মনোমতী/দ্বিতীয় খণ্ড- চতুৰ্থ অধ্যায়
পমীলা—মনোমতী—মিঙ্গিমাহা
মানহঁতে পমীলাকে আৰু মনোমতীকে একেলগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিলা ৰাঙ্গধালী পমীলাই মনোমতীক নানা তৰহৰ কথাবতৰা কৈ উছাহ দি আছিল; আৰু সেই বিপদৰ সময়তো খুহুতীয়া কথা কৈ মনোমতীৰ জঁয় পৰা মনত অলপ ৰঙ লগাইছিল।
মইনবৰি গাৱঁতো পমীলা মনোমতীৰ আজি দুদিন নিৰাহাৰ। মানহঁতে তেওঁবিলাকৰ জাতকুল মাৰিবৰ অভিপ্ৰায়ে তেওঁ বিলাকক সিহঁতৰ ৰন্ধা ভাত আনি আনি দিছিল। চতুৰী পমীলাই ঘৰৰ ভিতৰতে নিজৰ কঁকালত থকা হাচতিৰ কটাৰী এখনেৰে গাত এটা খানি লৈ মানহঁতৰ ভাতবিলাক সেই গাতত পেলাই পেলাই দিছিল; আৰু ভোকে লঘোনে তেওঁবিলাকে দুদিন দুৰাতি কটাইছিল। এতিয়া৷ গধূলি হোৱাত দুইও সখীয়েকে চুক এটাত পৰি ডিঙিত ধৰাধৰি কৰি কথাবতৰা পাতি মনৰ দুখ মনতে সামৰিছিল। মনোমতীয়ে কৈছিল—”সখি! আমাকনো কিহে পালে?” পমীলা—“আন একো নহয় সখি! আমাক কালেহে পাইছে।” মনোমতী—“সখি! ইহঁতে আমাৰ দেউতাকনো কলৈ নিলে? কি কৰিলে? প্ৰভুৱেনো আমাৰ কপালত ইয়াকেহে লিখিছিলেনে?” পমীলা—“সখি! ইয়াকে নিলিখিলেনো আমাৰ এনেকুৱা বিলাই কেলেই হ’লহেঁতেন?” মনোমতী—“সখি। এই পিশাচহঁতে আমাকনো কি কৰিব খুজিছে?” পমীলা—“ইহঁতে হেনো বুঢ়ী আৰু ছোৱালীবিলাকক কাটি পেলায়। ভাল ভাল গাভৰুবিলাকৰ হেনো জাতকুল মাৰে।” মনোমতী—“সখি! পিশাচহঁতে আমাক ইয়াকে কৰিবলৈহে ৰাখিছেনে?” পমীলা—“এৰা! তোমাৰ ওপৰত মানৰ সেনাপতি তিলোৱাৰ চকু পৰিছে। মোৰ ওপৰত বা বিশেষকৈ কাৰ চকু পৰিছে কব নোৱাৰে। বাৰু! তোমাক এটা কথা সোধোঁ। তুমিনো মানৰ ভাত খাব পাৰিবানে?” মনোমতী—“জীউটো গলেও মই পিশাচৰ তিৰুতা হব নোৱাৰিম।” পমীলা—“যদি বল কৰি সেনাপতিয়ে তোমাৰ গাত ধৰে তেন্তেনো কি কৰিবা? ” মনোমতী—“কাপোৰৰ তলৰ পৰা ক্ষুৰখন উলিয়াই দেখুৱাই) “এই ক্ষুৰেৰে হয় তাৰ ডিঙিত নহয় মোৰ নিজৰ ডিঙিত ৰেপ দিম।” পমীলা— “তোমাৰ নিজৰ ডিঙিত ৰেপ দিয়া ভাবটো এৰা। পাৰিলে পিশাচৰ ডিঙিত ক্ষুৰখন বহুৱাবা।” মনোমতী—“বাৰু তাকে হলেও কৰিম কিন্তু কোৱাচোন সখি! তুমি নো কি কৰিবা?” পমীলা—সখি! মই পিশাচক বান্দৰৰ দৰে নচুৱাম। দুটাক নচুৱাইছো দেখিছাই। কেৱল সেনাপতিক নচুৱাব পৰা নাই।” এইদৰে দুইও সখীয়েকে কথাবতৰা পাতি থাকোঁতেই মিঙ্গিমাহা আহি ঘৰৰ ভিতৰত সোমাল। সি ঘৰৰ ভিতৰত সোমোৱা মাত্ৰেই মনোমতী ভয়তে চুকত সোমালগৈ। চতুৰী পমীলাই মিচিক কৰি হাঁহি এটি মাৰি আগবাঢ়ি আহি মিঙ্গিমাহাক কলে—‘সেনাপতি! আজি আমাৰ কি ভাগ্য যে আপুনি আমাৰ ঘৰলৈ আহিল।” মিঙ্গিমাহা—“তােমালােক কেনে আছা, মই তাকে চাবলৈ আহিছোঁ।” পমীলা— “সেনাপতিৰ আমালৈ বৰ মৰম।” মিঙ্গিমাহা—“এৰা, বৰ মৰম। আমি তােমালােকৰ নিচিনা গাভৰুক বৰ ভাল পাওঁ নহয়নে? বাৰু তােমালােক কেনে আছা?” পমীলা— “সেনাপতিৰ অনুগ্ৰহত আমি এই ঘৰৰ ভিতৰতে ৰজাৰ ঘৰত থকা যেন পাইছোঁ।” মিঙ্গিমাহা—“তােমালােক খােৱা লােৱাত একো দুখ হােৱা নাইনে? পমীলা—“সেনাপতি। তােমালােকৰ ভাতবিলাক বৰ মিঠা। কিন্তু সেই ফটিকাবিলাকহে দেখােন কেনেবা কেচে মাকেচেম্ গােন্ধায়।” মিঙ্গিমাহা—“তুমি এতিয়াও ফটিকাৰ সােৱাদ বুজিব পৰা নাই। এবাৰ ফটিকাৰ সােৱাদ পালে বুজিবা ফটিকা কেনে ভাল বস্তু। এবাৰ ফটিকাত মুখ বহিলে সদায় আমাৰ ফটিকা খাবলৈহে মন কৰিবা।” পমীলা— “হব পাৰে। আপোনালােকৰ নিচিনা দিগ্বিজয়ী বীৰ সকলে যেতিয়া ফটিকা ইমান ভাল বস্তু বুলি কৈছে তেতিয়া ফটিকানো কেনেকৈ বেয়া হব পাৰে? আমাৰ খাৰ খােৱা জীভাত ভাল নালাগিলেই এনে দেৱতাৰ দুৰ্ল্লভ বস্তু বেয়া হব পাৰেনে?” মিঙ্গিমাহা—“হয়। তুমি যথাৰ্থ কথা কৈছা। বাৰু কোৱাচোন তােমাৰ লগৰ সিজনী কলৈ গ'ল?” পমীলা—“তাই ভয় খাই সৌ চুকত সােমাইছেগৈ।” মিঙ্গিমাহা (হাঁহি হাঁহি )- “কিহৰনাে ভয়! আমি কিবা বাঘনে, তাইক খাই পেলাম?” পমীলা—“সেনাপতি! তাই ন ছােৱালী। একোকে নেজানে। সেই দেখি তাই আপোনাক অহা দেখি ভয়তে মুচকচ্ গৈ চুকত সোমাইছে। মিঙ্গিমাহা—“একো ভয় নাই। তাইক এবাৰ ইফালে আহিবলৈ কোৱা। মিঙ্গিমাহাৰ এই কথাত পমীলাই সখীয়েকক মাতি কলে—”সখি! এবাৰ ইফালে নাহা কেলেই?” পমীলাৰ এই কথাত মনোমতীয়ে একো উত্তৰ নিদি আৰু কুচি- মুচি চুকত সোমাল; এনেতে মিঙ্গিমাহাই এখোজ দুখোজ কৰি মনোমতীৰ ফাললৈ গ’ল আৰু তেওঁৰ ওচৰ চাপি কবলৈ ধৰিলে “তুমি ভয় কৰিছা কেলেই?” মনোমতীয়ে কলে—“সেনাপতি! তোমাৰ যদি অলপো ধৰ্ম্মৰ ভয় আছে তেন্তে তুমি মোৰ ওচৰ নাচাপিবা। কাবৌ কৰিছোঁ মোক এৰি দিয়া।” মিঙ্গিমাহা— “মইনা! তোমাক এৰি দিব নোৱাৰোঁ। তোমাক মই বৰ ভাল পাওঁ। তোমাৰ ৰূপত মই তেনেই ভোল গৈছো?” মনোমতী— “সেনাপতি! আপুনি বীৰ। আপুনি ডাঙৰ মানুহ। আপুনি আপোনাৰ স্বদেশীয় ৰূপৱতীবিলাকক মৰম কৰকগৈ। আমাৰ নিচিনা দুৰ্ভগীয়া আপোনাৰ মৰমৰ যোগ্যা নহওঁ। বিশেষ আপুনি আমাৰ শক্ৰ। আপোনাক কেতিয়াও আমি ভাল পাব। নোৱাৰিম।” মিঙ্গিমাহা—“বুকৰ জীউ! তুমি যিহকে ভাল পোৱা মই তাকে কৰিম। তোমাৰ পিতাৰাক এৰি দিম; আৰু আন আন যাকে এৰি দিবলৈ কোৱা তাকে এৰি দিম। মোত তুমি ভজা।” মনোমতী—“বীৰ! আপোনাৰ যদি দৰাচলতে মোলৈ কৃপা আছে তেন্তে অনুগ্ৰহ কৰি আমাৰ এটাইবিলাককে এৰি দিয়ক। আমাক মাৰিনো আপোনাৰ কি লাভ হব? আপুনি আমাক এৰি দিয়ক। আমি আপোনাৰ অক্ষয় কীৰ্ত্তি