মিত্ৰ-লাভ
প্রথম কথা
মিত্র-লাভ।
শ্ৰীমহেশ্বৰ বৰুৱা।
প্রথম কথা
মিত্র-লাভ
(সচিত্র)
সংস্কৃত হিতোপদেশৰ প্ৰথম কথা
মিত্ৰ-লাভৰ ভাঙ্গনী।
শ্ৰীমহেশ্বৰ বৰুৱাৰ দ্বাৰা
প্রণীত আৰু প্ৰকাশিত ।
আসাম ষ্টোৰ ডিব্ৰুগড় বজাৰ ৷
প্রথম তাঙ্গৰণ ৷
৬নং কলেজ-স্কোয়াৰ সাম্য-প্রেসে
সেখ আবদুল লতিফ দ্বাৰা
মুদ্রিত ৷
বেচ— আধলি ।
পাতনি।
হিতোপদেশ অতি পুৰণি-কলীয়া পুথি ; তথাপি এই পুথিৰ মোল আজিলৈকে হেৰোৱা নাই। যিমান পুৰণি হৈ আহিছে এই পুথিৰ মোল আৰু আদৰ সিমান বাঢ়ি আহিছে। কেৱল আমাৰ দেশতেই যে এই পুথিৰ আদৰ সিও নহয় ; য়ুৰোপ আমেৰিকা প্ৰভৃতি মহাদেশ সুসভ্য জাতি সকলেও তেঁওবিলাকৰ নিজ নিজ ভাষাত অনুবাদ কৰি লৈ এই পুথিৰ গৌৰব বঢ়াইছে। আচীয়া মহাদেশৰ চীন, জাপান, আৰব আৰু পাৰ্চি প্রভৃতি জাতিয়েও এই পুথিৰ ভাঙ্গনী কৰি লৈছে। ইফালে সিফালে গৈ এই পুথিৰ অনেক আখ্যান আৰু নীতি-বচন অসভ্য জাতি বিলাকৰ ভিতৰতো চলিত হৈ আহিছে। তদুপৰি ভাৰতবৰ্ষৰ সকলো চলিত ভাষাতেই হিতোপদেশেৰ ভাঙ্গনী আছে। পৃথিবীৰ সকলো দেশত এই পুথিৰ আদৰ দেখি ইয়াৰ ভাঙ্গনী এডুখৰি অসমীয়া পুথিৰ ভঁৰালত পেলাই থবৰ বাসনা কৰি প্ৰথমে মিত্র-লাভ ভাগ প্ৰকাশ কৰা হঁল। শেষ তিনি ভাগ ক্রমে প্ৰকাশ কৰাৰ ইচ্ছা থাকিল।
সংস্কৃত ভাষাত যিমান-বিলাক পুথি আছে সকলোবিলাকৰ ভিতৰত হিতোপদেশেই সহজ আৰু সৰল। যি বিলাকে সংস্কৃত পঢ়িবলৈ আৰম্ভ কৰে তেঁওঁ বিলাকৰ পক্ষে ইয়াতকৈ সহজ পুথি নাই। এই কাৰণে ভাৰতবৰ্ষৰ সকলো পঢ়াশালিতেই এই পুথিৰ পৰা বাছি কোনো কোনো অংশ লৰাক পঢ়িবলৈ দিয়া হয়; তাৰ পৰা লৰা বিলাকৰ সংস্কৃত ভাষা শিক্ষাৰ সহায় হয়, সঁচা ; কিন্তু সাৱশেষ পুথিখনি পঢ়াৰ কি গুণ তেঁও বিলাকে নেপায় । এই পুথিত ৰাজ-নীতি, অর্থনীতি, ধৰ্ম্ম-নীতি আৰু সমাজ-নীতিৰ সাৰুৱা উপদেশ বিলাক অনেক শাস্ত্ৰৰ পৰা বাচি আনি একে ঠাই কৰি গোটাই থোৱা আছে। ধনী, দৰিদ্ৰ, পণ্ডিত, মূৰ্খ, লৰা, বুঢ়া সকলোৱেই এই পুথি পঢ়া উচিত; তাত সকলোৰে উপকাৰ আছে। সজ জ্ঞান, সজ নীতি আৰু সজ কথাৰ চহকী হবলৈ যি সকলে ইচ্ছা কৰে সেই সকলে এই পুথিৰ পৰা অনেক সহায় পাব। আৰু যি সকলে সংস্কৃত পঢ়া নাই তেও বিলাকৰ নিমিত্তে আমি অতি সহজ ঘৰুৱা কথাৰে ভাঙ্গি এই পুথি প্ৰকাশ কৰিলো।
যি জন মহা পণ্ডিতে এই পুথি ৰচনা কৰিছিল তেঁও ভাৰতবৰ্ষৰ কোন প্ৰদেশৰ মানুহ, বৰ্ত্তমান কালত তাৰ নিৰ্ণয় কৰা আমাৰ পক্ষে অসাধ্য। পঞ্চতন্ত্ৰ আৰু হিতোপদেশ, এই দুইখন একে শ্ৰেণীৰ পুথি, আৰু বিষ্ণুশৰ্ম্মা নামৰ এজন পণ্ডিতেই এই পুথি দুখন লিখিছিল বুলি আমি শুনি আহিছোঁ। কিন্তু, পুথি দুখনৰ লিখাৰ ভঙ্গি ৰিজাই চালে, একেজন পণ্ডিতে লিখা বুলি অনুমান কৰিব নোৱাৰি। পঞ্চতন্ত্ৰৰ কথা-মুখ আৰু হিতোপদেশৰ প্ৰস্তাবিকা পঢ়িলে বুজিৱ পাৰি যে পঞ্চ-তন্ত্ৰৰ লিখক বিষ্ণুশৰ্ম্মা দাক্ষিণাত্যবাসী পণ্ডিত আছিল। তেঁও মহিলা-ৰোপ্য নামক নগৰত সেই দেশৰ ৰজা অমৰ-শক্তিৰ লৰা পঢ়াবৰ নিমিত্তে পঞ্চতন্ত্ৰ ৰচনা কৰিছিল। তেঁওৰ বয়স তেতিয়া ৮০ বছৰ। ইফালে হিতোপদেশৰ লিখক বিষ্ণু শৰ্ম্মাই কয় যে তেঁও আকৌ পাটলি-পুত্ৰ নগৰত সুদৰ্শন ৰজাৰ লৰা পঢ়াবৰ নিমিত্তে হিতো-পদেশ ৰচনা কৰে। দাক্ষিণাত্য-বাসী আশী বছৰীয়া বুঢ়া বিষ্ণু শৰ্মাই ইমান দূৰ পাটলি-পুত্ৰলৈ লৰা পঢ়াবলৈ অহা সম্ভব যেন বোধে নধৰে। এই দুইখন পুথিৰ ভিতৰত পঞ্চ-তন্ত্ৰ পুৰণি আৰু হিতোপদেশ তাৰ পাচত হৈছে সেই 'কথা হিতোপদেশেই কৈছে;—
“মিত্ৰলাভঃ সুহৃদভেদঃ বিগ্ৰহঃ সন্ধিৰেবচ
পঞ্চতন্ত্ৰাত্তথান্যস্যাদ্ গ্ৰন্থাদাকৃষ্য লিখ্যতে।”
এই পুথিৰ সম্বন্ধে মত।
I.
শ্ৰীযুত মহেশ্বৰ বৰুৱাৰ মিত্ৰ-লাভ বোলা পুথি খনি পঢ়ি মই বৰ সন্তোষ পালোঁ। ই সংস্কৃত হিতোপদেশৰ অসমীয়া ভাঙ্গনী, কিন্তু ভাঙ্গনী এনে সুৱলা হৈছে যে উপমা দিবলৈ অসমীয়াত ইয়াৰ জোৰৰ আন কোনো সংস্কৃত পুথিৰ ভাঙ্গনি এতিয়ালৈকে ওলোৱা নাই ৷ বৰুৱা ডাঙ্গৰীয়াই সংস্কৃতৰ প্ৰতি কথাকে অসমীয়া কৰিছে, তেও গোটেই শ্লোকটো আচল অসমীয়া ফকৰা যেন হৈছে ৷ মোৰ মনেৰে, চানক্যৰ আৰু মূল হিতোপদেশৰ শ্লোক বিলাক যেনেকৈ মানুহে যোজনা স্বৰূপে কথাই পতি গায়, সেই দৰে বৰুৱা ডাঙ্গৰীয়াৰ অসমীয়া শ্লোক বিলাককো কালত গই আমাৰ মানুহে ফকৰা স্বৰূপে গাব। পুথিখনত আদবঙ্গলুৱা বা আদবাঙ্গী ধৰণৰ কোনো কথা পাবলৈ নাই। বৰুৱা ডাঙ্গৰীয়াই পশু পক্ষীৰ সংস্কৃত নামবোৰ এৰি তাৰ সলনি সুন্দৰ অসমীয়া নাম গঢ়ি ব্যৱহাৰ কৰিছে। নকৈ গঢ়া নামবোৰৰ পৰা পুথিখন একেবাৰে জাত অসমীয়া হৈছে। আন কি হিতোপদেশ নপঢ়া মানুহে বৰুৱাৰ মিত্রলাভ পঢ়ি, ই যে আন কিবা পুথিৰ ভাঙ্গনী, এনে কথা কব নোৱাৰিব। পুথিৰ শুৱলা ভাষালৈ আৰু গভীৰ উপদেশলৈ চাই আশা কৰিব পাৰি যে সাধাৰণ ৰাইজেতো ইয়াক আগ্ৰহেৰে আদৰি লবই, তদুপৰি স্কুল পঢ়াশালিটো ই সোনকালে ঠাই পাব।
(Sd) শ্রীসত্যনাথ বৰা।
II.
হিতোপদেশৰ মিত্ৰ-লাভ খণ্ডৰ অসমীয়া ভাঙ্গনী বৰ সুৱলা হৈছে ৷ কঠিন সংস্কৃত পদ্যৰ ভাঙ্গনী মূলৰ ভাব ঠিক ৰাখি সহজ সুৱলা অসমীয়া ভাষাত যে আপুনি পদ্যতে কৰিছে এইটি আপোনাৰ বিশেষত্ব শলাগিব লগীয়া । লৰা ছোৱালীৰ নীতি-শিক্ষাৰ বিষয়ৰ এনেকুৱা যিমান পুথি আমাৰ ভাষাত ওলায় আমাৰ সিমান মঙ্গল । আপোনাৰ উদ্যম আৰু পৰিশ্ৰম শলাগিব লগীয়া।
(Sd) শ্ৰীৰজনীকান্ত বৰদলৈ।
III.
A really good moral class Book in Assamese has long been a desideratum in our Primary Schools, Apart from the benefit which Assamese children would derive if such a book is incorporated in the school curriculum, it will be very suitable to be included in the list of Prize books as well. Siijut Maheswar Borooah," Pensioner, formerly a teacher in the Dibrugarh Government High School, has brought out an Assamese moral class Book or "Hitopodesh." I have gone through portions of it in manuscript and have no hesitation in saying that it is all what can be expected from the author who is one of the recognised writers of Assam. It is a practical work and its language can safely be said to be standard Assamese divested of Sanskritised words which some writers are in the habit of purposely using in their works at the sacrifice of appropriate Assamese terms of which there is no dearth. I strongly recommend that our Education Department will make, this Assamese Hitopodesh a text book in the schools.
Sdj. RADHANATH CHANGKAKOTI.
Editor, “Times of Assam.”
প্ৰথম কথা।
মিত্ৰ-লাভ।
মঙ্গলাচৰণ।
জাহ্নবীৰ সুবিমল ফেন-ৰেখা প্ৰায়,
শশি কলা আছে যাৰ শিৰ শোভা পায়;
কৃপাৰ গুণত সেই জঁটীয়া শিবৰ,
হওক সাধুৰ সিদ্ধি বাসনা মনৰ। ১
প্ৰস্তাবিকা।
সজ কথা পূৰ্ণ এই গ্ৰন্থ বিতোপন,
পঢ়িলে শুনিলে হয় জ্ঞানত নিপুণ;
নীতি বিদ্যা লভি হয় কথাত চতুৰ,
সকলো কাৰ্য্যত বুদ্ধি খেলায় প্ৰচুৰ।২
প্রাজ্ঞ জনে কৰে ধন, জ্ঞান উপার্জ্জন,
অজৰ, অমৰ ভাবি নিজৰ জীৱন ;
চুলি ধৰি আছে জানি মৃত্যুৱে সততে,
আচৰি পৰম ধৰ্ম্ম জীৱন প্ৰবৰ্ত্তে । ৩
নুঢুকায় বিদ্যাধন আৰু নেহেৰায়,
বেচ দিও পোৱা তাক কাৰো সাধ্য নাই ;
এতেকতে যত দ্রব্য আছে পৃথিবীত,
সকলোৰে শ্রেষ্ঠ বিদ্যা জানিবা নিশ্চিত । ৪
অতি সৰু নইখনি মাটিয়ে বগাই,
তেও মহা সমুদ্ৰত পৰি মিল যায় ;
সেই দৰে অধমেও বিদ্যালাভ কৰি,
ৰজাৰ চ'ৰাত বহে যশে মানে ভৰি। ৫
বিদ্যাই বিনয়ী কৰে, বিনয়ে পাত্ৰতা,
বিনয়ৰ পৰা ধন, ধনে ধাৰ্ম্মিকতা ;
ধৰ্ম্মত ওপজে সুখ সন্তোষ মনৰ,
বিদ্যাই হইছে মূল সকলো গুণৰ ॥৬
দুই বিদ্যা,—-শস্ত্র, শাস্ত্ৰ খ্যাতিৰ কাৰণ,
বুঢ়াৰ হাতত অস্ত্ৰ নহয় শোভন ;
ধৰি অস্ত্ৰ বৃদ্ধ লোকে উপহাস পায়,
শাস্ত্ৰৰ আদৰ কিন্তু হয় সর্ব্বদায়।৭
কোমল লৰাৰ মন কেঁচা ভাণ্ড প্রায়,
দিলে ৰেখ বহি ৰয় ; কদাপি নেযায় ;
তদ্রূপ মনৰ যোগ্য পাই উপদেশ,
কথাৰ চলতে আনি লেখিলোঁ বিশেষ।৮
মিত্ৰ লাভ, মিত্র-ভেদ আৰু বিগ্ৰহৰ,
শেষত সন্ধিৰ কথা অতি মনোহৰ ;
লেখি এই চাৰি পুথি চাৰি বিষয়ৰ,
প্ৰকাশ কৰিলোঁ শাস্ত্ৰ আলচি বিস্তৰ॥৯
ভাগীৰথী নৈৰ পাৰত পাটলি-পুত্ৰ নামৰ এখন নগৰ আছে ৷ সেই নগৰত ৰাজ-যোগ্য সর্ব গুণান্বিত এজনা ৰজা আছিল। তেঁওৰ নাম সুদৰ্শন । তেঁওকোনে৷ এসময়ত কোনো লোকৰ মুখৰ পৰা এই শ্লোক দুটা শুনি পাইছিল ;
১।সকলো সংশয়,
শাস্ত্রেহে গুচায়,
জানা শাস্ত্ৰ চকু সমস্ত লোকৰ;
নেদেখা বিষয়,
মুৰুখে নেপায়,
কণা হুই ফুৰে থাকি চকু যোৰ।১০
২।ডেকা তেজ, অবুজন,
শক্তিমন্ত, ধনবান,
একো একো এইগুণ অনৰ্থৰ হেতু;
চাৰিও মিলিছে য’ত,
নকৰিছে কিবা ত’ত,
অপায় বিঘিনি তাত মেলিছে বা কতো? ১১
ৰজাই যেতিয়া এই শ্লোক দুটা শুনিলে তেতিয়া তেঁওৰ আপঢ়ুৱা, আসুৰি-মতীয়া আৰু মূৰে বাট বুলি ফুৰা লৰা কেইটাৰ কথা মনত কৰি বৰ চিন্তাযুক্ত হৈ এই দৰে ভাবিবলৈ ধৰিলে;—
অধৰ্মী মূৰ্খ পুত্ৰ নোহোৱাই ভাল,
কণা চকু লই মাত্ৰ গাৰ আহুকাল।১২
মূৰ্খ, মৰা, নোপজাৰ ভাল শেষ দুই,[১]
মুৰ্খ পুত্ৰে দিয়ে কিন্তু পদে পদে জুই।১৩
সাৰ্থক জনম তাৰ জনমত যাৰ,
বংশৰ উদ্গতি হয় বিবিধ প্ৰকাৰ;
ঘুৰি ঘূৰি আহি প্ৰাণী নতু জগতত,
চামে চামে জন্ম দিয়ে মাত্ৰ অবাবত।১৪
গুণীৰ লেখত যাৰ নপৰিব নাম,
মিছা পুত্ৰ জানা তাক, নাই তাৰ কাম;
তেনে পুত্ৰ ওপজাই মাতৃ নাম পালে,
জগতত বাঁজী তিৰী তেন্তে কাক বোলে? ১৫
দান, তপ, বিদ্যা, ধন আৰু সাহসত,
যি লৰাৰ নাই নাম এই জগতত ;
জননীৰ অপবিত্ৰ মল মূত্ৰ প্ৰায়,
নিৰৰ্থক জন্ম তাৰ জানিবা নিশ্চয় ।১৬
শত মূৰ্খ পুত্ৰ থাকি সাধে কোন কাম,
গুণী এক পুত্র হলে জিলিকায় নাম ;
একেটি জোনৰ ৰশ্মি আন্ধাৰ গুচায়,
জাক জাক তৰা কিন্তু শুদাতে ওলায় । ১৭
পবিত্ৰ তীৰ্থত ঘোৰ তপ আছে যাৰ,
ধনী মানী জ্ঞানী পুত্ৰ জন্ম হয় তাৰ ।১৮
নীৰোগ শৰীৰ আৰু অৰ্থৰ আগম,
মধুৰ ভাষিণী ভাৰ্য্যা আৰু প্ৰিয়তম ;
বশবৰ্ত্তী পুত্ৰ আৰু বিদ্যা অৰ্থকৰী,
এই ছয় সুখ ৰজা ! জানা নিষ্ঠ কৰি ॥১৯
পাচি ডুলি ভৰা তুঁহ পতানৰ প্ৰায়,
কোন নৰ ধন্য হয় বহু পুত্ৰ পাই ?
এক মাত্র পুত্রে যদি কুল পোহৰায়,
ধন্য সেই পুত্ৰ তাক ধৰিবা চপাই।২০
পিতা শত্রু হয় যদি ঋণে বান্ধি যায়,
মাতৃ শত্রু হয় যদি কলঙ্ক লগায়;
ৰূপৱতী হলে ভাৰ্য্যা তাই শত্রু হয়,
আৰু শত্ৰু মূৰ্খ পুত্ৰ জানিবা নিশ্চয়। ২১
অভ্যাস এৰিলে বিদ্যা দিনে যায় টুটি,
আভোকৰ ভাতে কৰে পেটৰো দুৰ্গতি ;
দৰিদ্ৰৰ জাক জাক বিহ পৰিয়াল,
বুঢ়াৰো গাভৰু তিৰী বিহৰ ভঁৰাল । ২২।
যি বংশতেই ওপজোক হলে গুণবান,
সকলোৱে কৰে তাৰ যথাৱত মান ;
হলেও জতুৱা বাঁহ ধেনুৰ চিকন,
গুণ গছ বিনা তাৰ কোন প্রয়োজন?২৩
বোপা হেৰ ! ৰাতি দিন শুদাতে কটালি,
আপোনাৰ মূৰ তই আপুনি চোবালি ;
কঁপে গৰু যেনে কৰি সোমালে বোকাত,
তোৰো গতি হব তেনে পণ্ডিত সভাত ২৪।
শৰীৰৰ ভয়, ভোক, টোপনি, মৈথুন,
সকলো প্ৰাণীৰ হয় সাধাৰণ গুণ ;
ধৰ্ম্মে মাত্ৰ কৰে পশু, মানুহৰ ভিন,
পশু তুল্য হয় নৰ হলে ধর্ম্মহীন। ২।
ধৰ্ম্ম অর্থ কাম মোক্ষ একো নাই যাৰ,
ছাগলী ডিঙ্গিৰ লতি প্ৰায়ে সি অসাৰ । ২৬
আৰু এই এটা কথাও মানুহে কয়, -
এই পাঁচ বস্তু, লই প্ৰাণীৰ জনম,—
আয়ু, ধন, বিদ্যা, মৃত্যু, আপোন কৰম !
