সমললৈ যাওক

মনোমতী/প্ৰথম খণ্ড- সপ্তম অধ্যায়

ৱিকিউৎসৰ পৰা
সপ্তম অধ্যায়
জটীয়া (১) বাবাজীৰ মন্ত্ৰণা

 সেই দিনাখন পুতেকে সৈতে কথাবতৰা পাতি উঠি হলকান্ত বৰুৱাই বেলি অলপ লহিওৱাত নিজৰ ঘৰৰ পৰা ওলাই তেওঁৰ হাউলিৰ অলপ আঁতৰত থকা এটি সন্ন্যাসীৰ আখাৰালৈ আহিল; আৰু সন্ন্যাসীজনক সেৱা কৰি তেওঁৰ আগত বহি কথাবতৰা পাতিবলৈ ধৰিলে।

 এই সন্ন্যাসীজনৰ কি নাম, কি ধাম, কেৱে কব নোৱাৰিছিল। কথায় বতৰায় সকলোৱে মুঠতে এইটো বুজিব পাৰিছিল যে তেওঁ আগৰ পচিমৰ ফালৰ মানুহ। তেওঁ শিৱপন্থী নাগা। তেওঁৰ মূৰত এটা ডাঙৰ জট। গায়ে গোটে তেওঁ ডাঙৰ দীঘল আৰু হটঙা মানুহ। তেওঁৰ আচল নাম কেৱেই নেজানি সকলোৱে তেওঁক ‘‘জটীয়া বাবা” বুলি মাতিছিল।

 তেওঁ যেতিয়া পোনে প্ৰথমে বৰপেটালৈ আহিছিল, তেতিয়া তেওঁ মুঠতে ঘটি এটা আৰু চেপেনা এপাতত বাজে আন একো বস্তু অনা নাছিল। তেওঁ আহি পোনেই যুগীৰ পামত এজোপা গছৰ তলত আশ্ৰয় লয়। এদিন দুদিনকৈ এই জটাজুটধাৰী বাবাজীৰ ওচৰলৈ দুই এটাকৈ মানুহ চাপিছিল; আৰু শেষত অনেকে তেওঁক প্ৰকৃত নিস্পৃহ আৰু স্বাৰ্থশূন্য সাধু যেন বুজি শ্ৰদ্ধা ভক্তিও কৰিছিল।  হলকান্ত বৰুৱাৰ গাত আন আন দোষ থাকিলেও তেওঁৰ সাধু সন্ন্যাসীক শ্ৰদ্ধা আৰু ভক্তি কৰা এফেৰি গুণ আছিল। তেওঁ যেতিয়া আন আন মানুহৰ মুখে শুনিলে যে তেওঁৰ হাউলীৰ ওচৰতে এজন প্ৰকৃত সাধু সন্ন্যাসী আহি আছে, তেতিয়া তেওঁ এদিন সন্ন্যাসীৰ ওচৰলৈ গৈ গলবস্ত্ৰ হৈ বাবাজীক সেৱা-সৎকাৰ কৰি শ্ৰদ্ধা-ভক্তি কৰিলে আৰু তেওঁক আন কলৈকো যাবলৈ নিদি সেই ঠাইতে তেওঁৰ মানুহৰ হতুৱাই এটা আখাৰা পাতি দিলে আৰু সেই খিনিতে এটি শিৱলিঙ্গ থাপন কৰি এটা পূজা ঘৰো বান্ধি দিলে। তেওঁৰ শ্ৰদ্ধা আৰু ভক্তিত সন্তুষ্ট হৈ জটীয়া বাবাও তাতে থাকিল। সেই দিনৰে পবা যুগীৰ পামৰ সেই গছৰ তল ডোখৰেই জটীয়া বাবাৰ আখাৰা হ’ল।

 হলকান্ত বৰুৱাই এই আখাৰালৈকে আজি আহি সন্ন্যাসীৰ আগত বহিল আৰু সেৱা কৰি উঠি কলে—‘বাবাজী! দাসৰ এটা কথা নিবেদন কৰিবলগীয়া আছে।”

 সন্ন্যাসী—“বাবা কি কথা ক’।”

 হলকান্ত—“বাবা! মই শুনিলো বোলে আমাৰ এই অসম দেশৰ দিন বেয়া পৰিছে।”

 সন্ন্যাসী—“বাবা! মোৰো তেনে এটা অনুমান হৈছে। তইনো কি শুনিছ কচোন।”

 হলকান্ত—“মই শুনিলো বোলে অলেখ মান আমাৰ এই ফাললৈ ভটিয়াই আহিব লাগিছে। সিহঁতে হেনো এফালৰ পৰা আমাৰ দেশ নগৰ উপান্ত কৰি আাহিব লাগিছে।”  সন্ন্যাসী—তহঁতৰ অসম ৰজাইনো কি কৰিছে?”

