সমললৈ যাওক

মাতৃ

ৱিকিউৎসৰ পৰা

 

মাতৃ-পুজাৰ অৰ্ঘ্য়ৰ দ্বিতীয় পুথি

 

মাতৃ
(উপন্য়াস)

 

শ্ৰীলক্ষেশ্বৰ শৰ্ম্মা

 

প্ৰকাশক—বৰকটকী কোম্পানী।
যোৰহাট, আসাম।
১৯৩৪

মূল্য় ॥৵০ অনা।

 

 

“মাতৃ-পূজাৰ অৰ্ঘ্য”ৰ কাৰ্য্য়কাৰকসকলঃ—

 

শ্ৰীলক্ষেশ্বৰ শৰ্ম্মা বি-এল।
শ্ৰীৰোহিনীকান্ত বৰুৱা এম্‌-এছ্‌-ছি, বি-এল।
শ্ৰীবিৰিঞ্চিকুমাৰ বৰুৱা বি-এ ( সম্পাদক )।

 

যোৰহাট অন্নদা প্ৰিণ্টিং-হাউচত
শ্ৰীসতীশ চন্দ্ৰ ব্ৰহ্মচাৰীৰ দ্বাৰা ছাপা হ’ল।

 

৺মাতৃ দেৱীৰ উদ্দেশে
পুত্ৰৰ তৰ্পণ

ভূমিকা।

 “মাতৃ” ৰচয়িত্রী গ্রেজীয়া ডেলেড্ডা ইটালীয় সাম্ৰাজৰ অন্তৰ্গত ছাদ্দিনীয়া দ্বীপৰ তিৰোতা। তেওঁ ১৯২৭ খৃঃ শকত সাহিত্যৰ নোবেল-বঁটা পায়। বিশ্ববৰেণ্যা ৰচয়িত্ৰীৰ ৰচিত গ্রন্থক ভাল বুলিব যোৱাতকৈ তাৰ ৰস গ্রহণ কৰিবৰ চেষ্টাতহে আমাৰ কৃতার্থতা হয় ভাবি লোবা উচিত।

 আগৰ দিনত “পাণ্ডব বর্জ্জিত” বুলিলে কোনো ঠাইৰ অতীজৰ প্ৰতি গভীৰ আওকাণ দিয়া বুজাইছিল। কিয়নো তেতিয়াৰ দিনত পাণ্ডবসকলক জ্ঞান আৰু সভ্যতাৰ পোহৰ আনোঁতা বুলি জনমণ্ডলীয়ে ধৰি লৈছিল। আজি কালিৰ দিনতো যি ভাষাত বিশ্ব-সাহিত্যৰ জেউতি পৰা নাই তাক মানুহে বৰ নিচলা বুলি ভাবে। ইংৰাজী, ফৰাছী আদি যিবোৰ ভাষাত অতি ওখ ধৰণৰ মৌলিক সাহিত্যৰ লেখ-জোখ নাই, সেইবোৰ ভাষাতেই আনদেশৰ ডাঙৰ ডাঙৰ নামজ্বলা গ্ৰন্থবোৰৰ অনুবাদ আগেয়েই প্রকাশ হয়। সেইবোৰ দেশত নিজ ভাষা-ভাষী লোকৰ অন্তৰৰ পোহৰ আৰু আন ভাষা-ভাষী মানুহৰ বাহিৰৰ পোহৰ পৰিবলৈ জ্ঞানৰ খিলিকী-দুৱাৰ সদায় মেলা থাকে।

 বৰ্ত্তমান অসমীয়া সাহিত্য নিচেই কেচুৱা অৱস্থাত আছে। কেৱল মৌলিক ৰচনাৰ দ্বাৰাই ইয়াক সোনকালে টনকিয়াল কৰিব নোৱাৰি। আৰু মৌলিক ৰচনাৰ বাবেও চানেকি লাগে। আজিকালি অন্তৰ্জ্জাতীয় যুগত বিশ্বমানবৰ চিন্তাৰ সোঁত কোন ফালে বব লাগিছে তাৰ সন্ধান নেপালে মৌলিক প্রতিভাৰে আদৰ পোৱা জোখাৰে বিকাশ হোৱা টান হৈ পৰে।

 আমাৰ সামাজিক জীৱন ঘটনা-বহুল নহয়। সেই কাৰণে বহুত সময়ত শুনা যায়—এনে সীমাবদ্ধ জীৱনত নাট, উপন্যাস আদি মৌলিক ৰচনাৰ উপাদান নাই। “মাতৃ” উপন্যাসে সেই ভুল ধাৰণা ভাঙ্গিব বুলি আশা কৰিব পাৰি। ইয়াত ঘটনা নাই বুলিলেই হয়। এজন কৈৱল্য-ব্ৰতী ধৰ্ম্ম-যাজকে শাস্ত্ৰীয় বিধি পাৰ হৈ এজনী ছোৱালীৰ প্ৰেমত পৰে। আৰু ছোৱালীজনী লগত লৈ পলাই যাবলৈ মনত পাঙে। ধৰ্ম্ম-যাজকৰ মনত এইটো বিশেষ পাপৰ কাম নহয়—এই ব্যৱসায় এৰি দিলেই, এই ব্যৱসায়-সংশ্লিষ্ট সকলো বিধি বিধানৰ হাতৰ পৰা তেওঁ সাৰিব পাৰে। এইবোৰ বিধান বিশেষ অৱস্থাক লক্ষ্য কৰি মানুহে তৈয়াৰ কৰিছে; কিন্তু প্ৰেমৰ উন্মাদনা, তিৰোতাৰ সান্নিধ্যত অন্তৰৰ খলকনি বিশ্ব ৰচোঁতাই দিয়া জীৱ জগতৰ পাতালী গঙ্গাৰ কল্লোল। কিন্তু ধৰ্ম্ম-যাজকৰ পুৰণি কলীয়া মাকৰ মনত ই মহাপাপ, অনন্ত নৰকৰ পথত যাত্ৰা। মাকেই এই প্ৰণয়ৰ বাটত ভেঁটা দিলে। আৰু এই প্ৰতিবন্ধকতাৰ পৰা যি ভবিষ্যত বিষময় ফল হব পাৰে, সেই দুৰ্য্যোগৰ আশঙ্কাৰ হেচাতেই মাক ঢুকাল! এই উপন্যাসত ঘটনা পৰম্পৰা নাই বুলিয়েই কব পাৰি, কিন্তু ভাবৰ ঘাত প্ৰতিঘাতৰ কি বিচিত্ৰ খেলা!

 নিচেই সাধাৰণ ঘৰুৱা বা সামাজিক জীৱনৰ ঘটনা বিলাকত তত্ত্বদৰ্শী প্ৰতিভাই কি জেউতি চৰায়—এই উপন্যাসখনেই তাৰ এটি চানেকি।

 অনুবাদকৰ কাম অতি জটিল। তেওঁ এফালে মূল গ্ৰন্থৰ সকলো সাৰ-মৰ্ম্ম ফট্‌কটিয়াকৈ উপলব্ধি কৰিব লাগিব আৰু আন ফালে সেই মৰ্ম্ম নিজ ভাষাৰ স্বাভাবিক ঠাচেৰে মূলৰ পৰা বৰ বেলেগ নোহোৱাকৈ প্ৰকাশ কৰিব লাগিব। সাহিত্যৰ গুণগ্ৰাহী আৰু নিজ ভাষাত অশেষ আধিপত্যশালী লিখাৰু নহলে ভাঙ্গনি সফল হব নোৱাৰে—বিশেষতঃ ভাব-বহুল গ্রন্থৰ ভাঙ্গনিত। এই দুৰূহ কামৰ বাবে শ্ৰীযুত লক্ষেশ্বৰ শৰ্ম্মাই বিশেষ নিপুণতাৰ পৰিচয় দিছে । ইয়াৰ আগেয়ে তেওঁ “পম্পিয়াইৰ প্ৰলয় কাহিনী” (The Last Days of Pompeii) ভাঙ্গি অতুল যোগ্যতা প্রকাশ কৰিছে। “মাতৃ”ৰ অনুবাদ আগৰ খনতকৈও মনোমোহা হৈছে। পঢ়ি গলে ভাঙ্গনি যেন নেলাগেই। বিদেশী মানুহৰ নামকিটি এৰি দিলে মৌলিক ৰচনা যেন লাগে। ক’তো ভাৱ অফুট নাই, ক’তো ভাষাত ঠেৰেঙ্গা লগা নাই । অনুবাদৰ ভাষা ভালেমান লিখাৰুৰ হাতত সংস্কৃতীয়া হৈ পৰে, কিন্তু শ্রীযুত শৰ্ম্মাৰ ভাষা নিভাঁজ অসমীয়াৰ ঘৰুৱা ঠাচ। সেই কাৰণে ভাবত বাজেও “মাতৃ” উপন্যাস নিভাঁজ অসমীয়া লিখিব খোজা সকলে ৰস-সাহিত্যৰ ভাষাৰ চানেকি হিচাপে পঢ়িলেও বিশেষ উপকাৰ পাব।

 আমি এইখিনিকে মাথোন কামনা কৰো শ্ৰীযুত শৰ্ম্মাই যেন যি ভাঙ্গনিৰ কাম হাতত লৈছে আজৰি সময়ত সেই কামৰ লেথাৰি এৰি নিদি বিশ্ববৰেণ্য সাহিত্যিক সকলৰ গ্ৰন্থবোৰক আমাৰ ভাষাৰ সাঁজ পিন্ধাই আমাৰ ভাষা আৰু সাহিত্য চহকী কৰে আৰু মৌলিক ৰচনাৰ বাবে অসমীয়া প্রতিভাক উদ্দীপনা দিয়ে।

কটন কলেজ, গুৱাহাটী।
১।৫।৩৪
শ্রীবাণীকান্ত কাকতি।
 

সূচীপত্ৰ(মূল গ্ৰন্থত নাই)

সূচীপত্ৰ

 
 
 
 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )