মহামতি গোপালকৃষ্ণ গোখ্লে
মহামতি
গোপালকৃষ্ণ গোখ্লে
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা
মহামতি
গোপালকৃষ্ণ গোখলে
মহামতি
গোপালকৃষ্ণ গোখলে
সংক্ষিপ্ত জীৱন-চৰিত
প্রণেতা
শ্ৰীসূৰ্য্যকূমাৰ ভূঞা
লয়ার্চ বুক-ষ্টল
পানবজাৰ, গুৱাহাটী, অসম
১৯৫৭
statesman and patriot. A short biography in Assamese, by Dr, Supya Kwnar Bhuyan, M.A., B. L.( Cal. ), Ph. D. ( Lond. ), D. Lit ( Lond. ).
প্রকাশক--
শ্রীবিচিত্রনাবায়ণ দত্তবৰুৱা, বি-এল,
লয়াৰ্চ বুক ষ্টল,
পানবজাৰ : গুৱাহাটী
প্রথম তাঙ্গৰণ, এপ্রিল ১৯১৬ চন ৷
প্রকাশক- শ্ৰীযুত লোহিতচন্দ্র ভূঞা,
ফ্ৰেণ্ডচ্ আসাম এজেঞ্চী, ৪৩ নং আমহাষ্ট ষ্ট্ৰীট কলিকত৷ ৷
দ্বিতীয় তাঙ্গৰণ, ফেব্রুৱাৰী ১৯৫৭ চন।
প্রকাশক-_লয়ার্চ বুক ষ্টল,
গুৱাহাটী
ALL RIGHTS RESERVED BY THE AUTHOR
মুদ্ৰাকৰ--শ্ৰীমুনীন্দ্ৰনাৰায়ণ দত্তবৰুৱা এম, এ, শ্ৰীগুৰু প্ৰেছ, গুৱাহাটী ।
পাতনি
প্ৰথম তাঙ্গৰণ -এই অকণনানি জীৱন চৰিতখনি গোখলে ঢুকুৱাৰ দিনপিয়েকৰ পাচত লিখা হৈছিল। তাকে এতিয়া শুধৰাই আৰু ঠায়ে-ঠায়ে ভালেমান নতুন কথা যোগ কৰি কিতাপৰ আকাৰেৰে ৰাইজৰ আগলৈ উলিওৱা হ'ল | এই পৰিবদ্ধন কাৰ্যত আমাৰ সাহিতা-আকাশৰ উঠি অহা উজ্জল তৰা স্নেহস্পদ শ্ৰীযুত কৃষ্ণকান্ত সন্দিকৈৰ পৰা বিশেষ সহায় পোৱা গৈছে। মুঠতে, সন্দিকৈদেৱ আৰু উদ্যোগী প্ৰকাশক শ্ৰীযুত লোহিত্চন্দ্ৰ ভূঞাদেৱৰ যুটীয়া যত্নতহে এই পুথিখনি ৰাইজৰ আগলৈ ওলাব পাৰিছে। সেইবাবে তেওঁলোকৰ ওচৰত মই বিশেষভাবে কৃতজ্ঞ |
গোখলে ঢুকুৱা আজি এবছৰৰ অধিক হ'ল, কিন্তু এতিয়ালৈকে তেওঁৰ ধাৰাবাহিক কৰ্ম্মী জীৱনৰ বিস্তৃত জীৱনী ওলোৱা নাই, ই বৰ দুখৰ কথা। দাক্ষিণাত্যৰ উজ্জল ৰত্ন অনাৰেবল, মিঃ ডি-ই ওৰাচা, মিঃ পুৰুষোত্তম পৰাঞ্জপে আৰু মিঃ শ্ৰীনিবাস শাস্ত্ৰীয়ে তিনিখনি সংক্ষিপ্ত জীৱনস্মৃতি উলিয়াইছে, কিন্তু মহাত্মা গোখলেৰ জীৱনী ৰামায়ণ বা ইলিয়াডৰ আকাৰেৰে লিখিব পাৰি, কাৰণ তেওঁ যে অকল ৰাষ্ট্ৰীয় গণ্ডীত ফুৰা কৰ্ম্মবীৰহে আছিল এনে নহয়, তেওঁ সকলো বিষয়তে এজন আদৰ্শ পুৰুষ আছিল, তেওঁৰ জীৱনৰ প্ৰতি কথা প্ৰতি ঘটনাতে আমাৰ জাতীয় চৰিত্ৰগঠনৰ বহুমূলীয়া আহিল৷-সম্বল পাব পাৰি। মাদ্ৰাজ নেটিচন্ কোম্পানীয়ে গোখলেৰ বক্তৃতাবোৰৰ এখনি সুন্দৰ সংস্কৰণ উলিয়াইছে; গোখলেভক্ত আৰু ভাৰতহিতৈষী মাত্ৰৰে ই আদৰৰ ধন হ'ব। আগলৈ সুবিধা হলে গোখলেৰ এখনি বিস্তৃত জীৱন-চৰিত লিখিবৰ ইচ্ছা থাকিল। ইতি। ৪২ নং হাৰ্ডিঞ্জ হোটেল, কলিকতা। এপ্ৰিল ১৯১৬ খৃঃ।
দ্বিতীয় তাঙ্গৰণ। — মহামতি গোপালকৃষ্ণ গোখলেৰ এই চমু জীৱন-চৰিতখনি পোনপ্ৰথমে প্ৰকাশিত হোৱা আজি ছকুৰি বছৰ হ'ল। এই দীঘলীয়া কালৰ ভিতৰত ভাৰতৰ ওপৰেদি বিষাদ আনন্দৰ নানান ঢৌ বাগৰি গৈছে। এই কালছোৱাত ভাৰতৰ জাতীয় আন্দোলনে এটি অভিনৱ পন্থা অৱলম্বন কৰে। মহামানব মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতত অহিংস সংগ্ৰামৰ সূত্ৰপাত আৰু প্ৰৱৰ্ত্তন হয়। মহাত্মাৰ মহাবাণীৰ অঘোম মন্ত্ৰৰ বলত লক্ষ-লক্ষ মাটিৰ মৃত্তিকা সজীৱ-সচেতন হৈ এই সংগ্ৰামত প্ৰাণ ঢালি দিয়ে। তাৰ ফলস্বৰূপে ভাৰতে পূৰ্ণ স্বাধীনতা লাভ কৰে।
মহাত্মাৰ পূৰ্ব্ববৰ্ত্তী যুগত দেশ-কাল আক জনসাধাৰণৰ মনোবৃত্তিৰ প্ৰতি লক্ষ্য ৰাখি দেশকৰ্ম্মীসকলে বিদেশী শাসকৰ পৰা বিবিধ স্বত্ব আৰু সুবিধা আদায়ৰ চেষ্টা কৰে, আৰু স্বায়ত্ত-শাসনৰ দাবি কৰে। এই যুগৰ আন্দোলন ক্ষেত্ৰত আবিৰ্ভাব হোৱা কেইবাগৰাকী একাগ্রচিত আক নির্ভীক মনিষীৰ আদৰ্শই ভাৰতৰ জাতীয় জীৱন গৌৰৱমণ্ডিত কৰিছে। সেইসকলৰ ভিতৰত মহামতি গোখলে এজন অগ্রগণী পুৰুষ । গোখলেৰ স্বাৰ্থত্যাগ আৰু অক্লান্ত দেশসেৱাৰ আদৰ্শই মহাত্মা গান্ধীৰ যুগৰ কৰ্মীসকলকো উদ্গনি দিছিল, আক ভবিষ্যত যুগৰ কৰ্ম্মীসকলকো উদ্গনি দিব।
বৰ্ত্তমান যুগত, স্বাধীনতাৰ আনুসঙ্গিক ভালেমান জটিল সমস্যাৰ উদ্ভৱ হৈছে। সেইবোৰ ভালকৈ সমাধান কৰিবলৈ হলে মহামতি গোখলেৰ বিচক্ষণ ৰাজনৈতিক জ্ঞান আৰু সুদক্ষ কাৰ্য্যপ্রণালীৰ চানেকী আমাৰ নিতান্ত প্রয়োজন ৷ এনে অৱস্থাত গোখ্লেৰ শিক্ষাপ্রদ আৰু অনুপ্ৰেৰণামূলক জীৱন-কাহিনী জানিবলৈ ৰাইজৰ আগ্ৰহ সৃষ্টি হব বুলি আশ৷ কৰি ইমান বছৰৰ মূৰত এই গ্ৰন্থৰ দ্বিতীয় তাঙ্গৰণ উলিওৱা হ'ল।
মোব লৰাকালব বন্ধু স্বগীয় গোলোককান্ত বৰদলৈৰ পবিত্র স্মৃতিত এই পুথিখনি উচৰ্গা কৰা হৈছে। তেওঁৰ চমু পৰিচয় এটি এইবাৰ পৰিশিষ্টত দিয়া হল ৷ গুৱাহাটী, ইং ১৫ ফেব্ৰুৱাৰী ১৯৫৭ চন।
শ্ৰীসূৰ্য্যকুমাৰ ভুঞা
স্বৰ্গীয়
মহামতি গোপালকৃষ্ণ গোখলে
সূৰ্য্যদেৱ! উজলালাঁ জননী-বয়ান,
পোহৰলাঁ ঘূৰি ঘূৰি বিশাল ধৰণী
সন্ধিয়াত হই কেনে সুন্দৰ মহান
ললাঁগই হেঁপাহেৰে অনন্ত জিৰনি।
ইন্দ্ৰদেৱ! প্ৰচাৰিলাঁ বাণী বুজনিৰ
বিজুলীৰ বেশে আহি ধুমুহা-মাজত,
দেখুৱাই শুভ পথ দুৰ-দুৰণিৰ
স্বৰ্গৰ জেউতি লীন হ’লা স্বৰগত ।
ভীষ্মদেৱ! বিসৰ্জ্জিলাঁ বিষয়-বাসনা,
মাতৃপদে উচৰ্গিলা দেহা প্ৰাণ মন,
তপস্বীৰ সাধনাৰে কৰিলাঁ ঘোষণা
সফল কিৰূপে হয় মানপী জীৱন
আছাঁ তুমি প্ৰাণ বিনে জীৱন প্ৰদানি,
অবুজন মাথোঁ আমি টোকোঁ চকুপানী।
- শ্ৰীপদ্মধৰ চলিহা
- শ্ৰীপদ্মধৰ চলিহা
উচৰ্গা
সোদৰ প্ৰতিম বন্ধু
স্বৰ্গীয় গোলোককান্ত বৰদলৈৰ
পৱিত্ৰ স্মৃতিত
মহামতি গোপালকৃষ্ণ গোখলেৰ
এই সংক্ষিপ্ত জীৱন-চৰিতখনি
উচৰ্গা
কৰিলোঁ।
শ্ৰী সূৰ্য্যকুমাৰ ভূঞা
সূচীপত্ৰ
| বিষয় | ||
| আৰম্ভণি | … | ১ |
| লৰাকাল আৰু শিক্ষা | … | ৩ |
| পুনাব ফাৰ্গুচন কলেজব অধ্যাপক | … | ৫ |
| মহাদেৱ গোবিন্দ ৰাণাড়ে | … | ৬ |
| কংগ্ৰেছত প্ৰথমবাৰ বক্তৃতা | … | ৮ |
| ওয়েলবী কমিছনৰ আগত সাক্ষী | … | ৯ |
| বোম্বেত হোৱা প্লেগৰ বৰ্ণনা | … | ৯ |
| বৰলাটব ব্যৱস্থাপক সভাৰ সদস্য | … | ১২ |
| ফাৰ্গুচন কলেজৰ পৰা বিদায় গ্ৰহণ | … | ১৪ |
| চি-আই-ই উপাধিবৰ বৰণ | … | ১৫ |
| কংগ্ৰেছৰ যুটীয়া সম্পাদক | … | ১৬ |
| ভাবত-সেৱক মণ্ডলী স্থাপন | … | ১৭ |
| কংগ্ৰেছৰ প্ৰতিনিধি হৈ বিলাত যাত্ৰা | … | ১৮ |
| কংগ্ৰেছৰ সভাপতি | … | ১৯ |
| পুনৰ বিলাত যাত্ৰা | … | ২০ |
| কংগ্ৰেছৰ নতুন আদৰ্শ | … | ২১ |
| বাধ্যতামূলক প্ৰাথমিক শিক্ষা আন্দোলন | … | ২৩ |
| অসমত ব্যৱস্থাপক সভা | … | ২৩ |
| ইচ্লিংটন কমিচনৰ সভ্য | … | ২৪ |
| দক্ষিণ আফ্ৰিকালৈ যাত্রা | … | ২৬ |
| কে-চি-আই-ই উপাধি প্রত্যাখ্যান | … | ২৮ |
| গোখলেব অন্তিম কাল | … | ২৮ |
| কৰ্ম্মযোগী গোখলে | … | ৩১ |
| শিশুসৰল মহাপুৰুষ গোখলে | … | ৩৪ |
| সামৰণি | … | ৩৭-৫০ |
| প্ৰথম মহাসমৰ | … | ৩৭ |
| লর্ড হাৰ্ডিঞ্জৰ ভাৰত-ত্যাগ | … | ৩৮ |
| চাৰ হেনৰী কটনৰ লোকান্তৰ | … | ৩৮ |
| চাৰ ফিবোজশ্যা মেইটাৰ লোকান্তব | … | ৩৯ |
| কাশীত হিন্দু-বিশ্ববিদ্যালয় স্থাপন | … | ৪০ |
| মাণিকচন্দ্র বৰুৱা আৰু আসাম এচোচিয়েচন | … | ৪১ |
| নল মৰে গজালি উঠে | … | ৪১ |
| গোখলেৰ সমাদৰ আৰু প্রভাব | … | ৪৩ |
| মহাত্ম৷ গান্ধী | … | ৪৫ |
| দাক্ষিণাত্যৰ দেশসেৱী | … | ৪৬ |
| পুৰুষোত্তম পৰাঞ্জপ্যে | … | ৪৭ |
| গোখলেৰ একগ্রতা আৰু পবিত্ৰ জীৱন | … | ৪৭ |
| পৰিশিষ্ট | … | ৫১-৬০ |
| ১। মিঃ গোখলেই ফাৰ্গুচন কলেজৰ পৰা | ||
| অৱসৰ ল’বৰ সময়ত দিয়া বক্তৃতা | … | ৫১ |
| ২। স্বৰ্গীয় গোলোককান্ত বৰদলৈ | … | ৫৮ |
মহামতি
গোপালকৃষ্ণ গোখলে
আৰম্ভণি— ভাৰতৰ জাতীয় জীৱনৰ ঘাই ধৰণী মহামতি মিষ্টাৰ
গোপালকৃষ্ণ গোখলে আৰু এই সংসাৰত নাই! এই ১৯১৫
খৃষ্টাব্দৰ ফেব্ৰুৱাৰী মাহৰ ঊনৈছ তাৰিখে ৰাতি দহ বাজি পঁচিছ
মিনিট যোৱাৰ সময়ত নিজৰ বাসভূমি পুনা নগৰীত তেওঁ
স্বৰ্গগামী হ'ল। তাৰ আগদিনা বৃহস্পতিবাবে আমি কাগজত
পঢ়িছিলোঁ যে তেওঁৰ শ্বাসৰোগ উক দিয়াত দিল্লীৰ সভালৈ
তেওঁ যাব নোৱাৰিলে। কিন্তু এই সম্বাদ পাই কোনে ভাবিছিল
যে এদিনৰ পাচতে তেওঁৰ দাৰুণ মৰ্মান্তিক বিয়োগ-বাতৰিয়ে বিয়ে
গোটেই ভাৰত সাম্ৰাজ্যত এটি সুদীৰ্ঘ অশ্ৰুপূৰ্ণ হাহাকাৰ বিস্তাৰ
কৰিব? তেওঁ কেইবাবছৰৰে পৰা এই দুঃসহ ৰোগ-যন্ত্ৰণা নীৰবে ভোগ কৰিও মহা উদ্যমেৰে দেশৰ সেৱা কৰি
আহিছিল। তেওঁৰ দেৱপ্ৰতিম মুখলৈ চাই কাৰো| ধাৰণা নহৈছিল
যে ইমান সোনকালে তেওঁৰ অন্তিম কাল উপস্থিত হব।
হয়তো তেনে ধাৰণা মনলৈ আহিলেও, তেওঁৰ প্ৰতি মানুহৰ
যেনে অপৰিসীম শ্ৰদ্ধা-স্নেহ, তাক পতিয়াবলৈ কাৰো সত নগৈছিল।
গোখলেশূন্য ভাৰত! এনে এটি নিকৰুণ দৃশ্য মনলৈ আনিবলৈ
কাৰো সত নোযোৱাটো স্বাভাৱিক। কিন্তু নিষ্ঠুৰ কালৰ মায়৷-মমতা
কি? কোটি-কোটি দেশবাসীৰ কাতৰ মিনতিয়েও গোখলেক সেই
অনিবাৰ্য্য নিৰ্ম্মম কালৰ গ্ৰাসৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে।
গোখলে গ'ল, তেওঁৰ লগে-লগে ভাৰতৰ জাতীয় জীৱনত এটি অভাৱ সৃষ্টি হল, তাক পূৰ্ণ কৰিবলৈ হয়তো শতাব্দীৰ সাধনা আৰু পৰিশ্ৰম লাগিব। তেওঁৰ প্ৰয়াণৰ লগে-লগে ভাৰতৰ সেৱা-মন্দিৰত এটি উজ্জল বন্তি নুমাল, যাব পোহৰত সেৱকমণ্ডলীৰ প্ৰাণত নিতৌ নতুন সেৱা-প্ৰণালী, নতুন ব্ৰত, নতুন আশা কণিকাৰ সঞ্চাৰ হৈছিল। মহামতি গোখলেই তেওঁৰ ক্ষণিক জীৱনত অসামান্য প্ৰতিভাৰ দ্বাৰাই ভাৰতৰ ৰাষ্ট্ৰীয় জগতৰ দুৰ্গম পথৰ ওপৰেদি যি মহাৰথ চলালে তাৰ পুণ্য শঙ্খধ্বনিয়ে ভাৰতক যুগ-যুগান্তৰ মুখৰিত কৰি ৰাখিব।
গোখলেৰ দেহত্যাগত ৰজাঘৰ প্ৰজাঘৰ সকলোতে কান্দোনৰ ৰোল উঠিছে। বৃটিছ সাম্ৰাজ্যৰ অধিপতি পঞ্চম জৰ্জ্জৰ পৰা আৰম্ভ কৰি ভাবতৰ দীন-দবিদ্ৰ নিচলা প্ৰজাৰ হৃদয়ত শোকৰ এটি গভীৰ ছা পৰিছে। যিজন মহাত্মাই জীৱনৰ প্ৰতি মুহূৰ্ত্তক দেশবাসীৰ উন্নতিকল্পে লগাইছিল, যাৰ জীৱনৰ প্ৰতি- পদত অতুলনীয় স্বাৰ্থত্যাগৰ এটি জ্বলন্ত দৃষ্টান্ত পাওঁ, যিজনৰ একচিতীয়া জীৱনত ব্ৰাহ্মণৰ সহিষ্ণুতা, বেদাধ্যায়ী ব্ৰহ্মচাৰীৰ কঠোৰ সংযম, ক্ষত্ৰিয়ৰ নিৰ্ভীকতা, তপস্বীৰ অম্লান সাধনা সন্মিলিত হৈছিল, তেওঁৰ অকাল বিয়োগত গুণগ্ৰাহী সভ্যজগতৰ প্ৰতিকোণত শোকানল জ্বলি উঠা একো আচৰিত নহয়।
গোখলে গ’ল, কিন্তু তেওঁৰ জীৱনৰ মহৎ আদৰ্শ ভাৰতবাসীৰ স্মৃতিফলিত চিৰকাল অঙ্কিত থাকিব। তেওঁৰ জীৱন এটি দীঘলীয়া স্বাৰ্থত্যাগ, নৈৰাশ্যৰ বিৰুদ্ধে এখনি তুমুল কুৰুক্ষেত্ৰ মহাৰণ। তাত আত্মগৌৰৱ বঢ়াবৰ নিমিত্তে অৰ্থসঞ্চয়ৰ কোনো দূৰন্ত লালসা নাই | প্ৰকৃত মনুষ্যত্বক সংহাৰ কৰি সুখ্যাতি বা প্ৰশংসাৰ নিমিত্তে ক'তে৷ একধনিষ্ঠাানো চেষ্টা বা প্ৰয়াস নাই। তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল স্বদেশৰ কল্যাণ সাধন আক জাতীয় যজ্ঞত আপোনাক পূৰ্ণাহুতি দান।
লৰাকাল আৰু শিক্ষা -১৮৬৬ খৃষ্টাব্দত বোম্বেৰ অন্তৰ্গত কোহলাপুৰ গাওঁত গোপালকুষ্ণ গোখলেৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃৰ অৱস্থা বৰ স্বচ্ছল নাছিল। কিন্তু বিধাতাই যাক মহৎ কামৰ নিমিত্তে ইচ্ছা কৰে তাক তেওঁ এইদৰে দৈন্য- দাৰিদ্ৰৰ মাজতে জন্ম দিয়ে। যি নিজে দুখত পৰি নানান অভিজ্ঞতা লাভ কৰা নাই, ভবিষ্যতে মানব জাতিৰ দুখ অনুভব কৰি তাক মোচন কৰিবৰ তেওঁৰ প্ৰবৃত্তি বা সামৰ্থ্য ক'ত? গোখলে অতি কমবয়সতে পিতৃহীন হয়। তেতিয়াৰে পৰা মৰমৰ ককাইদেৱেকে নিজৰ সন্তানৰ দৰে ভাবি গোপালকৃষ্ণক তুলি-তালি ডাঙৰ-দীঘল কৰে। মহাৰাষ্ট্ৰীয় ব্ৰাহ্মণৰ ভবিষ্যত জ্ঞান আছিল, তেওঁ অনেক কষ্টেৰে ভায়েকক সুশিক্ষা দিবলৈ ধৰে। গোখলেই স্থানীয় পঢ়াশালিত শিক্ষা লাভ কৰি তাতে থকা কলেজৰ পৰা এফ-এ পাচ কৰে। তাৰ পাচত বোম্বেব এলফিনস্টোন্ কলেজ আৰু পুনাৰ দেক্কান কলেজত পঢ়ি ওঠৰ বছৰ বয়সত তেওঁ বি-এ পাচ কৰে।
ছাত্ৰাৱস্থাতে অভিনিবেশ, অধ্যৱসায়, অসাধাৰণ স্মৃতিশক্তি আৰু সজচৰিত্ৰৰ বাবে গোখলেৰ বিশেষ সুখ্যাতি আছিল। তেওঁ যে বিশ্ববিদ্যালয়ত বৰ অসাধাৰণ প্ৰতিভাৰ চিনাকি দিছিল এনে নহয়, তেওঁ সকলো পৰীক্ষাত মজলীয়া ধৰণেৰেহে উত্তীৰ্ণ হৈ যায়। ভাৰতবৰ্ষৰ পূৰ্ব্বপ্ৰান্ত এই বঙ্গ আৰু অসম দেশত এটি ভ্ৰমাত্মক ধাৰণাই বৰকৈ শিপা মেলা যেন লাগে, যে যি বিশ্ববিদ্যালয়ৰ মহলাত সিংহ চাব নেপায়, বা প্ৰতিভাৰ পৰিচায়ক প্ৰথম বিভাগত স্থান নেপায় তেওঁ একেবাৰে অকৰ্ম্মণ্য আৰু মাতৃভূমিৰ সেৱা-চিন্তা বা সংসাৰৰ কোনো উচ্চ আকাঙ্ক্ষাই তেওঁৰ হৃদয়ত স্থান পোৱা অসম্ভৱ। আমাৰ মানুহে নুবুজে যে বিশ্ববিদ্যালয়ৰ শিক্ষাই জীৱনৰ চৰম উদ্দেশ্য নহয়; যি সংসাৰ যুদ্ধত যুঁজি প্ৰকৃত মানুহ বোলাব পাৰে তেওঁৰ শিক্ষাহে আচল শিক্ষা। ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়ৰ গৰ্ভৰ পৰা অনেক ৰত্ন ওলাইছে, কিন্তু তাৰ ভিতৰত কেইজনে স্বৰ্গীয় মহাদেৰ গোবিন্দ ৰাণাড়ে, কাশীনাথ ত্ৰিম্বক তেলাং, বিষ্ণুকৃষ্ণ চিপ্লাংকাৰ বা গোখলেৰ নিচিনাকৈ দেশসেৱাত জীৱন উচৰ্গা কৰি প্ৰকৃত মানুহ বোলাব পাৰিছে?
পুনাৰ ফাগু'চন কলেজৰ অধ্যাপক-_১৮৮৪ চনৰ কেইবছৰমানৰ আগেয়ে দেক্কান এডুকেছন চোচাইটি বা দাক্ষিণাত্য শিক্ষাসমিতি সংগঠিত হয়। ইয়াৰ নিগাজী সভ্যসকলে মাথোন পঁয়সত্তৰ টকা দৰ্মহাত কুৰিবছৰ কাল পুনাৰ ফাৰ্গুচন কলেজত শিক্ষা দিয়াৰ ভাৰ লব লাগে। আপ্তে, আগৰকাৰ, তিলক প্ৰমুখ্যে দাক্ষিণাত্যৰ ভালেমান সুসন্তানে ইতিপূৰ্বে এই সমিতিত যোগ দিয়ে। এই কেইজনা মাতৃ-ভূমি সেৱকৰ দৃষ্টান্ত দেখি মিষ্টাৰ গোখলেই বি-এ পৰীক্ষাত কৃতকাৰ্য হোৱাৰ পাচতে এই শিক্ষা সম্প্ৰদায়ভুক্ত হৈ পোন প্ৰথমতে নিউ ইণ্ডিয়ান স্কুলৰ শিক্ষকৰ কামত সোমায়, তাৰ পাচত ফাৰ্গুচন কলেজত সাহিত্য আৰু গণিতৰ অধ্যাপক নিযুক্ত হয়। পাচত তেওঁ বুৰঞ্জী আৰু অৰ্থনীতিৰ অধ্যাপনাৰ ভাৰ লয়, আৰু তেওঁ তাত কাম কৰা ওঠৰ বছৰ এই দুই বিষয়তে শিক্ষা দিছিল। অৰ্থনীতিৰ অধ্যাপনা কাৰ্য্য়ত তেওঁ বহুল অভিজ্ঞতা লাভ কৰে। তেওঁৰ অধ্যাপনা প্ৰণালী এনে সাৰুৱা আৰু হৃদয়গ্ৰাহী আছিল যে তেওঁ কলেজৰ কামৰ পৰা অৱসৰ লোৱাত সকলোৱে আক্ষেপ কৰিছিল। তেওঁ যে ভবিষ্যাতত ভাৰতবৰ্ষৰ সৰ্ব্বপ্ৰধান অৰ্থনীতিজ্ঞ হব পাৰিছিল এই অধ্যাপনাতেই তাৰ মূল ভিত্তি স্থাপিত হয়।
গোখলেৰ অনেক ছাত্ৰ আজি ভাৰতত যশস্বী হৈ উঠিছে, তাৰ, ভিতৰত স্বাৰ্থত্যাগী পুৰুষ অ'নাৰেবল মিঃ ৰঘুনাথ পুৰুষোত্তম পৰাঞ্জপ্যে এম্-এ, আৰু মিঃ অৰুণাচল ৰাজন এমএ, আই-চি-এচ্ আদি প্রধান। পৰাঞ্জপ্যে আৰু ৰাজন দুয়ো কেম্বিজ বিশ্ববিদ্যালয়ৰ গণিতৰ সৰ্ব্বোচ পৰীক্ষা চিনিয়ৰ ৰেংলাৰছিপত উত্তীর্ণ হৈছিল। ভাৰতবাসীৰ ভিতৰত এই পৰীক্ষাত কৃতকাৰ্য্য হোৱা ছাত্ৰৰ সংখ্যা দহতকৈ বেচি নহব।
মহাদেৱ গোবিন্দ ৰাণাড়ে —ফাৰ্গুচন কলেজত অধ্যাপক হৈ থাকোঁতেই স্বৰ্গীয় মহাদেৱ গোবিন্দ ৰাণাড়েৰ লগত গোখলেৰ ঘনিষ্ঠতা হয়। গোখলেই তেওঁৰ জীৱনত মহামতি ৰাণাড়েক গুৰু বুলি মানিছিল। ইফালে ৰাণাড়েৰ গুৰু আছিল মিঃ দাদাভাই নাওৰাজী। গোখলেও জীৱনত এজন উপযুক্ত শিষ্য পাইছিল। সেইদৰেই স্বাৰ্থত্যাগী আৰু বিশ্বপ্ৰেমিক মিঃ মোহনচাঁদ কৰমচাদ গান্ধী গোখলেৰ শিষ্য। এই গুৰুশিষ্য মণ্ডলীৰ প্ৰতিভাৰে ভাৰত-আকাশ আলোকিত হৈছে।
মহাত্মা! ৰাণাড়েৰ আন আন অসাধাৰণ শক্তিৰ ভিতৰত এই এটি শক্তি আছিল যে মানুহৰ গুণ বা বিকাশৰ সুযোগ নোপোৱা ক্ষমতা তেওঁ সহজে আবিষ্কাৰ কৰিব পাৰিছিল। এই গুণব দ্বাৰাই তেওঁ দেশৰ উৎসাহী, তৰুণ যুবকসকলক দেশহিত ব্ৰতত দীক্ষা দি তাৰ পথ দেখুৱাই দিব পাৰিছিল | মহাত্মা ৰাণাড়ে আৰু গোখলে দুয়ো বহি ভাৰতৰ অতীত বর্তমান আৰু ভবিষ্যত অৱস্থা পুঙ্খানুপুঙ্খকৈ আলোচনা কৰিছিল, দুয়ো বাতৰি কাকত আৰু ৰাজকীয় ৰিপোৰ্টৰ পৰা জানিবলগীয়া তথ্য উদ্ধাৰ কৰি তাক দেশৰ উন্নতি সাধনৰ আন্দোলনত লগাইছিল। স্বজাতিৰ হিতৰ নিমিত্তে উত্ৰাৱল গুৰুৰ চৰণত এনে এজন প্ৰতিভাশালী শিষ্য,-এই সন্মিলনত শিৱৰ তৃতীয় নেত্ৰৰ পবা অপূৰ্ব্ব অগ্নিজ্যোতি ওলোৱাৰ দৰে স্বদেশৰ অশেষ মঙ্গলৰ কাৰণে হব, ই স্বাভাৱিক ৷ গতিকে, চৈধাবছৰৰ আগেয়ে যেতিয়া মহাত্ম৷ ৰাণাড়েৰ অকালত লোকান্তৰ ঘটে ভাৰতবাসীৰ প্রাণত সান্তনা আছিল যে ৰাণাড়েৰ উপযুক্ত শিষ্য গোখলে আছে, আৰু আমাৰ চিন্তা কি? গুৰুৰ প্রতিভাৰ অগ্নিময় আভৰণ শিষ্যৰ গাত পৰিছে,--ভাৰতবাসী, শোক নকৰিবা। কিন্তু আজিতে| ভাৰতত তেনে কোনে! নাই যাৰ ফালে সতৃষ্ণ-নয়নে চাই গোখলেৰ অন্তৰ্দ্ধানৰ শোক পাহৰিব পাৰোঁ।
গোখলে সোমাওঁতে ফাৰ্গুচন কলেজৰ আৰ্থিক অৱস্থা তিমান টনকিয়াল নাছিল। অধ্যাপনাৰ গুৰুভাৰৰ পৰা অলপ আজৰি পালেই তেওঁ পঁচা তুলিবৰ নিমিত্তে ঠায়ে-ঠায়ে ফুৰিছিল। এই পঁচা তোলা কামটি কিমান উপাদেয় তাক সকলোৱে জানে। গোখলেই এই কাৰ্য্যত অনেক বেজাৰ লগা অভিজ্ঞতা পায়, কিন্তু তেওঁ ক’তো অসন্তুষ্ট নহৈ নৈৰাশ্যক সবলে দমন কৰিব পাৰিছিল। ফাৰ্গুচন কলেজত মিঃ গোখলে নামত মাথোন প্ৰিঞ্চিপাল বা অধ্যক্ষ নাছিল, তাত তেওঁৰ সমান প্ৰভুত্ব কাৰো নাছিল।
সেই সময়ত সাৰ্ব্বজানিক সভাৰ বৰ উন্নত অৱস্থ| আছিল। ১৮৮৭ খৃষ্টাব্দত, গোখলে এই সভাৰ পৰা ওলোৱা ইংৰাজী বাতৰি কাকতৰ সম্পাদকৰ ভাৰ লয়, আৰু উক্ত সভাৰ চেক্ৰে টাৰী হয়। কেবছৰমান অস্তিত্বৰ পাচত ভিতৰুৱা কন্দলৰ বাবে সাৰ্ব্বজানিক সভা লোপ পোৱাত দাক্ষিণাত্য সভা নামে এটি অনুষ্ঠান সংগঠিত হয়, মিষ্টাৰ গোখলে এই নতুন সভাৰ কাৰ্য্যকৰ্ত্তা হৈ “সুধাৰক” নামে ইংৰাজী-মহাৰাষ্ট্ৰীয় কাকতৰ সম্পাদনৰ দায়িত্ব গ্ৰহণ কৰে। সেই সময়ত গোখলেক সদৌ মহাৰাষ্ট্ৰীয় ৰাইজে দাক্ষিণাত্যৰ উদীয়মান তৰা বুলি মানি তেওঁৰ ভবিষ্যত জীৱনৰ সুমহৎ কাৰ্যাৱলীৰ ফালে হেঁপাহেৰে বাট চাই আছিল।
কংগ্ৰেছত প্ৰথমবাৰ বক্তৃতা- ১৮৯০ খৃষ্টাব্দত, মিঃ গোখলে প্ৰথমবাৰ ভাৰতৰ জাতীয় মহাসভা কংগ্ৰেছৰ মণ্ডপত বক্তাৰূপে থিয় হয়। তেওঁৰ তেতিয়া বয়স চব্বিচ বছৰ মাথোন, কিন্তু এই বয়সত দিয়া বক্তৃতাতে তেওঁ যি গভীৰ গবেষণা আৰু উদ্দীপনা শক্তিৰ পৰিচয় দিছিল তেনে শক্তিৰ পৰিচয় বয়সস্থ অনেক বক্তাৰ ভাষণত পোৱা নাযায়। ভাৰতৰ শিক্ষা-দীক্ষা সকলো বিষয়তে শিৰোমণি স্বৰূপ দেশনায়কসকলৰ আগত থিয় হৈ এই কুমলীয়া বয়সত বক্তৃতা দিয়া কিমান সাহৰ কাম, আৰু মিঃ গোখেলে এই কাম কেনে সুকলমে সমাধা কৰিছিল ভাবিলে বিস্মিত হব লাগে। এই বয়সতে সৰুজনা উইলিয়ম্ পিটে্ ইংলণ্ডৰ মহাসভা পাৰ্লিয়ামেণ্টৰ নেতা হৈ প্ৰধান মন্ত্ৰীৰ বাব পাইছিল। মিঃ গোখলে এই যে কংগ্ৰেছত সোমাল মৃত্যুৰ সময়লৈকে তেওঁ তাৰ এজন সৰ্ব্বপ্ৰধান নায়ক হৈ আছিল। পাচত এনে হ’ল, গোখলে নহলে কংগ্ৰেছৰ সৰ্ব্বাঙ্গ পূৰ নোহোৱা যেন লাগিছিল। ১৮৯৫ চনত পুনাত যিবাৰ কংগ্ৰেছ বহে মিঃ গোখলে তাৰ এজন সম্পাদক নিযুক্ত হয়।
ওয়েলবী কমিছনৰ আগত সাক্ষী—১৮৯৭ খৃষ্টাব্দত, ভাৰতৰ আয়-ব্যয়ৰ আলোচনা কৰিবৰ নিমিত্তে ইংলণ্ডত এখন ৰাজকীয় সমিতি বহে, ই সাধাৰণতে ওয়েলবী কমিছন বুলি জনাজাত | তাত সাক্ষী দিবলৈ পাৰ্চী সম্প্ৰদায়ৰ উজ্জল ৰত্ন মিঃ দিন্ছ এডুল্জি ওৱাচাৰ লগত মিঃ গোখলেই বিলাতলৈ যাত্ৰ৷ কৰে। এয়ে তেওঁৰ জীৱনব প্রথম সমস্যা। জাহাজত যাওঁতে এই ভাবী গুৰুভাৰৰ কথা চিন্তি তেওঁৰ হৃদয় কিৰূপে চঞ্চল হৈছিল তাক সহজে অনুমান কৰিব পাৰি। কিন্তু তেওঁ মহামতি ৰাণাড়েৰ কাষত পোৱা শিক্ষাৰ সজ গুটি ধৰিলে। গোখলেই উক্ত সভাৰ আগত সাক্ষী দিওঁতে ভাৰতীয় অর্থনীতিৰ গভীৰ জ্ঞানৰ যি পৰিচয় দিয়ে তাক দেখি সভাৰ সদস্যসকলে আচৰিত মানিছিল। তেতিয়াৰে পৰা মিঃ গোখলেক ভাৰতীয় অর্থনীতিৰ এজন সুবিজ্ঞ পণ্ডিত বুলি সকলোৱে মানিবলৈ ধৰিলে।
বোম্বেত হোৱ| প্লেগৰ বৰ্ণনা--এই প্রথমবাj বিলাত প্রবাসত গোখলেৰ জীৱনত এটি ভীষণ সমস্ত উপস্থিত হয়। তেওঁ তাত থাকোঁতে বোম্বে নগৰীৰ কেবা ঠাইতো প্লেগ মহামাৰীয়ে দেখা দিয়ে! ভাৰতত প্লেগ এয়ে প্ৰথম, সেইদেখি ৰজা আৰু প্ৰজাৰ প্ৰাণত ধাতু নোহোৱা হৈছিল। গৱৰ্ণমেণ্টে" এই মহামাৰী নিবাৰিবৰ নিমিত্তে এটি উৎকট উপায় অৱলম্বন কৰিছিল, গোৰা চিপাহীৰ হতুৱাই বলেৰে ৰোগীক চিকিৎসালয়লৈ নিব লগাত পৰিছিল। এই কথাকে ঢৌটোকে ৰৌটো কৰি বোম্বেৰ এজন ভদ্ৰলোকে গোখলেলৈ এই মৰ্ম্মে এখনি চিঠি লিখে,--যে গোৰা চিপাহীয়ে প্ৰজাৰ ওপবত ভয়ানক অত্যাচাৰ কৰিছে, সিহঁতে মানুহৰ ঘৰৰ ভিতৰত সোমাই নানা ৰকম জুলুম-জবৰ্দস্তি কৰিবলৈ ধৰিছে। এই চিঠি পাই গোখলে বৰ উত্তেজিত হল। অকল এই চিঠিৰ সত্যতাৰ ওপৰত নিৰ্ভৰ কৰি আন্দোলন চলালে আগলৈ বিপদ হ’ব পাৰে, এই কথাষাৰ মিঃ ওৱাচাই ভালকৈ বুজিছিল, কিন্তু মিঃ গোখলে এই চিঠি পাই ইমান বিব্ৰত হৈ পৰে যে ওৱাচাৰ স্থিৰ উপদেশ তেওঁ গ্ৰাহ্য নকৰিলে। তেওঁ পেটে-সমন্বিতে বিশ্বাস কৰিছিল যে সেই চিঠিৰ এটি বৰ্ণও মিছা নহয়। গোখলেই এই চিঠিখন ভাৰত-হিতৈষী চাৰ উইলিয়ম ওৱেডাৰবাৰ্ণ চাহাবক দেখুৱায়, ওৰেডাববাৰ্ণে এই চিঠিৰ কথা পাৰ্লিয়ামেণ্টত উথাপন কৰিলে, আৰু গোটেই বিলাতময় সেই বিষয়ে আন্দোলন পৰি গ’ল। বিলাতৰ পৰা বোম্বে গৱৰ্ণমেণ্টলৈ কৈফিয়ত বিচাৰোঁতে বোম্বে গৱৰ্ণমেণ্টে ক'লে যে সকলো কথা মিছা আৰু অতিৰঞ্জিত। তেতিয়া চাৰ ওৱেডাৰবাৰ্ণ আৰু গোখলে বৰ বিমোৰত পৰিল। বুঢ়া ওৱাচাৰ হাকবচন তেতিয়া হাতে-হাতে ফলিয়ালে। চাৰ ওৱেডাৰবাৰ্ণ চাহাব পাৰ্লিয়ামেণ্টৰ ক্ষমা খুজিবলৈ বাধ্য হ'ল। এই ঘটনাব পৰা মিঃ গোখলেই এটি শিক্ষা পালে যে ভালকৈ প্ৰমাণ নোপোৱাকৈ কোনো কথাই এইদৰে প্ৰকাশ কৰিব নেলাগে |
কিন্তু এই ঘটনাৰ এইখিনিতে ওৰ নপৰিল। যেতিয়া গোখলে বিলাতৰ পৰা উভতি আহি বোম্বে বন্দৰত জাহাজৰ পৰা নামে পুলিচ কমিছনাৰে গৈ তেওঁক তাতে আতক কৰিলে, আৰু ক'লে—"তুমি বিলাতত বোম্বে গবৰ্ণমেণ্টৰ বিৰুদ্ধে যিবোৰ কথা কৈছিল তাৰ ভাল প্ৰমাণ দিয়া, নহলে ক্ষমা খোজ৷।” গোখলেই এই সময়ত সেই অতিৰঞ্জিত চিঠি লিখোঁতা বন্ধুজনব নাম কৈ নিজে সাৰিব পাৰিলেহেঁতেন, কিন্তু তেনে কাম মহামতি গোখলেৰ মহাহৃদয়ৰ সম্পূৰ্ণ বিৰোধী। তেওঁ সকলো দোষ নিজে গা পাতি ললে, আৰু প্ৰকৃত বীৰৰ দবে গৱৰ্ণমেণ্টৰ ওচৰত ক্ষমা বিচাৰিলে।
এইবিষয় লৈ কাগজে-পত্ৰে গোখলেৰ বিৰূদ্ধে ভীষণভাৱে লেখা-লেখি হ’বলৈ ধৰিলে। গোখলেৰ কিন্তু আজীবন দৃঢ় বিশ্বাস আছিল যে এইদৰে প্ৰমাণ নোহোৱাকৈ গৱৰ্ণমেন্টৰ ক্ষতি কৰি তাৰ বাবে ক্ষমা খোজাত একো অন্যায় হোৱা নাই। তেওঁ এজন বন্ধুক সেই সময়ত কৈছিল,-“এইদবে ক্ষমা বিচাৰি যদি দেশৰ মই কিবা ক্ষতি কৰিছো কালত মই তাক পূৰণ কৰিম |” গোখলেৰ এই প্ৰতিজ্ঞা কিমানদুৰ সম্ফল হৈছিল তেওঁৰ পৰৱৰ্তী জীৱনত ইয়াৰ ফট্ফটীয়া প্ৰমাণ পোৱা যায়।
এই ঘটনাৰ পাচত গোখলে বহুতৰ অপ্ৰিয়ভাজন হৈ উঠে। ১৮৯৮ খৃষ্টাব্দত অমৰাবতীৰ কংগ্ৰেছত তেওঁ বক্তৃতা দিবলৈ থিয়
হওঁতে কংগ্ৰেছৰ প্রতিনিধি আক সমজুৱাসকলে তেওঁক ‘হিচ’ ‘হিচ’ কৰি বহুৱাই থলে। কিন্তু লাহে-লাহে গোখলেৰ ফালে ৰাইজৰ পূৰ্ব্বৰ শ্ৰদ্ধাস্নেহ আকৌ বাঢ়ি আহিল। এনেকি যি কংগ্ৰেছত তেওঁ এইদৰে অপমানিত হয়, সাত বছৰৰ পাচত তেওঁক সেই কংগ্ৰেছৰে দেশপৃজ্য অধিনায়কৰূপে বৰণ কৰা হয়।
১৮৯৯ খৃষ্টাব্দত গোখলেব পত্নী বিয়োগ হয়, তেওঁ আৰু দ্বিতীয়বাৰ বিবাহ কব| নাছিল। স্ত্রী-বিয়োগৰ পাচৰে পৰা তেওঁ একচিতীয়াকৈ জাতীয় মঙ্গলৰ ব্ৰতত নিজব জীৱন উচর্গা কৰিবলৈ ধৰিলে |
