মিলনৰ সুৰ
মিলনৰ সুৰ
শ্ৰীযতীন্দ্ৰ নাথ দুৱৰা
প্ৰকাশক
শ্ৰীদুৰ্গাপ্ৰসাদ মিত্ৰ, এম, কম্
আর, পি, মিত্ৰ এণ্ড সন্
৬৩, বিডন ষ্ট্ৰীট, কলিকাতা-৬
বেচ ১.৫০ নয়া পইচা
৬৩, বিডন ষ্ট্ৰীট, কলিকাতা
এল্ম্ প্ৰেছত
শ্ৰীদেৱপ্ৰসাদ মিত্ৰৰ দ্বাৰা ছপা হ’ল।
ভূমিকা
শ্ৰদ্ধেয় কবিবৰ অসমীয়া সাহিত্য কাননৰ কোকিল শ্ৰীযুক্ত যতীন্দ্ৰনাথ দুৱৰাদেৱৰ অনুৰোধত তেখেতৰ “মিলনৰ সুৰ” নামৰ অপ্ৰকাশিত কবিতাৱলীৰ ভূমিকা লিখিলো। বহুতো যোগ্য ব্যক্তি থকা সত্ত্বেও যে তেখেতে মোকেই এই ভাৰ দিছে,—এইটো মোৰ প্ৰতি তেখেতৰ অকৃত্ৰিম স্নেহ-প্ৰীতিৰ নিদৰ্শন। তেখেতৰ কবিতাৰ ভূমিকা লিখিছোঁ,—অৰ্থাৎ তেখেত অসীম-সসীমৰ মিলনৰ পূজাত বহিছে, মই সেই পূজাৰ ঘণ্টাবাদক মাত্ৰ।
এই কবিতাৰ পুথিখনি শ্ৰীযুক্ত দুৱৰাই বহুদিনৰ আগতে লিখিছিল। গ্ৰন্থ ৰচনাৰ ইতিহাস পাঠকসকলে তেখেতৰ মুখবন্ধ (আগ কথা)ৰ পৰা জানিব পাৰিব। আৰবী আৰু পাৰ্ছী ভাষাত কৃতবিদ্য ডাঃ খুদাবক্সৰ ওচৰত ছূফীতত্ত্ব (Sufism) অধ্যয়ন কৰি,—তাৰ পিচতে ছূফী ৰহস্যবাদকে ভিত্তি কৰি তেখেতে এই গ্ৰন্থ ৰচনা কৰে। গতিকে এই গ্ৰন্থৰ মূল সুৰ বা মূল তত্ত্ব বুজিবলৈ হলে ছূফীতত্ব (Sufism) জনা দৰকাৰ। ছূফীতত্ত্ব বুজিবলৈ হলে আকৌ মৰমিয়াবাদ বা অতীন্দ্ৰিয় ঐশী অনুভূতি তত্ত্বৰ (Mysticism) মূলকথা জনাটো একান্ত প্ৰয়োজন,—কাৰণ ছূফীবাদ মৰমিয়াবাদৰ এটি শাখা মাত্ৰ।
সাহিত্য জগতত Mystic বা Mysticism কথাষাৰ বহু সময়ত আৰু বহু ক্ষেত্ৰত ভ্ৰান্ত অৰ্থত প্ৰযুক্ত হয়। বহুতে ৰহস্যময় ভাব মাত্ৰকেই Mystic ভাব বোলে; কোনো কোনোৱে সাধাৰণ জ্ঞানবুদ্ধিৰ অগোচৰ ধুৱঁলি-কুৱঁলি ভাবেৰে ভৰা যি কোনো অনুভূতিকেই Mystic আখ্যা দান কৰে; কিন্তু এইটো সম্পূৰ্ণ ভুল। Mysticism, ঐশী অনুভূতি বা মৰমিয়া তত্ত্ব কোনো মতবাদ বা কল্পনাবিলাস নহয়, Theory নহয়; ই এটা বিশেষ দৃষ্টিভঙ্গী, এটি অন্তৰৰ গভীৰ অনুভূতি বা উপলব্ধি। বহুৰ মাজত একৰ, অনৈক্যৰ মাজত ঐক্যৰ, সসীমৰ মাজত অসীমৰ অস্তিত্বত বিশ্বাস আৰু জীৱাত্মা আৰু পৰমাত্মাৰ আপাতঃ বাহ্যিক ভেদ সত্ত্বেও প্ৰকৃত অভেদজ্ঞান—এয়েই মৰমিয়া উপলব্ধি বা দৃষ্টিভঙ্গীৰ ভিত্তিস্বৰূপ। এই পৃথিবীত শৰীৰ লৈ থকা কালতে ভাবৰ প্ৰবল উচ্ছ্বাসত, গভীৰ ভগৱৎপ্ৰেমৰ বলত, ক্ষণিকৰ অতীন্দ্ৰিয় উপলব্ধিৰ যোগেদি কবি বা সাধকে অনন্তৰ আস্বাদ পায়; সীমাৰ বুকুত অসীম ধৰা পৰে। এই ক্ষণিক অতীন্দ্ৰিয় বৰ্ণনাতীত উপলব্ধি বা অনুভূতিকেই ‘Mystic trance' বোলা হয়। প্ৰাচ্য আৰু পাশ্চাত্যৰ বহু সাধক-সাধিকাৰ জীৱনীত এই সত্য পোৱা যায়; তেওঁলোক মৰমী সাধক আৰু যিসকলে অনবদ্য ভাষাৰে এই অনুভূতি প্ৰকাশ কৰি গৈছে তেওঁলোক মৰমী কবি। প্ৰতি দেশতে প্ৰত্যেক ভাষাতে যুগে যুগে এই মৰমী কবিসকলে জন্মগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ অৱদানেৰে সাহিত্য-আগাৰ সমৃদ্ধ কৰি গৈছে। ছন্দৰ মাধ্যমেৰে তেওঁলোকে এই ‘সত্যং শিৱং সুন্দৰম্’ৰ অনুভূতি, অসীম-সসীমৰ মিলনৰ গান গাই গৈছে।
