সমললৈ যাওক

মনোমতী/দ্বিতীয় খণ্ড- অষ্টম অধ্যায়

ৱিকিউৎসৰ পৰা
অষ্টম অধ্যায়
মোহিনী পদুমী

 সেই দিনা গধূলি হ’লত মিঙ্গিমাহা সেনাপতিয়ে আকৌ তাৰ ঘৰৰ ভিতৰত শোৱা খোটালিতে আগদিনাৰ দৰে মদ এহাড়ি লৈ বহিল। পদুমীয়ে আকৌ তাৰ কাষত বহিল— আৰু তাক মদ খুৱাবলৈ ধৰিলে। মিঙ্গিমাহাই মদ খাই খাই পদুমীক কলে— “পদুমী! বুকৰ জীউ! এটা গীত গা অ।” পহুমীয়ে কলে —“তোক আৰু সদায় গীত গাই শুনাব লাগে।। বাৰু মই গীত গোৱাৰ বাবে মোকনো কি দিবি কচোন।” মিঙ্গিমাহাই কলে “বুকৰ জীউ! ময়ে তোৰ৷ তই যি খোজ তাকে দিম।” পদুমী—“বাৰু। তেন্তে মই গাওঁ” এই বুলি বীণখন লৈ গাবলৈ ধৰিলে—

 “নুমুৱা অগনি জ্বালিলা,
 কেলেই লাহৰি! আহিলা,
আজি এতেদিনে পাহৰি আছিলোঁ শোক!
 মনতে ভাবিলো পাহৰোঁ,
 শোকৰ অগনি সামৰোঁ,
তুহঁৰ জুইয়ে পুৰি ডেই মাৰে মোক॥

 নেপাই তোমাক লাহৰি,
 শোকৰ অগনি সামৰি,
পেটতে ভাবিলোঁ মনকে কৰিম থিৰ।
 কেলেই তোমাক দেখিলোঁ,
 শোকৰ জুইতে পৰিলোঁ,
নেকান্দি থাকোঁতেও চকুৰে বৈ গ’ল নীৰ॥
 তুমিহে আকাশে জোনাই,
 আছিলা মেঘতে লুকাই,
নেদেখি থাকোঁতে পাহৰিলোঁ সৰ্ব্ব দুখ।
 কেলেই আকৌ জোনাই,
 সুনীল আকাশে ওলাই,
জ্বালিলা লাহৰি! অন্তৰেতে মোৰ শোক॥”

 মিঙ্গিমাহাই একান্ত মনেৰে নামটো শুনিলে। একে থৰে পদুনীলৈ কিছুমান পৰ চাই ৰ’ল। তাৰ পাছত কলে—“বুকৰ জীউ! তোৰ মাতটো বৰ মিঠা অ। তই যেন অমৃতহে বৰষ।” পহমীয়ে কলে—“মিঙ্গিমাহা! মোক এটা বস্তু দে।” মিঙ্গিমাহা —“কি বস্তু বুকৰ জীউ।” পদুমী—“বাৰু তই দিম বুলি ক।” মিঙ্গিমাহা—“বস্তুটো কি কচোন মইনা?” পদুমী—“বাৰু দিওঁ বোল।” মিঙ্গিমাহা—“বাৰু সত্যে সত্যে দিম।” পদুমীয়ে ক’লে—সোণ! তোৰ বন্দীবিলাকৰ ভিতৰত মোৰ এটা মানুহ আছে। সেই মানুহটোক এৰি দে।” মিঙ্গিমাহা—“সেই মানুহটো নো কোন? সিনো তোৰ কি হয়।” পদুমী—“সেই মানুহটো এটা ভকত। সি মোৰ ভাইলগা হয়।” মিঙ্গিমাহা— তোৰ যদি ভাইলগা হয়, তেন্তে মই তাক এটা বৰফুকন কৰিম। সি মোৰ এটা দোৱনীয়া হৈ থাকক।” পদুমী—“নহয় সোণ! সি যুঁজবাজ কৰিব নাজানে। বিশেষ সি তহঁতৰ লগত থাকিলে মোৰ লাজ লাগে অ।” মিঙ্গিমাহা—“বুকৰ জীউ! তই বৰ বেয়া বস্তু এটা খুজিলি। বন্দী এৰি দিলে মোৰ লগৰ মানবিলাকে ভাল নাপায়; তেও তই যে ধৰিলি বাৰু তাক এৰি দিলে। এই আঙঠিটো লৈ যা। মনে মনে পৰীয়াটোক দেখুৱাই কবি। সি তাক এৰি দিব।” এই বুলি আঙঠিটো দিলে। পদুমীয়ে তেতিয়া তাক আকৌ মদ খুৱাই অচেতন কৰি পেলাই থৈ মনে মনে ৰাতি দুভাগ হোৱাত শান্তিৰাম ভকতৰ বহাৰ ফালে আহিল, আৰু পৰীয়া মানটোক আঙঠিটো দেখুৱাই ঘৰৰ ভিতৰত সোমাল আৰু শান্তিৰামক কাণৰ কাষত কেতখিনি কথা কৈ উলিয়াই আনি এৰি দিলে। শান্তিৰাম ভকতে যাবৰ পৰত “যাওঁ পদুমী! বিদায় দিয়া” এই বুলি কলে। পদুমীয়ে এটা সেৱা কৰিলে। তাৰ পাছত শান্তিৰাম ভকত গৈ এডৰা হাবিত সোমাল। পদুমী মিঙ্গিমাহাৰ ঘৰলৈ উলটিল।