সমললৈ যাওক

মনোমতী/দ্বিতীয় খণ্ড- দশম অধ্যায়

ৱিকিউৎসৰ পৰা
দশম অধ্যায়
মানৰ উদ্যোগ

 এইবিলাক ঘটনা হৈ যাবৰ পিছদিনা অৰ্থাৎ মানহঁতে মইনবৰি পাবৰ চতুৰ্থ দিনা মিঙ্গিমাহা সেনাপতিয়ে হাদিৰাৰ যুদ্ধৰ নিমিত্তে সকলোবিলাক মানক লগ কৰিবলৈ চাৰিউফালে কটকী পঠালে। প্ৰায় দুশ মান লগত দি টেঙ্গুলাক ব্ৰহ্মপুত্ৰ পাৰহৈ দক্ষিণপাৰৰ পূব চমৰিয়াৰ পৰা শ্যাম আৰু বগলী ফুকনে সৈতে মানজাক আনিবলৈ পঠালে। প্ৰায় এশ মানে সৈতে জৈন বৰফুকনক হাদিৰাৰ ফালে চন্দ্ৰকান্ত ৰজাৰ বল বুজিবলৈ পঠালে। এজন বৰফুকনে সৈতে পঞ্চাশজন মানক হলকান্ত বৰুৱাক আনিবলৈ পঠালে। এইদৰে মিঙ্গিমাহাই চাৰিউফালৰ পৰা মান ছপাবলৈ উদ্যোগ কৰিলে। আৰু সিবিলাক মান উলটি নহালৈকে তেওঁ মইনববিতে ৰ'ল।

 এইদৰে আৰু সাতদিন মানহঁত মইনবৰিত থাকিল। টেঙ্গুলা গুচি যোৱাত পৰীয়া মানটোৱে অকলে মনোমতী আৰু পমীলাৰ ওপৰত অত্যাচাৰ কৰিবলৈ সাহ নকৰিলে। চতুৰী পদুমীয়েও মিঙ্গিমাহাক এনেকৈ ভুলাই বাখিলে যে তেওঁ পমীলা আৰু মনোমতীৰ ওপৰত দৌৰাত্ম্য কৰিবলৈ সময় নেপালে। এইদৰে ঈশ্বৰৰ ইচ্ছামতে তেওঁবিলাক ৰক্ষা পৰি থাকিল। পদুমীয়ে প্ৰায় সদাই পৰীয়া মানটোৰ সহায় লৈ নিশা নিশা পমীলা আৰু মনোমতীক ফলমূল দি থাকিল।

 এই সাত দিনৰ ভিতৰতে হাদিৰাৰ মানজাক চন্দ্ৰকান্ত ৰজাৰ সকলোবিলাক বল জানি উলটিল। আঠ দিনৰ দিনা সিফালৰ পৰা টেঙ্গুলাই দক্ষিণ পাৰৰ মানজাক লৈ আহি পালে। মিঙ্গিমাহাই সি নিৰাপদে উলটি অহাত পৰম সুখী হৈ মানৰ বাহৰবিলাকত আনন্দ কৰিবলৈ দিলে। তেতিয়া সকলোবিলাক মানেই মিঙ্গিমাহাৰ হাউলিলৈ আহি শাৰী পাতি পাতি বহি নাচিবাগি মদ খাবলৈ ধৰিলে। এইদৰে নাচি-বাগি থাকোঁতে প্ৰায় গধূলি হ’ল। এনেতে উত্তৰ ফালৰ পৰাও হলকান্তৰ মানজাক আহিবলৈ ধৰিলে। সিহঁতকো সেই দিনাই আহি পোৱা দেখি মিঙ্গিমাহাৰ আৰু আনন্দ হ’ল। সি তাৰ মানবিলাকৰ হতুৱাই সৰু সৰু নাৱেৰে নতুনকৈ অহা মানজাকক পাৰ কৰাই আানিলে। সিজাক মানৰ সকলোবিলাকে যেতিয়া চাউলখোৱা পাৰ হৈ আহিল তেতিয়া মইনবৰিত মানৰ বাহৰত মহা আনন্দ মিলিল। মিঙ্গিমাহাই আনন্দৰ উলাহতে নিজে বীণ এখন বজাবলৈ ধৰিলে। তাৰ কেতবিলাক মানে দেই বীণৰ বাজনাত কচাৰিৰ দৰে কুজা পৰি পৰি নাচিবলৈ ধৰিলে। গোটেইবিলাক মানেই হাড়িয়ে হাড়িয়ে যাৰ য’ত যি মদ আছিল আনিলে। এটাইবিলাকেই সেই মদ খাই খাই হাতত ধৰাধৰি গবাগবি কৰি নাচিলে। মদ-ঢালা, চেলুৱই হোপা, বীণবজোৱা, নচা-বগা ইত্যাদি উৎসৱত মানৰ বাহৰ খলকি পৰিল। কিছুমান বেলিৰ পিছত নাচ-বাগ শেহ হ’ল। নতুনকৈ অহা মান দুজাক আগৰ মানহঁতৰ লগত ঘৰে ঘৰে সোমাল। নতুনকৈ ধৰি অনা বন্দীবিলাকক গাৱঁৰ ভিতৰতে এটা উদঙীয়া ঘৰত একেলগে সুমাই বন্দী কৰি থলে।

 এইবিলাক ঘটনা হৈ যোৱাৰ পিছত হলকান্ত বৰুৱা আহি মিঙ্গিমাহাৰ আগত ওলাল। মিঙ্গিমাহাই তেওঁক দেখি কলে— “সখি! ভালে আছা?” হলকান্তই কলে—“আছোঁ সখি। এতিয়া মই থাকো ক’ত? মোকনো থাকিবলৈ দিয়া ক’ত?”

 মিঙ্গিমাহা—“তুমি জাত যোৱাৰ ভয়ত আমাৰ লগত নাথাকাই। গাৱঁৰ ভিতৰতো উদঙীয়া ঘৰ নাই। তুমি সেই নৈৰ পাৰৰ তিনিটা ঘৰৰ এটাত থাকাগৈ। যিটোতে তোমাৰ ইচ্ছা হয়। এই বুলি মিঙ্গিমাহাই তেওঁৰ লগত এটা মান দিলে। তেওঁ সেই মানটো লৈ পোনেই নৈলৈ গ’ল। তাত গাটো তিয়াই লগতকৈ অনা অলপ ফলমূল খালে। তাৰ পাছত বন্দীঘৰ কেইটাৰ ওচৰলৈ আহিল।