গীতাত শ্ৰীভগৱানৰ বাণী,—
‘সৰ্বভূতেষু যেনৈকং ভাবমব্যয়মীক্ষতে।
অবিভক্তং বিভক্তেষু তজ্জ্ঞানং বিদ্ধি
সাত্ত্বিকম্।’ ১৮|২০
অৰ্থাৎ,—‘সমস্ত পদাৰ্থতে যে এক অব্যয়ভাবৰ দৰ্শন আৰু বিভাগৰ মাজতো বহুৰ মাজতো সেই এক অখণ্ড অবিভক্ত ৰূপৰ দৰ্শন—এয়েই সাত্ত্বিকজ্ঞান, সত্য দৰ্শন। এই তত্ত্বই মৰমিয়াবাদৰ বা স্বানুভূতিৰ মূলকথা। এই তত্ত্বটি মৰমিয়া কবি Wordsworthয়ে তেওঁৰ ‘Odes On Intimation of Immortality’ নামৰ ভূমিকাত সুন্দৰকৈ নিজৰ শৈশৱৰ অনুভূতিৰ মাধ্যমেৰে ব্যক্ত কৰিছে। তেওঁ কৈছে,—‘I was often unable to think of external things as having external existence, and I communed with all that I saw as something not apart from, but inherent in my own immaterial nature. Many times while going to school have I grasped at a wall or tree to recall myself from this abyss of idealism to the reality.’ এয়েই প্ৰকৃত ঐশী অনুভূতি বা মৰমিয়া উপলব্ধি; তেনে অৱস্থাত মানৱৰ উপলব্ধি হয় যে সি অমৃতৰ পুত্ৰ; অমৃতত্বই তাৰ প্ৰকৃত স্বৰূপ আৰু প্ৰপঞ্চজগত মায়াময়। ইয়াৰ বাস্তৱ সত্তা নাই। বহু মায়িক, একেই সত্য। উপনিষদৰ ভাষাত কবলৈ গ’লে,—‘নেহ নানা অস্তি কিঞ্চন, মৃত্যোঃ স মৃত্যুম্ আপ্নোতি য ইহ নানেব পশ্যতি’; অৰ্থাৎ এই ব্ৰহ্মাণ্ডত এক তেৱেই সৎ, নানা বা বহু বুলি বাস্তৱিকতে একো নাই; যিয়ে এক দৰ্শন নকৰি বহু দৰ্শন কৰে তেওঁ মৃত্যুকেই প্ৰাপ্ত হয়।’ যিয়ে এক দৰ্শন কৰে তেওঁৰ অমৃতত্ব লাভ হয়, সত্যদৰ্শন হয়। তেতিয়াই মানৱৰ আত্মতত্ত্বৰ অনুভূতি হয় যে ‘জ্যোতিঃ অহং বিৰজা বিপাত্মা’, ‘নিত্যমুক্তস্বভাববান্’; মই নিষ্পাপ জ্যোতিস্বৰূপ’, ‘মই নিত্যমুক্ত, শুদ্ধ, সৎ, চিৎ, আনন্দ ৷’
ইংৰাজী সাহিত্যত Wordsworth, Blake, Thompson, Vaughan, Crashaw, Herbert, Marvell, Tennyson, Bridges আদি কবিসকল, ইউৰোপত Plato, Plotinus, Boehme, Eckhart, Bergson, St. Teresa, St. Augustine, Suso, Swedenborg প্ৰভৃতি দাৰ্শনিক আৰু সাধকবৃন্দ, ভাৰতত উপনিষদৰ ঋষিবৃন্দ, সিদ্ধ পুৰুষ, সাধক, বৈষ্ণৱ কবিসকল আৰু পাৰস্য দেশৰ ছূফীসকল এই মৰমীয়া সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত। এই সকল সাধক আৰু কবিৰ জীৱনী আৰু বাণীৰ পৰা আমি তেওঁলোকৰ সাধন আৰু আত্মোপলব্ধিৰ কথা জানিব পাৰো।
পাৰস্য দেশত যি মৰমিয়া সম্প্ৰদায়ৰ আবিৰ্ভাৱ হয়, তেওঁলোকক বোলা হয় ছূফী। ছূফ্ শব্দৰ অৰ্থ বগা পচম ( wool ); সন্ন্যাসীৰ আলখাল্লাৰ দৰে তেওঁলোকে ত্যাগ আৰু বৈৰাগ্যৰ প্ৰতীক শুকুলা পচমৰ এবিধ বস্ত্ৰ পৰিধান কৰিছিল। সেই কাৰণেই তেওঁলোকক ছুফী বোলা হৈছিল। কোনো কোনোৱে কয় ‘ছফা’ মানে পবিত্ৰতা,—তাৰ পৰা ‘ছূফী’ শব্দ আহিছে। তেওলোকৰ ভিতৰত বেছি ভাগেই কবি আছিল। সেই ছূফীসাধক সম্প্ৰদায়ৰ সাহিত্য পাৰস্য সাহিত্যৰ এক ৰত্নভাণ্ডাৰ বুলিব পাৰি। ছূফীসকলৰ ভিতৰত Al-Harith Asad Ali Muhasiba, Al-Jundid, Al-Hallaj, Al-Qushairi, Al-Ghazali, জালালুদ্দীন ৰুমি, হাফিজ, ছাদী প্ৰভৃতিৰ নাম সাহিত্য জগতত আৰু ভক্তিমাৰ্গত বিশ্ৰুত।
