সমললৈ যাওক

মনোমতী/দ্বিতীয় খণ্ড- নৱম অধ্যায়

ৱিকিউৎসৰ পৰা
নৱম অধ্যায়
কৰ্মকুশলা পদুমী

 শান্তিৰাম ভকতক পলুৱাই দিয়েই পদুমী ঘৰৰ ফাললৈ আহি হাতত সাৰে, ভৰিত সাৰে মিঙ্গিমাহাৰ ওচৰ চাপি চালে মিঙ্গিমাহা শুইছে নে সাৰে আছে। তেওঁ দেখিলে যে মিঙ্গিমাহাৰ দুৰ্ঘোৰ নিদ্ৰা আহিছে। মদৰ ৰাগীত সি অচেতন হৈ পৰি আছে। তাক দেখি মিচিককৈ মনে মনে হাঁহি এটি মাৰি পদুমীয়ে খোৱা ঘৰৰ ভিতৰলৈ গ’ল আৰু দিনতে আনি থোৱা নাৰিকল চাইটা, জৰা টেঙা কেইটামান, তামোল পান কেইটামান হাতত লৈ অকৌ ঘৰৰ পৰা ওলাই আহি হাতত সাৰে ভৰিত সাৰে মনোমতীৰ বাহৰৰ ফালে আহিল আৰু সেই ঘৰটোৰ দুৱাৰমুখত থিয় দিলেগৈ। এনেতে সেই ঘৰৰ পৰীয়া মানটোৱে সুধিলে—“কোন তই? কেলেই আহিছ?” তাৰ এই কথাত পদুমীয়ে ততালিকে তাৰ হাতত ধৰি দোৱানতে তাৰ কাণৰ ওচৰত কিবাকিবি কেতখিনি কথা কবলৈ ধৰিলে। মানটোৱে মিচিক মিচিক কৰি হাঁহি পদুমীক বন্দীঘৰটোৰ ভিতৰলৈ সোমাব দিলে। পদুমী তেতিয়া নিৰ্ব্বিঘ্নে বন্দীঘৰটোৰ ভিতৰত সোমাল।

 পদুমী যেতিয়া ঘৰৰ ভিতৰত সোমাইছিল তেতিয়া পমীলা আৰু মনোমতী দুইও কাণজাগি চকুমুদি শুইছিল। পদুমী ঘৰৰ ভিতৰত সোমোৱা মত্ৰেই দুইও গম পালে। দুইও সখীয়েকে গিৰি কৰি উঠি বহিল আৰু কোনোবা মানে তেওঁবিলাকক কাটিবলৈ বা দৌৰাত্ম্য কৰিবলৈ সোমাইছে বুলি ভয়তে থৰ ধৰি কঁপিবলৈ ধৰিলে। এনেতে পদুমী গৈ তেওঁবিলাকৰ ওচৰ চাপিল। পমীলাই মাত দি সুধিলে—“কোন তুমি কেলেই আহিছা?” পদুমীয়ে কলে—“বাইটি! মোৰ নাম পদুমী। মই সেনাপতিৰ তিৰুতা৷ ” পমীলা—“আপোনাক আমি নাৱতে দেখিবৰে পৰা ভাবিছোঁ আপুনি অসমীয়া গাভৰু। আপুনিনো মানৰ সেনাপতিৰ তিৰুতা হ’ল কেনেকৈ?” পমীলাৰ এই কথাত পদুমীয়ে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ক’লে—“বাইটি! সেইবোৰ ভালেমান কথা। কব লাগিলে ওৰ নপৰে। তাতে মোৰ সময় অলপ! মই পলাইহে আহিছোঁ ” পমীলা—“আপোনাৰ দেখোন আমালৈ বৰ মৰম।” পদুমী—“বাইটি! তোমালোক আজি কেইদিন নিৰাহাৰে আছা। মই এই চাইটি নাৰিকল আৰু এই কেইটি জৰা টেঙা আনিছোঁ। বাইটি! লোৱা