সমললৈ যাওক

মহাবীৰ

ৱিকিউৎসৰ পৰা
 

মহাবীৰ

 

হেম বৰুৱা

MAHABEER, Written by Mr. Hem Baruah, Hojai and published by M/s Manash Printers, Guwahati and Printed at Abhiruchi Prakashan Pvt. Ltd., M. C. Road, Guwahati - 781003. Price : Rs. Six only.


প্ৰথম প্ৰকাশ :
১ ফেব্ৰুৱাৰী, ১৯৯৩ ইং


প্ৰকাশক :
মানস প্ৰিন্টাৰ্ছ
গুৱাহাটী


© লিখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত
মূল্য : ৬.০০ টকা মাত্ৰ


ছপা :
অভিৰুচি প্ৰকাশন প্ৰাইভেট লিমিটেড,
এম, চি, ৰোড, গুৱাহাটী — ৭৮১০০৩

 
মৰমৰ,

অকণিহঁতলৈ

 

হেম বৰুৱা

 

মহাবীৰ

বালীবীৰ বলীবীৰ
অৰ্দ্ধ হনুমান
নহবও নুপজিবও কৰ্ণৰ সমান।


 এইজনেই আছিল কুৰুক্ষেত্ৰ ৰণৰ মহান যোদ্ধা কৌৰৱৰ অন্যতম সেনাপতি। ভাগ্যৰ কি বিৰম্বনা এনেহেন মহাবীৰ গৰাকী যথা সময়ত সকলোখিনি হেৰুৱাই নিয়তিৰ ৰোসত পৰি কৰুণভাবে পাৰ্থিৱ জীবন হেৰুৱালে। অকনিহঁত তোমালোকে আগলৈ এইজনা মহান বীৰৰ বিষয়ে ভালকৈ অধ্যয়ন কৰিলে জানিব পাৰিবা এওঁ কিমান মহান আছিল। সেই কালত ক্ষত্ৰীয় ধৰ্ম্মমতে বীৰ হোৱাটো মহান গৌৰৱৰ বিষয় আছিল। ক্ষত্ৰীয় ধৰ্ম্ম মতে সন্মুখ সমৰত সমযোদ্ধাৰ সতে নিজৰ পটুতাৰে শেষ মূহুৰ্ত্তলৈকে ন্যায় যুদ্ধ কৰি শেষহৈ যোৱাটো কম গৌৰৱৰ কথা নাছিল।