ছূফীবাদৰ বিস্তৃত আলোচনা এই ভূমিকাৰ ঠেক পৰিসৰত সম্ভৱ নহয় আৰু তাৰ প্ৰয়োজনো নাই। বিস্তৃত আলোচনা এখন বিশাল গ্ৰন্থত পৰিণত হব। শ্ৰীযুত দুৱৰাদেৱৰ কাব্যখন বুজিবলৈ সাধাৰণভাবে মৰমিয়াবাদৰ আৰু বিশেষকৈ ছূফীতত্ত্বৰ যিখিনি আলোচনাৰ প্ৰয়োজন সেইখিনি মাত্ৰ এই ভূমিকাত কৰা হল। এইখিনি ছূফীবাদৰ দিক্ দৰ্শন বুলিব পাৰি।
কোৰাণৰ একেশ্বৰবাদ ছূফীবাদৰ বীজস্বৰূপ। ঈশ্বৰ বা আল্লা এক আৰু অদ্বিতীয়; তেওঁ সৰ্ব্বশক্তিমান, অসীম, অনন্ত আৰু অক্ষয়; তেওঁৰ সমকক্ষ কোনো নাই; জগত তেওঁৰেই সৃষ্টি আৰু সৃষ্ট জীৱ তেওঁৰ সেৱক বা সন্তানতুল্য। ‘তেওঁৰ পৰাই প্ৰতি বস্তুৰ, প্ৰতি প্ৰাণীৰ উৎপত্তি আৰু দেহ-ত্যাগৰ পিচত সকলোৱে তেওঁৰ তালৈকে ফিৰি যায়’,—কোৰাণৰ এই বাণী ছূফীবাদৰ সাৰমৰ্ম্ম। যি কোনো মুছলমানে প্ৰাণত্যাগ কৰিলে তেওঁৰ পাৰলৌকিক কৰ্ম—ক্ৰিয়াকাণ্ডৰ সময়ত আমন্ত্ৰণলিপিৰ ওপৰত কোৰাণৰ এই বাণীটো উদ্ধৃত কৰা হয়। আমাৰ উপনিষদ্ প্ৰবচনতো এই সত্য বিঘোষিত; ‘আনন্দাৎ হি এব খলু ইমানি ভূতানি জাতানি, আনন্দেন জাতানি জীবন্তি, আনন্দং প্ৰযন্ত্যভি-সংবিশন্তি।’ ‘সেই আনন্দস্বৰূপ ব্ৰহ্মৰ পৰাই সমস্ত জীৱৰ উৎপত্তি, তেওঁৰ দ্বাৰাই সকলোৰে স্থিতি; আৰু দেহত্যাগৰ পিচত আকৌ তেওঁতেই প্ৰবিষ্ট হব লাগিছে।’ তেওঁৱেই মূলকাৰণ। যেহেতু তেওঁৰ পৰাই সকলোৰে উৎপত্তি আৰু অন্তিমত তেওঁতেই বিলয়, গতিকে আল্লা আৰু জীৱ, ঈশ্বৰ আৰু জগত বস্তুতঃ এক, মাত্ৰ আপাতঃ দৃষ্টিত পৃথক প্ৰতিভাত হয়। পৰমাৰ্থিক দৃষ্টিত ব্ৰহ্ম আৰু ব্ৰহ্মাণ্ডৰ, ঈশ্বৰ আৰু জীৱৰ স্ৰষ্টা আৰু সৃষ্টিৰ এই বাস্তৱিক অভেদেই ছূফীবাদৰ বা ছূফীমাৰ্গৰ মূলমন্ত্ৰ। বেদান্তৰ মায়াবাদ ভাৰতবৰ্ষৰ পৰা পাৰস্যলৈ গৈছিল—অধিকাংশ ঐতিহাসিকে এই মত পোষণ কৰে। ছূফীসকলেও ঈশ্বৰৰ পৰা জগতৰ পৃথক্ সত্তা বা দ্বৈতসত্তা (Dualism) স্বীকাৰ নকৰে; তেওঁলোকে কয় আপাতঃ দৃষ্টিত জগতৰ যি পৃথক্ সত্তা প্ৰতীত হয় সেইটো সত্য নহয়, পাৰমাৰ্থিক নহয়, সেইটো মায়িক আৰু সাময়িক। জগত আৰু জীৱ ঈশ্বৰৰ অংশ মাত্ৰ; প্ৰতি অণুপৰমাণুৰ মাজত ঈশ্বৰৰ চিন্ময় সত্তা নিহিত আছে, সেই কাৰণেই প্ৰতি জীৱৰ ভিতৰতে তাৰ মূল উৎস ঈশ্বৰলৈ ফিৰি যোৱাৰ ব্যাকুলতা নিহিত আছে। সৃষ্টিৰ মূল উৎস ঈশ্বৰ আৰু তেওঁ একে সময়তে বিশ্বৰ প্ৰাণকেন্দ্ৰ আৰু বিশ্ব-অতীত (both immanent and transcendent)। সেই এক ঈশ্বৰেই সত্য, তেৱেই সৎ,—বহু সত্য নহয়, বহু সেই একৰেই স্ফুলিঙ্গ মাত্ৰ—এই উপনিষদ্তত্ত্ব ছূফীবাদৰ ভিত্ত স্বৰূপ।
