সমললৈ যাওক

মনোমতী/দ্বিতীয় খণ্ড- ষষ্ঠ অধ্যায়

ৱিকিউৎসৰ পৰা
ষষ্ঠ অধ্যায়
শান্তিৰাম ভকত

 মিঙ্গিমাহাত বিদায় লৈ পদুমী বন্দীঘৰবিলাকৰ ওচৰলৈ আহিল। আৰু এটি দুটিকৈ বন্দীঘৰবিলাক চাই শান্তিৰাম ভকত থকা ঘৰটোৰ দুৱাৰমুখত থিয় দিলেহি। তেওঁ দুৱাৰমুখত থিয় হোৱা মাত্ৰেই দুৱাৰ-ৰখীয়া মানটোৱে কলে —“আই! বন্দীশালৰ ভিতৰলৈ সেনাপতিয়ে কাকো সোমাবলৈ নিদিয়ে।” পদুমীয়ে কলে—“মোক সেনাপতিয়ে সোমাবলৈ অনুমতি দিছে৷ বাৰু হয়নে নহয় এই আঙঠিটো চা” এই বুলি আঙঠিটো দেখুৱালে। দুৱাৰৰখীয়া মানটোৱে তেতিয়া দুৱাৰ এৰি দি নিজৰ বহালৈ গ’ল। পদুমীয়ে লাহে লাহে গৈ শান্তিৰাম ভকতৰ ওচৰ পালে আৰু তেওঁৰ কাষত বহিলগৈ।

 যেতিয়া পদুমী গৈ ঘৰৰ ভিতৰত সোমাইছিল, শান্তিৰাম ভকতে তেতিয়া খেৰ একোচাৰ ওপৰত পৰি তন্দ্ৰা গৈ আাছিল। ভকতৰ আজি চাৰি-পাঁচ দিন ভাত-পানী নাই। মানহঁতে বল কৰি তেওঁৰ মুখত মদ-ভাত কঁটিয়ালেও তেওঁ সেই মদ-ভাত, গলৰ পৰা সিফাল নকৰিছিল। অনাহাৰে মৰিব তেও অবস্তু স্বইচ্ছায় ভোজন নকৰিব এইটো দৃঢ় প্ৰতিজ্ঞা মনতে ৰাখি তেওঁ আজি চাৰি পাঁচ দিনে জলগ্ৰহণ কৰা নাছিল। ভোক লঘোনৰ ৰাই-জাঁইত তেওঁ খেৰ এসোপাৰ ওপবত পৰি তন্দ্ৰা গৈ আছিল। সেই তন্দ্ৰাৰ ভিতৰতে কিবাকিবি সপোন দেখিছিল। তেওঁ দেখিছিল তেওঁ যেন তাহানিখনৰ ৰংপুৰত আছে। তাত যেন তেওঁ এটি চিকন বস্তু পাইছে। সপোনতে ভকতে ফেকুৰি ফেকুৰি কান্দি উঠিল; আৰু এবাৰ শুনা নুশুনাকৈ “পদুমী” বুলি চিয়ঁৰ মাৰি উঠিল। এনেতে তেওঁৰ তন্দ্ৰা ভাঙিল। সিবাগৰৰ পৰা ইবাগৰ মাৰি চকু মেলিলে। চকু মেলিয়েই দেখিলে যে দৰাচলতে তেওঁৰ ওচৰতে এজনী গাভৰু বহি আছে। শান্তিৰামে গাভৰুজনী বহি থকাটোও আচল নে সপোন এইটো থিৰ কৰিবলৈ চকু ইটা মোহাৰিলে। চকু মোহাৰি চাই দেখে যে সেই গাভৰুজনী তেতিয়াও তেওঁৰ চকুৰ আগতে বহিয়েই আছে। শেহাই শেহাই সুধিলে— “কোন তুমি? কেলেই ইয়ালৈ আহিছা?” পদুমী—“মই পদুমী।” শান্তিৰামে উচাব খাই কলে—“তুমি পদুমী? তুমি মোৰ সেই প্ৰাণৰ পদুম? জীউ, আহাঁ তোমাক বুকৰ ভিতৰত সুমাই থওঁ।” পদুমী—“মোক নুচুব। মোক চুই দেহটো অশুচি নকৰিব।” শান্তিৰাম-—“কিয় পদুম? কিয়? ” পদুমী— “মোৰ দেহটো অশুচি হৈছে। আপুনি এতিয়াও ভালে আছে।” শান্তিৰামে পদুমীৰ এই কথা শুনিলে। কথাৰ ধাল বুজিব পাৰিলে। ৰ লাগি একুৰা জুইৰ পোহৰত শান্তিৰামেও পদুমীৰ ফাললৈ চাই ৰ’ল, পদুমীয়েও শান্তিৰামৰ ফালে চাবলৈ ধৰিলে। দুইকো দুইও এইদৰে নামাত-নাবোল হৈ ভালেখিনি পৰ চাই দুইৰো চকুৰে দুধাৰ লো ববলৈ ধৰিলে। অলপ মনক সুস্থিৰ কৰি শান্তিৰাম ভকতে কলে—“পদুমী। তুমি মোক এৰি ইমান দিনে কেনেকৈ আছিলা? বুকৰ জীউ। মই তোমাক নেপাই কিমান যে কান্দিছোঁ তাক ঈশ্বৰেহে জানে। মোৰ অন্তৰখনক এতেদিনে একুৰা তুহঁৰ জুয়ে পুৰি দেই মাৰিছে। আজি তোমাক দেখি আৰু তোমাৰ কথা শুনি মোৰ নুমুৱা জুইকুৰা শতগুণে জলি উঠিল। লাহৰি! এতেদিনে ক’ত আছিলা কি কৰিছিলা। কোৱাচোন।” পদুমীয়ে ভকতৰ এই কথা শুনি চকুৰ লো টুকি টুকি কবলৈ ধৰিলে—“আপুনি শোক নকৰিব। শান্ত হওক। মই সকলো কথাকে কম। সদ্যহতে আপুনি আজি এই কেইদিন লঘোনে আছে। মই আপোনালৈ অলপ বস্তু আনিছোঁ খাওঁক।” পদুমীব এই কথাত শান্তিৰাম ভকতে কলে-—“পদুমি! মোৰ ভোকেই বা কি লঘোনেই বা কি, খোৱাই বা কি মৰাই বা কি, সকলো সমান।” পদুমী—“নহয় প্ৰিয়তম! দুখনি চৰণত ধৰিছোঁ মই দুটি ফল আনিছোঁ খাব লাগে। খাই অলপ সুস্থ হব লাগে।” পদুমীৰ এই কথাত শান্তিৰামে কলে—“বাৰু! কি আনিছা দিয়া” এই বুলি হাত মেলিলে, পদুমীয়ে নাৰিকলটো আৰু টেঙাটো আগবঢ়াই দিলে। শান্তিৰাম ভকতে কটাৰীৰে জৰা টেঙাটো কাটিলে, নাৰিকলটো ভাঙিলে; তাৰ পাছত ইষ্ট দেৱক স্মৰণ কৰি পদুমীৰ আক্ৰোশ এৰাব নোৱাৰি সেই টেঙা আৰু নাৰিকল খাই সুস্থ হৈ পদুমীক সুধিলে—“কোৱাচোন পদুমি! তুমি এতেদিনে ক’ত আছিলা, কি কৰিছিলা?” পদুমীয়ে কলে—“প্ৰিয়তম! আপুনি আমাক ৰংপুৰত এৰি থৈ আহিবৰ ছমাহ মানৰ মূৰত এই মানহঁত আহি ৰংপুৰ পালে। তাতে সিহঁতে আন আন মানুহৰ লগে লগে মোৰো আই, ভাই, বোপাই, ককাই এটাইবিলাককে কাটিলে। আমাৰ থকা ঘৰ দুৱাৰবিলাক জুই লগাই পুৰিলে। সকলোকে কাটিমাৰি পিশাচহঁতে অকল পাপিনীকে সংসাৰত পাপ বঢ়াবলৈ জীয়াই ৰাখিলে।” শান্তিৰাম—“তোমাকনো মানহঁতে কিয় নাকাটিলে? তুমিনো তাৰ পাছত কি কৰিছিলা?” পদুমী—“বেটীৰ পাপৰ কথা কি কম। বেটীৰ ৰূপেই হৰিণাৰ মাংসৰ দৰে বৈৰী হ’ল। পিশাচহঁতৰ সেনাপতিয়ে মোক প্ৰাণে নামাৰি মোৰ গাটো চুৱা কৰিলে। মই এতিয়া মানৰ সেনাপতিৰ তিৰুতা।”