 মহাবীৰ কৰ্ণৰ জন্ম বৃত্তান্ত বৰ ৰহস্যপূৰ্ণ। এই কথা বৰ্ণনা কৰিবলৈ গলে বহুত কথাৰ বকলা মেলিব লাগিব। আগলৈ এইবোৰ কথা নিশ্চয় জানিব পাৰিবাহঁক। আচলতে কৰ্ণ পঞ্চপাণ্ডৱৰে ডাঙৰ ককায়েক আছিল। কিন্তু কেচুৱাকালতে মাতৃ কুন্তীদেবীয়ে কৰ্ণক নৈতউটুৱাই দিছিল আৰু ভাগ্যক্ৰমে অধিৰথ নামে এজন সাধাৰণ ৰাজ কৰ্ম্মচাৰী পাই আথেবেথে তুলি নি তেওঁৰ পত্নী ৰাধাৰ হাতত দিলেগৈ। অপুত্ৰক সেই দম্পতিয়ে ঈশ্বৰৰ দান বুলি সেই সন্তানক নিজৰ বুলি লালন পালন কৰিবলৈ ললে। শ্ৰীকৃষ্ণ যেনেকৈ দৌৱকীৰ সন্তান হৈও ভাগ্যৰ ফেৰত যশোদাই ডাঙৰ দীঘল কৰাত যশোদা মাকৰ নিছিনা আছিল ঠিক তেনেকৈয়ে কৰ্ণ জন্মদাত্ৰী মাকৰ মৰমৰ পৰা বঞ্চিত হৈছিল যদিও মাতৃৰ দৰে সকলো খিনি ৰাধাৰ পৰা পাইছিল। কৰ্ণ হৈ পৰিছিল ৰাধা আৰু অধিৰথৰ হিয়াৰ মাণিক। সেই কালত সমাজত উচ্চ-নীচৰ প্ৰভেদ বৰ আছিল। আজি কালিও অৱশ্যে অজ্ঞান সমাজৰ মাজত বৰ্ত্তি আছে। অধিৰথ আছিল জাতত তলখাপৰ আৰু সাধাৰণ ৰাজকৰ্ম্মচাৰী। সেয়ে উচ্চ সমাজৰ লগত সমানে উঠাবহা কৰাটো তেওঁৰ বাবে সপোনৰ নিছিনা আছিল। পালিত পুত্ৰ কৰ্ণ দিনে দিনে ডাঙৰ হবলৈ ধৰিলে। বলবীৰ্য্য বুৰ্দ্ধিত লগৰীয়া সকলৰ কাৰো সতে তল নাছিল। লগৰ সমনীয়াৰ মাজত মাজে মাজে তেওঁ যে সমগোত্ৰী নহয় তাৰ চৰ্চ্চা হয়। অবিবেচক পিতৃ মাতৃৰ মাজত চলা পৰচৰ্চ্চা কথাবোৰ সন্তানৰ ক্ষেত্ৰত যে অপকাৰী সেই বিষয়ে আমাৰ কেইজনে চিন্তা কৰে। কোন ডাঙৰ কোন সৰু এইবোৰ কথাৰ জানো মূল্য আছে। নিজৰ কৰ্ত্তব্যৰ গুণৰ বলত মানুহ সৰু ডাঙৰ হব পাৰে। গুণৰ বাবে এজন মানুহ সমাজৰ তলখাপত জন্মিলেও মহান হব পাৰে। লগৰ লগৰীয়াই যেই কোনো বেয়া পোৱা কথা পৰস্পৰ বিপক্ষে কোৱাটো যুগুত নহয়। কৰ্ণই লগৰ সমনীয়াই তেওঁৰ বিষয়ে কোৱা কথাবোৰত বৰ আঘাট পায়। তেওঁ যে কোনো ৰাজ পৰিয়ালৰ নহয় বা উচ্চ জাতিৰ নহয় সেই কথাই বাৰে বাৰে তেওঁৰ অন্তৰত খুন্দিয়াবলৈ ধৰিলে। মনতে দৃঢ় সংকল্প কৰিলে এজন বীৰ হবলৈ। কিন্তু এই বীৰ হবলৈতো শিক্ষা লাগিব। শিক্ষা এতিয়া অধিৰথৰ পুত্ৰক কোনে দিব পুত্ৰৰ আকোৰগোজ মনোভাৱ। তেতিয়া অধিৰথে মহাৰাজ ধৃতৰাষ্টলৈ এখন পত্ৰ দি কৰ্ণক হস্তিনাপুৰলৈ পঠিয়ালে। মহাৰাজ ধৃতৰাষ্ট্ৰই কৰ্ণক কুলগুৰু দ্ৰোণচাৰ্য্যৰ ওচৰলৈ পঠালে। দ্ৰোণচাৰ্য্যই কৰ্ণৰ পিতৃ পৰিচয় পাই তেওঁ যে ৰাজপুত্ৰ বা ক্ষত্ৰীয় নহয় কাৰণে যুদ্ধ শিক্ষা দিবলৈ অপৰাগতা প্ৰকাশ কৰিলে। কৰ্ণই মনত বৰ দুখ পালে। কৰ্ণৰ লেখিয়াকৈ আন এজন নাম গোত্ৰহীন বংশত জন্ম লাভ কৰা ডেকাৰ ভাগ্যতো সেয়ে ঘটিছিল। বহুত আশাৰে যুদ্ধ শিক্ষা লবলৈ আহি কুলগুৰু দ্ৰোণচাৰ্য্যৰ ওচৰত বিমূখ হৈছিল। তেওঁৰ নাম আছিল একলব্য। কিন্তু একলব্যই দ্ৰোণকে মনেচিত্তে গুৰু বৰণ কৰি একাগ্ৰতাৰে যুদ্ধ শিক্ষা আহৰণ কৰিলে। ভাগ্য প্ৰসন্নহৈ একলব্যক দ্ৰোণাচাৰ্য্যৰ অগোচৰত তেওঁ দান দিয়া সকলো খিনি শিক্ষাই আয়ত্ব কৰিব পৰা কৰিছিল।কিন্তু দ্ৰোণচাৰ্য্যই এদিন একলব্যই তেওঁৰ প্ৰতিমূৰ্ত্তিক আগত ৰাখি গ্ৰহণ কৰা শিক্ষাৰ বাবে গুৰুমাননী বিচাৰি আহিল। আচলতে সেই সময়ত তথাকথিত সম্ভ্ৰান্ত শ্ৰেণীটোৱে দলিত শ্ৰেণীটোৰ উত্থান একেবাৰে সহ্য কৰিব নোৱাৰিছিল। তেওঁলোকৰ পদদলিত শ্ৰেণীটোৰ উন্নতি সহ্য কৰিব নোৱাৰিছিল আৰু এইটো মৰ্য্যাদাৰ প্ৰশ্ন বুলি ধৰিছিল। দ্ৰোণচাৰ্য্য হ’ল কুল গুৰু। তেওঁ শিক্ষা দিয়ে ৰাজকুমাৰক। সেই ৰাজকুমাৰতকৈ এজন অন্য সমাজৰ ডেকাই যদি বেছি পটুত হয় তেনেহলে তেওঁৰ নাম ক'ত থাকিব। সেয়ে দক্ষ একলব্যৰ সোঁ হাতৰ বুঢ়া আঙুলিটো গুৰু দক্ষিণা হিচাবে গ্ৰহণ কৰিলে। একলব্যইও এজন সাৰ্থক শিষ্যৰ আচৰণৰে গুৰু দক্ষিণা সাধিলে। এইবোৰ কথাৰ বাবে কৰ্ণই পেটে পেটে অৱশ্যে দ্ৰোণচাৰ্য্যৰ প্ৰতি ভাল ভাৱ নাছিল। গতিকে যি কোনো প্ৰকাৰে দ্ৰোণাচাৰ্য্যৰ গুৰু পৰশুৰামৰ ওচৰত শিক্ষা লবলৈ ঠিৰাং কৰিলে। এবাৰ সাপে খালে লেজুলৈকে ভয়। এবাৰ এজনৰ ওচৰত নিজৰ পিতৃ পৰিচয় দি ঘাটি খাইছে যেতিয়া পৰশুৰামৰ ওচৰত সেই একেটা ভুলকে নকৰে। দেখা শুনাত তেজশ্ৰী কৰ্ণক দেখি পৰশুৰামে ব্ৰাহ্মণ সন্তান বুলিয়ে বিশ্বাস কৰিলে। কৰ্ণই ভাৱিছিল নিজ কুলৰ বাহিৰে আন জাতিৰ সন্তানক পৰশুৰামে শিক্ষা নিদিয়ে। সেয়ে তেওঁ হৈ পৰিল ব্ৰাহ্মণ সন্তান। যিকোনো শিক্ষা এবাৰ দিয়াৰ পাচত দ্বিতীয়বাৰ দিব নেলাগে। গুৰুৰ শিক্ষা তপাতপ কৰ্ণই আয়ত্ব কৰিলে। পৰশুৰামে বৰ সন্তোষ লভিলে। এজন প্ৰিয় শিষ্য হিচাপে তেওঁৰ আয়ত্বৰ সকলোখিনি শিক্ষাকে কৰ্ণক দিলে। কিন্তু ভাগ্যই কৰ্ণক লগ নেৰিলে। এদিনাখন গুৰু পৰশুৰামে এজোপা গচৰ তলত বিশ্ৰাম লওঁতে কৰ্ণৰ কোলাতে মূৰ থই নিদ্ৰা গ'ল। কিছু সময়ৰ পাচত এটা ব্ৰজকীটে কৰ্ণৰ কৰঙত কামুৰি মঙহৰ ভিতৰত প্ৰবেশ কৰি প্ৰচণ্ড আঘাট দিবলৈ ধৰিলে, ইফালে তেজে তুমুৰলি দিলে, গুৰুও গভীৰ নিদ্ৰাত কিজানি গুৰুক বিশ্ৰামত ব্যাঘাট জন্মালে অসন্তোষ্টই হয় ইয়াকে ভাৱি কৰ্ণই অতি ধৰ্য্যৰে তেনেকৈয়ে থাকিল। কিন্তু গুৰুৱে সাৰ পাই যেতিয়া দেখিলে কৰ্ণৰ অৱস্থা কাহিল। অত ৰক্তক্ষৰণটো এই বালক কেনেকৈ স্থিৰ হৈ থাকিব পাৰে ইমান যান্ত্ৰণা সহ্য কৰিব পৰা শক্তি কৰ পৰা পালে। কৰ্ণই সম্ভ্ৰমেৰে গুৰুক জনালে— তেওঁৰ টোপনি যোৱাৰ বাবেই জগাবলৈ বেয়া পালে। গতিকে সহি সামৰি নিদ্ৰা পূৰ নোহোৱালৈকে তেনেদৰে থাকিল। গুৰু পৰশু ৰাম স্তম্ভিত হ'ল আৰু লগে লগে প্ৰশ্ন কৰিলে আচলতে কৰ্ণ ব্ৰাহ্মণৰ সন্তান হয়নে নহয়। কৰ্ণই তেতিয়া গুৰুৰ ওচৰত তেওঁৰ পৰিচয় দিলে ব্ৰাহ্মণৰ সন্তানৰ বাহিৰে অন্য সন্তানক শিক্ষা নিদিয়ে বুলি ভাৱিয়েই গুৰুৰ ওচৰত মিচাঁ মাতিছিল বুলি কয়। কৰ্ণৰ এই প্ৰতাৰণাক গুৰু পৰশুৰামে অত্যন্ত দুখ পালে। যিজন শিষ্যক পৰম আগ্ৰহেৰে তেওঁৰ সকলো শিক্ষা দান কৰিছিল সেইজন শিষ্যই যে ইমান চালনা কৰিব পাৰে তাক তেওঁ কোনো দিন কামনা কৰা নাছিল। মিথাবাদী কৰ্ণক ততালিকে আশ্ৰম ত্যাগ কৰিবলৈ কয় আৰু মিচাঁ কথা কৈ গুৰুৰ ওচৰত শিক্ষা লোৱাৰ বাবে অভিশাপ দিলে সকলো পাহৰি যাবলৈ। কৰ্ণৰ হীনমন্যতাৰ বাবেই এনে ঘটিল— কিয়নো গুৰু পৰশুৰামে অনা ব্ৰাহ্মণকো শিক্ষা দান দিছিল। গুৰুৰ ওচৰত প্ৰথমেই সঁচা কই শিষ্যত্ব লাভ কৰা হলে কৰ্ণৰ এনে অৱস্থা কেতিয়াও নহয়। সেই সময়ত দোষ কৰিলে শাস্তি ভোগাৰো নিয়ম। সেয়েহে গুৰুৰ এই শাওপাত ভাগ্যৰে দিহা বুলি কৰ্ণই ললে। কিন্তু বিধিৰ বিধান কেতিয়াও খণ্ডন নহয়। কৰ্ণৰ ভাগ্যতো সেয়ে ঘটিল। হাবিতলীয়া বাটেৰে আহি থাকোঁতে দূৰৈত এটি হৰিণ চৰি থকা যেন দেখা পালে আৰু লগে লগে ধনুকাড় এৰিলে। সেই অব্যৰ্থ লক্ষত চিকাৰ হল এগৰাকী মুণিৰ এজনী গাই। মুণিয়ে খঙৰ ভমকত একো নাই হৈ কৰ্ণক অভিশাপ দিলে। ‘নৰাধম অহঙ্কাৰত মত্ত হৈ নিজৰ বীৰত্ব দেখুৱাই মোৰ পোহনীয়া গাইজনী বধিলি। তই ইয়াৰ প্ৰতিফল নিশ্চয় পাবি। যুদ্ধক্ষেত্ৰত তোৰ ৰথৰ চকৰি পৃথিবীয়ে গ্ৰাস কৰিব আৰু তেতিয়াই জানিবি তোৰ কাল ওচৰ চাপিল। অগ্নিহোত্ৰী মুণিৰ শাপ অথলে নেযায়। কৰ্ণই কাকূতি মিনতি কৰাত মুণিয়ে তাৰ পৰিত্ৰাণ পাবলৈ দান ধৰ্ম্ম কৰিবলৈ উপদেশ দিয়ে। অৱশ্যে মুণিৰ উপদেশ কৰ্ণই আখৰে আখৰে পালন কৰিছিল। দানৰ ক্ষেত্ৰত নিজৰ জীৱনৰ অমূল্য সম্পদো কৰ্ণই হেলাৰঙে দিবলৈ কুণ্ঠাবোধ নকৰা উদাহৰণ আছে। এবাৰ শ্ৰীকৃষ্ণই তেওঁৰ দানৰ প্ৰমাণ চাবলৈ ছদ্মবেশেৰে অঙ্গৰাজ্যত প্ৰৱেশ কৰিলেগৈ। দুৱৰীয়ে ৰাজঅন্তেষ পূৰত থকা কৰ্ণক জনালে যে এজন বৃদ্ধ ব্ৰাহ্মণে তেওঁক দেখা কৰিব খোজে। লগে লগে কৰ্ণ ওলাই আহি সেই ব্ৰাহ্মণক দেখা কৰিলে আৰু আথেবেথে ভৰিহাত ধূৱাই আসনত বহুৱাই আগমনৰ উদ্দেশ্য শুধিলে। ছদ্মবেশী ব্ৰাহ্মণে কলে। ‘মহাৰাজ মই আজি তিনিদিন একো খোৱা নাই। সেয়ে তোমাৰ ৰাণীৰ হাতে ৰন্ধা খাবলৈ ইচ্ছা কৰিছো।’ কৰ্ণই অতি আনন্দেৰে সন্মত হ'ল। কিন্তু ব্ৰাহ্মণে ভোজনৰ তালিকাত দিলে তেওঁৰ আদৰৰ পুত্ৰ বৃষকেতুক হাঁহি হাঁহি কৰতেৰে কাটি সেই মাংস ৰান্ধি খাবলৈ দিব লাগিব নহলে আন দ্ৰব্য গ্ৰহণ নকৰে। কৰ্ণ সেই আচম্বিত প্ৰস্তাৱত বিবুদ্ধি হ'ল। কৰ্ণৰ অৱস্থা দেখি ব্ৰাহ্মণে পুনৰ মাত লগালে। ‘কৰ্ণ তুমি যদি তোমাৰ বচন ৰাখিব নোৱাৰা তেনেহলে ম‍ই বিদায় মাগো।’ কৰ্ণই তেতিয়া ব্ৰাহ্মণক বিমুখ নকৰে বুলি কথা দিলে আৰু যেনে ইচ্ছা তেনেকৈয়ে কৰা হব বুলি ব্ৰাহ্মণৰ ওচৰত ব্যক্ত কৰিলে। ৰাণীৰ হৃদয় ফাটি গলেও দুয়ো লগ লাগি বৃষকেতুক কৰতেৰে কাটি সেই মাংসৰ ব্যঞ্জন প্ৰস্তুত কৰি ব্ৰাহ্মণক খাবলৈ দিলে। খোৱাৰ পাটত বহি ব্ৰাহ্মণে তেওঁৰ পুত্ৰকো খাবলৈ মাতিবলৈ কোৱাত কৰ্ণই ইহসংসাৰত নথকা তেওঁৰ পুত্ৰক আকৌ কেনেকৈ ব্ৰাহ্মণৰ সতে খাবলৈ আহিব বুলি প্ৰশ্ন কৰাত ব্ৰাহ্মণে তেতিয়া লৰাটোৰ নাম কাঢ়ি মাতিবলৈ কলে। কৰ্ণই নিৰূপাই হৈ তেনেকৈ বৃষকেতু বুলি মাতিবলৈ ললে আৰু সচাঁকৈয়ে বৃষকেতু কৰ্ণৰ আগত সুস্থ শৰীৰে উপস্থিত হলহি। তেতিয়া ব্ৰাহ্মণৰূপী শ্ৰীকৃষ্ণই নিজৰ ৰূপ ধাৰণ কৰি কৰ্ণক প্ৰসংশা কৰিলে। কৰ্ণ যে মহাদানী তাক প্ৰমাণ চাবৰ বাবেই তেনে কৰিছিল বুলি কয়। সেই দিনাৰ পৰা কৰ্ণক দাতাকৰ্ণ বুলি জানিব বুলি কয় আৰু পৃথিবীত আৰু দ্বিতীয় এজন কৰ্ণৰ দৰে মহাদানী নোলাব বুলি মন্তব্য কৰে আৰু কৰ্ণক আশীষ জনাই বিদায় লয়।

 আকৌ এবাৰ— এই দাতা গুণৰ বাবে কৰ্ণ জালত পৰে। এই দানে কৰ্ণক এক অনিশ্চিত ভয়াবহ কাললৈ গতি কৰালে। পত্নী পদ্মাই কিন্তু সেইদিনা ঘৰৰ বাহিৰ নহবলৈ অনেক কাকুতি মিনতি কৰিছিল। আগৰাতি সপোনত দেখা এক ভয়াবহ প্ৰতিছৱি তেওঁৰ মনলৈ বাৰে বাৰে আহিছিল। পত্নী হিচাপে তেওঁ কৰ্ণক অনেক

8 বুজালে। কিন্তু কৰ্ণৰ সেই কথা তিৰুতাৰ আবেগ প্ৰৱণ বুলি গুৰুত্ব নিদিলে। দুৱৰীয়ে খবৰ দিয়াৰ লগে লগে ৰাজ চ'ৰাত থিয় দিয়া এগৰাকী ব্ৰাহ্মণক দেখা কৰিলেগৈ আৰু ব্ৰাহ্মণৰ আগমণৰ কাৰণ জনাবলৈ নিবেদন জনালে। ছদ্মবেশী ব্ৰাহ্মণে কলে ‘কৰ্ণ তুমিতো মহাদানী বুলি সৰ্ব্বজ্ঞাত, গতিকে ম‍ই এটি বস্তু বিচাৰি তোমাৰ কাষ চাপিছোঁ দিবানে নিদিয়া কোৱা।’ কৰ্ণই অতি সন্তোসেৰে যি দান মাগে তাকে দিবলৈ কথা দিলে। ব্ৰাহ্মণে হাঁহি হাঁহি কলে মই জানো তুমি তোমাৰ বচন লৰচৰ নকৰা— ‘তেন্তে শুনা মোক তোমাৰ ৰক্ষা কৱচটো দিয়া’। কৰ্ণৰ তেতিয়া পত্নী পদ্মাৰ সকিয়নিলৈ মনত পৰিল। তেওঁ জানে এই কৱচ দিয়া মানে তেওঁৰ মৃত্যু অনিবাৰ্য্য। তথাপি দিবই লাগিব। ব্ৰাহ্মণে কৰ্ণৰ সন্দেহৰ কথা জানি কলে ‘তুমি চিন্তা কৰিব নেলাগে। তোমাৰ শৰীৰৰ পৰা কৱচটো এৰাই অহাৰ ম‍ই ব্যৱস্থা কৰিছোঁ। সচাকৈয়ে ব্ৰাহ্মণৰ কথামতে কৰ্ণৰ শৰীৰৰ পৰা অনায়সে কৱচটো এৰাই গ'ল আৰু সেইটো ব্ৰাহ্মণৰ হাতত তুলি দিলে। সেই ছদ্মবেশী ইন্দ্ৰই কৰ্ণক এপাত অস্ত্ৰ দান দি আশীৰবাদ দিলে। এই অস্ত্ৰৰ নাম একাঘ্নী অস্ত্ৰ যাৰ উদ্যেশ্যে এই অস্ত্ৰ প্ৰয়োগ কৰিব সি কেতিয়াও বিফল নহয়। কণই এইপাত অস্ত্ৰকে অৰ্জুনৰ কাৰণে সাঁচি থলে কিন্তু সময়ত সেয়া সঠিক ঠাইত প্ৰয়োগ নহ'ল।

 জন্ম ৰহস্যৰ পৰা আৰম্ভ কৰি এটি এটিকৈ ঘটি যোৱা ঘটনাবোৰে কৰ্ণৰ জীৱনত গভীৰভাৱে ৰেখাপাত কৰিলে। তেওঁৰ বাবে ঘটা প্ৰতিটো ঘটনাই যেন তেওঁৰ জীৱনৰ চিৰত্নন লগৰী। এই বোৰ ঘটনা নঘটা হ'লে যেন কৰ্ণৰ জীৱনৰো কোনো মূল্য নাছিল। জীৱনৰ সকলো অভিজ্ঞতা লভি কৰ্ণ এজন সাৰ্থক পুৰুষ হোৱা স্বত্বেও তেওঁৰ অন্তৰ কাহানিও মুকলি নাছিল। এই দুঃচিন্তাইও তেওঁৰ জীৱনৰ কাল হল বুলিব পাৰি।

