মীৰজুমলাৰ অসম আক্ৰমণ
মীৰজুমলাৰ
অসম আক্ৰমণ
শ্ৰীসূর্য্যকুমাৰ ভূঞা
মীৰজুমলাৰ অসম আক্ৰমণ
- The western boundary of Assam.
- Fratricidal conflict for the Delhi throne.
- Recovery of Kamrup by the Assamese.
- Mir Jumla's expedition to Assam.
- Assam's preparations for war.
- Conflicts between the Assamese and the Moguls.
- Occupation of Gargaon by Mir Jumla.
- Sufferings of the Mogul army in Assam.
- Proposal for peace.
- The treaty of Ghilajhari-ghat.
- The Moguls leave Assam.
- Assamese efforts at recuperation.
- Death of King Jayadhwaj Singha.
- Assam's recovery and retention of Kamrup.
- Conclusion.
APPENDICES:
- A contemporary review of events.
- A career-sketch of the Mogul commander Diler Khan Daudzai.
- The text of the Treaty of Ghilajhari-ghat.
- King Jayadhwaj Singha's letters to Emperor Aurangzeb,
- Diler Khan, and Raja Prananarayan of Cooch Behar,
- A poem on the Assamese envoy Madhabcharan's spirited
- reply to Nawab Shaista Khan.
- Bibliography.
- A contemporary review of events.
মীৰজুমলাৰ অসম আক্ৰমণ
ইংৰাজী ১৬৬২-৬৩ চনত, সেনাপতি নবাব মীৰজুমলাৰ তলে মোগল
সৈন্যৰ অসম আক্ৰমণৰ বুৰঞ্জী। সমসাময়িক ফাৰ্চ্চী, ইংৰাজী,
আৰু ঘাইকৈ অসমীয়া সাঁচিপতীয়া প্রাচীন বুৰঞ্জীত পোৱা
সম্বলৰ সহায়েৰে সঙ্কলিত।
প্রণেতা
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা
লয়াৰ্চ বুক ষ্টল
গুৱাহাটী : অসম
প্রকাশক—শ্রীবিচিত্রনাৰায়ণ দত্ত বৰুৱা, বি-এল,
লয়াৰ্চ বুক ষ্টল, গুৱাহাটী।
প্রথম তাঙ্গৰণ, জুলাই ১৯৫৬ চন ৷
All rights reserved by the Author.
মুদ্ৰাকৰ- শ্ৰীফণীভূষণ ৰায়,
প্রবর্তক প্রিন্টিং এণ্ড হাফটোন প্রাইভেট্ লিমিটেড,
৫২/৩, বহুবজাৰ ষ্ট্রীট, কলিকতা-১২।
Printed by Shri Phanibhushan Roy, at the Prabartak Printing and Halftone Private Limited, 52/3, Bowbazar Street, Calcutta-12; and published by Shri Bichitra Narayan Dutta Barooah, B. L., Lawyer's Book Stall, Panbazar, Gauhati, Assam. July 1956.
