইছিলো।

 বৰপেটাৰ পৰা পিতৃদেৱতা তেজপুৰলৈ বদলি হৈ আহে,আৰু লগে লগে তেওঁৰ উপসৰ্গ আৰু প্ৰত্যয় সকলোবোৰ যায়। নাৱেদি আহোঁতে বাটত দেউতাই আঙুলিয়াই আমাক দেখুৱা মনত আছে, “সেইটো হাতীমূৰা পৰ্বত। সৌটো যোৰা পৰ্বত। সৌটো শিঙ্গৰি পৰ্বত।” ইত্যাদি।

 মনত আছে – এদিন আমাৰ নাও পৰ্বত এটাৰ কাষেদি উজাই আহোঁতে দেখিবলৈ পোৱা গ’ল যে এজনী মাইকী পহু নৈৰ পাৰৰ যুঁৱলিত মৰি পৰি আছে। নাও ওচৰ চাপিলত,পহুজনী নাৱৰীয়াহঁতে টানি আনি নাৱৰ আগ-চৰঠত তুলিলে। দেখি অনুমান হ’ল, অলপ যান বেলিৰ আগতে বাঘে পহুজনী মাৰিছিল,কাৰণ বাঘৰ কামোৰৰ ন সাঁচ তাইৰ গাত জাজ্বল্যমান,আৰু তাৰপৰা তেতিয়াও তেজ টোপাটোপে বৈ আছিল। বোধকৰোঁ,পৰ্বতৰ গাত বাঘে পহুজনী ধৰিছিল,আৰু দুয়ো দবৰা-দবৰি কৰি বাগৰি বাগৰি আহি পানীৰ যুঁৱলিত পৰিছিল,এনেতে আমাৰ নাও অহা দেখি বাঘটো আঁতৰি গ’ল। যি হওক,আমাৰ নাৱৰ নাৱৰীয়াহঁতৰ আৰু লগুৱাকেইটাৰ মহা আনন্দ মিলিল যে সিহঁতে গোট পহু এটা পাইছে,হেঁপাহ পলুৱাই পেট ভৰাই খাব। আমি ল’ৰাবোৰৰ মনতো যে তেনেকুৱা ভাবৰ সঞ্চাৰ নহৈছিল এনে নহয়;কিন্তু নাৱৰীয়া আৰু লগুৱাহঁতৰ অভিলাষ পূৰ্ণ হ’ল,আমাৰ নহ’ল;কাৰণ পহু মাইকী,সেইদেখি দেউতায়ো নাখালে,আৰু আমাকো খাবলৈ নিদিলে। বালকবৃন্দৰ মৃগ মাংস ভোজনৰ প্ৰবল প্ৰবৃত্তি এইদৰে পৰাভূত হ’ল। জীৱিত অবলা জাতীয় প্ৰাণীৰ প্ৰবল শক্তিৰ কথাই নাই,মৃত অবলাও কেনে প্ৰবলা সেইটোৰ প্ৰমাণ আমি হাতে হাতে পালো।

 তেজপুৰলৈ আহি আমি কত উঠিছিলো,কাৰ ঘৰত আছিলো আৰু কেতিয়া নিজৰ সুকীয়া ঘৰলৈ গ’লোঁহক,মোৰ একো মনত নাই। মাথোন তেজপুৰৰ পৰ্বতৰ ওখ-চাপৰ টিলাবোৰ আৰু ৰঙা বাট-পথবোৰ দেখি মোৰ মনত যে নথৈ ৰং লাগিছিল,সেইটোহে মনত আছে যথা –

  1. আমাৰ ঘৰৰ কাষতে মুকলি ঠাই এডোখৰত সুন্দৰ সুগন্ধ ফুলেৰে ভৰি থকা ঢেপাই-তিতাৰ সৰু সৰু গছবোৰ।
  2. দেউতাৰ সৈতে আমি নিকামুল সত্ৰলৈ যোৱা।
  3. তেজপুৰত এখন কুমাৰ গাওঁ আছিল; কুমাৰবোৰ সততে আমাৰ ঘৰলৈ আহিছিল,আৰু সিহঁতে সদায় আমাক মাটিৰ জুনুকা আৰু ভুৰুকা উমলিবলৈ দিছিল।
  4. তেজপুৰতে মোৰ ভাই লক্ষ্মণৰ জন্ম হৈছিল;আৰু লক্ষ্মণ ওপজাৰ দিন চেৰেকৰ পিছতে আমাৰ আহিনী নামৰ বান্দীজনীৰ ল’ৰা এটা হৈছিল। আৰু মনত আছে, লক্ষ্মণক বিলাতী ‘পিৰেম্বুলেটৰ’ গাড়ীত তুলি ফুৰাবলৈ নিয়া দেখি অহিনীৰ পুতেক ঢৌৰামে সেই গাড়ীত উঠিবলৈ বৰকৈ কান্দিছিল; সেইবাবে দেউতাই বাঢ়ৈ এটা মতাই আনি তাৰ হতুৱাই কাঠৰ ঘিলা দিয়াই কাঠৰ সৰু মুকলি পেৰা এটাৰ গাড়ী এখন সজাই ঢৌৰামকো তাত উঠি ফুৰিবলৈ দিহা কৰাই দিছিল;আৰু গাড়ীত উঠি ঢৌৰামৰ যি মহানন্দ হৈছিল, সেইটো দেখি দেউতাই মহানন্দ পাইছিল।

আমাক ফুৰাব-মেলিবলৈ আৰু সততে আমাৰ তত্ত্বাৱধান কৰিবলৈ আমাৰ দূৰসম্পৰ্কীয় ককা এজন আছিল,তেওঁৰ নাম ৰবিনাথ মজুদলৰ বৰুৱা। তেওঁৰ ঘৰ যোৰহাটৰ পকামূৰা মৌজাত। তেওঁ যদিও সম্পৰ্কত আমাৰ ককা,কিন্তু বয়সত আমাৰ দেউতাতকৈ অনেক সৰু। তেওঁ আমাৰ ধেমালিৰ লগৰীয়া,কাৰ্যৰ অভিভাৱক,সাধু কথাৰ কুকি আৰু মহাভাৰত,ৰামায়ণ,পুৰাণ আদিৰ গল্পৰ টোপোলা আছিল। তেওঁ আমাক গধূলি পুৰাণ,মহাভাৰত,ৰামায়ণ আদিৰ পৰা ভাল ভাল উপাখ্যান সাধুকথাৰ গঢ়েৰে এনে মনমোহাকৈ বৰ্ণাই কৈছিল,যে আমি শুনি পৰমানন্দ লভি ভোঁ হৈ থাকোহঁক। পুৰাণৰ কাহিনীৰ বাহিৰেও ককাই আমাক ৰজা,প্ৰজা,ভূত,প্ৰেত আদিৰ সাধুও কৈ আমোদ আৰু ভয় প্ৰদান কৰিছিল। আমি কান্দিলে,তেওঁ বৰবুঢ়া,মাজুবুঢ়া আৰু সৰুবুঢ়া এই তিনি বুঢ়াৰ সাধুত এনে ৰহণ সানি ভয়ঙ্কৰকৈ কৈছিল যে আমি শুনি কন্দা এৰি ভয়তে টেপা খাইছিলোঁহঁক,আৰু আমাক ধৰি নিবলৈ মাজুবুঢ়াক যেন তেওঁ আৰু নকয়,আমি আৰু কেতিয়াও নাকান্দো,দুষ্টালি নকৰোঁ,এই কথা দঢ়াই দঢ়াই কৈ ককাক কাবৌ কৰিছিলো। আমাৰ সৰ্বতোভাৱে এনে পৰাজয় আৰু নিজৰ জয় ককাই সম্পূৰ্ণৰূপে উপভোগ কৰিছিল। কিন্তু পৰাজয়ৰ হীনতাৰ ভাব আমাৰ মনত সৰহ দিন স্থায়ী হোৱা নাছিল,আৰু হোৱাটো সম্ভৱো নহয়। অচিৰতে আমাৰ বাঢ়োঁতা কুমলীয়া মনৰ পছোৱাত মাজুবুঢ়া আহিছে বুলিলেই আমি মাজুবুঢ়াক সাং কৰিবলৈ লাখুটি জোকৰা হৈ উঠিলোঁ।