জীৱ আৰু ঈশ্বৰ, ভক্ত আৰু ভগবানৰ সম্বন্ধ বহুৰূপে দৰ্শন আৰু সাহিত্যত অভিব্যক্ত হৈছে। ভক্তিৰ দাস্য, সখ্য বাৎসল্য, কান্ত ভাব সাহিত্যৰসিকসকলৰ আৰু ধৰ্মৰাজ্যত সুবিদিত। ভগবানক প্ৰভু আৰু নিজকে তেওঁৰ দাস বা কিঙ্কৰৰূপে যি ভজনা তাকেই দাস্যভাব বোলা হয়। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে এই ভাবে ভজনা আৰু কীৰ্ত্তন কৰি গৈছে। তেওঁৰ কীৰ্ত্তনৰ সকলো ঠাইতে তেওঁ ‘কৃষ্ণৰ কিঙ্কৰ শঙ্কৰ’ বুলি নিজৰ পৰিচয় দিছে। কোৰাণত নূৰনবী মহম্মদেও সকলোতে নিজকে আল্লাৰ দাস বুলিছে। শঙ্কৰদেৱ, মহম্মদ প্ৰভৃতিৰ ভজনা দাস্যভাব প্ৰধান। শ্ৰীকৃষ্ণসখা, শ্ৰীদাম, সুদাম, অৰ্জ্জুন, গোপ-বালক আদিয়ে তেওঁক সখা বা বন্ধু জ্ঞান কৰিছিল আৰু অনুৰূপ আচৰণ কৰিছিল। তেওঁলোকে ভগবানক সখ্যভাবে ভজনা কৰি গৈছে। নন্দ, যশোদা, বসুদেৱ, দেৱকী প্ৰভৃতিয়ে মহাপুৰুষক পুত্ৰৰূপে ভজনা কৰিছে; তেওঁলোকৰ ভক্তি বাৎসল্যৰস-সিক্ত। ভাৰতৰ বৈষ্ণৱসাধকসকল আৰু পাশ্চাত্যৰ St. Teresa প্ৰভৃতি সাধিকা আৰু Vaughan, Crashaw প্ৰভৃতি মৰমী কবিসকলে আকৌ ঈশ্বৰক পুৰুষ বা কান্ত আৰু ভক্তক প্ৰকৃতি বা কান্তা ৰূপে বৰ্ণনা আৰু অনুভৱ কৰিছে; ইয়াকেই কান্তভাবে ভজনা বোলে। মহাপ্ৰভু শ্ৰীচৈতন্যৰ উক্তি,—‘কান্তভাব সৰ্বসাধ্যসাৰ।’ ভগবান আৰু ভক্তৰ সম্বন্ধ পুৰুষ-প্ৰকৃতি, প্ৰিয়-প্ৰিয়া, প্ৰেমিক-প্ৰেমিকা, কান্ত আৰু কান্তাৰ সম্বন্ধৰূপে কল্পিত। অধিকাংশ ছূফীসকলেও এই কান্তভাবেই ভজনা কৰি ঐশী অনুভূতিৰ আস্বাদ পাইছে। তেওঁলোকৰ সাধনা কান্তভাবমূলক বুলিয়েই তেওঁলোকে ভগবান-ভক্তৰ সম্বন্ধ বুজাবলৈ প্ৰেমিক আৰু প্ৰেমিকাৰ সম্বন্ধৰ ভাষা আৰু ৰূপক ব্যৱহাৰ কৰিছে; কিন্তু তেওঁলোকৰ বৰ্ণনা বা অনুভূতি কান্তভাবৰ সাধক ভাৰতীয় বা পাশ্চাত্য মৰমিয়া সাধনাৰ বিপৰীত—অৰ্থাৎ তেওঁলোকে ঈশ্বৰক প্ৰকৃতি বা কান্তা আৰু ভক্তক বা জীৱক পুৰুষ বা কান্ত ৰূপে কল্পনা কৰিছে। যেন সেই এক সত্য, শিৱ, সুন্দৰৰ প্ৰতীক ৰহস্যময়ী, অমৃতলোকবাসিনী, ইন্দ্ৰিয়ৰ অগোচৰ প্ৰেমময়ী কান্তাৰ কাৰণে সকলো জীৱ, সকলো পুৰুষ অধীৰ; তেওঁক লাভ কৰিবলৈ সকলো ব্যাকুল। বিবিধ উপমা, অপৰূপ বৰ্ণনা, নানা প্ৰতীক আৰু ৰূপকৰ মাধ্যমেৰে ছূফীকবিসকলে এই অনুভূতি আৰু চিৰন্তন সত্য ব্যক্ত কৰিছে। ছূফীতত্ত্ব মতে যিমানদিন মানৱজীৱন—সিমান দিন এই বিৰহ বিদ্যমান থাকে, কাৰণ দেহ-ইন্দ্ৰিয়ৰূপ যৱনিকাই প্ৰেমিক আৰু প্ৰেমিকাৰ মাজত ব্যৱধান সৃষ্টি কৰে। এই শৰীৰৰূপ আৱৰণ বা যবনিকাৰ কাৰণে প্ৰিয়তমাৰ স্বৰূপ যথাৰ্থৰূপে ধৰা নপৰে; সেয়েই দেহ-ব্যৱধান অপসাৰণ কৰি তেওঁক প্ৰিয়তমৰ লগত অভিন্ন কৰি লবলৈ ভক্তই প্ৰাৰ্থনা কৰে। ভক্ত কবি ভন্ৰ (Vaughan) কণ্ঠত এই প্ৰাৰ্থনা আকুল সুৰে ব্যক্ত হৈছে।
“This veil, I say, is all the cloak
And cloud which shadows Thee from me.
This veil Thy full-eyed love denies,
And only gleams and fraction spies
O take it off! Make no delay,
But brush me with Thy light.”
ভনে এই কবিতাটোত দেহক veil বুলিছে। দেহৰূপ যৱনিকা ছিন্ন হলেই,— অৰ্থাৎ প্ৰেমিকৰ দেহত্যাগেই প্ৰেমিক-প্ৰেমিকাৰ প্ৰেমিকাৰ, জীৱ আৰু ঈশ্বৰৰ, ভক্ত আৰু ভগবানৰ চিৰ মিলন। গতিকে জীৱন মানেই বিৰহ আৰু প্ৰয়াণ মানেই মিলন। যিমানদিন জীৱন সিমানদিন জীৱাত্মাই পৰমাত্মাক পাবলৈ ব্যাকুল হয়,—কিন্তু দেহৰ পিঞ্জৰাত আৱদ্ধ থকাৰ কাৰণে মিলন সম্ভৱ নহয়; কবি Tennysonৰ ভাষাত—‘Spirit beats the mortal bars’ (Sir Galahrad). যেতিয়া মিলন হয় তেতিয়া আৰু ভেদ নাথাকে; সমুদ্ৰত যেনেকৈ লোণ একাত্ম,—গাখীৰৰ লগত শুভ্ৰবৰ্ণ, চিনিৰ লগত মধুৰ আস্বাদ যেনে অভিন্ন, পৰমাত্মা আৰু জীৱাত্মাও তেনে অভিন্ন হয়। তেতিয়া আৰু মই, মোৰ, তুমি, তোমাৰ প্ৰভৃতি কোনো ভেদবাচক সংজ্ঞাও নাথাকে। সেই অবস্থাত কৰ্ত্তা, কৰ্ম, কৰণ একোৱেই নাথাকে, সকলো অভিন্ন। এই অৱস্থাই বেদান্তৰ জীৱ-ব্ৰহ্ম-ঐক্য। তেতিয়া সীমাৰ সত্তা আৰু ব্যক্তিত্ব অসীম অনন্তত বিলীন হয়। বৃহদাৰণ্যক উপনিশদৰ ভাষাত কব পাৰি,—“যত্ৰ তু অস্য সৰ্বম্ আত্মৈব অভূৎ তদা কেন কং পশ্যেৎ’—‘যেতিয়া সকলোৱেই আত্মস্বৰূপত পৰিণত হয তেতিয়া আৰু কিহেৰে, কোনে কাক দেখিব।’ অৰ্থাৎ ব্ৰহ্মদৰ্শনত দ্ৰষ্টা আৰু দৃশ্য অভিন্ন হয়। দাৰ্শনিক Eckhart এ কৈছে,—‘God and I are one in the act of my perceiving Him,’—অৰ্থাৎ ব্ৰহ্মদৰ্শনকালত ব্ৰহ্ম আৰু মই একাকাৰ, কোনো ভেদ নাথাকে। এই সত্য ‘তত্ত্বমসি’, ‘অহং ব্ৰহ্মাস্মি’ প্ৰভৃতি মহাবাক্যত সুব্যক্ত। গতিকে ছুফীবাদত জীৱন হ’ল বিৰহ, আৰু প্ৰয়াণ হ’ল মিলন। অগ্নিৰ পৰা অগ্নিৰ স্ফুলিঙ্গৰ দৰে সেই এক অনন্ত অসীমৰ পৰা জীৱবোৰ বিচ্ছিন্ন হৈ আহি পৃথিবীত জন্মগ্ৰহণ কৰে,—কিন্তু সেই বিচ্ছিন্ন সসীম জীৱৰ মাজত অসীমৰ স্ফুলিঙ্গ (‘Spark of the Divine’) নিহিত থকাত সেই প্ৰিয়তমা অসীমৰ কাৰণে সীমা, জীৱ বা ভক্ত অধীৰ হৈ উঠে। এই ভাবটো কবি দুৱৰাদেৱৰ অপৰূপ ছন্দত ধৰা পৰিছে,—
‘ভাবোঁ বহি বহি সেই দিনলই
আছিলো যেতিয়া সুখতে ভোল,
পাষাণ বিধিৰ কোন বিধানত
কোনে ছিঙি নিলে মিলন ডোল।’
‘লগৰী হেৰাই চকুৰ পানীৰে
বহি নিৰলাত কটাম কাল,
মোৰ কান্দোনত কোন বিৰহীয়ে
চকুলো সৰাই তিয়াব গাল।’
গোটেই জীৱন মানৱাত্মাই সেই হেৰোৱা ৰতন প্ৰিয়তমক বিচাৰি ফুৰে,—
‘আন্ধাৰ বাটত অকলে অকলে
প্ৰিয়বিৰহত আকুল হই,
বিচাৰি ফুৰিছোঁ ক’ত তুমি মোৰ
বেথাৰ বেদনা বুকুত লই।’
সেই প্ৰিয়তমা অন্তৰতেই আছে, ভক্তৰ হৃদয়েই তেওঁৰ প্ৰিয় আগাৰ; কিন্তু জীৱ বা ভক্তই সেই তত্ত্ব পাহৰি বাহিৰত তেওঁক বিচাৰি ফুৰে। এই ঘটনাটোকে বেদান্ত দৰ্শনত ডিঙিত গামোছা লৈ পাহৰি গোটেই ঘৰতে গামোছা বিচাৰি ফুৰাৰ লগত তুলনা কৰা হৈছে। মিলনৰ পূৰ্বে তেওঁৰ বাণী অন্তৰত শুনিবলৈ পায়,—‘মই তোমাৰ অন্তৰতেই আছোঁ একাত্ম হৈ, মিছাকৈয়ে তুমি ইমানদিনে বাহিৰে বাহিৰে মোক বিচাৰিছা’। কবি দুৱৰাৰ ভাষাত,—
‘কলে কানে কানে আন্ধাৰ বাটত
আছিলোঁ তোমাৰ কাষতে ৰই,
পাছে পাছে মই ফুৰিছোঁ সদায়
কায়াৰ লগতে ছাঁয়াটি হ’ই।’
‘ভুলতেই তুমি উলতি নেচালা
মিছাতে দূৰলৈ মেলিলা হাত,
মোক আঁতৰাই নিজৰ দোষতে
নিজৰ শৰীৰ কৰিলা পাত।’
ওপৰৰ আলোচনাৰ পৰা এই তত্ত্ব সুপ্ৰমাণিত হ’ল যে ছূফীসাহিত্যত প্ৰেমিকা বা কান্তা হ’ল অন্তৰলোকবাসী অদৃশ্য পৰমাত্মা, প্ৰেমিক বা কান্ত হ’ল জীৱ। ভগৱান হ’ল প্ৰকৃতি, ভক্ত হ’ল পুৰুষ। গোটেই মানৱ-জীৱন হ’ল বিৰহৰ পৰ্ব। তেওঁৰ ওছৰৰ পৰা বিচ্ছিন্ন হৈ আহি মানৱাত্মাৰ জন্ম আৰু পৃথিবীবাস হ’ল দীৰ্ঘপ্ৰবাস। দেহত্যাগ বা প্ৰয়াণ হ’ল পৰমাত্মাৰে সৈতে চিৰমিলন। ছূফীকাব্যত প্ৰিয়তমাৰ কাৰণে আকুলতা বা উন্মাদনাক মত্ততা (intoxication) সংজ্ঞা দিয়া হৈছে আৰু প্ৰেমক সুৰাৰ ৰূপকেৰে বৰ্ণনা কৰা হৈছে।