মীৰজুমলাৰ অসম আক্ৰমণ ভাৰতবৰ্ষৰ বুৰঞ্জীৰ এটি প্ৰসিদ্ধ ঘটনা। কাৰণ, নবাব মীৰজুমলা আছিল সেই কালৰ এজন সুদক্ষ সেনানায়ক আৰু ৰাষ্ট্ৰনীতিবিশাৰদ সিংহপুৰুষ। তেওঁৰ নাম দাক্ষিণাত্য আৰু হিন্দুস্থান গোটেই ভাৰততে জনাজাত আছিল। তেনে এজন পুৰুষৰ দ্বাৰা পৰিচালিত অসম অভিযানৰ অগ্ৰগতি আৰু পৰিণতি চাবলৈ গোটেই ভাৰতবৰ্ষ উৎসুক হৈ পৰিছিল।
দ্বিতীয়তে, মীৰজুমলাৰ অসম আক্ৰমণত এটি অভিনব পৰিস্থিতি উদ্ভৱ হৈছিল। অসমীয়াৰ মানমৰ্য্যদা নষ্ট কৰি, দেশ উজাৰ কৰি অসমীয়াৰ ওপৰত নবাব মীৰজুমলাই গধুৰ পেচকচৰ বোজা অৰ্পণ কৰিছিল সঁচা; কিন্তু অসমত মোগলৰ সফলতা আছিল নানান প্ৰকাৰৰ দুৰ্য্যোগ আৰু বিপৰ্য্যয়ৰে মিহলি। সেইদেখি মীৰজুমলাৰ আক্ৰমণৰ বুৰঞ্জী সঙ্কলন কৰোঁতা ছিহাবুদ্দিন তালিছে তেওঁৰ গ্ৰন্থৰ দ্বিতীয় নাম দিছিল ফাটিয়া-ই-ইব্ৰিয়া, তাৰ অৰ্থ হৈছে, শিক্ষাপ্ৰদ দিগ্বিজয়ৰ কাহিনী। এই আক্ৰমণত মোগল সৈন্য যি বিলৈ-বিপত্তিৰ সন্মুখীন হব লগাত পৰিছিল, তেনে বিলৈ-বিপত্তি আন কোনো অভিযানত সংঘটিত হোৱা নাছিল।
মীৰজুমলাৰ আক্ৰমণৰ কাহিনী ফাৰ্চ্চী ভাষাত লিখা ত্বাৰিখী বা বুৰঞ্জীত লিপিবদ্ধ হোৱাৰ বাহিৰেও ইয়াক সমসাময়িক ইউৰোপীয় পৰ্য্যটকসকলে বৰ্ণনা কৰিছিল, আৰু মীৰজুমলাৰ লগত অহা ওলণ্ডাজ নাবিক এজনে এই আক্ৰমণৰ সাঙ্গোপাঙ্গ বিবৰণ লিখি থৈ গৈছিল। এইবোৰ লিখনিৰ দ্বাৰা মীৰজুমলাৰ আক্ৰমণ আৰু অসমৰ বিষয়ে ইউৰোপতো জনাজাত হৈ পৰেগৈ।
মীৰজুমলাৰ আক্ৰমণৰ বিবৰণ কেবাজনাও কৃতবিদ্য ঐতিহাসিকে সঙ্কলন কৰিছে,—চাৰ এডোৱাৰ্ড গেইট, প্ৰফেচাৰ যদুনাথ সৰকাৰ, ডাক্টাৰ সুধীন্দ্ৰনাথ ভট্টাচাৰ্য্য আৰু ডাক্টাৰ জগদীশনাৰায়ণ সৰকাৰ। এওঁলোকে অন্যভাষাত লিখা গ্ৰন্থাদিৰ বাহিৰেও খনচেৰেক অসমীয়া বুৰঞ্জীৰ পৰা সম্বল গ্ৰহণ কৰিছে।