 কৌৰৱ পাণ্ডবেও গুৰুৰ ওচৰত শিক্ষা সাং কৰি হস্তিনাপুৰ পালেহি। আজি কালি যেনেকৈ কোনো প্ৰতিযোগিতাত অংশ কৰিবলৈ অনুশীলন কৰা হয়, তেতিয়াৰ দিনতো গুৰুৰ ওচৰত আহৰণ কৰা যুদ্ধ কৌশল সমূহৰ প্ৰয়োগিক ব্যৱহাৰ সমূহৰ আখৰা কৰা হয়। ইয়াত শিক্ষাৰ্থী সকলৰ পৰস্পৰৰ মাজত অস্ত্ৰ পৰিচালনৰে যুদ্ধৰ আখৰা হয়। কোন পাকৈত কোন অপাকৈত সেইটো ধৰা পৰে। হস্তিনাপুৰতো কৌৰৱ পাণ্ডৱৰ মাজত এই অস্ত্ৰচালনাৰ আখৰা ধুমধামেৰে আয়োজন হয়। এই উৎসৱত কুল গুৰু দ্ৰোণচাৰ্য্য নিজে উপস্থিত থাকি এই আখৰা পৰিচলনা কৰে। সেই উৎসৱলৈ কৰ্ণও আহিছিল। কৌৰৱ পাণ্ডৱৰ ৰণ কৌশল চাই বীৰ কৰ্ণৰ মনটো লিক্‌কিলাই গ'ল। কিয়নো তেওঁ শ্ৰেষ্ঠ গুৰুৰ ওচৰত শিক্ষা লই আহিছে। তেওঁৰ গুৰু হ’ল পঞ্চপাণ্ডৱৰ গুৰুৰ গুৰু। তেওঁ মনতে ধনুদ্ধৰ অৰ্জুৰ্ণৰ সতে এবাৰ যুঁজিবলৈ বৰ মন কৰিলে। সেই যুঁজত তেওঁ অৰ্জুণক পৰাস্ত কৰি সভাসদক তেওঁৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিবলে বৰ ইচ্ছা গ'ল। সেই বুলি নিজকে অৰ্জুনৰ প্ৰতিদ্বন্দী বুলি ঘোষণা কৰি অৰ্জুণৰ সতে ধনু যুদ্ধ কৰিবলৈ ওলাল। অজুন শ্ৰেষ্ঠ ধনুৰ্বিদ বুলি পৰিচিত হোৱাটো কৰ্ণৰ বাবে অসহ্যকৰ আছিল। অৰ্জুণৰ প্ৰতি থকা ইৰ্ষাই কৰ্ণক খুলি খুলি খাইছিল। মুঠৰ ওপৰত অৰ্জুণ কেতিয়াও তেওঁতকৈ শ্ৰেষ্ঠ হব নোৱাৰে। অৰ্জুণে শিক্ষা লাভ কৰা গুৰুতকৈও শ্ৰেষ্ট গুৰুৰ ওচৰত তেওঁ শিক্ষা লাভ কৰিছে। কিন্তু ৰাজপুত্ৰৰ লগত ৰাজপুত্ৰইহে যুঁজৰ আখৰা কৰিব পাৰিব। এই কথা গুৰু দ্ৰোণাচাৰ্য্যই যেতিয়া ঘোষণা কৰিলে তেতিয়া কৰ্ণ ভেচভেচিয়া হ'ল। মনৰ অদম্য হেপাহ সিমানতে তল পৰিল। কিন্তু পাণ্ডৱ বিদ্বেষী দুৰ্য্যোধনে লগে লগে শিৰত মুকুট পিন্ধাই অঙ্গৰাজ্যৰ ৰজা পাতি কৰ্ণক ৰাজ সন্মান যাঁচিলে। দুৰ্যোধনৰ এই বদান্যতাৰ বাবে কৰ্ণও চিৰদিন দুৰ্য্যোধনৰ বন্ধু হিচাপে থাকিবলৈ প্ৰতিজ্ঞা বদ্ধ হ'ল। সুতপুত্ৰ বুলি সকলোৱে লেই লেই চেই চেই কৰা কৰ্ণই দুৰ্যোধনৰ বাবেই ৰাজ সন্মানৰ ভোগী হব পাৰিলে। দুৰ্যোধনেও পাণ্ডৱৰ প্ৰতি থকা পুঞ্জীভূত বিদ্ধেষ এইজনা মহা বীৰৰ সহযোগত এদিন কামত লগোৱাৰ মানসেৰে কৰ্ণৰ সতে বন্ধুত্ব স্থাপন কৰিলে। কৰ্ণইও প্ৰথমবাৰলৈ অৰ্জুণৰ ওচৰত হাৰ মনাৰ লেখিয়াই হ'ল— কিয়নো গুৰু দ্ৰোণচাৰ্য্যই ইচ্ছা কৰিয়েই তেওঁৰ শিষ্যৰ মাহাত্ম্য কৰ্ণৰ ওচৰত লঘূ কৰিবলৈ নিবিচাৰিলে। পেটে পেটে এই আক্ষেপ কৰ্ণৰ ৰই গ'ল। ইয়াৰ পাচতে দ্ৰৌপদীৰ সয়ম্বৰত যেতিয়া মহা মহা বীৰ সকলে লক্ষ ভেদ শৰ মাৰিব নোৱাৰি বিফল হৈছিল তেতিয়া মহাবীৰ কৰ্ণই সেই লক্ষ ভেদ বান প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি দ্বোপদীক লাভ কৰিবলে আগবাঢ়িল, কিন্তু তেতিয়া দ্বোপদীয়ে কৰ্ণক সুতপুত্ৰ বুলি সেই সয়ম্বৰৰ এজন প্ৰাৰ্থী হিচাপে নাকচ কৰিলে আৰু অৰ্জুনে লক্ষভেদ বান মাৰি দ্ৰৌপদীৰ পাণিপ্ৰাৰ্থী হ'ল। সেই কথাত কৰ্ণই অন্তৰত বৰ আঘাট পালে আৰু অৰ্জুণৰ প্ৰতি থকা বিদ্বেষৰ ভাৱটো আৰু দুগুণে উথলি উঠিল। তেওঁতকৈ অৰ্জুণ কেতিয়াও শ্ৰেষ্ট হব নোৱাৰে সেই কথা কাজে কামে পতিয়ন নিয়াবলৈ দ্বিতীয়বাৰৰ বাবে কৰ্ণ ব্যৰ্থ হ'ল।