গাম।” মিঙ্গিমাহা—“তোমালোকৰ এটাইবিলাককে বাৰু মই এৰি দিম; কিন্তু তুমি কোৱাচোন মোক তুমি ভাল পাবানে?” মনোমতী— “আপুনি যদি আমাৰ এটাইবিলাককে এৰি দিয়ে তেন্তে আপোনাক মই পিতৃৰ দৰে ভাল পাম।” মনোমতীৰ এই কথাত মিঙ্গিমাহাৰ মুখ ক’লা পৰিল। নিৰস মনেৰে কলে—“তুমি মোক পিতৃৰ দৰে মৰম কৰিব নেলাগে। তোমাৰ গোলাম বুলিহে মৰম কৰিব লাগে।” মনোমতী—“মই আপোনাৰ নিচিনা বীৰ এজনক গোলাম বুলিবলৈ কি সাহ আছে?” মিঙ্গিমাহা—“তোমাৰ তেন্তে স্বামী বুলি মৰম কৰিবা।” মনোমতী—“আপুনি যেতিয়াই ইমান বিলাক বীৰৰ স্বামী, তেনেস্থলত মই স্বামী বুলিলেহে আপুনি স্বামী হবনে?” মিঙ্গিমাহা—“মই সেই ভাৱত স্বামী বুলিবলৈ কোৱা নাই। মই কৈছোঁ তুমি মোৰ তিৰুতা হবা নে?” মনোমতী—“মই কেতিয়াও তোমাৰ তিৰুতা হব নোৱাৰোঁ।” মিঙ্গিমাহা—“লাহৰি! তুমি ফুল! মই ভোমোৰা। তুমি যদি মোক তোমাৰ ফুলৰ মৌ স্বইচ্ছাতে খাব নিদিয়া তেন্তে মই বল কৰি খাম।” মনোমতী—“আপোনাৰ চিৰকাললৈকে কলঙ্ক ৰব।” মিঙ্গিমাহা—“মোৰ কলঙ্ক হলেও তোমাক মই মোৰ মনৰ পৰা বাজ কৰিব নোৱাৰিম। কোৱাচোন তুমি মোৰ হবানে? ” মনোমতী—এই জীউটো গলেও মই তোমাৰ হব নোৱাৰিম।” মনোমতীৰ এই কথাত মিঙ্গিমাহাই চকু দুটা ৰঙা কৰি বাহু আফালি “বাৰু তোকনো কোনে ৰাখে চাওঁ” এই বুলিয়েই সি মনােমতীক খেদা মাৰি গ'ল। মনােমতীয়েও বিপদত ধৈৰ্য্য নেহেৰুৱাই ততালিকে কাপােৰৰ তলৰ পৰা ক্ষুৰখন উলিয়াই দেখুৱাই কলে—“পিশাচ! আহ। এই ক্ষুৰ তােৰ ডিঙিতে বহুৱাম!” মিঙ্গিমাহায়াে তৎক্ষণাৎ কঁকালৰ খাপৰ পৰা তৰােৱালখন উলিয়াই দেখুৱাই কলে—“তােক এই তৰােৱালেৰে একে কোবে কাটিম।” মনােমতী—“তই মােক তৰােৱালেৰে কাট। মােৰ পক্ষে সিও ভাল। তেও মই তােক মােৰ গা চুব নিদিওঁ।” মিঙ্গিমাহাই মনােমতীৰ সাহ দেখি আৰু কথা শুনি তৰােৱলখন সুমাই থৈ কলে—“বাৰু! আজিলৈ তােক এৰিলোঁ। কিন্তু মই চাম তইনাে মানৰ ভাত খাৱনে নেখাৱ।” ইয়াৰ পাছতে সি পমীলাক চকুৰ আগতে দেখি কলে—“তই বৰ দুষ্টা! তয়েই তাইক এনেবিলাক বুধি দিছ।” পমীলা—“সেনাপতি। আপুনি পুৰুষ হৈ এজনী তিৰুতাকে বশ কৰিব নােৱাৰিলেঁ। এতিয়া মইহে দোষী হলোঁ?” মিঙ্গিমাহা—“তােক আৰু মই তাইৰে সৈতে একেলগে নথওঁ।” পমীলা—“ভাল। কিন্তু তুমি মােক অকলৈ এঠাইত থলে তোমাৰ ৰণুৱা দুটাই কটাকটিকৈ মৰিব।” মিঙ্গিমাই—“মই তােকো কাকো নিদিওঁ। তইও মােৰে হবি। বাৰু! আজিলৈ মই যাওঁ।” এই বুলি মিঙ্গিমাহা ঘৰৰ ভিতৰৰ পৰা ওলাল। ওলায়েই তেওঁ সমুখতে এটা ৰঙা পাগুৰিৰে সৈতে মানুহ পালে। সেই মানুহটোৱে মিঙ্গিমাহাৰ হাতত এখন চিঠি দিলে। মিঙ্গিমাহাই সেই চিঠিখন লৈ মানুহটোক বিদায় দি নিজৰ বহালৈ গ'ল।