হব লগা যিটো আছে অৱশ্যে ঘটিব,
মহা মহা দেৱতায়ো নোৱাৰে সাৰিব ;
হৰিৰ ভাগ্যত পালে সাপৰ শয়ন
কপালৰ গুণে থাকে হৰো বিৰসন। ২৮।
আন এঠাইত আকৌ এই এটা কথাও আছে;-
হব লাগে যিটে৷ তাৰ অন্যথা নহয়,
নহব লগীয়া যিটো নঘটে নিশ্চয়,
এই ভাবি লোকে কিয় চিত্ত৷ নুগুচায় ?
চিন্তা বিষ বিনাশৰ এয়েহে উপায় ।
দৈবে আনি দিব বুলি বহা কাম নাই,
নেচেপি তিলৰো তেল কদাপি নেপায়। ৩০
আৰু,—
উদ্যোগী লোকত কৰে লখিমী নিবাস,
দৈবক টোপালি কৰে সোৰোপাই আশ;
দৈব ঠেলি পুৰুষাৰ্থ কৰা সাৰোগত,
যত্নত নহলে সিদ্ধি কিবা দোষ তাত? ৩১।
যিমতে নচলে ৰথ চকা এটা লই,
পুৰুষাৰ্থ বিনা তেনে নচলে দৈবই। ৩২।
সি জন্মত কৰা কাম “দৈব” বুলি কয়,
সি হেতু কৰিবা যত্ন, নেথাকিবা শুই।
মাটিৰ চপৰা লই যেনে মন যায়,
সাজি লয় নানা বস্তু কুমাৰে গঢ়ায়;
সেইদৰে মানুহেও নিজ ইচ্ছা মতে,
যেনে কৰ্ম্ম কৰে তাৰ ফল তেনে ঘটে। ৩৪।
বাটৰ মাজত আছে হীৰাখনি পৰি,
দেখে যদি কোনোবাই ক্ষেণ অনুসৰি;
নিদিয়ে হাতত তাক দৈবে আনি তুলি,
পুৰুষাৰ্থ কৰি যদি নলয় বুটলি। ৩৫।
আলচি ৰাখিলে কাৰ্য্য কদাপি নহয়,
উদ্যমত মাত্ৰ সিদ্ধি জানিবা নিশ্চয়;
নেখেদি থাকিলে শুই সিংহেও বনত,
নোসোমায় পহু তাৰ কদাপি মুখত।৩৬
উপজি কেচুৱা লৰা থাকে অশিক্ষিত,
শিক্ষা দিলে পিতৃ মাতৃ তেহে সি পণ্ডিত।৩৭
ছেৱালত পিতৃ মাতৃ লৰা নপঢ়ায়,
সেই পিতৃ মাতৃ তাৰ শতুৰু নিশ্চয়;
হাঁহৰ মাজত যেনে বগলী চৰাই,
সভাৰ মাজত সেই পুত্ৰ নুশুৱায়।৩৮
শাস্ত্ৰ, গুৰু আৰাধি যি বিদ্যা পোৱা নাই
অসাৰ জীৱন তাৰ বিফলত যায়। ৩৯
ৰেহ ৰূপ লই যাৰ বিশুধ জনম,
মূৰ্খ হলে হয় সিও ফপুৱা কুসুম।৪০
ধুন-পেঁচ মাৰি মূৰ্খে সভা জিলিকায়,
কথা কলে কিন্তু তাৰ মূৰ্খতা ওলায়।৪১
ৰজাই এই বোৰ কথা মনত গুণি কিছুমান পণ্ডিত গোটাই এখন সভা পাতিলে! সেই সভাত ৰজাই পণ্ডিত সকলক কলে,—“দেউ সকল! মই কথা এষাৰ জনাঁও, আপোনালোকে কাণ কৰক! মোৰ লৰা কেইটাৰ শাস্ত্ৰ-জ্ঞান নহল; সিহঁতে আপঢ়ুৱা হৈ সদাই উদ্ভণ্ডালি কৰি ফুৰিছে। আপোনাসকলৰ ভিতৰত কোনো জনে সিহঁতক নীতি-জ্ঞান দি পুনৰ্জ্জন্ম দিব পাৰিব নে? কিয়নো;—
সোণৰ লগত কাচ হয় মৰকত,
মূৰুখো প্ৰবীণ হয় সাধুৰ সঙ্গত॥৪২
আৰু এই কথাও কোৱা শুনিছোঁ;
যেনে সঙ্গ কৰা বাপা! মতি হব তেনে,
সমানৰ সৈতে বুদ্ধি থাকিব সমানে;
হীন সঙ্গ কৰা যদি মতি হব হীন,
প্ৰবীণৰ সৈতে হব পাৰিবা প্ৰবীণ।”৪৩
সেই সময়ত সেই সভাত বৃহস্পতিৰ সমান সকলো নীতি শাস্ত্ৰৰ তত্ত্বজ্ঞ বিষ্ণু শৰ্ম্মা নামৰ এজনা পণ্ডিত আছিল। ৰজাৰ কথা শুনি সেই পণ্ডিতে কলে, – “স্বৰ্গদেৱ! ৰাজ কোৱঁৰ সকল মহৎ বংশত জন্ম ধৰিছে, এই নিমিত্তে মই তেওঁ বিলাকক নীতি শাস্ত্ৰৰ জ্ঞান দিবলৈ গাত ললোঁ। কিয়নো,
অপাত্ৰত কৰা যত্ন সফল নহয়,
ভাটৌৰ নিচিনা মাত বগলী নলয়।৪৪
নোপোজে নিৰ্গুণ পুত্ৰ ৰজাৰ বংশত,
নগজে কচোৱা মণি হীৰাৰ খাদত।৪৫
এই নিমিত্তে মই কৈছোঁ যে ৰাজ-কোঁৱৰ সকলক আজিৰ পৰা ছয় মাহৰ অন্তত নীতি শাস্ত্ৰত পণ্ডিত কৰি দিব পাৰিম।”
ৰজাই তেতিয়া আকৌ বৰ মিনতি কৰি কলে;—
“সৰু সৰু থাকে পোক ফুলৰ পাতত.
সিও উঠে ফুলে সতে সাধুৰ শিৰত;
শিলকো আপনা যদি কৰে মহাত্মাই,
দেৱতাৰ দৰে সিও পূজা সেৱা পায়।৪৬
উদয় গিৰিৰ ফালে যত দ্ৰব্য থাকে,
বেলিৰ পোহৰ পাই সকলো জিলিকে;
সাধুৰ সঙ্গত যদি থাকে হীন মতি,
চৰি উঠে তাৰো তেনে অপূৰ্ব্ব জেউতি।৪৭
গুণীৰ লগত হয় গুণৰ আদৰ,
নষ্ট হয় গুণ পালে লগ নিৰ্গুণৰ;
বিমল নদীৰ পানী সততে মধুৰ,
সাগৰত পৰি হয় আকটা কটুৰ। ১৪৮
ইতি প্রস্তাবিকা ।

দেখি ভাবিলে,—“পুৱাই আজি মোৰ অমঙ্গল মিলিল ; দিনটোলৈ আৰু বা কি অপায় অমঙ্গল আগত আছে তাকেহে জানিব পৰা নাই”। এই কথা ভাবি কাউৰীয়ে বৰ ব্যাকুল হৈ চৰাই-মৰীয়াটোৰ পাচে পাচে যাবলৈ ধৰিলে। বাটত যাঁওতে তাৰ মনত এই কথাটো খেলাইছিল, —
“বিপদৰ আছে ঠাই হেজাৰে হেজাৰে,
মূৰুখ পিছলে তাত পণ্ডিতেহে সাৰে।৫১
ইয়াৰ বাহিৰে ও সংসাৰী মানুহৰ এই এটা কৰিব লগীয়া কাম আছে,—
মৰণ, বিঘিনি, শোক কিবা ঘটে আজি,
পুৱা উঠি সাৰ পাই নিতেলব বুজি”। ৫২।
সেই চৰাই-মৰীয়া টোৱে অলপদূৰ গৈ এখন জাল পাতিলে। জালৰ চাৰিও ফালে চাউলৰ খুদ কিছুমান ছটিয়াই দি আঁৰত গৈ সি লুকাই থাকিল। অলপ পৰৰ পাচত ফুল-কোঁৱৰ নামেৰে কপৌৰ ৰজা এজন জাকে সৈতে সেই ফালে উৰি আহিল। ছটিয়াই থোৱা খুদবোৰ দেখি কপৌ চৰাইবোৰৰ খাবৰ মন গল। তেতিয়া ৰজাই সুধিলে, – “এই নিজান হাবিত আহি চাউলৰ খুদবোৰ কেনেকৈ পৰিল? ইয়াৰ এটা নিৰ্ণয় পৰি কৰিব লগীয়া হল, মই কিন্তু ভাল দেখা নাই। খুদৰ লোভত আমাৰো এই গতি হয় বুলিহে ভয় হৈছে;—
সোণৰ কঙ্কণ দেখি বাঘৰ হাতত,
নামিল পথুক আহি মহা পলসত;
পাচে বাঘে চল কৰি চাপি আহি কাষ,
অনায়াসে পথুকক কৰিলে বিনাশ”। ৫৩।
বুঢ়া বাঘ আৰু বাটৰুৱাৰ কথা।
॥১॥
এসময়ত মই দক্ষিণ-পৰীয়া হাবিত খুটি খাই ফুৰোঁতে এটা বুঢ়া বাঘ লগ পাইছিলোঁ। সি গা ধুই হাতত কুশবন কেইডালমান লৈ বিল এখনৰ পাৰত বহি আছিল। হে-ৰা বাটৰুৱা সকল! মই দান দিওঁ; মোৰ হাতৰ এই সোণৰ কঙ্কণ ডাল লৈ যোঁৱা হঁক”! এই বুলি সি যাকে তাকে ৰিঙ্গিয়াই মাতি আছিল। এনেতে সেই ফালে দি এটা বাটৰুৱা মানুহ আহিল। সি সোণৰ লোভ সামৰিব নোৱাৰি ভাবিলে, – “যাৰ ভাগ্য বৰ ভাল সিয়েহে এনে বস্তু পায়; কিন্তু যি স্থলত প্ৰাণৰ আশঙ্কা আছে, তেনেস্থলত হেঁপাহ কৰা যুগুত নহয়। কিয়নো,—
অনিষ্টত ইষ্ট লাভ গতি নহয় ভাল,
বিহ-ঢলা অমৃতেও মাতি আনে কাল। ৫৪।
কিন্তু ধন ঘটিবলৈ গলে সকলো ঠাইতে বিপদৰ আশঙ্কা আছে। পূৰ্ব্বেও এই কথা কোৱা আছে;
সঙ্কটৰ মাজে পায় সকলো সম্পদ
সুখ লাভ হয় যদি এৰাই সঙ্কট। ৫৫।
বাৰু, হওক; তেনে এই কথাৰ প্ৰমাণকেই চোৱা যাওক।” এই বুলি সি বাঘক ৰিঙ্গিয়াই সুধিলে;—“তোমাৰ কঙ্কণ ডাল ক’ত থৈছা?” তেতিয়া বাঘে তাৰ হাঁতোৰাটো দাঙ্গি দি দেখুৱাই কলে;—এইয়া, চোৱা”। তাকে চাই বাটৰুৱা মানুহ টোৱে আকৌ সুধিলে, “তুমি বৰ ঘৈয়াল; তোমাৰ নিচিনা ঘৈয়াল জন্তুক কেনেকৈ বিশ্বাস কৰিব পাৰি?” তেতিয়া বাঘে কলে,—“জানিছা বাটৰুৱা! মই তোমাক কঁও; শুনা! ডেকা কালত মই বৰ অঘাইত ঘৈয়াল আছিলোঁ, হয়, আৰু ভালেমান গৰু মানুহো মাৰি খাইছিলোঁ। সেই বোৰ মহা পাপৰ দোষত মোৰ লৰা তিৰোতা সকলো বোৰ মাৰি উচন হল, আৰু মই নিৰ্বংশ হলোঁ। তাৰ পাচত এজন মহন্তই পাই মোক দান ধৰ্ম্ম কৰিবলৈ উপদেশ দিলে। এতিয়া মই সেই মহন্তৰ উপদেশ পালি নিতৌ গা ধুই দান দক্ষিণা কৰোঁ। তদুপৰি মই এতিয়া বুঢ়া হলো; মোৰ দাঁত নখ সকলোবোৰ উৱলি গল। মোৰ বিশ্বাস পাবলৈ আৰু এতিয়া তোমাক কি লাগে? কিয়নো;—
আঁঠ বৰ্গ ধৰ্ম্ম পথ; তাৰ চাৰি এই;—
দান, ত্যাগ, পাঠ তপে—মদ ওপজায়;
সত্য, ধৃতি, ক্ষমা আৰু নিৰ্লোভ অন্তৰ,
এই চাৰি বৰ্গ থাকে গাত মহন্তৰ। ৫৬।
এতিয়া মোৰ সমূলি লোভ নাই; সেই নিমিত্তেহে মোৰ হাতত থকা কঙ্কণ ডালকো সোলোকাই যাকে তাকে যাচি দান দিবলৈ মন কৰিব পাৰিছোঁ! তথাপি “বাঘে মানুহ খায়” এই দুৰ্ণাম ৰটিবলৈ কেৱে এৰা নাই। কিয়নো,—
চলাচল বাট যিটো আছে পূৰ্ব্বাপৰ,
ভাল বেয়া কেৱে তাৰ নকৰে বিচাৰ;
বিপ্ৰ গো-বধী আৰু কুটনী তিৰোতাই,
কলে ও ধৰম-কথা কোনে পতিয়াই? ৫৭।
মই ধৰ্ম্ম শাস্ত্ৰও পঢ়িছোঁ; তাৰো কথা কঁও, শুনা!—
উখৰ৷ মাটিৰ তৃপ্তি যেনে বৰষুণ,
ক্ষুধিতৰো তেনে অন্ন তৃপ্তিৰ কাৰণ;
দৰিদ্ৰক দিলে দান, হে পাণ্ডু নন্দন!
বহু ফল আছে আৰু পুণ্য অগণন। ৫৮।
আপোনাৰ প্ৰাণ যেনে হয় মৰমৰ,
পৰকো তত্তুল্য ভাব কৰে সাধু নৰ। ৫৯।
কাক দিব লাগে দান কাকে বা নিদিবা,
কাৰ প্ৰতি ভাল কথা, কাক বেয়া কৰা;
কাক দিবা সুখ আৰু কাকে বা বেজাৰ,
আত্মতুল্য ৰূপে তাৰ কৰিবা বিচাৰ। ৬০।
পৰদাৰ দেখি যাৰ হয় মাতৃজ্ঞান,
পৰৰ ধনকো দেখে ধূলিৰ সমান;
আপোনাৰ তুল্য ভাবে সকলো সংসাৰ,
প্ৰকৃত পণ্ডিত তেঁও সকলোৰে সাৰ। ৬১।
দুখী চাই দিবা দান কুন্তিৰ নন্দন!
নিদিবা ধনীক তুমি কেতিয়াও ধন;
ঔষৰ ৰোগীক দিলে বিঘিনি গুচায়,
অৰোগত দিলে তাৰ সুফল নেপায়।
তদুপৰি,—
স্বাৰ্থৰ নেৰাখি ভাব মন শুধু কৰি,
দেশ কাল পাত্ৰ চাই সাধ্য অনুসৰি,
যিটো দান কৰা যায় কৰ্ত্তব্য বোধত,
তাকেহে সাত্বিক দান বুলিছে শাস্ত্ৰত। ৬৩
এতেকে তুমি এই বিলত গা ধুই আহি এই কঙ্কণ ডালি লোঁৱা।”
তাৰ পাচত বাঘৰ কথাত বিশ্বাস কৰি সেই বাটৰুৱা মানুহটোৱে গা ধুবলৈ যেই বিলত নামিল ঠাইতে সি মহা পঙ্কত পৰি উঠিব নোৱৰা হ’ল। বাঘে তাক বোকাত সোমাই লাগি ধৰা দেখি কলে, – “হায়! হায়! দেহি বৰ বোকাত সোমাল৷! বাৰু, ৰোৱাঁ; মই তোমাকে তুলি আনো।” এই কথা কৈ বাঘে বাটৰুৱাটোক ধৰিবলৈ লাহে লাহে আগ বাঢ়ি আহিল। তেতিয়া সি এই বোৰ কথা ভাবি মনত দুখ কৰিছিল;—
ঘৈয়ালৰ বেদ পাঠ নহয় কাৰণ,
ধৰ্ম্মশাস্ত্ৰ জ্ঞানে তাৰ নোলটায় মন;
স্বভাবেই আদিগুৰি সকলো বস্তুৰ,
গৰুৰো গাখীৰ কৰে স্বভাবে মধুৰ।৬৪
আৰু চোৱাঁ,—
নোৱাৰে বান্ধিব যেয়ে মনক দমাই,
সৰ্ব্ব কাৰ্য্য হয় তাৰ হস্তী-স্নান প্ৰায়;
এলাগী তিৰীৰ গাত যেনে অলঙ্কাৰ,
অনুষ্ঠান হীন জ্ঞান তাৰ তেনে ভাৰ।[২] ৬৫
মই এই মাৰাত্মক জন্তুটোক বিশ্বাস কৰি ভাল কাম নকৰিলোঁ। কিয়নো,
শিঙ্গাল, নখাল, তিৰী, নই, অস্ত্ৰ ধাৰী,
ই সবৰ আশ কেৱে নেপায় বিচাৰি;
ৰজাৰ বিষয়া কাৰো নে থাকে বশত,
বিশ্বাসৰ পাত্ৰ তাক ভবা অযুগুত। ৬৬
আৰু,—
চাই চিতি লব লাগে কাৰ কি স্বভাৱ
স্বভাৱেই সকলোকে কৰে পৰাভব;
স্বভাৱ মূৰত থাকে সকলোকে চেৰি,
সেই হেতু চাব লাগে স্বভাৱ বিচাৰি ।৬৭

আৰু এই এটাও কথাও আছে,—
বিমানত ফুৰে বিধু তৰা-জাক লই,
সহস্ৰ কিৰণ মেলি ধৰ পোহৰাই ;
তথাপি ৰাহুৱে ধৰি কৰেহি গ্ৰহণ,
নোৱাৰে এৰাব কেও বিধিৰ লিখন। ৬৮
এই প্ৰকাৰে ভাবি চিন্তি থাকোতেই বাঘে আহি বাটৰুৱাটোক ধৰি মাৰি খালে। এই কাৰণতহে মই কৈছিলোঁ যে, কঙ্কণৰ লোভত মৰা বাটৰুৱাটোৰ নিচিনা আমাৰো বা গতি হয়। এতেকে, ভাবি চিন্তি নোচোৱাকৈ কোনো কাম কৰা ভাল নহয়। কিয়নো,—
জীন যোৱা ভাত পুত্ৰ হয় গুণী,
বশৱতী ভাৰ্য্যা, ৰজাত খাটনি;
গুণি ভাবি কৰা বচন, কৰম,
থাকে দীৰ্ঘকাল নকৰি বিষম। ৬৯
এই কথা শুনি জাকৰ মাজৰ কপৌ এটাই একেচাবেই উঠি ডাংকোপ মাৰি কলে,—“এই! এই বোৰ কি কথা কৈছা? থৈ দিয়া! কিয়নো,—
“সকলো কাৰ্য্যত লবা বুঢ়াৰ বচন
ভোজন কালত মাত্ৰ কৰিবা বৰ্জ্জন।৭०
আৰু এটা কাৰণো এই, ―
ভাত পানী সকলোতে শঙ্কা আছে ভৰি,
অভিলাষ কৰা কত? জীয়া কেনে কৰি? ৭১
পূৰ্ব্বৰ এই এটা কথাও আছে,—
অসন্তোষীয়া, হিংম্বুক, শশঙ্ক অন্তৰ,
খঙ্গিয়াল হয় কিবা দয়ালু বিস্তৰ;
পৰৰ মূৰত খায় যি থাকে সদায়,
এই ছয় জনে সুখ কদাপি নেপায়।”৭২
বহু শাস্ত্ৰ পঢ়ি হয় পণ্ডিত দুৰ্জ্জয়,
ভেদি ভাঙ্গি দিব পাৰে পৰৰ সংশয়;
তথাপি যেতিয়া তেঁও পৰেহি লোভত।
নোৱাৰি সাৰিব নিজে মৰে নিকাৰত। ৭৩
আৰু চোৱা,—
লোভত ওপজে ক্ৰোধ, লোভতেই কাম,
লোভতেই মোহ, পাপ, মৃত্যু পৰিণাম।৭৪
সোণৰ হৰিণা ক’তো জগতত নাই।
তেও ৰামে খেদি তাক বনত সোমায়
বিপদৰ কালে যাক ধৰেহি মেৰাই,
সুবুদ্ধি হলেও তাৰ বুদ্ধি হৰি যায়।৭৫
তাৰ পাচত যেতিয়া এটাইবোৰ কপৌ জালত বান্ধ খাই পৰিল, তেতিয়া সিহঁতে যাৰ কথা শুনি নামি আহিছিল, সকলোৱেই সেই কপৌটোক গৰিহনা দিবলৈ ধৰিলে। কিয়নো,—
জাকৰ আগত যোৱা নহয় বিহিত,
সমফল সকলোৰে কাৰ্য্যৰ সিদ্ধিত;
কাৰ্য্যত বিঘিনি যদি কিবা ৰূপে হয়,
আগোৱাল জনে তাত গৰিহণা পায়।৭৬
বিপদৰ পথ হয় ইন্দ্ৰিয় সেবন,
সম্পদৰ পথ হয় ইন্দ্ৰিয় দমন;
সম্পদ বিপদ পথ আছে নিত্য কাল,
গতি কৰা সেই পথে যাক পোৱা ভাল।৭৭
এটাইবোৰ চৰাইয়ে সেই কপৌটোক গৰিহণা দিয়া দেখি ফুলকোঁৱৰে কলে;—“এঁওৰ দোষ নাই; তোমালোকে এঁওক নুদুষিবা। কিয়নো,—
আপদৰ কাল পায়,
হিতেও অহিতে যায়,
চোৱাঁ এই দৃষ্টান্তৰ স্থল;
নিজ মাতৃৰ জাং দুটি
বান্ধোনৰ হয় খুটি
গাই হয় থিতাতে অচল।(খ)৭৮[৩]
আৰু চোৱা,—
বিপদৰ পৰা যেয়ে আনে সৰুৱাই,
সি জন পৰম বন্ধু তোমাৰ সহায়;
আৰু যি কথাৰ মাত্ৰ কৰে চতুৰালি,
বুজিবা নিশ্চয় তাৰ মিছা মিতিৰালি।৭৯
লাগে। কিয়নো;—
বিপদত ধীৰ ভাব, ক্ষমা সম্পদত,
সভাত কথাৰ পটু, সাহসী ৰণত;
যশস্যাত অভিলাষ, হেঁপাহ শাস্ত্ৰত,
এই বোৰ গুণ থাকে মাত্ৰ মহন্তত। ৮০
সম্পদ বা বিপদতো যি থাকে নিৰ্বিকাৰ।
সমুখ সমৰতো যি নিৰ্ভয় অন্তৰ!
এনে জন গুণৱন্ত পুত্ৰ জগতত।
ওপজে নিচেই কম মাতৃৰ গৰ্ভত॥৮১
আৰু এটা কথাও মন কৰি চোৱাঁ;—
এলাহ, টোপনি, ভয়, কামত গহৰি,
খঙ্গাল স্বভাব আৰু তন্দ্ৰা সুখ কৰী;
এই ছয় দোষ তেঁও কৰিব বৰ্জ্জন,
যাৰ আছে সংসাৰত উন্নতিৰ মন।৮২
এতিয়া আমি ইয়াকে কৰোঁহক, আহা। আমি সকলোৱেই একে কথীয়া হৈ এই জালখন উৰাই লৈ যাঁও। কিয়নো;—
দুৰ্ব্বলেও সাধে কাম জাক-জুম পাতি,
পকালে তৃণেও বান্ধে বৰ বৰ হাতী।৮৩
দোষ নাই, সৰু হক আপোনাৰ জাতি,
তথাপি নেৰিবা তাক থাকা জুম পাতি;
চাউলৰ লগ এৰি তুঁহ যদি যায়,
নগজে চাউলো আৰু তুঁহো নিশিপায়।৮৪

ইয়াকে আলচি এটাইবোৰ চৰায়ে একে গোট হৈ জালখন লৈ উৰি গল। পাচত দূৰৈৰ পৰা চৰাই—মৰীয়াটোৱে সেই চৰাইবোৰক জাল-খন উৰুৱাই নিয়া দেখি সিও সিহঁতৰ পাচে পাচে এই কথা ভাবি খেদি গৈ আছিল;-
মিলি-জুলি কপৌ-টিলা জাল নিয়ে হৰি,
পৰক মাটিত আহি কলৈ যাব সাৰি? ৮৫
সেই চৰাইবোৰ গৈ যেতিয়া চকুৰ আঁৰ হল, তেতিয়া চৰাই-মৰীয়াটোৱে তাঁহাতক খেদিবলৈ ক্ষান্ত পালে। ব্যাধক ৰোৱা দেখি কপৌবোৰে ফুল কোঁৱৰক শুধিলে,— “এতিয়া আমি কি কৰোঁহক?”
ফুল কোঁৱৰে কলে;—
“পিতৃ, মাতৃ আৰু বন্ধু, এই তিনি জনে,
স্বভাবতে কৰে হিত কায় বাক্য মনে;
ই সকলৰ বাজে আছে আপ্ৰনী যিমান,
কোনে কাৰ স্বাৰ্থ এৰি দিয়ে হিত জ্ঞান?৮৬
এই কাৰণে এতিয়া আমি বৰ-পাখৰী হাবিলৈ যাঁও হঁক বলা। সেই হাবিত গৰলী নৈৰ পাৰত পতাল পুৰীয়া কোঁৱৰ নামেৰে এজন শলিয়াৰ ৰজা আছে; তেঁৱেইহে আমাৰ এই বান্ধ কুটি মোকলাই দিব পাৰিব।” এই কথা শুনি চৰাইবোৰে উৰি গৈ পতাল-পুৰীয়াৰ গাঁতৰ মুখত পৰিল।
সদাই অনিষ্ট আশঙ্কা কৰি পতাল-পুৰীয়াই তাৰ গাঁতৰ চাৰিও ফালে এশখন মান দুৱাৰ কৰি তাতে সি সোমাই থাকে। যেতিয়া পতাল-পুৰীয়াই চৰাইবোৰৰ পাখিৰ শব্দ শুনিলে সি তেতিয়া চক খাই নিটাল মাৰি ৰৈ আছিল। তেনেতে ফুলকোঁৱৰে মাত লগালে,—“সখি পতাল-পুৰীয়া! আমাক মাত নিদিয়া কিয়?” পতাল পুৰীয়াই ফুল-কোঁৱৰৰ মাত বুজি পাই বৰ সন্ত্ৰমেৰে ওলাই আহি কলে, – “আহা! আজি মোৰ কি পুণ্য! মোৰ সখি ফুল-কোঁৱৰ আহিল!
আলাপ, সম্ভাষা, স্থিতি মিত্ৰ সৈতে যাৰ,
তাত কৰি পুণ্য আছে সংসাৰত কাৰ?”৮৭
পতাল-পুৰীয়াই চৰাইবোৰক জুটিত লাগি অহা দেখি বিস্ময় হৈ কিছুপৰ তলকা মাৰি থাকি সুধিলে,—“সখি! এই বোৰ কি?” ফুল-কোঁৱৰে কলে,— “সখি! পুৰ্ব্বৰ জন্মত আমি ইয়াকেইহে সাধি আহিছিলোঁ। কিয়নো;—
যি কাৰণে, যি প্ৰকাৰে, য উপায়ে, য'ত,
যি পাপ পুণ্য কৰে যিমান যি খেনত;
সেই খেন, কাৰণ, প্ৰকাৰ, ঠাই চাই,
সেই পাপ পুণ্য ফল দিয়ে বিধতাই। ৮৮
ৰোগ, শোক, পৰিতাপ, কটা মৰা আদি,
তাকে মাত্ৰ পায় লোকে যেনে আহে সাধি।”৮৯
এই কথা শুনি শলিয়া ৰজাই লৰা লৰিকৈ ফুল-কোঁৱৰৰ ফান্দ কুটিবলৈ আগ বাঢ়ি আহিল। তেতিয়া ফুল-কোঁৱৰে শলিয়াক হাক দি কলে,— “নহয়, নহয়, সখি! এনে কাম নকৰিবা। প্ৰথমে তুমি মোৰ এই আশ্ৰিত চৰাই বোৰৰ জাল কুটি দিয়া; পাচত মোৰ ছিঙ্গিবা।” শলিয়াই কলে;—“মোৰ শক্তি নিচেই অলপ, দাঁতো কোমল; এটাইবোৰ চৰাইৰ ফান্দ কুটিব পৰা মোৰ শক্তি কত হব? যেতিয়ালৈকে মোৰ দাঁত ভাগি নপৰে তেতিয়ালৈকে তোমাৰ ফান্দকেই কুটি থাকোঁ। শক্তিৰে যিমান পাৰোঁ পাচত ইবোৰ চৰাইৰ জাল কুটিম।” কপৌৰ ৰজাই কলে,—“যথাৰ্থ কৈছা, ভাল; তেন্তে তাকেই কৰা। তথাপি শক্তিয়ে আঁটে মানে এই চৰাই বোৰৰ বান্ধ কূটি দিবা।” শলিয়া ৰজাই কলে, – “নিজে নতৰি পৰক তৰোৱাটো নীতিজ্ঞ পণ্ডিত সকলৰ মত নহয়। কিয়নো;—
আপদৰ অৰ্থে ধন কৰিব সঞ্চয়,
ভাৰ্য্যাৰ কাৰণে তাৰ ভগন যুৱায়;
ধন ভাৰ্য্যা সকলোকে কৰিব বৰ্জ্জন,
আত্ম ৰক্ষা হেতু যদি হয় প্ৰয়োজন।
আৰু,—
ধৰ্ম্মাৰ্থ কাম মোক্ষৰ জীৱনেই গুৰি,
জীৱন হেৰালে হয় সকলো আজৰি।” ৯১
ফুল-কোঁৱৰে কলে;– “হয়, সখি! নীতি শাস্ত্ৰতো ঠিক সেই কথাই আছে; তথাপি এই চৰাইবোৰে সৰ্ব্বপ্ৰকাৰে মোক আশ্ৰয় কৰে, সেই দেখি সিহঁতৰ দুখ দেখিলে মই কোনোমতে সহিব নোৱাৰোঁ। সেই দেখিহে মই তেনে কথা কৈছোঁ। কিয়নো,—
খন্তেকীয়া ধন প্ৰাণ,
জ্ঞানী জনে কৰে দান,
সিদ্ধি যদি হয় কিবা পৰ উপকাৰ
এদিন আয়ুস যাব,
ধনৰো ভগন হব।
সুকাৰ্য্যত ত্যজি কৰে সাৰ্থকতা তাৰ। ৯২
আৰু এটা ইয়াৰ বিশেষ কাৰণো এই;—
বল, শক্তি আদি কৰি জাতি, কুল, মান,
ইহঁতৰ সৈতে মোৰ সকলো সমান;
নানোঁ যদি ইহঁতক বিপদ উদ্ধৰি,
তেন্তে মোৰ ৰাজ্য-ভাৰ থাকে কেনে কৰি? ৯৩
আৰু,—
ধনে মাৰি লোৱা মোৰ নহয় বন্ধুৱা।
তথাপি ইহঁতে মোৰ খাটিছে লগুৱা;
সেই হেতু দিওঁ মই প্ৰাণকেই এৰি,
জীয়ক চৰাই বোৰ দিয়াঁ মুক্ত কৰি।
আৰু চোৱাঁ,—
মলমূত্ৰ পৰিপূৰ্ণ এই কলেবৰ,
অস্থি মাংস আছে আৰু ইয়াৰ ভিতৰ;
শৰীৰৰ গুণ যদি এনে ঘৃণাকৰ,
মুক্ত কৰি আশ্ৰিতক খ্যাতি ৰাখাঁ মোৰ। ৯৫
তদুপৰি; —
দুদিনীয়া মলিয়ন শৰীৰ সলাই,
লভিলে নিৰ্ম্মল খ্যাতি প্ৰাপ্তি কি নহয়? ৯৬
গুণ আৰু শৰীৰৰ অনেক অন্তৰ,
কল্পান্তৰ স্থায়ী গুণ, দেহা দুদিনৰ।” ৯৭
এই কথা শুনি পতাল-পুৰীয়াই মনত বৰ সন্তোষ আৰু ৰং পাই কলে; “ধন্য, সখি! ধন্য! বৰ সজ কথা! আশ্ৰিতৰ প্ৰতি তোমাৰ এনে চেনেহ থকাৰ বাবে ত্ৰিভুবনৰ ৰাজ-পাটৰ অধিকাৰী পাতিদিলেও তোমাক ৰজিব।” ইয়াকে কৈ পতাল পুৰীয়াই এটাই বোৰ চৰাইৰ বান্ধ কুটি মোকলাই দিলে। পাচত পতাল-পুৰীয়াই সকলোকে বৰ সুন্দৰ কৈ আদৰ সম্ভাষা কৰি ফুল-কোঁৱৰক কলে,– “তুমি জালত বান্ধ খোৱাৰ বাবে তোমাৰ গাত কিবা দোষে ছুলে বুলি চন্দুৱা পৰি নে থাকিবা।
কিয়নো; —
বহু বহু দূৰ উধি পক্ষী আকাশত,
তাৰপৰা দেখে টোপ মাতিৰ তলত;
কালে আহি চাপে তাৰ যেতিয়া ওচৰ,
নমনে সি ফান্দ গছো ভৰিৰ তলৰ। ৯৮
এই এটা কথাকো চোৱা;—
চন্দ্ৰ দিবাকৰে,
গ্ৰহ পীড়া পায়,
হাতী সাপ সিও
বন্ধন নেৰায়;
দেখি ধন হীন
মতি মন্ত জন
জানিলোঁ প্ৰৱল
বিধিৰ শাসন।৯৯
আৰু এটা কথাও এই;—
অতি ওখ আকাশেদি পক্ষী উৰি যায়,
তাতো তাক আপদে গৈ খেদি ধৰি পায়;
সমুদ্ৰৰ তলিচাত মাছ থাকে পৰি,
তাকো ডোমে ধৰি আনে জালেৰে আঁজুৰি;
আচল-বিচল, দূৰ আছে কোন ঠাই,
হাত মেলি কালে য’ত বিচাৰি নেপায়?”
পতাল পুৰীয়াই ফুল কোঁৱৰক এই দৰে বুজাই-বৰাই সুস্থিৰ কৰিলে আৰু তাৰ পাচত অতি সুন্দৰ কৈ আলহি সুধি চেনেহৰ আঁকোলা আঁকুলি কৰি, বিদায় দিলে। কুল-কোঁৱৰে ও জাকে জুমে লগ পাতি অভিষ্ট দেশলৈ উৰি গুচি গল। পতাল পুৰীয়াই গৈ আপোনাৰ গাঁতত সোমাই থাকিল। এতেকে :—
সৰু বৰ আছে প্ৰাণী হেজাৰে হেজাৰে,
মিত্ৰতা ৰাখিব লাগে সৈতে যাৰে তাৰে;
চোৱাঁ কেনে এন্দুৰে ও পৰম যতনে,
পক্ষীৰ কাটিলে বান্ধ মিত্ৰতাৰ গুণে। ১০১
পাখি লাহী কাউৰীয়ে কপৌ আৰু শলিয়াৰ সকলোবোৰ কথা আদিৰ পৰা অন্তলৈ দেখি শুনি বৰ আচৰিত মানিলে। তেতিয়া সি মাত লগাই কলে, – “ধন্য, পতাল-পুৰীয়া! তোমাক মই ধন্য বুলিছোঁ! সেই দেখি ময়ো তোমাৰে সৈতে মিত্ৰতা কৰিবৰ বাঞ্চা কৰিলোঁ; এতেকে তুমি মোৰে সৈতে মিত্ৰতা কৰিলে মই কৃতাৰ্থ হওঁ।” এই কথা শুনি পতাল-পুৰীয়াই গাঁতৰ ভিতৰৰ পৰা ওলাই নাহি তাৰ পৰাই মাত লগাই সুধিলে;— “তুমি কোন? কাউৰীয়ে কলে;—“মোৰ নাম পাখী-লাহী; মই কাউৰী।” পতাল-পুৰীয়াই হাঁহি কলে;— কোৱা কি? তোমাৰে সৈতে মোৰ মিত্ৰতা কেনেকৈ হব পাৰে?
কিয়নো;—
যাৰে সৈতে যাৰ জোৰা মিলে সংসাৰত,
জ্ঞানী জনে পাতে জোৰা তাৰেহে লগত,
তুমি মোক খোৱা, মই তোমাৰ আহাৰ,
মোৰে সৈতে মিত্ৰ তুমি কৰা কি প্ৰকাৰ?