তোমালোকে ইয়াকে খাই অলপ সুস্থ হোৱা। আপদত নিয়ম নাই। বাইটি! কাটা।" এই বুলি সেই ফল কেইটি আগবঢ়াই দিলে। এখন কটাৰীও দিলে আৰু এটা মলাও দিলে। পমীলাই গোটেইবিলাক ললে কিন্তু কটাৰীখন ওলটাই দি কলে—“কটাৰী নেলাগে। মোৰ লগতে এখন আছে।” এই বুলি কৈ পমীলাই নাৰিকল এটা ভাঙিলে। পানীবিলাক মলাটোত ধৰিলে সেই নাৰিকলৰ পানী মনোমতীক এটুপি খুৱালে; নিজেও এটুপি খালে। তাৰ পিছত টেঙা আৰু নাৰিকল অলপ অলপ খাই সুস্থ হৈ পমীলাই কলে—“আপোনাৰ উপকাৰ নাপাহৰোঁ।” পদুমী— বাইটি! চাওঁ বৰুৱাৰ জীয়েকক ইফালে আহিব দিয়াচোন।” পদুমীৰ এই কথাত মনোমতী আহি কাষ চাপিল। পদুমীয়ে তেওঁৰ গলত সাবট্‌ মাৰি ধৰি কবলৈ ধৰিলে—“ভনিটী! তুমি। বৰ দুখ পালা নহয়নে? তুমি ডাঙৰৰ ঘৰৰ জীয়াৰী। তোমাৰো এনে বিলাই হ’ল।” পদুমীৰ এই কথাত মনোমতীয়ে উচুপি উচুপি কান্দিবলৈ ধৰিলে। পদুমীয়ে কাপোৰৰ আঁচলেৰে নিজৰ চকুৰ পানী টুকিবলৈ ধৰিলে। তাৰ পিছত তেওঁৰ কাপোৰৰ আঁচলেৰে মনোমতীৰ চকুৰ পানী মছি দি টানি আনি গালত চুমা এটা খাই কলে—“ভনিটী! ঈশ্বৰে তোমাক সুখী কৰক। ঈশ্বৰে তোমাক এই পাপিষ্ঠহঁতৰ হাতৰ পৰা সৰুৱাওক।” পদুমীৰ এই কথাত পমীলাই কলে—“আমাৰ দেখোন মানৰ হাতৰ পৰা সাৰিবৰ একো উপায় নাই। এনেস্থলত নো ঈশ্বৰে আমাক কেনেকৈ সুখী কৰিব?” পদুমী—“বাইটি! চিন্তা নকৰিবা। তোমালোকক পলুৱাই দিবলৈ মই এটা উপায় কৰিছোঁ ঈশ্বৰে যদি সিদ্ধি কৰে। কালিয়েই হওক বা পৰহিয়েই হওক বা পাচ-ছয়দিন পলমেই হওক—তোমালোকক এযোৰা মানুহে সিন্ধি খানি লৈ যাব। তোমালোক এই কেইদিন সজাগে সাৱধানে থাকিবা। মিঙ্গিমাহাই যাতে তোমালোকৰ ধৰ্ম্ম নষ্ট কৰিব নোৱাৰে এই বিষয়ে মই চেষ্টাত থাকিম। তাক মই ভুলাই ৰাখিম। বাইটি! মোৰ আৰু এটা কথা আছে। মই তোমাক এই গলপতা ধাৰ, মনি থোপা আৰু কেৰু যোৰ দিলোঁ। ঈশ্বৰে তোমালোকক মুকলি কৰি নিলে সময়মতে এই চিঠিখন তুমি মেলি পঢ়িবা আৰু যাক দিব লাগে দিবা। বাইটি! ভনীটি! যাওঁ দেই।” পমীলা—“আপুনি এনে সজকাম আৰু আমাক দয়া কৰাৰ বাবে আমি আপোনাক কি দিম। আমিও ঈশ্বৰক