 হলকান্ত—“ৰজাই হেনো উজনিৰ ৰঙ্গপুৰতে মানে সৈতে এটা ৰণ দিছিল। সেই ৰণত হেনো তেওঁ সম্পূৰ্ণৰূপে হাৰি পলাই ভটিয়াই আহি গুৱাহাটীৰ বৰফুকনৰ লগ লাগিছে।

 সন্ন্যাসী—“বৰফুকনেনো কি কৰিছে?”

 হলকান্ত—“বাবা! শুনিছোঁ তেওঁ হেনো মানৰ লগত ৰণ দিবলৈ ওলাইছে। অৰু চাৰিউফালৰ পৰা স্যৈ সামস্ত গোটাব লাগিছে।”

 সন্ন্যাসী—“তোলৈ আৰু বৰনগৰীয়া বৰুৱালৈ কিবা সম্বাদ আহিছেনে?”

 হলকান্ত—“বাবা! মোলৈ একো সম্বাদ অহা নাই। বৰনগৰীয়া বৰুৱালৈ আহিছেনে নাই কব নোৱাৰোঁ।”

 সন্ন্যাসী—“তইনো এতিয়া কি কৰিব খুজিছ?”

 হলকান্ত—“মই চাৰিহেজাৰ ৰণুৱা গোটাই দুহেজাৰ ইয়াতে আমাৰ গাওঁখন ৰক্ষা কৰিবলৈ থৈ বাকী দুহেজাৰ লৈ আগবাঢ়ি যাব খোজোঁ।

 সন্ন্যাসী—“সেইটো ভাল কথা। কিন্তু মানৰনো কিমান সৈন্য আহিছে বুলি শুনিছ?”

 হলকান্ত—“বাবা! মই শুনিছো মানৰ হেনো আঠাৰটা ফুকনে সৈতে দেড়কুৰি দুকুৰি হেজাৰ সৈন্য আহিছে।”

 সন্ন্যাসী—“তইনো এই ফালৰ পৰা মুঠেই দুহেজাৰ সৈন্য লৈ গৈ বৰফুকনক কি সহায় কৰিব খুজিছ? তহঁতৰ কামৰূপতনো কেই ঘৰ বৰুৱা আছে?”

 হলকান্ত—“আজি কালি আমি পাঁচ-ছ-ঘৰমান বৰুৱা আছোঁ।”

 সন্ন্যাসী—“তহঁতৰ প্ৰতি ঘৰে দহবাৰ হেজাৰ ৰণুৱা নিব পাৰিলে ভাল।”

 হলকান্ত—“মোৰ সিমান ৰণুৱা নাই।”

 সন্ন্যাসী—“বাৰু বৰনগৰীয়া বৰুৱাৰনো কিমান ৰণুৱা আছে। তেওঁনো কি কৰিছে?”

 হলকান্ত—“মই ভালকৈ সেই ঢেকেৰিৰ কিমান ৰণুৱা আছে কব নোৱাৰোঁ আৰু সেই ঢেকেৰিয়েই বা কি কৰিছে তাকো কব নোৱাৰোঁ।”

 সন্ন্যাসী—“মানুহৰ মুখেনো কি শুনিছ?”

 হলকান্ত—“মানুহে কয় বোলে সেই ঢেকেৰিৰ বাৰ তেৰ হেজাৰ কোঁচ সৈন্য আছে। সেই ঢেকেৰিয়ে এইবিলাক কথাৰ একো গমকে পোৱা নাই। ফিতাহি মাৰি বহি আছে।”