আৰু এটা কথা চোঁৱা; —
ভক্ষ আৰু ভক্ষকৰ হলে মিলা প্ৰীতি,
নিশ্চয় জানিবা তাত ঘটে বিপত্তি;
শিয়ালেৰে প্ৰীতি কৰি পহু বান্ধ খালে,
কোৱাই প্ৰবন্ধ কৰি পাচে সৰুৱালে।” ১০৩
কাউৰীয়ে সুধিলে;—“কেনেকৈ?” পতাল-পুৰীয়াই; কলে :—
হৰিণা, শিয়াল আৰু কাউৰীৰ কথা
(২)
মগধ দেশত চঁপা-তলী নামেৰে এখন বৰ হাবি আছে। সেই হাবিত অনেক দিনৰ পৰা বৰ চেনেহ প্ৰীতিৰে সৈতে এটা কাউৰী আৰু এটা হৰিণা বাস কৰি আছিল। হৰিণাই মুকলি-মুৰে চৰি খাবলৈ পাই নোদোকো হৈ আন্দুলি পৰিছিল। এদিন শিয়াল এটাই তাক দেখি ভাবিলে; “হায়! হায়! এই পহুটোৰ সোৱাদ কোমল মঙ্গহ ফেৰা কেনেকৈ খাবলৈ পাঁও।” ইয়াকে গুণি সি লাহে কৈ হৰিণাৰ ওচৰ চাপি মাত লগালে;–“সখি! ভালে আছা?” হৰিণাই সুধিলে;- তুমি কোন? শিয়ালে কলে;— “মোৰ নাম পোণ-পটি; মই শিয়াল। এই হাবিত মোৰ কোনো বন্ধু নাই, গতিকে মৰা প্ৰায় হৈ ইয়াতে মই কোনো মতে প্ৰাণ কল্পি আছোঁ। এতিয়া তোমাৰ লগ পাই মোৰ মৰা দেহাত আকৌ ঘূৰি জীৱ আহিল। তোমাৰ লগুৱা হৈ থাকিবলৈকো মই ইচ্ছা কৰিছোঁ। ” হৰিণাই কলে;—“ভাল; তেনে তুমি যি কৈছা সেয়েই হওক; আমি দুয়ো আজিৰ পৰা সখি হলোঁ।” তাৰ পাচত দিনৰ অধিপতি দীপ্তিমন্ত ভগৱান সূৰ্য্য দেৱতাই যেতিয়া অস্ত গিৰিলৈ গতি কৰিলে তেতিয়া শিয়াল আৰু হৰিণা দুয়ো লগ লাগি হৰিণাৰ চোঙলৈ আহিল।
সেই ঠাইতে হৰিণাৰ চিৰ কলীয়া বন্ধু সুবোধ নামেৰে কাউৰী এটা চঁপা গছৰ ডালত বাহ লৈ আছিল। সি হৰিণা আৰু শিয়াল দুইকো একে লগে অহা দেখি সুধিলে;—“সখি! লগত অহা সিজন কোন? ” হৰিণাই কলে,–“এওঁ শিয়াল; আমাৰে সৈতে মিত্ৰতা কৰিবৰ মন কৰি এওঁ মোৰ লগত আহিছে।” তেতিয়া কাউৰীয়ে কলে,– “সখি। বাটে-পথে দৈবাৎ লগ পাই যাৰে তাৰে সৈতে মিত্ৰতা কৰা উচিত নহয়। পূৰ্ব্বৰ এই কথা কওঁ শুনা;—
ঠাই দিলে আভুৱাক ধৰে মন্দ গুণ,
বোন্দাই পোৱালি খালে মৰিল শগুণ।” ১০৪
হাৰিণা আৰু শিয়ালে সুধিলে,— “কেনেকৈ?” কাউৰীয়ে কলে;—
শগুণ, চৰাই আৰু বোন্দাৰ কথা।
( ৩ )
ভাগীৰথী নৈৰ পাৰত শগুণ-ঠুঁটি নামেৰে এটা পৰ্ব্বত আছে। সেই পৰ্বতৰ টিঙ্গত এজোপা বৰ ডাঙ্গৰ জৰি গছ আছিল; আৰু তাৰ ধোন্দত লঠৰা-লুকুমাই নামেৰে এটা বুঢ়া শগুণ বাস কৰি আছিল। দৈব দুৰ্ব্বিপাকত তাৰ নখবোৰ উৱলি গৈছিল আৰু সি চকুৰে ও মনিব নোৱাৰিছিল। সেই নিমিত্তে সেই গছত থকা এটাইবোৰ চৰায়ে মৰম কৰি সকলোৱেই নিজ নিজ টোপৰ পৰা কিছু কিছু আগলিকা ৰাখি তাক খাবলৈ দিছিল, আৰু তাৰ দ্বাৰাই তাৰ জীৱন ৰক্ষা হৈ আহিছিল। এদিন সেই গছত থকা চৰাই পোৱালিবোৰ খাবলৈ বৰকণা নামেৰে বোন্দা মেকুৰী এটা তালৈ আহিল। বোন্দাক অহা দেখি চৰাই পোৱালিবোৰে বৰকৈ ৰমলিয়াবলৈ ধৰিলে। সিহঁতৰ আৰাৱ শুনি লঠৰা লুকুমায়ে সুধিলে; —“হে-ৰ! সেইটো কোন আহিছ?” বৰ-কণাই লঠৰা-লুকুমাইক দেখি ভয় পাই কলে,—ভৈয়াই! এতিয়াহে মোৰ আধ্যা হল! বাৰু, চাঁও! ইয়াৰ এটা দিহা কৰোঁ। কিয়নো;—
বিপদক ভয় কৰা সমুচিত হয়,
যাবত বিপদ আহি সন্মুখ নহয়;
যেতিয়া দেখিবা ভয় পালেহি ওচৰ,
সাধা তাৰ প্ৰতিকাৰ নহবা কাতৰ। ১০৫
এতিয়া মই এই শগুণটোৰ ওচৰ চাপিলোঁ; মোৰ আৰু সাৰি যাবৰ উপায় নাই। বাৰু কপালত যি হব লগীয়া আছে হব, তথাপি মই ইয়াৰ সজাত লগাই ওচৰ চাপি লঁও। ইয়াকে আলচি বোন্দাই শগুণৰ ওচৰলৈ গৈ মাত লগালে,— "দেউতা ঈশ্বৰ! মই বন্দীয়ে সেৱা জনাইছোঁ৷” শগুণে সুধিলে;— “হে-ৰ! তই কোন?” বোন্দাই কলে;—“মই বোন্দা, বৰাগী।” “বোন্দা! হে-ৰ বোন্দা! কটা বন্দী, তই ইয়াৰ পৰা গুচ, দূৰ হৈ যা! নহলে তোৰ মই এতিয়াই বধক লম।” এই বুলি শগুণে বোন্দাক ডাবি দি উঠিল। বোন্দাই কলে,— “দেউতা! কাটক বা মাৰক, আগৈয়ে বন্দীৰ কথা এষাৰ শুনি লওক, যদি বধিব লগীয়া হঁও তেন্তে বধিব। কিয়নো;—
এজাতিৰ পূজা হয়, বধ সি জাতিৰ,
অনুচিত এনে বিধি কোনে কৰে স্থিৰ?
গতি গোত্ৰ আগে বুজি কৰিলে নিৰ্ণয়,
তেহে জানি কোন কাৰ বধ্য পূজ্য হয়।”১০৬
তেতিয়া বোন্দাক শগুণে সুধিলে, “তেন্তে, ক ছোন বাৰু, তই নো ইয়ালৈ কি সকামত আহিছিলি?” বোন্দাই কলে,—“মই গঙ্গা বাসী হৈছো আৰু নিতৌ নিতৌ নিৰামুহি খাওঁ; তদুপৰি মই বৰাগী হৈ চান্দ্ৰায়ণ ব্ৰত ধৰিছোঁ। চৰাই বোৰে আপোনাক বৰ ধৰ্ম্মৱন্ত, মৰমিয়াল, আৰু বিশ্বাসৰ পাত্ৰ বুলি মোৰ আগত আপোনাৰ কথা কৈ নিতৌ আপোনাৰ শলাগ লয়। আপোনাক বিদ্যা আৰু বয়সত প্ৰবীণ দেখি ধৰ্ম্মৰ কথা শুনিব মনেৰে মই আপোনাৰ ওচৰলৈ আহিছিলো। আপুনি দেখোন এনে ধৰ্ম্মিষ্ঠ যে মই আপোনাৰ আলহী, তথাপি আপুনি মোক বধিবলৈ একে চাবেই দাং খাই উঠিছে। শাস্ত্ৰতো গৃহস্থ ধৰ্ম্মৰ কথা এই দৰেইহে কৈছে;—
যদি শত্ৰু আহি কাৰো ঘৰত ওলায়,
সোধ-পোছ কৰি তাক কৰিব বিদায়;
গছেও নিজৰ ছা নিনিয়ে আঁতৰাই;
তাতে বহি যদি গুৰি কাটে কোনোৱাই।১০৭
যদিও দান দক্ষিণা কৰিবলৈ ঘৰত ধন-ধান নাই, তথাপি গৃহস্থই প্ৰীতি বাক্যেৰেই অতিথিৰ সেৱা সৎকাৰ কৰিব। কিয়নো;—
নহয় নাটনি এই চাৰিটি বস্তুৰ, —
মাটি, তৃণ, পানী আৰু বচন মধুৰ;
নহলে ও ধন ধান সন্ত গৃহস্থৰ,
তেও এই চাৰি বস্তু থাকে নিৰন্তৰ। ১০৮
আৰু;—
লৰা, বুঢ়া, ডেকা যেয়ে হয় অভ্যাগত,
আদৰিবা সকলোকে গুৰু স্বৰূপত। ১০৯
অপৰ, —
নিৰ্গুণৰো প্ৰতি দয়া হয় মহন্তৰ,
জোনেও পোহৰ কৰে বঁৰীয়াৰ ঘৰ। ১১০
আন এঠাইত আছে,
ঘুৰি যায় আলহী নেপাই সমিধান,
পুণ্য নিয়ে গৃহস্থৰ পাপ কৰি দান।
আহে যদি উত্তমৰ ঘৰত অধম,
তাকো লাগে সাদৰিব নেভাবি বিষম;
অতিথি দেৱতা তুল্য ভেদ একো নাই,
অতিথিয়ে পালে পূজা পায় দেৱতাই।” ১১২
শগুণে কলে; “মেকুৰী মঙ্গহ লুভীয়া জন্তু; এই গছত চৰাই-পোৱালিবোৰ আছে; সেই নিমিত্তে মই তোক তেনে কথা কৈছিলোঁ। এই কথা শুনি মেকুৰীয়ে মাটিত হাত লগাই আনি কাণ চুই কলে; “হৰি হৰি! আপুনি মোক এনে কথা কব পায় নে? মই ধৰ্ম্মশাস্ত্ৰ শুনিছোঁ; লোভ মোহ সকলোকে পৰিত্যাগ কৰি এতিয়া ব্ৰহ্মচাৰী হৈ কঠোৰ চান্দ্ৰায়ণ ব্ৰত ধৰিছোঁ। ধৰ্ম্ম শাস্ত্ৰ বিলাকৰ মত আন বোৰ বিষয়ত অমিল হলেও “অহিংসা পৰম ধৰ্ম্ম, এই কথাত সকলোৰেই মত একে। তাৰ প্ৰমাণ এই;—
যাৰ নাই হিংসাৰ কণিকা অন্তৰত,
সহনীয়া গুণ যাৰ আছে স্বভাৱত;
সকলো প্ৰাণীৰে যাৰ লভেহি আশ্ৰয়,
সেই জন পুৰুষেই স্বৰ্গগামী হয়। ১১৩।
আৰু,—
এক মাত্ৰ বন্ধু ধৰ্ম্ম এই জগতত,
মৃত্যু সহ গতি যাৰ প্ৰাণীৰ লগত;
আনো যত দ্ৰব্য পায় এই জীৱনত।
এৰি যায় সকলোৰে দেহাৰ অন্তত। ১১৪
আৰু,—
যি যাৰ মঙ্গহ ফেৰা মাৰি ধৰি খায়,
দুইৰো অন্তৰ চোৱা ঠিতাতে ৰিজাই;
খোৱা জনে তৃপ্তি পায় অলপ সময়,
ইজনৰ ঘটে কিন্তু প্ৰাণৰ বিলয়! ১১৫
নিজৰ মৰণ দুখ গুণি ভাবি চাই,
পৰকো কৰিবা ৰক্ষা সিদৰে সদাই। ১১৬।

আৰু শুনক;—
বনৰীয়া শাক পাতে যদি পেত ভৰে,
কোনে তেন্তে প্ৰাণী হত্যা মহা পাপ কৰে?”১১৭।
বোন্দাই এই দৰে কথাৰে চহলা মাৰি, শগুণক ভুলাই সেই গছৰ ধোন্দত থাকিবলৈ খোৰ ললে। লাহে লাহে যিমান দিন পূৰণি হৈ আহিল বেন্দাৰো সিমান লতা বাঢ়িল; সি এটা এটা কৈ চৰাই পোৱালি বোৰ ধৰি আনি, কোনেও ফুট নোপোৱাকৈ, নিতৌ খোৰোঙ্গত সোমাই খাই ধুকাবলৈ ধৰিলে। বোন্দাই যি বোৰ চৰাইৰ পোৱালি খাইছিল সেই চৰাইবোৰে বৰ শোক কৰি ৰমলিয়াই, সোধা-সুধি কৰি, বিচাৰি ফুৰিবলৈ ধৰিলে। বোন্দাই, সেই কথা গম পাই, খোৰোঙ্গৰ পৰা ওলাই গল। পাচত চৰাই বোৰে ইপিনে সিপিনে বিচাৰি গৈ বোন্দা থকা খোৰোঙ্গত পোৱালিবোৰৰ হাড় মূৰ পৰি থকা পালে। তেতিয়া সিহঁতে ভাবিলে যে লঠৰা-লুকুমায়েই সিহঁতৰ সেই পোৱালিবোৰ ধৰি আনি খালে। ইয়াকে নিচই কৰি এটাইবোৰ চৰায়ে গোট খাই সেই বুঢ়া শগুণটোক মাৰি পেলালে।
এই কথা শুনি শিয়ালে খং কৰি কলে;– “তোমাৰ যি দিনা হৰিণাৰে সৈতে প্ৰথম সাক্ষাৎ হয়, তাৰ পূৰ্ব্বে তুমি জানোঁ তেঁওরে সৈতে অচিনাকি নাছিলা? পাচে কেনেকৈ নো তোমালোক দুইৰো ভিতৰত মৰম প্ৰীতি ক্ৰমে ক্ৰমে বাঢ়ি আহিল?
ভালেটোহে কয়;-
বুদ্ধিমন্ত জ্ঞানী লোক যি দেশত নাই,
কেচেলুৱা মানুহেও তাত মান পায়;
গছ নাই যি দেশত দেখিও নেপায়,
জুটুলি এৰায়ো গছ তাতেহে বোলায়। ১১৮।
আৰু চোৱাঁ;—
ইটো মোৰ আপোনাৰ সিটো কাৰবাৰ,
ইতৰ লোকেহে কৰে তেনেটো বিচাৰ;
যি জন পুৰুষ হয় বহল মনৰ,
জগতক ভাবে তেঁও বুলি আপোনাৰ। ১১৯।
এই হৰিণা মোৰ যেনে বন্ধু, তোমাকো মই তেনে বন্ধু বুলি ভাব কৰিছোঁ।
হৰিণাই কলে;—“উত্তৰা-উত্তৰি কৰি থকাৰ আৰু এতিয়া প্ৰয়োজন নাই। আঁহা হঁক! আমি সকলোৱেই মিলি প্ৰেম-প্ৰীতিৰে সৈতে কথা বাৰ্ত্তা পাতি লগে ভাগে সুখেৰে থাকোঁ।
কিয়নো;—
কোন? শত্ৰু? কোন মিত্ৰ? চিন একো নাই,
গতি গোত্ৰ দেখিলেহে ভেদ জনা যায়।” ১২০।
কাউৰীয়ে কলে;—“ভাল, যি কৈছা তাকেই কৰোঁহঁক।” তাৰ পাচত যেতিয়া ৰাতি পুৱাল-তেতিয়৷ যাৰ যি ফাললৈ মন গল সি সেই ফাললৈ গল। এসময়ত শিয়ালে হৰিণাক নিৰলে পাই কলে;— “সখি! এই হাবিৰ এমুৰে এডোখৰ ভাল শহ থকা ঠাই আছে; মই তোমাক সেই ঠাই দেখুৱাব পাৰোঁ” পাচত শিয়ালে হৰিণাক লগত লৈ গৈ সেই ঠাই দেখুৱাই আহিল। তেতিয়াৰে পৰা হৰিণায়ো তালৈ গৈ নিতৌ শহ খাই আহিবলৈ ধৰিলে। ভূঁইৰ গৰাকীয়ে পহুৱে শহ খোৱা দেখি তাত জাল এখন পাতি থৈ আহিল। হৰিণাই যেতিয়া আকৌ পথাৰত চৰিবলৈ গল তেতিয়া সি সেই জালত বান্ধ খাই পৰিল। তেতিয়া সি ভাবি কলে; — "বন্ধুৰ বাহিৰে মোক এই যমৰ পাশৰ নিচিনা ব্যাধৰ জালৰ পৰা কোনে সৰুৱাব পাৰিব?” ঠিক এই সময়তে শিয়ালো সেই ঠাইলৈ আহিল। সিও মনত ভাবিলে; “ভাল হল! মই যি ফন্দি পাতিছিলোঁ সেই ফন্দি সিদ্ধি হল; এতিয়াহে মোৰ হেঁপাহ পলাব। ইয়াৰ ছাল বখলিয়াই কাটিকুটি দলিয়াই পেলোৱা তেজ মঙ্গহ লগা হাড় কোডোখৰ পালেও মোক জুৰিব; সেই কেডোখৰ অৱশ্যে মই নোপাৱাকৈ নে থাকোঁ৷” হৰিনায়ো শিয়ালক দেখি ৰং পাই কলে; “সখি! খৰকৈ আঁহা! মোৰ বান্ধ ছিঙ্গি লৰালৰিকৈ মোক মোকলাই দিয়া।
কিয়নো;—
আপদ কালত কোন বন্ধু চিনা যায়,
যুদ্ধৰ কালত চিন বীৰৰ ওলায়;
ঋণ লোৱা পুৰুষৰ জানি শুধু চিত,
যি দিনা সুজিব আনি ধাৰে লোৱা বিত। ১২১।
সম্পদ, বিপদ আৰু ঘোৰ আকালত,
ৰজাৰ চ'ৰাত নতু ৰাজ্য বিপ্লৱত;
শত্ৰু ভয়, শ্মশানত যি কৰে সহায়,
সি জন পৰম বন্ধু জানিবা নিশ্চয়।” ১২২।
শিয়ালে ঘনে ঘনে জালখনৰ কাললৈ চাই ভাবিলে;— “ফান্দত হৰিণা শকতকৈ লাগিল; এতিয়া তাৰ এৰাই যাবৰ শক্তি নাই তেতিয়া সি ফুটাই কলে;-“সখি! এই জালখন দেখোঁ বৰটিৰে গোঁঠা; আজি দেওবাৰৰ দিনা[৪] মই তাত কেনেকৈ দাঁত লগাও? সখি! তুমি যদি মোৰ কথাত আনভাব কৰি মনত কুষাৰি নাৰাখা তেন্তে কালিলৈ পুৱা যিহকে কৰিবলৈ কোৱা মই তাকেই কৰিম।” এই কথা কৈ শিয়াল ঠিতাতে আঁৰ হই লুকাই থাকিল। ইফালে কাউৰীয়ে হৰিণাক গধূলি চোঙলৈ অহা নেদেখি, ইপিনে সিপিনে বিচাৰি গৈ, শেষত জালত লাগি পৰি থকা অবস্থাত পাই সুধিলে;– “সখি! এইখন কি?” হৰিণাই কলে;—সখি! বন্ধুৰ বাক্য নুশুনাৰ ফল ইয়াকে পাইছো; পূৰ্ব্বৰ এই কথা মোৰ গাত এতিয়া ফলিয়াইছে;–
যেয়ে কৰে সুহৃদৰ বচন উলাই,
চাপে তাৰ বিপদে কাষ; শত্ৰু ৰং পায়। ১২৩
আৰু :—
যাৰ কাষ চাপে আহি কাল মৰণৰ,
নুশুনে হিত কথ৷ ইষ্ট সুহৃদৰ;
নেদেখে সি অৰুন্ধতী[৫] দৃষ্টি হীন প্ৰায়,
নেপায় চাকিৰো গোন্ধ যেতিয়া নুমায়। ১২৪
কাউৰীয়ে সুধিলে,—সেই ফন্দিয়ক শিয়ালটো এতিয়া ক’ত আছে?” হৰিণাই কলে;—“সি মোৰ মঙ্গহফেৰাৰ আশা টোপালি ইয়াৰ ওচৰৰ কোনো এঠাইত লুকাই থাকিব পায়।”
কাউৰীয়ে কলে;—“মই তোমাক সেই ধূৰ্ত্ত শিয়ালটোৰ কথা পূৰ্ব্বেই কৈছিলোঁ, কিন্তু তুমি মোৰ কথা নুশুনি বিপদত পৰিলা। কিয়নো;—
নিষ্পাপ শৰীৰ মোৰ দায় দোষ নাই।
এনে ভাব কৰি থকা উচিত নহয়;
ধূৰ্ত্তৰ হাতত আছে মহন্তৰো ভয়.
দায় জগৰ সি কাৰো বিচাৰি নেচায়। ১২৫
আৰু;—
আগত দেখি যি কয় মধুৰ বচন,
পিঠি পাচ দিলে কৰে আহিত সাধন;
অন্তৰত বিহ থয়, মুখত অমৃত,
তেনে জন বন্ধু তুমি কৰিবা বৰ্জ্জিত।” ১২৬
[৬] হৰিণাৰ দুৰ্গতি দেখি কাউৰীয়ে দীঘল হুমুনিয়াহ এটা পেলাই কলে;—“খলুৱা! অধৰমী! এনে কুকৰ্ম্ম তই কিয় কৰিলি? কিয়নো;—
- মধুৰ কথাৰে,
- কপট সেৱাৰে,
- কৰি ললি যাক বশ;
- তাকেহে এতিয়া,
- তই কপটীয়া
- বঞ্চি কি পালি পৌৰষ? ১২৭
আৰু;—
আই বসুমতি! তাক নধৰা হিয়াত,
বিশ্বাসীজনৰ যেয়ে আচৰে বিঘাত। ১২৮
নাইবা দুৰ্জ্জন বিলাকৰ স্বভাব কেনে চোঁৱা;—
প্ৰথমেই সেৱা কৰে পৰি চৰণত,
তাৰ পাচে পিয়ে তেজ পিঠিৰ মাজত;
গুণ গুণ টোকাৰি খনি কাণত বজায়,
ছেগ চাই লাহে কৰি ভিতৰ সোমায়;
যিমান দেখিছা এই স্বভাব মহৰ,
সকলোকে পাবা গাত দুৰ্জ্জন লোকৰ। ১২৯
এঙ্গাৰৰ দুই গুণ আছে স্বভাৱত,—
চেচা চুলে কলা কৰে, পোৰে তপতত;
সেই দৰে খলুৱাৰো ভাল বেয়া নাই
য’তে পায় ত’তে সিও বিঘিনি লগায়। ১৩০।
ধূৰ্ত্তৰ মুখত আছে সুৱলা বচন,
তাকে শুনি নকৰিবা তাক পতিয়ন;
জিভাৰ আগে দি তাৰ মৰ্ত্ত পৰে সৰি,
কাল-কূট আছে কিন্তু হিয়াখনি ভৰি।” ১৩১।
পাচত যেতিয়া ৰাতি পুৱাল তেতিয়া ভূঁইৰ গৰাকীয়ে হাতত হোলোঙ্গা এডাল লৈ শহ চাবলৈ আহিল। তাক অহা দেখি কাউৰীয়ে কলে;—“সখি, হৰিণা! এতিয়া তুমি মৰ-ভাও জুৰি বতাহেৰে পেটটো ওফন্দাই থোৱা, ভৰি কেইটাও ঠৰঙ্গা কৰি মেলি দিয়া আৰু লৰচৰ নকৰাকৈ থৰ হৈ পৰি থাকা। মই তোমাৰ চকুত ঠোঁটেৰে খুটি থাকিম; যেতিয়া মাত মাতিম তেতিয়াই তুমি একেচাবেই উঠি পলাব৷।” কাউৰীয়ে হৰিণাক যেনেকৈ কৰিবলৈ কৈছিল, সি ঠিক সেই দৰেই কৰি মৰভাও জুৰি পৰি থাকিল। পাচত ভূঁইৰ গৰাকীয়ে হৰিণাক তেনে অবস্থাত দেখি, মনত বৰ ৰং পাই, কলে;— “হেঁকো! এতিয়া কেনে? নিজে নিজেই দেখোঁ পৰি মৰি আছ!” ইয়াকে কৈ সি হৰিণাক মোকলাই দি জাল সামৰিবলৈ ধৰিলে। তেনেতে কাউৰীৰ মাত শুনি হৰিণা গিৰিসাই উঠি পলাল। ভূঁইৰ গৰাকীয়েও তাৰ হাতত থকা হোলোঙ্গা মাৰিডাল হৰিণালৈ পোনাই ফৰ্ম্মুটি মাৰি দিলে কিন্তু মাৰিডাল গৈ হৰিণাৰ গাত নেলাগি শিয়ালৰ গাত লাগিল। শিয়াল সেই পোনেই পৰি মৰি থাকিল।
কিয়নো, পূৰ্ব্বৰ এই কথাষাৰ ফলিব লাগে;—
অভিচাৰ পাপ পুণ্য যাৰ যেনে হয়,
তাৰ ফল ই পুৰিত পায় সি নিশ্চয়;
তিনি মাহ তিনি পক্ষ নতু তিনি দিন,
তিনি বচৰতো তাৰ দেখা দিয়ে চিন। ১৩২।
এই নিমিত্তেহে মই কৈছিলোঁ যে ভক্ষ আৰু ভক্ষকৰ মাজত প্ৰীতি থকা সম্ভৱ নহয়। কাউৰীয়ে আকৌ কলে;—
“আছা ধৰি ক্ষুদ্ৰ এটি নিষ্পাপ দেহাক,
নুগুচিব ভোক মোৰ গিলিলে তোমাক;
তুমি জীলে মই জীঁও এই মোৰ আশ,
তৰিল চৰাই যেনে কাটি দিলা পাশ। ১৩২।
আৰু;—
সদাচাৰ গুণে যাৰ বিমল প্ৰকৃতি,
বিকৃতি নেপায় সেই সজ্জনৰ মতি;
সেই দৰে পশু পক্ষী যেয়ে পুণ্যপৰ,
সবাৰো মাজত আছে যোগ্য বিশ্বাসৰ। ১৩৪।
সাগৰৰ পানী যেনে জুমুঠি লগালে,
নোৱাৰি কৰিব তাক উষ্ম কোনো কালে;
তদ্ৰূপ সাধুৰ মন বিকৃতি নেপায়,
অতিবৰ কাৰণতো যদি খঙ খায়।” ১৩৫।
পতাল পুৰীয়াই কাউৰীক কলে;—“তুমি বৰ চঞ্চল; চঞ্চলেৰে সৈতে প্ৰণয় কৰা যুগুত নহয়। কিয়ণো, পূৰ্ব্বে এই কথা কোৱা আছে;–
ম’হ, মেৰা বোন্দা, কোৱা আৰু দুৰ্জ্জনক,
লাই দিলে বাঢ়ে আশ অতি ভয়ানক;
এতেকতে ই সবক নকৰা বিশ্বাস,
বিশ্বাস কৰিলে হয় পাচে সৰ্ব্বনাশ। ১৩৬
ইয়াৰ বাহিৰেও চোঁৱা! যি বোৰ প্ৰাণী আমাৰ শত্ৰু তুমি সিহঁতৰ পক্ষত থাকা। শত্ৰু পক্ষৰ সৈতে মিত্ৰতা কৰা উচিত নহয় বুলি পূৰ্ব্বে এই কথা কোৱা আছে;—
ভালৰূপে মিলিলেও শত্ৰুৰ সহিত,
তথাপি বিশ্বাস কৰা নহয় উচিত;
যিমানেই হয় পানী উতলি তপত,
তেও সি নুমাই জুই কৰি সমাপত।১৩৭
হলেও দুৰ্জ্জন লোক বিদ্যাৰে শোভিত,
তেও তাক পৰিহাৰ কৰা হে উচিত,
সাপৰো মূৰত শোভে মাণিক বাখৰ,
তথাপি কি নহয় সি ঘোৰ ভয়ঙ্কৰ? ১৩৮
অসাধ্য নহয় সাধ্য এই পৃথিবীত,
বামত নচলে নাও, ৰথে ও পানীত। ১৩৯
দুষ্টমতী ভাৰ্য্যা আৰু শত্ৰুৰ আশই,
বিচাৰে যি পাবলই ধন কৰি ব্যয়;
নেপায় আশই সি কদাপি সিলোকৰ,
কেবল চপাই লয় কাল মৰণৰ। ” ১৪০
পাখি লাহীয়ে কলে;— “তুমি যি কথা ক’লা মই সকলো শুনিলোঁ; কিন্তু মোৰো প্ৰতিজ্ঞা এই যে তোমাৰে সৈতে মোৰ নিশ্চয় মিত্ৰতা হব লাগিব। দৈবাৎ যদি কোনো গতিকে হৈ নুঠে তেন্তে মই অনাহাৰে থাকি তোমাৰ দুৱাৰ মুখতেই প্ৰাণ ত্যাগ কৰিম। কিয়নো;—
দুৰ্জ্জন মাটিৰ ঘঁট, ভাগে ঠুনুকাই,
জোৰা দিলে জোৰা তাৰ কদাপি নেখায়;
সজ্জন সোণৰ ঘঁট, নেভাগে সততে,
ভাগিলেও জোৰা খায় অতি সহজতে। ১৪১
আৰু;—
জোল হই মিল যায় ধাতু যতবোৰ,
পশু, পক্ষী মিল হয় গুণে স্বভাবৰ;
ভয়, লোভ পালে মূৰ্খে ইটে সিতে মিলে,
সজ্জনে সজ্জনে মিলে ভেটা-ভেটি হলে। ১৪২
পকা নাৰিকল প্ৰায় ৰূপ সজ্জনৰ,
সাৰ আছে ভিতৰত, বাজত জাবৰ;
ইবোৰ বগৰি টেঙ্গা, চিকন বাজত,
গুটি বিনা একো নাই তাৰ ভিতৰত। ১৪৩
এই কথা বুজিহে সকলোৱেই সাধু মহন্ত সকলৰ সঙ্গ লবলৈ বাঞ্চা কৰে। কিয়নো;—
ছিগক বন্ধুতা তেও সজ্জনৰ গুণ,
নিছিগে, নেভাগে, আৰু নকৰে বিগুণ;
পদ্মৰ মৃণাল যদি ভাগি ছিগি যায়,
তেও তাৰ সূতা বোৰ থাকে গোট খায়। ১৪৪
আৰু;—
দয়া, প্ৰীতি, ত্যাগ, সত্য, সৰল, উদাৰ,
সুখ দুখ সকলোতে বিহীন বিকাৰ;—
এই বোৰ গুণ যাৰ, আছে অন্তৰত,.
সেই জন পুৰুষেই বন্ধু স্বভাৱত। ১৪৫
তোমাৰ বাহিৰে এনেবোৰ গুণ থকা বন্ধু আৰু এজন মই ক’ত পাম?”
কাউৰীৰ এই বোৰ কথা শুনি পতাল পুৰীয়াই বাজলৈ ওলাই আহি কলে;— তোমাৰ মউ-বৰষা বাক্যৰ দ্বাৰাই মই নথৈ আপ্যায়িত হলোঁ। পূৰ্ব্বেও এই কথা কোৱা আছে;—
ধুপি আহি শ্ৰমাতুৰে ঢালি চেচা-পানী
চন্দনৰ লেও লই গায়ে মূৰে সানি;
বুকু ভৰি আঁৰি লই মুকুতাৰ হাৰ,
যিমানে নোৱাৰে তাপ গুচাব দেহাৰ;
সিমানে সাধুৰ বাক্যে বৰষি অমৃত,
গুচাই প্ৰাণৰ তাপ শাঁত কৰে চিত।১৫৬
আৰু;—
কূৰ্চ্ছুত, কপট, মিছা, পাষটিত ৰতি,
খঙ্গিয়াল হয় নতু নিৰ্দ্দয় প্ৰকৃতি;
অস্থিৰ মনৰ গতি, কথা লৰচৰ,
খোজনীয়া ভাব আৰু নুগুচে লগৰ;
ভিতৰুৱা কথা আনি বাজত টোৱায়, -
এই বোৰ দোষ বুলি মিতিৰৰ কয়। ১৪৭
এই বচনত যি বোৰ দোষৰ কথা কোৱা হৈছে তাৰ ভিতৰৰ এটা দোষো তোমাৰ গাত নাই। কিয়নো;—
পটু, সত্যবাদী কোন কথা শুনি জানি
দেখিলেই জনা যায় স্থিৰ ধীৰ মানি।
আৰু;—
সাধুৰ প্ৰেমত পায় সৰলতাভৰি,
খলৰ ভাবত পায় বাহনা চাতুৰি। ১৪৯।
পেটে এটা, মুখে এটা, হাতে কৰে আন,
দুৰ্জ্জন লোকৰ নাই একোতে প্ৰমাণ,
এক দেহ, এক বাক্য, একেই অন্তৰ,
কাৰ্য্যতো একেই হয় শুধু মহন্তৰ। ১৫০।
ভাল; তেন্তে তোমাৰ ইচ্ছামতেই আমি দুয়ো সখি পাতো হঁক।” ইয়াকে কৈ পাখি-লাহী আৰু পতাল পুৰীয়াই সখি পাতিলে। পাচত সি উত্তম আহাৰ আনি সখিয়েকক সুন্দৰ মতে খুৱাই, সন্তুষ্ট কৰি, গাঁতৰ ভিতৰলৈ সোমাই গল। পাখি-লাহীয়েও তাৰ থকা ঠাইলৈ গতি কৰিলে।
সেই দিনাৰ পৰাই সিহঁতে ইটোৱে সিটোৰ বাবাতৰি লৈ, আৰু মৰম চেনেহেৰে কথা বাৰ্ত্তা পাতি, খাই বই, মহা সুখেৰে কিছুদিন বাস কৰি আছিল। এনেতে এদিন পাখি-লাহীয়ে পতাল-পুৰীয়াক কলে;— “সখি! এই ঠাইডোখৰ বৰ আটকীয়া; ইয়াত কাউৰীৰ আহাৰ পাবলৈ বৰ টান। এই নিমিত্তে মই এই ঠাই-ডোখৰ এৰি আন এখন ঠাইলৈ যাবৰ মন কৰিছোঁ। এই কথা শুনি পতাল–পুৰীয়াই কলে;—“সখি! ঠাই এৰি যোৱ৷ কথাটো মই ভাল নেদেখোঁ। কিয়নো;
নৰ, নখ, চুলি, দাঁতে যদি এৰে ঠাই,
উটি বুৰি ফুৰে তাৰ শোভা হেৰুৱাই;
বুদ্ধি-মন্তে এই কথা চাই গুণি গাঁঠি,
কেতিয়াও নেৰে তাৰ আপোনাৰ গাঁটি। ১৫১
সিংহ, হাতী, সুপুৰুষে গাঁটি এৰি যায়,
পহু, কোৱা, অসাঠনে মৰে একে ঠাই। ১৫২
আৰু;—
সাহিয়াল পুৰুষৰ,
নিজ দেশ বিদেশৰ,
ভিন ভাব হয় কি মনত?
য’তে যাব ত’তে তাৰ,
আৰ্জ্জনৰ নাই পাৰ,
আপোনাৰ বাহুৰ বলত;
নেজ নখ যেনে লই,
সিংহেও বনত গই,
ধৰি খায় হাতী বনৰীয়া;
সিও তেনে শক্তি লই,
দেশ বিদেশত গই
জিলিকায় নাম খিতপীয়া।” ১৫৩
পতাল-পুৰীয়াই কলে;— কোন ফাললৈ যাবৰ মন কৰিছা আগৈয়ে তাৰ এটা ঠিক কৰা। কিয়নো; ―
এটা ভৰি আগ কৰি ইটো ৰাখে থিৰ,
নেদেখি খোপনি আগ নাবাঢ়ে সুধীৰ।” ১৫৪
পতাল-পুৰীয়াই সেই ডোখৰ ঠাই ক’ত আছে বুলি সুধিলত। কাউৰীয়ে কলে;—“শাল-কটা হাবিত বৰ বগী নামেৰে বিল এখনৰ পাৰত মোৰ অনেক-কলীয়া এজন ইষ্টান্তিক বন্ধু আছে। তেওঁৰ নাম মেদা-গোঁহাই, তেওঁ স্বভাৱতে ধৰ্ম্মবন্ত পানী কাছ। নিজ ধৰ্ম্মপালি অনেক দিনৰ পৰা তেওঁ সেই বিলতেই আছে।
কিয়নো;—
পৰক বুজোৱা ধৰ্ম্ম আছে বহু নৰ,
নিজে বুজি চলা কিন্তু নোপোৱা বিস্তৰ। ১৫৫
তেওঁ আমাক নানা প্ৰকাৰৰ ভোগালি বস্তু আনি দি অতি উত্তম কৈ সমাদৰ কৰিব। ”
এই কথা শুনি পতাল-পুৰীয়াই কলে; “মই অকলশৰে বন্ধু-হীন হৈ ইয়াত থাকি কি কৰিম? কিয়নো;
মান, বৃত্তি, বিদ্যা, বন্ধু যি দেশত নাই,
পৰিহৰি সেই দেশ যোৱা আন ঠাই। ১৫৬
আৰু;—
জ্ঞানী, ধনী, বেজ, ৰজা, নই নাই য’ত,
পৰিহৰা সেই দেশ নবঞ্চিবা ত’ত। ১৫৭
খেতি-বাতি, সৰলতা, লাজ, ভয়, দান,—
এই পাঁচ নাই য'ত এৰা সেই থান। ১৫৮
তদুপৰি;—
নবঞ্চিবা তাত মিত্ৰ! য'ত নাই চাৰি,—
নই, বেজ, জ্ঞানী বিপ্ৰ, ধাৰে পোৱা কড়ি। ১৯৯
এই কাৰণে তুমি তোমাৰ লগতেই মোকো লৈ যোৱা।” সেই কথা মতে কাউৰীয়ে তাৰ বন্ধু শলিয়াক লগত লৈ বাটত দুয়ো নানা প্ৰকাৰ প্ৰীতিৰ আলাপ কৰি গৈ পাচত সেই বিল পালে গৈ। কাছই পাখি-লাহীক দূৰৈৰ পৰা দেখি পানীৰ পৰা বামলৈ উঠি আহিল। আগধৰি যথাৱত প্ৰকাৰে পাখি-লাহীক অতিথি সৎকাৰ কৰি পাচত পতাল-পুৰীয়াকো সেই দৰেই আলহী সুধিলে। কিয়নো;—
লৰা, বুঢ়া ডেকা যেয়ে হয় অভ্যাগত,
সকলোকে আদৰিবা গুৰু স্বৰূপত। ১৬০
আৰু :—
দ্বিজাতিৰ[৭] পূজ্য অগ্নি শাস্ত্ৰ অনুসৰি,
অন্য লোকে পূজে বিপ্ৰ গুৰু বুদ্ধি কৰি;
এক মাত্ৰ স্বামী গুৰু হয় তিৰোতাৰ,
অতিথি সৰ্ব্বত্ৰ গুৰু পূজ্য সবাকাৰ। ১৬১
কাউৰীয়ে কাছক কলে;— “সখি! এওঁক সুন্দৰ মতে মান সৎকাৰ কৰা; কাৰণ পুণ্যৱন্ত সকলৰ ভিতৰত এওঁৰ লেখ সকলোৰে আগত হয়; সেই বাবে এঁৱেইহে আগমান, পাব লাগে। এওঁ দয়াৰ সাগৰ, শলিয়া ফৈদৰ ৰজা, আৰু এওঁৰ নাম পতাল-পুৰীয়া। দুহেজাৰ জিভাৰে সৈতে সাপৰ ৰজা বাসুকিয়েহে যদি এওঁৰ গুণৰ কথা কৈ ওৰ পেলাব পাৰে।” এই কথাকৈ কাউৰীয়ে পতাল-পুৰীয়াৰ আগ গুৰি সকলো কথা ভাঙ্গি কলে। তেতিয়া মেদা গোঁহায়ে পতাল পুৰীয়াক বৰ সমাদৰ কৰি সুধিলে;— “ গগৈ দেও! আপোনাৰ এই নিৰ্জ্জন বনলৈ অহাৰ কাৰণ কি? মই জানিবৰ নিমিত্তে বৰ বাঞ্চা কৰিলোঁ।” পতাল পুৰীয়াই কলে;—ভাল, তেন্তে কওঁ শুনক;—
কাণু আতৈৰ কথা।
(৪)
চঁপা-পুৰ নামেৰে এখন নগৰত এটা বৰাগী মঠ আছে। সেই মঠত কাণু আতৈ নামেৰে এজন বৰাগী আছিল। তেঁও গোঁজ এডালৰ ওপৰত তেঁওৰ ভিক্ষাৰ জোলেঙ্গা খনি আঁৰি থৈ নিতৌ শুবলৈ যায়। খোৱা বস্তুৰ যি খিনি আগলিকা থাকে তাকো তেঁও সেই জোলোঙ্গা টোত ভৰাই থৈ দিয়ে। মই নিতৌ সেই খুটিৰ ওপৰত জঁপিয়াই উঠি জোলোঙ্গত থকা খুদ কণ যি পাঁও সকলো খিনি আনি খাই থঁও। এদিন তেঁওক চাবলৈ তেঁওৰ এজন ইষ্টান্তিক হৰি-ভকত আহিল। তেঁওৰ নাম বীণা আতৈ, তেঁৱো বৰাগী। কাণু আতৈয়ে সেই বৰাগীৰে সৈতে কথা বাৰ্ত্তা পাতি থাকোঁতে ফলা বাঁহ এচটা লৈ মাটিত কোবাই মোক হুৰাই আছিল। তাকে দেখি বীণা আতৈয়ে শুধিলে;- “হৰি ভকত! তুমি দেখোঁ আন ফাললৈ কাণ কৰিছা, কাৰণ কি? মোৰ কথা শুনি তুমি কিবা আমনি পাইছা নে কি? কিয়নো;—
- হাঁহি মৰা মুখ খনি,
- নিগৰে মধুৰ বাণী,
- ঢালে দৃষ্টি প্ৰীতি আদৰৰ;
- কথাত বৰষে মউ,
- আনন্দৰ উঠে ঢউ,
- ভাহি উঠে ভাব হৃদয়ৰ;
- সমধিক চেনে হেৰে,
- প্ৰীতিপূৰ্ণ আদৰেৰে
- আনন্দত কাটি যায় দিন;
- প্ৰণয়ৰ ৰূপ এই,
- ভাবৰ ছেগত গই,
- দেহা ভেদি বাজ হয় চিন। ১৬২
- নেচায় কেৰাহি কৰি,
- সদায় অগুণ কাৰী,
- ৰটে নিন্দা পৰৰ আগত;
- কথাত ওলালে কথা,
- চলেৰে ফালৰি কটা,
- কিবা কয় ওন্দোলা মুখত;
- বুকত চেনেহ নাই,
- দেখিলে আমনি পায়,
- অমঙ্গল ভাবে সেই দিন;
- বিৰাগৰ ৰূপ এই,
- ভাবৰ ছেগত গই
- হিয়া ভেদি বাজ হয় চিন।” ১৬৩।
বীণা আতৈৰ কথা শুনি কাণু আতৈয়ে কলে,— "হৰি-ভকত! ন হয়; মই তোমাৰ কথাত একো আমনি পোৱা নাই; কিন্তু সৌ এন্দুৰ টোলৈ চোৱা! সি মোৰ মহা অপকাৰী মই যি এমুঠি খুদ কণ মাগি আনি জোলোঙ্গাত ভৰাই থঁও, সি নিতৌ সেই খুটিটোৰ ওপৰত জপিয়াই উঠি খাই ধুকায়।” বীণা আতৈয়ে খুটিটোলৈ চাই কলে;—“এন্দুৰ দুৰ্ব্বল প্ৰাণী; সি ইমান ওপৰলৈ কেনেকৈ উঠে? তাৰ গাত ইমান শক্তি হোৱাৰ কিবা অলপ কাৰণ থাকিব পায়।
এতিয়া এই এন্দুৰটোৱে নো কেনেকৈ ইমান ওপৰলৈ উঠিব পাৰিছে তাৰেহে কাৰণ বিচাৰিব লগীয়া হৈছে। অলপ পৰ ভাবি চাই বীণা আতৈয়ে আকৌ কলে — “ ধনৰ বলেই হে ইয়াৰ কাৰণ বুলি মোৰ বোধে ধৰিছে। কিয়নো;—
ধনী হলে বলী হয় সকলো কালত,
ৰজাৰো প্ৰভুত্ব হয় ধনৰ বলত।”১৬৪।
ইয়াৰ পাচত খন্তি এখন আনি বৰাগীয়ে মোৰ গাঁত খানিবলৈ ধৰিলে। যি খিনি চিৰ কলীয়া ধন মই গাঁতত ভৰাই পুতি থৈছিলোঁ সেই সকলো খিনি বৰাগীয়ে পাই বুটলি লৈ গল। সেই দিনাৰ পৰাই মোৰ গাৰ বল, বুদ্ধি আৰু মনৰ উলাহ সকলো খিনি হৰি আহিবলৈ ধৰিলে। নিজৰ আহাৰ বিচাৰি খাবলৈকো মোৰ গাত শক্তি নোহোৱাত পৰিল। মোৰ এনে অৱস্থা হলত মই এদিন শঙ্কাযুক্ত মনেৰে লাহে লাহে বাজলৈ ওলাই আহিছিলোঁ; তেতিয়া মোক দেখি কাণু আতৈৱে ইতিকিং কৰি কলে;—
ধনী হলে বলী হয় সকলো থলত,
মূৰুখো পণ্ডিত হয় ধনৰ বলত;
চোৱা কেনে? ধন হীন হই শলিয়াই,
আপোন জাতিৰ গতি ধৰে পুনৰায়। ২৬৫।
আৰু;—
খৰালিৰ হোলা প্ৰায় ধন হীন প্ৰাণী,
শুকাই টোটোৰা পৰে বুদ্ধি কৰি হানি। ১৬৬।
ধন যাৰ আছে তাৰ সকলো মিতুৰ।
লগা ভগা সম্বন্ধীয়া হয় কত বোৰ;
ধনীক মানুহ বুলি সকলোৱে কয়,
পণ্ডিতৰ ভিতৰতো তাৰ লেখ হয়। ১৬৭।
তদুপৰি;—
কেও কিছু নোহোৱাৰ ঘৰ মাত্ৰ ৰিঙ্গা,
মূৰ্খ, দৰিদ্ৰৰ, কিন্তু সকলো উৰুঙ্গা। ১৬৮।
আৰু চোৱা;—
মৃত্যুৰ জীয়াতু লোকে অল্প কাল পায়,
দৰিদ্ৰৰ দুখ কিন্তু ওৰেও, নেযায়;
সেই হেতু ভাল বোলে মৰণৰ ক্লেশ,
অলপতে পায় লোকে নিকাৰৰ শেষ। ১৬৯।
আন এটা কথাও চোৱা,—
- মাত, কথা, চকু, কাণ,
- হাত, ভৰি, বুদ্ধি, জ্ঞান,
- সকলো একেই থাকে, লৰ নাই তাৰ;
- ঘূৰি সেই পুৰুষেই,
- ধন যদি হেৰুৱাই,
- আন ৰূপ ধৰি হয় আশ্চৰ্য্য প্ৰকাৰ।” ১৭০
এই বোৰ কথা শুনি মই ভাবিলোঁ যে মোৰ আৰু এই ঠাইত থকা ভাল নহয়, আৰু মোৰ দুৰ্দ্দশাৰ কথাও লোকৰ আগত কোৱা অনুচিত।
কিয়নো;—
অৰ্থ নাশ, প্ৰবঞ্চনা, সন্তাপ মনৰ,
অপমান আদি কৰি অখ্যাতি ঘৰৰ;
আপোনাৰ এই বোৰ ঘৰুৱা বিষয়,
জ্ঞানী লোকে কদাপিও পৰক নকয়। ১৭১।
আৰু;—
গৃহ ছিদ্ৰ, তপ, ধন, দান, অপমান,
দৰব, বয়স আৰু তন্ত্ৰ, মন্ত্ৰ, জ্ঞান;
গোপনীয় কথা হয় এই সমুদয়
পৰক কদাপি কোৱা উচিত নহয়। ১৭২।
আৰু এই কথাষাৰো চোৱা;—
বিধি আছে দুখীয়াৰ বাটত পথালি,
কৰক যিমানেই পাৰে সি পুৰুষালি;
তেও সুখ বপুৰাৰ নাই কপালত,
অৰণ্যৰ বিনা তাৰ গতি আছে কত? ১৭৩।
তদুপৰি;—
ফুলৰ পাহিটি প্ৰায় ওখ মন যাৰ,
থাকিব মূৰত নতু সৰি পাব ওৰ। ১৭৪।
পুৰি দেই যাব জুই আপুনি নুমাই,
তথাপি নপৰে চেচা যিমানে ফুঁৱায়,
সেই দৰে মানী জনে স্বীকাৰে মৰণ,
তথাপি নধৰে হীন দৰিদ্ৰ জীৱন। ১৭৫।
আকৌ মই ভাবিলোঁ সেই ঠাইতেই মাগি-খুজি খাই থকাও বৰ গৰ্হিত কথা; তাতকৈ মোৰ পক্ষে মৰি যোৱাই ভাল।
কিয়নো;—
- হাত নপতাক পাতি হাত,
- জীয়াই থকাত কৰি,
- ভাল তাতোকই মৰি যোৱা,
- জুইত জাপ দি পৰি। ১৭৬
- হাত নপতাক পাতি হাত,
আৰু;—
দৰিদ্ৰৰ পৰা লাজ, লাজে তেজ হৰে,
তেজ হীন হলে লোকে লঘু ভাব কৰে;
লঘু হই পায় অতি মনত ধিক্কাৰ,
ধিক্কাৰে লগাই আনি বিষম বেজাৰ;
বেজাৰৰ পৰা হয় দাহ অন্তৰত,
দাহে ধৰি দৰিদ্ৰৰ বুদ্ধি কৰে হত;
বুদ্ধি হত হলে তাৰ দেহা পায় ক্ষয়,
ধনহীন হলে হায়! এতেক প্ৰলয়। ১৭৭
আৰু শুনা;—
বোবা হই থাক।
তথাপি মিছাক।
মুখতনলবি তুলি;
প্ৰাণকে এৰিবি,
তেও নপৰিবি,
ধূৰ্ত্তৰ কথাত ঢলি;
পৰৰ ধনত,
সুখ সোৱাদত।
সদাই তিতাকে খাবি;
মাগি যি আনিবি,
তাকে লই খাবি
সুখ তাতেই হে পাবি। ১৭৮
তদুপৰি;—
উদি গৰু ঘৰ,
ভালৰ ভিতৰ,
দগধাত নাই প্ৰয়োজন;
ৰজা অধিপতি,
হলে দুষ্ট মতি,
যুগুত সি দেশৰ বৰ্জ্জন;
খেৰেচৰ সতি,
লগকো নেপাতি,
প্ৰাণকে এৰাহে ভাল; .
কি কাম তিৰীত,
নচলে পটিত,
খাতিবি তেনে বৰলা কাল। ১৭৯
আৰু চোৱা;—
বহতীয়া হলে যেনে মান হৰি যায়,
জোনৰ পোহৰে যেনে আন্ধাৰ গুচায়;
জৰা কালে পাই যেনে কান্তি কৰে নাশ।
হৰি হৰ নামে যেনে পাপৰ বিনাশ;
সেই দৰে যত গুণ আছে সাঁচতীয়া।
সকলো আঁতৰি যায় হলে মগনীয়া। ১৮০
এই বোৰ কথা ভাবি চাই মই আকৌ পৰৰ হাতে-সৰকা এৰেহা খাই কেনেকৈ জীৱন ধৰোঁ। হায়! হায়! মোৰ কপাল! ইয়াতকৈ দেখোঁ মোৰ পক্ষে যম পুৰিৰ দুৱাৰ-ডলিও ভাল। কিয়নো;—
অলপীয়া বিদ্যা আৰু পৰে দিয়া ভাত।
এই দুই বিড়ম্বন৷ জানিবা নিৰ্ঘাত।১৮১
আৰু;—
নিত্য নিৰন্তৰ যাৰ বাস প্ৰবাসত,
শোৱন ভোজন হয় পৰৰ ঘৰত;
যুগমীয়া ৰোগে যাৰ শৰীৰ শুকায়,
জীয়া মৰা সি জনৰ একো ভেদ নাই। ১৮২
লোভত পিচলে বুদ্ধি, লোভতে হুতাহ,
হুতাহৰ পৰা পায় শোক, তাপ, দাহ;
এবাৰ পৰিব যেয়ে ঘোৰ হুতাহত,
ইহ পৰ কাল তাৰ যাব বিপদত। ১৮৩
তাৰ পাচত, মই এদিন লাহে লাহে বাজলৈ ওলাই আহিছিলোঁ। কাণু আতৈয়ে আকৌ সেই কলা বাঁহ-চটাৰে মাটিত কোবাই মোক খেদি দিয়াত মই ভাবিলোঁ;—
অসন্তুষ্ট, আক্ৰোহী; লুতুৰা মানুহৰ,
নুগুচে বিপদ নিতে সমূলি লগৰ। ১৮৪
আৰু;—
চালৰ ফানটি যাৰ ভৰিৰ তলত,
মাটিকো ফানটি বুলি গমে সি মনত;
তদ্ৰূপ সন্তোষ যাৰ আছে অন্তৰত।
বিপদে৷ সম্পদ হয় তাৰেহে ভাবত। ১৮৫
আৰু শুনা;—
সন্তোষ-অমৃতে আছে যাৰ দেহাভৰি।
বিমল আনন্দ তাৰ হয় যেনে কৰি;
ক’ত পায় সেই সুখ ধন লুভীয়াই,
হেঁপাহত ঘূৰি ফুৰি দেশ খপিয়াই?১৮৬
আগত বৈৰাগ্য যাৰ পাচত বাসনা।
ধন্য তাৰ জ্ঞান বিদ্যা, সাৰ্থক সাধনা। ১৮৭
ধনীৰ দুৱাৰত যি আঁঠু লোৱা নাই,
ভোগা নাই বিৰহৰ বিষম বিলাই;
কোৱা নাই মুখেৰে যি নৰজা বচন,
ধন্য সেই নৰ! যদি আছে কোনো জন।১৮৮
আৰু এটা কথা চোৱা; —
মন যাৰ উত্ৰাৱল ধনৰ লোভত,
শতেক যোজনো তাৰ নহয় দূৰত;
থিৰ জুৰ সন্তোষিত মন আছে যাৰ,
মুঠিৰ ধনতো তাৰ নহয় আদৰ। ১৮৯
বাৰু ভাল, এতিয়া লুটিতে বাগৰ দি কেনেকৈ তৰিব পৰা হয় তাৰেহে এটা দিহা কৰিব লগীয়া হল। পূৰ্ব্বেও এই কথা কোৱা আছে;—
- ধৰ্ম্ম আছে কত?
- প্ৰাণীৰ দয়াত;
- সুখ হয় কাৰ?
- ৰোগ নাই যাৰ।
- চেনেহ কি হত?
- আছে সম্ভাবত;
- পণ্ডিত নো কোন?
- গমি চোৱা জন। ১৯০
এই বিষয়ৰ আৰু এই এটা কথাও চোৱা;
কাৰ্য্যকাৰ্য্য বুদ্ধি যাৰ হয় সময়ত,
কাজুৱা পণ্ডিত তেওঁ তৰে বিপদত;
ঠেকত পৰিলে যাৰ বুদ্ধি লোপ পায়,
আপদেও আহি তাক ধৰেহি মেৰাই।১৯১
কুলৰ নিমিত্তে ত্যাগ কৰিবা এজন।
গাঁৱৰ নিমিত্তে কৰা কুলৰ বৰ্জ্জন;
দেশেৰ নিমিত্তে ত্যাগ কৰিবা গাঁৱক;
নিজৰ নিমিত্তে কিন্তু ত্যজা জগতক।১৯২
আৰু;—
পানীটুপী পাঁও যদি অতি সহজত,
শঙ্কা ভয় দেখোঁ যদি সুন্দৰ ভোগত;
উভয়ৰ ভাল যিটো জানিম বিচাৰি,
তাকে বাচি ল’ম য’ত সুখ আছে ভৰি। ১৯৩
এই বোৰ কথা গুণি ভাবি চাই পাচত মই এই নিৰ্জ্জন হাবিলৈ গুচি আহিলোঁ। কিয়নো;—
ভাই বন্ধু আছে ভৰি
বিতোপন ৰম্য পুৰি,
ধন হীন জনে তাত থকা নুযুৱায়;
শৰীৰ পাচত পৰি,
নিকাৰ ভোগাত কৰি,
অৰণ্যত গই থকা তাৰ শোভা পায়;
বাঘে ঘোঙ্গে চৰা ঠাই,
সিও তাৰ ভাল হয়,
ডালে পাতে সজা বহা তাৰ বিতোপন;
শাক কচু আলু খোৱা,
তৃণ শয্যা পাতি শোৱা,
ডাল তাৰ, পিন্ধা আৰু বাকলি বসন। ১৯৪
তাৰ পাচত এই অৰণ্যৰ ভিতৰত আহি এই বন্ধুৰ সৈতে মোৰ লগ হল। এওঁ মোক স্নেহ প্ৰীতিৰ দ্বাৰাই নথৈ অনুগ্ৰহ কৰিছে। এতিয়া আকৌ মই স্বৰ্গতুল্য আপোনাৰ আশ্ৰয় পাই মোৰ ভাগ্যৰ উপৰি ভাগ্য মানিছোঁ। কিয়নো : —
সংসাৰ বিহৰ গছ অতি ভয়ঙ্কৰ,
দুটি মাত্ৰ ফল তাৰ সদাই মধুৰ;
এটি ফল, কাব্যৰস বৰষে অমৃত,
ইটি ফল;—সাধুসঙ্গ জুৰ কৰে চিত। ১৯৫
তদুপৰি;–
দুদিনীয়া সংসাৰৰ সাৰ তিনি গোট;–
সাধুসঙ্গ, গঙ্গা স্নান, ভক্তি কেশবত।১৯৬
কাছই কলে;—
অৰ্থৰ স্বৰূপ যেনে,
ভৰিৰ ধূলিটি তেনে,
লাগি সৰি তেতিয়াই যায়;
যৌৱনৰ কাল যেনে,
পৰ্ব্বতীয়া নই তেনে,
বেগা বেগী ভটিয়াই বয়;
আয়ুস অথিৰ যেনে,
পাণীৰ টোপালো তেনে,
টুপুৰাই সৰি পৰে ওৰ;
দেহাৰ জীৱন যেন,
পাণীৰ ওপঙ্গা ফেন,
ভাগি ছিগি তাতে যায় মাৰ;
মতি থিৰ কৰি বৰ,
ধৰম আচৰি ঘোৰ,
নেমেলে যি স্বৰ্গৰ বাট;
জৰা আহি খেদি পাই,
বুকত লগাই জুই,
দহি তাক কৰিব নিপাত। ১৯৭
আপুনি অতি পাতকৈ ধন সাঁচিছিল; সেই কাৰণেহে আপোনাৰ ইমান দুখ গল। এই কথা ষাৰ শুনক:—
বিলে ও বিলৰ পাণী যদি সাঁচি থয়,
উপকাৰ তাত একো শস্যৰ নহয়;
সেই দৰে ধনী লোকে নিবিলালে ধন,
জগতৰ হিত কাৰ্য্য নহয় সাধন। ১৯৮
ধন পোতে কিৰপিণে খানি বৰ গাঁত,
সেই গাঁতে হয় তাৰ নৰকৰ বাট। ১৯৯
আৰু;—
দান ভোগ নকৰি যি ধন সাঁচি যায়,
তাকে বোলে নিজে মৰি পৰক তৰায়। ২০০
তদুপৰি;—
দান ভোগ যাৰ নাই যদি সেই নৰ,
ধনী বুলি মান পায় সকলো লোকৰ;
মাটিৰ তলতো আছে সুবৰ্ণৰ খনি,
নহঁও কি হেতু আমি তাৰে মহা ধনী? ২০১
দান ভোগ হীন হই দিন যায় যাৰ,
সাৰ সুৰ একো নাই সংসাৰত তাৰ;
জীৱন্ততে মৰি সি কটাই দিন ৰাতি,
উশা লই থাকে যেন কমাৰৰ ভাটি। ২০২
বহু ধন আছে তাৰ কোন প্ৰয়োজন?
সুকাৰ্য্যৰ অৰ্থে যদি নহয় ভগন;
সেই বল গাত থাকি কোন কাম কৰে?
শত্ৰুক দমন যদি কৰিব নোৱাৰে;
সেই বেদ শাস্ত্ৰে হয় কোন ফলোদয়?
