মনোমতী/প্ৰথম খণ্ড- পঞ্চম অধ্যায়
বাপেক পুতেক
হলকান্ত বৰুৱা গুৱাহাটীৰ বৰফুকনে পতা যোগকান্ত বৰুৱাৰ পুতেক।—৺গদাধৰ সিংহৰ দিনতে তেওঁৰ বাপেক ৰঙ্গপুৰৰ পৰা পলাই আহে আৰু বৰফুকনক মচলমানৰ যুঁজত সহায় কৰি বৰুৱা বিষয় পায়। হলকান্ত সৰুৰে পৰা বাপেকৰ বৰ আদৰৰ লৰা আছিল। লৰাকালত তেওঁ ভালকৈ লেখাপঢ়া নিশিকিলে আৰু সেই কাৰণেই তেওঁৰ স্বভাৱটোও অলপ উদ্ধত আাছিল। তেওঁ সকলোকে, বিশেষ কামৰূপীয়া মানুহক ঘিণাই ফুৰিছিল আৰু নিজকে সংসাৰৰ সকলো মানুহতকৈ ডাঙৰ যেন বিবেচনা কৰিছিল। তেওঁ টিঙিৰামূৰা আৰু গায়েগোটে লাহী বিধৰ মানুহ আাছিল।
তেওঁৰ পুতেক আমাৰ এই আখ্যানৰ নায়ক লক্ষ্মীকান্ত ডেকা বৰুৱা হলে স্বভাৱত বাপেকৰ সম্পূৰ্ণ বিপৰীত আছিল। তেওঁ উতনুৱা স্বভাৱৰ ডেকা নাছিল। তেওঁ বৰ শান্তশীল। শৰীৰত বল আৰু হৃদয়ত সাহ আাছিল। মন তেওঁৰ উন্নত, হৃদয়ত হিংসা, দ্বেষ, পৰশ্ৰীকাতৰতা ইত্যাদি কুবৃত্তিবিলাকে ঠাই নেপাইছিল। তেওঁ আন কি স্বদেশৰ হিতৰ অৰ্থে প্ৰাণ দিবলৈকে আগবাঢ়িব পাৰিছিল।
তেওঁৰ বাপেক হলকান্ত বৰুৱাৰ ধন, জন, মাটি, বৃত্তি, বেটী বন্দী সৰহ পৰিমাণে আছিল। তেওঁৰ লক্ষ্মীকান্তৰ নিচিনা পুতেক, তিলোত্তমাৰ দৰে জীয়েক, বিচিত্ৰীৰ দৰে গুণৱতী ভাৰ্য্যা আছিল। তেওঁক ঈশ্বৰে সকলো প্ৰকাৰে সুখী কৰিছিল; কিন্তু তেওঁ ইমানবিলাক সুখ সম্পত্তিৰ গৰাকী হৈয়ো প্ৰকৃতপক্ষে সুখী হব নোৱাৰিছিল। ইয়াৰ কাৰণ অকল বৰনগৰীয়া বৰুৱালৈ তেওঁৰ হিংসা। তেওঁৰ ইমান ওচৰতে তেওঁতকৈ ধনে, জনে, মানে আৰু এজন ডাঙৰ মানুহ থাকিব এইটো কথা তেওঁৰ নাটনি। বিশেষ বৰনগৰীয়া বৰুৱাৰ ঘৰ তেওঁৰ পিতৃবৈৰী। তেওঁ বৰনগৰীয়া বৰুৱাৰ বেয়া হলেই ভাল পাইছিল।
সেই দিনাখন ফাকুৱাৰ পৰা উলটি আহিবৰে পৰা আমাৰ ডেকা লক্ষ্মীকান্ত বৰুৱাৰ মনত কিবা এটা চিন্তা হৈছিল। উঠোঁতে, বহোঁতে, খাওঁতে, শোওঁতে তেওঁৰ সদায় হা-হুমুনিয়াহ শুনা গৈছিল। কীৰ্ত্তন ঘৰত ৰূপহী গাভৰুজনীক দেখিবৰে পৰা তেওঁৰ এনে বিলাই হৈছিল। তেওঁ মানুহৰ মুখে শুনিছিল সেই গাভৰুজনী চণ্ডী বৰুৱাৰ ধৰ্ম্মীয়া জীয়েক। সেই চণ্ডী বৰুৱাৰে সৈতে তেওঁৰ বাপেকৰ যে বিৰোধ ভাব আছিল এইটো কথাও তেওঁ সুন্দৰকৈ জানিছিল। এনেস্থলত তেওঁৰ সেই ৰূপহী গাভৰুজনীক পাবৰ আশা কৰা বৃথা৷ এইটো জানিয়েই তেওঁ মনত অধিক দুখ পাইছিল।