 শান্তিৰাম—(কান্দি আৰু চকুৰঙা কৰি) “কি! মানৰ সেনাপতিৰ তিৰুতা! হাঁয় বিধতা। তুমি মোক এই কথা শুনাবলৈকেহে এতেদিন জীয়াই ৰাখিছিলা? মোৰ মূৰত ইন্দ্ৰৰ চৰগ নপৰিল কেলেই! মই আগেয়ে মৰিব নেজানিলোঁ কেলেই।” এই বুলি শান্তিৰাম ভকতে আকৌ কান্দিবলৈ ধৰিলে। ভালেখিনি পৰৰ মূৰত শোক সামৰি চকুৰ লো মছি কবলৈ ধৰিলে—“পদুমি! লাহৰি! তোমাক মই নোদোষো। মোৰ এই কপালখনকহে দোষিম; তুমি কি কৰিবা। সকলো সেই নজনাজনায়ে কৰিছে। কিন্তু মই এতেদিনলৈ জীয়াই থাকিব নেলাগিছিল। বাৰু পদুমি! এটা কথা সোধোঁ। কোৱাচোন, এনেকুৱা অৱস্থাত মৰাটো সুখ নে দুখ।” পদুমী—“মই সেই কথা কেনেকৈ কম। মৰিব পৰাটো সহজ হোৱা হলে মইয়ে এতেদিনে জীয়াই নেথাকিলোঁহেতেন।” শান্তিৰাম—“বাৰু মই যদি আজি মৰোঁ মোৰ লগতে তুমিও মৰিব পাৰিবানে?” পদুমী—“মোৰ এতিয়াও মৰিবলৈ সাহ নহয়। মই নিজে মৰিম বুলি মৰিব নোৱাৰোঁ। সদ্যহতে মোৰ মৰিবলৈ ইচ্ছাও নাই। মোৰ অলপ কাম সাধিবলৈ বাকী আছে।” শান্তিৰাম—“তুমি মৰিবলৈ ভয় কৰিলা। বাৰু মই অকলৈ মৰিলে তোমাৰ মনত কিবা বেজাৰ হবনে?” পদুমী— “মই পাপিনীৰ কথা শুনে যদি আপুনি মৰিবৰ বাঞ্চা এৰক। আত্মহত্যা মহাপাপ। আত্মঘাতীৰ হেনো ইকালতে৷ সুখ নাই আৰু সিপুৰীতো গতি নাই। আপোনাৰ ভালেমান দিনকাল আছে। সংসাৰত যি কামৰ নিমিত্তে আহিছে আগেয়ে তাক কৰক। যেতিয়া মৰিবৰ সময় আাহে তেতিয়া মৰিবইতো। সদ্যহতে মই উপায় কৰি আপোনাক পলুৱাই দিওঁ। আপুনি ওলাই গৈ মোলৈ সকলো মৰমকে ত্যাগ কৰি সুখেৰে আকৌ গৃহস্থী কৰকগৈ। মোৰ নিচিনা পাপিনী তিৰোতা এজনীৰ নিমিত্তে আপোনাৰ বহুমূলীয়া জীৱনটোক কেলেই কষ্ট দিব লাগিছে?” শান্তিৰাম—“লাহৰি! মানুহে হেনো সংসাৰত আশাৰ বলতেহে জীয়াই থাকে। মোৰ জীৱনৰ দেখোন সকলো আশাই লোপ পালে; এনেস্থলত মোৰনো জীয়াই থকাৰ সকাম কি? মই ইয়াতেই থাকিম। মানহঁতে মোক কাটি পেলাওক সিও ভাল হব।” পদুমী—“আপুনি এইটো অবুজৰ কথা কলে। আপুনি জনা বুজা মানুহ। আপুনি ইয়াৰ পৰা ওলাই যাব পাৰিলে এক উপায় কৰি আপোনাৰ আশ্ৰয়দাতা বৰনগৰীয়া বৰুৱাক, তেওঁৰ জীয়েক আদিক উদ্ধাৰ কৰিব পাৰিব।” শান্তিৰাম— “পদুমি! মইনো তেওঁবিলাকক উদ্ধাৰ কৰিবৰ কোন? সকলো হৰিৰ ইচ্ছা৷ তেওঁ উদ্ধাৰ কৰিব লাগে যদি কৰিব।” পদুমী- “মোৰ সামান্য বুধিৰে এইটো বুজোঁ যেই সেই কামকে হৰিৰ ইচ্ছা বুলি একো নকৰি হাত সাবটি বহি থাকিলে হৰিয়ে আহি সেই কাম কৰি নিদিয়ে। পুৰুষৰ পুৰুষাৰ্থ সততে কৰা যুগুত। সেই দেখি মই আপোনাক খাটিছোঁ আপুনি দৰাচলতে যদি পুণ্য সাঁচিব খোজে তেন্তে আপুনি ওলাই গৈ বৰনগৰীয়া বৰুৱা আৰু আন আন বন্দী সকলৰ উদ্ধাৰৰ চেষ্টা কৰকগৈ। মই যেনে তেনেকৈ কৈ মেলি আপোনাক পলুৱাই দিওঁ।” শান্তিৰাম— “লাহৰি! তোমাৰ কি হব?” পদুমী—“মই