বৰলাটৰ ব্যৱস্থাপক সভাৰ সদস্য--১৯০৩ চনত তেওঁ বোম্বেৰ ব্যৱস্থাপক সভাৰ সভ্য মনোনীত হয়। তাৰ দুবছৰৰ পাচে মিঃ ফিৰোজশ্যা মেহটাই শাৰীৰিক অসুস্থতাৰ কাৰণে গভৰ্ণৰ জেনেৰেলৰ ব্যৱস্থাপক সভাব পৰা অৱসৰ লোৱাত তেওঁৰ ঠাইত মিঃ গোখলে সদস্য নিযুক্ত হয়। তেতিয়াৰ পৰা তেওঁ এই সভাব জীৱনী-শক্তি স্বৰূপ হৈ আছিল। স্বদেশবাসীৰ উন্নতিৰ সম্বন্ধে এনে এটি বিষয় নাই যাক মিঃ গোখলে এই সভাৰ আগত দাঙ্গি ধৰা নাই। দুখীয়া খেতিয়ক, দৰিদ্ৰ ৰায়ত আৰু শিক্ষিত ভাৰতীয়ৰ দুর্দশাই তেওঁৰ বক্তৃতাত সদায় ঠাই পাইছিল। tসৈন্য বিভাগত অজস্ৰ অর্থব্যয় হৈছে, কিন্তু তাৰ অনুযায়ী প্ৰজাৰ উপকাৰ হোৱ| নাই,--এইবিষয়ে তেওঁ কেইবাবাবো আন্দোলন কৰে। পানী নোহোৱ| অঞ্চলত খাল খানি পানী অনাৰ ব্যৱস্থা কৰিবৰ নিমিতে সৰহ টকা খবছ কৰিবলৈ, দুখীয়া ৰায়তৰ ৰাজহ কমাবলৈ, লোণ আদিৰ মাচুল কমাবলৈ তেওঁ ৰজাঘৰত বিশেষকৈ খাটিছিল। আমাৰ ঋণগ্ৰস্ত ৰায়তক সুদ-খোৱা মহাজনৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ ঠায়ে-ঠায়ে খেতিয়কৰ অৰ্থকোষ স্থাপন কৰাবৰ নিমিত্তে তেওঁ বৰ যত্ন কৰিছিল। শিল্প শিক্ষাৰ অনুষ্ঠান আৰু বৈজ্ঞানিক প্ৰথামতে খেতি কৰাৰ সুবিধা দিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। এনেকি সৈনিক বিভাগত ভাৰতীয়ক উপযুক্ত স্থান দিয়াবলৈকো তেওঁ বৰ যত্ন কৰিছিল।
ভাৰতবৰ্ষৰ আয়-ব্যয়ৰ বিষয়ে তেওঁ যিবোৰ বক্তৃতা দিয়ে তাৰ প্ৰতিস্থলতে তেওঁ প্ৰজাৰ মঙ্গলৰ ফালে টানিছিল। তেওঁ নহলে বাজেট-আলোচনা অসম্পূৰ্ণ যেন হৈছিল। সেইদেখি এবাৰ ভাৰতৰ অৰ্থ-সচিবে আয়-ব্যয়ৰ হিচাব মেলিবলৈ যাওঁতে মিঃ গোখলেৰ অনুপস্থিতিৰ কথা উল্লেখ কৰি কৈছিল— “আমি আজি হেমলেট নোহোৱাকৈ হেমলেট নাটকৰ অভিনয় কৰিবলৈ ওলাইছোঁ।” ব্যৱস্থাপক সভাত তেওঁৰ প্ৰশ্নৰ যথাযথ উত্তৰ দিওঁতে ৰজাঘৰীয়া মন্ত্ৰীসকল মাজে-মাজে উধাতু খাইছিল। ভাৰতৰ আভ্যন্তৰিক অৱস্থাৰ বিষয়ে যিসকল সদস্যৰ সবিশেষ জ্ঞান নাই তেওঁলোকে চৰকাৰী সদস্যসকলৰ লগত তৰ্ক কৰোঁতে মাজে-মাজে থৎমৎ খাব লাগে। কিন্তু গোখলে এইবিধৰ সভ্য নাছিল। ভাৰতৰ প্ৰজাৰ অৱস্থা আলোচনা কৰি তাৰ উন্নতিৰ অৰ্থে চেষ্টা কৰোতেই তেওঁৰ জীৱন অতিবাহিত হয়। তেওঁক কোনো সদস্যই সহজে নিৰুত্তৰ কৰি বহুৱাই থব নোৱাৰিছিল। বিপদত ধৈৰ্য্য, অভ্যুদয়ত ক্ষমা, সভাত বাগ্মিতা, মহাপুৰুষৰ এই সকলোটি গুণ মিঃ গোখলেৰ গাত লম্ভিছিল।
ফাৰ্গুচন কলেজৰ পৰা বিদায় গ্ৰহণ — ১৯০২ খৃষ্টাব্দত তেওঁ ফাৰ্গুচন কলেজৰ অধ্যাপকৰ কামৰ পৰা মাথোন ডেৰকুৰি টকা পেঞ্চনত অৱসৰ গ্ৰহণ কৰে। সেই মুহুৰ্ত্তৰ পৰা গোখলেব জীৱন-কাহিনী আৰু ভাৰতবৰ্ষৰ জাতীয় জীৱন-কাহিনী কনক-সূত্ৰেবে গঁথা। শিক্ষাৰ কামৰ পৰা অৱসৰ লৈ ভাৰতৰ ৰাষ্ট্ৰীয় জীৱনত প্ৰাণ উচৰ্গা কৰাৰ সময়ত তেওঁ কৈছিল,—“মই এই কলেজত ইমান দিন বন্ধু-বান্ধৱৰ মাজত সুখে-স্বাচ্ছন্দে আছিলোঁ, তেওঁলোকে মোব দোষ অপৰাধৰ পিনে আওকণীয়া হৈ মোৰ যি অলপ গুণ আছে তাকে দহোগুণ বঢ়াই মোক নানাপ্ৰকাৰে সন্মান দেখুৱাই মৰম-চেনেহ কৰিছিল। আজি এইবোৰ সকলো জলাঞ্জলি দি বিষম সঙ্কটাকুল দেশহিতব্ৰতত প্ৰাণ উচৰ্গা কৰিবলৈ ওলালো। আমাৰ দেশত দেশসেৱাৰ যথোচিত প্ৰতিদান নাই, মাথোন নৈৰাশ্যৰ কোব সহিব লাগে। কিন্তু মোৰ অন্তৰত আজি কাৰোবাৰ দৈৱবাণী শুনিছোঁ, তাৰ উদগনিত মই এই নতুন ব্ৰত ধৰিবলৈ ওলাইছো। আমাৰ কৰিবলগীয়া কাম বহুত, তাৰ পৰিণাম কি কোনেও কব নোৱাৰে। তথাপি আমি মহৎ উদ্দেশ্য আগত লৈ সৰল বিশ্বাসেৰে অনুপ্ৰাণিত হৈ কাৰ্য্যক্ষেত্ৰত নামিব লাগিব, সকলে৷ নিঃস্বাৰ্থ অনুষ্ঠানত যি আত্মসন্তোষ জন্মে তাৰ ভাগী হৈ আমি সান্ত্বন। লব লাগিব।” যি দেশত ঘৰে-ঘৰে ভীষ্ম, দধীচি আৰু গৌতমৰ পূজা চিৰকাল চলি আহিছে, সেই সুপৱিত্ৰা ৰত্নপ্ৰসৱিণী ভাৰতভূমিত মহামতি গোখলেৰ এই অতুলন স্বাৰ্থত্যাগৰ সমুচিত পূজা হওঁতে পলম নঘটিল। তেওঁ দাক্ষিণাত্য শিক্ষা-সমিতিৰ পৰা বিদায় লওঁতে এই সমিতিৰ ক্ষতি হ'ল সচা, কিন্তু গোটেই ভাৰতবাসীৰ তাৰপৰা অশেষ উপকাৰ হ'ল। যি জন বীৰৰ স্বাভাবিক কৰ্ম্মক্ষেত্ৰ বিপুল আৰু বিস্তীৰ্ণ, তেওঁ সঙ্কাৰ্ণ ঠাই এডুখৰিৰ ভিতৰত ঘূৰি-পকি ফুৰিলে দেশবাসীৰ প্ৰতি বাস্তৱিকে বিষম অন্যায় কৰা হয়। অসাধাৰণ কাৰ্যক্ষম প্ৰতিভা ভগৱানৰ বিশেষ অনুগ্ৰহৰ পাত্ৰৰ বাহিৰে আনৰ ওপৰত অৰ্পিত নহয়। তেওঁলোকৰ কৰ্ত্তব্য, সেই শক্তি কোনো এডোখৰ সঙ্কীৰ্ণ ঠাইৰ মাজত সীমাবদ্ধ কৰি নেৰাখি, যিমান বিস্তৃতভাৱে প্ৰজাৰ কল্যাণ সাধনৰ কল্পে নিযুক্ত হয় তালৈ চকু ৰখা, তাৰপৰা পৰম মঙ্গলময়ৰ উদ্দেশ্য সিদ্ধি হয়। মিঃ গোখলে আজীৱন দাক্ষিণাত্য শিক্ষা-সমিতিত যোগ দি নিজৰ অপাৰ শক্তিৰ অপচয় কৰা হলে তেওঁৰ বিয়োগত আজি এনে দীৰ্ঘ কান্দোনৰ ৰোল নুঠিলহেঁতেন।
চি-আই-ই উপাধিৰে বৰণ — গুণজ্ঞ লৰ্ড কৰ্জ্জনে মিঃ গোখলেৰ অপৰিসীম শক্তিৰ সমাদৰ স্বৰূপে তেওঁক ১৯০৪ চনত চি-আই-ই উপাধিবে বিভূষিত কৰি কয়,— “ভাৰতৰ উন্নতি সাধনৰ নিমিত্তে গোখলেৰ নিচিনা আৰু জনচেৰেক কৃতী সন্তানৰ প্ৰয়োজন।” লৰ্ড কৰ্জ্জনৰ লগত তেওঁৰ কেইবাবাৰো নানান বিষয়ত তৰ্ক-বিতৰ্ক লাগে, তাৰ স্বত্ত্বেও কৰ্জ্জনে গোখলেৰ গুণৰ সমাদৰ কৰিবলৈ পিচ নুহুহঁকিছিল। তেওঁৰ বিৰোধী প্ৰতিদ্বন্দ্বীসকলো তেওঁৰ অপাৰ গুণৰাশিৰ প্ৰশংসা কৰিবলৈ বাধ্য হৈছিল। কবিয়ে যথাৰ্থতে কৈছে—“সমুন্নয়ন ভূতিমনাৰ্য্যসঙ্গমাৎ বৰং বিৰোধোঽপি সনং মহাত্মভিঃ”, অৰ্থাৎ, মহাত্মাসকলৰ লগত বিৰোধৰ পৰাও লাভ আছে, সেইদেখি সি দুৰ্জ্জনৰ সৈতে মিত্ৰতাতকৈ বহুগুণে ভাল।”
কংগ্ৰেছৰ যুটীয়া সম্পাদক—এই চনতে গোখলে কংগ্ৰেছৰ যুটীয়া সম্পাদকৰূপে মাদ্ৰাজলৈ যায়, সেই নগৰীত তেওঁক যি অভ্যৰ্থনা দিয়া হয় ভাৰতবাসীৰ পক্ষে সি নিতান্ত দুৰ্লভ। তেওঁৰ স্বাৰ্থত্যাগ আৰু স্বদেশৰ মঙ্গলাৰ্থে প্ৰাণ উৎসৰ্গা কৰাৰ কথা শুনি সকলো বিমোহিত হৈছিল। তেনেজন মহাপুৰুষক সন্মুখত পাই গোটেই মাদ্ৰাজবাসী আনন্দত উত্ৰাৱল হৈ উঠিল। সভা-সমিতি পাতি তেওঁক কেবাঠাইতো অভিনন্দন পত্ৰ দিয়া হয়।
১৯০৫ খৃষ্টাব্দ মিঃ গোখলেৰ জীৱনৰ এটি লাগতিয়াল বছৰ। এই বছৰত তেওঁৰ কান্ধত কেইবাটিও গুৰুভাব সমৰ্পিত হয়। কংগ্ৰেছৰ যুটীয়া সম্পাদকৰ দায়িত্বৰ উপৰিও “ইণ্ডিয়া” নামে এখন দেশহিতৈষী কাগজ চলোৱাৰ ভাৰ তেওঁৰ ওপৰত পৰে। ভাৰতীয় প্ৰজাক সৰ্ব্বপ্ৰকাৰ চাকৰিত মুক্তভাৱে আসন দিয়া হৈছে বুলি লৰ্ড কৰ্জ্জনে বাজেট, বক্তৃতাত প্ৰমাণ কৰিবলৈ যত্ন কৰে। নানা তৰহৰ ৰিপোৰ্ট আদি ঘাঁটি এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিবলৈ সাজু হওঁতে মিঃ গোখলেৰ অসীম পৰিশ্ৰম হয়। তাৰ পাচত ৰাণাড়েৰ স্মৃতিস্বৰূপে “ৰাণাড়ে অৰ্থনৈতিক অনুষ্ঠানৰ” নিমিত্তে পঁচা তোলোঁতে গোখলেৰ অশেষ শ্ৰম হয়।
ভাৰত-সেৱক মণ্ডলী স্থাপন – মিঃ গোখলেৰ জীৱনৰ সৰ্ব্ব-প্ৰধান অনুষ্ঠান ভাৰত-সেৱক মণ্ডলী, বা চাৰ্ভেণ্টচ্ অব্ ইণ্ডীয়া চোচাইটি, নামে সঙ্ঘ আগৰ বছৰৰ জুন মাহতে সংগঠিত হয়। এই সভাৰ উদ্দেশ্য মহান। চৌখীন পেট্ৰিয়টৰ সলনি জনচেৰেক একাগ্ৰচিত্ত দেশানুৰাগীক উপযুক্ত শিক্ষা দি ভাৰতবাসীৰ কল্যাণাৰ্থে নিয়ম লগাই কাম কৰিবলৈ সুবিধা দিয়াই এই সভাৰ উদ্দেশ্য। এই সভাত হিন্দু, মুছলমান, খৃষ্টান, পাৰ্চী বুলি জাতিৰ ভেদাভেদ নাই। ইয়াৰ চৰম উদ্দেশ্য হৈছে বৃটিচ উপনিবেশবোৰৰ দৰে ভাৰতৰ কাৰণে স্বায়ত্তশাসন লাভ কৰা। ইংলণ্ডৰ লগত আমাৰ যি সম্বন্ধ সি বিধাতাৰ ৰহস্যময় ইচ্ছাৰ অধীন আৰু ভাৰতবাসীৰ মঙ্গলৰ কাৰণ বুলি এই সঙ্ঘই অকপটভাৱে বিশ্বাস কৰে। ইয়াৰ সভ্যসকলে দেশবাসীৰ মঙ্গল অনুষ্ঠানকে জীৱনৰ মুখ্য ধৰ্ম্ম বুলি মানিব লাগে। এই সভাৰ মঙ্গল বিধানেই গোখলেৰ জীৱনব্যাপী সাধনা আছিল। এনে কি মৃত্যুৰ আগলৈকে এই সভাৰ কথা কৈ তেওঁ বিব্ৰত হৈ পৰিছিল। মহাত্মাৰ অনুগতসকলে এই সভাৰ উন্নতি সাধনেই গোখলেৰ প্ৰকৃত স্মৃতিস্তম্ভ হব বুলি থিৰাং কৰিছে, আৰু তাৰ অৰ্থে দেশব্যাপী আন্দোলন হ'ব লাগিছে। কংগ্ৰেছৰ প্রতিনিধি হৈ বিলাত যাত্ৰ৷--১৯০৪ চনৰ কংগ্ৰেছত বিলাতলৈ প্ৰতিনিধি পঠাবৰ প্ৰস্তাৱ কৰা হয়। সেই প্ৰস্তাৱ অকল বোম্বে আৰু পঞ্জাবেহে কাৰ্য্যত পৰিণত কৰিব পাৰিছিলগৈ। সেইমতে তাৰ পিচ বছৰত বোম্বেৰ প্ৰতিনিধি স্বৰূপে মিঃ গোখলে আৰু পঞ্জাৱৰ হৈ লালা লাজপৎ ৰায়ে বিলাতলৈ যাত্ৰা কৰে। সেই সময়ত বঙ্গৰ অঙ্গচ্ছেদৰ কাৰণে দেশত ভীষণ তোলপাৰ। মিঃ গোখলে ইংলণ্ডবাসীৰ আগত ভাৰতৰ দুৰৱস্থাৰ সকলো কাৰণ আৰু তাৰ প্ৰতিকাৰৰ সহজ উপায় বুজাই ঠায়ে ঠায়ে বক্তৃতা দি ফুৰে। এইবাবে তেওঁৰ ইমান পৰিশ্ৰম হয় যে অৱশেহত তেওঁৰ শৰীৰত আঘাত পৰে। কিন্তু স্বদেশবাসীৰ দুৰ্দশাৰ কৰুণ ছবিয়ে তেওঁৰ নিজৰ সকলো অসুখ-অসুবিধা তেওঁক পাহৰাই থৈছিল। এইবাৰ তেওঁ ইংলণ্ডত পঞ্চাচ দিনৰ ভিতৰত পঞ্চাল্লিশতকৈ সৰহবাৰ বক্তৃতা দিয়ে। লৰ্ড কৰ্জ্জনৰ শাসন-প্ৰণালীৰ তেওঁ বিশেষভাবে সমালোচনা কৰে। তাৰ উপৰি প্ৰজাৰ দাৰিদ্ৰ্য, অশিক্ষা, ক্ৰমান্বয়ে বাঢ়ি অহা মৃত্যুৰ সংখ্যা, ৰায়তৰ ঋণগ্ৰস্ত জীৱন, ঘণাই হোৱ৷ দুৰ্ভিক্ষ, স্বাস্থ্য ৰক্ষাৰ নিমিত্তে সমুচিত ব্যৱস্থাৰ অভাব, —- এইবোৰ দুখৰ কথা ভাঙি কৈ ভাৰতবাসীৰ দুৰৱস্থাৰ ফালে ইংৰাজসকলৰ চকু মোকলাবলৈ তেওঁ যত্ন কৰে। সেনা বিভাগৰ নিমিত্তে অজস্ৰ ব্যয়, আৰু নানান বিষয়ত ভাৰতবাসীৰ স্বত্ব অগ্ৰাহ্য কৰা, আৰু ভাৰতবাসীৰ কেতবিলাক স্বাভাবিক প্ৰবৃত্তিৰ বিকাশত যথোচিত সুযোগ নিদিয়া, ইত্যাদি বিষয়েও কবলৈ তেওঁ পাহৰা নাছিল। ব্ৰটিছ শাসনৰ অধীনলৈ আহি ভাৰতৰ যি উপকাৰ হৈছে তাকো তেওঁ মুক্তকণ্ঠে স্বীকাৰ কৰি ফুৰিছিল।
কংগ্ৰেছৰ সভাপতি— ইতিমধ্যে তেওঁ ভাৰতৰ জাতীয় মহাসভা কংগ্ৰেছৰ বছেৰেকীয়া অধিবেশনৰ সভাপতি মনোনীত হয়। ভাৰতবাসীয়ে ভাৰতবাসীৰ দিব পৰা ইয়াতকৈ ডাঙৰ সন্মান একো নাই। বিলাতৰ পৰা উভতি আহি জিৰণি লবলৈ অলপো সময় নোপোৱাকৈয়ে হিন্দুৰ পুণ্যতীৰ্থ কাশীলৈ তেওঁ যাত্ৰা কৰে। সেইবাৰ কংগ্ৰেছ অধিবেশন কাশীত বহিছিল। তেওঁৰ সভাপতিৰ অভিভাষণৰ নিমিত্তে ভাৰতবাসী আৰু ইংলণ্ডবাসী উৎকণ্ঠিত হৈ আছিল। সেই অভিভাষণ ৰচনা কৰিবলৈ তেওঁ যথোচিত অৱসৰ নেপালে, তথাপি ভাৰতৰ জাতীয় জীৱনত এই অভিভাষণখনি এটুকুৰা হীৰাৰ দৰে সদায় জিলিকি থাকিব। ভাৰতবাসীৰ উমৈহতীয়া আকাঙ্ক্ষাৰ এনে সুস্পষ্ট প্ৰতিধ্বনি পূৰ্ব্বৰ কোনো সভাপতিৰ অভিভাষণত শুনা নগৈছিল।
কংগ্ৰেছৰ শাখা অধিবেশনবোৰত সদস্যসকলক সংযমৰ তলত ৰখাটো বৰ টান হৈছিল। নব্যজাত এক্চ্ট্ৰিমিষ্ট দল একেবাৰে উত্ৰাৱল হৈ আছিল। ইংলণ্ডৰ যুৱৰাজক (পিচত সম্ৰাট পঞ্চম জৰ্জ্জ) কংগ্ৰেছৰ পৰা অভ্যৰ্থনা দিয়াৰ প্ৰস্তাৱত তেওঁলোকে গোলমাল লগায়, আৰু গোটেই ভাৰতব্যাপী বিলাতী বৰ্জ্জন বা বয়কট চলাবলৈ প্ৰস্তাৱ কৰে। এইবোৰ বিষয় লৈ সভাত ভীষণ আন্দোলন চলে, এনেকি মাজে-মাজে সভাপতিয়ে বক্তাসকলক শাসনৰ তলত ৰাখিবৰ নিমিত্তে নিজৰ সভাপতিৰ ক্ষমতা চলাবলৈ বাধ্য হয়। কিন্তু মিঃ গোখলেৰ এনে কৰ্ম্ম-পটুতা যে কাকো অসন্তোষ নিদিয়াকৈ এই মহাসভাৰ সভাপতিৰ গুৰু কৰ্ত্তব্য তেওঁ সুকলমে সম্পাদন কৰে।