কিন্তু, হাতেলিখা সকলো বুৰঞ্জী উপৰোক্ত ঐতিহাসিকসকলৰ হাতত পৰা নাছিল। এতিয়ালৈকে প্ৰকাশিত আৰু সংগৃহীত সকলো হাতেলিখা সাঁচিপতীয়া প্ৰাচীন অসম বুৰঞ্জীৰ পৰা সম্বল সংগ্ৰহ কৰি বৰ্ত্তমান গ্ৰন্থ সঙ্কলিত কৰা হৈছে। অসমীয়া বুৰঞ্জীসমূহত ঠায়ে ঠায়ে এনেবোৰ কথা পোৱা যায় যিবোৰ কথা অসমীয়া প্ৰাণৰ মৰ্ম্মস্পৰ্শী। সেইবোৰ কথাৰ এষাৰি শুনিলে অন্তৰত নানান ভাবৰ স্পন্দন জাগ্ৰত হয়, আৰু ঘটনাৰ হুবহু চিত্ৰ চকুৰ আগত ভাহি উঠে। মীৰজুমলাৰ আক্ৰমণৰ নিচিনা আতঙ্কৰ সম্মুখীন হব লগাত অসমীয়াৰ প্ৰাণত কিৰূপ বেদনা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল; আৰু তেওঁলোকে কিদৰে কাৰ্য্যপন্থা নিৰূপণ কৰিছিল, তাকো অসমীয়া বুৰঞ্জীৰ পৰা জানিব পৰা যায়। মীৰজুমলা আৰু তেওঁৰ লগৰীয়াসকলে অসমত কিছুমান কাম কৰিছিল, যিবোৰৰ উল্লেখ ফাৰ্চ্চি আদি ভাষাত লিখা গ্ৰন্থত পাবলৈ নাই। এনেকি, মীৰজুমলাৰ পিতাকৰ নাম মীৰ্জ্জা হাজৰু বা মীৰ্জ্জা হেনা, এই নামটো অকল অসম বুৰঞ্জীতহে পোৱা যায়, আন কোনো ঠাইত নাই। গতিকে অসম বুৰঞ্জীত থকা সম্বলৰ সহায়েৰে মীৰজুমলা অসমত থকা কালৰ কাহিনীও পৰিপুষ্ট হব, আৰু সেই পৰিপুষ্টি ভাৰতৰ বুৰঞ্জীৰ কাৰণে বিশেষ লাগতিয়াল হব।
অসমৰ কাৰণে মীৰজুমলাৰ আক্ৰমণৰ কাহিনী বিশেষ শিক্ষাপ্ৰদ কাৰণ এই আক্ৰমণৰ বেলিকা, অসমীয়াৰ গাত থকা ভাল-বেয়া দুয়োবিধ প্ৰবৃত্তিৰ বিকাশ হৈছিল। প্ৰথম প্ৰবৃত্তিৰ উন্মেষত অসমীয়াই মোগল সৈন্যক নানাৰূপে হাৰাশাস্তি কৰি দেশ শত্ৰুশূন্য কৰিবলৈ সক্ষম হৈছিল। কিছুমানৰ অন্তৰত দ্বিতীয় প্ৰবৃত্তি প্ৰবল হোৱাত তেওঁলোকে মোগলৰ লগ লৈ বা কৰ্ত্তব্য অৱহেলা কৰি দেশৰ বিৰোধিতা আচৰণ কৰিছিল। এই সকলোখিনি কথা সামৰণিত আলোচনা কৰা হৈছে। এই দুই প্ৰবৃত্তিৰ সঙ্ঘাত ভৱিষ্যতে কেনেকৈ নিৰোধ কৰিব পাৰি তালৈ অসমীয়া দেশপ্ৰেমিকসকলে ঐকান্তিকভাৱে যত্ন কৰা উচিত।
মীৰজুমলা অসম আক্ৰমণৰ কাহিনী সম্যকভাৱে উপলব্ধি কৰাত সহায় হব বুলি, সমসাময়িক বুৰঞ্জীৰ পৰা কেইবাটিও বিবৰণ আৰু কেইবাখনিও পত্ৰ পৰিশিষ্টত সন্নিবিষ্ট কৰি দিয়া হৈছে।