 সুবিধা পালেই আমি ককাক জোকাবলৈ নেৰিছিলোঁ। আমি বালকবৃন্দই এদিন তেওঁৰ মূৰত দুডাল কি এডাল পকাচুলি আৱিষ্কাৰ কৰিলোঁহঁক। একে জাপেই তেওঁৰ কাষৰপৰা আঁতৰি আমি দল বান্ধি হাত চাপৰি বাই নাচি গাবলৈ ধৰিলোঁ – “ককা বুঢ়া হ’ল। ককা বুঢ়া হ’ল।” যদিও ককাই ততালিকে আমাৰ হতুৱাই পকা চুলিকেইডাল নিৰ্মুল কৰোৱালে, তথাপি সেইদিনাৰ পৰা আমি দূৰৰপৰা ফকৰা এটা মাতি তেওঁক জোকাই তেওঁৰ খং তুলিবলৈ আৰু তেওঁক আমাৰ ফালে চোঁচা লোৱা দেখি গিৰ্জনি মাৰি হাঁহি ফিৰিঙতি ভগাদি ভাগি পলাই পত্ৰং দিবলৈ নাপাহৰিছিলোঁ। ককাক আমনি কৰা ফকৰাটো আমি ল’ৰাবোৰৰ ভিতৰৰ কাৰো দ্বাৰায় ৰচিত নহয়,কাৰণ তেনে ৰচনা সেই বয়সত আমাৰ দ্বাৰায় ৰচিত হোৱাটো সম্ভৱ নাছিল। ককাৰ মূৰত পকা চুলিৰ আকস্মিক আৱিৰ্ভাবৰ বাতৰি আমাৰ পৰা অৱগত হৈ ককাৰ কোন বিপক্ষদলৰ কোন প্ৰতিভাশালী ৰসিকে ককাৰ পকা চুলিৰ বিৰুদ্ধে সেইটো ৰচনা কৰি আমাক শিকাই দিছিল মোৰ মনত নাই,কিন্তু ককাৰ খং তুলি চাবৰ সপক্ষে এনে ব্ৰহ্মাস্ত্ৰ আমাৰ হাতত আৰু আন এটা নাছিল।

 ককাক দেউতাই নাম কাঢ়ি নামাতি মাজুদলৰ বৰুৱা বুলি মাতিছিল। তেওঁলোকৰ ঘৰে ৰজাঘৰৰ পৰা সেই বিষয় পাইছিল। দেউতাৰ গোসাঁই ঘৰৰ মূৰ্তি আৰু শালগ্ৰাম পূজা কৰাৰ বাব ককাৰ গাত আছিল,আৰু আমাৰ নাম-প্ৰসঙ্গৰ অন্তত দেউতাকে প্ৰমুখ্য কৰি আমাক সকলোকে দীঘলীয়া আশীৰ্বাদ কৰিবৰ বাবটোও তেওঁৰ গাত আছিল। ককাৰ আশীৰ্বাদৰ দীঘলীয়া গত আজিলৈকে মোৰ মনত আছে।

 ককা পুৱাই সোনকালে শোৱাপাটীৰ পৰা উঠিব নোৱাৰিছিল; অথচ আমাৰ পিতৃদেৱতা early riser, ব্ৰহ্ম মুহুৰ্ততে দেউতাই শয্যা ত্যাগ কৰিছিল। ককাকো বেলিকৈ শুই থকা দেখিলে দেউতা বৰ অসন্তুষ্ট হৈছিল। বেলিকৈ শুই থকা ককাক সেই দেখি দেউতাই ডাবি হুকি দি শোৱাপাটীৰপৰা তোলাটো দেউতাৰ নিত্যকৰ্মৰ দৰে হৈ পৰিছিল। সেই সময়ত ককাৰ প্ৰতি দেউতাৰ সম্বোধনবোৰ আছিল, ‘টোপনি গধূৰ’, ‘গা