১৯০৬ চনত লৰ্ড মিণ্টোৰ আমোলত মিঃ গোখলেই তেওঁৰ পঞ্চম বাজেট বক্তৃতা দিয়ে। তাত তেওঁ ভাৰতীয় প্ৰজাৰ দুৰ্গতিৰ বৰ্ণনা কৰি তাৰ উন্নতিকল্পে কি কি প্ৰতিকাৰ বিধান কৰা উচিত তাক ভালকৈ ফঁহিয়াই দেখুৱাই দিয়ে, আৰু দেশব্যাপী যি এটা নতুন আন্দোলন চলিছিল তাৰ পৰিণাম তেওঁ ভালকৈ বুজাই দিয়ে। তেওঁ বক্তৃতাৰ শেহছোৱাত কয়,–“দেশত এটি নতুন ভাবৰ সঞ্চাৰ হৈছে; তাৰ আমি সাৱধানে তত্ত্ব লোৱা উচিত। মোব বিশ্বাস গৱৰ্ণমেন্টে এই ভাবৰ পৰিবৰ্ত্তন ঘটাব পাৰে। ইয়াৰপৰা বৃটিছ ৰাজত্বৰ হিতবিনে অহিত সাধন নহয়। কিন্তু এটি কথা সঁচা, বল প্ৰয়োগ কৰিলে একো শুভফল পোৱা নেযাব। মই এইবোৰ কবলৈ বাধ্য হৈছোঁ, কাৰণ বৰ্ত্তমান অৱস্থাৰ মাজত মই এটি ঘোৰ বিভীষিকাৰ ছ৷ দেখিবলৈ পাইছো। মই মোৰ দুৰ্ব্বল বাক্শক্তিক সময়মতে সাৱধান কৰাৰ কামতহে লগাব পাৰোঁ, বাকী যি হ'বলগীয়া আছে সি ভগবানৰ ইচ্ছা।” প্ৰজাবৎসল শাসনকৰ্ত্তা লৰ্ড মিন্টোৰ ওচৰত এই আগজাননীৰ শুভফল নধৰাকৈ নেথাকিল।
পুনৰ বিলাত যাত্ৰা— তাৰ পাচৰ বছৰত শাসন সংক্ৰান্ত গোটাদিয়েক সংস্কাৰৰ নিমিত্তে গোখলে পুনৰ বিলাতলৈ যাত্ৰা কৰে। ইতিমধ্যে বঙ্গদেশত তোলপাৰ আৰু ভীষন হয়। মিঃ গোখলে ভাৰত-সচিব মিঃ জন মৰ্লি (পিচত লৰ্ড) আৰু অন্যান্য ইংৰাজসকলৰ লগত সাক্ষাৎ কৰি ভাৰতৰ অৱস্থ৷ ভালকৈ বুজাই দি ভাৰতবাসীৰ নিমিতে আৰু সুখ সুবিধা লাভ কৰিবলৈ যত্ন কৰে। এই আন্দোলনত তেওঁ অগাধ পণ্ডিত ৰমেশচন্দ্ৰ দত্ত, ভাৰতবন্ধু চাৰ হেনৰি কটন আৰু চাৰ উইলিয়ম ওৱেডাৰ বাৰ্ণৰ পৰা বিশেষ সহায় পাইছিল। বহুতৰ বিশ্বাস ইয়াৰ ফলস্বৰূপে ৰাজহুৱা সভা পতা আৰু জাতীয় সঙ্গীত গোৱা প্ৰভৃতিৰ বিষয়ে যি কঠোৰ আইন আছিল সি শিথিল হয়। ভাৰতৰ কাউঞ্চিলবোৰত লৰ্ড মিন্টো আৰু মিঃ মৰ্লিৰ আমোলত যি সংস্কাৰৰ সূত্ৰপাত হয় মিঃ গোখলেৰ পৰিশ্ৰম তাৰবাবে শলাগিব লগীয়া। বিলাতৰ ভাৰত-সভা আৰু প্ৰিভি কাউঞ্চিলত ভাৰতীয়ই যে আসন লাভ কৰিছে ইয়ো মিঃ গোখলেৰ আন্দোলনৰ ফলস্বৰূপ।
কংগ্ৰেছৰ নতুন আদৰ্শ—দেশলৈ উভতি আহি সেই বছৰ কলিকতাৰ কংগ্ৰেছত তেওঁ বিলাতৰ অভিজ্ঞতাৰ বিষয়ে বক্তৃতা দিয়ে। সেই বছৰৰ কংগ্ৰেছ কি এটা হুলস্থুল কাণ্ড! ভাৰতৰ গৌৰৱ-ৰবি মিঃ দাদাভাই নাওৰাজী সভাপতিৰ আসনত থকাৰ কাৰণেহে কোনোমতে সি ধ্বংসৰপৰা ৰক্ষা পায়। বহুতে মিঃ তিলকক সভাপতি পাতিব যোজা কৰিছিল। সেই অধিবেশনত নিঃ সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু চাৰ ফিৰোজশ্যা মেহটাৰ নিচিনা দেশনায়কসকলৰ কথাকে৷ সভ্যসকলে গ্ৰাহ্য কৰা নাছিল। মিঃ গোখলে ভাৰতৰ জাতীয় মহাসভাৰ এনে অমঙ্গলজনক অৱস্থা দেখি নিশঙ্ক হৈ থাকিব নোৱাৰিলে। দেশৰ প্ৰকৃত অভাৱ কি বুজাবৰ নিমিত্তে, মানুহৰ মনৰপৰা গোটাদিয়েক ভ্ৰমাত্মক ভাব আৰু আকাঙ্ক্ষা আঁতৰাবলৈ, আৰু হিন্দু-মুছলমানৰ ভিতৰত সম্প্ৰীতি থাকিবলৈ ১৯০৭ চনৰ ফেব্ৰুৱাৰী মাহতে তেওঁ উত্তৰ-ভাৰতৰ প্ৰধান-প্ৰধান ঠাইবোৰত বক্তৃতা দি ফুৰিছিল। মুছলমানসকলে গোখলেক যিভাৱে আদৰ-অভ্যৰ্থনা কৰে তেনে সমাদৰ কোনো হিন্দু নেতাৰ ভাগ্যত এই পৰিমিতে ঘটা নাই। গোখলেক আলিগড়ৰ ৰাজপথেদি মহাসমাৰোহেৰে লৈ যাওঁতে তেওঁৰ ওপৰত ধাৰাসাৰে পুষ্পবৃষ্টি হৈছিল, এই দৃশ্যৰ কথা সুৱঁৰিলে ভাৰবিৰ “সুৰকুসুম নিপাতৈৰ্বোম্নি লক্ষ্মীবিতেনে” আদি বৰ্ণনালৈ মনত পৰে। এই আদৰ-অভ্যৰ্থনাৰপৰা মিঃ গোখলেই ভালকৈ বুজিব পাৰিলে যে ভাৰতবাসীৰ মন দেশৰ মঙ্গলৰ কাৰণে অলপ ঢাল খাইছে।
সেই বছৰতে তেওঁৰ পিতৃতুল্য সহোদৰৰ মৃত্যু হোৱাত তেওঁ মৰ্ম্মান্তিক শোক পায়। স্বৰ্গীয় ককাইদেৱাকৰ ডাঙৰ পৰিয়ালৰ প্ৰতিপালনৰ ভাব তেওঁৰ কান্ধত পৰে। ককায়েকৰ পৰিয়ালৰ যাতে কষ্ট নহয় তাৰ হন্তে তেওঁ বৰ যত্ন কৰিছিল।
এইদৰে ঘৰুৱা শোক পায়ো তেওঁ দেশসেৱাৰ পৰা এক মুহূৰ্ত্তৰ নিমিত্তেও ক্ষান্ত হোৱা নাছিল। কাউঞ্চিলৰ সাধাৰণ কামৰ উপৰিও তেওঁ এই বছৰতে ডিচেন্ট্ৰেলাইজেচন্, কমিচন্ বা বিকেন্দ্ৰীকৰণ কমিতিৰ আগত সাক্ষী দিছিল, আৰু পুনাৰ টেম্পাৰেঞ্চ সভাৰ সভাপতি স্বৰূপে অনেক কাম কৰিব লগাত পৰিছিল।
বাধ্যতামূলক প্ৰাথমিক শিক্ষা আন্দোলন—ভাৰতবৰ্ষত প্ৰাথমিক শিক্ষা প্ৰচাৰৰ সুব্যৱস্থা কৰিবৰ নিমিত্তে মিঃ গোখলেই আজীৱন পুৰুষাৰ্থ কৰিছিল। জগতৰ আন আন সভ্য দেশত এই শিক্ষা প্ৰায় বিনা মাছুলে দিয়া হয়, আৰু পঢ়াশালীলৈ যাবলগীয়া বয়সৰ কোনোবা লৰা-ছোৱালীয়ে শিক্ষা নেপালে সিহঁতৰ অভিভাৱকক ৰজাঘৰৰপৰা দণ্ড বিহোৱা হয়। এই শুভ প্ৰথাৰ প্ৰচাৰৰ নিমিত্তে মিঃ গোখলেই ১৯১২ চনৰ মাৰ্চ মাহত ইম্পীৰিয়েল কাউঞ্চিলত বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ বিল এখন উত্থাপন কৰে। ইয়াৰ আগেয়ে এই ব্যৱস্থাৰ পৰা ভাৰতৰ কিমান উপকাৰ হব তাৰ বিষয়ে সুদীৰ্ঘ যুক্তিপূৰ্ণ বক্তৃতা দি ফুৰে। প্ৰায় সকলো ঠাইতে এই বিলে প্ৰজাঘৰীয়া সমৰ্থন পায়, কিন্তু কাউঞ্চিলত বিল পাচ নহল, যদিও ইয়াৰ বিৰুদ্ধে কৰা আপত্তিবোৰ, তৰ্ক আৰু গভীৰ তুলনামূলক সমালোচনাৰে মিঃ গোখলে খণ্ড খণ্ড কৰি উৰাই দিয়ে। কাউঞ্চিলত গোখলেৰ বিল পাচ নহল সঁচা, কিন্তু পৰিশেষত জয় হল তেওঁৰে। সম্প্ৰতি ভাৰতৰ কোনো কোনো অঞ্চলত বিনা মাছুলে প্ৰাথমিক শিক্ষাৰ যি প্ৰচাৰ হৈছে ই মিঃ গোখলেৰ মহা উদ্যমৰ ফল বুলিয়েই কব লাগিব। আমাৰ বিশ্বাস ভাৰতৰ সৌভাগ্যত এনে এসময় আহিব যেতিয়া মিঃ গোখলেৰ আন্দোলনৰ শুভফল আখৰে আখৰে ফলিয়াব।
অসমত ব্যৱস্থাপক সভা— ১৯১১ খৃষ্টাব্দৰ ডিচেম্বৰ মাহৰ ১২ তাৰিখে দিল্লীৰ দৰবাৰত সম্ৰাট পঞ্চম জৰ্জৰ ঘোষণামতে বিভক্ত বঙ্গক জোৰা লগোৱা হয়, আৰু অসমক আগৰদৰে চিফ-কমিচনাৰৰ শাসনলৈ অনা হয়। বঙ্গব অঙ্গচ্ছেদ ৰদ কৰাবৰ নিমিত্তে মিঃ গোখলেই কিমান যত্ন কৰিছিল তাক সকলোৱে জানে। লেফটেনেণ্ট-গৱৰ্ণৰৰ তলত থাকোঁতে অসমে ব্যৱস্থাপক সভাৰ সকলো সুবিধা স্বত্ব ভোগ কৰি আহিছিল, এতিয়া আকৌ চিফ্-কমিচনাৰৰ তললৈ আহোঁতে অসমে সেই স্বত্ব হেৰুৱাব লগীয়া যেন হল। আনকি ব্যৱস্থাপক সভা লাগে বুলি, ৰাজনৈতিক আন্দোলনৰ বতাহ নলগা আমাৰ অসমতো এটি হৈ-চৈ পৰি যায়। দুখুনী অসমৰ কল্যাণৰ নিমিতে নিঃস্বাৰ্থ ভাৱে প্ৰাণ উচৰ্গা কৰোঁতা অনাৰেবল মিঃ মাণিকচন্দ্ৰ বৰুৱাব অনুৰোধ মতে মিঃ গোখলেই এই বিষয়টি হাতত লৈ বিলাতৰ পাৰ্লিয়ামেন্ট সভা পৰ্যন্ত তাৰ আন্দোলন চলাবলৈ গাত লয়। ইয়াৰ ফলস্বৰূপে আমি ব্যৱস্থাপক সভা লাভ কৰো। এইবাবে অসমে মিঃ গোখলেৰ নাম চিৰকাল সুৱঁৰি থকা উচিত। ভাৰতৰ আন আন মুখীয়াল জননায়কে কোনো আন্দোলন বা আলোচনাত অসমৰ স্বাৰ্থৰ ফালে দৃষ্টিপাত নকৰা যেন লাগে; কিন্তু মহানুভৱ গোখলেৰ ওচৰত বসুধৈব কুটুম্বকম্, এফলীয়৷ অসমৰো স্বাৰ্থ ৰাখিবলৈ তেওঁ যত্নৰ ত্ৰুটি নকৰিছিল।
ইচলিংটন কমিচনৰ সভ্য— ভাৰতৰ চাকৰিৰ বিষয়ে সদায় ওজৰ-আপত্তি চলিব লাগিছে। ভাৰতবাসীয়ে নিজৰ উপযুক্ততা অনুযায়ী দেশৰ ওখ পদবী লাভ কৰিব পৰা নাই, ভাৰতৰ ছাত্ৰই উপযুক্ত হলেও টকাৰ অভাবত বিলাতত আই-চি-এচ্ পঢ়িবলৈ যাব নোৱাৰে, সেইদেখি এই পৰীক্ষা ভাৰতবৰ্ষত হ'ব লাগিব, নাইবা বিলাতত হলেও ভাৰতবৰ্ষতে থাকি একে সময়তে যাতে এই পৰীক্ষা দিব পাৰে, তাৰ সুবন্দোবস্ত কৰিব লাগে। এইবোৰ বিষয় আলোচনা কৰিবলৈ ১৯১২ চনত লৰ্ড ইচ্লিংটনক সভাপতি পাতি পাবলিক চাৰ্ভিচ কমিচন সংগঠিত হয়। পাৰ্লিয়ামেন্টৰ লেবাৰ পাৰ্টিৰ নেতা মিঃ ৰাম্ছে মেক্ডনেলড, লৰ্ড ৰণালডছে, সুবিখ্যাত ঐতিহাসিক মি হাৰ্বাৰ্ট ফিছাৰ, 'ভাৰতৰ অশান্তি' গ্ৰন্থ প্ৰণেতা চাৰ ভেলেণ্টাইন কিৰল, চাৰ থিয়দৰ মৰিছন, চাৰ হাস্মিক. মিঃ জাষ্টিচ আবদুৰ ৰাহম আৰু মিঃ চৌবাল প্ৰমুখ্যে ইংলণ্ড আৰু ভাৰতৰ কৃতবিদ্য সুসম্ভানসকল এই সভাৰ সদস্য নিযুক্ত হয়। যাৰ আন্দোলন কৰি মিঃ গোখলে তেওঁৰ জীৱনৰ সৰহ ভাগ কাল অতিবাহিত কৰে তাৰ প্ৰতিকাৰৰ নিমিত্তে সংগঠিত এই সভাত তেওঁ স্থান নোপোৱাকৈ নগল। তেওঁ এই সভাৰ সৰ্ব্ব প্ৰধান মুখীয়াল সদস্য আছিল। প্ৰতিপদতে ভাৰতবাসীৰ স্বত্ব ৰক্ষা কৰিবলৈ তেওঁ যত্ন কৰিছিল। এই সভাৰ সংক্ৰান্ত বিষয়ৰ ৰিপোৰ্ট আদি লিখি আলোচনা কৰিবৰ নিমিত্তে তেওঁ দুবাৰ বিলাতলৈ অহাযোৱা কৰে। সভাৰ শেহবাৰ অধিবেশনৰ নিমিত্তে তেওঁ অলপতে বিলাতৰ পৰা উভতি আহে, কিন্তু তাত বহাৰ আগেয়েই তেওঁ কালৰ গ্ৰাসত পৰিল। গোখলেৰ শেষ ৰিপোৰ্টৰ কাৰণে ৰজাপ্ৰজা সকলোৱে বাট চাই আছিল, কিন্তু সেই ৰিপোৰ্ট দিবলৈ তেওঁ সময় নেপালে। এই সভাৰ সংগঠন হওঁতে মেম্বাৰ সকলক বছৰি পোন্ধৰ হাজাৰ টকাকৈ দৰ্ম্মহা দিয়াৰ ব্যৱস্থা হয়, কিন্তু স্বাৰ্থত্যাগী গোখলেই এই দৰ্ম্মহা নললে। গৱৰ্ণমেণ্টৰ পৰা কোনো দৰ্ম্মহা লোৱা হলে ইম্পীৰিয়েল কাউঞ্চিলত তেওঁৰ আসন হেৰালেহেঁতেন।
দক্ষিণ আফ্ৰিকালৈ যাত্ৰা— আজি প্ৰায় ডেৰবছৰ কি দুবছৰৰ আগৰ পৰা দক্ষিণ আফ্ৰিকাত বৰ হুলস্থূল আৰম্ভ হয়। তাত থকা ভাৰতীয় প্ৰজাসকলে গৱৰ্ণমেণ্টৰ পৰা নানান উৎপীড়ন সহিব লগাত পৰে। তেওঁলোকে মহাত্মা মিঃ মোহনচাঁদ কৰমচাঁদ গান্ধীক নেতা পাতি অত্যাচাৰৰ বিৰুদ্ধে থিয় হয়। ইয়াৰ পৰিণাম স্বৰূপে মিঃ গান্ধী আৰু তেওঁৰ সহধৰ্মিণী শ্ৰীমতী কস্তুৰীবাই গান্ধীয়ে কাৰাবাস দণ্ড ভোগ কৰিব লগাত পৰে। এই শোকপূৰ্ণ কাহিনী শুনি মিঃ গোখলেৰ প্ৰাণ কান্দিবলৈ ধৰিলে। নিঃসহায় ভাৰতবাসীৰ ওপৰত এনে অত্যাচাৰ! মিঃ গোখলেই কি আৰু থিৰ হৈ থাকিব পাৰে? তেওঁৰ শাৰীৰিক অৱস্থা সিমান ভাল নাছিল, সেই দুৰ্ব্বল শৰীৰৰে তেওঁ দক্ষিণ আফ্ৰিকালৈ গৈ প্ৰজাৰ দুখ-কষ্ট অত্যাচাৰৰ তলানলা অনুসন্ধান কৰিবলৈ ধৰে। তেওঁক তাৰ গৱৰ্ণৰে মহা-সন্মানেৰে ৰজাঘৰীয়া আলহি কৰি ৰাখে, এনে সন্মান অতি কম ভাৰতবাসীৰ ভাগ্যত হে ঘটিছে। তাৰ পৰা তেওঁ উভতি আহি দক্ষিণ আফ্ৰিকাত ভাৰতবাসীৰ ওপৰত অত্যাচাৰৰ কথা ৰজা আৰু প্ৰজাৰ আগত মেলিবলৈ ধৰিলে। কলিকতাৰ কলেজ স্কোয়াৰত দিয়া, আমি নিজে শুনা তেওঁৰ এটি কৰুণ বক্তৃতাৰ কথা আমাৰ এতিয়াও মনত পৰে। ভাৰতৰ ব্যৱসায়ীসকলে তাত কিদৰে অসুবিধা ভোগ কৰিছে, আমাৰ তিৰুতাই তিনি পাউণ্ড বা পাঁচল্লিছ, টকীয়া টেক্স দিব লগীয়া হোৱাত তাত কিদৰে হাঁহিয়াতৰ জীৱন ধৰিবলৈ বাধ্য হৈছে, মিঃ গান্ধী আৰু তেওঁৰ সহধৰ্ম্মিণী প্ৰমুখ্যে সম্ভ্ৰান্ত বংশৰ নায়কসকলে কিদৰে ফাটেকত দুখ-কষ্ট সহিব লাগিছে, ইত্যাদি কৰুণ চিত্ৰ আঁকি মিঃ গোখলেই শ্ৰোতাসকলৰ প্ৰাণ কন্দুৱাইছিল। ভাৰতবাসীৰ বিননি আৰু গোখলেৰ আন্দোলনৰ ফলস্বৰূপে দক্ষিণ আফ্ৰিকাৰ গৱৰ্ণমেণ্টে ইয়াৰ প্ৰতিকাৰ বিধানৰ নিমিত্তে এখনি সমিতি সংগঠিত কৰে। এই কমিচনৰ শুভফল স্বৰূপে তাৰ আইনৰ কঠোৰতাৰ অনেক পৰিমাণে লাঘৱ হয়। ভাৰতৰ প্ৰজাৰঞ্জক গৱৰ্ণৰ-জেনেৰেল লৰ্ড হাৰ্ডিঞ্জে কাউঞ্চিলত গোখলেৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়,— “স্বৰ্গীয় মিঃ গোখলে দক্ষিণ আফ্ৰিকালৈ গৈ ৰাজনৈতিকৰ দৰে এই বিষয়টি হাতত লোৱাৰ কাৰণেই ঘাইকৈ এই কণ্টকময় আন্দোলনৰ এনে সুমীমাংসা হয়।”
