মনোমতী/প্ৰথম খণ্ড- ত্ৰয়োদশ অধ্যায়
পমীলাৰ দৌত্য
শান্তিৰাম ভকতে লক্ষ্মীকান্ত ডেকা বৰুৱাক যুগীৰ পামত দেখি আহিবৰ পিছদিনা পমীলাই দুপৰীয়া খাই বৈ উঠি মনোমতীৰ ঘৰত সোমাই নিজৰ পেৰাৰ পৰা ধুনীয়া ধুনীয়া কানিকাপোৰ বিলাক উলিয়াই পিন্ধিলে। দাপণ চাই এডালো চুলি ইফাল সিফাল নোহোৱাকৈ মূৰটো মেলালে। কপালত এটা সেন্দুৰৰ ফোট ললে। কৰ্পূৰেৰে সৈতে তামোল এখন খাই ওঠ দুটি টিক্টিকীয়া ৰঙা কৰিলে। পেৰাৰ পৰা অলঙ্কাৰ উলিয়াই পিন্ধিলে। হাতৰ আঙুলিত ভাল ভাল বাখৰ-পতোৱা আাঙঠি পিন্ধিলে। গলত গলপতা ললে। হাতত মুঠিখাৰু ললে; কাণত নতুন কৰিয়া এযোৰ আৰিলে আৰু এইদৰে পিন্ধি উৰি সখীয়েকৰ ওচৰলৈ গৈ কলে—“সখি! মই যাওঁ।” মনোমতীয়ে সুধিলে— “সখি! কলৈনো যোৱা?”
পমীলা—“সখি! ভালকৈ ভাবি চোৱাঁচোন।”
মনোমতী—“ছিঃ তোমাৰ কথা বতৰা ভাবিলে লাজ লাগে।”
পমীলা—“মুখতেহে কৈছাঁ চাগৈ। বাৰু তুমি থাকাঁ মই যাওঁ” —এইবুলি পমীলা ঘৰৰ ভিতৰৰ পৰা ওলাল আৰু শান্তিৰাম ভকতৰ বহালৈ আহি শান্তিৰাম ভকতক লগ ধৰি কলে— “আতৈ! আহক।” পমীলাৰ এই কথা শুনি শান্তিৰাম ভকতে সুধিলে—“কলৈ যাব লাগে পমীলা?” পমীলা—কিয়! কালি আপুনি কোৱা নাইনে মই ডেকা বৰুৱাক লগ ধৰিব লাগে?”
শান্তিৰাম—“তুমিয়েই যোৱাঁ। মোকনো কেলেই লাগিছে?”
পমীলা—“আতৈ! মই তিৰীমতি। মইনো অকলৈ কেনেকৈ যাওঁ? মই আপোনাক মোৰ আশ্ৰয় কৰি লৈ যাব খোজোঁ।”
শান্তিৰাম—“বাৰু! তেন্তে মই ওলাওঁ ”
এই বুলি কৈ শান্তিৰাম ভকত কানি-কাপোৰ পিন্ধি পমীলাৰ লগত ওলাল আৰু দুইও যাবলৈ ধৰিলে। কিছুমান বাট গৈ পমীলাই শান্তিৰামক সুধিলে—"আতৈ! ডেকা বৰুৱাৰ মনটো সমুলি আমাৰ সখীত মজিছেনে?”
শান্তিৰাম—“এৰা। মই তেনেকুৱা যেন পাই আহিছোঁ। এতিয়া তুমি বা কেনে পোৱা কব নোৱাৰোঁ।”
পমীলা—“মই দেখিলেহে লেখিম।”
শন্তিৰাম—“এৰা। তোমাৰ নামেই হৈছে চিত্ৰলেখী।”
পমীলা—“আপুনি এতিয়া সেইবিলাক কথা এৰক। কওকচোন যুগীৰ পামত অৰু আন কিবা কথা বতৰা শুনি আহিলনে?”
শান্তিৰাম—“মই শুনি আহিলোঁ মান হেনো ভটিয়াই আহিব লাগিছে আৰু হলকান্ত বৰুৱাই হেনো মানক ৰণ দিবলৈ গৈছে।”
পমীলা—“আতৈ। আমাৰ বৰুৱাৰ দেখোন একো উমঘামেই নাই। মোৰ মনত এনেহে লাগিছে যে অলপতে আমাৰ এইবিলাকত কিবা এটা ঘোৰ বিপদ হব।। আমাৰ এইবিলাক কথা জানো জনাই বৰুৱাক সাজু কৰা যুগুত নহয়?”
শান্তিৰাম—“এৰা! বৰুৱাক এইবিলাক কথা জনোৱা উচিত। মই আজি গধূলি তেওঁক এইবিলাক কথা জনাম।”
পমীলা—“হয় আতৈ! এইটো বৰ বিপদ হব। এতিয়া আহক। ডেকা বৰুৱাই কিজানি মোৰ লগত আপোনাকো দেখিলে মন ভাঙি কথা নকয় সেই দেখি মই অকলৈ সেই কদম গছ জোপাৰ তলত থিয় দি থাকিম। আপুনি অলপ আঁতৰত থাকিব।”
শান্তিৰাম—“ভাল বাৰু।”
এই কথাবতৰাৰ মূৰতে দুইও কদম গছৰ তল পালেগৈ। তাতে পমীলা বহি ৰ’ল। শান্তিৰাম ভকতে মানাহৰ পাৰলৈ গৈ গড়াৰ আৰ হৈ বহি থাকিল।
ইফালে লক্ষ্মীকান্ত ডেকা বৰুৱাই সেই দিনাখন ভাটিবেলীয়া মাক আৰু ভনীয়েকক “মই গাৱঁৰ পৰা ঘূৰি আহোঁ আৰু সৈন্য সামন্ত ঠিক কৰি থৈ আহোঁ” বুলি কৈ আৰু লগত এটা তেওঁৰ বিশ্বাসী মানুহ লৈ আহিল। তেওঁ যেতিয়া ঘৰৰ পৰা ওলাই আহে তেতিয়া তেওঁৰ বাপেকে চেঙ্গাৰ পৰা পঠোৱা সেই মানুহ যোৰা আহি পোৱা নাছিল। সেই কালত আজিকালিৰ দৰে আলি পদুলি নাছিল। ই গাৱঁৰ পৰা সি গাৱঁলৈ যাবলৈ হাবিৰ মাজেদি একোটা সৰু সুৰ-সুৰীয়া বাট মাথোন আছিল। আৰু এনেবিলাক বাটেৰে আহিবলগীয়া হোৱাত হলকান্ত বৰুৱাৰ মানুহ যোৰাৰ ভালেখিনি পলম হৈছিল। মান যে ইমান সোনকালে আহি পাব এই কথাৰ গম নেপাই হে আজি ডেকা বৰুৱাই একো শঙ্কা নকৰাকৈ বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ওচৰলৈ আহিছিল।
এইদৰে আহি যেতিয়া কদম গছৰ ওচৰ চাপিল তেতিয়া তেওঁ তেওঁৰ মানুহটোক অলপ আঁতৰত থাকিব দি পমীলাৰ কাষলৈ আহিল। বাটত আহোঁতে তেওঁ পেটতে অনেক কথাবতৰা আলচি আহিছিল; কিন্তু যেতিয়া পমীলাৰ ওচৰ চাপিল তেতিয়া তেওঁ লাজতে সকলোবিলাক কথা পাহৰিলে। কি কব, কেনেকৈ কথা বতৰা পাতিব তেওঁ ইয়াৰ একোকে থিৰ কৰিব নোৱাৰিলে। এনেতে তেওঁৰ ভাব বুজি চতুৰী পমীলাই মাত লগালে— “ডাঙৰীয়া! আপুনি মোক লগ পাব খুজিছিল নে?”
লক্ষ্মীকান্ত—“এৰা।”
পমীলা—“সকাম বা কি?”
লক্ষ্মীকান্ত—“সকামৰ কথা কম। তুমিয়েই নে মনোমতীৰ সখী? ”
পমীলা—“হয়।”
লক্ষ্মীকান্ত—“মনোমতীৰ বৰ ভাগ্য যে তেওঁ তোমাৰ নিচিনা এজনী সখী পাইছে।”
পমীলা—“মোৰ গাত এনে কোনো গুণ নাই যে মই মনোমতীৰ নিচিনা এজনা গাভৰুৰ সখীৰ যোগ্য হব পাৰোঁ। তেও যে তেওঁ মোক সখী বুলি মাতে এইটো তেওঁৰ মহতালিৰহে চিন।” লক্ষ্মীকান্ত—“তুমিনো মনোমতীৰ সখীৰ যোগ্যা কেলেই হব নোৱাৰা? যাৰ সখীয়েকলৈ ইমান চেনেহ, সখীৰ সুখেই যাৰ সুখ, সখীৰ দুখেই যাৰ দুখ, এনে এজনী সখীনো মনোমতীৰ কেনেকৈ এলাগী হব? মোৰ বৰ ভাগ্য যে তোমাৰ নিচিনা এজনা গাভৰুৰ আগত মোৰ মনৰ দুখ কব পাৰিম।”
পমীলা—“আপোনাৰ ধন, জন, যৌবন সকলো আছে। ইমানতোনো আপনাৰ দুখ কিহৰ?”
লক্ষ্মীকান্ত—“অকল ধন-জনেই যদি মানুহক সুখী কৰিব পাৰিলেহেঁতেন তেন্তে সংসাৰত ভালেমান মানুহ সুখী হ’লহেঁতেন। কিন্তু কতা পৃথিবীত বালিচাঁহীৰ পৰা গজহস্তীলৈকে কেৱে দেখোন সুখী নহয়।”
পমীলা—“আপোনাৰনো দুখৰ কাৰণ কি?”
লক্ষ্মীকান্ত—“যদি শুনি বেজাৰ নোপোৱা তেন্তে কওঁ শুনা। ইমান দিনে মোৰ হৃদয়ত একো নাছিল; কিন্তু আাজি কিছুমান দিনৰ পৰা মোৰ অন্তৰখনত এটি মূৰ্ত্তিৰ চিন বহিছে। সেই চিন দেখোন মচা নেযায়। অতি যত্ন কৰিও দেখোন পাহৰিব নোৱাৰোঁ।”
পমীলা—“আপুনি আগলৈ উঠি আহিছে; এই সময়ত অৱশ্যে কোনোবা প্ৰীতিৰ বস্তুৰ মূৰ্ত্তি আপোনাৰ হদয়ত অঙ্কিত হব পাৰে; কিন্তু মোকনো মতাৰ সকাম কি? মই জানো সেই মূৰ্ত্তি। আঁতৰাই দিব পাৰিম?”
লক্ষ্মীকান্ত—“তোমাক লগপোৱাৰ সকামেই আহিছোঁ। তুমি মোক মূৰ্ত্তিটো মচি দিব নালাগে। মই অতি যতনেৰে তাক বুকুৰ তলিত লুকুৱাম।”
পমীলা—(মিচিকিয়াই হাঁহি) “বাৰু সেই মূৰ্তিটোনো কাৰ কওকচোন।”
লক্ষ্মীকান্ত—“যদি শুনাত বেজাৰ নোপোৱা তেন্তে কওঁ শুনা। সেই মূৰ্ত্তিটী তোমাৰ সখী মনোমতীৰ।”
লক্ষ্মীকান্তৰ এই কথাত পমীলাই অলপ তললৈ মূৰ কৰিলে; তাৰ পাছত কলে—“ডাঙৰীয়া! আপুনি অলপ ভাবিচিন্তি কথা কব। আমি তিৰুতাজাতি সহজেই অজলা। অলপ কথাতে আমি ভোল যাওঁ। আমাক যেয়ে সেয়ে অলপ কথাতেই বশ কৰি শেহত দুখত পেলায়।”
লক্ষ্মীকান্ত—“তুমি মোক শঠ বা প্ৰতাৰক বুলি বিবেচনা নকৰিবা। আকাশত চন্দ্ৰ সূৰ্য্য থাকে মানে এইটো বঢ়িয়াকৈ জানিবা লক্ষ্মীকান্তৰ কথাৰ লৰচৰ নহয়। ওপৰৰ দেৱতা সকলক মই আজি সাখি কৰিলোঁ এই জনম থাকে মানে মই মনোমতীত বাজে আন কাকো নাভাৱোঁ। যদি ইয়াৰ বিপৰীত কৰোঁ তেন্তে ইন্দ্ৰৰ চৰগ যেন মোৰ মূৰত পৰে।
পমীলা—“ডাঙৰীয়া। আপুনি ইমান মহৎ অঙ্গীকাৰ কৰিব নেলাগিছিল। আপুনি নেজানেনে আপোনাৰ দেউতা আৰু আমাৰ বৰুৱা দুইৰো ভিতৰত মনোবাদ আছে। আপোনাৰ আৰু মোৰ সখীৰে জনসমাজৰ নিয়ম মতে বিয়া হব এইটো আশা কৰিব পাৰেনে? যদি নোৱাৰে, তেন্তে অনাহকতে আপোনাৰ মনটোক দুখ দিব লাখিছে কেলেই? মই খাটিছোঁ আপুনি মোৰ সখীক পাহৰক।”
লক্ষ্মীকান্ত-—“মই এই বিষয়ে ভালেমান ভাবিচিন্তি চাইছোঁ। মোৰ মনে নেমানে। মই পাহৰিব নোৱাৰোঁ আৰু আগলৈকো নোৱাৰিম। তেওঁৰে মোৰে যে বিবাহ হব ইওটো বৰকৈ আশা কৰিব নোৱাৰোঁ যদিও জাতে কুলে একো বাধা নাই। তেওঁ দেখোন মোৰ তেওঁক ভাল পাবলৈ মন যায়। তেওঁক যেন সদায় চকুৰ আগতে ৰাখিম। তুমি অনুগ্ৰহ কৰি মোৰ মনৰ কথাবিলাক তেওঁক জনাবা। কাইলৈ মই মানৰ যুঁজলৈ যাম। সেই যুঁজত মৰোৱেই নে বাটোৱেই কব নোৱাৰোঁ। বাচোঁ যদি মই অহো- পুৰুষাৰ্থ কৰিও মনোমতীক পাবলৈ চেষ্টা কৰিম। মৰোঁ যদিও যুঁজৰ থলিত তেওঁৰ নাম লৈয়েই মৰিম। মোৰ মনত তেওঁক এবাৰ চকুৰ আাগত দেখিবলৈ আৰু তেওঁৰ মিঠা মাত শুনিবলৈ হেপাহ ৰ’ল।”
পমীলা—“আপুনি দেখোন বিৰস মনেৰে কথাবিলাক কবলৈ ধৰিলে। কিবা দেখোন যুঁজলৈ যোৱা কথাও কলে। কিহৰ যুঁজলৈ বা যাব?”
লক্ষ্মীকান্ত—“কিয়! তোমালোকে বুজ পোৱা নাইনে মান ভটিয়াই আহিব লাগিছে। তোমালোকৰ বৰুৱাইনো একো গম পোৱা নাইনে?”
পমীলা—“আমি একো গম পোৱা নাই। সঁচাসঁচিকৈয়ে মান ভটিয়াই আহিছেনে কি?” লক্ষ্মীকান্ত-—“মান সঁচাসঁচিকৈয়ে ভটিয়াই আহিছে। আমাৰ দেউতা পৰহিয়েই গ’ল। মইও কাইলৈ ৰণুৱা দুহেজাৰ লৈ যাব ওলাইছোঁ।”
পমীলা—“আমাৰ বৰুৱাৰ দেখোন একো উমঘামেই নাই। মই এটা কথা খাটোঁ।”
লক্ষ্মীকান্ত—“কি কথা কোৱাঁ।”
পমীলা—“আপুনি আজি ঘৰলৈ উলটি যাব নালাগে। আমাৰ বৰুৱাৰ হাউলিলৈ আহক। তাতে যদি সুবিধা কৰিব পাৰোঁ আৰু আপুনি বেয়া নেপায়, মই মোৰ সখীক আপোনাক এবাৰ দেখুৱাম। নিশা চাই দাঁড় এঠাইত আমাৰ হউলিতে থাকিব। কালি প্ৰাতসতে মই আাপোনাক আমাৰ বৰুৱাৰ আগ কৰি দিম।”
লক্ষ্মীকান্ত—“তোমালোকৰ বৰুৱাক আগকৰি দিয়াৰ নো উদ্দেশ্য কি?”
পমীলা—“উদ্দেশ্য আছে। আমাৰ বৰ নগৰীয়া বৰুৱাৰ তেৰ চৈধ্য হেজাৰ বলবান কোঁচ সৈন্য আছে। বৰুৱা নিজে ভাল যুঁজাৰু বীৰ নহয়। আৰু তেওঁৰ সেই সৈন্যৰ সেনাপতি তিনিজনো সেই। আপুনি নিজে কৈছে আপুনি মানৰ লগত যুঁজ দিবলৈ যাব। যদি যুঁজ দিবলৈ যোৱা হয় বা ইয়াতে মানৰ হাতৰ পৰা আপোনালোকৰ গাওঁ ৰক্ষা কৰিবলৈ মান আহিলে ৰণ দিব খোজে তেন্তে আপুনি আপোনাৰ নিজৰ দুহেজাৰ সৈন্যৰ লগত আমাৰো তেৰ চৈধ্য হেজাৰ ৰণুৱা লগ কৰি লৈ যুঁজ দিয়ক। মই বৰ নগৰীয়া বৰুৱাক কৈ যেনে তেনে সৈন্য দিব পাৰিম।” লক্ষ্মীকান্ত-—কিন্তু বৰনগৰীয়া বৰুৱাই মোক তেওঁৰ শত্ৰুৰ পুতেক বুলি নিঘিণাবনে?”
পমীলা—“আমাৰ বৰুৱা তেনে মনৰ মানুহ নহয়, এইটো মই ডাঠকৰি কব পাৰোঁ। তেওঁ কেৱল অলপ শোপাঢিলা বিধৰ মানুহ। এই সময়ত আৰু এই সুবিধাতে আপোনালোকৰ ঘৰে আৰু আমাৰ ঘৰে মিল হবলৈকো বৰ ভাল হৈছে। মই আজি ৰাতিয়েই বৰুৱাক সকলোবিলাক কথা জনাই সকলো থিৰ কৰি থম। কালি ৰাতিপুৱাই আপোনাক আগ বঢ়াই দিম।
লক্ষ্মীকান্ত—কিন্তু নিশা মই ইয়াত থাকিম বুলি দেখোন। কৈ অহা নাই।”
পমীলা—“আপোনাৰ লগৰ মানুহটোৰ আগত কৈ পঠাওঁক আপুনি সৈন্যসামন্ত গোটাবৰ নিমিত্তে ৰাতি গাৱঁতে ৰ’ল।”
পমীলাৰ এই কথাত লক্ষ্মীকান্তৰ মনত দুটি ভাব আহি উপস্থিত হ’ল। তেওঁৰ এক ভাব হ’ল যে তেওঁক যেতিয়াই বাপেকে নিজৰ গাওঁখন ৰক্ষা কৰিবলৈ এৰি থৈ গৈছে, তেনেস্থলত সেই গাওঁ এৰি ৰাতি আন ঠাইত থকাটো উচিত নহয়। তেওঁৰ দ্বিতীয় ভাব হ’ল যে তেওঁ যদি এই সুবিধাতে মনোমতীক চাই নলয় তেন্তে কিজানি তেওঁ আৰু এনে সুবিধা নেপায়েই। এই দুটি ভাবে তেওঁৰ মনক অস্থিৰ কৰিলে। কিন্তু তেওঁ যেতিয়া ভাবিলে যে মনোমতীক দেখা পোৱাৰ লগে লগে বৰনগৰীয়া বৰুৱাৰ ঘৰে সৈতে মিল হবৰ সম্ভৱ আছে আৰু তেওঁৰ পৰা তেৰ চৈধ্য হেজাৰ সৈন্যও পাবৰ আশা আছে; তেতিয়া, তেওঁৰ বৰনগৰীয়া বৰুৱাৰ হাউলিলৈ যাবলৈ ইচ্ছাটো বৰ বলবতী হ'ল। তেওঁ পমীলাৰ কথাৰ উত্তৰ দিবলৈ মন কৰোঁতেই চতুৰী পমীলায়ে কলে—“আহক!—কোনো চিন্তা নকৰিব। আপুনি ক’তো অথলত নেথাকে!” এই কথা কৈয়েই প্ৰমীলাই ডেকা বৰুৱাৰ লগৰ মানুহটো মাতি আনি কলে—“ককাই! তই ঘৰলৈ উলটি যা। আই মাতৃক কবিগৈ বপাই সৈন্যবিলাকক থুপ খুৱাই ৰাতিপুৱাই লৈ যাবৰ নিমিত্তে নিশাটো গাৱঁতে ৰল।” পমীলাৰ এই কথাত ডেকা বৰুৱাৰ সেই মানুহটো ঘৰলৈ উলটিল। ডেকা বৰুৱাই মন্ত্ৰমুগ্ধ (১) মেৰছাগৰ দৰে পমীলাৰ পাছে পাছে গ’ল। গড়াৰ আৰৰ পৰা শান্তিৰাম ভকত আহি লগ লাগিল আৰু তাৰ পাছত তিনিউ বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ফালে বাট ললে।