 ইফালে প্ৰথম কৌৰৱ দুৰ্যোধনে পিতৃ ধৃতাৰাষ্ট্ৰই বংশৰ জ্যেষ্ঠত্বাৰ ভিত্তিত যুধিষ্ঠিৰক হস্তিনাপুৰৰ সিংহাসনত বহুৱালৈ ওলোৱাত দুৰ্যোধনে দেওদোপাল পাৰিবলে ধৰিলে। মামা শকুনি আহি দুৰ্য্যোধনৰ কাণত ভূত ভৱিষ্যৰ তিতা মিঠা বচন পিন্ধাই থাকিল। এবাৰ যদি কেনেবাকৈ যুধিষ্ঠিৰ হস্তিনাপুৰৰ গাদীত বহিবলৈ পায় তেনেহলে বেচেৰা দুৰ্য্যোধনৰ ৰজা হোৱাৰ ভিকাচন ঘটিব। এনেবোৰ কথাই দুৰ্য্যোধনৰ চকুৰ টোপনি হৰিলে। চলে বলে কৌশলে কেনেকৈ হস্তিনাপুৰৰ সিংহাসন আৰোহণ কৰিব পাৰি তাৰ দিহা মামা শকুনিৰ পৰা গ্ৰহণ কৰিলে। পুত্ৰ স্নেহত অন্ধ ধৃতৰাষ্ট্ৰই কথাটো গমিপিতি চাই দুৰ্য্যোধনক যুধিষ্ঠিৰৰ সলনি হস্তিনাপুৰৰ সিংহাসন দখল কৰিবলৈ মত দিলে। হাজাৰ হওক নিজৰ পুত্ৰক বঞ্চিত কৰিব নোৱাৰি। ভতিজা পুত্ৰ যুধিষ্ঠিৰক বঞ্চিত কৰিলে বুলি কাললৈ খ্যাতি ৰোৱাৰ ভয়ত হস্তিণাপুৰক দুফাল কৰি ইন্দ্ৰপ্ৰস্থৰ শাসনভাৰ যুধিষ্ঠিৰৰ হাতত সমৰ্পিলে। মানুহ দুনুহ নথকা শুকান ইন্দ্ৰপ্ৰস্থক যুধিষ্টিৰ ৰজা হৈয়ে জয় জয় ময় ময় কৰিলে। প্ৰজাবৎসল ৰজা যুধিষ্ঠিৰৰ অধীনত প্ৰজাসকল বৰ সুখে সন্তোষে কাল কটাবলৈ ধৰিলে। আচলতে ইন্দ্ৰপ্ৰস্থ নতুনকৈ গঢ় দিয়া নগৰ। হস্তিনাপুৰ হ'ল পুৰুষে পুৰুষে শাষিত এখন প্ৰতিষ্ঠিত নগৰ। তথাপি মহামতী যুধিষ্ঠিৰ আৰু তেওঁৰ অনুজসকলৰ সহযোগত ইন্দ্ৰপ্ৰস্থক আটক ধুনীয়া নগৰলৈ ৰূপান্তৰ কৰিলে। হিংসুক দুৰ্যোধনে কিন্তু দিনে ৰাতিয়ে যুধিষ্ঠিৰক কেনেকৈ ধ্বংস কৰিব পাৰি তাকেহে আলচি থাকিল। পাণ্ডৱৰ উত্থান দেখি তেওঁ সমূলি সহ্য কৰিব পৰা নাছিল। মামা শকুনিৰ পৰামৰ্শক্ৰমে মহাৰাজ ধৃতাৰাষ্ট্ৰৰ সন্মতি আদায় কৰি এদিন যুধিষ্ঠিৰক পাশাখেললৈ আমন্ত্ৰণ কৰিলে। সেই কালত জ্যেষ্ঠ জনৰ আদেশ পালন কৰাটো মহান কৰ্ত্তব্যৰ ভিতৰত পৰে। তাতে যুধিষ্ঠিৰ হ'ল ধৰ্ম্মভীৰু। বৰদেউতাকৰ কথা কেনেকৈ পেলায়। তাতে তেওঁ এজন পাকৈত পাশা খেলুৱৈ। সেই খেল যে আচলতে এক কুটকৌশলহে আছিল সেই কথা কিন্তু সহজ সৰল যুধিষ্ঠিৰে কেতিয়াও ভৱা নাছিল। খেল যেতিয়া খেলেই। ইয়াত হৰা জিকা থাকিবই। কিন্তু কুট কৌশলী শকুনিয়ে যে কৌশল খটাই তেওঁক সৰ্ব্বনাশ কৰিব সেই কথা সপোনতো ভৱা নাছিল। মানে গোটেই মাধ্যমটোকে কুলষ চিন্তাৰে আবৰি ৰাখিছিল। পাশাখেলত যুধিষ্ঠিৰে পণ কৰি কৰি সকলো হেৰুৱালে। এটি এটিকৈ নিজৰ ৰাজ্য সহোদৰ সকলোৱে শেষ হোৱাত শেষবাৰৰ বাবে পণ দিবলৈ একো নথকাই হ'ল। কিন্তু কৌশলগত ভাৱে খেলা খেলুৱৈ দুৰ্যোধনে শকুনিৰ পৰামৰ্শমতে দ্ৰোপদীক পণ দিবলৈ কয়। সেইমতেই যুধিষ্ঠিৰে দ্বোপদীক পণ দিয়ে আৰু লগে লগে যুৱৰাজ দুঃশাসনে চুলিত ধৰি দ্বোপদীক ৰাজসভা পোৱালেহি। এই কথাত সভাত উপস্থিত ভীস্ম, বিদূৰ আদিয়ে বৰ আঘাট পালে। ইয়াতে ক্ষান্ত নেথাকি ৰাজসভাতে দ্বোপদীৰ বস্ত্ৰ হৰণ কৰিবলৈ দুঃশাসনক আদেশ কৰা হয়। কিন্তু পাণ্ডৱৰ শুভাকাঙ্খী শ্ৰীকৃষ্ণই মায়াৰ বলেৰে দ্বোপদীক সেই অপমানৰ পৰা ৰক্ষা কৰিলে। গেলাত টেঙা দিয়াৰ দৰে সেই ৰাজসভাতে কৰ্ণই দ্বৌপদীৰ প্ৰতি বেয়া মন্তব্য দিবলৈ ধৰিলে। এয়া আন একো নহয় সয়ম্বৰত কৰ্ণক অপমান কৰাৰ পোটক তুলিলে। জ্ঞাণীৰ আচৰণ সদায় কাৰ্য্যত প্ৰমাণিত হয়। এই ক্ষেত্ৰত কৰ্ণ এজন মহাজ্ঞানী হৈও দুষ্টৰ সঙ্গত থাকি মুৰ্খৰ আচৰণ কৰিলে। পাশাখেলত হৰাৰ পাচত পাণ্ডৱ সকল চৈদ্ধবছৰ বনবাস খটাৰ বিধান হল। এই বনবাস খাটি অহাৰ পাচতহে পুনৰ ৰাজ্যলৈ ঘূৰি আহিব পাৰিব। সেইমতে পঞ্চপাণ্ডৱ বনলৈ গল। ৰাজ আনুগ্যতৰ বাবে এই মহা শাস্তিও শিৰ পাতি পঞ্চপাণ্ডৱে ললে। বনবাস খাটিথকা কালছোৱাটো দুৰ্য্যোধনে পঞ্চপাণ্ডৱক নানান উপায়ে বিপৰ্য্যয় ঘটাবলৈ চেষ্টা চলাইছিল, কিন্তু প্ৰতিবাৰতে মুখ থেকেচা খাইছিল।

 বনবাসৰ নিৰ্দ্ধাৰিত কালৰ অন্তত পঞ্চপাণ্ডৱে ৰাজ্য বিচাৰি আহিল। কিন্তু দুৰ্য্যোধনে বিনাযুদ্ধে বেজিৰ আগৰ এচিকটা অংশও এৰি নিদিম বুলি ডাঙ্কোপ মাৰিলে। সিফালে পঞ্চপাণ্ডৱেও যুদ্ধ যে নিশ্চিত কৰিবই লাগিব তাৰ বাবে সাজু হ'ল। পঞ্চপাণ্ডৱৰ হিতকাঙ্খীসকল একগোট হৈ পঞ্চপাণ্ডৱৰ ফলীয়া হৈ যুদ্ধ কৰিবলে সাজু হ'ল। তথাপি মহাজ্ঞানী যুধিষ্ঠিৰে যুদ্ধ নকৰাকৈ এই সংকট আতৰ হয়নেকি তাকে ভাৱি সুহৃদ শ্ৰীকৃষ্ণক দূত হিচাবে হস্তিনাপুৰলৈ পঠালৈ। ইফালে ৰজা ধৃতৰাষ্ট্ৰ পুত্ৰৰ স্নেহত নিমৰ্জিত। মুখ খুলি হা-না একো কব নোৱাৰা অৱস্থা। এফালে ভাতৃ সস্তান পাণ্ডৱৰ প্ৰতিও চেনেহ আছে অনফালে পুত্ৰৰ কথাও লৰাব নোৱাৰা হ'ল। বিদুৰে মন্তীত্ব ত্যাগ কৰি এই যুদ্ধৰ পৰা আতৰ হ'ল। পিতামহ ভীষ্মৰ অৱস্থা দুদ্যোল্যমান এফালে হস্তিনাপুৰ ৰক্ষাৰ নৈতিক কৰ্ত্তব্য আৰু আনফালে অপত্য চেনেহ। মনৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁ যুদ্ধ কৰিবলৈ ওলাল। যুদ্ধ হোৱাটো খাটাং যেতিয়া হ'ল, তেতিয়া গোটেই ভাৰতৰ মহা মহা বীৰসকল নিজৰ নিজৰ সুবিধা অনুযায়ী কৌৰৱ আৰু পাণ্ডৱৰ পক্ষ গ্ৰহণ কৰি যুদ্ধলৈ সাজু হ'ল। সুহৃদয় শ্ৰীকৃষ্ণ পাণ্ডৱৰ ফালে থাকি অস্ত্ৰ নধৰে বুলি প্ৰতিজ্ঞা কৰিলে। তথাপি পঞ্চপাণ্ডৱ তাতে সন্তোষ্ট হ’ল। মহাবীৰ কৰ্ণ দুৰ্য্যোধনৰ ফলীয়া হৈ তেওঁৰ অনুজ পঞ্চ পাণ্ডৱৰ বিপক্ষে যুদ্ধত অৱতীৰ্ণ হ'ল। এইয়ে ভাগ্যৰ লীলা। ইফালে বিধিৰ লিখনৰ বাবেই পিতামহ ভীস্মই দুৰ্য্যোধনৰ ফলীয়া হৈ তেওঁৰ আদৰৰ অপত্য সকলৰ বিপক্ষে ঠিয় হ'ল। যুদ্ধৰ পৰিণতি কি হব সেই কথা ভীস্মই আগতেই জানিছিল। তেওঁ মাথো কৰ্ত্তব্যহে পালন কৰিছিল। যুদ্ধৰ আয়োজন যেতিয়া হ'ল তেতিয়া মাতৃ কুন্তীদেৱীৰ অন্তৰ খুন্দিয়াবলৈ ধৰিলে। ভাগ্য চকৰিত পৰি আজি তেওঁৰ জ্যেষ্ঠ পুত্ৰই তেওঁৰ অনুজ পঞ্চ পাণ্ডৱৰ বিপক্ষে ঠিয় দিছে। কৰ্ণ মহাবীৰ বুলি মাতৃ কুন্তীয়ে হৃদয়ঙ্গম কৰি লৈছিল। ইয়াৰ পৰিনামৰ কথা চিন্তা কৰি মাতৃৰ হৃদয় হাঁহাকাৰ কৰিলে। গতিকে এদিন প্ৰত্যুষতে গঙ্গাৰ পাৰলৈ যাই কৰ্ণক লগ ধৰি তেওঁৰ জন্ম বৃত্তান্ত বেকত কৰি বুজাবলৈ ধৰিলে তেওঁ যেন পঞ্চপাণ্ডৱৰ ফলীয়াহৈ যুদ্ধ কৰে। কিন্তু নীতি বিদ কৰ্ণই মাতৃৰ সেই প্ৰস্তাৱ মানিবলৈ অপাৰগতা প্ৰকাশ কৰিলে। মাতৃক অতদিনৰ মূৰত পাইও কৰ্ণই মাতৃৰ বচন ৰাখিব নোৱৰাত মণত গভীৰ আঘাট পাইছে যদিও মিত্ৰ দুৰ্য্যোধনক প্ৰতৰণা কৰাৰ সংকল্প কেতিয়াও কৰিব নোৱাৰে বুলি মাতৃ কুন্তীক জনালে। তেওঁৰ ভাগ্যত যি আছে তাকে হব। মাতৃ থকাটো তেওঁ যেতিয়া মাতৃত্ব মৰম নেপালে এতিয়া সেই মাতৃত্ব চেনেহে টলাব নোৱাৰে। তেওঁ ৰাধাপুত্ৰ বুলিয়েই পৰিচিত হৈ ৰওক তাকে কামনা কৰিলে। যিজন দুৰ্য্যোধনে এদিন ৰাজসভাত অপমাণিত হওঁতে কৰ্ণক ৰাজমুকুত পিন্ধাই ৰাজসন্মানেৰে বিভূশিত কৰিলে তেনেজন সুহৃদক কেতিয়াও তেওঁ এৰি স্বাৰ্থপৰ হব নোৱাৰে। কাললৈ কৰ্ণৰ নাম মানুহে ভৰিৰে মোহাৰিব। কৰ্ণৰ অবিচল মনোভাৱত কুন্তীৰ মন মৰি যায়। তেতিয়া কৰ্ণই মাতৃৰ প্ৰতি শ্ৰদ্ধা জনাই কয়— যুদ্ধত কৰ্ণ বা অৰ্জ্জুনৰ ভিতৰত তেওঁৰ পুত্ৰ এজন নাইকিয়া হব— তেতিয়াত তেওঁ পঞ্চপুত্ৰৰ মাতৃ হৈয়ে ৰব। যুদ্ধ কেবল অৰ্জ্জুনৰ মতেহে তেওঁ কৰিব। ভাগ্যৰ বাবেই আজি তেওঁ সহোদৰ ভাতৃৰ বিপক্ষে যুজত অৱতীৰ্ণ হৈ দুৰ্ম্মতি দুৰ্যোধনৰ পক্ষ লব লগা হয়।