ছূফীদৰ্শনত এই ৰূপৰসগন্ধস্পৰ্শময়ী অপৰূপ প্ৰকৃতিৰাণী পৃথিবীখন পৰমাত্মাৰেই সৃষ্টি। মানৱ কবি সেই জগৎস্ৰষ্টা সংসাৰ-সাগৰৰ কাণ্ডাৰী বিশ্বকবিৰ এটি কণামাত্ৰ। সেই বিশ্বকবি হ’ল মহাগায়ক আৰু মানৱ কবিৰ কণ্ঠত সেই মহাগায়কৰ বিশ্বসঙ্গীতৰ অংশমাত্ৰ প্ৰতিধ্বনিত হয়। কবিবৰ হাফিজে কৈছে যে মহাগায়কৰ মুখত এটি স্বগায় বাঁহী আছে; সেই বাঁহীৰ আনটো মূৰ আছে মানৱ কবিৰ হৃদয়ত; মহাগায়কে যেতিয়া সেই বাঁহীত সুৰ তোলে তেতিয়া মানৱ কবিৰ হৃদয়ত সুৰতৰঙ্গৰ,—ভাবৰ লহৰীৰ সঞ্চাৰ হয় আৰু মানৱ কবিয়ে সেই সুৰকে নিজৰ ভাষাৰে প্ৰকাশ কৰে। এই তত্ত্বটো ‘মিলনৰ সুৰ গ্ৰন্থৰ শেষ স্তবকত ব্যঞ্জিত হৈছে,—
‘মহাগায়কৰ বাঁহীৰ সুৰত
কবিৰ প্ৰাণত কঁপিলে সুৰ
মন্দাকিনীৰ স্নিগ্ধ ধাৰাই
জীৱন শ্ৰান্তি কৰিলে দূৰ।’
শ্ৰীযুত দুৱৰাদেৱৰ এই নতুন কাব্যকুসুমৰ সাফল্য কামনা কৰি মই ভূমিকা সমাপ্ত কৰিলো। শুভমস্তু।
১৯৫৮। |
শ্ৰীযোগীৰাজ বসু ডিব্ৰুগড়। |
মিলনৰ সুৰ
(১)
প্ৰিয়তম মোৰ কাষতে আছিল
হিয়াৰে হিয়াক সাৱটি ধৰি,
চেনেহৰ চুমা গোটেই ৰাতিটি
যাচিলে পৰাণ আকুল কৰি।
দুখনি হিয়াই একেটি সুৰতে
ধৰিলে মিলন মধুৰ গান,
কোন সুদূৰৰ সপোন পুৰীত
উঠিলে প্ৰেমৰ মোহিনী তান।
সেই প্ৰেমতেই কপাল দোষত
কিয়নো হঠাতে হতাশ হই,
দেশ বিদেশত ফুৰিছোঁ অকলে
দীন দুখীয়াৰ বেশেৰে মই।
বিদায় বেলাৰ দাৰুণ আঘাতে
হানিলে বুকুত মৰণ-শেল,
চেনেহ ফুলনি হ'ল, মৰিশালি
লুকালে কেনিবা প্ৰেমৰ মেল।
বুজিলোঁ তেতিয়া অকলে আপুনি
নামিব বিষাদ আন্ধাৰ ঘোৰ,
চেনেহৰ শেষ কণাটিকো হৰি
জীৱনক মৰু কৰিব মোৰ।
ভাৱোঁ বহি বহি সেই দিনলই
আছিলোঁ যেতিয়া সুখতে ভোল,
পাষাণ বিধিৰ কোন বিধানত
কোনে ছিঙি দিলে মিলন ডোল।
( ২ )
জ্বলি জ্বলি মোৰ হিয়াৰ চাকিটি
আপোনা আপুনি নুমাই গ'ল,
জীৱনৰ শেষ শিখাৰ লগত
চকুলো দুধাবি আতঁৰ হ'ল।
শতেক ধাৰাৰে আহিছে নিজৰি
শতেক যুগৰ বিষাদ বাৰি,
তাৰেই যতনে গাথোঁ মালাধাৰি
বিৰহ বেথাৰে কুসুম পাৰি।
মোৰ জীৱনত এয়ে এটি সচাঁ
চেনেহ মাথোন মায়াৰ ফুল,
মিছা আশা মোৰ মিছা ভালপোৱা
প্ৰেমৰ সপোন সমূলি ভুল।
আনা সখা মোৰ বেদনাৰ বীণ
তোলা আজি তাত কৰুণ তান,
সৰগ মৰত উঠক বিয়পি
বুকুৰ তেজৰ ৰাঙলী গান।
( ৩ )
বুকুৰ তেজৰ শেতেলী খনিত
উজাগৰে ৰাতি কটাম মই,
পৰাণৰ মোৰ বিৰহৰ বেথা
কিজানি যদিবা পাতল হয়।
নে্যাঁচিলা তুমি হিয়াৰ চেনেহ
মিছা আশাতেই জীৱন গ'ল,
মাধৱী কুঞ্জৰ মধুৰ সপোন
জোনৰ পোহৰ বিফল হ'ল।
তুমি দিয়া মোৰ ব্যথাৰ আঘাত
তুলিব সিয়েই প্ৰেমৰ তান,
বুকুৰ মাজেদি নিজৰি নিজৰি
জীৱন মৰুত বোৱাব বান।
সপোনতে আজি আহাঁ সখা মোৰ
বিৰহী পৰাণ শীতল কৰি,
মিলনৰ চুমা দিয়া সপোনতে
হিয়াৰে হিয়াক সাৱটি ধৰি।
( 8 )
ভাৱিছিলোঁ দুয়ো জোনালী ৰাতিত
বহি ফুলনিত বজাম বীণ,
প্ৰেমৰ নিজৰা ধীৰে বই যাব
হ'ব দুয়োখনি একতে লীন।
প্ৰেমৰ মদিৰা পান কৰি দুয়ো
ৰঙতে আৱেশে কটাম কাল,
সপোন শেষত পুৱাৰ অৰুণে
চুমিব দুখনি গোলাপী গাল
সৰগৰ পৰা জোনৰ কিৰণে
নামি কানে কানে বাতৰি কব,
মৃদু মলয়াৰ মধু পৰশত
তাপিত পৰাণ শীতল হব।
কৰিছিলোঁ আশা জীৱনত মোৰ
ইবাৰ মৰমে মাৰিব হাঁহি,
হিয়াৰ ফুলনি উজলাই পুনু
ফুলিব চেনেহ কুসুম পাহি।
কোনে জানিছিল মনেপতা কথা
মনৰ মাজতে মৰহি যায়,
সপোনত দেখা ৰতন ৰাশিক
দিঠকত জানো কোনোৱে পায়?