এই গ্ৰন্থখনি অতি পৰিশ্ৰমৰে যুগুত কৰা হৈছে। আশা কৰোঁ অসমীয়া পাঠক-পাঠিকাসকলে ইয়াক মৰম কৰি পঢ়িব। মীৰজুমলাৰ অসম আক্ৰমণৰ ভাল-বেয়া নানান কাহিনী অসমীয়াৰ জাতীয় এজমালি সম্পত্তি। সেইবোৰৰ পৰ্যালোচনাৰ ফলত গোটেই অসমীয়া জাতিয়ে একেধৰণৰ ঘটনাৱলীক সমচকুৰে নিৰীক্ষণ কৰাত তেওঁলোকৰ হৃদয় একতাসূত্ৰে আৱদ্ধ হৈ পৰিব। সেইদেখি, ‘অসম জীয়ৰী’ জয়মতী খণ্ডত আমি কৈছিলোঁ,—“জয়মতীৰ স্মৃতিৰ প্ৰতি সমভাৱে সদৌ অসমীয়া ৰাইজে দৃষ্টিপাত কৰোঁতে তেওঁলোকৰ অন্তৰত সমভাবৰ সৃষ্টি হয়। এটা জাতিক একতা বান্ধোনেৰে বান্ধিবলৈ হলে কিছুমান ৰাজহুৱা এজমালি গৌৰৱপূৰ্ণ বা বিষাদপূৰ্ণ কাহিনী লাগে। অসমীয়া জাতিৰ অতীতৰ গৌৰৱ আৰু অতীতৰ সুখ-দুখ সবাৰো একে। জয়মতীৰ কাহিনী অসমীয়াৰ একতা-বন্ধনৰ এধাৰি সাতশৰী কণ্ঠহাৰ।” এতিয়া কব পাৰি, নবাব মীৰজুমলাৰ অসম আক্ৰমণৰ কাহিনীও অসমীয়াৰ একতা-বন্ধনৰ এধাৰি সাতশৰী কণ্ঠহাৰ। গ্ৰীচৰ দাৰ্শনিক প্লেটোই কৈছিল,—“যি ৰাজ্যত সকলো নাগৰিকে একে বিধ কথাতে কান্দে আৰু আনন্দ পায়, সেই ৰাজ্যই হৈছে এখন সৰ্ব্বাঙ্গসুন্দৰ দেশ।” অসমীয়াৰ মাজত অতীতৰ যিমান ঘটনাক সৰ্ব্বজনবিদিত আৰু সৰ্ব্বসাধাৰণৰ কথা-বাৰ্ত্তা আৰু আলাপ আলোচনাৰ স্বাভাবিক অঙ্গ কৰিব পাৰি অসমীয়াৰ কাৰণে তিমানেই মঙ্গল।
নবাব মীৰজুমলা, জয়ধ্বজ সিংহ, নবাব দিলেৰ খাঁ, মনথিৰ ভঁৰালী বৰুৱা, আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়া, গড়গঞা ৰজাশহুৰ ৰাজমন্ত্ৰী ফুকন, এইসকলক কেন্দ্ৰ কৰি এখন জাতীয় নাটক সংৰচনা কৰিবৰ কাৰণে এই গ্ৰন্থত যথেষ্ট সম্বল আছে। তাৰ কাৰণে ঘটনাৰ পটভূমি বহলকৈ অঙ্কিত কৰা হৈছে, অৰ্থাৎ ভাৰতৰ ইতিহাসত প্ৰত্যেক ঘটনা আৰু প্ৰতিজন মোগল নায়কৰ কেনেকুৱা স্থান, তাক যথাযথভাৱে আঁকি দেখুৱা হৈছে। কোনো দেশপ্ৰেমিক নাট্যকাৰে তেনে এখন নাটক ৰচনাৰ কাম হাতত ললে, এই গ্ৰন্থ ৰচনাত আমাৰ যি উৎকট পৰিশ্ৰম হৈছে, সেই পৰিশ্ৰম কিছুপৰিমাণে সাৰ্থক হব।