খাটিছোঁ তেওঁ যেন আপোনাক সুখী কৰে।” পদুমীয়ে পমীলাৰ এই কথাত কলে—‘বাইটি! ঈশ্বৰে মোক আৰু ইহ জনমত কি সুখী কৰিব। যেতিয়া এই দেহটো এৰিম তেতিয়া ঈশ্বৰে সুখী কৰিলেও কৰিব পাৰে। বাইটি! যাওঁ দেই। মই মাজে মাজে তোমালোকলৈ ফলমূল পঠাই থাকিম। ” এই বুলি পদুমীয়ে দুইকো দুটা চুমা খালে। তাৰ পাছত ওলাই আহি পৰীয়া মানটোৰ লগ লাগিল। তেতিয়া পৰীয়া মানটোৱে আৰু পদুমীয়ে দুইও কিবাকিবি কেতখিনি কথা কৈ অলপ আঁতৰলৈ গ’ল। কিছুমান পৰৰ মূৰত দুইও সিহঁতৰ গাৰ ওচৰতে ভৰিৰ শবদ যেন শুনিলে।। পদুমীয়ে পৰীয়াটোক ক’লে—“পৰীয়া! কোনোবা মানুহ আহিছে। সাৱধান হ। মই যাওঁ।” এই বুলিয়েই পদুমী এন্ধাৰে এন্ধাৰে বাহৰৰ কালে বাট ললে। পৰীয়াটোৱে তাৰ ঘৰটোৰ ফাললৈ আহিবলৈ ধৰিলে; এনেতে সমুখতে এটা মানুহ লগ পালে। পৰীয়াটোৱে সুধিলে--“কোন তই?” মানুহটোৱে কলে—“তোৰ যম টেঙ্গুলা।” পৰীয়াটোৱে সুধিলে—আপুনি ইমান নিশা কেলেই আহিল?” টেঙ্গুলা—“তইনো বন্দীহঁতক অকলৈ এৰি সেই পিনে কলৈ গৈছিলি? মই দেখিছোঁ তই কি কৰিছিলি? মই এই কথা এতিয়াই সেনাপতিক কৈ তোক কটা খেদাব। পাৰোঁ৷” টেঙ্গুলাৰ এই কথাত পৰিয়া মানটোৱে থক্‌ থক্‌ কৰে কঁপি কবলৈ ধৰিলে—“ভাই! তোক যি লাগে তাকে দিম; এইবাৰলৈ মোক এৰ।” টেঙ্গুলা—“বাৰু! তোক এৰিব লাগে যদি মোক বন্দীঘৰটোৰ ভিতৰলৈ সোমাবলৈ দে আৰু মই যি কৰোঁ তই কাৰো আগত নকওঁ বুলি ক’।” পৰীয়াটোৱে ক’লে—“সত্যে সত্যে কাৰে আগত নকওঁ। তয়ো মোৰ কথা নকবি। টেঙ্গুলাই “আহ! তোৰ ঘৰৰ ভিতৰলৈ যাওঁ। মদ আছে যদি খাই লওঁ ব’ল।” এই বুলি টেঙ্গুলা আৰু পৰীয়াটো দুইও পৰীয়া ঘৰটোত সোমাল। দুইও একলহ মদ উলিয়াই লৈ খাবলৈ ধৰিলে। মদৰ ৰাগীত টেঙ্গুলাই কলে—“ভাই! আজি তয়ে ময়ে সেনাপতিক বেছকৈ ফাঁকি দিম দে। সি সকলোকে ফাঁকি দি ভাল ভাল গাভৰুবিলাক নিয়ে। মই এজনীক ধৰিম। তই এজনীক ধৰিবি” এই বুলি কৈ দুইও আকৌ মদ খাবলৈ ধৰিলে। মদ খাওঁতে খাওঁতে দুইৰো ইমান ৰাগী বহি গ’ল যে দুইও ঢাল খাই খাই পৰিল। ঈশ্বৰৰ ইচ্ছাত সিহঁতৰ অসৎ অভিপ্ৰায় পূৰ নহ'ল। ৰাতি পুৱাল।