সমললৈ যাওক

মনোমতী/দ্বিতীয় খণ্ড- ঊনবিংশ অধ্যায়

ৱিকিউৎসৰ পৰা

উনবিংশ অধ্যায়
লক্ষ্মীকান্ত বৰুৱা

 অনাথ চৌধাৰীয়ে এইদৰে লক্ষ্মীকান্তৰ প্ৰতিপাল আৰু শুশ্ৰূষাৰ ঠিক্‌ঠাক্ কৰি আাৰু হলকান্ত বৰুৱাক বঢ়াই-বুজাই খুৱাই সুকীয়াকৈএটা খোটালিত শুৱাই থৈ তেৱোঁ নিশা হ’লত নিশ্চিন্ত মনে শুলেগৈ৷ তেওঁৰ আদেশমতে পমীলা, মনোমতী, তিলোত্তমা, দুটা মানুহ আৰু কবিৰাজ জনাও লক্ষ্মীকান্তৰ ওচৰত বহি থাকিল৷ আৰু মাজে মাজে তেওঁৰ মুখত ঔষধ আৰু অলপ অলপ কোৱাঠৰ পানী দিলে৷ কবিৰাজৰ আদেশ মতে মানুহ দুটাই পাল-বদল কৰি তেওঁৰ হাতভৰি পিহিলে৷ প্ৰবল জ্বৰৰ প্ৰকোপত লক্ষ্মীকান্তই মাজে মাজে ভ্ৰম কোবালে! তেওঁ এবাৰ ক’লে—“মিঙ্গিমাহা পিশাচ! অধম৷!” এবাৰ ক’লে “হায়! মানৰ তিৰুতা হ’ল৷ ” ডেকা বৰুৱাৰ এইবিলাক প্ৰলাপত মনোমতীয়ে তললৈ মূৰ কৰি কেৱে নজনাকৈ চকুৰ পানী টুকিলে৷ এইদৰে ওৰে নিশা প্ৰকোপিত জৰত ভুগি ৰাতি পুৱাওঁ পুৱাওঁ হওঁতে লক্ষ্মীকান্তই অলপ সকাহ পলে৷ বেজৰ ঔষধৰ বলত তেওঁৰ গাটো পুৱঁতী নিশাৰ সময়ত জুৰ জুৰ কৰি ঘামিল৷ ডেকা বৰুৱা নিধাল খাই পৰিল৷ বেজে ৰোগীৰ অৱস্থা ভাল দেখি মনত সন্তোষ দেখুৱাই গাভৰু তিনি জনাক ক’লে—“আইদেউসকল! তোমালোক এতিয়া যোৱাঁ৷ ৰোগীৰ জ্বৰ এৰিছে৷ তেওঁ কিছুমান পৰ পৰি থাকিব৷ তোমালোকে গৈ ৰোগীৰ পথ্যৰ ব্যৱস্থা কৰা৷” বেজৰ এই কথাত গাভৰু তিনিজনাই ৰোগীৰ ওচৰৰ পৰা উঠি গৈ মুখহাত ধুই ৰোগীৰ নিমিত্তে আখৈ ভাজিলে; মন্দ পগালে৷ এনেতে অনাথ চৌধাৰীও উঠিল৷ ৰঙা ৰদ উঠাত সিফালৰ মইনবৰিৰ পৰা শান্তিৰাম ভকতো আহি পালে৷ তেওঁ আহিয়েই পোনেই অনাথ চৌধাৰীকে গৈ লগ ধৰিলে৷ অনাথ চৌধাৰীয়ে সুধিলে— “আতৈ! চণ্ডী বৰুৱাক আনিলেনে?” শান্তিৰাম—“বাপ! চণ্ডী বৰুৱাক নাপালোঁ৷” অনাথ চৌধাৰী—“কিয়? কাৰণ কি?” শান্তিৰাম—“বাপ্! মানহঁতে মইনবৰিতে হেনে৷ সকলো- বিলাক বন্দীকে কাটি-ছিঙি নাশ কৰি হাদিৰালৈ গৈছে৷ মোৰ বিশ্বাস সিহঁতে চণ্ডী বৰুৱাকো কাটিলে৷” শান্তিৰাম ভকতৰ মুখে এই কথা শুনি অনাথ চৌধাৰীয়ে চণ্ডী বৰুৱাৰ নিমিত্তে শোক কৰিবলৈ ধৰিলে; এনেতে সিখোটালিৰ পৰা হলকান্ত বৰুৱাও আহি শান্তিৰামৰ মুখে চণ্ডী বৰুৱাৰ মৃত্যুৰ বাতৰি পাই নিজকে সকলো অনৰ্থৰে মূল বিবেচনা কৰি চণ্ডী বৰুৱাৰ নিমিত্তে শোক কৰিলে৷ সিফালে পমীলা, মনোমতী, তিলোত্তমা তিনিউ ৰোগীক অলপ পথ্য খুৱাই গা ধুই জলপান কৰিলে৷ শান্তিৰামেও অনাথ চৌধাৰীৰ আদেশ মতে গা ধুই গুৰুসেৱা কৰি অলপ জলপান খাবলৈ গোঁসাই-ঘৰলৈ গ’ল৷ এনেতে পমীলা ভিতৰৰ পৰা ওলাই আহি শান্তিৰাম ভকতৰ ওচৰ চাপি সুধিলে—“আতৈ? দেউতা আহিছেনে?” শন্তিৰামে হাতেৰে ইঙ্গিত কৰি পমীলাক অলপ পৰ মনে মনে থাকিবলৈ কৈ জলপান কেইটা খাই মুখ ধুলে; এনেতে ভিতৰৰ পৰা মনোমতীও ওলাই আহি শান্তিৰামক সুধিলে—“আতৈ! আতৈ! কওকচোন৷ দেউতা আহিছেনে?” শান্তিৰাম —“আইদেউ! অধীৰ নহবচোন! সকলো কথা৷ কম৷” মনোমতী—“নহয় অতৈ! কওকচোন৷ আমাৰ দেউতা ক’ত?” শান্তিৰাম—“আইদেউ! অথিৰ নহব৷ মই গৈ মইনবৰিত মানক নেপালো৷ সিহঁত হেনো হাদিৰালৈ গ’ল৷ দেউতাকো তালৈকে লৈ গ’ল হবলা৷” মনোমতী— “আতৈ! মানহঁতে ইবিলাক বন্দীকো লৈ গৈছেনে?” শান্তিৰাম —“মানহঁতে হেনো বন্দীবিলাকক কাটি-মাৰি নাশ কৰি গৈছে৷” শান্তিৰামৰ এই কথা শুনি মনোমতী অচেতন হৈ পৰিল৷ তেওঁৰ বাপেক-মাক সৰুতে মৰাৰ নিমিত্তে তেওঁ চণ্ডী বৰুৱাকে নিজৰ পিতৃৰ দৰে দেখিছিল আৰু ভক্তি কৰিছিল৷ এতিয়া তেওঁৰ সেই আশ্ৰয়দাতাৰ অশুভ সম্বাদ শুনি তেওঁ শোকতে মূৰ্চ্ছিত হৈ পৰিল৷ পমীলাইও উচপি উচপি কান্দিবলৈ ধৰিলে৷ মনোমতীক মূচ্‌কচ্ গৈ পৰি যোৱা শুনি সিফালৰ পৰ৷ তিলোত্তমা ওলাই অহি মনোমতীক বিছিবলৈ ধৰিলে৷ তেওঁবিলাকৰ যত্নত মনোমতী সুস্থিৰ হৈ বিনালে—“আই ঔ মোৰ দেউতা ঔ৷ তই কলৈ গলি ঔ৷” মনোমতীৰ এই আৰাও আৰু বিননিত সকলোৱেই কান্দিলে৷ হলকান্ত বৰুৱাই এটাইতকৈ বেছি কৰি কান্দিলে৷ শোকে তেওঁৰ হৃদয়ক খুন্দিয়াবলৈ ধৰিলে৷ অনাথ চৌধাৰীৰ ঘৰৰ ঘৰোৱাহেই কান্দিলে। মনোমতীক পমীলা আৰু তিলোত্তমাই বুজাবলৈ ধৰিলে। এইদৰে সুখে-দুখে সেই দিনটোও বন্দীসকলৰ অনাথ চৌধাৰীৰ ঘৰতে গ’ল। হলকান্ত বৰুৱাই ঘৈণীয়েকৰ শৰাধৰ ব্ৰত ধৰিলে।

 ছয় সাত দিনৰ মূৰত লক্ষ্মীকান্ত বৰুৱা ভাল হ’ল। তেৱোঁ মাকৰ শ্ৰাদ্ধৰ ব্ৰত ধৰিলে। এইদৰে এমাহৰ মূৰত লক্ষ্মীকান্তই অনাথ চৌধাৰীৰ ঘৰতে ব্ৰত ধৰি মাকৰ শৰাধ কৰি শুচি হ’ল।

 ঘৈণীয়েকৰ শৰাধ কৰি হলকান্ত বৰুৱাই সকলোকে তাতে এৰি অনাথ চৌধাৰীক তেওঁৰ ঘৰৰ পৰা যাবলৈ বিদায় খুজিলে। আৰু জীয়েক পুতেক সকলোকে আশীৰ্ব্বাদ কৰি অনাথ চৌধাৰীৰ ঘৰ এৰি হলকান্ত বৰুৱাই পচিম উত্তৰ মুখেদি গৈ চাউলখোৱা নৈ পাৰ হৈ ৰূপসী মৌজাৰ অগাধ অৰণ্যত প্ৰবেশ কৰিলে।