মিচিং নাৰীকণ্ঠ
মিচিং নাৰীকণ্ঠ
গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা
(প্ৰশান্ত পূজাৰীৰ ইংৰাজী অনুবাদৰ সৈতে)
তৰুণ লইং
MISING NARI KANTHA GOLAGHAT ZILAR AGRONI MISING NARIR JIVON GATHA : A historical research work on the historic Mising women of Golaghat District In Assam written by Tarun Loying. Assistant Professor, Department of Assamese, Jorhat College with a translation by Prashanta Puzari, Assistant Professor, Department of English, Assam Women’s University & Published by Tarun Loying. Jorhat-785001 (Assam).
Price : Rs. 300.00 only
|| মূল্য : ৩০০.০০ টকা ||
মিচিং নাৰীকণ্ঠ
গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা
তৰুণ লইং
|| প্ৰথম প্ৰকাশ : অক্টোবৰ, ২০১৯ চন ||
(First Published: October, 2019)
|| অলংকৰণ : পৰাগ বৰুৱা ||
(Design : Porag Borua)
|| লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ||
© Tarun Loying
ISBN : 978-93-5382-383-2
অৰ্পণ
“যাৰ বাবে মই পৃথিবী দেখিলো
যাৰ বাবে আজিৰ সময়ত আহি উপনীত হ’লো,
এইগৰাকী মোৰ পৰম পূজ্য মাতৃ
শ্ৰীযুতা তিলেশ্বৰী লইঙৰ (নাঃন) কৰকমলত মোৰ
‘মিচিং নাৰী কণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা’
পুথিখনি শ্ৰদ্ধাৰে অৰ্পণ কৰিলো।
পাতনি
“YOU CAN TELL THE CONDITION OF A NATION
BY LOOKING AT THE STATUS OF ITS WOMEN”
― J. N. NEHRU
পণ্ডিত জৱাহৰলাল নেহৰুৱে নাৰী সম্পৰ্কে দিয়া উক্ত বাক্যশাৰীয়ে নিশ্চয় মানৱ সভ্যতাৰ বিকাশ আৰু উত্তৰণৰ দিশত যুগ যুগ ধৰি বিশেষ গুৰুত্ব লাভ কৰিব। সঁচাকৈয়ে নাৰী অপূৰ্ব শক্তিৰ অধিকাৰিণী; সেয়েহে হয়তো বিশ্ববিখ্যাত ফৰাচী সম্ৰাট নাপলেয়ঁ বোনাপাৰ্টে (যাক সকলোৱে নেপোলিয়ন বুলি কয়) কৈছিল— “মোক আদৰ্শ মাতৃ দিয়া মই তোমাক এখন মহান ৰাষ্ট্ৰ দিম” (Give me good mother and I shall give you a great Nation) গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰী বুলি কওঁতে সকলোৰে মনত হয়তো এনেকুৱা ধাৰণাও হ’ব পাৰে যে পুথিখনত সন্নিবিষ্ট অগ্ৰণী মিচিং নাৰীসকলে নিশ্চয় উচ্চ শিক্ষাৰে শিক্ষিত হৈ সমাজক বিশেষ বাট প্ৰদৰ্শন কৰি দেখুৱাই আহিছে আৰু পুথিখনেও সকলোলৈকে এক বাৰ্ত্তা প্ৰেৰণ কৰিব। কিন্তু গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ বিষয়ে লিখিবলৈ যাওঁতে আধাতে থমকি ৰ’বলগীয়া হয়। জৱাহৰলাল নেহৰুৱে কোৱা কথাষাৰৰ আঁত ধৰি ক’ব লাগিব যে নাৰীৰ মৰ্যদাৰ ওপৰত ভিত্তি কৰিহে সমাজখনৰ অৱস্থাৰ কথা মূল্যায়ন কৰিব পাৰি আৰু তাৰে এক প্ৰতিচ্ছবি দিবলৈ পুথিখনৰ জৰিয়তে প্ৰয়াস কৰা হৈছে।
মিচিং নাৰীৰ বিষয়ে টাবু টাইদে ‘একুঁকি নিবন্ধ’ নামৰ গ্ৰন্থ খনত (এপ্ৰিল, ২০০৭ চন) মিচিং সমাজত নাৰীৰ স্থান (অনাতাঁৰ কথিকা, আকাশবাণী গুৱাহাটী, ১৯৬৯ চন) লেখাটোত উল্লেখ কৰিছে— “মিচিং ভাষাত দুটা শব্দ আছে— ‘বৃঃচুং’আৰু ‘কক্তগ্’ মিচিং চাংঘৰৰ শিতানৰ ফাল হ’ল ‘ৰৃঃচৃং’ আৰু পথানৰ ফাল হ’ল ‘কক্তগ্’। পথান হোৱাৰ উপৰি ‘কক্তগ্’ হ’ল ধোৱা পখলা ইত্যাদি কৰা ঠাই। চাংঘৰৰ ভিতৰত থকা জুহালৰ কাষত বহিবলৈ হ’লে সৰু ছোৱালীৰ বাহিৰে অন্যান্য মিচিং মহিলা পথানৰ ফালে বহিব লাগে—শিতানৰ ফালে বহাটো নিষিদ্ধ। এই প্ৰথাই মিচিং নাৰী আৰু পুৰুষৰ আপেক্ষিক সামাজিক স্থান প্ৰতিবিম্বিত কৰে : পুৰুষৰ স্থান মূৰৰ ফালে আৰু নাৰীৰ স্থান ভৰিৰ ফালে।” (পৃষ্ঠা ৩৮)
উল্লেখযোগ্য যে বিংশ শতিকাৰ ষাঠিৰ দশকলৈকে গোলাঘাট জিলাৰ কোনো মিচিং নাৰীয়ে মেট্ৰিকৰ দেওনা পাৰ হ’ব পৰা নাছিল। সেইদৰে বিংশ শতিকাৰ নব্বৈৰ দশকৰ পৰাহে গোলাঘাট জিলাৰ দুই–এগৰাকী মিচিং মহিলাই (তাকো চেগা চোৰোকাকৈ) হাতত কলম লৈ খবৰ কাগজ, আলোচনী, স্মৃতিগ্ৰন্থ আদিত লেখা-মেলা কৰি অহা দেখিবলৈ পোৱা গৈছে। সেইদৰে ৰাজনীতিৰ ক্ষেত্ৰখনতো গোলাঘাট জিলাৰ মিচিং নাৰীৰ ভূমিকা বিংশ শতিকাৰ শেষৰ দশলৈকে অতিকৈ দুখলগা আছিল। কিয়নো একবিংশ শতিকাৰ পিছৰ পৰাহে নাৰীসকলক ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। তেনে এক সমাজ ব্যৱস্থাৰ মাজতো অৱশ্যে কণিকী মিৰিয়নীৰ দৰে নাৰীয়ে (শ্বহীদ কমলা মিৰিৰ পত্নী) কমলা মিৰিৰ (লইং) দৰে নেতাক দেশৰ কামত সক্ৰিয়ভাবে আন্দোলন কৰিবলৈ আগবঢ়াই দিছিল। সেইদৰে কমলা মিৰিতকৈ বয়সত বহুগুণে সৰু যদিও স্বাধীনতা আন্দোলনত নামি পৰা প্ৰমিলা মেদক, বগীমলা মৰাং আদিয়ে দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ সংগ্ৰামত জপিয়াই পৰিছিল। সেইফালৰপৰা চাবলৈ গ’লে গোলাঘাট জিলাৰ মিচিং নাৰীয়ে আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে স্বাধীনতা পূৰ্বকালৰ পৰাই সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল।