নীতি ধৰ্ম্ম এৰি যদি অনাচাৰী হয়;
সেই জীবনৰো নাই একো প্ৰয়োজন,
লুতুৰা স্বভাৱ যাৰ নহয় দমন। ২০৩
নোৱাৰে কৰিব ব্যয় কৃপণে যি ধন,
আনেও বুলিব পাৰে; মোৰ সেই ধন;
হেৰালে যেতিয়া কৰে কৃপণে বেজাৰ,
তেতিয়াহে জানি সেই ধন হয় কাৰ।২০৪
গুৰু, বিপ্ৰ, দেৱতাত, নেলাগি নিজত,
কৃপণৰ হৰে ধন পৰি অথলত। ২০৫
এই তিনি গতি ধনে সততেই পায়,
দানে যায়, ভোগে যায়, নতুবা হেৰায়। ২০৬
যি জনে নকৰে দান ভাঙ্গিও নেখায়,
অথলত পৰি ধন তাৰ হৰি যায়।২০৭
আন এটা কথাও এই;—
চাৰি বস্তু আটকীয়া এই জগতত;—
প্ৰিয় কথা সৈতে দান, অগৰ্ব্বী বিদ্যাত,
ক্ষমাৱন্ত, পৰাক্ৰমী আৰু ত্যাগী জন,
সুকাৰ্য্যৰ অৰ্থে যাৰ স্বাৰ্থহীন দান। ২০৮
পূৰ্ব্বৰ এই কথাষাৰ শুনা;—
দিনে দিনে কিছু কিছু সঁচা ভাল হয়,
সমূলঞ্চে সঁচা কিন্তু কৰ্ত্তব্য নহয়;
আক্ৰোহী শিয়ালে সাঁচি সকলো চপাই,
থাকিল পাচত মৰি ধেনু ওফৰাই।২০৯
পহু-কাড়ী আৰু আক্ৰোহী শিয়ালৰ কথা।
(৫)
জীয়া-মৰীয়া টাঙ্গনিত খেহেটা নামেৰে এটা পহু-কাঁড়ী আছিল। তাৰ এদিন মঙ্গহ খাবৰ মন গল; সেই নিমিত্তে সি হাতত চুটিয়া-ধেনু এখনলৈ বিন্ধা-কটা হাবিলৈ পহু বিচাৰি গল। সেই হাবিত সি পহু এটা লগ পাই কঁড়িয়াই মাৰিলে। সেই পহুটো কান্ধত ভাৰ বান্ধিলৈ আহোতে আকৌ সি এটা বৰ ভয়ঙ্কৰ বৰা-পহু লগ পালে। তেতিয়া সি মৰা হৰিণাটো কান্ধৰ পৰা মাটিত নমাই থৈ সেই গাহৰি টোকে কাঁড়েৰে বিন্ধিলে। কাঁড় খাই গাহৰিয়েও মেঘে গজাদি গাজি গুমাই খেদি আহি পহু-কাড়ীৰ আচল ঠাইত খুণ্ডা শোধালে। সি গুৰি কটা গছৰ নিচিনাকৈ গিৰিসাই মাটিত বাগৰি পৰি ততালিকে মৰি থাকিল। কিয়নো;—
সাপে খায়, বাঘে খায়, যদি মৰে জলে,
যাৰ য’ত মৃত্যু আছে কৰ্ম্ম দশা ফলে। ২১০
আৰু;—
জল, অগ্নি, বিহ আদি বিঘিনি অপায়,—
এনে বোৰ চেলু ধৰি প্ৰাণী মৰি যায়। ২১১
নভবা নিচিন্তা দুখ আহি যেন কই,
ধৰেহি প্ৰাণীকে খেদি য’তে ত’তে গই;
সেই দৰে সুখো আছে কপাল গুণত.
এতেকে প্ৰৱল দৈব সকলো স্থলত। ২১২।
বাৰু, যি হৈছে হওক, এতিয়া মই এই জন্তু কেইটাৰ মঙ্গহেৰে সৈতে তিনি মাহ দবনিপিটি ভালকৈ খাব পাৰিম। কিয়নো;—
মানুহ মঙ্গহেৰে যাব মাহ দিন,
দুমাহ চলিব আৰু গাহৰি হৰিণ;
তাকৰীয়া বস্তু সাপ খাম এদিনত,
ধেনুৰ গুণেৰে ভাঙ্গো আজিৰ বৰত। ২১২।
এই ধেনুখনৰ আগত লগোৱা ছালৰ গুণঠিগছ সেৰেকা; হওক, তথাপি ইয়াৰেই আজি ভোকৰ পোন খুণ্ডাৰ তাৱৰ মাৰোঁ।” শিয়ালে ইয়াকে কৈ গুণঠিগছ কৰচিবলৈ ধৰিলে পাচত গুণগছ ছিগা মাত্ৰ ধেনুখন ঊফৰি গৈ পোন ছাটেই তাৰ বুকু ফালি সোমাল; শিয়াল তৎক্ষণাত পৰি মৰি থাকিল। এই নিমিত্তেহে মই কৈছিলোঁ যে সাঁচিব লাগে হয় কিন্তু সেই বুলিয়েই অতিপাতকৈ সাঁচিব নেলাগে। কিয়নো;—

সুকাৰ্য্যত কৰে ব্যয় নতু ভাঙ্গি খায়,
স্বৰূপতে সেই ধন গৰাকীয়ে পায়;
আৰু যি ধন, তিৰী সি মৰি এৰি যায়,
আনে ক্ৰীড়া কৰে সেই সকলো চপাই।২১৪।
আৰু—
দান-পুণ্য কৰি তুমি যিখিনি ভাঙ্গিলা,
সেয়েহে তোমাৰ ধন স্বৰূপতে পালা;
নেখাই নবই তুমি সাঁচিলা যিমান,
মৰি গলে কোনে পায় কি পালা উমান? ২১৫।
এতিয়া এই বোৰ কথা যাওক; যি কথা হৈ গল তাক আকৌ খুচৰি উলিয়াবৰ প্ৰয়োজন নাই। কিয়নো;—
নিবিচাৰে জ্ঞানী লোকে বতাহৰ ফুল,[৮]
নোপোৱা বস্তুতো মন নকৰে আকুল;
হানি হলে কোনো বস্তু নুগুণে মনত।
বিপদতো থাকে থিৰ নহই বিস্তৃত। ২১৬।
এই নিমিত্তে কঁও, সখি! তুমি কাম কাজৰ প্ৰতি সদাই উৎসাহ ৰাখিবা, কেতিয়াও কোনো কথাত মন কাণ এৰি নিদিবা। কিয়নো;—
বহু শাস্ত্ৰ পঢ়িলে ও হয় জ্ঞান হীন,
ক্ৰিয়া কৰ্ম্ম আছে যাৰ সেয়েহে প্ৰবীণ;
ঔষধৰ নাম শুনি ৰোগ নপলায়,
নেখালে নললে তাৰ একো গুণ নাই। ২১৭।
আৰু;—
জ্ঞান থাকি নকৰে যি কোনো অনুষ্ঠান,
তেনে জ্ঞান থকা আৰু নথকা সমান;
লগা চাকি থাকে যদি কণাৰ হাতত,
তেন্ত কি আন্ধাৰ তাৰ গুচে জগতত?২১৮
একে ৰাহে সুখ দুখ নে থাকে সদাই,
ঘূৰি ঘূৰি আহে যায় চকৰিৰ প্ৰায়;
যেতিয়া যি আহি পৰে সুখ নতু দুখ,
তাকে গুণি তাৱৰিবা নকৰি বিমুখ। ২১৯
আৰু চোৱা;—
ভেকুলীয়ে লয় গাঁত ডোঙ্গা-ডুঙ্গি চাই,
হাহেও বিচাৰি চৰে পানী থকা ঠাই;
সেই দৰে সম্পদেও সুচল বিচাৰি,
উদ্যোগী লোকৰ ঘৰ থাকে পূৰ্ণ কৰি। ২২০
তদুপৰি;—
সততে উদ্যোগী বীৰ আলস্য বিহীন,
ক্ৰীড়া আদি ব্যসনৰ নহয় অধীন;
দিহা বুজ জনা অতি কাৰ্য্যত নিপুণ,
প্ৰণয়ত ডাঠ আৰু কৃতজ্ঞ যি জন,
সেই জন পুৰুষক নিজেই বিচাৰি,
লখিমী থাকেহি আহি মহানন্দ কৰি।২২১
আৰু এটা বিশেষ কথা ও এই;—
জ্ঞানীৰ নহৰে মান নহলেও ধন,
অতুল ধনতো পায় কৃপণে নিন্দন;
সোণৰ মাদলী পিন্ধি ওলায়ে কুকুৰ,
পায় কি সি ৰূপ গুণ প্ৰমত্ত সিংহৰ?২২
আৰু;—
আছে ধন,—তাৰ বাবে কিয় অহঙ্কাৰ?
নাই ধন,—তাতো হয় কিয় বা বেজাৰ?
হাতৰ তলৰ ঢোপ ভাগ্য মানুহৰ,
উঠিব পৰিব তাত বিচিত্ৰ কি হৰ?২২৩
তদুপৰি;—
ডাৱৰৰ ছঁয়া আৰু প্ৰেম খলুৱাৰ,
মহতালি যৌবনৰ, ধন, অহঙ্কাৰ;
গাভৰুৰ ৰেহ ৰূপ, বস্তু বতৰৰ,
দুদিনত অন্ত হয় এই সমস্তৰ। ২২৪
আৰু এঠাইত এই কথা আছে;—
জীবিকাৰ হন্তে ভবা একো কাজ নাই,
সকলোৰে খোৱা বস্তু দিছে বিধতাই;
উপজি মাটিত প্ৰাণী পৰাৰ আগত,
অমৃতৰ সৃষ্টি হয় মাতৃৰ বুকত।২২৫।
সখি! আৰু এট কথা কঁও শুনা;—
ধৱলি কৰিলে যেই হাঁহৰ বৰণ,
শুকৰো সানিলে গাত শ্যামল ৰহন;
মৈৰাকো কৰিলে অতি বিচিত্ৰ চৰাই,
তোমাকো আহাৰ দিব সেই বিধতাই। ২২৬
আৰ্জ্জনত পায় দুখ হৰিলে বেজাৰ,
সাঁচিলে মনত হয় ঘোৰ অহঙ্কাৰ;
এনে দোষ আছে যদি ধনৰ মূলত,
হিতকৰ বোলা তাক কিহৰ গুণত?২২৭
আৰু এঠাইৰ কথাও এই;—
ধৰমৰ অৰ্থে ধন বিচৰাত কৰি,
নিবিচাৰি থকা অতি ভাল সৰ্ব্বোপৰি;
আগে সানি বোকা পাচে পখলাত কৰি,
নুচুই দূৰতে ভাল যোৱা পৰিহৰি। ২২৮
অধিকন্তু;—
আকাশত থলে নিয়ে শেনেথ পিয়াই,
পানীত পেলালে ধৰি ঘঁৰিয়ালে খায়;
বাঘে ঘোঙ্গে ধৰি খায় থাকিলে মাটিত,
মঙ্গহৰ নাই ঠাই এই পৃথিবীত;
তাকে দেখি ধনী লোকে সদাই বিতত,
নিজৰ মঙ্গহ ধন সিনো থয় ক’ত?২২৯
তদুপৰি;—
মৰণৰ যেনে ভয় সকলো জীবৰ,
ততোধিক আছে ভয় ধনী মানুহৰ।
ৰজা, জ্ঞাতি, অগ্নি, চোৰ, জলে হৰে বুলি,
সততে ধনীৰ ভয় নুগুচে সমূলি। ২৩০
আরু;—
সমূহ দুখত জন্ম এই সংসাৰত,
আৰু আছে কিবা দুখ তৰি ওপৰত?
যিমান বিচাৰে ধন নেপায় সিমান,
হেঁপাহো নুগুচে হায়! চপায় যিমান। ২৩১
ভাই! আৰু এটা কথা কওঁ, তাকো শুনা;—
নহয় সুলভ ধন; দুখ কৰি পায়,
ৰাখনত দুখ আৰু ততোধিক যায়;
সাঁচি ৰাখি হেৰুৱালে মৰণ বেদনা,
এনে ধন অৰ্থে তুমি এৰিবা ভাবনা। ২৩২।
দুখী কোন? ধনী কোন? তৃষ্ণা যদি নাই,
দাসত্ব মূৰত দিয়ে তৃষ্ণা পালে লাই। ২৩৩।
যেতিয়া যিহত বাঞ্চা খেলাই মনত,
তাতেহে হেঁপাহ থাকে সদায় আগত;
জানিবা তেতিয়া হল লাভ স্বৰূপত,
বাসনা পৰিব গই ওৰ যি স্থলত। ২৩৪।
কিয়নো;—
সন্তৰ মিত্ৰতা থাকে যাৱত জীৱন,
উঠিলেও যায় মাৰ ক্ৰোধ তেতিক্ষণ;
ত্যাগতো সদাই থাকে নিষ্কাম হৃদয়,
নিজৰ স্বাৰ্থৰো প্ৰতি ৰাপ একো নাই। ২৩৫
এই কথা শুনি পাখি লাহীয়ে কলে;—কুৰ্ম্ম-পতি! তুমিয়েই হে ধন্য! আমি তোমাৰ শলাগ নলৈ থাকিব নোৱাৰো। আৰু আমি তোমাকে আশ্ৰয় কৰি থকাহে উচিত।
কিয়নো;—
উধাৰিব পাৰে মাত্ৰ ভালেহে ভালক,
বোকাত পৰিলে তোলে গজেহে গজক। ২৩৬
আৰু চোৱা;—
গুণীয়ে বুজে গুণৰ মোল,
নিৰ্গুৰ্ণৰ নাই তাত পৰিতোষ;
ভোমোৰা বিচাৰে পদ্ম-ফুল,
ভেকুলীৰ তাত নহয় সন্তোষ। ২৩৭
তদুপৰি;—
যাৰ আশ কৰি লোকে কামনা পূৰায়,
শৰণত পশি আৰু বিফলে নেযায়;
ধন্য সেই সুপুৰুষ! শ্ৰেষ্ঠ জগতৰ
শলাগৰ পাত্ৰ তেওঁ সকলো লোকৰ। ২৩৮
এইৰূপে কাউৰী; নিগণি আৰু কাছই ইচ্ছামতে চৰি ফুৰি মহা আনন্দৰ সৈতে সেই ঠাইত বাস কৰি আছিল। এনেতে এদিন মিনা-কজলা নামেৰে হৰিণা এটা অকস্মাৎ উজাৰ খাই সেই ঠাইলৈ আহিল। পহুৰ পাচত কিবা ভয়ৰ কাৰণ আছে বুলি মনত শঙ্ক৷ কৰি কাছ গৈ পানীত পৰিল; শলিয়া গৈ গাঁতত সোমাল, আৰু কাউৰীয়ে উৰি গৈ গছৰ আগত পৰিল। পাখি-লাহীয়ে গছৰ ওপৰৰ পৰা পাচত ভালে মান দূৰলৈ চাই যেতিয়া কোনো ভয়ৰ কাৰণ নেদেখিলে তেতিয়া আকৌ এটাইবোৰ একে ঠাইতে গোট খাই আহি বহিল। তেতিয়া কাছই হৰিণাক সুধিলে;— “হৰিণা দেও! আহক! আপোনাৰ ভাল? আপুনি ইয়াত ইচ্ছামতে চৰি ফুৰি এই বন শুয়নি কৰি থাকক।” মিনা-কজলাই কলে; পহু কাঁড়ী এটা আহি এই হাবি উজাৰি দিয়াত মই ভয় পাই আপোনা লোকৰ আশ্ৰয় লবলৈ ইয়ালৈ আহিলোঁ।
কিয়নো;—
শৰণত পশিলে যি নিদিয়ে আশ্ৰয়,
মহা পাপে চোৱে তাক, জ্ঞানী লোকে কয়।২৩৯
“এতিয়া আপোনা লোকৰ সৈতে মই মিত্ৰতা কৰিবৰ বাঞ্চা কৰিলোঁ।” পতাল-পুৰীয়াই কলে;—“আপোনাৰ সৈতে আমাৰ মিত্ৰতা বিনা প্ৰবন্ধেই সিদ্ধি হল বুলি জানিব।
কিয়নো;—
আপোনাৰ বঙহ মিত্ৰ স্বভাব গুণত,
ইটে সিটে মিত্ৰ হয় বিয়া সম্বন্ধত;
ৰজাৰ চৰাত নতু ঘোৰ বিপদত,
ৰক্ষা কৰা জনো হয় লেখ মিতিৰত।
জাতি কুল ক্ৰমে মিত্ৰ হয় পৰস্পৰ,
এই চাৰি বিধ মিত্ৰ আছে পূৰ্ব্বাপৰ। ২৪০
“এতিয়া আপুনি নিজৰ ঘৰ যেন ভাবি এই ঠাইতে বাস কৰি থাকক।” এই কথা শুনি হৰিণাই মনত বৰ ৰংপালে, আৰু আহাৰ পানী খাই এজোপা পানী-পৰীয়া বৰ গছৰ তলত থাকিবলৈ খোৰ ললে।
কিয়নো;—
বৰ গছৰ ছাঁ আৰু তিৰি সুলক্ষনী,
ওখ পকীঘৰ আৰু দ নাদৰ পানী;
এই চাৰি বিধ বস্তু খ্যাত জগতত,
ঘাম কালি চেচা হয়, জাৰত তপত।
ইয়াৰ পাচত কাছই হৰিণাক সুধিলে;— “সখি, হৰিণা! এই নিজান হাবিৰ মাজত আহি তোমাক কিহে উজাৰিলে? কেতিয়াবা ইয়ালৈ ব্যাধ বোৰ আহি ফুৰাচকা কৰেনে কি?” হৰিণাই কলে;—উজানি দেশত ৰুক্ম সিংহ নামেৰে এজন ৰজা আছে। তেওঁ দিগ্বিজয় কৰিবলৈ আহি সসৈন্যে চাঁদই নইৰ পাৰত বাহৰ কৰি আছেহি। ৰাতি পুৱালেই তেওঁ এই বগী-বিলৰ পাৰলৈ আহিব। মই এই কথা ব্যাধ বোৰৰ মুখত কোৱা কুৱি কৰা শুনি আহিছোঁ। গতিকে ৰাতি পুৱা পৰ্য্যন্ত আমাৰ ইয়াত থকা ভয়ৰ কাৰণ হৈছে। ইয়াকে চাই এতিয়া যেনে দিহা কৰিব লাগে আপোনালোকে বিবেচনা কৰি তাকে কৰক।”
এই কথা শুনি কাছই কলে;—“সখি! তেন্তে মই এই ঠাই এৰি আন এডোঙ্গা পানী বিচাৰি যাবলৈ ওলালোঁ।” কাউৰী আৰু হৰিণাই কলে;—“সখি! ভাল কৈছা; আমিও এই ঠাই এৰি পলাই যাঁও হঁক।” পতাল-পুৰীয়াই সিহঁতৰ কথা শুনি ভাবি চিন্তি কলে;—“হয়, ঠাই এৰি যোৱাকেই ময়ো ভাল বোলোঁ; কিন্তু আন এডোঙ্গ৷ পানী পালেহে কাছ নিৰ্ভয় হব পাৰিব। পাচে তেওঁ বাম বাটে কেনেকৈ যাব? তাৰ কি উপায় কৰিবা হঁক?