মীৰজুমলাৰ আক্ৰমণ আৰু পৰবৰ্ত্তী যুগৰ বিষয়ে জানিবলৈ হলে আমি পাঠক-পাঠিকাসকলক "ৰমণী গাভৰু” নামক অসমীয়া গ্ৰন্থ আৰু লাচিত বৰফুকনৰ বিষয়ে ইংৰাজী গ্ৰন্থ পঢ়িবলৈ অনুৰোধ কৰোঁ। তাৰ বাহিৰে অলপতে ওলাব লগীয়া আতন বুঢ়াগোহাঁই ৰাজমন্ত্ৰী ডাঙ্গৰীয়াৰ যুগৰ বিস্তৃত বুৰঞ্জী গ্ৰন্থতো সেই বিষয়ে সম্পূৰ্ণ আভাস পোৱা যাব।
মহাৰাষ্ট্ৰৰ সাতবাৰ স্বৰ্গীয় ৰাওবাহাদুৰ ডি-বি পৰিশনিচ ডাঙ্গৰীয়াৰ সংগ্ৰহত থকা নবাব মীৰজুমলাৰ প্ৰতিকৃতিখন বৰ্ত্তমান গ্ৰন্থত ছপাবলৈ অনুমতি দিয়াৰ কাৰণে পুনাৰ দেক্কান কলেজৰ স্নাতকোতৰ আৰু গবেষণা অনুষ্ঠানৰ কৰ্তৃপক্ষসকলক এইখিনিতে ধন্যবাদ দিলোঁ।
এই গ্ৰন্থৰ পাণ্ডুলিপি ৰচনা আৰু ছপা আদি কাৰ্যত সহায় কৰাৰ কাৰণে নলবাৰী কালাগ নিবাসী শ্ৰীমান হেমৰথ বৰ্ম্মনক ধন্যবাদ দিলো। শ্ৰীযুত বেণুধৰ শৰ্ম্মাদেৱৰ 'ফুলচন্দন' প্ৰবন্ধটি পুৰণা 'মিলনৰ পৰা' নকল কৰি পঠোৱাৰ কাৰণে সুকবি শ্ৰীযুত বিনন্দচন্দ্ৰ বৰুৱাদেৱৰ কন্যা কল্যাণীয়া শ্ৰীমতী কল্যাণী দেবীলৈ এইখিনিতে আশীৰ্ব্বাদৰে সৈতে শলাগ জনালোঁ।
গুৱাহাটী লয়াৰ্চ বুক ষ্টলৰ উদ্যোগী প্ৰতিষ্ঠাতা আৰু পৰিচালক শ্ৰীমান্ বিচিত্ৰনাৰায়ণ দত্ত-বৰুৱাদেৱে অতি আগ্ৰহেৰে এই গ্ৰন্থ ছপা কৰি উলিওৱাৰ কাৰণে তেওঁলৈ কৃতজ্ঞতা জনালো।
| গুৱাহাটী, অসম। প্ৰথম জুলাই ১৯৫৬ চন। |
শ্ৰী সূৰ্য্যকুমাৰ ভূঞা |
বিষয় |
পিঠি |
অসম-মোগলৰ ৰণ।— |
৩৬-৪৬ |
নতুন অধিকৃত ৰাজ্য এৰিবলৈ অসমৰ অস্বীকাৰ |
৩৬ |
পাণ্ডু-শৰাইঘাটত অসমৰ ৰণভঙ্গ |
৩৬ |
আহোম সেনাপতিৰ ঠেহ |
৩৭ |
চামধৰাত অসম-মোগলৰ ৰণ |
৪০ |
দিলেৰ-খাঁৰ শিমলুগড় কোঠ অধিকাৰ |
৪১ |
মোগলৰ কলিয়াবৰ অধিকাৰ |
৪৫ |
মীৰজুমলাৰ গড়গাওঁ অধিকাৰ।— |
৪৭-৫৫ |
গড়গাৱঁত নবাব মীৰজুমলা |
৪৭ |
চৰাইখোৰোঙ্গত স্বৰ্গদেৱ জয়ধ্বজসিংহ |
৪৭ |
মোগল সৈন্যৰ বিলৈ-বিপত্তি।— |
৫৬-৭৬ |
অসমৰ খৰালি আৰু বাৰিষা |
৫৬ |
এটি কেচুৱা লৈ দুজনী তিৰোতাৰ দ্বন্দ |
৫৭ |
মৈদাম খানি ধন-বস্তু আহৰণ |
৫৮ |
অসমীয়াৰ দগাযুদ্ধ |
৬০ |
অসমীয়াৰ হাতত মোগলৰ নিৰ্য্যাতন |
৬২ |