 সন্ন্যাসী—“যদি মানে সৈতে দৰাচলতে যুঁজ দিব খুজিছ তেন্তে তই বৰনগৰীয়া বৰুৱাকো এইবিলাক সম্বাদ দি লগ লগাই লৈ যা। যদি তহঁত দুইও লগ লাগ তেন্তে তহঁতৰ পোন্ধৰ, যোল্ল হেজাৰ ৰণুৱা হব। গুৱাহাটীৰ বৰফুকনে তহঁত গৈ নৌপাওঁতেই যদি মানৰ যুঁজত হাৰে তেন্তে তেতিয়া হলেও তহঁত দুইও লগ লাগি আন একো কৰিব নোৱাৰিলেও আমাৰ এই ঠাই দুডোখৰ মানৰ পৰা ৰক্ষা কৰিব পাৰিবি।”

 হলকান্ত—“বাবা! সংসাৰত সকলো কামকে কৰিব পাৰিম কিন্তু মোৰ পিতৃবৈৰী ঢেকেৰিৰ ঘৰে সৈতে লগ লাগিব নোৱাৰিম। এই জীউটো গলেও চণ্ডী বৰুৱাক মই আগধৰি মাতিব নোৱাৰিম। সি ঢেকেৰিয়ে যদি মোক আগেয়ে মাতে আৰু মোত নম্ৰ হয় তেন্তে এবাৰলৈ পূৰ্ব্ব শত্ৰুতা পাহৰিলেও পাহৰিব পাৰিম। কিন্তু এনেকুৱা নহলে মই কেতিয়াও ঢেকেৰিক আশৈ দিব নোৱাৰিম।”

 সন্ন্যাসী—“বাবা! তোৰ এইটো ভুল হৈছে। এনেকুৱা বিপদৰ কালতো তহঁত দুঘৰ ডাঙৰ মানুহে এইদৰে মনোবাদ কৰি থাকিলে তহঁতৰ দেশ ৰক্ষা নপৰিব। মোৰ কথা যদি গুন তেন্তে তই এই বিপদৰ সময়ত চণ্ডী বৰুৱাৰ লগ ল।”

 হলকান্ত—“প্ৰভু! দাসক ক্ষমা কৰিব। সকলো কামকে কৰিব পাৰিম ঢেকেৰিক মাতিব নোৱাৰিম।”

 সন্ন্যাসী—“মই বুজিলো তহঁতৰ দেশতো ঘোৰ কলি উপস্থিত হ’ল। মই আগেয়ে ভাবিছিলোঁ যে আমাৰ পচিমতহে এনে ডাঙৰ ডাঙৰ ৰাণায়-ৰাণায়, ৰাওৱে-ৰাওৱে, ৰজাই-ৰজাই, বীৰে- বীৰে মনোবাদ আছে। কিন্তু এতিয়া বুজিলোঁ তহঁতৰ এই দেশতো এনেকুৱাবিলাক মনোবাদ আছে। বাৰু তোৰ যি ইচ্ছা তাকে কৰগৈ। মই বুজিছোঁ তহঁতৰ নাশন কাল উপস্থিত হৈছে। যদি মই সন্ন্যাসীৰ কথা শুন তেন্তে এতিয়াও তই বৰ নগৰীয়া বৰুৱাৰ লগ ল।”

 হলকান্ত—"প্ৰভু! দাসক ক্ষমা কৰিব। সকলোকে কৰিব পাৰিম। ঢেকেৰিক মাতিব নোৱাৰিম।”

 সন্ন্যাসী—“তেন্তে তোৰ যি ইচ্ছা তাকে কৰ। ঈশ্বৰৰ ইচ্ছা পূৰ্ণ হওক। যুগধৰ্ম্মৰ বলে যেতিয়া যি হব লাগে হওক। বৈ অহা ব্ৰহ্মপুত্ৰৰ সোঁতটো মই নিচলা ফকিৰে ভেটা দি ৰাখিব খুজিলেনো পাৰিম কেনেকৈ? বাবা। আৰু কিবা কথা আছেনে? নাই যদি য। মোৰ আৰতিৰ সময় হ’ল।”

 হলকান্ত—“বাবা! মোৰ এটা কথা আছে। যুঁজলৈ যোৱা দিন এটা চাই দিয়ক।”

 সন্ন্যাসী—“মোৰ দিনবাৰ চাবৰ সকাম নাই। সেইবিলাক দৈবজ্ঞসকলৰ কাম। এটা ভাল দৈবজ্ঞ মতাই নি দিনবাৰ চোৱাই যি ইচ্ছা তাকে কৰগৈ।”

 হলকান্ত—“নহয় বাবা! মই সেই ফাকিদিয়া খুজিখোৱা গণকহঁতৰ কথা মানিব নোৱাৰোঁ। আপুনিয়েই চাই দিয়ক।

 সন্ন্যাসী—“সৎকৰ্ম্মৰ নিমিত্তে বিলম্ব ভাল নহয়। কিয়, কালি ৰাতিপুৱাই যা গৈ।”

 হলকান্ত—“নহয়। মোক এটা দিন চাই দিয়ক।”

 সন্ন্যাসী(খঙেৰে) দেখ বাবা! তই মোক বাৰেবাৰে বিৰক্ত কৰিবলৈ ধৰিলি। মোৰ আৰতিৰ সময় হৈছে। মই যি দিন চাই দিম তাৰ যদি এফেৰাও অগা-পিচুৱা কৰ তেন্তে তোৰ অমঙ্গল ঘটিব।”

 হলকান্ত—“প্ৰভু! সাধ্যমতে নিয়ম পালন কৰিম।”

 সন্ন্যাসী—“বাৰু বহ তেন্তে।”

 হলকান্ত—“ভাল প্ৰভু।”

 সন্ন্যাসীয়ে তেতিয়া তেওঁৰ চেপেনাপাত আনি সেই চেপেনাৰে মাটিত ঘূৰণীয়া ত্ৰিকুণীয়া ইত্যাদি বিধৰ কেতখিনি আঁক দিলে। তাৰ পাছত নিজৰ মনতে অলপ গুণাভবা কৰিলে। তাৰ পাছত “শিবোহং শিবোহং শিবোহং” কৰি তিনিবাৰ নাম উচ্চাৰণ কৰি কলে—“চৈথা দিনা বুধবাৰে পঞ্চমী তিথিত, ৰাতিপুৱা বেলা সাতদণ্ড আঢ়ৈ পলত মোৰ নাম উচ্চাৰণ কৰি যাত্ৰা কৰিবি। দেখিবি যেন ইয়াৰ ইফাল সিফাল নকৰ। তই এতিয়া যা। তোক মই আৰু এটা কথা কওঁ। কালি প্ৰত্যুষতে মই এই আখাৰা এৰি পচিমলৈ তীৰ্থ কৰিবলৈ যাম। তোক আশীৰ্ব্বাদ কৰিলোঁ ঈশ্বৰে তোৰ ভাল কৰক। মোক ইমান দিন সেৱা সৎকাৰ কৰিলি। মই তোক কি দিম। মই সন্ন্যাসী ফকিৰ মানুহ। আশীৰ্বাদ কৰিলোঁ ঈশ্বৰে তোক সমস্ত বিপদৰ পৰা উদ্ধাৰ কৰিব।”

 সন্ন্যাসীৰ এই কথাত হলকান্ত বৰুৱাই চকুৰ পানী টুকি টুকি ভৰিত সাবোট মাৰি ধৰি কবলৈ ধৰিলে:— ‘প্ৰভু! মোকনো এনে সময়ত এৰি যায় নে?”

 সন্ন্যাসী—“বাবা! মই থাকিয়েই বা কি কৰিম। মই সন্ন্যাসী ফকিৰ মানুহ যুঁজ কবিব নেজানো। অস্ত্ৰ ধৰিব নোৱাৰোঁ৷ মুখৰ আশীৰ্ব্বাদত বাজে খুজিখোৱা ফকিৰৰ কি আছে? আৰু আমাৰ সন্ন্যাসী ফকিৰক যুদ্ধবিগ্ৰহ, গিৰস্থালি ইত্যাদিয়েই বা কেলেই লাগিছে? বাবা! বেজাৰ নকৰিবি। মই যাম আৰু নেথাকোঁ। কিন্তু তোৰ যদি মোত ভক্তি থাকে তেন্তে সময়মতে তোক আকৌ দেখা দিম। এতিয়া তই তোৰ প্ৰাক্তন মতে, সংস্কাৰ মতে যি কৰিবলগীয়া আছে কৰ। তোৰ বাসনাক পৰতৃপ্ত কৰ।”

 এই কেই আষাৰ কথা কৈ সন্ন্যাসী উঠিল। মন্দিৰত সোমাই ঘন্টা বাদ্য কৰি পূজাত বহিল। হলকান্ত বৰুৱাই দুখ মনেৰে নিজৰ—হাউলিলৈ বাট ললে।