 ইফালে যুদ্ধ আৰম্ভ হ'ল। পিতামহ ভীস্ম কুল গুৰু দ্ৰোনাচাৰ্য্য সেনাপতি হৈ পাণ্ডৱৰ বিপক্ষে যুদ্ধ কৰি বীৰগতি প্ৰাপ্ত হ'ল। দ্ৰোনাচাৰ্য্যৰ মৃত্যুৰ পাচত পৰম আত্মবিশ্বাসেৰে দুৰ্যোধনে কৰ্ণক সেনাপতি পাতিলে। প্ৰথম দিনা যুদ্ধতে পাণ্ডৱ পক্ষৰ বহুত সৈন্য হতাহত হ'ল। পাণ্ডৱৰ বহুকেইজন বীৰ নিপাত হোৱাত সখা কৃষ্ণই চিন্তিবলৈ ধৰিলে আৰু কুটকৌশল প্ৰয়োগৰ আঁচনি তৰিলে। কৌৰৱ পক্ষৰ সৈন্যবল কমাবৰ বাবে হিড়িম্বা পুত্ৰ ঘটোৎকচক যুদ্ধত নমালে। ঘটোৎকচে আকৌ মায়াবী ক্ৰিয়াৰে যুদ্ধ কৰিব জানিছিল। ৰাক্ষকমূৰ্ত্তিৰে প্ৰথম দিনাই কৌৱৱৰ হাজাৰ হাজাৰ সৈন্য সামন্ত নিধন কৰিলে। এইজনা বীৰৰ প্ৰতাপ দেখি কৌৰৱ পক্ষই ত্ৰাহি ত্ৰাহি মানিলে। ইফালে দুৰ্যোধন খঙত অগ্নিশৰ্ম্মা হৈ কৰ্ণক তিৰস্কাৰ কৰিবলৈ ধৰিলে। কৰ্ণৰ নিছিনা এজন বীৰে এতিয়াও কিয় এই কালশত্ৰুৰূপী ঘটোৎকচক বধ কৰিব পৰা নাই। কৰ্ণৰো ভাগ্যৰ লিখন কত খণ্ডন হব। গুৰু পৰশুৰামৰ শাতপাত আছেই। পাচত সিয়ে হ'ল। ঘটোৎকচৰ পৰা কৌৰৱ সৈন্য বচাবলৈ হলে ঘটোৎকচক যেনে তেনে বধ কৰাটোৱে কৰ্ণৰ একমাত্ৰ লক্ষ হ'ল। সেয়ে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি ঘটোৎকচক বধ কৰি দুৰ্যোধনক কিছুপৰৰ বাবে শান্তনা দিলে। যিপাত অস্ত্ৰ শেষ মূহুৰ্ত্তৰ বাবে যাৰবাবে সাচি সামৰি ৰাখিছিল সেই পাত অস্ত্ৰকে ঘটোৎকচৰ নিছিনা লেখত নধৰা বীৰৰ ওপৰত প্ৰয়োগ কৰিব লগা হ'ল। যুদ্ধৰ তৃতীয়দিনত অৰ্জুণৰ সতে তুমুল যুদ্ধ হ'ল। এবাৰত অৰ্জুণৰ মূৰৰ কীৰিতিসহ মূৰ যাওঁ যাওঁ হৈছিল— তেহে সখা কৃষ্ণই ৰথখন চাপৰাই দি সেইবাৰলৈ অৰ্জুণক ৰক্ষা কৰিলে। পাণ্ডৱ পক্ষত হোৱা দোৱা লাগিবলৈ ধৰিলে। অৰ্জুণৰ অবিহনে পাণ্ডৱৰ পৰাজয় নিশ্চিত। গতিকে কৰ্ণক যেনে তেনে শেষ কৰিব পাৰিলেহে পাণ্ডৱ পক্ষই সকাহ পাব। সখা কৃষ্ণইও অধৰ্ম্মৰ পৰাজয় আৰু ধৰ্ম্মৰ জয় হোৱাতো চিন্তা কৰিলে। অৰ্জুৰ্ণক দৃঢ়তাৰে কৰ্ণৰ সতে যুদ্ধ কৰিবলৈ উদগণি দিলে। আৰু কলে এই কুৰুক্ষেত্ৰ যুদ্ধ ধৰ্ম্মযুদ্ধ ৰূপে পৰিগণিত হব। ধৰ্ম্মৰ জয় হবই লাগিব। অৰ্জুণে সখাৰ সাহস পাই পুনৰ তীব্ৰ আক্ৰমণ কৰিবলৈ ধৰিলে। ইফালে কৰ্ণৰ ওপৰত আৰোপিত শাওপাতবোৰেও মূৰ দাঙি উঠিবলৈ ধৰিলে। কৰ্ণৰ ৰথৰ চকৰি মাটীত সোমাই পৰিল— তেতিয়া ক্ষন্তেক সময় অপেক্ষা কৰিবলৈ অৰ্জুণক অনুৰোধ জনায়; কিন্তু এয়াই আছিল সোনালী সুযোগ কৰ্ণক বধ কৰা। সেইবাবে সখা কৃষ্ণই অৰ্জুণক তুৰন্তে সেই সুযোগ গ্ৰহণ কৰিবলে পৰামৰ্শ দিয়ে। কিন্তু নীতিবিদ অৰ্জুণে কিছু ইতস্ততঃ কৰিছিল যদিও ইতিপূবে যে কৌৱৱে পিতামহৰ পাচত যুদ্ধৰ পূৰ্বৰ নীতি সকলো বিষৰ্জণ দি অসহায় অৱস্থাত কিশোৰ অভিমণ্যুক কেনেকৈ বধ কৰিলে তাক সোঁৱৰাই দিলে। তেতিয়া নীতি কলৈ গৈছিল? যুদ্ধ ক্ষেত্ৰত প্ৰতিপক্ষক নিপাত কৰাটোৱে একমাত্ৰ লক্ষ হব লাগে। শ্ৰীকৃষ্ণৰ কথাত প্ৰবোধ জন্মাত অৰ্জুণে কৰ্ণক তুমুল ভাৱে আক্ৰমণ কৰিবলৈ ধৰে। শেষ মূহুৰ্তত ৰথৰ চকৰিনো বাৰু সোমাব লাগেনে ইও আছিল শাওপাতৰ ফল। ঘটোৎকচৰ ওপৰত ব্যৱহাৰ কৰাৰ বাবে কৰ্ণৰ হাতত অৰ্জুণক বধ কৰাৰ যথোপযুক্ত অস্ত্ৰ নাইকিয়া হ'ল। সেইবাবে ঘোৰতৰ যুদ্ধৰ অন্তত কৰ্ণ অৰ্জুণৰ হাতত নিধন হয়। কালৰ বুকুত খ্যাতি ৰাখি এজন প্ৰৱল প্ৰতাপী গুণী বীৰৰ জীৱন অৱসান ঘটিল।

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলভ্য।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।