আমাৰ পাঠক আৰু পাঠিকা সকলৰ কেৱে কেৱে লক্ষ্মীকান্তৰ নিচিনা ভাল স্বভাৱৰ ডেকা এজনক এনেবিলাক আচৰণ কৰা দেখি পেটে সমন্বিতে তেওঁক নিন্দা কৰিবলৈ ইচ্ছা কৰিব আৰু সেই কথা আামি জানোৱাৰ বাবে আমাকো চাগৈ বেয়া পাব। কিন্তু আমি কি কৰিম। সেই কথাত বেজাৰ পালেও আমাৰ একো উপায় নাই। আজি ভালেমান দিন হ’ল আমি আমাৰ এজন বন্ধুৰ পৰা জানিব পাৰিছিলোঁ যৌৱনৰ হেনো এছাটি পছোৱা বতাহ আছে। সেই পচোৱা বতাহ ছাটি হেনো সকলো মানুহৰে গাত এবাৰ লাগে। আৰু সেই বতাহ লাগিলে হেনো গাৱঁলীয়া ডেকাই এঠাইত এটা লেঠা লগাই ‘‘কেচাৰি” ঘৰত উপস্থিত হয়। চহৰৰ লাহৰ ডেকাই হেনো ‘‘সখৰ যাত্ৰাৰ” দলত সোমায় আৰু নাটক উপন্যাস পঢ়ি মাৰ্জিত ৰুচিৰ প্ৰেমৰ মোল বুজা হয়। লাজকুৰীয়া ডেকাই হেনো বাটে-পথে দেখা গেন্ধেলীতে তিলোত্তমা অপেস্বৰীৰ ৰূপ অৰ্পণ কৰি সেই গেন্ধেলীৰ উদ্দেশেই তাই জানিব পাৰকেই বা নোৱাৰকেই “দৰশন বিনে প্ৰাণ যে যায়। কোথা গেলে পাব তাৰে বলে দে আমায়” এনেবিলাক পদ আওৰায়; আৰু লেখা পঢ়া জনা বুধি থকা দুই এজন ডেকা হেনো হঠাতে কবি হৈ উঠে আৰু ‘‘সকলোৰে মুখে শুনো তাতে বহি বহি গুণো মানুহে সঁচানে ভাল পায়” ইত্যাদি। সুৱলা আৰু নতুন কবিতা লেখে। বন্ধুৱে কোৱা এই কেইফাকি কথাই যদি সঁচা হয় তেন্তে আমাৰ লক্ষ্মীকান্ত ডেকা বৰুৱায়ো কীৰ্ত্তন ঘৰত মনোমতীৰ নিচিনা ৰূপহী গাভৰুজনীক দেখি সেই গাভৰুলৈ হা হুমুনিয়াহ কঢ়াটোও একো আচৰিত কথা নহয় আৰু আমাকো সেইবাবে বেয়া পাবলগীয়া কথা নহয়।
পাছে লক্ষ্মীকান্তই এইদৰে মনতে গুণি ভাবি এদিন দুপৰীয়া তেওঁৰ শোৱা খোটালিত বিছনাত পৰি হা হুমুনিয়াহ কাঢ়ি আছে; এনেতে মেলচৰাৰ পৰা বাপেকে তেওঁক মাতি পঠালে। তেওঁ লৰালৰিকৈ গৈ মেলচৰাত বাপেকৰ আগত বহিল। বাপেকে সেই সময়ত মেৰধাৰি পাৰি গুৰগুৰি টানি তেওঁৰ ফৈদৰ পাঁচছয়জনমান মানুহৰে সৈতে মেল পাতি আাছিল। লক্ষ্মীকান্ত গৈ আগত বহা মাত্ৰকে তেওঁ কলে—“বোপা! তই দেখোন আজি কেইদিন মানৰ পৰা মনটো মাৰি আছ?” লক্ষ্মীকান্ত- “দেউতা! মোৰ গাটো ভাল লগা নাই।” হলকান্ত—“তোৰনো কি হৈছে নকৱ কেলেই?”