মোগল কাকতীৰ অসম বৰ্ণনা |
৬৪ |
পৰ্য্যটক বাৰ্ণিয়াৰৰ অসম বৰ্ণনা |
৬৫ |
পৰ্য্যটক মেনুক্চিৰ অসম বৰ্ণনা |
৬৬ |
মুল্লা দৰবেশ কবিব অসম বৰ্ণনা |
৬৬ |
ওলণ্ডাজ গ্লেনিয়াচৰ অসম বৰ্ণনা |
৬৯ |
‘তথাপি যবন বিমুখ নহ'ল' |
৭২ |
বাদুলিৰ বঙ্গাল বৰণ |
৭৩ |
মনথিৰৰ মৃত্যুদণ্ড |
৭৫ |
সন্ধিৰ প্ৰস্তাৱ।— |
৭৭-৮৪ |
মোগলক ওভতোৱাৰ চেষ্টা |
৭৭ |
সন্ধিৰ প্ৰস্তাৱ |
৭৭ |
সন্ধিৰ প্ৰস্তাৱত বাদুলিৰ অসন্তুষ্টি |
৭৮ |
ঘিলাঝাৰি ঘাটৰ সন্ধি।— |
৮৫-৯০ |
ঘিলাঝাৰিঘাটৰ সন্ধিৰ চৰ্ত্তসমূহ |
৮৫ |
মোগলৰ অসম ত্যাগ।— |
৯১-১০১ |
প্ৰতাপসিংহ স্বৰ্গদেৱৰ মৈদাম আৰু পাটহাতী |
৯১ |
বাদুলিৰ মাতৃভূমি ত্যাগ |
৯২ |
মীৰজুমলাৰ অসম ত্যাগ |
৯৩ |
বাটত মীৰজুমলাৰ মৃত্যু |
৯৭ |
মীৰজুমলাৰ মৃত্যুত আওবংজেৱৰ শোক-প্ৰকাশ |
৯৮ |
অসমীয়াৰ আত্মপ্ৰতিষ্ঠাৰ চেষ্টা।— |
১০২ |
বকতাত স্বৰ্গদেৱ জয়ধ্বজ সিংহ |
১০২ |
অপৰাধীৰ দণ্ড |
১০২ |
নামনিয়াল ৰজাশহুৰৰ অপৰাধ |
১০৩ |
ৰজাশহুৰ ৰাজমন্ত্ৰী ফুকনৰ উপদেশ |
১০৪ |
জয়ধ্বজসিংহ স্বৰ্গদেৱৰ শোক-অনুতাপ |
১০৭ |
জয়ধ্বজসিংহ স্বৰ্গদেৱৰ মৃত্যু।— |
১১৪-১১৮ |
গড়গাওঁ চাবলৈ স্বৰ্গদেৱৰ হেপাহ |
১১৪ |
স্বৰ্গদেৱৰ টান নৰিয়া |
১১৫ |
জয়ধ্বজসিংহ স্বৰ্গদেৱৰ মৃত্যু |
১১৭ |
ন-জনা স্বৰ্গদেৱ চক্ৰধ্বজ সিংহ |
১১৮ |
বিষয় |
পিঠি |
অসমৰ কামৰূপ উদ্ধাৰ আৰু সংৰক্ষণ— |
১১৯-১৩৬ |
অসমে দিবলগীয়া পেচকচ |
১১৯ |
পেচকচ আদায় |
১১৯ |
স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ অন্তিম অভিলাষ |
১২০ |
বাহিৰে মিত্ৰতা ভিতৰি ৰণোদ্যমৰ নীতি |
১২১ |
পৰাধীনতাতকৈ মৰণেহে উত্তম |
১২১ |
মোগল ফৌজাদাৰলৈ অসমৰ উত্তৰ |
১২২ |
ৰচিদ-খাঁৰ কন্যা ভিক্ষা |
১২৩ |
ফিৰোজ-খাঁৰ কন্যা ভিক্ষা |
১২৩ |
গুৱাহাটী আক্ৰমণৰ আদেশ |
১২৪ |
গুৱাহাটী আৰু কামৰূপ উদ্ধাৰ |
১২৪ |
ছায়িস্তা খাঁলৈ অসমৰ ৰণজয়ৰ বাতৰি |
১২৪ |
ভোলানাথ কানুনগুৱে অসমৰ কটকীলৈ দিয়া পত্ৰ |
১২৫ |
আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়াই ছায়িস্তা খাঁলৈ দিয়া পত্ৰ |
১২৬ |
মোগলৰ মৰ্য্যাদা হানি |
১২৮ |
অসমৰ বিৰুদ্ধে ৰামসিংহৰ অভিযান |
১২৮ |
উত্তৰে দক্ষিণে গুৱাহাটীৰ গড় |
১২৯ |
ৰামসিংহৰ তলে বিপুল সৈন্যবাহিনী |
১৩০ |
গুৱাহাটী সংৰক্ষনার্থে অসমীয়াৰ দৃঢ়সঙ্কল্প |
১৩০ |
ৰামসিংহৰ ব্যৰ্থ মোগলী-ৰাজপুতী ফন্দি |
১৩১ |
আলাবৈৰ যুদ্ধ |
১৩২ |
গুৱাহাটী আক্ৰমণৰ একমাত্ৰ সুবিধা পানীয়েদি |
১৩৩ |
নাও-যুদ্ধৰ আৰম্ভণি |
১৩৩ |
লাচিত বৰফুকনৰ টান নৰিয়া |
১৩৪ |
বিষয় |
পিঠি |
বৰফুকনৰ উগ্ৰ খঙ্গ দেখি কম্পমান সৈন্য |
১৩৪ |
শৰাইঘাটৰ যুদ্ধত মোগলৰ পৰাজয় |
১৩৫ |
মীৰজুমলা-শৰাইঘাট যুগৰ আদৰ্শ |
১৩৬ |
সামৰণি। |
১৩৭-১৪৫ |
ওপৰঞ্চি
মীৰজুমলাৰ অসম আক্ৰমণৰ বিষয়ে সমসাময়িক বৃত্তান্তসাৰ। |
১৪৯ |
মোগলৰ সেনাপতি দিলেৰ-খাঁ দাউদজাই |
১৫১ |
ঘিলাঝাৰিঘাটৰ সন্ধিৰ কাকত। |
১৫৭ |
স্বৰ্গদেৱ জয়ধ্বজ সিংহ মহাৰাজে আওৰংজেৱ বাদশাহলৈ দিয়া পত্ৰ। |
১৫৯ |
স্বৰ্গদেৱ জয়ধ্বজসিংহ মহাৰাজে মোগল সেনাপতি দিলেৰ-খাঁলৈ দিয়া পত্ৰ। |
১৬১ |
স্বৰ্গদেৱ জয়ধ্বজসিংহ মহাৰাজে বেহাৰৰ ৰজা প্ৰাণনাৰায়ণলৈ দিয়া প্ৰথম পত্ৰ। |
১৬৩ |
স্বৰ্গদেৱ জয়ধ্বজ সিংহ মহাৰাজে বেহাৰৰ ৰজা প্ৰাণনাৰায়ণলৈ দিয়া দ্বিতীয় পত্ৰ। |
১৬৬ |
কন্যা দিলেও ফিৰাই দিছিল কিয়? |
১৬৯ |
যুধিষ্ঠিৰ আৰু দুৰ্য্যোধন, কবিতা। |
১৭৩ |
প্ৰমাণপঞ্জী। |
১৮২-১৮৪ |
- মৰমৰ
- বন্তি আৰু চন্দন,
- তৃপ্তি, হিল, স্বপন আৰু চিৰণ,
- জয়ন্ত, জুলী আৰু লনী,
- মৰমৰ
তোমালোক এতিয়া সৰু, আগলৈ ডাঙৰ হবা, তেতিয়া এইখন কিতাপ পঢ়িব পাৰিবা, নিজৰ দেশৰ আগৰ দিনৰ কথা, পঢ়ি সোৱাদ পাবা।
এই আশাতে, “মীৰজুমলাৰ অসম আক্ৰমণ” কিতাপখনি তোমালোকৰ কুমলীয়া হাতত ককাদেউতাৰ আশীৰ্ব্বাদৰে সৈতে অৰ্পণ কৰিলোঁ।
| ১৭ আষাঢ় ১৮৭৮ শক, ১ জুলাই ১৯৫৬ খৃষ্টাব্দ |
লয়াৰ্চ বুক ষ্টল
গুৱাহাটী : অসম
বেচ তিনি টকা।
সূচীপত্র।
