মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ
মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
মহিমা

কৃষ্ণ-পাদ-পঙ্কজৰ         সেৱাৰ মহিমা-কথা

শুনি বড় আনন্দ মিলয় |

যাৰ ভকতৰ সঙ্গে         সৰ্ব্ব-পুৰুষাৰ্থ-শিৰে

চড়ি আতি কৌতুক কৰয় ||৮৬

যদি ভৱ-ভয়-ভঙ্গ         মনে ইচ্ছা কৰ ভাই

সদা সাধু-সঙ্গ কৰা সাৰ |

এক ক্ষণমানে মাত্ৰ         কেৱল সাধুৰ সঙ্গে

হোৱে নাৱ ভৱ তৰিবাৰ ||৮৭

হৰি-কীৰ্ত্তনৰ মহা-         আনন্দ-সুখক আশে

কতো কতো সৱ মহাজনে |

মুকুতি-সুখকো তেজি         মহন্তজনৰ সঙ্গ

খোজে আতি কৃষ্ণৰ চৰণে ||৮৮

কিন্তু ইটো মহাধৰ্ম্ম         মাধৱৰ জন্ম-কৰ্ম্ম

বেদে যাৰ নজানে মহিমা |

হৰি-নাম-কীৰ্ত্তনত         মিলে মোক্ষ আদি যত

কীৰ্ত্তন-সুখৰ নাহি সীমা ||৮৯

মধুৰৰো সুমধুৰ         হৰিৰ কীৰ্ত্তন-ৰস

মঙ্গলৰো পৰম মঙ্গল |

এতেকেসে মুকুতিকো         তেজি হৰি-গুণ গায়া

ফুৰে মহা মহন্তসকল ||৯০

পৰম নিপুণসৱে         বুজিয়া শাস্ত্ৰৰ তত্ত্ব

হৰি-পদ-পঙ্কজে ভজিয়া |

হৰি-কীৰ্ত্তনৰ মহা-         নিৰ্ভৰ আনন্দে মজি

থাকে সুখে মুকুতি তেজিয়া ||৯১

গোৱিন্দৰ নাম-গুণ         কীৰ্ত্তন কৰন্তে জানা

কিঞ্চিতেকো নাহিকে প্ৰয়াস |

নিজ-গুণ-লুব্ধ হৰি         কীৰ্ত্তন কৰন্তে আসি

হৃদয়তে হোৱন্ত প্ৰকাশ ||৯২

যিসৱ চতুৰ নৰে         মাধৱৰ নাম-গুণ

কীৰ্ত্তন কৰন্ত সাৱধানে |

দেৱৰো দেৱতা হৰি         তাহাৰ হৃদয় এৰি

যাইবাক নপাৰা আন থানে ||৯৩

যিটো দেৱ ভগৱন্ত         বেদে যাক নজানন্ত

তেন্তে নিজ কীৰ্ত্তনত বশ্য |

জানি মাধৱৰ নাম         কীৰ্ত্তন কৰিয়ো সদা

ইটো সৱে শাস্ত্ৰৰ ৰহস্য ||৯৪

হৰি-ভক্তি-সৰোবৰে         সন্তোষ-অমৃত-জলে

কৃষ্ণ-পাদ-পদ্ম প্ৰকাশয় |

ৰাম-নাম ৰাজহংস         ছানিয়া আৰাৱ কৰে

শুনি আতি কৌতুক মিলয় ||৯৫

সমস্তে তীৰ্থত স্নান         কৰিলেক সৰ্ব্ব যজ্ঞ

দীক্ষিত ভৈলেক সিটোজন |

সমস্তে দানৰ ফল         সিসিজনে পাইলে আতি

যিটো কৰে হৰিৰ কীৰ্ত্তন ||৯৬

মাধৱে বোলন্ত মোক         কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি

সদায় সুমৰে সিটোজনে |

জল হন্তে যেন পদ্ম         নৰকৰপৰা তাঙ্ক

আপুনি উধাৰো ৰঙ্গ মনে ||৯৭

ঊঅদাপি দুৰ্জ্জন কলি         হৰিৰ ভকতি-পথ

কৰিলেক বিৰল-প্ৰচাৰ |

একান্ত শৰণে যিটো         শ্ৰৱণ-কীৰ্ত্তন কৰে

ওচৰো নচাপে কলি তাৰ ||৯৮

পৰম-পুৰুষ দেৱ         পৰম-কাৰণ প্ৰভু

পৰম-ঈশ্বৰ ভগৱন্ত |

সদানন্ত সদাশিৱ         সত্য সনাতন হৰি

জয় জয় অচিন্ত্য অনন্ত ||৯৯


আত্ম-উপদেশ

হে জিহ্বা সদা তোৰ         মধুৰেসে মাত্ৰ প্ৰিয়

জান তঞি ৰসৰ সাৰক |

আন তেজি নিৰন্তৰে         কৰিয়োক মাত্ৰ পান

নাৰায়ণ-নাম-অমৃতক ||১০০

হে জিহ্বা তঞি সদা         আহ্মাত নিৰ্দ্দয়া ভৈলি

কেনে নোবোলস ৰাম-বাণী |

সংসাৰ-সাগৰে ইটো         হৰিসে সুদৃঢ় নাৱ

জানি হৰি বুলিয়ো কল্যাণী ||১০১

হে কৰ্ণ সদা তোৰ         শবদ মাত্ৰসে প্ৰিয়

তঞি শব্দ মধুৰ জানস |

কোটি অমৃততোধিক         পৰম মধুৰ শব্দ

শুন সদা কৃষ্ণ-নাম-যশ ||১০২

হেন মন তোৰ কাম         সঙ্কল্প-বিকল্প-ধৰ্ম্ম

তেজি মিছা ব্যাপাৰ সকল |

সদায়ে সঙ্কল্প মাত্ৰ         কৰিয়ো সুদৃঢ় মন

কৃষ্ণ-নাম পৰম মঙ্গল ||১০৩

শুনিও হৃদয় হেৰ         ব্ৰহ্মাণ্ড ভিতৰে যত

বস্তু আছে তোক নোজোড়য় |

তাক তেজি কৃষ্ণ-নাম         অক্ষয় অমৃত পিয়া

সন্তোষক লভিয়ো হৃদয় ||১০৪

শুনিয়োক বুদ্ধি তোৰ         কেৱলে নিশ্চয়-ধৰ্ম্ম

তেজি সৱে বিনাশী বিষয় |

সদা শুদ্ধ সুমঙ্গল         অক্ষয় কৃষ্ণৰ নাম

তাকে মাত্ৰ কৰিয়ো নিশ্চয় ||১০৫

শুন হেৰ অহঙ্কাৰ         নিচিন্ত আপুন মাৰ

মিছা অহম্মমক তেজিয়ো |

পৰম ঈশ্বৰ কৃষ্ণ         হুয়োক তাহান দাস

সাধু-সঙ্গে কৃষ্ণক ভজিয়ো ||১০৬

শুনিয়োক চিত্ত হেৰ         পৰম ৰহস্য বাণী

তুমি শুদ্ধ জ্ঞানৰ আলয় |

কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ         পৰম ঈশ্বৰ দেৱ

নাছাড়িবা তাজান আশ্ৰয় ||১০৭

কৃষ্ণ নিষ্ট ইষ্টদেৱ         আত্ম প্ৰিয়তম গুৰু

সুহৃদ সোদৰ বন্ধুজন |

কৃষ্ণে মোৰ মতি গতি         কৃষ্ণত ভকতি-ৰতি

কৃষ্ণ-পাৱে নিমজোক মন ||১০৮


আত্ম-নিন্দা

শান্ত চিদানন্দ শুদ্ধ         অনন্ত-মহিমা নিত্য

নিৰ্ম্মল তৰঙ্গ-চয়-হীন |

হেনয় পৰমানন্দ         অমৃত-সাগৰে মজি

আচান্ত নকৰি বুদ্ধি-ক্ষীণ ||১০৯

হে হৰি সাৰ-শূণ্য         মৃগতৃষ্ণাৰ্ণৱ-জলে

মহা শ্ৰান্ত হুয়া মোহ পাঞো |

স্নান পান আচমন         কৰহো ৰমণ তাতে

কতোহো উপঙ্গো তল যাঞো ||১১০


বস্তু-প্ৰকাশ

পৰম অমূল্য ৰত্ন         হৰিৰ নামৰ পেড়া

আতি গুপ্ত-স্বৰূপে আছিল |

লোকক কৃপায়ে হৰি         শঙ্কৰ-স্বৰূপে আসি

মুদ ভাঙ্গি সমস্তকে দিল ||১১১

হৰি-নাম প্ৰেম ৰস         অমৃত-নিধিক বান্ধি

গুপ্ত কৰি থৈল দেৱগণে |

দায়ালো শঙ্কৰে পাই         তুলি মুদ ভাঙ্গি দিলা

সুখে পান কৰে সৰ্ব্বজনে ||১১২

হৰি-নাম গুপ্ত ভৈল         মনুষ্যত পূজা ৰৈল

বুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব |

হেন হৰি-নাম ধৰ্ম্ম         শঙ্কৰে বিদিত কৰি

চূৰ কৈলা দেৱতাৰ গৰ্ব্ব ||১১৩