লক্ষ্মীকান্ত-—দেউতা! মোৰ তেনে বিশেষ একো হোৱা নাই।”
হলকান্ত—“বাৰু এইবাৰ বৰপেটাৰ কীৰ্ত্তন ঘৰত ফাকুৱাত কিমান মানুহ হৈছিল?”
লক্ষ্মীকান্ত—“দেউতা। এইবাৰো ফাকুৱাত আগৰ দৰেই মানুহ হৈছিল?”
হলকান্ত—গুৱাহাটীৰ ফালৰ কোনোবা মানুহ লগ পাইছিলি নে?”
লক্ষ্মীকান্ত—"সোৱাঁলকুচিৰ ফালৰ কেইবাজোৰ মানুহকো লগ পাইছিলোঁ।”
হলকান্ত—আমাৰ উজনিৰ ফালৰ কিবা বুজ-বতৰা পালিনে?”
লক্ষ্মীকান্ত-“দেউতা! মই শুনিলোঁ মানে হেনো আমাৰ স্বৰ্গদেৱক এইবাৰ যুঁজত ঘটুৱাই উজনিৰ ফালৰ পৰা দেশ নগৰ উপান্ত কৰি আহিব লাগিছে।” হলকান্ত—“আমাৰ স্বৰ্গদেৱনো কলৈ গ’ল?”
লক্ষ্মীকান্ত—“আমাৰ স্বৰ্গদেৱ হেনো ভটিয়াই আহি গুৱাহাটীত নকৈ পতা বৰফুকনৰ লগ লাগিছে; আৰু বৰফুকনে হেনো মানৰ লগত ৰণ দিবলৈ সৈন্য সামন্ত গোটাইছে।"
হলকান্ত—“এৰা মইও সেই কথাকে শুনিছোঁ। কিন্তু কি আচৰিত বৰফুকনে দেখোন মোলৈ একো বুজ-বাতৰি পঠোৱা নাই।”
লক্ষ্মীকান্ত—“বৰফুকনে আমালৈকো মানুহ পঠাব পায়। সেই মানুহ আহি পোৱা নাই হবলা।”
হলকান্ত—"এৰা সেইটোৱেই হব পায়।"
পুতেকে সৈতে এই কথাবতৰা পাতি হলকান্তই তেওঁৰ সমজুৱা কেজনলৈ চাই সুধিলে—"সমজুৱাসকল। এতিয়ানো। আমাৰ কি কৰা যুগুত, সকলো কথাকেই শুনিলা।” সমজুৱা বিলাকে কলে:—"দেউতা! আমাৰ সৈন্য্য সামন্ত লৈ এতিয়াৰে পৰা সাজু হোৱা যুগুত।” হলকান্ত—“এৰা মইও তাকে ভাবোঁ; বাৰু কোৱাচোন তোমালোকে কোনে কিমান ৰণুৱা দিব পাৰিবা।” সমজুৱা সকলৰ দুজনে কলে:—“দেউতা! আমি দুয়ো আমাৰ খেলৰ পৰা আঠশ ৰণুৱা দিব পাৰিম।” সি চাৰিজন সমজুৱাই কলে:—দেউতা! আমি আমাৰ চাৰিউ খেলৰ পৰা খেলে প্ৰতি আঠ নওশ ৰণুৱা দিব পাৰিম।” হলকান্ত— "তেনেহলে আমাৰ মুঠতে প্ৰায় চাৰি হাজাৰ ৰণুৱা হব। কিন্তু ইমান কম ৰণুৱাৰে সৈতে মানৰ দেড়কুৰি দুকুৰি হাজাৰ ৰণুৱাৰ লগত আমি কেনেকৈ যুঁজ দিম।” লক্ষ্মীকান্তই কলে:—“দেউতা! আমাৰ আটাইবিলাক বৰুৱা লগ লাগিলে আমি বৰফুকনক দেড়কুৰি দুকুৰি হাজাৰ ৰণুৱা দিব পাৰিম। আৰু দেউতাই আদেশ কৰক মানৰ এই যুঁজলৈ মই যাম।” হলকান্ত—“বাৰু। সেই বিষয়ে সময় মতে ঠাৱৰ কৰা যাব।”
এইবিলাক কথাবতৰাৰ পাছত বৰুৱাৰ মেল ভাঙিল। সমজুৱা ছয়জন ঘৰাঘৰি গ’ল। বাপেক পুতেক দুয়ো আকৌ নিজ নিজ ঘৰলৈ সোমাল।