মাধুৰী

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

ফুটোনে নুফোটোকৈ কুমলীয়া কলিটি,

ওঁঠত লাজেৰে ৰৈ মিচিকিয়া হাঁহিটি।

সামৰি, পাহৰি গৈ মেলি আধা প্ৰাণটি,

উদঙাই ঢাকি থৈ উঠি অহা বুকুটি।

সোলোকাই মোকলাই আধাবন্ধা খোপাটি,

হয়নে নহয় কৈ আধাফুটা মাতটি।

শুনো কি নুশুনো ঐ উটি অহা গীতটি,

ৰিণিকি ৰিণিকিকৈ কাৰোবাৰ বাঁহীটি।

উচুপি নিচুপি গৈ খন্তেকীয়া ঠেহটি,

লুকুৱা-ভুমুকাকৈ ছয়াময়া পেছটি।

হাঁহোৱেই নে কান্দোকৈ চলচলীয়া চকুটি,

ধেমালি খঙৰ নৈ মিঠা গাঁঠি খোপাটি।

ওলাও নোলাও কৈ মন মোহা ঠগটি।

ন যযৌ ন তস্থৌ অগাপিছা ভৰিটি,

সান মিহলিৰ নৈ ওভটনি সোঁতটি।

চাওঁনে নেচাওঁকৈ মৰমৰ দেহিটি,

দেৱী নে মানৱী ঐ মাধুৰীৰ ছবিটি।