নিজৰ বিষয়ে থিৰ কৰি থৈছোঁ। আপুনি চিন্তা নকৰিব।” শান্তিৰাম—“কি থিৰ কৰিছা কোৱাচোন শুনো।” পদুমী—“মোক আপুনি সেই কথা নুসুধিব। কাৰ্য্যান্তৰে জানিব পাৰিব। বাৰু মই আপোনাক এটা কথা সোধোঁ। মইও যদি ইহঁতৰ হাতৰ পৰা পলাই যাব পাৰোঁ তেনেহলে আপুনি জানো মোক গ্ৰহণ কৰিব?” শান্তিৰাম —“কোনো কথা নাই। মই গ্ৰহণ কৰিম।” পদুমী—“কিন্তু মই যে চুৱা গৈছোঁ?” শান্তিৰাম—“পৰাচিত কৰি তোমাক শুদ্ধ কৰি লম।” শান্তিৰামৰ এই কথাত পদুমীৰ চকুৰে দুধাৰ লো ব'লে। তাৰ পাছত সেই লো মুছি কলে—“প্ৰিয়তম! ঈশ্বৰে কৰে যদি মইও ইহঁতৰ হাতৰ পৰা পলাই যাম। আপুনি চিন্তা নকৰিব। ” শান্তিৰাম—“পদুমী। ধন্য তুমি। বাৰু মই আৰু অলপ কথা সোধোঁ। আমাৰ বন্দীবিলাকনো কোন ক’ত আছে?” পদুমী— “প্ৰিয়তম। আপোনাৰ এই ঘৰৰ সৌ পচিমৰ ঘৰটোত বৰনগৰীয়া বৰুৱা আছে। আপোনাৰ সৌ উত্তৰৰ ঘৰটোত এজন ডেকা বৰুৱা আছে। গাৱঁৰ ওচৰৰ সোঁ ঘৰটোত বৰনগৰীয়া বৰুৱাৰ জীয়েক আৰু তেওঁৰ সখীয়েক আাছে।” শান্তিৰাম—“মানহঁতে কেলেইনো আমাক এনেকৈ বন্দী কৰি থৈছে?" পদুমী— “প্ৰিয়তম। এই পিশাচহঁতৰ একো সঁজাত নাই। সিহঁতে কৰিব নোৱাৰা একোৱেই নাই। কেতিয়াবা সিহঁতে আমাৰ মানুহ বিলাকৰ যাকে যাকে সাহিয়াল দেখে তাকে তাকে সিহঁতৰ সাজ-পাৰ পিন্ধাই জাতকুল মাৰি দোৱানীয়া কৰি লয়। কেতিয়াবা সিহঁতে বন্দীবিলাকক কাটি পেলায় আৰু কেতিয়াবা কেতিয়াবা বন্দীবিলাকক ঘৰৰ ভিতৰত সুমাই লৈ দুৱাৰ বান্ধি ঘৰটোত জুই লগাই দি পুৰি মাৰে।” শান্তিৰাম—‘মাইকী মানুহবিলাককো তাকে কৰেনে?” পদুমী—“প্ৰিয়তম! ইহঁতে মাইকী মানুহবিলাককে প্ৰায় তাকে কৰে। কিন্তু ৰূপহী গাভৰু পালে জাতকুল মাৰি সিহঁতৰ তিৰুতা কৰি লয়।” শান্তিৰাম—“তুমি কব পাৰানে বৰনগৰীয়া বৰুৱাৰ ধৰ্ম্মীয়া জীয়েক আৰু তেওঁৰ সখীয়েকক মানহঁতে ভালে ৰাখিছেনে নাই?” পদুমী—“প্ৰিয়তম! ইহঁতে তেওঁবিলাকৰ জাতকুল এতিয়াও মাৰিব পৰা নাই। কিন্তু আজি সেনাপতি তেওঁবিলাকৰ ঘৰলৈ মদ খাই গৈছে। আজি তেওঁবিলাকৰ জাতকুল ৰ’লেহে ৰোৱা।" শান্তিৰাম—“ঈশ্বৰে যেন তেওঁবিলাকক ৰক্ষা কৰে।” পদুমী—“এৰা মইও হৰিৰ চৰণত খাটিছোঁ তেওঁবিলাকৰ ধৰ্ম্ম যেন ৰক্ষা পৰে।” এইদৰে কথা বতৰা পাতি উঠি পদুমীয়ে কলে—“প্ৰিয়তম। এতিয়া মই যাওঁ বিদায় দিয়ক। কাইলৈ আহি মই আপোনাক মুকলি কৰি দিম।” এই কথা কৈ পদুমী ঘৰলৈ আহিল। শান্তিৰাম ভকত আকৌ বন্দীশালতে মৰাৰ দৰে পৰি থাকিল।