সমললৈ যাওক

মনোমতী/প্ৰথম খণ্ড- দ্বিতীয় অধ্যায়

ৱিকিউৎসৰ পৰা
দ্বিতীয় অধ্যায়
নৈৰ বুকুত

 কীৰ্ত্তনঘৰৰ পৰা ওলাই আমাৰ এই ৰূপহী গাভৰুজনী লগৰ আন আন গাভৰু আৰু বুঢ়ীয়ে সৈতে পোনেই উত্তৰলৈ মুখ কৰি গ’ল। আমাৰ এই ডেকাজনো প্ৰায় দুকুৰিজন মানুহে সৈতে তেওঁৰ পাছে পাছে গ’ল। এইদৰে প্ৰায় এমাইল মান বাট গৈ গাভৰুজনী পচিমলৈ ঘূৰি আকৌ এটা বাটেদি যাবলৈ ধৰিলে। ডেকাজনো মানুহে-দুনুহে সৈতে সেই বাটেদিয়ে গ’ল। অলপ দূৰ গৈয়েই দুইও জাক মানুহে বৰপেটাৰ “চাউল-খোৱামানাহ" নদী পালে। এই নদীটো নিচেই সৰুও নহয়, ডাঙৰো নহয়। গুৱাহাটীৰ উত্তৰ পাৰে থকা হাজো সোঁতাৰে এটা সুুঁতি পচিম মুখে হাজোৰ ওচৰতে ফাটি আহে; আৰু তাতে উত্তৰফালৰ পৰা পাগলাদিয়া, আলপা, কালদিয়া, পহুমাৰ ইত্যাদি সৰু সৰু নদী পৰি সুুঁতিটো ক্ৰমে ভাটিৰ ফাললৈ বহল হৈ আাহে। বৰপেটাৰ ওচৰত ডোঙ্গৰকুচি নামেৰে এখন গাঁৱৰ গুৰিয়েদি "মানাহ” নামেৰে আৰু এটা পৰ্ব্বতীয়া নদী আহি লগ লাগে আৰু এই খিনিৰে পৰাই নদীটোৰ নাম “চাউলখোৱা-মানাহ" হয়। বৰপেটীয়া মানুহবিলাকে এই নদীয়েদি সেই সময়োতে উজাই ভটীয়াই বেহা-বেপাৰ কৰি ফুৰিছিল। তিৰুতামানুহ জাক এই নদীৰ ওচৰ চপা মাত্ৰকে পানীৰ অলপ দৰ পৰা দুখন চৈ দিয়া চৰা নাওঁ আহি পাৰ চাপিল। তিৰুতামানুহবিলাক দুজাক হৈ এখন নাঁৱত উঠিল৷ গাভৰুজনীয়ে প্ৰায় পোন্ধৰ ষোলজনী মান তিৰুতাৰে সৈতে এখন নাঁৱত উঠি তাত পাৰি থোৱা শয্যা এখনত বহিল। তেওঁৰ লগৰ মানুহ এজনীয়ে তেওঁক তামোলৰ বটাটো আগবঢ়াই দিলে। গাভৰুজনীয়ে লচ্-পচ্ কৰি তামোল কাটিবলৈ ধৰিলে। তাৰ পাছতে নাৱঁৰীয়াহঁতে নাৱঁৰ গোজ উঘালি লৈ নাওঁ মেলি দিলে। গাভৰুজনী মানুহে দুনুহে সৈতে নাৱঁত উঠোতে আমাৰ ডেকাজনে চকু নপচৰাকৈ গাভৰুজনীৰ ফাললৈ চাই আছিল৷ তেওঁৰ লগৰ আধামান মানুহ এখন নাৱঁত উঠিল; এনেতে তেওঁৰ লগৰ বয়সিয়াল মানুহ এজনে মাত লগালে:―“বোপা দেউতা! কৰে কি। নাৱঁত উঠিবৰ হৈছে।” সেই মানুহজনৰ এই কথা কেই আষাৰে তেওঁৰ গালৈ গম আনিলে৷ তেওঁ তেতিয়া লৰালৰিকৈ তেওঁলৈ সজাই থোৱা নাওঁখনত গিৰিস্ কৰি উঠিল আৰু তাত পাৰি থোৱা শয্যা এখনত বহি নাওঁ মেলি দিবলৈ কলে। তেতিয়াই দুখন নাৱোঁ চলিবলৈ ধৰিলে। নাৱঁৰীয়াহঁতে গিৰিপ্ গিৰিপ্ কৰি বঠা মাৰিলে। চাৰিউখন নাওঁ অগা পিছা হৈ যাবলৈ ধৰিলে।

 এইদৰে নাওঁ কেইখান এখান মান তামোল খাবৰ বাট যোৱাৰ পাছত ডেকাজনে তেওঁৰ ওচৰত বহি থকা বয়সিয়াল মানুহ এজনক কলে:—“ককাই! আমাৰ নাৱঁৰীয়াহঁতে নাৱেঁ নাৱেঁ নাম গাই যকচোন।” ডেকাজনৰ এই কথা শুনি মানুহজনে সিখন নাৱঁৰ কঁহিৰাম নামেৰে মানুহ এজনক মাতি কলে “কহিৰাম! বোপা দেউতাই কৈছে নাৱঁত নাম গাই যাব লাগে।” কঁহিৰামে “ভাল বাৰু” বুলি কৈ গাবলৈ ধৰিলে:―

ঘোষা

“কৈত পাইবোঁ প্ৰাণ গোপাল আমি
হৰাইলোঁ অৰুণ লোচন স্বামী॥"

নাৱঁৰীয়াহঁতে ধৰিলে:―

“কৈত পাইবোঁ প্ৰাণ গোপাল আমি
হৰাইলোঁ অৰুণ লোচন স্বামী।”

কঁহিৰামে লগালে:―

পদ

“উচ্চ বৃক্ষ দেখি শোধে সাদৰি।
শুনিয়ো অশ্বথ, বট, পাকৰি।৷

নাৱৰীয়াহঁতে ধৰিলে:― কৈত পাইবোঁ…......

কঁহিৰাম—

“যাহন্তে দেখিলা নন্দকুমাৰ।
নেন্তে চুৰি কৰি চিত্তহামাৰ॥
… … … … …

হে কুৰুবক অশোক চম্পা
কহিয়া কথা কৰা অনুকম্পা
••• ••• ••• •••
মানিনীৰ দৰ্প কৰিয়া চূৰ।
জানাহা কৃষ্ণ যান্ত কত দূৰ।৷
••• ••• ••• •••
হেৰা তুলসি! সমিধান দিয়া।
তুমি গোবিন্দৰ পৰম প্ৰিয়া॥
••• ••• ••• •••
যাহন্তে দেখিলা নন্দকুমাৰ।
প্ৰাণতো অধিক প্ৰিয় আমাৰ॥
••• ••• ••• •••
সমস্তে গোপীৰ জীৱন ধন।
দেখিলা যাহন্তে নন্দ নন্দন॥
••• ••• ••• •••
হে আম, জাম, বেল, বকুল।
নাহি উপকাৰী তোমাৰ তুল॥
••• ••• ••• •••
কৃষ্ণৰ বিৰহে দেখোঁ আন্ধাৰ।
কোৱা কৈক গৈল কৃষ্ণ আমাৰ॥

 নামৰ লগে লগে গিৰিপ্‌ গিৰিপ্‌ কৰি নাওঁ চলিবলৈ

ধৰিলে। মতাবিলাকক নাম গোৱা শুনিয়েই হব পায় আগৰ নাৱৰ তিৰুতাবিলাকেও গাবলৈ ধৰিলে:—

ঘোষা

 “ইবাৰে উদ্ধাৰ কৰা মোকে
 এ হে গোপীনাথ বাৰেক উদ্ধাৰ কৰা মোকে।

পদ

“চক্ৰবাত অসুৰে কৃষ্ণক নিলে হৰি।
আকাশত মাৰিলা গলত চিপি ধৰি॥
••• ••• ••• •••
কৃষ্ণক হিয়াত লই পৰিল ভূমিত।
জুৰাইল তোমাক পায়া যশোদাৰ চিত॥
••• ••• ••• •••
ছলে হামি তুলি তুমি দেখাইলা মাৱত।
গৰ্ভৰ ভিতৰে আছে সমস্ত জগত॥

 এইদৰে নামে পদে চাৰিউখান নাওঁ যাবলৈ ধৰিলে। চাৰিউখান মানাহেদি উজাল। প্ৰায় পাঁচ মাইল বাট গৈ মতাজাকৰ নাওঁ দুধান এখান গাওঁ পালে। তাতে সেই নাওঁ দুখান চাপিল। তিৰুতা জাকৰ নাও দুখান নৰৈ উজাই যাবলৈ ধৰিলে।