দূৰৰ পোহৰ দেখি এচমকা
তুমি হঠাতেই আতঁৰি গ'লা,
চেনেহৰ বান্ধ সোলোকাই মোক
ফুলনি মাজত অকলে থলা।
নামিল ডাৱৰ লুকাল পোহৰ
ঢাকিলে ফুলনি আন্ধাৰে ঘোৰ,
প্ৰেমৰ নিজৰা নিজে শুকোৱাই
জীৱনক মৰু কৰিলা মোৰ।
কঠোৰ বিধিৰ ক্ৰৰ পৰিহাস
মোৰ জীৱনত সফল হ'ল,
সুখৰ সপোন কেনি আতঁৰিল
কায়াহীন মাথোঁ ছাঁয়াটি ৰ'ল।
( ৫ )
তোমাৰ চকুৰ চেনেহী চাৱনে
পাতে পৰাণত মায়াৰ জাল,
প্ৰেমৰ পৰশে কপাঁই হিয়াক
আৱৰি ধৰে যেন অনন্ত কাল।
খন্তেক উজলি বিজুলীৰ হাঁহি
নিমিষতে যেন নোহোৱা হয়,
জীৱন পুৱাতে সন্ধিয়া নমাই
তোমাৰ হাঁহিটি দূৰতে লয়।
হিয়া ভৰা প্ৰেম যাঁচি যেতিয়াও
নেপালোঁ তোমাৰ হিয়াৰ দান,
মিছাকৈয়ে কিয় মৰমৰ ফাঁকি
নেলাগে মাৰিব মোহিনী বাণ।
নিঠুৰ আঘাত সহিব নোৱাৰি
চকুৰ পানীৰে আঁতৰি গলোঁ,
অকলশৰীয়া জীৱনৰ বাট
নিজে আজি মই বিচাৰি ললোঁ।
( ৬ )
আপোন পাহৰা অলকা পুৰীত
গালেও আকুল প্ৰেমৰ গান,
দুখৰ ছৱিটি উঠি লগে লগে
তোলাই হিয়াত কৰুণ তান।
জীৱন-বীণত যাৰ কাৰণেই
ধৰোঁ যিটি সুৰ বিফল হয়,
সুদূৰ আশাৰ ছঁয়াময়া ছবি
নিৰাশা আন্ধাৰে আৱৰি লয়।
মাধৱী নিশাত মিছাকৈয়ে মোৰ
কৰিলা পৰাণ চেনেহে পূৰ,
বিষাদ বাঁহীটি তুলি দি মুখত
আঁতৰি যোগালা দুখৰ সুৰ।
লগৰী হেৰাই চকুৰ পানীৰে
বহি নিৰলাত কটাম কাল,
মোৰ কান্দোনত কোন বিৰহীয়ে
চকুলো সৰাই তিয়াব গাল।
( ৭ )
তোমাৰ নিঠুৰ তপত নিশাহে
মোৰ অন্তৰক পেলালে জঁয়,
হিয়া ভেদি উঠে কৰুণ কান্দোন
আশাৰ জেউতি আঁতৰি ৰয়।
কিয় আহিছিলোঁ এই ধৰালই
মিছা ধেমালিতে জীৱন গ'ল,
ধাননিত মাথোঁ শুকান নৰাৰ
দুখৰ পেঁপাটি বজোৱা হ'ল।
তুমি বহি বহি ভাবিছা মনত
বজাওঁ কিয়নো বলিয়া সুৰ,
মিছা সপোনৰ লৰি পিছে পিছে
দুখেৰে জীৱন কৰিলোঁ পূৰ।
নহয় সপোন তুমিয়ে কাৰণ
তুলিছা তুমিয়ে বিননি গীত,
জানিছোঁ যদিও মোৰ ই সুৰত
নপমে তোমাৰ নিঠুৰ চিত।
তোমাৰ কাৰণে গোটেই ৰাতিটি
ফুলৰ চাকিটি হাতত ল'ই,
চকুৰ পানীৰে তোমাৰ আশাতে
বহি অকলই আছিলোঁ মই।
তোমাৰ কাষত পুৱা পোহৰত
দুখৰ নিশাৰ পৰিলে ওৰ,
সপোন দেৱীয়ে বাতৰি বিলালে
জীৱন ব্যৰ্থ কৰিলা মোৰ।
আকাশত আজি বিজুলী চমকে
জিলিকে জীৱন মৰণ-খেলা,
কঠোৰে কোমলে দুয়োটি মিলাই
পাতিছোঁ প্ৰেমৰ মোহন মেলা।
হিয়াৰ মাজত বোৱাই বেগেৰে
উথলা তপত তেজৰ ধাৰ,
বিদায় বেলাত দিলোঁ সখা মোৰ
ব্যৰ্থ জীৱনৰ ৰাঙলী হাৰ।
( ৮ )
আন্ধাৰ বাটত অকলে অকলে
প্ৰিয় বিৰহত আকুল হই,
বিচাৰি ফুৰিছোঁ ক'ত তুমি মোৰ
বেথাৰ বেদনা বুকুত ল'ই।
থাকোঁতে কাষত কিয়নো তোমাক
নললোঁ আদৰ চেনেহ কৰি,
কিনো অভিমানে হিয়া আৱৰিলে
কিনো ভুলে নিলে পোহৰ হৰি।
বাৰিষা নামিল নীৰস ধৰণী
সজল ধাৰাৰে সৰস হ'ল,
তাপত মোলান প্ৰকৃতি বুকুৰ
বিষাদ কালিমা আঁতৰি গ'ল।