গোখলেৰ গভীৰ গৱেষণা, অন্তদৰ্শিতা আৰু অসামান্য ৰাজনীতি জ্ঞানৰ পৰিচয় পাই ৰজাঘৰ মুগ্ধ হৈছিল। ভাৰতৰ ভূতপূৰ্ব্ব অৰ্থসচিব চাৰ ফ্লিট উদ্, উইলচনে কামৰ পৰা অৱসৰ লোৱাত তেওঁক যি বিদায়-অভ্যৰ্থনা দিয়া হয়, তাত তেওঁ কৈছিল, ”মই ইমান সন্মানৰ উপযুক্ত নহওঁ, আমাৰ মাজত এনে এজন আছে যাৰ ওচৰত মই শিৰ দোঁওৱা উচিত।” চাৰ উইল্চনে তাৱসৰ লোৱাত ভাৰতৰ অৰ্থ-সচিবৰ পদ খালি হওঁতে গোখলেক সেই ঠাইত নিযুক্ত কৰা হব বুলি ঘুনুক- ঘানাককৈ জনবৰ শুনা গৈছিল।
কে-চি-আই-ই উপাধি প্ৰত্যাখ্যান— এবছৰমান পূৰ্ব্বে, গুণীৰ গুণ বুজোঁতা গৱৰ্ণমেণ্টে গোখলেক ভাৰতৰ প্ৰজাৰ পক্ষে সৰ্ব্বপ্ৰধান থিতাপ কে-চি-আই-ই উপাধি যাচিছিল, কিন্তু গোখলেৰ কি স্বাৰ্থত্যাগ, তেওঁ এনে ডাঙ্গৰ সন্মান গ্ৰহণ নকৰি কলে,— “মোক এই সন্মান দিয়াৰ প্ৰস্তাব কৰাৰ কাৰণে মই ৰজাঘৰৰ ওচৰত কৃতজ্ঞ। কিন্তু মই ইয়াক গ্ৰহণ কৰিব নোৱাৰোঁ। গ্ৰহণ কৰিলে, মোৰ দেশবাসীৰ প্ৰতি মোৰ কৰ্ত্তব্য সাধনত বিঘিনি ঘটিব।” এনে স্বাৰ্থত্যাগৰ দৃষ্টান্ত অতি বিৰল। এই কুহকিনী উপাধি চাইৰেণৰ মন্ত্ৰণা-বাণী শুনি অনেক স্বাধীনচেতা কৰ্ম্মবীৰ ইউলিচিচৰ চিত্তবিকাৰ ঘটে, অতি কমেহে তাৰপৰা নিস্তাৰ লাভ কৰে। মহামতি মিঃ গ্লেড্ষ্টোনক লৰ্ড উপাধি দিয়াৰ প্ৰস্তাৱ কৰাত তেওঁ এইদৰে প্ৰত্যাখ্যান কৰে। আমি শুনিছোঁ মিঃ দাদাভাই নাওৰাজীকো নাইট্ উপাধি দিবৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু তেওঁ তাক গ্ৰহণ নকৰিলে।
গোখলেৰ অন্তিম কাল— মৃত্যুৰ পূৰ্ব্বলৈকে মিঃ গোখলে দেশৰ চিন্তাত মগ্ন আছিল। দক্ষিণ আফ্ৰিকাৰ কৰ্ম্মবীৰ মিঃ গান্ধী ভাৰতলৈ উভতি অহাত তেওঁৰ নিমিত্তে মিঃ গোখলেই যোৱা ফেব্ৰুৱাৰী মাহৰ ১৩ তাৰিখে এখনি অভার্থনা সভা পাতে । তেওঁ কোনোমতেহে সেই সভালৈ যায়, তাত সৰহপৰ থাকিব নোৱাৰি সোনকালে ঘৰলৈ উভতি আহিবলৈ বাধ্য হয়, আহি সেই যে শয্যাত পৰিল তাৰপৰা উঠিব নোৱাৰিলে | সাত্বিক জীৱনধাৰী মহাপুৰুষসকলৰ দবে অন্তিম সময় কাষ চাপিছে বুলি তেওঁ আগৰে পৰা জানিছিল, তথাপি অকণো বিচলিত নহৈ তেও শান্ত সৌম্যভাৱে কথা-বাৰ্ত্তা পাতিব পাৰিছিল।
১৭ তাৰিখ বুধবাৰৰ দিনাখন তেওঁ দেশৰ বিষয়ে চৰ্চ্চা কৰিছিল। তেওঁ দুখ কৰি গল যে পাবলিক চাৰ্ভিচ কমিচনত দিবলগীয়৷ শেষ ৰিপোৰ্ট তেওঁ দি যাব নোৱাৰিলে, আৰু তেওঁৰ জীৱনৰ সৰ্ব্বপ্রধান অনুষ্ঠান ভাৰত-সেৱক মণ্ডলীৰ সভ্যসকলক তেওঁৰ অন্তিম বাণী জনাবলৈ নিজৰ কাষত নেপালে | এই মণ্ডলীক উদ্দেশ্য কৰি তেওঁ কৈ গ’ল,—"মোৰ অতি চেনেহৰ এই অনুষ্ঠানটিক যেন তেওঁলোকে জীয়াই ৰাখিবলৈ যত্ন কৰে । মই যাওঁ, কিন্তু মোৰ আত্মাই তেওঁলোকৰ ওপৰত সদায় স্নেহপূৰ্ণ দৃষ্টি ৰাখিব । ইয়াৰ উন্নতি বিধান কৰিলেই মোৰ সোৱঁৰণি উপযুক্তভাৱে ৰক্ষ৷ কবা হব।” সুখৰ সম্বাদ যে ভাৰতৰ সুসন্তান অনাৰেবল মিঃ শ্ৰীনিবাস শাস্ত্ৰী, মিঃ পুৰুষোত্তম পৰাঞ্জপ্যে, মিঃ গোপালকৃষ্ণ দেৱধৰ, আৰু মহাত্মা গান্ধীয়ে মৃতকৰ শেষ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ নিমিত্তে এই সভাৰ শ্ৰীবৃদ্ধি সাধনত কাছি-পাৰি লাগিছে। মিঃ গোখলেই আৰু শোক কৰি যায়, তেওঁৰ দুটি মাতৃহীনা অবিবাহিত৷ কন্যাক তেওঁ অনাথ কৰি যাব লগাত পৰিল। মিঃ গোখলে স্ত্ৰী-শিক্ষাৰ বৰ পক্ষপাতী আছিল। সেইদেখি নিজৰ ছোৱালী দুটিৰ শিক্ষাৰ সুবিধাৰ নিমিত্তে মাহে গাইপ্ৰতি পঞ্চাচ টকাৰ বন্দবস্ত কৰি থৈ গৈছে, আৰু বিশেষকৈ কৈ গৈছে যেন তেওঁলোকে কাৰোপৰা সাহায্য গ্ৰহণ নকৰে। গোখলে ঢুকুৱাব কথা শুনি সুবিখ্যাত বেৰিষ্টাৰ মিঃ এচ-পি সিংহই তেওঁলোকক পঁছিচ হাজাৰ টকা দান কৰিব খুজিছিল। কিন্তু মহামতি স্বাৰ্থত্যগী পিতাৰ উপযুক্ত সন্তানে সেই দান বিনীতভাৱে প্ৰত্যাখ্যান কৰিলে।
গোখলেৰ বিয়োগ-বাতৰি মুহূৰ্ত্তৰ ভিতৰতে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ অগ্নিৰ দৰে প্ৰচাৰ হবলৈ ধৰিলে। তেওঁৰ মৃতদেহ শ্মশানলৈ নিওঁতে লগত প্ৰায় কুৰিহেজাৰৰ ওপৰ প্ৰজা গৈছিল। মিঃ বালগঙ্গাধৰ তিলকৰ লগত গোখলেৰ কেইবা বিষয়তো মতভেদ আছিল। তিলকে এই শোকজনক বাতৰি পোৱ৷ মাত্ৰকে পুনালৈ গৈ স্বৰ্গীয় মহাত্মাৰ মৃতদেহৰ অনুগামী হয়, আৰু লগত যোৱা প্ৰজাবৃন্দক মৃতকৰ জীৱনৰ আৰ্হিৰে নিজৰ জীৱন গঠিত কৰিবলৈ উপদেশ দি বক্তৃতা দিয়ে। মহাত্মাৰ বিয়োগত সমবেদনা জনাবৰ নিমিত্তে ভাৰতবৰ্ষৰ সকলো ঠাইৰ বাহিৰেও ইংলণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ কেবা ঠাইতো কেইবাখনো বিৰাট শোক-সভ৷ পতা হয়।
মিঃ গোখলে আঢ়ৈকুৰি বছৰ নৌপাওঁতেই ঢুকাল সঁচা, কিন্তু যিজনে জীৱনত কৰ্ম্ম বিনে আন একো নেজানিছিল, তেওঁৰ মৃত্যুক আমি অকাল মৃত্যু বুলিব নোৱাৰোঁ। কবিয়ে কৈছে, – “কামৰ পৰিমাণেহে আমাৰ জীৱনৰ দীৰ্ঘতা বিচাৰ কৰিব লাগে, অকল বছৰ পৰিমাণে নহয়।”
কৰ্ম্মযোগী গোখলে— মহাত্মা গোখলেই এনে সংক্ষেপ জীৱনতো দেশৰ হিতৰ নিমিত্তে যিমান কৰিলে, আগেয়ে কোনেও তিমান কৰি যাব পৰা নাই। ওঠৰ বছৰ বয়সত মেধাবী গ্ৰেজুৱেট, ঊনৈছ-কুৰি বছৰত কলেজৰ অধ্যাপক, একৈচ বছৰ বয়সত পুনাৰ সাৰ্ব্বজানিক সভাৰ মুখপত্ৰ ইংৰাজী বাতৰি কাকতৰ সুযোগ্য সম্পাদক, পঁচিছ বছৰ বয়সত প্ৰাদেশিক কংগ্ৰেছৰ চেক্ৰেটাৰী, ঊনত্ৰিশ বছৰত ভাৰতীয় কংগ্ৰেছৰ যুটীয়৷ সম্পাদক, একত্ৰিশ বছৰ বয়সত বিলাতত ৰয়েল কমিচনৰ আগত সাক্ষী দিওঁতা, চৌত্ৰিশ বছৰত প্ৰাদেশিক ব্যৱস্থাপক সভাৰ সভ্য, ছয়ত্ৰিশ বছৰত ভাৰতীয় ব্যৱস্থাপক সভাৰ মুখীয়াল সদস্য, ঊনচল্লিচত কংগ্ৰেছৰ সভাপতি, আৰু এই বয়সতে ভাৰত-সেৱক মণ্ডলীৰ নিচিনা কৰ্ম্মী সঙ্ঘৰ প্ৰতিষ্ঠাতা, — এনে কৰ্ম্মবীৰ জগতত কেইজন? গোখলেৰ নিচিনা প্ৰতিভাশালী পুৰুষৰ যি দেশত জন্ম সেই দেশৰে মুখ উজ্জ্বল হলহেঁতেন। ইংলণ্ডত জন্ম হোৱা হলে এসময়ত তেওঁ ৰাজমন্ত্ৰী হব পাৰিলেহেঁতেন, ফ্ৰাঞ্চত ৰিপাবলিকৰ অধিপতি, আমেৰিকাত যুক্তৰাজ্যৰ সভাপতি, আৰু জাৰ্ম্মানিত জন্ম হোৱা হলে তেওঁ ইম্পীৰিয়েল চেঞ্চেলৰ হব পাৰিলেহেঁতেন। ভাৰতৰ নিচিনা সঙ্কীৰ্ণ সীমাৱদ্ধ কৰ্ম্মক্ষেত্ৰত তেওঁৰ সৰ্ব্বতোমুখ। প্ৰতিভাৰ সকলো অঙ্গৰ যথোচিত বিকাশৰ সুযোগ নিমিলিল।
চাৰ ভেলেণ্টাইন কিৰলৰ মতে মিঃ গোখলে ইংৰাজৰ আমোলৰ সৰ্ব্বশ্ৰেষ্ঠ ভাৰত সন্তান। তেওঁক হেৰুৱাই ভাৰতৰ জাতীয় জীৱন আজি গুৰিয়াল নোহোৱা নাৱৰ দৰে টুলুংভুলুং কৰিব লাগিছে। ইউৰোপত মহাৰণ চলিছে, তাত ভাৰতৰ ৰজা আৰু প্ৰজাই অকাতৰে প্ৰাণ উচৰ্গা কৰি, অজস্ৰ অৰ্থৰ সদায় দি ৰাজভক্তিৰ অতুলনীয় দৃষ্টান্ত দেখুৱাইছে। যুদ্ধৰ সামৰণিত প্ৰতিদান স্বৰূপে গৱৰ্ণমেণ্টৰ পৰা ভাৰতবাসীয়ে বহুত নতুন সুবিধা স্বত্ব পাবলৈ আশা কৰিছে। সেইবোৰ থিৰ কৰোঁতে মিঃ গোখলেৰ দূৰদৰ্শী ৰাজনীতিজ্ঞানৰ আৱশ্যক সকলোৱে অনুভৱ কৰিব।
গোখলে কৰ্ম্মযোগী আছিল। এই কলিযুগতো যদি ভাৰতৰ কৰ্ম্মযোগৰ কোনোবা সাধক আছিল তেন্তে তেওঁ গোখলে। গীতাৰ কৰ্ম্মফল ত্যাগ গোখলেৰ চৰিত্ৰত সফল হৈছিল। পৰৰ হকে জৰাদুখ পূৰ্ণ ভাটী বয়সত দিনে-ৰাতিয়ে খাটোঁতা সংসাৰত কেইজন? কিন্তু গোখলে আছিল পবিত্ৰ ব্ৰাহ্মণ কুলৰ আভৰণ। মহানিৰ্ব্বাণ তন্ত্ৰৰ বিশ্বহিত, গীতাৰ ত্যাগ গোখলেৰ কঠোৰ পৰিশ্ৰমত পৰিণত হোৱাটো একো আচৰিত নহয়।
মহাত্মা স্বামী বিবেকানন্দই বুদ্ধদেৱক কৰ্ম্মযোগী বুলিছিল এই কাৰণে, যে বুদ্ধদেৱে 'ঈশ্বৰ আছে নে নাই, আমাৰ প্ৰকৃতি কি' এই বিলাক অনুত্তৰণীয় প্ৰশ্নলৈ আওকাণ কৰি জগতৰ হিতত ক্ষুদ্ৰ স্বাৰ্থ বলি দিছিল। গোখলেও বুদ্ধদেৱৰ আদৰ্শকে সাৰোগত কৰি লৈছিল। গোখলে অনেকদিন এগনিষ্টক বা অজ্ঞেয়বাদী হৈ আছিল। ঈশ্বৰ আছেনে নাই সেই বিষয়ে ভাবি ভাবি সময় নকটাওঁ, আগত যি কৰ্ত্তব্য আছে তাকে সৰ্ব্বান্তঃকৰণে কৰোঁ, — এয়ে গোখলেৰ কৰ্ম্মজীৱনৰ মূলমন্ত্ৰ আছিল। কিন্তু হিন্দুৰ সন্তান হৈ, ঋষিৰ কুলত জন্ম গ্ৰহণ কৰি, উপনিষদৰ পবিত্ৰ তীৰ্থ ভাৰতভূমিত অৱতীৰ্ণ হৈ গোখলেই কিমান দিন অজ্ঞেয়বাদী হৈ থাকিব? মৃত্যুৰ বছৰ দিয়েকৰ আগৰে পৰা, কৰ্ত্তব্য পালনব পৰাকাষ্ঠা হৈ অহাৰ লগেলগে গোখলে ঈশ্বৰবাদী হ'ল, কৰ্ম্মবীৰে ঈশ্বৰৰ চৰণত কৰ্ম্মফল অৰ্ঘ্যস্বৰূপে উপহাৰ দিলে। ঈশ্বৰ প্ৰাৰ্থনা সম্বন্ধে গোখলেৰ যি আদৰ্শ তাতকৈ মহীয়ান আদৰ্শ বোধকৰো আৰু নাই। গোখলেৰ এই মত আছিল যে, ‘তুমি ঈশ্বৰৰ ওচৰত যিহকে প্ৰাৰ্থনা কৰাঁ, সেই প্ৰাৰ্থনা ঈশ্বৰে বা মানুহে তোমাৰ কাৰণে সফল কৰাৰ আগেয়ে তুমি নিজে তাক কাৰ্য্যত পৰিণত কৰিবা।'
গোখলে এবাৰ থিয়ছফিৰ প্ৰভাৱত পৰিছিল। আয়েঙ্গাৰ বুলি এজন থিয়ছফিষ্টে এবাৰ গোখলেৰ লগত বন্ধুত্ব স্থাপন কৰি তেওঁক হঠযোগ সাধন কৰিবলৈ কয়। নকলেও হব হঠযোগ এবিধ শাৰীৰিক প্ৰক্ৰিয়া। সৰলমতি গোখলে নিজেও এবাৰ মন কৰা নাছিল যে হিন্দু-যোগশাস্ত্ৰৰ মতেই শাৰীৰিক হঠযোগ মানসিক ৰাজযোগত নিম্নতৰ খাপ। যি গোখলেৰ চৰিত্ৰত ৰাজযোগ সাধকৰ ইন্দ্ৰিয়-সংযম, মন সংযম, আৰু লয় বা তন্ময় ভাব পূৰ্ণজ্যোতিৰে জিলিকিছে, যি গোখলে নৰদেৱতাৰ চৰণত আত্মসমৰ্পণ কৰি উৰ্ম্মিবিহীন প্ৰশান্ত সাগৰৰ নিচিনা হৈ আছে, সেই ঋষিকল্প গোখলেৰ পক্ষে হঠযোগ সাধন আৱশ্যক জানো? নিজৰ ভুল বুজিব পাৰি গোখলেই অলপ দিনৰ পাচতে হঠযোগ এৰি দিলে। এই আখ্যানটোৰ পৰা গোখলে কিমান সৰল আৰু হোজা আছিল তাক বুজিব পাৰিব, বন্ধুৰ কথা শুনিয়েই বন্ধুৰ ওপৰত বিশ্বাস ৰাখি তেওঁ অনাৱশ্যক হঠযোগ সাধন কৰিবলৈ ওলাইছিল। মানুহৰ ওপৰত এই বিশ্বাস আৰু সৰলতা গোখলেৰ প্ৰতি কাৰ্য্যতে জাজ্বল্যমান। অতি জ্ঞানী, বিদ্বান আৰু ভক্ত হলে মানুহ শিশুৰ দৰে সৰল হয়, গোখলেও তেনে সৰল আছিল।
শিশুসৰল মহাপুৰুষ গোখলে— গোখলেৰ সৰলতাপূৰ্ণ কোমল অন্তঃকৰণে অলপতে আঘাত পাইছিল। কাগজে-পত্ৰে তেওঁৰ মতৰ তীব্ৰ প্ৰতিবাদ ওলালে গোখলেই ভাত-পানী এৰিছিল। বিলাতৰ পৰা উভতি আহোঁতে বোম্বেৰ বন্দৰত গোখলে পুলিচ কমিচনাৰৰ কথামতে ক্ষমা প্ৰাৰ্থনা কৰাৰ কথা ওপৰত উনুকিওৱা হৈছে। এই ক্ষমা প্ৰাৰ্থনাৰ কাৰণে কাগজে-পত্ৰে গোখলেৰ নিন্দা ওলাবলৈ ধৰিলে, আন কি তেওঁৰ অন্তৰঙ্গ বন্ধু আনন্দ পত্ৰিকাৰ সম্পাদক মিঃ ভি-জি আপ্তে মহোদয়ে তেওঁৰ প্রতি বিমুখ হয়। কিন্তু গোখলেই জানিছিল যে তেওঁ যি কৰিছে সি ন্যায়সঙ্গত। তথাপি, বাতৰি কাকতৰ বিদ্রূপ বাণী তেওঁৰ অসহা হৈ উঠিছিল, এই অন্যায় আৰু অকাৰণ নিন্দাই গোখলেক শোকাকুল কৰিছিল। কিন্তু গোখলেৰ প্রতি সৰহ দিন বিমুখ হৈ থাকিবলৈ প্ৰিয়বন্ধু আপ্তেব প্রাণে নসহিলে। এদিন এজন ভদ্ৰলোকৰ পবা ভোজৰ নিমন্ত্ৰণ পাই মিঃ আপ্তে আৰু গোখলে তালৈ গৈছিল। ভোজনৰ অন্তত আপ্তে মহোদয়ে গোখলেক এফলীয়াকৈ মাতি নি কৰুণভাবে ক্ষমা খুজিলে, বন্ধুৰ কৰুণ অনুৰোধত নিমিযতে গোখলেৰ কোমল হিয়াৰ স্নেহনিৰ্ব্বাৰ উচ্ছ্বাসিত হ'ল, গোখলেই কান্দি পেলালে।