গোলাঘাট জিলাৰ অনেক সচেতন মিচিং নাৰীৰ কথা আজিও মানুহৰ মুখে মুখে প্ৰচলিত। এইক্ষেত্ৰত দুসুঁতি মুখ গাঁৱৰ প্ৰকাশী মেদক, চোমনি টেমেৰা গাঁৱৰ পেটুলী লইং, মাজ দলপা গাঁৱৰ মালি দলে আদি মিচিং নাৰীৰ নাম সকলোৱে সোঁৱৰে। প্ৰকাশী মেদকে চাৰিগৰাকী জী ক্ৰমে সুভদ্ৰা, দেৱামতী, ৰাজকুমাৰীক সেই সময়তেই উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি বিদ্যালয়ৰ শিক্ষয়িত্ৰী কৰাৰ উপৰি কণিষ্ঠা জী শিৰোমণিক ইঞ্জিনীয়াৰো কৰি তুলিলে। সেইদৰে পেটুলী লইং আৰু মালি দলে দুয়োগৰাকী নাৰীয়ে নিজা সন্তানক উচ্চ শিক্ষা দি উজলাই তুলিছিল। পেটুলী লইং আৰু ধনচন্দ্ৰ লইঙৰ পুত্ৰ স্বৰ্গীয় টংকেশ্বৰ লইং আৰু মালি দলে আৰু বাপুং দলেৰ পুত্ৰ গোবিন দলে দুয়োজনে ১৯৭১ চনত স্নাতকোত্তৰ ডিগ্ৰী লৈ ওলাই আহি খবৰ কাকত, স্মৃতিগ্ৰন্থ, আলোচনী আদিত অনেক নিবন্ধ প্ৰকাশ কৰাৰ উপৰি কেইবাখনো শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি (বিশেষকৈ বিদ্যালয়, মহাবিদ্যালয়) সমাজৰ বিভিন্ন দিশত অশেষ বৰঙণি আগবঢ়াই গৈছে।
গোলাঘাট জিলাৰ বৰ্তমান মিচিং নাৰী :
সম্প্ৰতি গোলাঘাট জিলাৰ মিচিং নাৰীয়ে বিভিন্ন দিশত অন্যান্য সমাজৰ নাৰীসকলৰ লগত খোজ মিলাই যাবলৈ সক্ষম হৈছে। বিশেষকৈ বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ কথা বাদেই মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিতো অধ্যাপনা কৰা দেখিবলৈ পোৱা গৈছে। এইক্ষেত্ৰত স্বামীৰ অনুপস্থিতিত বিদ্যালয়ত চাকৰি কৰি নিজৰ সকলো সন্তানকে ডিগ্ৰীধাৰী কৰাৰ উপৰি কৰ্ম-সংস্থাপনৰ বাট দেখুৱাই দিয়া দেৰগাঁও ফুকন নগৰৰ নিবাসী ভাৰতী পেগুৰ কথা প্ৰায়বোৰ মিচিং মানুহেই জানে। সেইদৰে সন্তান এমা-দেখা অৱস্থাত থাকোতে স্বামীৰ অনুপস্থিতিত নিজৰ কোনো সংস্থাপন নথকাকৈয়ে সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি ডাক্টৰ, চৰকাৰী বিষয়া হিচাপে গঢ়ি তোলা অগ্ৰণী নাৰী নলিনী পেগু দলেৰ বিষয়েও অনেকে জানে। প্ৰশাসনিক বিষয়া হিচাপে ব্যস্ত কৰ্মজীৱন কটোৱা শিশুৰাম পেগুই চাকৰি সূত্ৰে বিভিন্ন ঠাইত যাবলগীয়া হোৱাত ৰেৱতী দলে পেগুই সচেতন অভিভাৱক হিচাবে পৰিচয় দিছে। কাৰণ ৰেৱতী পেগুই তত্বাৱধান লৈ ডাঃ ৰণোজ পেগুৰ দৰে মিচিঙৰ জাকত জিলিকা নেতা সৃষ্টি কৰাৰ উপৰি প্ৰতিগৰাকী সন্তানক সু-নাগৰিক কৰি তোলা দেখা গৈছে। ৰাজনীতিৰ ক্ষেত্ৰখনলৈ লক্ষ্য কৰিলে দেখা যায় যে সম্প্ৰতি গোলাঘাটৰ মিচিং নাৰীয়ে ৰাজনীতিৰ পথাৰত পূৰ্বতকৈও এঢাপ ওপৰত খোজ পেলাবলৈ সক্ষম হৈছে বুলি ক’ব পাৰি। এইক্ষেত্ৰত প্ৰথমেই ক’ব লাগিব - বোকাখাট বালিগাঁও আদৰ্শ মিচিং গাঁও নিবাসী মিনতি দলেৰ বিষয়ে। তেওঁ গোলাঘাট জিলা মহিলা কংগ্ৰেছ কমিতিৰ সভাপতি হোৱাৰ উপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক হিচাপেও ইতিমধ্যে সুচাৰুৰূপে দায়িত্ব পালন কৰা দেখিবলৈ পোৱা গৈছে। ঠিক সেইদৰে জিলা পৰিষদৰ সদস্যা হিচাপে বৰচাপৰি গাঁও নিবাসী ৰিপামণি দলেই ইতিমধ্যে কাৰ্যনিৰ্বাহ কৰি গৈছে। সম্প্ৰতি গাঁও পঞ্চায়তৰ অনেক সভাপতি, কাউঞ্চিলাৰ আদি পদবীত নিৰ্বাচিত হৈ গোলাঘাটৰ মিচিং নাৰীয়ে ৰাজনীতিত আত্মপ্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। গাঁও পঞ্চায়তৰ সভাপতি, কাউঞ্চিলাৰ আদিৰ তালিকাখন দীঘল হ’ব বাবেই সকলোৰে নাম উল্লেখ কৰিব পৰা নগ’ল।
শিক্ষা আৰু ৰাজনীতিৰ পথাৰখনৰ উপৰি গোলাঘাটৰ মিচিং নাৰী বৰ্তমান প্ৰশাসনিক বিষয়া, ডাক্টৰ, ইঞ্জিনীয়াৰৰ পৰা আৰম্ভ কৰি কাৰিকৰী শিক্ষা, স্বেচ্ছাসেৱী সংগঠন আদিত নিষ্ঠাৰে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। সম্প্ৰতি গোলাঘাট জিলাৰ মিচিং নাৰীয়ে এক বিকশিত অৱস্থালৈ ক্ৰমাগত ৰূপত গতি কৰিছে বুলি ক’ব পৰা যায়। শেষত জ্ঞাতে-অজ্ঞাতে অনেক অগ্ৰণী নাৰীৰ নাম থাকি যোৱাটো স্বাভাৱিক। কণিকী লইঙকে প্ৰমুখ্য কৰি ঊনৈ পেগু, মাচৌ লইং, পুতলী লইং, জোনাকী লইং আদি অনেক মহিলা স্বাধীনতা সংগ্ৰামীৰ নাম উল্লেখ পোৱা যায়। কিন্তু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা এই কথা স্পষ্ট হৈছে যে উপৰি উক্ত নাৰীসকলে স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰা নাছিল। স্বাধীনতা সংগ্ৰামীসকলৰ নামৰ লগত পত্নী হিচাপেহে তেওঁলোকক ঠাই পোৱা দেখা গৈছে। এইক্ষেত্ৰত শ্বহীদ কমলা মিৰিৰ পত্নী কণিকী লইং, জীয়েক জোনাকী লইং, ধাতুৰাম পেগুৰ পত্নী উনৈ পেগুৰ কথাকেই ক’ব পাৰি। অৱশ্যে নিজৰ স্বামীক স্বাধীনতা সংগ্ৰামত আগবঢ়াই দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা নিঃসন্দেহে শলাগিবলগীয়া। মাজুলীৰ জীয়াৰী কমলা পেগু নামৰ এগৰাকী অগ্ৰণী মিচিং নাৰীয়ে গোলাঘাট জিলাৰ দুসুঁতি মুখ গাঁৱৰ নিবাসী ভোগীৰাম পেগুৰ লগত বিবাহ পাশত আবদ্ধ হৈ ১৯৬৬ চনতেই যোৰহাটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ কন্যা শোহেতা পেগু গোলাঘাট জিলাৰ ভিতৰতেই প্ৰথম মিচিং মহিলা অধ্যাপিকা হোৱাৰ উপৰি জিলাখনৰ প্ৰথম ডক্টৰেট ডিগ্ৰীধাৰী মিচিং নাৰী। জন্মসূত্ৰে গোলাঘাট জিলাৰ বাসিন্দা নাছিল বাবেই কমলা পেগুৰ বিষয়ে মূল দহ গৰাকী অগ্ৰণী মিচিং নাৰীৰ ভিতৰত সন্নিবিষ্ট কৰা নহ’ল। ক্ষেত্ৰভিত্তিক