গধুৰ’। ইত্যাদি। ককা কিন্তু নিদ্ৰাসুখত অটল স্বভাৱৰ আছিল। তেওঁ ডাবিও খাইছিল, মুখেৰে একাষাৰ কথাও নেমাতিছিল আৰু লগে লগে টোপনিৰ চিকুণ পুৱা এই বিচক্ষণ বচনৰ সাৰ্থকতা সম্পূৰ্ণৰূপে উপলব্ধি কৰি পুৱাৰ নিদ্ৰাসুখ ষোলঅনা উপভোগ কৰিবলৈকো নেৰিছিল। গতিকে দেউতা আৰু ককাৰ ভিতৰত এই প্ৰাত্যহিক প্ৰাতুযুদ্ধটো আমাৰ এটা উপভোগৰ বস্তু হৈ উঠিছিল। আমি সকলোৱে দেউতাৰ সৈতে একে মজিয়াতে বহি ভাত খোৱা নিয়ম আছিল। আমাৰ ঘৰত ভাত খোৱা মজিয়াখনো সৰু-সুৰা নাছিল,তাত কুৰি পচিশজনে নিৰ্বিবাদে শাৰী পাতি চাৰিওফালে বহি ভাত খাব পাৰে;আৰু সেইদৰে নিতৌ খোৱাও হৈছিল। দেউতা পূবফালে,পশ্চিমমুৱাহৈ বহিছিল। আন খাৱৈয়াসকল উত্তৰে-দক্ষিণে-পশ্চিমে পৰস্পৰ মুখামুখি কৰি বহিছিল। বেৰাৰ ওপৰত থোৱা ডাঙৰ কাঁহীত দেউতাই ভাত খাইছিল আৰু সেই কাঁহীৰ চাৰিওকাষে তিনি চাৰিখন আঞ্জাৰ বাটি আৰু ওচৰতে গাখীৰৰ বান-বাটি সজাই দিয়া হৈছিল। বেৰা-কাঁহীত ভাত খাবলৈ বহিবলৈ খুৰা দিয়া বৰপীৰা,ওচৰত মুখ ধুবলৈ বৰ চৰিয়া আৰু খৰিকা ল’বলৈ খৰিকাদানিত একোছা ভালকৈ কটা খৰিকা থোৱা হৈছিল। বাকীসকলৰ কাহী-বাটি মজিয়াৰ মাটিৰ ওপৰত দিয়া হৈছিল। সভাত সভাপতিৰ যি কাম,মজিয়াৰ সভাত দেউতাৰো প্ৰায় তেনেকুৱাই কাম আছিল। মজিয়াত হোৱা গম্ভীৰ গঢ়ৰ কথা-বাৰ্তাত দেউতাৰ সমালোচনা আৰু শেষ সিদ্ধান্ত এদনীয়া। সেই মজিয়াৰ সভাত আমাৰ ককা ৰবিনাথ বৰুৱা এজন সৰ্ববাদী সন্মত সংবাদদাতা আৰু সুযোগ্য বক্তা। দেউতাৰ অনুপস্থিতিত ওৰে দিনটো ঘৰে-বাহিৰে সংঘটিত কাৰ্য-কলাপবোৰ সংক্ষিপ্ত বা বাহুল্য বিৱৰণ ককাৰ অভিৰুচিমতে ককাই সেই সভাত দেউতাৰ আগত পেচ কৰিছিল। আমিতো ল’ৰাৰ দলে ওৰে দিনটো চট্‌ফটাই লৰি ঢাপৰিহাঁহি-খিকিন্দালি মাৰি ফুৰোঁৱেই, আৰু দেউতা কাছাৰীলৈ যোৱা ডোখৰ কাল আমাৰ ৰাম-ৰাজ্য, তেতিয়া তাৰ মাত্ৰা স্বভাৱতে চৰেই। ককাই প্ৰায় আমাৰ বাল্য ক্ৰীড়াৰ ৰসভঙ্গ কৰি আমাক হুমিয়ায়, “ৰ,আজি ডাঙৰীয়া আহিলে কৈ দিম।” বালকসুলভ চপলতাৰ বশৱৰ্তী হৈ আমি অনেক সময়ত ককাৰ গুৰুগম্ভীৰ গৰ্জন কাণৰ বিন্ধাত সোমাবলৈ নিদিওঁ,আৰু অনেক সময়ত ককাই খাই-বৈ দুপৰীয়া শোওঁতে তেওঁৰ গা পিটিকি দি,নাইবা পিঠিৰ ঘামচি মাৰি দি, সেই সেৱা শুশ্ৰুষাৰ ভেটীৰে তেওঁক শান্ত কৰি আগন্তুক বিপদৰ হাত সাঁৰো। কিন্তু একো একোদিন আমাৰ দূৰদৃষ্টৰ ফলত এনেকুৱা শান্তিপ্ৰদ ভেটীয়েও ককাক শান্ত কৰিব নোৱাৰে। তেওঁ বালক আচামীবোৰৰ পৰা অসঙ্কুচিত চিত্তে ভেটীও খায়, আৰু নিমখহাৰামী কৰি আচামীৰ বিৰুদ্ধে সাক্ষীও দিয়ে। ফলত, দোষৰ গুৰুত্ব লঘুত্ব অনুসাৰে দেউতাৰ পৰা আমাৰ দণ্ড লাভ হয়। আমাৰ দায়-দোষৰ বৃত্তান্ত মজিয়াৰ সভাত দেউতাৰ আগত পেচ কৰাৰ আগতে ককাৰ গাত কিছুমান পূৰ্ব লক্ষণ প্ৰকাশিত হয়। সেই পূৰ্ব লক্ষণবোৰ তেওঁৰ গাত এনেকৈ ফুটি ওলায়, যে আমাৰ তীক্ষ্ণদৃষ্টিৰ অগোচৰ হোৱাটো এক প্ৰকাৰ অসম্ভৱ। ককাক এনে লক্ষণাক্ৰান্ত দেখিলেই আমাৰ আহাৰানন্দ টুটি গৈ মন চুটি হৈ পৰে। ককাৰ মূৰটো যদিও খুৰুৱা,তথাপি মাজৰ চুলিকোছৰ দখলত থকা ঠাইৰ ক্ষেত্ৰফল বা কালি খুৰুৱা ডোখৰৰ ক্ষেত্ৰফলতকৈ কোনো মতে ন্যুন নাছিল। তেওঁৰ দীঘল চুলি কোছাৰ আগত টিকনিৰ যিটো থোপোৰা গাঁঠিো আছিল,সেইটোও পৰি মৰা বিধৰ নাছিল। ভূইকঁপৰ আগতে যেনেকৈ প্ৰকৃতিৰ এটা গমগমীয়া আকৃতি দেখা যায়,আমাৰ বিৰুদ্ধে মোকৰ্দমা ৰুজু কৰিবৰ আগতে ককাৰো তেনে এটা আকৃতি পৰিলক্ষিত হয়। মুহুৰ্ততে তেওঁৰ গলধনত সুগন্ধ ফুল আৰু তুলসীৰ নিৰ্মালিৰে বিভূষিত হৈ মহাসুখে পৰি থকা চুলিৰ অগ্ৰবিলম্বিত গাঠিয়ে উগ্ৰমূৰ্তি ধৰি ককাৰ হাতৰ সহয়েৰে তেওঁৰ ব্ৰহ্মতালুৰ ওপৰত উঠে আৰু আমাৰ প্ৰতি বিৰুদ্ধ ভাব প্ৰদৰ্শন কৰি নিৰ্মমভাৱে ফেৰ পাতে। এনে signal অৰ্থাত সাংকেতিক চিহ্নই আমাক ক’বলৈ আৰু বাকী নাৰাখে যে,”ল’ৰাহঁত,তহঁতৰ ফালে পতং!” আমাৰ বিৰুদ্ধে ককাৰ যুদ্ধ যাত্ৰাৰ এইটো প্ৰথম stage বা অৱস্থা। দ্বিতীয় অৱস্থাটোক বজ্ৰপাতৰ আগতে বিজুলীয়ে চমক মৰাৰে সৈতে ৰিজাব পাৰি। তেওঁ আমাৰ ফালে চাই মূৰ দুপিয়াই আৰু দুই তিনিটা মিচিকিয়া হাঁহি মাৰে। তৃতীয় অৱস্থা – ইয়াৰ পিছতে দেউতাৰ প্ৰশ্ন, –“কি হৈছিল?” চতুৰ্থ অৱস্থা – “আজি লক্ষ্মীনাথে” ইত্যাদি অভিযোগ। পঞ্চম stage বা conclusion অৰ্থাৎ সামৰণি – দেউতাৰ হাতত সেইদিনাই বা পিছদিনা আমাৰ লাঞ্ছনা। যি হওক,এইটো কোৱা উচিত যে তথাপি আমি ল’ৰাবোৰে ককাক প্ৰাণভৰি ভাল পাইছিলোঁহক,কাৰণ ককা আমাৰ ককা, আমাৰ ককা আমাৰ ধেমালিৰ লগৰীয়া আৰু সাধুকথাৰ ডাঙৰ থুনুপাক। এটা মহৎ গুণ ককাৰ গাত আছিল; তেওঁৰ অন্তৰটো বৰ কোমল। আমাৰ উদ্ভণ্ডালিৰ বাবে দেউতাৰ হাতত মাৰ খুৱাবৰ গুৰি যদিও তেৱেই হয়,কিন্তু দেউতাই আমাক একোব দুকোব লগাওঁতেই তেৱেই আমাৰ ওপৰত পৰি আমাক মাৰৰ হাতৰ পৰা ৰক্ষা কৰে।

 সেইডোখৰ কালত ককাৰ বয়স ৩৫-ৰ কম আৰু ৪০-ৰ ওপৰ নাছিল। কিন্তু তেতিয়াও তেওঁ অবিবাহিত। আমি যতদূৰ জানো, আগৰ দিনত অসমীয়াৰ ভিতৰত মতা মানুহে কম বয়সত বিয়া কৰোৱা দস্তুৰটো নাছিল বুলিলেই হয়। ডেকা ত্ৰিশ-পয়ত্ৰিশ বছৰীয়া হৈ উপাৰ্জনক্ষম হ’লেহে তেওঁৰ বিয়াৰ চেষ্টা কৰা হৈছিল। কিন্তু কি দুখৰ বিষয় আজিকালি বঙ্গদেশৰ টৌৱে কোবোৱা বাবেই হওক বা অসমীয়া ভদ্ৰ সমাজৰ অৱস্থাৰ কোনো কাৰণত পৰিবৰ্তন ঘটাৰ বাবেই হওক, সেই পুৰণি healthy সুস্থ প্ৰথা কমি আহি তাৰ ঠাই বঙ্গদেশৰ নিচিনা,শহুৰ-শাহুৰ পৰা ধন লৈ কম বয়সত বিয়া কৰোৱা (early marriage) ঘুণিত প্ৰথাই অধিকাৰ কৰি আহিছে। অসমীয়াৰ ঘৰত বঙালীৰ শাৰীৰ আক্ৰমণৰ উপদ্ৰৱৰ নিচিনা ইও এটা আদিভৌতিক উপদ্ৰৱ মাথোন। আই আসাম! তুমি এই উপদ্ৰৱৰ প্ৰতিৰোধ কৰিব নোৱাৰানে? নিশ্চয় পাৰিবা। এই উপদ্ৰৱ তোমাৰ ক্ষন্তেকীয়া আত্ম-বিস্মৃতিৰ ফল মাথোন।

 তেজপুৰতে এঘৰ দুখীয়া ব্ৰাহ্মণৰ ছোৱালী এজনীৰে সৈতে দেউতাই ককাৰ বিয়া পাতে। বিয়াৰ দিনাৰে পৰা ককাৰ পত্নী আমাৰ ঘৰতে থাকি ডাঙৰ-দীঘল হয়। আমাৰ চুটি-মুটি বুঢ়ী আইক পাই আমাৰ মন আনন্দেৰে উপচি পৰিল। বুঢ়ী আয়ো সততে আমাৰ ধেমালিৰ লগীৰয়ানী হ’ল।