এই এজনা দেৱপ্রতিম মহাপুৰুষৰ চৰিত্রতে বুদ্ধদেৱৰ কৰ্ম্মযোগ, ভীষ্মৰ প্রতিজ্ঞা, শিশুৰ সৰলতা আৰু ভক্তৰ প্রেম সন্মিলিত হৈছিল। গোখলেৰ জীৱনে মহত্বৰ এটা নতুন দিশ উদ্ভাসিত কৰি দিলে। কেবাবাৰো বিলাতলৈ গৈও, ইউৰোপীয় সমাজত ফুৰিও, গোখলে যি ব্ৰাহ্মণ, সেই ব্ৰাহ্মণ হৈয়েই থাকিল। গোখলেব ক্ষেত্ৰত ব্ৰাহ্মণৰ আচাৰনিষ্ঠা, চন্দন তিলক ধাৰণ, ভাৰতীয় পৰিচ্ছদ পৰিধান, সকলোটি অটুট হৈ আছিল। বিদ্যাৰ গাম্ভীৰ্য্য আৰু চৰিত্ৰৰ নিৰ্ম্মলতা একেলগে পাবলৈ বৰ টান, কিন্তু গোখলেৰ ওচৰত সি অতি সুলভ। অগাধ পাণ্ডিত্য, পবিত্র চৰিত্ৰ, স্বেচ্ছাগৃহীত কঠোৰ দাৰিদ্ৰ্য, পৰৰ হকে জীৱনব্যাপী ত্যাগ, ভাৰতীয় মুনিৰ এই কেইটা গুণ গোখলেৰ বাহিৰে আৰু কেইজনৰ আছিল ? অৱশেহত আমাৰ ক’বলগীয়া এই যে এই ক্ষুদ্ৰ পুথিত গোখলেৰ প্ৰতিভাৰ সমুচিত চিনাকি দিয়া আমাৰ দুৰ্ব্বল লেখনীৰ সাধ্যৰ অতীত। মহামতি মিঃ গোখলেৰ উপযুক্ত গুণগ্ৰাহী হৈ তেওঁৰ প্ৰতিভাৰ যথোচিত সমাদৰ কৰিবলৈ গলে তেওঁৰ নিচিনা অসাধাৰণ প্ৰতিভাৰ অধিকাৰী বা দ্বিতীয় গোখলে হ'ব লাগিব।
মাৰ্চ ১৯১৫। সামৰণি
প্ৰথম মহাসমৰ– ওপৰৰ প্ৰৱন্ধৰ মূল অংশটি লিখা আজি এবছৰৰ অধিক হ'ল। এই বছৰেকৰ ভিতৰত জগতৰ গতি নানান প্ৰকাৰে লৰিছে, জাৰ্মানীৰ কূট ৰাষ্ট্ৰনৈতিক বিছমাৰ্ক, নিট্ছি, ত্ৰিট্ছকে আৰু বাৰ্ণহাৰ্ডিয়ে যি বীজমন্ত্ৰ ৰোপন কৰি থৈছে, আজি সি সুবৃহৎ বিষবৃক্ষৰূপে পৰিণত হৈ গোটেই ইউৰোপত বিপ্লৱ আৰু অশান্তিৰ ছাঁয়া বিস্তাৰ কৰিছে। জাৰ্মানীৰ সংহাৰিকা শক্তিয়ে দয়ামায়া আৰু পবিত্ৰ প্ৰতিজ্ঞা পালন প্ৰভৃতি মানৱৰ সকলো ধৰ্ম্মকে লাহে-লাহে পুৰি ছাই-ভস্ম কৰিবলৈ ধৰিছে। যি জাৰ্মানী আগেয়ে বেদ-বেদাঙ্গ, দাৰ্শনিক আৰু পাৰমাৰ্থিক তত্ত্ব লৈ ব্যস্ত আছিল, আজি সেই জাৰ্মানীৰ হাতত অস্ত্ৰ, বেদাধ্যায়ী ব্ৰাহ্মণ আজি ক্ষত্ৰিয়ৰ সাজেৰে সজ্জিত, জগতৰ শান্তি বয় কেনেকৈ? বিশ্বৰ গৰিহণা, অনাথ আৰু বিধবাৰ কান্দোনলৈ নিৰ্দয় জাৰ্মানীয়ে কেৰেপ কৰা নাই, শক্তি শক্তি বুলি জাৰ্ম্মানীয়ে দয়াধৰ্ম সকলোকে সংগ্ৰামৰ শোণিতাক্ত বেদিত অমানুষিকভাৱে জলাঞ্জলি দিবলৈ ওলাইছে।
লৰ্ড হাৰ্ডিঞ্জৰ ভাৰত ত্যাগ—এই গ'ল ইউৰোপৰ কথা। ভাৰতৰ ভাগ্য-আকাশতো অশেষ পৰিবৰ্তন ঘটিছে। ভাৰতৰ প্ৰজাৰঞ্জক গবৰ্ণৰ-জেনেৰেল লৰ্ড হাৰ্ডিঞ্জে এই প্ৰবাসৰ পৰা প্ৰিয়তমা পত্নী আৰু প্ৰাণসম পুত্ৰৰ বিয়োগ শোক বুকুত লৈ স্বদেশলৈ যাত্ৰা কৰিছে। ভাৰতৰ প্ৰজালৈ তেখেতৰ কৃপাস্নেহ চাই ভবিষ্যতত তেখেত ভাৰত বন্ধু লৰ্ড বেন্টিঙ্ক আৰু লৰ্ড ৰিপণৰ শাৰীৰ এজন৷ পুৰুষ হৈ ভাৰতবাসীৰ স্মৃতিফলিত চিৰকাল অঙ্কিত থাকিব।
চাৰ হেৰী কটনৰ লোকান্তৰ – পৰক আপোনবোলা, পৰৰ কাৰণে জীৱন উচৰ্গা কৰোঁতা ভাৰতহিতৈষী চাৰ হেৰী কটনৰ বিয়োগত ভাৰতে বিষম শোক পায়। তেখেত গৱৰ্ণমেণ্টৰ চাকৰিয়াল চিভিলিয়ান আছিল, তথাপি নিজৰ উন্নতিৰ বাটত কাঁইট পুতি তেখেত ভাৰতৰ কল্যাণত লাগিছিল। ভাৰতবাসী অকৃতজ্ঞ নহয়। তেওঁলোকে ভাৰতহিতৈষীক দিব পৰা সৰ্ব্বশ্ৰেষ্ঠ সন্মান চাৰ হেনৰী কটনৰ ওপৰত অৰ্পণ কৰে। তেওঁ ভাৰতৰ জাতীয় মহাসভা কংগ্ৰেছৰ সভাপতি হওঁতে সকলো ঠাইৰে পৰা আনন্দৰ ধ্বনি উঠিছিল। কটন চাহাবৰ ওচৰত আমাৰ অসমীয়া বিশেষকৈ কৃতজ্ঞ। তেখেতৰ উদ্যমৰ ফলত আমি আমাৰ জাতীয় শিক্ষাকেন্দ্ৰ কটন কলেজ লাভ কৰিছে৷; আৰু তেখেতৰ যত্নতে অসমৰ কঠোৰ শ্ৰমিক আইনৰ বহুত পৰিমাণে সংস্কাৰ হৈছে।
চাৰ ফিৰোজশ্যা মেহটাৰ লোকান্তৰ—এই বছৰৰ ভিতৰতে ভাৰতৰ বুকুত আৰু এক বিষম বজ্ৰপাত পৰিছে। বোম্বেৰ অনভিষিক্ত ৰজা কংগ্ৰেছৰ ভূতপূৰ্ব্ব সভাপতি, বোম্বে ইউনিভাচিটীৰ ভাইচ্--চেঞ্চেলাৰ চাৰ ফিৰোজশ্যা মেহটাৰ বিয়োগত ভাৰতৰ কেওপিনৰ পৰা শোকানল জ্বলি উঠিছে। তেওঁ যোৱা দুকুৰি বছৰ ভাৰতক নানা প্ৰকাৰে একনিষ্ঠভাৱে সেৱা কৰি আহিছিল। ৰাষ্ট্ৰীয় জীৱনত গোখলেক পোনতে উদগনি দিওঁতাসকলৰ ভিতৰত মেহ্টা সৰ্ব্বপ্ৰধান আছিল। গোখলে ঢুকুৱাৰ পাছতে কিছুদূৰ এই বুলি সান্ত্বনা পাইছিল, –এতিয়াও আমাৰ ৰণবীৰ মেহ্টা আছে।” কিন্তু ভাৰতৰ দুৰ্ভাগ্য যে এবছৰৰ ভিতৰতে ভাৰতৰ জাতীয় আকাশৰ পুনৰ্ব্বসু যুগলতা গোখলে আৰু মেহ্টা চাঁত কৰে অস্তমিত হ'ল।
যোৱা বছৰৰ ডিচেম্বৰ মাহত বোম্বেত যি কংগ্ৰেছ বহে, চাৰ সতেন্দ্ৰপ্ৰসন্ন সিংহ তাৰ সভাপতি আছিল। এই কংগ্ৰেছত গোখলেৰ সৌম্য প্ৰশান্ত ছবি আৰু মেহ্টাৰ বজ্ৰগভীৰ মূৰ্ত্তি দেখা নগৈছিল সঁচা, কিন্তু তাত এটি নতুন শক্তি, নতুন চেতনাৰ সূৰ্য্যোদয় হোৱা দেখা গৈছিল। বুঢ়া তৰফৰ কংগ্ৰেছৰ অধিনায়কসকল লাহে-লাহে পৰালি পৰি আহিল, তেওঁলোকৰ প্ৰতিভাৰ অগ্নিময় আভৰণ নবীন সম্প্ৰদায়ৰ গাত পৰিছে। ইফালে ভাৰতৰ পৰম মঙ্গলাকাক্ষিণী শ্ৰীমতী এনি বেচান্ত হিন্দু আৰু মুছলমানক এক উদ্দেশ্য আৰু লক্ষ্যৰ সূত্ৰেৰে বান্ধিবলৈ হ’ম-ৰুল লীগ বা স্বায়ত্ব-শাসন সন্থা স্থাপন কৰাৰ চেষ্টাত আছে।
কাশীত হিন্দু-বিশ্ববিদ্যালয় স্থাপন—পণ্ডিত মদনমোহন মালবীয়, দ্বাৰভাঙ্গাৰ মহাৰাজা চাৰ ৰামেশ্বৰসিংহ আৰু শ্ৰীমতী এনি বেচান্তৰ বিপুল উদ্যোগত কাশীত হিন্দু-বিশ্ববিদ্যালয় স্থাপিত হৈছে। লৰ্ড হাৰ্ডিঞ্জ ইয়াৰ প্ৰতিষ্ঠাতা। মানসিক উৎকৰ্ষ সাধনৰ লগে-লগে ছাত্ৰৰ নৈতিক মঙ্গলৰ ফালে চাব লাগে; নহলে উচ্চশিক্ষা গুচি কাল হয়গৈ। যাতে ভবিষ্যত যুগত ভাৰতৰ কৰ্ম্মক্ষেত্ৰত কিছুমান সচ্চৰিত্ৰ দেশানুৰাগী ৰাজভক্ত শিক্ষিত ডেকা নামিব পাৰে। হিন্দু-বিশ্ববিদ্যালয়ে এই বিষয়ে প্ৰাণপনে চেষ্টা কৰিব।
মানিকচন্দ্ৰ বৰুৱা আৰু আসাম এচোচিয়েচন—এই এবছৰৰ ভিতৰত আমাৰ ক্ষুদ্ৰ অসমৰ জাতীয় জীৱনতো ভালেমান পৰিবৰ্ত্তন ঘটিছে। আমাৰ অসমত প্ৰজাৰ কল্যাণ সাধনকে জীৱনৰ মুখ্য ধৰ্ম্ম বুলি মানি কাম কৰোঁতা জননায়ক নাই বুলিলেও হয়। স্বৰ্গীয় মিঃ মানিকচন্দ্ৰ বৰুৱা নিঃস্বাৰ্থ দেশনায়ক আছিল, তেওঁক হেৰুৱাই আমাৰ জাতীয় জীৱনৰ সিংহাসন উদং হৈ পৰিল। তেওঁ নিজহাতে ৰোৱা, নিজহাতে সঞ্জীৱনী পানী চতিয়াই ডাঙৰ কৰা আসাম এচোচিয়েচন পুলিটি ইমান দিন জয় পৰি থকাৰ পাচত এতিয়া আকৌ জক্মক্ হৈ ফুলিবলৈ ধৰিছে। যোৱা ডিচেম্বৰ মাহত ডিব্ৰুগড়ত মহাসমাৰোহেৰে এই আসাম এচোচিয়েচনৰ বছেৰেকীয়া অধিবেশন হৈ গ'ল। বুঢ়া সম্প্ৰদায়ৰ গা-উঠা উৎসাহৰ বাহিৰেও এদল ডেকাৰ প্ৰাণত দেশসেৱাৰ পৱিত্ৰ আদৰ্শ প্ৰতিষ্ঠিত হোৱা দেখি স্বদেশৰ ভাগ্য লক্ষ্মীৰ মুখত আনন্দৰ হাঁহি বিৰিঙ্গিয়াইছে। এই শুভলক্ষণৰ পৰা আমি ভবিষ্যতে দেশৰ প্ৰভূত মঙ্গল আশা কৰিব পাৰোঁ। স্বৰ্গীয় মিঃ মানিকচন্দ্ৰ বৰুৱাই জীৱিত অৱস্থাত যি কৰিব নোৱাৰিলে আজি তেওঁৰ বিয়োগান্তত তেওঁৰ পবিত্ৰ দৃষ্টান্তই দেশবাসীৰ প্ৰাণত এটি নতুন চেতনা সঞ্চাৰ কৰিব পাৰিছে।
নল মৰে গজালি উঠে– প্ৰবাদ আছে, অতীজ কালত আৰেবিয়াত ফিনিক্স নামে এবিধ অদ্ভুত চৰাই আছিল, যেতিয়া এটি ফিনিক্স চৰাই মৰে তাৰ দেহৰ ছাই-ভস্মৰ পৰা নতুন এটি সুন্দৰ ফিনিক্স চৰাইৰ জন্ম হয়। সেইদৰে গোখলেৰ পৱিত্ৰ চিতাভস্মৰ পৰা দেশৰ কেউপিনে শত শত তৰুণ গোখলেৰ উদয় হবলৈ ধৰিছে। গোখলেৰ নিচিন৷ পুৰুষৰ আদৰ্শ বৰ সংক্ৰামক, বিশেষতঃ তেওঁলোকৰ দেহত্যাগৰ পাচত তেওঁলোকৰ ক্ষণিক জীৱনৰ উজ্জ্বল দৃষ্টান্তই মানুহৰ মনত বিশেষভাবে আঘাত কবিবলৈ ধৰে। গোখলেৰ জীৱিত অৱস্থাত হয়তো তেওঁক বহুতে ভুল বুজিছিল,—কিন্তু এতিয়া তেওঁ সংসাৰ-চিত্ৰৰ পৰা আঁতৰ হ'ল যেতিয়া তেওঁৰ অভাৱ মানুহে ভালকৈ বুজিব পাৰিছে। এই অভাৱ উপলব্ধিৰ সময় জাতীয় অভ্যুদয়ৰ মহেন্দ্ৰক্ষণ। মহাত্মাৰ জীৱন কাহিনী তেতিয়া ফট ফটীয়াকৈ জলিবলৈ ধৰে, সেই শুভক্ষণত মৃতকৰ পৰমাত্মাই তন্দ্ৰাহীন জাতীয় সেৱকৰ প্ৰাণত দেশসেৱাৰ অমোঘ মন্ত্ৰ বৰৰিবলৈ ধৰে।
এই বছৰৰ ভিতৰত গোখলেৰ প্ৰতিভাব জেউতি আৰু চৰিছে। সেই জেউতি অকল একোণত আৱদ্ধ হৈ থকা নাই, আজি সি ভাৰতবৰ্ষৰ চৌভিটি জুৰিছে। আগলৈ গোখলে প্ৰতিভাই কি দৰে পূজা পায়, আমি এতিয়া থিৰাং কৰিব নোৱাৰোঁ; কাৰণ সময়ৰ লগে লগে হয়তো ভাৰতৰ আকাঙ্ক্ষা উচ্ছ্বাসৰ গতি আন পাকে ঢাল লব পাৰে, নতুন ক্ষেত্ৰত নতুন বীৰ আহি নতুন জয়মাল্য ডিঙ্গিত পিন্ধিব পাৰে, গোখলেই যিবোৰ সংস্কাৰ লাভৰ কাৰণে তেওঁৰ বহুমূলীয়া জীৱন উচৰ্গা কৰিছিল, সেই সংস্কাৰৰ ফল যেতিয়া ভাৰতৰ সকলো ঠাইতে ফলিবলৈ ধৰিব তেতিয়া হয়তো গোখলেৰ নাম বহুতে পাহৰি যাব, কাৰণ কোনো এটা বস্তু নোপোৱালৈকেহে তাৰ নিমিত্তে মানুহৰ হেঁপাহ আৰু আকাংঙ্ক্ষা প্ৰৱল হৈ থাকে। প্ৰাথমিক শিক্ষা আৰু স্বায়ত্ব-শাসনৰ নিমিত্তে এতিয়া ভাৰতত আন্দোলন চলিছে, গোখলে এই আন্দোলনৰ পুৰোহিত বা প্ৰতিষ্ঠাতা। কিন্তু কালৰ লগে লগে জাতীয় উভ্যুদয় অনিবাৰ্য। যেতিয়া সেই প্ৰাথমিক শিক্ষা আৰু স্বায়ত্ব-শাসন ভাৰতত সৰ্ব্বত্ৰ প্ৰচলিত হ'ব সেই সময়ত হয়তো গোখলেৰ নাম তল পৰিব পাৰে। কিন্তু গোখলেৰ স্বাৰ্থশূন্য পৱিত্ৰ জীৱনৰ দৃষ্টান্ত যাৱচ্চন্দ্ৰদিবাকৰ থাকিব, ই ধ্ৰুব সত্য। যিমানদিন ভাৰতবাসীৰ প্ৰাণত দেশ-হিতৈষিতা আৰু বীৰ পূজাৰ কণিকা জিলিকি থাকে তিমানদিন মহাত্মা গোখলে আমাৰ জাতীয় অভ্যুদয়ৰ পুৰোহিত বুলি প্ৰাতঃ-স্মৰণীয় হৈ থাকিব।
গোখলেৰ সমাদৰ আৰু প্ৰভাৱ — গোখলেৰ দৰে সকলো ঠাইৰে পৰা এইদৰে অপ্ৰতিহত সমাদৰ আৰু সন্মান পোৱ৷ মানুহ অতি কম। যি সকলে জাতীয় আন্দোলনত ফুৰে তেওঁলোকৰ ওপৰত ৰজাঘৰ সাধাৰণতঃ অলপ নাৰাজ, কাৰণ তেওঁলোকৰ প্ৰতিকথাতে গৱৰ্ণমেণ্টৰ খুঁতৰ ফালেহে চায়, কিন্তু গোখলেৰ ওপৰত গৱৰ্ণমেণ্টৰ গভীৰ বিশ্বাস আৰু অচলা ভক্তি আছিল। তেওঁৰ জাতীয় জীৱনৰ প্ৰাৰম্ভত গৱৰ্ণমেন্টে তেওঁক অলপ সন্দেহৰ চকুৰে চাইছিল, কিন্তু ৰজাঘৰে যেতিয়া বুজিলে যে গোখলে গৱৰ্ণমেণ্টৰ গুণতকৈ ক্ৰটীৰ ফালে দৃষ্টি ৰাখি ৰজা আৰু প্ৰজাৰ মাজত বিবাদ আৰু অসন্তোষৰ ব্যৱধান সৃষ্টি কৰা বিধৰ দেশনায়ক নহয়, তেতিয়াৰে পবা গোখলে গৱৰ্ণমেণ্টৰ পৰা সন্মান পাবলৈ ধৰিলে। তাৰ ওপৰত আছে গোখলেৰ অতুলন স্বাৰ্থত্যাগ আৰু স্বাধীন চিত্ততা। পাশ্চাত্য জাতি বীৰৰ উপাসক, সেই গুণেহে বন্দী পুৰু ৰজাৰ স্বাধীন হৃদয়ৰ পৰিচয় পাই মহাবীৰ আলেকজেণ্ডাৰে ৰজাৰ হাতৰ বান্ধোন মোকোলাই দিছিল। গোখলেৰ ডিঙ্গিতো বৰমাল্য পিন্ধাবলৈ ইংৰাজ জাতিয়ে কোচ খোৱা নাছিল। ৰাষ্ট্ৰনীতি বিশাৰদ লৰ্ড মলিয়ে গোখলেক উদ্দেশ্য কৰি মুক্তকণ্ঠে স্বীকাৰ কৰিছিল, “ভাৰতৰ জাতীয় কৰ্মক্ষেত্ৰত এজন মানুহ আছে, যাক যুক্তিৰে বুজাব পাৰি, যি দহ কথাৰ ভু পায়, যাৰে সৈতে খোজেৰে খোজ মিলাই সাত পদ একেলগে যাব পাৰি।”
গোখলেৰ বক্তৃতা শুনি সকলো মোহ গৈছিল। এনে প্ৰাঞ্জল অনাড়ম্বৰ বক্তৃতা বিদেশী ভাষাত দিয়া কম গৌৰৱৰ কথা নহয়। তেওঁৰ বক্তৃতাত কথাচহকী নেতাৰ দৰে বাক্-চাতুৰ্য্য বা শব্দৰ ঝঙ্কাৰ নাছিল, তাত আছিল সাৰুৱা আলোচনা অতীত আৰু বৰ্ত্তমানৰ দেশ-বিদেশৰ বিশদ তুলনামূলক গভীৰ গবেষণা। আৰু এটি আচৰিত বিষয় এই যে তেওঁ ইমানদিন ইমান ঠাইত ইমান বক্তৃতা দিলে, কিন্তু কোনেও কেতিয়াও তেওঁৰ বক্তৃতাৰ পৰা অসন্তোষ পোৱা নাছিল। তেওঁ ইমান নম্ৰ তেজস্বী সংযত ভাবে প্ৰতিবাদ কৰিছিল যে তাত বেয়া পাবৰ কাৰো বিশেষ কাৰণ থাকিব নোৱাৰিছিল। তেওঁৰ বক্তৃতাৰ বিষয়ে চাৰ হেনৰি কটন চাহাবে কৈছে,— “গোখলেৰ দবে বক্তৃতা আমাৰ পাৰ্লিয়ামেন্ট মহাসভাতো প্ৰায় শুনা নেযায়।” গোখলে ঢুকৱাৰ পাচত সম্ৰাট পঞ্চম জৰ্জ, লৰ্ড ক্ৰু, লৰ্ড হাৰ্ডিঞ্জ, লৰ্ড কাৰ্জন, লৰ্ড ৰে, চাৰ উইলিয়ম ওৱেডাববৰ্ণ, চাৰ হেনৰি কটন, মিঃ নেবিনচন, চাৰ থিয়দৰ মৰিছন, মিঃ মণ্টেগু, লৰ্ড উইলিংডন প্ৰমুখ্যে বৃটিছ সাম্ৰাজ্যৰ ধৰণীসকলে মিলিত কণ্ঠে কৈছিল, – “যেনিটি গ'ল তেনিটি আৰু ভাৰতত বিচাৰি পোৱা টান।”
'মহত্মা গান্ধী—মহত্মা গান্ধীৰ বিষয়ে গোখলেই কংগ্ৰেছৰ ২৪-শ অধিবেশত যি কথা কেইআষাৰ কৈছিল সেই কথা গোখলেৰ নিজৰ গাতো ভালকৈ খাটে, – “যিসকলে নিজে সৰল সাত্ত্বিকভাবে জীৱন যাপন কৰি, বিশ্বপ্ৰেমৰ মহামন্ত্ৰত দীক্ষিত হৈ সত্য আৰু তাৰ দ্বাৰাই লগৰীয়া জাতিভাইব প্ৰাণত ঐন্দ্ৰজালিক প্ৰভাৱ বিস্তাৰ কৰি নবযুগৰ স্বৰ্গীয় দৃশ্য দেখুৱাব পাৰে, মিঃ গান্ধী হৈছে সেই শ্ৰেণীৰ মহাপুৰুষ, যাক আমি মানুহৰ লগৰ মানুহ, বীৰৰ মাজত বীৰ, দেশ-সেৱকৰ মাজত দেশ-সেৱক বুলিব পাৰোঁ; আৰু আমি ক'ব পাৰো যে তেওঁতে বৰ্ত্তমান যুগৰ ভাৰতৰ জাতীয় মহিমাৰ চৰম বিকাশ প্ৰাপ্ত হৈছে।”[১]
দাক্ষিণাট্য দেশসেৱী— দাক্ষিণাট্যৰ ফালে এনে স্বাৰ্থত্যাগী মহাপুৰুষৰ আৱিৰ্ভাব হয়, যাৰ শাৰীত আমাৰ এই ফালৰ দেশনায়কসকল বহিবৰ সম্পূৰ্ণ অযোগ্য। তেওঁলোকৰ জীৱনৰ মূলমন্ত্ৰ হৈছে, প্ৰকৃত মানুহ বোলোৱা, সকলো প্ৰকাৰৰ কষ্ট-গঞ্জনা সহিও দেশৰ কল্যাণ সাধন কৰা। দেশসেৱা তেওঁলোকৰ মানত নিজৰ সুখ্যাতি বঢ়াবৰ উপায় নহয়। দেশহিতব্ৰত তেওঁলোকৰ চকুত মাতৃৰ স্তনৰ দৰে পৱিত্ৰ, প্ৰশান্ত মহাসাগৰৰ দৰে গহীন, হিমালয় গিৰিৰ তুষাৰ কিৰীটিৰ দৰে উজ্জ্বল। গোখলেৰ জীৱন তাৰ জ্বলন্ত দৃষ্টান্ত। তেওঁ ইচ্ছা কৰা হলে তেওঁৰ প্ৰতিভা-শক্তিৰ জোখাই ডাঙৰ চাকৰিয়াল হব পাৰিলেহেঁতেন, কিন্তু তেওঁ পোনতে দাক্ষিণাত্য শিক্ষা-সমিতিত যোগ দি মাথোন পঁয়সত্তৰ টকা দৰ্ম্মহাতে সন্তুষ্ট থাকে। গোখলেৰ উপযুক্ত শিষ্য মহাত্মা গান্ধীৰ জীৱনো স্বাৰ্থ-হীনতাৰ জলন্ত দৃষ্টান্ত। দক্ষিণ আফ্ৰিকাত যি কঠোৰ আইন চলে তেওঁ তাৰপৰা সাৰিবৰ ইচ্ছা কৰা হলেই অনায়াসে সাৰিব পাৰিলেহেঁতেন, কিন্তু যুধিষ্ঠিবে যেনেকৈ ভ্ৰাতৃবৃন্দক এৰি স্বৰ্গ প্ৰৱেশ বাঞ্ছা নকৰিলে, মহত্মা গান্ধীয়েও সেইদৰে স্বদেশবাসী ভ্ৰাতৃবৃন্দক লগত লৈ সস্ত্ৰীক নানান অপমান কষ্ট সহিও দক্ষিণ আফ্ৰিকাত থাকে। মহত্মা গান্ধী উজ্জ্বল প্ৰতিভাশালী বাগ্মী বেবিষ্টাৰ, তথাপি চলন-ফুৰণত তেওঁ কেনে সৰল! ৰেল-জাহাজত তেওঁ কেতিয়াও প্ৰথম বা দ্বিতীয় শ্ৰেণীত নেযায়। দৰিদ্ৰ দেশবাসীৰ সুখ-দুখৰ ভাগী হৈ তৃতীয় শ্ৰেণীত যাবলৈ তেওঁ ভাল পায়।
পুৰুষোত্তম পৰাঞ্জপ্যে— পুনা নগৰীত গোখলেৰ শিষ্য এজন স্বাৰ্থত্যাগী মহাপুৰুষ আছে, তেওঁৰ নাম ৰঘুনাথ পুৰুষোত্তম পৰাঞ্জপ্যে। এওঁ কেম্ব্ৰিজিৰ সবাতকৈ টান গণিতশাস্ত্ৰৰ পৰীক্ষাত সৰ্ব্বোচ্চ স্থান অধিকাৰ কৰিছিল। ডিপ্লোমা দিয়া উৎসৱৰ দিনা কেম্ব্ৰিজৰ অধ্যাপকসকলে কৈছিল, – “ পৰাঞ্জল্যেৰ প্ৰতিভাৰ সুচল ক্ষেত্ৰ ভাৰতবৰ্ষত নাই।” তেওঁ ইচ্ছা কৰা হলে হেজাৰ টকীয়া চাকৰিয়াল হব পাৰিলেহেঁতেন, কিন্তু গোখলেৰ চৰণত দেশসেৱাৰ মহামন্ত্ৰত দীক্ষিত হৈ তেওঁ মাথোন পঁয়সত্তৰ টকা দৰ্ম্মহাতে ফাৰ্গুচন কলেজৰ অধ্যক্ষৰ কামত জীৱন কটাইছে।
গোখলেৰ একগ্ৰতা আৰু পবিত্ৰ জীৱন—ভাৰতবৰ্ষত বীৰপূজাৰ এতিয়াও অস্তমিত হোৱা নাই। প্ৰকৃত গুণী ওলালে স্বাৰ্থহীন জীৱনৰ আবিৰ্ভাব হলে তেওঁৰ ওপৰত আদৰ-ভক্তিৰ পুষ্প বৰষিবলৈ ভাৰতবাসীয়ে কোঁচ নেখায়। সেইদেখি গোখলে, গান্ধী, পৰাঞ্জপ্যেৰ নিচিনা পুৰুষৰ সকলো ঠাইতে সমাদৰ। ইয়াতে এটা প্ৰশ্ন উঠিব পাৰে, এনে বিধৰ নায়ক সচৰাচৰ নোলায় কিয়? ইয়াৰ মূল কাৰণ হৈছে, – দেশহিতব্ৰতক পবিত্ৰভাবে গ্ৰহণ কৰা মানুহৰ সংখ্যা সৰহ নহয়। যিসকলে নেতাৰ শাৰী পূৰাব খোজে তেওঁলোকৰ জীৱন স্বাৰ্থহীন পবিত্ৰ হব লাগে, তেওঁলোকৰ আগত সকলো প্ৰকাৰৰ নীচতাই লোপ পাব লাগে, তেহে তেওঁলোকৰ ওপৰত ৰাইজৰ বিশ্বাস থাকে, আৰু এসময়ত তেওঁলোকে কোনো কথা কলে আনে শিৰোধাৰ্য্য মানি তাক গ্ৰহণ কৰিবলৈ ইচ্ছুক হয়। দেশবাসীৰ স্বাৰ্থক ভৰিৰে গচকি যদি কোনোবাই প্ৰজাঘৰ আৰু ৰজাঘৰৰ পৰা পোৱা মৰ্য্যদাৰ সহায়েৰে নিজৰ কোৱা ভাটুৰীয়া জীৱনক ঢাকিবলৈ বাহিৰে দেশসেৱাৰ ৰহণ সানিব খোজে, তেওঁ ৰাইজৰ আন্তৰিক শ্ৰদ্ধা আৰু বিশ্বাসৰ অধিকাৰী হ'ব নোৱাৰে, কেৱল প্ৰতিপদে ৰাইজৰ ইতিকিং-বিদ্ৰূপ আৰু সন্দেহ-গৰিহণাৰ পাত্ৰ হব। যদি কেতিয়াবা তেওঁৰ ওপৰত ভুলক্ৰমে মানুহৰ ভক্তি স্থাপিত হৈছিল, তেওঁৰ কোনো স্বাৰ্থপূৰ্ণ নীচ কামৰ পৰিচয় পালেই বালিঘৰৰ দৰে সেই ভক্তি তুৰন্তে চূৰমাৰ হৈ যাব। দেশসেৱাৰ নাম দি স্বাৰ্থসিদ্ধিৰ ওপৰত যশস্যাৰ যি মন্দিৰ প্ৰতিষ্ঠিত হয়, সেই মন্দিৰ কাচিতো খিলঞ্জীয়া হব নোৱাৰে, কালব কালাপাহাৰে আহি এদিন তাক ভূমিসাৎ কৰিবই কৰিব। ব্ৰহ্মচৰ্য্য অসিধাৰ ব্ৰত যেনে কঠোৰ দেশসেৱাৰ ব্ৰতো তেনে কঠোৰ। পোনতে স্বাৰ্থহীন বিশ্বপ্ৰেমিকৰ আদৰ্শ লৈ জীৱন গঠিত কৰি তাৰ পাচতহে এই ব্ৰত গ্ৰহণ কৰিব পাৰি। গোখলেৰ এই পাতনি-জীৱন গঠন হওঁতে ওঠৰ বছৰ কাল লাগিছিল, ওঠৰ বছৰ কাল ফাৰ্গুচন কলেজত অধ্যাপক হৈ মহাত্মা' ৰাণাড়েৰ চৰণত পবিত্ৰ মন্ত্ৰ গ্ৰহণ কৰি অশেষ সাধনাৰ পাচতহে তেওঁ জাতীয় জীৱনত প্ৰাণ উচৰ্গা দিবলৈ আগবাঢ়িছিল।
সিদ্ধিৰ মূলতে একাগ্ৰতা। কাৰ্য্যত একাগ্ৰতা নাথাকিলে সৰ্ব্বাঙ্গীন সিদ্ধি অসম্ভৱ। জীৱনৰ অসংখ্য আদৰ্শ আৰু কৰ্ত্তব্যসমূহক ঐকাৰ চৰম উৎকৰ্ষত পৰিণত কৰিব নোৱাৰিলে তন্ময় হৈ কাৰ্য কৰাটো স্বপ্নৰ অগোচৰ হৈ উঠে। এই কাৰণেই, যাৰ গাত মহত্বৰ লক্ষণ থাকে তেওঁ কম বয়সতে আদৰ্শৰ বিৰোধ ভাঙি মাথোন এটাত সঙ্কল্প স্থিৰ কৰে। গোখলেই অবিকল ইয়াকে কৰিছিল, ওঠৰবছৰীয়া তৰুণ গোখলে যি দিন ধৰি দেশ-সেৱা ব্ৰত সাৰোগত কৰি ল'লে সেইদিনাৰে পৰা সেই একেটা ব্ৰত পালন কৰাৰ সংকল্পই তেওঁক প্ৰতিমুহূৰ্ত্তে অনুপ্ৰাণিত কৰিছিল। এই কাৰণেই গোখলেই গোটেই জীৱনটো কেৱল এটা কাৰ্য্যত লগাব পাৰিছিল। এই বাবেই তেওঁৰ জীৱন অবিচ্ছিন্নভাবে নৈৰ সোঁতৰ দৰে নিজ লক্ষ্যলৈ আগবাঢ়িব পাৰিছিল।
গোখলেৰ যি অতুলনীয় বিদ্যা-বুদ্ধি আছিল তাৰ বলেৰে অনায়াসে তেওঁ চৰ্কাৰৰ ঘৰৰ কামত সোমাই হেজাৰ হেজাব টকা আৰ্জ্জিব পাৰিলেহেঁতেন, কিন্তু তেনে কৰা হ'লে তেওঁৰ সৰুৰে পৰা যি আদৰ্শ সেই অনুসৰি তেওঁৰ জীৱনপ্ৰৱাহ বৈ যাব নোৱাৰিলেহেঁতেন, তেওঁৰ একাগ্ৰতা নষ্ট হ'লহেঁতেন, আৰু একাগ্ৰতা নষ্ট হোৱা হলেই গোখলে, গোখলে নহলহেঁতেন। এই একাগ্ৰতাৰ কেনেবাকৈ ব্যাঘ্যাত হব বুলিয়েই তেওঁ ৰজাঘৰীয়া কে-চি-আই-ইৰ নিচিনা ওথ খিতাপো গ্ৰহণ নকৰিলে।
গোখলেৰ এই যে একাগ্ৰতা, তাক সাধাৰণতে পোৱাটো টান। অনেকে ভাৱে দেশসেৱ৷ কাৰ্য্যটো অনান্য কাৰ্য্যৰ ভিতৰত এটা, অকল দেশসেৱাই একমাত্ৰ কাৰ্য্য নহয়। তেওঁলোকৰ দেশসেৱাত “মই কৰিছে৷” এই অহং-জ্ঞান বিৰাজমান কিন্তু গোখলেৰ নিচিনা পুৰুষৰ দেশসেৱাত “কাৰ্যই মোক কৰাইছে” এই আত্মসমৰ্পণৰ ভাবটোহে পৰিলক্ষিত হয়।
জগদীশ্বৰৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা, যেন কৰুণাময়ে আমাৰ অসমীয়াকে৷ এনে পবিত্ৰভাৱেৰে অনুপ্ৰাণিত কৰি দেশসেৱা ব্ৰতত দীক্ষিত কৰে। এয়ে হলে, এদিন আমিও এনে এজন দেশনায়ক পাম যাৰ একমাত্ৰ ব্ৰত দেশসেৱা, যাৰ চিন্তা আন কোনো কাৰ্য্যই অধিকাৰ কৰা নাই, আৰু যি জাতীয় যজ্ঞত হাঁহিমুখে ক্ষুদ্ৰ স্বাৰ্থ বলি দিব পাৰিছে। দেশসেৱাৰ এনে আদৰ্শ জিলিকি উঠিলেই গোখলেৰ জীৱন-বৃত্তান্তৰ আলোচনা সফল হ'ব।
এপ্ৰিল ১৯১৬।
⸻(০)⸻
পৰিশিষ্ট ১
মিঃ গোখলেই ফাৰ্গুচন কলেজৰ পৰা অৱসৰ ল'বৰ সময়ত দিয়া বক্তৃতা।—
“এইমাত্ৰ যিখন বিদায়-পত্ৰ পাঠ ক’ৰা হ'ল তাৰ উত্তৰ দিওঁতে আবেগত গাম্ভীৰ্য্যবিহীন হোৱাটো মোৰ পক্ষে স্বাভাবিক। আপোনাসকলে আজি মোক যি মহৎ আৰু সৰ্ব্বাতিশয়ী দয়া দেখুৱাইছে তাৰ বাবে যথোচিত ধন্যবাদ দিয়াটো মোৰ পক্ষে সম্ভৱ নহয়। জীৱনত হোৱা সকলো বিচ্ছেদেই বিষাদময়, কিন্তু য'ত হৃদয়ৰ গম্ভীৰতম ভাৱবাশিৰ উদয় হয়, তাত বহুদিনীয়া বান্ধোনৰ বিচ্ছেদ আৰু বিদায়গ্ৰহণ জীৱনত হোৱা যেই-সেই পৰীক্ষাৰ সমান কঠোৰ। আজি ওঠৰ বছৰ মই মোৰ ক্ষুদ্ৰ শক্তি অনুসৰি মোৰ সামৰ্থ্যৰ সাৰভাগ এই সমিতিক দিবলৈ চেষ্টা কৰি আহিছোঁ। যশ অপযশৰ মাজেদি, সম্পদ-বিপদৰ মাজেদি, এই কলেজৰ হকে, ইয়াৰ উন্নতিকে একমাত্ৰ লক্ষ্য কবি খাটোঁতে-খাটোঁতে ইয়াৰপৰা নিজক ভিন্ন বুলি ভবাটো মোৰ পক্ষে অৱশেষত অসম্ভৱ হৈ উঠিছে, আৰু এতিয়া এই কলেজৰ কাৰ্য্যৰ পৰা অৱসৰ ল'বৰ সময়ত প্ৰগাঢ় কৃতজ্ঞতা আৰু গভীৰ শোকৰ পৰস্পৰ ঘাত-প্ৰতিঘাতকাৰী আবেগসমূহে মোৰ হৃদয় স্বভাৱতে বিচলিত কৰি তুলিছে। কত বছৰৰ আগেয়ে যৌৱনৰ উৎসাহত সাৰোগত কৰি লোৱা এটা ব্ৰতৰ গহীন আৰু দুষ্কৰ কৰ্ত্তব্য সাধিবলৈ প্ৰণোদিত কৰা বাবে ঈশ্বৰৰ ওচৰত মই বৰ কৃতজ্ঞ, আৰু ভবিষ্যতত মোৰ যি হ'ক মোৰ কৰ্ম্ম-জীৱনৰ এই ছোৱা কাল সদায় মই আনন্দ আৰু গৰ্ব্বৰে সুৱৰিব পাৰিম, আৰু নিজকে ক'ব পাৰিম “ধন্য ঈশ্বৰ, মোৰ দায়িত্ব সফল কৰিবলৈ ঈশ্বৰে মোক অনুমতি দিলে।”
কিন্তু, ভদ্ৰমহোদয়সকল। এই কৃতজ্ঞতাৰ লগে লগে মোৰ এটা বেজাৰ ৰ'ল যে আজিৰপৰা এই কলেজৰ অৰ্থে মোৰ নিত্যকৰ্ম্মৰ সামৰণি পৰিল। যিমানকে বাহিৰা কাম কৰোঁ, যিটো কলেজৰ হকে মোৰ সৰ্ব্বোত্তম কাৰ্য সাধিত হৈছে, যি সদায় মোৰ চিন্তা আৰু স্নেহৰ প্ৰথম ঠাই অধিকাৰ কৰিছে, তাৰপৰা বিচ্ছিন্ন হোৱাত মোৰ আজি কি দুখ, আপোনালোকে বুজিব পাৰিছে। কোনে৷ কোনোৱে শুধিছে, আৰু আপোনালোকৰ ভিতৰৰো কোনোৱে সুধিব পাৰে, “যদি এই বিচ্ছেদত আপোনাৰ ইমান বেজাৰেই তেনেহলে অৱসৰ লৈছে কিয়?' এই প্ৰশ্নৰ উত্তৰত মই কওঁ, গোটেই বিষয়টো বহুত দিন উদ্বিগ্নভাৱে আলোচনা কৰিহে অৱসৰ লবলৈ থিৰ কৰিছোঁ। প্ৰথমতঃ, মোৰ স্বাস্থ্য এদিন যেনে আছিল, আজি আৰু তেনে হৈ থকা নাই। যোৱা বছৰ সপ্তাহে সপ্তাহে, দিনে-দিনে মই উদ্বিগ্ন হৈছিলোঁ, কিদৰে মই মোৰ কাৰ্য্য-কৰ্ম্ম বছৰৰ মাজখিনিতে এৰি নিদিয়াকৈ সমাপ্ত কৰিব পাৰিম। তথাপি, আপোনাসকলৰ অনেকেই জানে, মই মোৰ সঙ্গীসকলৰ দৰে মোৰ কৰ্ত্তব্য ঠিক সময়মতে কৰিব পৰা নাছিলো; কিন্তু এইদৰে অনিয়মিতৰূপে কাৰ্য্য কৰাটো কোনো মতেই সন্তোষজনক নহয়, যদিও মই এই কাৰণে মোৰ সঙ্গী সকলৰ পৰা আপত্তিৰ কণামাত্ৰও শুনা নাছিলোঁ। মই ভাবিলোঁ, মোৰ সঙ্গীসকলক মোৰ প্ৰতি কৃপা দেখুৱাই মোৰ পক্ষে ইমান শিথিল হবলৈ দিবৰ অধিকাৰ মোৰ নাই। আপোনাসকলে জানেই, ভোজৰ পৰা অলপ ভোক ৰাখি উঠিব লাগে, অথবা কোনো বন্ধুৰ ঘৰলৈ গলে তেওঁৰ আতিথ্য গ্ৰহণ কৰি এদিন বেচি থকাতকৈ উচিত সময়ৰ আগেয়েই গুচি অহা ভাল। মই জানো মোৰ সঙ্গীসকলে এই উদাহৰণ কেইটা উপযুক্ত বুলি নাভাবে।
সি যি কি নহওক ওঠৰ বছৰ অল্পাধিক পৰিশ্ৰম কৰি মই ভাবিলোঁ যে এই কৰ্ম্মক্ষেত্ৰৰ পৰা অৱসৰ লোৱাৰ কাৰণ কেৱল এইটোৱেই নহয়। মই আপোনাসকলক সৰলভাৱে কওঁ যে এইটোৰ দৰেই আন এটা সংকল্পই মোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কবিছে। বছৰদিয়েকৰ আগেয়ে এজন মানুহৰ বিষয়ে এটা উপাখ্যান পঢ়া মনত পৰে। মানুহজনে সাগৰৰ পাৰত এটা ধুনীয়া পজা সাজি বাস কৰিছিল। তেওঁৰ মাটি-বাৰী যথেষ্ট আছিল, আৰু এটি স্নেহশীল পৰিয়ালে৷ আছিল। মানুহে ভাবিছিল যে তেওঁ সংসাৰত থাকি বৰ সুখী। কিন্তু, তেওঁৰ সাগৰৰ প্ৰতিহে এটা মোহ জন্মিছিল। সাগৰখন যেতিয়া শুই থকা কেচুৱা লৰাটিৰ দৰে শান্ত হৈ থাকে তেতিয়া সেই দৃশ্যই তেওঁৰ মৰ্ম্ম স্পৰ্শ কৰে, আৰু যেতিয়া সাগৰে সিংহৰ দৰে গৰ্জ্জন কৰে, তেতিয়া সেই দৃশ্যয়ো তেওঁৰ মৰ্ম্ম স্পৰ্শ কৰে। অৱশেষত সাগৰৰ প্ৰতি মানুহজনৰ যি এটা মোহ হ'লগৈ তেওঁ তাৰ হাত সাৰিব নোৱাৰা হ'ল, তেওঁৰ যি আছিল সকলোটি এখন নাৱত ভৰাই দি সাগৰত নাও মেলি দিলে। দুবাৰ তেওঁক ঢৌৱে পাবলৈ খেদাই পঠালে, কিন্তু তেওঁ কাণ নকৰিলে, তৃতীয়বাৰ যাবলৈ চেষ্টা কৰোঁতে নিষ্ঠুৰ সাগৰে তেওঁক গ্ৰাস কৰিলে। আজি মোৰ অৱস্থাও প্ৰায় এনেকুৱাই হৈছে। এই কলেজত মোৰ এটা নিৰূপিত কাৰ্য্য আছিল, আৰু মোৰ কাৰ্য্যত মই জনদিয়েক এনে সঙ্গী পাইছিলোঁ যাৰ লগত কাম কৰাটো মই আনন্দ আৰু এটা বিশেষ সুবিধা বুলি ভাবিছিলোঁ, আৰু মোৰ দোষলৈ আওকাণ কৰি মই যি অলপ কৰিছিলোঁ তাকে বহুজ্ঞান কৰি তেখেতসকলে যি ঔদাৰ্য্য প্ৰকাশ কৰিছিল, সি মোৰ হৃদয়ত বৰকৈ লাগিছে। তথাপি মই জাতীয় কৰ্ম্মজীৱনৰ বিপদসঙ্কুল সংশয়পূৰ্ণ সাগৰত নাও মেলি দিবলৈ এই সকলোটি এৰি দিছো।
কিন্তু মোৰ অন্তৰত আজি কাৰোবাৰ বাণী শুনিছোঁ, এই বাণীয়ে মোক এই পথ ধৰিবলৈ উদ্গনি দিছে, আৰু এতিয়া মই আপোনাসকলক খাটো যেন আপোনাসকলে বিশ্বাস কৰে যে মই কেৱল স্বদেশৰ হিতৰ অৰ্থে মোৰ কৰ্ত্তব্যৰ অনুৰোধত এই স্বাধীন বিষয়টো বিচাৰিছোঁ, ইয়াত অধিক স্বাধীনতা আছে সঁচা, কিন্তু দায়িত্বও কম নহয়। আমাৰ দেশত স্বদেশ-সেৱাৰ পুৰস্কাৰ নাই বুলিলেও হয়, আছে কেৱল বিপদ আৰু অনুৎসাহ। কৰিবলগীয়া কাম অসংখ্য আছে, কিন্তু পৰিণাম কি হ'ব, কেনেকৈ এই সকলোবিলাক কাৰ্য্য সমাপ্ত হ'ব, তাক কোনেও কব নোৱাৰে। কিন্তু এটা কথা ঠিক যে যিসকলে এই কাৰ্য্যত মোৰ দৰে অনুভৱ কৰিব সেই সকলে আশা আৰু বিশ্বাসেৰে অনুপ্ৰাণিত হৈ কামত লাগি যাব, আৰু সকলো নিঃস্বাৰ্থ অনুষ্ঠানত যি আত্মসন্তোষ জন্মে তাকেহে মাথোন বিচাৰিব। মোৰ ভৱিষ্যতৰ আশা বা কাৰ্য্য-প্ৰণালী সম্বন্ধে ইয়াত কোৱা যুগুত নহয়। কিন্তু এটা কথা মই জানো, সি হৈছে এই, অধ্যাপকৰ কাৰ্য্যৰ বাহিৰে অন্য কাৰ্য্য মই আগবাঢ়ি গৈ দেশবাসীৰ যৎকিঞ্চিত উপকাৰ সাধিব পাৰোঁ বা নোৱাৰোঁ, কিম্বা যদি সৰ্ব্বশ্ৰান্ত হৈয়ো ঘূৰি আহোঁ, তথাপি মোৰ চিন্তাৰে সৈতে এই কলেজ সদায় জড়িত থাকিব, আৰু মই নিশ্চয়কৈ জানো যে যেতিয়াই মই এই কলেজৰ চাৰিবেৰৰ ভিতৰেলৈ আহিম তেতিয়াই ইয়াত হৃদয়পূৰ্ণ আদৰ অভ্যৰ্থনা পাম।
বক্তৃতা শেষ কৰাৰ আগেয়ে মই ছাত্ৰ মণ্ডলীক এটা কথা ক'ব খোজোঁ। সকলো ছাত্ৰই “আমি এই কলেজৰ ছাত্ৰ” এইবুলি গৰ্ব্ব অনুভৱ কৰিব, এয়ে মোৰ আশা আৰু বিশ্বাস। মই তোমালোকক এৰি যাবলৈ ওলাইছোঁ, এই কাৰণে এতিয়া মই এই বিষয়ে বেচি স্বাধীনতাৰে সৈতে ক'ব পাৰোঁ। মই ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইলৈকে গৈছোঁ, আৰু স্বভাৱতে মই ভিন-ভিন ঠাইৰ স্কুল-কলেজলৈ বিশেষভাবে মন কৰিছোঁ। কিন্তু এই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ এই কলেজৰ নিচিনা এটাও কলেজ নাই। অন্যান্য কলেজ আছে, যাৰ সাজ-সজ্জা ইয়াতকৈ ভাল আৰু যিবিলাক ইয়াতকৈ বহুত দিনৰ আগেয়ে স্থাপিত হৈছে, কিন্তু মোৰ বন্ধু মিঃ পৰাঞ্জপ্যে আৰু মিঃ ৰাজাৱাদৰ নিচিনা মানুহৰ স্বাৰ্থত্যাগে এই কলেজক এনে এটা গৌৰৱবিম্বেৰে আৱৰি থৈছে যিটো আন ক'তো পাবলৈ নাই। এই কলেজৰ সৰ্ব্বপ্ৰধান নৈতিক লক্ষণ হৈছে এই যে ই এটা ভাব প্ৰকাশৰ স্থল আৰু এটা আদৰ্শৰ নিকেতন। ভাবটো হৈছে এই যে ভাৰতবাসীয়ে আজিও এক হব পাৰে, আৰু পাৰ্থিৱ স্বাৰ্থৰ সকলো ভাৱনা এৰি এটা লৈ এনে উৎসাহ আৰু আগ্ৰহেৰে কাম উদ্দেশ্য কৰিব পাৰে যে তেনে উৎসাহ আৰু আগ্ৰহ ধৰ্ম্ম-কাৰ্য্যৰ বাহিৰে আন ক’তো দেখা নাযায়। আদৰ্শটো হৈছে আত্মনিৰ্ভৰৰ, যাতে আমি লাহে-লাহে অথচ ধীৰভাবে লোকে সহায় দিব খুজিলেও তাৰ ওপৰত অলপ নিৰ্ভৰ কৰি নিজৰ ওপৰত ততোধিক নিৰ্ভৰ কৰিবলৈ শিকিব পাৰোঁ।
মই আশা কৰোঁ, তোমালোকে যেন এই কলেজৰ এই লক্ষ্যণটো দৃঢ়ভাবে চকুৰ আগত ৰাখা, ইয়াৰ প্ৰতি তোমালোকৰ যি আগ্ৰহ, ইয়াৰ কাৰণে তোমালোকৰ যি উৎসাহ তাৰ পৰিমাণ যেন এই কলেজৰ কাৰ্য্যৰ মহত্ত্বৰ সৈতে সমান হয়। যদি কেতিয়াবা তোমালোকে এই কলেজৰ গুণাগুণ বিচাৰ কৰিব খোজাঁ, তেতিয়া, যি স্নেহময় উদ্বেগেৰে তোমালোকৰ পিতৃ-মাতৃৰ দোষ উনুকিওৱা যেন তেনে উদ্বেগেৰে ইয়াৰ বিচাৰ কৰা, আৰু যেন শক্তিয়ে আটে মানে ইয়াৰ হিত সাধিবলৈ আৰু ইয়াৰ উপযোগিতা আৰু প্ৰভাবৰ সীমা বঢ়াবলৈ চেষ্টা কৰা। এতিয়া বিদায় লোৱাত বাজে মোৰ আৰু কবলগীয়া একো নাই। মই জানো যে এই মুহূৰ্ত্তত মোৰ মনত যিবিলাক ভাব বিকশিত হৈ উঠিছে সেইবিলাক মই অতি ক্ষীণভাৱেহে প্ৰকাশ কৰিব পাৰিছোঁ৷ কিন্তু মই ক'ব পৰা কোনো কথাই মোৰ সকলোখিনি ভাব সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব পৰা নাই। মই তোমালোকৰ, গাইপতি আৰু সমজুৱাকৈ, মঙ্গল কামনা কৰিছোঁ। আজি তোমালোকক এৰি যাবলৈ ওলাওঁতে মোৰ অনুভৱ হৈছে যে আজি মই মোৰ জীৱনৰ যিটো সৰ্ব্বোৎকৃষ্ট কাৰ্য্য তাকে এৰি যাবলৈ ওলাইছোঁ। মোৰ বিশ্বাস, তোমালোকৰ কোনোকোনোক মই অন্যান্য কৰ্মক্ষেত্ৰত সঙ্গীস্বৰূপে পাম, আৰু এই কলেজতে মাজে-মাজে আমি সকলোৱে দেখা-শুনা কৰিম। ঈশ্বৰে এই কলেজৰ আৰু তোমালোক সকলোৰে মঙ্গল কৰক।”—
ইংৰাজীৰ পৰা ভাঙনি, অনুবাদক শ্ৰীকৃষ্ণকান্ত সন্দিকৈ। পৰিশিষ্ট ২
স্বৰ্গীয় গোলোককান্ত বৰদলৈ
মহামতি গোপালকৃষ্ণ গোখলেৰ চমু জীৱন-চৰিতখনি লিখকৰ লৰাকালৰ বন্ধু স্বগীয় গোলোককান্ত বৰদলৈৰ নামত উচৰ্গা কৰা হৈছে। এওঁৰ বিষয়ে বৰ্তমানে অনেকে নাজানে। তেওঁ আছিল সুপ্ৰসিদ্ধ উপন্যাসিক ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াৰ প্ৰথম পুত্ৰ বৰদলৈ ডাঙৰীয়া ১৯০২-০৩ চনত নগাৱত মুঞ্চিপ হৈ থকা কালত গোলোক আৰু মই তাৰ হাইস্কুলৰ চেভেন্থ ক্লাচত (বৰ্ত্তমান চতুৰ্থমান) একেলগে পঢ়োঁ। গোলোকৰ মাতৃদেৱী আছিল গুৱাহাটী উজানবজাৰ নিবাসী কলীয়া বৰদলৈৰ ঘৰৰ জয়নাথ বৰদলৈৰ কন্যা স্বৰ্গীয়া স্বৰ্ণময়ী দেবী। মোব মাতৃ জীয়াৰী কালত উগ্ৰতাৰাৰ ওচৰত থকা ঘৰত ককায়েকৰ লগত আছিল। স্বৰ্গীয়া স্বৰ্ণময়ী দেবী আৰু মোব মাতৃ দুয়ো নোওৱা-ধোওৱা সখী আছিল। মোৰ স্বৰ্গীয়া জননীৰ সখীয়েকৰ সন্তান বুলি গোলোকক মই মোৰ সহোদৰৰ ঘৰে মৰম কবিছিলোঁ। নিৰ্ম্মালিৰ “মাতৃ-লগৰী" কবিতাত এই ভাবৰ ছাঁ পৰিছে।
বৰদলৈ ডাঙৰীয়া গুৱাহাটী, মঙ্গলদৈ, তেজপুৰ আক শিলচৰত কাম কৰি থকা অৱস্থাত মই ছিলঙ্গত আছিলোঁ। তেতিয়া গোলোকৰে সৈতে ঘনাই চিঠি-পত্ৰ দিয়া-দি কৰিছিলো। গোলোকৰ চিঠিবোৰত উচ্চ অভিলাষ আৰু দেশপ্ৰেম ভালকৈ ফুটি ওলাইছিল। সেই সময়ত গোলোকৰ মনত এটি বৈৰাগ্য ভাবৰ জন্ম হয়, সংসাৰত যেন সকলো মিছা, সংসাৰ যেন অকল দুখৰহে ঠাই। ১৯০৮ চনৰ ডিচেম্বৰ মাহত ভায়েক বাবুলীৰ মৃত্যু হোৱাত এই বৈৰাগ্যভাব আৰু ঘনীভূত হয়। নিৰ্ম্মালিৰ অন্তৰ্গত ‘সুখ-দুখ’ আৰু ‘নিচুকনি’ এই দুটি কবিতা লিখি মই গোলোকক নিলগৰ পৰা সান্ত্বনা দিবলৈ চেষ্টা কৰিছিলোঁ। সেই কালৰ মনৰ অৱস্থা আঁকি তেওঁ 'কমল-ভকত' নামে এখন উপন্যাস লিখিছিল। এই বিষয়ে তেওঁ ১৯০৯ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখৰ চিঠিত লিখিছিল,— “কমল আগেয়ে কেনেকুৱা আছিল আৰু সংসাৰৰ প্ৰতি তেওঁৰ কিয় বীতৰাগ জন্মিল, এইবিলাক দেখুৱাবৰ নিমিত্তে মই যত্ন কৰিছোঁ। গোটেইটো কথা বুৰঞ্জীৰ ওপৰত ভেটি কৰিছোঁ। কমলৰ লৰাকালৰ দুজন অতি মৰমৰ বন্ধু আছিল, এজনৰ নাম বদনচন্দ্ৰ আৰু ইজনৰ নাম মণিৰাম।” এই বদনচন্দ্ৰই বুৰঞ্জীৰ বিখ্যাত মান-অনা বদনচন্দ্ৰ বৰফুকন।
১৯০৯ চনত আমি দুয়ো এণ্ট্ৰেচ পৰীক্ষাত (বৰ্তমান মেট্ৰিকুলেচন) উত্তীৰ্ণ হওঁ। গোলোকে এটা বৃত্তি পাই কলিকতাৰ স্কটিচ চাৰ্চ্চ কলেজত পঢ়ি তাৰ পৰা ১৯১১ চনত আই-এ পৰীক্ষা দিয়ে, আৰু পৰীক্ষাৰ অন্তত দেউতাকে তেতিয়া কাম কৰা ঠাই নগাঁৱলৈ আহে। ময়ো পৰীক্ষা দি তেতিয়া নিজা ঘৰ নগাঁৱত আছিলোঁ। সেই সংক্ষিপ্ত কালছোৱাত আমি দেশসেৱাৰ বিবিধ কল্পনা কৰিছিলোঁ। কিন্তু কালব কি কুটিলা গতি, দিনচেৰেকৰ অসুখ ভুগি গোলোকে পিতৃ-মাতৃ ভাই-ভনী বন্ধু-বান্ধৱ সকলোকে কন্দুৱাই ইহলীলা সম্বৰণ কৰে! তেতিয়া তেওঁৰ বয়স আছিল ওঠৰ বছৰ। মৃত্যুব কেইদিনমানৰ পাচত বাতৰি পোৱা গ'ল যে তেওঁ প্ৰথম বিভাগত আই-এ পৰীক্ষা পাচ কৰিছে।
সমাপ্ত
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )
- ↑ "Mr. Gandhi is one of those men, who living an austerely simple life themselves and devoted to all the highest principles of love to their fellow beings and to truth and justice,, touch the eyes of their weaker brethren as with magic, and give them a new vision. He is a man who may be well described as a man among men, a hero among heroes, patriot among patriots, and we may well say that is him, Indian humanity at the present time has really reached its high-watermark.” Mr. Gokhale.