অধ্যয়নৰ জৰিয়তে সত্তৰৰ উৰ্দ্ধৰ লগতে স্বৰ্গগামী হোৱা গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীক নিৰ্বাচন কৰি পুথিখন যুগুতোৱা হৈছে। অগ্ৰণী নাৰীসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ ক্ৰমে দুসুঁতি মুখ, বংকুৱাল, বোকাখাট আদি ঠাই যোৱাৰ উপৰি পদ্মাৱতী পেগু কুটুম আৰু স্বৰ্গীয়া গোলাপী পেগু দলেৰ তথ্য সংগ্ৰহ কৰিবলৈ ক্ৰমে গুৱাহাটী আৰু উত্তৰ লক্ষীমপুৰলৈকো যাবলগীয়া হৈছিল। ক্ষেত্ৰভিত্তিক অধ্যয়নতো কেতিয়াবা ভুল থাকি যোৱাটো স্বাভাবিক। পাঠক সমাজে ভুল-ত্ৰুটিবোৰ আঙুলিয়াই দি গঠনমূলক পৰামৰ্শ দিলে আমাৰ শ্ৰম সাৰ্থক হৈছে বুলি ধৰি ল’ম।
বিশেষ কৃতজ্ঞতা :
মিচিং নাৰী কন্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা শীৰ্ষক পুথিখনি লিখিবলৈ মোক প্ৰেৰণা যোগোৱা সহধৰ্মিনী পাৰুলতাক প্ৰথমেই শলাগ জ্ঞাপন কৰিছো। ঘৰৰ বেছিভাগ কাম তেওঁ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে মোৰ লেখা-মেলাৰ ক্ষেত্ৰত কোনো সমস্যা নহ’ল। অসম মহিলা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক প্ৰশান্ত পূজাৰীলৈকো মোৰ স্নেহভৰা মৰম আৰু কৃতজ্ঞতা জনাইছো। প্ৰশান্ত পূজাৰীয়ে অতি কম সময়ৰ ভিতৰতে পুথিখনি ইংৰাজী ভাষালৈ অনুবাদ কৰি দিয়াৰ বাবে অসমীয়া ভাষী লোকসকলৰ উপৰি অন্যান্য ভাষা-ভাষীৰ লোকসকলেও গোলাঘাট জিলাৰ মিচিং নাৰীৰ বিষয়ে কিছু কথা জনাত সহজ হ’ব। মেগা প্ৰিন্টৰ স্বত্বাধিকাৰী পৰাগ বৰুৱাই পুথিখনি প্ৰকাশৰ দায়িত্ব লোৱাৰ বাবে তেওঁলৈকো মোৰ হিয়াভৰা কৃতজ্ঞতা যাচিলো।
সূচীপত্ৰ | |
| ✦ প্ৰমিলা মেদক কামান | ১৩-১৭ |
| ✦ বগীমলা মৰাং | ১৮-২১ |
| ✦ কণিকী মিৰিয়ণী | ২২-২৬ |
| ✦ প্ৰকাশী কামান মেদক | ২৭-২৯ |
| ✦ নীলিমা পাঠৰী মেদক | ৩০-৩৫ |
| ✦ গোলাপী পেগু দলে | ৩৬-৪০ |
| ✦ জয়ন্তী গোঁহাই দলে | ৪১-৪৬ |
| ✦ পদ্মাৱতী পেগু কুটুম | ৪৭-৪৮ |
| ✦ ৰেৱতী শইকীয়া পেগু | ৫৩-৫৭ |
| ✦ ডালিমী লইং | ৫৮-৬২ |
CONTENT | |
| ✦ Pramila Medok Kaman | 69-71 |
| ✦ Bogimola Morang | 72-73 |
| ✦ Koniki Miriyani | 74-77 |
| ✦ Prakashi Kaman Medok | 78-80 |
| ✦ Nilima Pathori Medok | 81-82 |
| ✦ Golapi Pegu Doley | 83-85 |
| ✦ Jayanti Gohain Doley | 86-90 |
| ✦ Padmawati Pegu Kutum | 91-95 |
| ✦ Reboti Saikia Pegu | 96-99 |
| ✦ Dalimi Loying | 100-104 |
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।