নীৰৱে গোপনে চকুৰ পানীৰে
কোনে চেনেহৰে সাৱটি ধৰি,
তাপিত হিয়াক কৰিলে শীতল
মিছা মায়াজাল আঁতৰ কৰি।
কলে কানে কানে আন্ধাৰ বাটত
আছিলোঁ তোমাৰ কাষতে ৰ’ই,
পাছে পাছে মই ফুৰিছোঁ সদায়
কায়াৰ লগতে ছাঁয়াটি হই।
ভুলতেই তুমি উলতি নেচালো
মিছাতে দূৰলৈ মেলিলা হাত,
মোক আঁতৰাই নিজৰ দোষতে
নিজৰ শৰীৰ কৰিলা পাত।
মধুৰ কণ্ঠৰ চেনেহী বাণীয়ে
কৰিলে হিয়াৰ ক্লান্তি দূৰ,
দীঘল ৰাতিৰ আন্ধাৰ আঁতৰি
বাজিলে পুৱাৰ প্ৰভাতী সুৰ।
প্ৰিয়তম মোৰ তোমাৰ লগতে
ললোঁ জীৱনৰ নতুন পথ,
চিৰ মিলনৰ পুৱা কিৰণত
চলোৱা অজেয় প্ৰেমৰ ৰথ।
( ৯ )
ধুনীয়া তোমাৰ মুখৰ জেউতি
জগতত আজি উজলি পৰে,
তোমাৰ কোমল চৰণ পৰশে
বাটৰ ধূলিকো উজল কৰে।
যোৱাৰ বাটেদি মালতীৰ মালা
আনি কোনোৱেও ধৰাহি নাই,
তেওঁ কিয় সখা তোমাৰ চৌপাশে
মধুৰ সুবাস বিয়পি যায়।
কাৰ আশাতেনো আজি মূৰতেই
ক'লা চুলিটাৰ মেলাতে ৰ'ল,
কাৰ কাৰণেনো চকুৰ চাৱনে
সপোনৰ মেলা পাতি দি গ'ল।
টোপনিত এই অসাৰ জগত
আছোঁ উজাগৰে অকলে ৰই,
সোনৰ ৰূপৰ চুমাৰ কাঠিৰে
মায়া জাল কোনে ভাঙিব অ'ই।
কিহৰ সপোনে গোটেই জীৱন
এনুৱা বিফল কৰিলে মোৰ,
কুঁহিপাত ফুল কেনি আঁতৰিলে
বসন্তৰ দেখোঁ পৰিলে ওৰ।
ফুলৰ মালাৰে জেউতি চৰাই
আজি তেওঁলোক কেনিবা গ'ল,
পাহি সৰি যোৱা ফুলেৰে হিয়াৰ
শূন্য ফুলনি পূৰ্ণ হ'ল।
মুখৰ কথাৰে মোহত কোনোৱে
হিয়াত সাৱটি নধৰে আহি,
যিটি ফুলে আজি শুবাস বিলালে
কালিলই সি যে নেমেলে পাহি।
এই কথা ষাৰি সাৱটি মনতে
দুখতে ভাগৰা জীৱন লই,
নিজান বনৰ এচুকে নিৰলে
নিজৰ সংসাৰ পাতিছোঁ মই।
বাহিৰৰ যত মিছা কোলাহল
নিৰলা চুকৰ শান্তিৰ বাণী,
জীৱনত পোৱা সুখৰ দুখৰ
মিঠাৰ তিতাৰ সোৱাদ আনি।
সামৰি সকলো এদালি সুতাৰে
গাথিছোঁ এধাৰি অপূৰ্ব্ব হাৰ,
নিতে নিতে এটি পাহি সৰি যায়
লগতে আয়ুস ঢুকায় তাৰ।
ধূলিৰ দেহাটি ধূলিৰ মাজত
আপোনা-আপুনি মিহলি হব,
শত বৰষৰ বতাহৰ পাছে
জগতত মোৰ কি চিন ৰ'ব?
কিন্তু যিদিনাই সেই বতাহেই
তোমাৰ সুবাস বিলাব আহি,
শত বৰষৰ ধূলিত হেৰোৱা
জীৱন কুসুমে মেলিব পাহি।
কোন সুদূৰৰ অচিন আলহী
কেতিয়া আহিবা নেজানো মই,
অজান দেশৰ নজনা বাটেদি
নিবা কেতিয়ানো লগত লই।
ভঙা পঁজাটিত বিষাদ ডাৱৰে
ঢাকিলে গোটেই আন্ধাৰ ৰাতি,
তোমাৰ হিয়াৰ চেনেহী পৰশে
উজলাব মোৰ হেৰোৱা বাতি।
শোকৰ শিকলি নিলা আঁতৰাই
জীৱন মৰুত বোৱালা বান,
সকলোটি কাঢ়ি দিলা সকলোটি
তোলালা হিয়াত মধুৰ তান।
কৰিলা নতুন পথৰ পথিক
নতুন পোহৰ আগত ধৰি,
আকাশী অমিয়া নমাই আনিলা
মৰু জীৱনক অমৰ কৰি।
( ১০ )
মহা গায়কৰ বাঁহীৰ সুৰত
কবিৰ প্ৰাণত কঁপিলে সুৰ,
মন্দাকিনীৰ স্নিগ্ধ ধাৰাই
জীৱন শ্ৰান্তি কৰিলে দূৰ।
অন্ত
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )