মনোমতী/প্ৰথম খণ্ড- ঊনবিংশ অধ্যায়
বৰনগৰ আক্ৰমণ
পমীলাই মনোমতীৰ তাৰ পৰা ওলাই আহি ফুলনিত বহি অলপ পৰ শোক কৰি নিজৰ মনক প্ৰবোধ দি চণ্ডী বৰুৱাৰ চৰাঘৰলৈ আহিল। পমীলা যেতিয়া এইদৰে আহিছিল তেতিয়া চণ্ডী বৰুৱাই চৰাঘৰত বৰ ওখ গাৰু এটাৰে সৈতে পাটি পৰা খাট এখনত বহি আছিল। তেওঁৰ আগত শান্তিৰাম ভকত আৰু আন এজন মানুহ বহি কথাবতৰা পাতিছিল। তেওঁৰ সমুখত এখন ৰূপ খটোৱা ডাঙৰ শৰাইত তামোলপান আছিল। একাষে এটা চৰিয়াৰ ওপৰত মুখত এখন ফুলাম গামোছাৰে সৈতে এটা ৰূপৰ ডগডগি লোট। বটাটোৰ কাষত এটা পিকদান; মূৰ শিতানৰ ফালে এডাল দীঘল নলেৰে সৈতে ধোৱাঁখোৱা। চৰাঘৰটোৰ চৌতিবিলাকত ঠায়ে ঠায়ে হাতীৰ ফয় আৰু আন আন জৰী। সিফালে একাষত হিঙ্গুল হাইতাল খুউৱা দুখন ডোলা। চৰাঘৰৰ বৰ বৰ শালৰ খুটাবিলাকত পহুৰ শিং। সেই শিংবিলাকত প্ৰত্যেকটোৰ ওপৰত দুই চাৰিখন তৰোৱাল। বুলনী ঘৰলৈ সোমাই যোৱা দুৱাৰ মুখৰ ওপৰৰ বেৰখনত দহ বাৰ খন বাৰূ আৰু সেই বাৰূৰ দুইওকাষে দহপাত শেল।
আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়ত বৰনগৰীয়া চণ্ডী বৰুৱাৰ বয়স দুকুৰি বছৰমান হৈছিল। তেওঁ মানুহজন বৰ হটঙা দীঘল, আৰু শকত হাড়ৰ আছিল। তেওঁৰ বৰণ তেলকলা, মুখখন সুন্দৰ ঘূৰণীয়া। মুখত একোচা বৰ দীঘল আৰু শকত গোঁফ। হাতভৰিবিলাক শকত আৱত। তেওঁৰ গাত ইমান বল আছিল যে প্ৰবাদ আছে তেওঁ হেনো মতা মহটোকে শিঙত ধৰি ৰাখিব পাৰিছিল, সেই সময়ত অসমৰ প্ৰায় সকলো ডাঙৰীয়া, বিষয়া সকল আৰু সাধাৰণ প্ৰজাবৰ্গৰ ভিতৰতো দুই এজন মানুহ ইমান ডাঙৰদীঘল বলী, আৰু বুকুডাঠী আছিল যে আমি এতিয়া সেই পুৰুষসকলৰ সতি সন্তান বুলি চিনাকি দিবলৈকে লাজলগা হৈছে।
মানুহে কৈছিল, চণ্ডী বৰুৱা হেনো বৰ প্ৰতাপী আৰু তাৰ লগে লগে অলপ দৌৰাত্যকাৰী বিধৰ মানুহ আছিল। কিন্তু আমি ভালকৈ জানিব পাৰিছোঁ চণ্ডী বৰুৱা নিজে কোনে দৌৰাত্যকাৰী বিধৰ মানুহ নাছিল। তেওঁৰ আঁৰত থাকি তেওঁৰ তলতীয়া দুই এজন বিষয়াইহে সাধাৰণ প্ৰজাবৰ্গৰ ওপৰত কেতিয়াবা কেতিয়াবা অলপ অচৰপ অত্যাচাৰ কৰিছিল। দৰাচলতে চণ্ডী বৰুৱাৰ প্ৰকৃতি বৰ শান্তশীল। তেওঁৰ মনত খং, হিংসা, পৰশ্ৰীকাতৰতা ইত্যাদি কুপ্ৰবৃত্তিবিলাক নাছিল। তেওঁ হোজা বিধৰ মানুহ। যেয়ে যেনি নিয়ে সেই পিনেই চলিছিল। হোজা হোৱাৰ নিমিত্তেই তেওঁৰ সকলো কাৰ্য্য শোপা-ঢিলা আছিল; সেই কাৰণে যুগীৰ পামৰ পৰা ইমান ওচৰতে থাকিও আাজিলৈকে মান অহা কথা বুজ পোৱা নাছিল।
পমীলা যেতিয়া তেওঁৰ ওচৰ চাপিছিল তেতিয়া তেওঁ শান্তিৰাম ভকতে সৈতে ধৰ্ম্ম আলাপ কৰি আছিল এনেতে পমীলা আহি ওচৰ পালে। পমীলাক দেখি তেওঁ সুধিলে— “কি লাগে পমীলা?” পমীলা—“দেউতা! মোৰ এটা কথা জনাবলগীয়া আছে।” বৰুৱা—“কি কথা কোৱা।” পমীলা— “দেউতা! মই শুনিলোঁ মানে হেনো গুৱাহাটীত বৰফুকনক যুঁজত ঘটুৱাই ভটিয়াই আহিব লাগিছে।” বৰুৱা—“পমীলা! তুমি এই কথা ক'ত শুনিলা? বৰফুকনে সৈতে মানৰ যুঁজলগা হলে মোলৈ বৰফুকনে সৈন্য সামন্ত খুজি কটকী পঠালেহেঁতেন।” পমীলা—“দেউতা! কটকী কিয় আহি নেপালে কব নোৱাৰোঁ; কিন্তু মই সঠিককৈ শুনিছোঁ মান হেনো ভটিয়াই আহিব লাগিছে আৰু শুনিলোঁ যুগীৰ পামৰ বৰুৱা হেনো দুহেজাৰ ৰণুৱা লৈ মানৰ লগত যুঁজ দিবলৈকে হওক বা আন কোনো কাৰণেই হওক উজাই গৈছে। মোৰ কথা হয় নে নহয় আমাৰ আতৈক শোধক।” পমীলাৰ এই কথাত চণ্ডী বৰুৱাই শান্তিৰাম ভকতক শুধিলে—“শান্তিৰাম! হয়নে? পমীলাই কোৱা কথা সঁচানে? তুমিনো ক’ত কি শুনিলা কোৱাচোন।” শান্তিৰাম—“দেউতা! মই কালি দুফপৰীয়া খাই বৈ উঠি খঞ্জুৰিটো লৈ যুগীৰ পামৰ ফালে গৈছিলোঁ। তাতে শুনি আহিলোঁ মান হেনো ভটিয়াই আহিব লাগিছে। হলকান্ত বৰুৱাও আগবাঢ়ি যোৱা কথা সঁচা। তেওঁৰ পুতেক লক্ষ্মীকান্ত ডেকা বৰুৱাই মানুহ দুনুহ লৈ গাওঁখন ৰক্ষা কৰি আছে।” বৰুৱা— “তেন্তে এতিয়া আমাৰ উপায়?” শান্তিৰাম—দেউতাৰ যেনে ইচ্ছা।” চণ্ডী বৰুৱাই শান্তিৰামৰ এই কথা শুনি পমীলাক কলে—“পমীলা! তুমি ভিতৰলৈ যােৱাঁ। আয়েৰাক মাতি আনি বেৰৰ কাষত থাকিবলৈ কোৱা”। আৰু সেইপােনে কাতিয়াকো পঠাই দিয়া।” বৰুৱাৰ এই আদেশ পাই পমীলা ভিতৰলৈ গ'ল আৰু ততালিকে বৰুৱানীক টোপনিৰ পৰা তুলি আনি বুলনী ঘৰত বহুৱালে। কাতিয়া লগুৱাও তালৈ আহিল। বৰুৱানী আহি বুলনী ঘৰ পাওঁতে বৰুৱাই কলে—“বপাৰ মাক! শুনিছানে? মান হেনাে ভটিয়াই আহিব লাগিছে। এতিয়ানো আমি কি কৰিম?” বৰুৱানীয়ে ভিতৰৰ পৰা পমীলাৰ আগত কৈ পঠালে—“ডাঙৰীয়াক মইনো কি দিহা দিম! ডাঙৰীয়ায়ে যেনে ভাল দেখে কৰক।” ঘৈণীয়েকৰ এই কথা শুনি চণ্ডীবৰুৱাই পমীলাক শুধিলে—“পমীলা! এতিয়ানো আমি কি কৰিম?” পমীলা—“দেউতা! আপুনি আমাৰ সেনাপতি তিনিজনক মতাই আনি আলচ কৰক। মই বেটীৰ এটা কথা কবলগীয়া আছে। মই শুনিছোঁ যুগীৰ পামৰ বৰুৱাৰ পুতেক হেনো বৰ বীৰ আৰু উৎসাহী। তেওঁক হেনাে বাপেকে মানৰ লগত ৰণ দি তেওঁলােকৰ গাওঁখন ৰক্ষা কৰিবলৈ থৈ গৈছে। মই বঢ়িয়াকৈ জানাে আমাৰ সেনাপতি তিনিজন সােপাঢিলা মানুহ আৰু ভয়াতুৰ। মােৰ বিবেচনাৰে হলে কাইলৈ প্ৰাতসতে তেওঁক মতাই আনি তেওঁৰ নিজৰ ৰণুৱা আৰু আমাৰ ৰণুৱা বিলাককে তেওঁক সপি দি এই দুখন গাওঁ ৰক্ষা কৰিবলৈ সেনাপতি পতা যাওঁক। তেওঁ ডেকা মানুহ। তেওঁৰ দুই তিনি হেজাৰ আৰু আমাৰ তেৰ চৈধ্য হেজাৰ ৰণুৱা পালে তেওঁ মানৰ লগত মৰণত শৰণ দি যুঁজিব। দেউতাই আদেশ কৰক আমি কাইলৈ প্ৰাতসতে তেওঁলৈ মানুহ পঠাই দিওঁ।” চণ্ডী বৰুৱা— “পমীলা! তুমি সজ কৈছা। কিন্তু যুগীৰ পামৰ বৰুৱাই মোক “ঢেকেৰী” বুলি ঘিণায়। তেনে স্থলত তেওঁৰ পুতেকেনো আমাক নিঘিণাবনে? মাতি পঠালে জানো আহিব?” শান্তিৰাম —“দেউতা! মই বঢ়িয়াকৈ জানি আহিছো যুগীৰ পমীয়া বৰুৱাৰ পুতেকৰ মনত অহমীয়া ঢেকেৰী ইত্যাদি ভাব নাই। তেওঁ দেশৰ কুশলৰ হকে সদায় যত্নবান। তেওঁ নিজ মুখে প্ৰকাশ কৰিছে তেওঁ তেওঁৰ ৰণুৱা দুহেজাৰৰ লগত আমাৰ বৰনগৰৰ তেৰ হেজাৰ কোচ সৈন্য পোৱা হলে মানক ভালকৈ এপালি দি কাল লৈকে নাম ৰাখিলেহেঁতেন।” চণ্ডী বৰুৱা—“তেনেহলেতো বৰ বিশদ কথাই। বাৰু শান্তিৰাম! তুমি কালি প্ৰাতসতে যুগীৰ পামলৈ গৈ ডেকা বৰুৱাক লৈ আহিবা৷ এতিয়া কাতিয়াই গৈ আমাৰ সেনাপতি তিনিজনক মাতি আনক।” বৰুৱাৰ এই কথাত কাতিয়া তেতিয়াই সেনাপতিহঁতৰ ওচৰলৈ গ’ল আৰু “বৰুৱাই মাতিছে” বুলি কৈ তিনিউকে লগতে লৈ আহি বৰুৱাৰ সন্মুখ কৰি দিলে। বৰুৱাই তেতিয়া তেওঁবিলাকলৈ চাই কলে— “সেনাপতি সকল! মই শুনিলোঁ মান হেনো ভটিয়াই আহিব লাগিছে। এতিয়া আমিনো কি কৰিম?” বৰুৱাৰ এই কথাত অলপ তেজগোৰাকৈ ডেকা মিনাৰাম নামৰ সেনাপতিজনে কলে—“দেউতাই আদেশ কৰক বন্দীহঁতে ৰাতাৰাতি সৈন্য সামন্ত গোটাই লৈ ৰাতিপুৱালৈ সাজু হওঁ। আৰু মানক অলপ আগচি ধৰোঁগৈ।” কান্তিৰাম নামে এজন বয়সীয়াল ৰণুৱাই কলে—“দেউতা। মিনাৰামে যি কৈছে সেইটো বেয়া বুধি নহয়। কিন্তু মোৰ মনেৰে হলে দেউতাই আৰু এটা কথা কৰিব লাগে। দেউতাই পাঁচ ছয়খনমান নাও এতিয়াই অনাই ঘাটত বন্ধাওক; আৰু মান অহা বুজ পালেই আই মাতৃদেউতা, আইদেৱ, বোপা দেউতা, আইকণ, বৰআইটী এই আটাই কেউজনকে আৰু হাতত অলপ ধনবিত লৈ মানাহেৰে উজাই যাবলৈকো সষ্টম হৈ থাকিব লাগে। আজি নিশাই ডোম কুৰিজন অনাই ৰাখক যাতে ততালিকে নাৱত উঠিব পৰা যায়। মিনাৰাম আৰু কান্তিৰাম ৰণুৱাৰ এই কথাত ঘিণলগা নামেৰে মাদবয়সীয়া তৃতীয় সেনাপতিজনে কলে—“দেউতা! মিনাৰাম আৰু কান্তিৰামে যি কথা কলে সি মোৰ মনত নালাগিল। এতিয়াও মান ক’ত আছে তাৰ ঠিকনাই হোৱা নাই; এনেস্থলতনো কেলেই ইমান উখল-মাখল লগাব লাগিছে? জিৰাই শতাই সকলো কৰা ভাল।” সেনাপতি তিনি জনৰ মুখে এইদৰে তিনিৰকম কথা শুনি চণ্ডীবৰুৱাৰ উৱাদিহ নোহোৱা হ’ল। শেহত শান্তিৰাম আৰু পমীলাক শুধিলে— “তোমালোকে কি কোৱাঁ?” শান্তিৰামে কলে—“দেউতা! কব নোৱাৰি কি জানি আজি নিশাই মান আহি পায়। মোৰ যদি কথা শুনে তেন্তে আমাৰ এতিয়াৰে পৰা সাজু হোৱা যুগুত। দেউতাই এতিয়াই ডোমহঁতক আানিবলৈ পঠাওক। দেউতাৰ গড়ৰ তিনিউ দুৱাৰমুখে উত্তৰ দুৱাৰমুখটো এৰি, তিনিটা বৰটোপ পতাওক। সেনাপতি তিনিজনে ৰাতাৰাতি স্যৈ-সামন্তাবিলাকৰ জান দি থওক যাতে কালি প্ৰাতসতে সকলোৱে নিজ নিজ অস্ত্ৰ লৈ ওলাই আহে।” পমীলাই ভিতৰৰ পৰা কলে—“এৰা দেউতা! মইও তাকে কওঁ।” শান্তিৰাম আৰু পমীলাৰ এই কথাত বৰ-নগৰীয়া বৰুৱাই তেতিয়াই ৰণুৱা তিনিজনক দিহাদিহি পঠালে। এযোৰা মানুহ পঠাই ডোম কুৰিজন অনাই চৰাঘৰত শুৱাই থলে আৰু আন কেইজনমান মানুহৰ হতুৱাই তেওঁৰ গড়ৰ তিনি দুৱাৰত তিনিটা বৰটোপ পতালে। এইদৰে ঠিকঠাক কৰি নিশ্চিন্ত হৈ ৰাতি দুপৰমান হোৱাত বৰুৱা শুলেগৈ। শান্তিৰাম ভকতে নিজৰ বহালৈ বাট ললে। পমীলাই “মই শোওঁগৈ” বুলি বৰুৱাৰ ঘৰৰ পৰা ওলাই আাহিল। আৰু শান্তিৰাম ভকতৰ পাছে পাছে তেওঁৰ বহালৈ গ’ল। শান্তিৰাম ভকতে পমীলাক সিমান নিশা তেওঁৰ ঘৰলৈ যোৱা দেখি সুধিলে—“পমীলা! তুমি ইমান নিশা কেলেই আহিলা?” পমীলা—“আতৈ। আমাৰ আৰু এফেৰি কাম কৰিবলৈ বাকী থাকিলে। বৰটোপ তিনিটাৰ ওচৰত তিনিটা মানুহ থোৱাৰ লাগিছিল। এতিয়া বৰুৱা শুলেগৈ। তেওঁক টোপনিৰ পৰা তুলি খেচালত কৰাটো উচিত নহয়। কি দিহা কৰোঁ তাকে আলচিবলৈ আহিলোঁ। মোৰ মনে এনে লাগিছে অলপতে আমাৰ এইবিলাকত কিবা এটা ঘোৰ শঙ্কট হব; সেই দেখি আপুনিয়ে আৰু ময়ে নোশোওঁ দিয়ক। গড়ৰ ভিতৰলৈ যাওঁ আহক।” শান্তিৰাম—“পমীলা! তুমি বৰ ভয় খাইছা? কি হব কেনেকৈ জানিলা?” পমীলা—“মোৰ মনত কিবা এটা উখল-মাখল লাগিছে। যি কি নহওক বিপদৰ আশঙ্কা থাকিলে জাগি শোৱা আৰু বাচি খোৱা জানো উচিত নহয়? সেই দেখি ব’লক গড়ৰ ভিতৰলৈ যাওঁ। আপুনি যাবনে নেযায় কওক।” শান্তিৰাম—“এৰা! তুমি মোক আগেয়েই বান্ধি চাটি লৈছা নহয় এতিয়া তুমি যি কৰিব দিয়া তাকে কৰিবই লাগিব। কিন্তু পমীলা! তুমি বেয়া নোপোৱা যদি মই কথা এটা কওঁ। তুমি মোৰ ইয়ালৈ সঘণে আহি থাকিলে মানুহে মোৰ চৰিত্ৰৰ ওপৰত দোষ দিব। মই হৈছোঁ কেৱলীয়া। সংসাৰত ভালেমান দুখ শোক পাই গৃহস্থী এৰিছোঁ। এতিয়া মানুহে মোক এইদৰে সদায় তোমাৰ লগত লেনাদেনা কৰি থকা দেখিলে ভাল নুবুলিব। কেৱলীয়া হৈয়ো এই সংসাৰত থিয় দিবলৈ ঠাই নেপাম!” পমীলাই শান্তিৰামৰ এইবিলাক কথা শুনি পোনেই অলপ তললৈ মূৰ কৰি তাৰ পাছত। কলে,—“আতৈ! মই অৱশ্যে এইটো ভাল কাম কৰা নাই। বাৰু মই আৰু আজিৰ পৰা আপোনাৰ ওচৰলৈ নাহো। কিন্তু আজি ৰাতি চাই দাঁড়ৰ নিমিত্তে আপোনাক দিগ্দাৰি কৰিম। আমাৰ সকলোৰে বৰুৱাৰ ভালৰ অৰ্থে যত্ন কৰা জানো যুগুত নহয়? কিন্তু আপুনি নেদেখিছে বৰুৱাৰ ভালৰ হকে উপায় কৰা মানুহ কেইটা আছে। গড়ৰ দুৱাৰমুখ তিনিটাত বৰটোপ তিনিটা পাতি থৈয়ে সকলোবিলাক ঘৰাঘৰি শুলে। এনে দুৰ্দিনৰ সময়ত এটা মানুহো এই নিশাটো সজাগে থাকিবলৈ নোলাল। বিপদৰ কালতো জাগি শুবলৈ আৰু বাচি খাবলৈ আমাৰ বৰুৱাৰ মানুহে নেজানিলে। সেই দেখি আহক আপুনি আৰু ময়ে গড়ৰ ভিতৰত সজাগে থাকোঁগৈ।” পমীলাৰ এই কথাত শান্তিৰাম ভকতৰ মন লৰিল। পমীলাক ভকতে কলে—“পমীলা। অলপ বহাঁ। মই কানি কাপোৰ, তামোল, কটাৰি, টিঙ্গিৰি তুলা এইবিলাক লওঁ।” এই বুলিয়েই ভকতে সাজ্কাচ্ কৰিবলৈ ধৰিলে।
পাঠক! আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়ৰ অসমীয়া মানুহৰ জুইশলা, ছাতা জোতা এইবিলাক বস্তু নাছিল। সকলো অসমীয়া মানুহৰে একোযোৰ টিঙ্গিৰি আৰু তুলা আছিল। দিনত এঠাইৰ পৰা আন ঠাইলৈ যাব লাগিলে অসমীয়া মানুহে জাপি, লাঠি আৰু কটাৰি এই তিনিবিধ বস্তু নোলোৱাকৈ খোজ নেকাঢ়িছিল। ৰাতি হলে টিঙ্গিৰি তূলা, কটাৰি, তামোল খোৱা হাচতি এখন নোলোৱাকৈ নলৰিছিল। এইদৰে সাজি কাচি শান্তিৰাম ভকত পমীলাৰ লগত ওলাল আৰু দুইও হাউলি এৰি বৰুৱাৰ গড়ৰ ভিতৰত সোমাল। গড়ৰ ভিতৰত সোমাই পমীলাই শান্তিৰাম ভকতক কলে —“আতৈ! আপুনি চৰাঘৰতে থাওক। মই সখীৰ ঘৰৰ দুৱাৰমুখতে পৰি থাকোঁগৈ। কিন্তু মনত ৰাখিব জাগি শুব বাচি খাব।” এইদৰে কথা বতৰা হৈ দুইও দুফালে গ’ল। শান্তিৰাম ভকত বৰুৱাৰ চৰাঘৰতে একাষত পৰি ৰ’ল, আৰু পমীলাই বৰুৱাৰ ভিতৰ গড়ৰ বাহিৰত থকা গোহালী ঘৰ টোতে বহি বেৰত আওজি টোপনিয়াবলৈ ধৰিলে।
ইফালে যুগীৰ পামৰ পৰা হলকান্ত বৰুৱা আৰু মিঙ্গিমাহা তিলোৱা সসৈত্যে বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ফালে আহিবলৈ ধৰিলে। সেই সময়ত ৰূপহী জোনটী ফটফটিয়াকৈ জ্বলিছিল। আকাশখন নিৰ্ম্মল আছিল; ক’তো এফেৰিও মেঘ নাছিল। নীল আকাশত লক্ষ লক্ষ তৰাৰ মাজত ৰূপহী জোনটী জিলিকি তেওঁৰ সুধা ৰশ্মিৰে গোটেইখন জগতকে বুৰাইছিল। ৰূপহী জোনাইৰ ৰশ্মিত প্ৰত্যেক গছ, নদী, বন ইত্যাদি এটাইবিলাকেই ৰূপোৱালী সাজেৰে সুশোভিত হৈছিল। অসভ্য মানহঁতৰ মুকলি তৰোৱালবিলাক সেই পোহৰত চিক্মিক্ কৰি জ্বলিছিল। এনে সুন্দৰী নিশাটীয়েও আজি চণ্ডী বৰুৱাৰ ভাগ্যচক্ৰৰ ওপৰত ভয়ঙ্কৰী মূৰ্ত্তি ধাৰণ কৰিলে।
ৰাতি নিজম পৰিল। লাহে লাহে নিশা তিনি পৰ অতীত হ'ল। এহালি ডাউক চৰায়ে পুৱতী নিশাৰ গীত গাবলৈ ধৰিলে। “কোৱা কোৱা-কোৱা-কোৱা” কৰি ডাউক হালিয়ে প্ৰকৃতি দেবীক মধুৰ কৰিলে। নিশ্চিন্ত আৰু নিশঙ্ক মনেৰে চণ্ডী বৰুৱাই নিজৰ ঘৰৰ ভিতৰত ল'ৰা তিৰুতাৰে সৈতে সুখেৰে শুইছিল। অলপ পৰৰ মূৰতেই যে তেওঁৰ সেই মোহনিদ্ৰা চিৰকাললৈকে দূৰ হব এইটো চণ্ডীবৰুৱাই নেজানিলে। মান আৰু হলকান্ত ৰূপী প্ৰৱল ধুমুহা বতাহে যে তেওঁৰ জীৱনৰ নাওখনি বুৰাবলৈ আহিছে এইটো চণ্ডী বৰুৱাই গম নেপালে। আজি চণ্ডী বৰুৱাৰ নাওখন বতাহত ঢৌ খেলোৱাৰ আগেয়ে থিৰ, নিতাল আৰু নিশঙ্ক হৈ ৰ'ল।
এইদৰে পুৱতী নিশাৰ সময়ত হলকান্ত বৰুৱা মিঙ্গিমাহা ক্যাডেউঙ সসৈন্যে চণ্ডীবৰুৱাৰ গড়ৰ ওচৰ পালেহি। সিহঁতৰ ভৰিৰ খোজৰ শৱদত শহাকণীয়া পমীলাই তৎক্ষণাৎ সাৰ পালে। চাব মাৰি উঠি লৰি পচিমৰ দুৱাৰমুখলৈ গৈ দেখিলে যে অলেখ অগণন ৰণুৱা হাতত তৰোৱাল লৈ আহিব লাগিছে। পমীলাই বুজিলে সেইবিলাক মান। সুকোমলা কিন্তু আজি প্ৰকৃত বীৰৰমণী পমীলাই তৎক্ষণাৎ বৰুৱাৰ ঘৰলৈ লৰি গ’ল আৰু একেটানে শান্তিৰাম ভকতক তুলি কলে—“আতৈ। উঠক। আাজিয়েই আপোনাৰে আৰু মোৰে আমৰ পাল আহিল। আপুনি লৰি গৈ পূবদুৱাৰমুখৰ বৰটোপটোত জুই দিয়ক গৈ। মই, দক্ষিণৰ দুৱাৰমুখৰটোত দিওঁ। অলেখ অগণন মান আহিব লাগিছে। আপুনি সাজু হওক। পমীলাৰ এই কথা শুনিয়েই শান্তিৰাম ভকতে একেচাবে দৌড়ি পূব- দুৱাৰমুখলৈ গ’ল। পমীলাই ইফালে ডোমহঁতক লৰালৰিকৈ টোপনিৰ পৰা তুলি নাৱলৈ পথালে। তাৰ পাছত চণ্ডীবৰুৱাৰ শোৱা খোটালি সোমাই চিয়ঁৰিবলৈ ধৰিলে—“আই! দেউতা। উঠক। উত্তৰৰ দুৱাৰমুখেদি নাৱলৈ যাওক। মই সখীক পঠাই দিওঁগৈ।” পমীলাই এই কথা কৈ উঠিল মাথোন এনেতে মানহঁতে কিৰিলি মাৰি জয়ধ্বনি কৰিলে। পমীলাই কলে—“দেউতা! শুনক। শুনক।” চণ্ডীবৰুৱাই তেতিয়া গা ডাঙি উঠিল। তেওঁৰ পুতেক আৰু ঘৈণীয়েকে থৰ থৰ কৰি কঁপিবলৈ ধৰিলে। চণ্ডীবৰুৱাই কলে—পমীলা! ডোমহঁত উঠিলনে?” পমীলা—“ডোমহঁত নাৱলৈ গৈছে। আপোনালোক যাওঁক। মই সখীক লৈ আহোঁগৈ। আপোনালোকে নাৱত উঠি আৰু বৈ নেথাকিব। নাওঁ জাত কৰি এৰি দিব। সখীলৈকে আৰু মোলৈকে চাৰিজন মানুহে সৈতে এখন নাও এৰিব।” এই কথা কৈয়ে পমীলা ঘৰৰ ভিতৰৰ পৰা ওলাই আৰু লৰ মাৰি সখীয়েকৰ ঘৰলৈ আহিল; এনেতে তেওঁ দেখিলে মানহঁতৰ এজাক প্ৰায় গড়ৰ পূবদুৱাৰমুখৰ ফালে আহিছে। সখীয়েকক চিঞৰ এটা মাৰিয়েই পমীলা দক্ষিণৰ দুৱাৰমুখলৈ গ’ল। আৰু তাত গৈ বৰটোপটোৰ ওচৰত টিঙ্গিৰি আৰু তুলা লৈ থিয় দিলে। মানহঁত দুৱাৰমুখৰ ওচৰ পাওঁ পাওঁ হওঁতেই কৰ্ম্মকুশলা পমীলাই চেগ্ বুজি টিঙ্গিৰি মাৰি বৰটোপত জুই দিলে। তৎক্ষণাৎ দক্ষিণদুৱাৰমুখৰ বৰটোপটো “গুৰুম” কৰি ফুটিল। সেই বৰটোপৰ গুলিত প্ৰায় পাঁচ ছয় শ মান পৰিল। সিফালে কৰ্ম্মকুশল শান্তিৰামেও সময় বুজি পূবদুৱাৰমুখৰ বৰটোপটোত জুই দিলে। সেই বৰটোপৰ কোবতো প্ৰায় পাঁচ ছয় শ মান পৰিল। দক্ষিণ বৰটোপটো মাৰি এটায়েই পমীলা পচিমৰ বৰটোপটোৰ ফালে গ’ল। কিন্তু তেওঁ বৰটোপৰ ওচৰ নৌ পাওঁতেই দহোটা মান দুৱাৰ ভাঙি গড়ৰ ভিতৰত সোমাল আৰু বন্দুলা নামে মান এটাই পোনেই আগতে পমীলাক পাই তেওঁক হাতত ধৰি বান্ধি পেলালে। মুখত শোপা এটা দি তেওঁক বান্ধি ছাতি থলে। পূবৰ মানজাকেও গড়ৰ ভিতৰত সোমাই শান্তিৰাম ভকতক ধৰিলে আৰু বান্ধিছাতি পেলাই থৈ বৰুৱাৰ ঘৰৰ ফালে আহিল। ইফালে হলকান্ত বৰুৱাই আন এজাক মান লৈ চণ্ডীবৰুৱাৰ ঘৰলৈ গ’ল। ঈশ্বৰৰ ইচ্ছাত সিহঁত আহি পোৱাৰ আগখিনিতে চণ্ডীবৰুৱাৰ ঘৈণীয়েক আৰু পুতেক নাৱত উঠিলগৈ। চণ্ডীবৰুৱাই অলপ ৰূপবান হাতত লবলৈ পাছ পৰিছিল; আৰু ৰূপবান লৈ উঠি ঘৰৰ পাছদুৱাৰেদি পলাবলৈ ওলাইছিল মাথোন; এনেতে হলকান্তই কুৰিজন ৰণুৱাই সৈতে তেওঁক বেঢ়ি ধৰিলেগৈ; আাৰু শোধ পোচ্ নোহোৱাকৈ তেওঁক হাতে ভৰিয়ে বান্ধি পেলালে। তাৰ পাছত মানহঁতে তেওঁৰ ভড়াল, সম্পত্তি লুটিলে।
পমীলাই যেতিয়া প্ৰথমবাৰ মনোমতী আৰু ডেকা বৰুৱাক বাহিৰৰ পৰা মাতে তেতিয়া তেওঁবিলাক দুইও দুটা খোটালিত নিদ্ৰাত পৰি আছিল। ওৰে আগ নিশা তেওঁবিলাক দুইও মধুৰ আলাপ কৰি সাৰে থাকি মাজনিশাৰ পৰা দুইও দুটা খোটালিত পৰি ভবিষ্যতৰ সুখৰ সপোন দেখিছিল। পমীলাই বৰকৈ চিয়ঁৰি মাতোঁতেও—তেওঁবিলাকে সাৰ নাপালে। পমীলাই মানহঁতক গড় সোমাবলৈ নিচেই ওচৰ চপা দেখি তেওঁবিলাকক আৰু জগাবলৈ চেষ্টা নকৰি বৰটোপৰ ওচৰলৈ গৈছিল আৰু বৰনগৰীয়া বৰুৱাৰ অৰ্থে তেওঁৰ সুকোমল হাতেৰেও বৰটোপত জুই দিছিল। ইয়াৰ পাছতে ধৰা পৰি তেওঁ বন্দী হ’ল। মনোমতী আৰু ডেকা বৰুৱাক তেওঁ জগাই পলুৱাবলৈ সময় নাপালে। কিন্তু যেতিয়া গুৰুম্ গুৰুম্ কৰি বৰটোপৰ শবদ আৰু মানহঁতৰ জয়ধ্বনি শুনিলে তেতিয়াই তেওঁবিলাক দুইও সাৰ পালে। চাকি জগাই মনোমতী একেচাবে উঠি বহিল। লক্ষ্মীকান্তও নিজৰ খোটালিৰ পৰা লৰি মনোমতীৰ খোটালিলৈ আহিল। মনোমতীয়ে ভয়তে থক্ থক্ কৰি কঁপি লক্ষ্মীকান্তক সুধিলে—"কিহৰ গৰ্জ্জন হ’ল?” ডেকা বৰুৱাই কাণ অনাই শব্দ শুনি বুজিলে শত্ৰুৱে আহি গড় আক্ৰমণ কৰিছে। জানিব পাৰিলে সেই শক্ৰ মান, তেতিয়া ডেকা বৰুৱাই মনোমতীক কলে—“লাহৰি! এই ঘৰৰ ভিতৰত তৰোৱাল বা জাঠি নাইনে? মনোমতীয়ে কলে—“সি খোটালিলৈ যাওক। তাতে বেৰতে আমাৰ দেউতাই এখন তৰোৱাল আৰু এপাত জাঠি থৈছে। সেই পোনে এটা কৰণিত ক্ষুৰ, কটাৰি ইত্যাদি আৰি থৈছোঁ। আপুনিনো কি কৰিব খুজিছে? ” লক্ষ্মীকান্ত—“লাহৰি! কথা বেয়া হ’ল। মান আহি গড় সোমাল তুমি পাৰা যদি সেই খিড়িকীৰে পলোৱা। মই ইফালে তুমি পলোৱা মানে দুৱাৰখন ৰক্ষা কৰোঁ—শুনিছানে দুৱাৰত গোৰ ধৰিছে” এই বুলি কৈয়েই লক্ষ্মীকান্তে একেলৰে গৈ সি খোটালিৰ পৰা জাঠিপাত, তৰোৱাল আৰু ক্ষুৰপাত লৈ আহিল। আৰু ক্ষুৰখন মনোমতীলৈ দলি মাৰি দি “লাহৰি! এয়ে তোমাৰ সহায় সাৰথি” বুলি কৈ দুৱাৰমুখলৈ গ’ল। মনোমতীয়ে ক্ষুৰখন সামৰি লৈ ভয়ত আৰু হাই উৰুমিত শয্যাত তন্দ্ৰা খাই পৰিল। ডেকা বৰুৱাই আসন্ন বিপদ দেখি কি কৰিব হতবুদ্ধি হ’ল। এনেতে দুৱাৰ ভাঙি চাইটা মান ঘৰৰ ভিতৰত সোমাল। ডেকা বৰুৱাই সময় বুজি পোনেই জাঠিৰে এটা মানক খোচ মাৰি বগৰালে; এনেতে সিফালৰ পৰা দহবাৰটা ৰণুৱা আহি সোমাল। ডেকা বৰুৱাই মানৰ ওপৰত জাঠি আৰু তৰোৱাল মাৰিবলৈ ধৰিলে। মানহঁতেও ওপৰাউপৰি কৰি তৰোৱাল মাৰিবলৈ ধৰিলে। অস্ত্ৰে অস্ত্ৰে ঠনঠনাবলৈ ধৰিলে। চাৰি পাঁচোটা মানক মাৰি ডেকা বৰুৱা অৱশ হ’ল। এনেতে টেঙুলা মানৰ দাৰ কোব এটা ডেকা বৰুৱাৰ তৰোৱালৰ ওপৰত চচলিয়াকৈ পৰি তেওঁৰ কাণত লাগিলগৈ। দেই দাৰ কোবত আৰু ভাগৰত লক্ষ্মীকান্ত অচেতন হৈ মৰাৰ দৰে পৰিল। মানহঁতে তেওঁ পৰি যাওঁতে তৰোৱাল মাৰি তেওঁক সিপুৰীলৈ খেদাবলৈ অভিপ্ৰায় কৰিলে। এনেতে টেঙুলাই সিহঁতক বাধা দি কলে—“এই বীৰটোক মাৰিব নালাগে, জীয়াই জীয়াই ধৰ।” টেঙুলাৰ কথাত সিহঁতে ডেকা বৰুৱাক প্ৰাণে নামাৰি হাতে ভৰিয়ে বান্ধি পেলাই থলে। টেঙুলাই আগবাঢ়ি গৈ খাটৰ পৰা মনোমতীক টানি তুলিলে। তাৰ পাছত সি মনোমতীক দেখি হো হো কৰি হাঁহি হাঁহি কবলৈ ধৰিলে—“আমাৰ সেনাপতি যদি ওপৰতে চগা নপৰে তেন্তে এইজনী মোৰ হ’ল।” এইদৰে হাহি খিকিন্দালি কৰি মানহঁতে গোটেইবিলাক বন্দীকে বাহিৰলৈ আনি একে ঠাইতে লগ কৰিলে। তাৰ পাছত বৰুৱাৰ হাউলিত জুই দিলে আৰু গাওঁখনত যাকে যতে পালে কাটি মাৰি বৰুৱাৰ সোণৰ হাউলিক শ্মশানত পৰিণত কৰিলে।