কিয়নো;—
পানীৰ জন্তুৰ বল পানী পালে হয়,
ৰণুৱাই কৰে বল গড়ত সোমায়;
আপোনাৰ চোঙ পায় বাঘে কৰে বল,
ৰাজ-শক্তি বৃদ্ধি হয় পালে সৈন্য দল। ২৪২
আৰু;—
পত্নিৰ লাঞ্ছনা দেখি চকুৰ আগত,
সাউদৰ পুত্ৰ যেনে পৰে বিষাদত;
তুমিও তেনেটো পাবা বিষাদ মনত,
অথলত পৰি পাচে বুদ্ধিৰ দোষত।” ২৪৩
কাউৰী আৰু হৰিণাই সুধিলে;—“কেনেকৈ”? পতালপুৰীয়াই কলে;—
সাউদৰ পুতেকৰ কথা।
(৬)
কনৌজ দেশত বীৰ সেন নামৰ এজনা ৰজা আছিল। ৰজাই সেই দেশৰ বীৰ পুৰ নগৰত তেওঁৰ বৰজনা কোঁৱৰ মহাবলক ডেকা ৰজা পাতি থৈছিল। ৰাজ কোঁৱৰ ইপিনে চফল ডেকা, তেজ শক্তিৰে পূৰ আৰু বৰ প্ৰতাপী; তাতে আকৌ সিপিনে ধনৰ ওপচ ভৰালৰো গৰাকী; গতিকে তেওঁ যিহকে ইচ্ছা কৰিছিল তাকেই কৰিব পাৰিছিল! এদিন তেওঁ নিজ নগৰ ফুৰিবলৈ গৈ ৰূপহী নামৰ এগৰাকী ভৰ গাভৰু ধনী সদাগৰৰ পো-বোৱাৰীক দেখি আহিল। কোঁৱৰ কাৰেঙ্গলৈ ঘূৰি আহি বৰ অধীৰ হল; ততালিকে এজনী লিগিৰী মতাই আনি ৰূপহীৰ ওচৰলৈ বাতৰি দি পঠিয়ালে। কিয়নো;—
সুনীতি সুবুদ্ধি তাৰ হৰি পৰে ওৰ,
ডেকাই যেতিয়া লয় গাভৰুৰ খোৰ। ২88
ৰূপহীয়েও ৰাজ কোঁৱৰক দেখা পোৱাৰ মুহূৰ্ত্তৰ পৰা বৰ উত্ৰাৱল হৈ একে চিতে ৰাজ-কোঁৱৰলৈকে ধিয়াই আছিল। কিয়নো;—
চহলা-মহলা, মিছা, মায়া, অহঙ্কাৰ,
স্বভাৱতে এই বোৰ দোষ তিৰোতাৰ। ২৪৫
ৰূপহীয়ে লিগিৰীৰ কথা শুনি কলে;—“মই পতিব্ৰতা; গিৰিহঁতৰ বিনা মই আৰু কাকো নেজানো; এনে অধৰম আৰু মহাপাপত ভৰি দি স্বামীক কেনেকৈ উলঙ্ঘা কৰিব পাৰোঁ। কিয়নো;—
ভাৰ্য্যা তাই,—কামে বনে ধৰিব যি ঘৰ,
ভাৰ্য্যা তাই,— পুত্ৰবতী হব চেনেহৰ;
ভাৰ্য্যা তাই,—প্ৰাণ তুল্য দেখে যি পতিক,
ভাৰ্য্য৷ তাই,—পতিব্ৰতা নুলঙ্ঘে স্বামীক।
আৰু;—
ভাৰ্য্যা বুলি নেমাতিবা সি জনী তিৰীক,
নোতোষে ভক্তিৰে যদি নিজৰ স্বামীক;
অগ্নি সাক্ষী কৰি যাৰ বিবাহ বন্ধন,
সেই পতি বিনে নাই নাৰীৰ শৰণ। ২৪৭।
তদুপৰি;—
সুৱলা মাতেই ৰূপ কলীয়া কুলিৰ,
পতিত্ৰতা ৰূপ হয় সকলো তিৰীৰ;
আগঢ়িক দিয়ে গঢ় বিদ্যাৰ ৰহনে,
তপস্বীৰ শান্ত ৰূপ দিয়ে ক্ষমা গুণে।” ২৪৮।
পাচত ৰূপহীয়ে কলে;—“মোৰ যি জনা জীৱন মৰণৰ গৰাকী তেওঁ মোক যিহকে কৰিবলৈ কয়, মই তাকেই কৰিম।” লিগিৰীয়ে সুধিলে;—“বাৰু, সঁচা কৈছা নহয়?” ৰূপহীয়ে কলে;—“হয়, সঁচা কৈছো; এই কথাৰ একো লৰচৰ নহয়।” ৰূপহীয়ে যি যি কথা যেনেকৈ যেনেকৈ কৈছিল লিগিৰীয়ে সেই সকলোখিনি কথা ঠিক সেই দৰেই ৰাজ-কোঁৱৰক গৈ জনালে। তেতিয়া ৰাজকোঁৱৰে কলে; “বিষম কন্দৰ্পৰ বানত মোৰ বুকু ফাটি আছে, এতিয়া মোৰ জীৱনৰ কি উপায় হয়? লিগিৰীয়ে আশ্বাস দি কলে;—“আপুনি চিন্তা নকৰিব, তাইৰ নিজৰ গিৰিয়েকেই তাইক আনি আপোনাক সোধাবহি।” ৰাজকোৱঁৰে সুধিলে;—“তেনে কথা কেনেকৈ হব পাৰে?" লিগিৰীয়ে কলে;—“তাঁৰ উপায় আছে; আপুনি জানো পূৰ্ব্বৰ এই কথা শুনা নাই?
বলেৰে নোৱাৰি যত, চলে পাৰি তাত,
শিয়ালেও মাৰে হাতী পেলাই বোকাত।” ২৪৯।
ৰাজ-কোঁৱৰে সুধিলে;—“শিয়ালে হাঁতী কেনেকৈ মাৰিলে? লিগিৰীয়ে কলে;—
শিয়াল আৰু হাতীৰ কথা।
(৭)
বামুন-বাৰী হাবিত ঢল-ফোটা নামৰ এটা হাতী আছিল। বাঁহ-শিয়ালে সেই হাতীটো দেখি ভাবিলে;— “যদি আমি এই হাতীটো কোনো গতিকে মাৰিব পাৰোঁ তেন্তে আমি ইয়াৰ মঙ্গহ খাই চাৰি মাহ মানলৈ সুখেৰে থাকিব পাৰোঁ।” সিহঁতৰ মাজত এটা বুঢ়া শিয়াল আছিল; সি প্ৰতিজ্ঞা কৰি কলে;—“মই এই হাতীটো বুদ্ধি কৰি নিশ্চয় মাৰিম।” পাচত সেই ফন্দিয়ক শিয়ালে ঢল-ফোঁটাৰ ওচৰলৈ গৈ তাৰ আগত আঁঠু চোঙ্গাই ওলগ লৈ কলে;—স্বৰ্গ-দেৱ! বন্দীৰ ফালে কেৰাহি কৰি চাই অনুগ্ৰহ কৰক।” হাতীয়ে সুধিলে;— “হেৰ তই কোন? কৰ পৰা আহিছ?” শিয়ালে কলে;—মই শিয়াল। হাবিৰ সকলো জন্তুৱে গোট খাই মোক আপোনাৰ ওচৰলৈ পঠিয়াইছে; কিয়নো অৰাজক দেশত বাস কৰা যুগুত নহয়। সেই নিমিত্তে আপোনাৰ গাত ৰাজ-যোগ্য সকলো সুলক্ষণ দেখি আপোনাক আমি সকলোৱেই মিলি এই অৰণ্য-ৰাজ্যৰ ৰজা পাতিবৰ ইচ্ছা কৰিছোঁ কিয়নো;—
বিশুদ্ধ বিমল সত কুলৰ আচাৰ,
বল, শক্তি, নীতি, ধৰ্ম্ম আৰু লোকাচাৰ;
এই বোৰ যাৰ গাত আছে সুলক্ষণ,
সি জনক দিব লাগে ৰাজ সিংহাসন। ২৫০।
আৰু চোৱা;—
আগে লবা ৰজা পাতি পাচে ঘৰ বাৰী,
ৰজা বিনা কোনে ৰাখে ধন সোন তিৰী। ২৫১।
তদুপৰি;—
লেশমাত্ৰ দোষ নাই যাৰ অন্তৰত,
এনে সাধু পোৱা টান এই জগতত;
কেৱল দণ্ডৰ ভয় প্ৰায় লোকে কৰি,
নিজ বৃত্তি পালি থাকে ধৰম আচৰি;
ৰুগীয়া, ঘুনীয়া আৰু দুখীয়া স্বামীত,
তিৰোতায়ো কৰে ৰাপ ৰজাৰ দঁড়িত। ২৫২।
এই নিমিত্তে শুভলগ্নৰ সময় নৌ যাওঁতেই স্বৰ্গদেৱে সোনকাল কৰি আহক।” ইয়াকে কৈ শিয়াল যাবলৈ উঠিল। পাচত ঢল-ফোঁটাই ৰাজ্যৰ লোভত শিয়ালে দেখুৱাই নিয়া বাটে দি উধাতু খাই গৈ থাকি মহা পঙ্কত পৰিল। তেতিয়া হাতীয়ে কলে;—“সখি, শিয়াল! মই বোকাত পৰিলোঁ, এতিয়া উপায় কি? মোৰ ফালে এবাৰ ঘূৰি চোৱা!” শিয়ালে দাঁত নিকটাই কলে;–“দেউতা! আপুনি মোৰ নেজৰ আগ দুখৰি ধৰি উঠক। আপুনি মোৰ নিচিনা প্ৰাণীক বিশ্বাস কৰাৰ বাবে বোকাত পৰি মৰিবই লাগে; আপোনাক কোনে তুলি আনিব? পূৰ্ব্বৰ এই কথা জানো আপুনি শুনা নাই?—
কৰিবি বেয়াৰ সঙ্গ মৰিবি নিঢালে,
কৰিবি ভালৰ সঙ্গ জীবি চিৰকালে।” ২৫৩।

সাউদৰ পুতেকে নিজৰ দুৰ্ব্বুদ্ধিত ঘৈনীয়েকক লোকক সোধাই দি নিজৰ মহামাৰ নিজে চিন্তি ললে। বিবুদ্ধি হৈ সি মহা সন্তাপত পৰিল। শেষত তুমি ও তেনে সন্তাপ পাবা বুলি হে মোৰ মনত শঙ্কা হৈছে। কিন্তু কাছই সেই কথালৈ কাণ নকৰি ভয়ত বিবুদ্ধি হৈ, বিলৰ পৰা উঠি যাবলৈ ওলাল। পতাল-পুৰীয়াকে আদি কৰি লগৰীয়া কেইজনেও বাটত অনিষ্টৰ আশঙ্কা কৰি কাছৰ লগে লগে আহিল। কাছই বাম বাটে দি আহি আছিল, এনেতে হাবিত ফুৰি থকা ব্যাধ এটাই তাক দেখা পাই, অনায়াসে বুটলি লৈ ধেনুৰ আগত বান্ধি ললে। হাবিত অনাই বনাই ফুৰি ব্যাধৰ বৰ ভোক পিয়াহ লাগিছিল; সি বাটত, কাছ এটা সেই দৰে বুটলি পাই, তাৰ ভাগ্য মানি, ঘৰমুৱা হৈ আহিবলৈ ধৰিলে। কাউৰী, শলিয়া আৰু হৰিণাই মৰণান্তিক বেজাৰ পাই ব্যাধৰ পাচে পাচে আহি আছিল;—
পতাল পুৰীয়াই বাটে বাটে এই কথা কৈ দুখ কৰি আহিছিল;—
এক দুখ সমুদ্ৰৰ পাৰ পোৱা নাই,
আৰু এক দুখে মোক ধৰেহি মেৰাই;
ছিদ্ৰ পালে অনৰ্থই নিদিয়ে সময়,
এটা এটা কৰি মাত্ৰ তাৰ বৃদ্ধি পায়। ২৫৪
যি জন প্ৰকৃত বন্ধু এই জগতত,
নে যায় মিত্ৰতা তাৰ বিপদ কালত;
জন মত যাৰ আছে বৰ পুণ্য বল,
সেই জনে পায় বন্ধু তেনে সুবিমল। ২৫৫।
তদুপৰি;—
সৰল বন্ধুক যেনে হিয়া উদিয়াই,
দিব পাৰি তেনে কোনো জগতত নাই;
মাতৃ, ভাৰ্য্যা নতু হক নিজৰ তনয়,
বন্ধুৰ সমান কেও বিশ্বাসী নহয়। ২৫৬।
বাৰে বাৰে এই বোৰ কথা ভাবি পতাল-পুৰীয়াই কলে;— হায়! হায়! মোৰ কপাল!
কিয়নো;—
ভাল বেয়া যেনে কৰ্ম্ম কৰে জগতত,
তাৰ ফল পায় লোকে মৃত্যুৰ পাচত,
মোৰ দেখোঁ কপালত তাৰ বিপৰীত,
হাতে হাতে পাওঁ মই ফল ই পুৰিত। ২৫৭।
আৰু,—
আজি আছে এই দেহা কালি যাব হৰি,
সম্পদকো ধৰে আহি বিপদে আবৰি;
মিলনৰ পাচে আছে বিয়োগৰ ভয়,
মৃত্যু আছে সকলোৰ জানিবা নিশ্চয়। ২৫৮।
শোক, শত্ৰু ভয় আদি যি জনে গুচায়,
প্ৰীতি বিশ্বাসকো লয় বুকুত সুমায়;
সি জন পৰম ৰত্ন! কোনে দিলে তাৰ,
দুই বৰ্ণে “মিত্ৰ” নাম অতি পৰিষ্কাৰ। ২৫৯।
সি আকৌ বৰ দুখ কৰি কলে; —
নয়নত আছে যাৰ প্ৰীতিৰ ৰহন,
হৃদয়তো আছে যাৰ প্ৰেমৰ বন্ধন;
যি জন সুখত সুখী, দুখতো দুখিত,
তেনে জন মিত্ৰ লাভ হয় কদাচিত;
সম্পদত চাপ খায় যিমানে মিতিৰ,
স্বাৰ্থ বাজে বন্ধুভাব নাই কোনোটিৰ;
কষটিত ঘঁহি যেন সোণ চিনা যায়,
বিপদেও দিয়ে তেনে মিতিৰ চিনায়। ২৬০।
এই প্ৰকাৰে অনেক বিলাপ কৰি পতাল-পুৰীয়াই পাখি-লাহী আৰু মিনা কজলাক কলে;—“এই ব্যাধটো হাবিৰ পৰা ওলাই বাজ হোৱাৰ পূৰ্ব্বেই কাছক সৰুৱাই আনিবৰ এটা উপায় কৰিব লাগিল।” তাঁহাত দুয়ো সুধিলে;—“কি উপায় কৰিব খুজিছা, সোন-কালে কোৱা।” পতাল-পুৰীয়াই কলে;— “মিনা-কজলাই গৈ পানীৰ যুৱলিত মৰ ভাও জুৰি বতাহেৰে পেট ও কন্দাই পৰি থাকক আৰু কাউৰীয়ে গৈ তাৰ ওপৰত উঠি ঠোঁটেৰে খুটি থাকক। মঙ্গহু লুভীয়া ব্যাধে নিশ্চয় কাছক এৰি থৈ পহুৰ ওচৰলৈ যাব; সেই ছেগতে মই গৈ কাছৰ বান্ধ কুটি ছিঙ্গি দিম। ব্যাধ ওচৰ চাপিলে তোমালক দুয়ো উঠি পলাবা।” এই কথাৰ অন্তত মিনা-কজলা আৰু পাখি-লাহীয়ে লৰা লৰিকৈ গৈ শলিয়াই যেনেকৈ কৰিবলৈ কৈছিল ঠিক সেই দৰেই কৰিলে।
হাবি ফুৰি ব্যাধৰ ভাগৰ লাগি আছিল; সি পানী খাই গছৰ তলত জিৰাবলৈ বহিল আৰু ইপিনে সিপিনে চাঁওতে পৰি থকা পহুটোলৈ তাৰ চকু গল। তেতিয়া সি কাছক পানীৰ দাঁতিত এৰি থৈ, হাতত মাত্ৰ কটাৰি এখন লৈ, বৰ ৰং মনেৰে পহুৰ ওচৰলৈ গল। এই ছেগতে আহি পতাল-পুৰীয়াই কাছৰ বান্ধ কুটি দিলেহি! কাছ মুকলি হৈ পানীত পৰিল। ইফালে পহুৱে ও ব্যাধক ওচৰ চপা দেখি গিৰিসাই উঠি লৰমাৰি হাবি সোমাল। ব্যাধে ঘূৰি আহি গছৰ তলত কাছক নেপাই ইয়াকে ভাবি কলে;— “ভাল হল! মই যেনে অবুজ কায কৰিলোঁ তাৰ তেনে ফল পালোঁ।
কিয়নো;—
ঠিক এৰি অঠিকক যি কৰিব আশ,
অঠিক হেৰায় তাৰ, ঠিকৰো বিনাশ।” ২৬১।
ব্যাধে তাৰ কৰ্ম্ম-দোষত নিৰাশ হৈ বেজাৰ মনেৰে সি থকা বাহৰলৈ গুচি আহিল! কাছকে আদি কৰি সেই সকলো জন্তুৱেই আপদৰ হাত সাৰি মহা সুখেৰে সেই হাবিত বাস কৰি
থাকিল। 
পাচত ৰাজ-কোঁৱৰ সকলে বৰ আনন্দ পাই পণ্ডিতক কলে; “দেউ! আমি সকলোখিনি আখ্যান শুনি বৰ সুখী হলোঁ, আৰু আমাৰ কামনাও পূৰ্ণ হ’ল।” তেতিয়া বিষ্ণু বাহুৱে কলে;— “তোমালোকৰ হেঁপাহ পলাল হয়, কিন্তু মোৰ আৰু এটা কথা তোমালোকক কব লগীয়া থাকিল; এতিয়া
তাকো কওঁ, শুনা হক! সেই কথাটো এই;—
পুন্যৱন্ত সাধু জন! লভা বন্ধু তুমি,
ঘৰে ঘৰে থাকে যেন শুভদা লখিমী;
আছা যত নৰেশ্বৰ! প্ৰজাক সততে,
থাকিবা দয়াৰে পালি ধৰমৰ মতে;
নববধুৰূপে নীতি বুকু তোমা সাৰ,
জুৰাই থাকোক নিতে সন্তোষী অপাৰ;
জিলিকে কাচীয়া জোন কপালত যাৰ,
সবে ও মাগিবা কৃপা সেই দেবতাৰ। ২৬২।
ইতি হিতোপদেশে মিত্ৰ-লাভো নাম প্ৰথমঃ
কথা-সংগ্ৰহঃ সমাপ্তঃ।
ত্ৰুটি:অবৈধ ব্যৱধান
- ↑ শেষ দুই;—মৰা আৰু নোপজা।
- ↑ (ক)হাতীয়ে গা ধুই উঠি ততালিকে ধূলি মাটি ছটিয়াই লয়; তাৰ কোনো পুণ্য কৰ্ম্মৰ অনুষ্ঠান নাই; সেই দৰে যি মানুহে মনক দমাই ৰাখিব নোৱাৰে সি জ্ঞানৰ উপদেশ পালেও পাপত লিপ্ত হয়। এলাগী তিৰোতায়ে৷ অলঙ্কাৰ পিন্ধি কেবল শৰীৰৰ ভাৰ বঢ়ায়, সেই দৰে সদনুষ্ঠান হীন মানুহৰো জ্ঞান থকাৰ পৰা একো সুফল নহয়, কেবল তাৰ গাৰ এটা ভাৰ হে হয়।
- ↑ গাখীৰ খীৰাবৰ সময়ত কোনো কোনে৷ দেশৰ মানুহে খীৰতী গাইৰ ঠেঙত পোৱালি বান্ধি লয়; এতেকে মাকৰ শৰীৰেও পোৱালিৰ অহিত কৰে।
- ↑ ৰবিবাৰৰ দিনা পুৰাণ মতে মাছ, মঙ্গহ আদি খোৱা নিষেধ। তাৰ প্ৰমাণ;—মাষমাসিষ মাংসঞ্চ মসূৰং নিম্ন পত্ৰকং। ভক্ষযেদ্ যো ৰবেৰ্বাৰে সপ্তজন্মন্যপুত্ৰকঃ।
- ↑ নাঙলৰ আকৃতিৰে আকাশত ওলোৱা সাতোটা তৰাৰ মাজত নিচেই সৰু তৰা এটিৰ নাম অৰুন্ধতী। এই তৰাটো এটা ডাঙ্গৰ তৰাৰ গাতে লাগি থকা যেন দেখা যায়। যি মানুহ মৰে দি ছমাহৰ আগৰ পৰা সেই তৰাটো নেদেখে আৰু নুমুৱা চাকিৰ গোন্ধ নেপায় বুলি প্ৰবাদ বাক্য চলি আহিছে। ইয়াৰ তাৎপৰ্য্য এই যে মানুহ মৰাৰ পূৰ্ব্বে যেনেকৈ চকু কাণ প্ৰভৃতিৰ শক্তি ঘাটি আছে, সেই দৰে মন, বুদ্ধি প্ৰভৃতিৰো শক্তি হানি হয়।
- ↑ গাতে লাগি থকা যেন দেখা যায়। যি মানুহ মৰে দি ছমাহৰ আগৰ পৰা সেই তৰাটো নেদেখে আৰু নুমুৱা চাকিৰ গোন্ধ নেপায় বুলি প্ৰবাদ বাক্য চলি আহিছে। ইয়াৰ তাৎপৰ্য্য এই যে মানুহ মৰাৰ পূৰ্ব্বে যেনেকৈ চকু কাণ প্ৰভৃতিৰ শক্তি ঘাটি আছে, সেই দৰে মন, বুদ্ধি প্ৰভৃতিৰো শক্তি হানি হয়।
- ↑ (ঙ) দ্বিজাতি শব্দে ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বশ্য এই তিনি জাতিক
বুজাই; - ↑ অসম্ভব বস্তু। বতাহৰ কোনো ফুল নাই, এতেকে অসম্ভৱ বস্তু।