সমললৈ যাওক

মনোমতী/টীকা

ৱিকিউৎসৰ পৰা

টীকা
প্ৰথম খণ্ড
প্ৰথম অধ্যায়

 ১৷ হেকতীয়া মাহ দিলে—এই ক্ৰিয়াটো তাহানিখন কৃষক তেওঁৰ লগৰী গোৱালসকলে গৰু চাৰোঁতে বনফল আনি দিয়া শ্ৰুতিৰ আৰ্হি লৈ কৰা হয়৷।

তৃতীয় অধ্যায়

 ১৷ আজিকালি— অৰ্থাৎ ১৮৯৭ চনৰ ভূমিকম্প হোৱাৰ আগেয়ে৷ ১৮৯৭ চনৰ ভূমিকম্পত এই যুগীৰপাম নষ্ট হৈছে৷

 ২৷ যি সময়ৰ — অৰ্থাৎ মানৰ শেষ আক্ৰমণৰ আগলৈকে৷

 ৩৷ নৰনাৰায়ণ—কোচবিহাৰৰ নৰনাৰায়ণ ৰজা বৰ বিক্ৰমশালী আৰু ধাৰ্ম্মিক আছিল৷ অসমৰ বৈষ্ণৱ সম্প্ৰদায়ৰ সকলোবিলাক মহাপুৰুষেই তেওঁৰ সভাত আদৰ পাইছিল আৰু তেওঁৰ আশ্ৰয় লভিছিল৷ তেওঁৰ সভাত সকলো জাতৰে অসমীয়া মানুহ আছিল আক ভালেমান অসমীয়া মানুহৰ তেওঁ আশ্ৰয়দাতা আৰু অন্নদাতা আছিল৷ নৰনাৰায়ণ ৰজাই ৰামায়ণৰ দুই কাণ্ড, অষ্টাদশ পৰ্ব্ব মহাভাৰত, মূল সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ ভঙায়৷ ইয়াত বাজেও ৰত্নমালাকে আদি কৰি অনেক পুথি তৈয়াৰ কৰায়৷ দুখৰ বিষয় আজি কালি তেওঁৰ ৰাজ্যত তেওঁৰ বংশধৰৰ ওচৰত অসমীয়া মানুহে আশ্ৰয় পোৱা নাই৷ বঙালীসকলেহে তেওঁৰ পৰা অন্ন আৰু আদৰ পাব লাগিছে৷ আমাৰ অসমীয়াৰ দুৰ্কপাল৷

 ৪৷ চণ্ডী বৰুৱা—এওঁ বৰনগৰীয়া দুৱৰীয়া বৰুৱা৷ এওঁক মানে কাটে সেই দেখি এওঁক কেৱে কেৱে “মানে কটা বৰুৱাও“ বোলে৷ আমাৰ এই উপন্যাসত মানে তেওঁক কেনেকৈ কাটিলে তাৰে বিবৰণ দিয়া হৈছে৷ এওঁৰ বংশধৰ আজিকালি যি সকল আছে তেওঁবিলাকৰ অৱস্থা বৰ শোচনীয়৷ কামৰূপত বৰফুকনৰ তলতে উত্তৰ পাৰে চান্দকুচীয়া বুজৰ বৰুৱা, বৰনগৰীয়া দুৱৰীয়া বৰুৱা, হলিৰাজ দুৱৰীয়া বৰুৱা, দক্ষিণ পাৰে ৰাণীৰ ৰজা, লুকীৰ ৰজা, পানবাৰী ডুৱৰীয়াৰ ৰজা, বেলতলীয়া ৰজা এই সকলেই ডাঙৰ আৰু ঘাই মানুহ আছিল৷ ইয়াত বাজেও কুমাৰকুচীয়া, চমাৰকুচীয়া, বাকেবিকুচীয়া, জিকেৰীয়া ইত্যাদি বৰুৱা, বৰ কাইঠ আছিল৷ পৰিতাপৰ বিষয় আজিকালি এই সকলৰ বংশধৰ সকল দুখত পৰিছে৷ এনে কি আজিকালি এইবিলাক কোনো ঘৰৰ বংশধৰসকলক বাটৰ কুকুৰেও ঠাই দিব নোখোঁজে৷ অনেকৰেই মাটি-বৃত্তি একো নাই৷ কালৰ গতি! চণ্ডী বৰুৱাৰ পূ্ৰ্ববপুৰুষসকল কনৌজৰ কায়স্থ বুলি প্ৰখ্যাত৷ আমি জনামতে বৰনগৰীয়া বৰুৱাৰ পুৰুষিনামা এই:—

জয়নাৰায়ণ
   
(পুত্ৰ) সিন্ধু নাৰায়ণ
এওঁবিলাকৰ বংশধৰ সকল হেনো আজি কালি ও
গৌৰীপুৰত আছে৷ কিন্তু আমি আৰু বংশাৱলীটো
নেজানোঁ৷
(পুত্ৰ) শিবনাৰায়ণ
(পুত্ৰ) সত্যনাৰায়ণ
দেব নাৰায়ণ
(মৃত)
ৰজত নাৰায়ণ
(কণ্যা) মূলাকুৱঁৰী
পুত্ৰ যজ্ঞনাৰায়ণ
সমুদ্ৰ নাৰায়ণ
(পুত্ৰ) জগত নাৰায়ণ
(পুত্ৰ) চণ্ডীনাৰায়ণ (মানেকটা বৰুৱা)
কন্যা বসুমতী
(চন্দৰ চৌধাৰীত বিবাহ দিয়ে)
                 
 এই পুৰুষিনামা আমি শ্ৰীযুত ৰজত নাৰায়ণ বৰুৱাৰ পৰা পাইছোঁ।

ইয়াত যদি কিবা ভুল থাকে আশা কৰোঁ আমাক জনাব৷ ঈশ্বৰৰ কৃপাত ৰাইজৰ অনুগ্ৰহত ঘদি কেতিয়াবা এই পুথিৰ দ্বিতীয় সংস্কৰণ কৰিবলৈ পাৰোঁ তেতিয়া শুধৰাম৷ শ্ৰীযুত ৰজত নাৰায়ণৰো অৱস্থা আজি কালি হীন৷ আশা কৰোঁ অচিৰেই ঈশ্বৰ অনুগ্ৰহত তেওঁৰ নিজৰ যত্নত তেওঁৰ পুত্ৰ পৰিয়ালৰ অৱস্থা উন্নত হব৷

 ৫৷ এই দুঘৰ বৰুৱাৰ—পাঠক৷ অকল এই দুঘৰ বৰুৱাইহে যে পৰস্পৰ হিংসাহিংসি কৰিছিল এনে নহয়৷ সেই সময়ত প্ৰায় সকলোবিলাক বৰুৱাফুকনেই আত্মকলহত ৰত হৈ অসমক মৰাণ-মানৰ হাতত জুৰুলা জুপুৰা কৰাইছিল৷ তেতিয়া কিয় আজি কালিও আমাৰ এই নিচলা, খাবলৈ নেপোৱা অসমীয়া ভাইগকলৰ ইটোৱে সিটোক, সিটোৱে ইটোক হিংসা কৰা স্বভাব ফাকি ষোল্ল কলায় আছে৷

একাদশ অধ্যায়

 (১) প্ৰবাদ আছে বিজনীৰ জমিদাৰৰ ঘৰে আৰু বৰনগৰীয়া বৰুৱাৰ ঘৰে বৰ মনোবাদ আছিল৷ সুবিধা পালে বিজনীৰ জমিদাৰৰ মানুহে বৰনগৰীয়া বৰুৱাৰ মানুহৰ ওপৰত দৌৰাত্ম্য কৰিছিল আৰু সেইদৰে বৰনগৰীয়া বৰুৱাৰ মানুহে বিজনীৰ জমিদাৰৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল৷

ত্ৰয়োদশ অধ্যায়

 (১) বঙ্গ প্ৰভৃতি আন আন দেশত কামৰূপৰ বিষয়ে কুসংস্কাৰ আছে যে, কামৰূপত বৰ ভোজবিদ্যা আছে৷ ইয়াৰ মানুহবিলাকে হেনো বৰ যাদু আৰু মন্ত্ৰ জানে৷ কামৰূপলৈ আহিলেই হেনো বঙালী মানুহ ভেঁড়া হয়৷ এই প্ৰবাদ অনুসৰিহে আমি ‘মন্ত্ৰমুগ্ধ মেৰ ছাগ” এই কথাটো

লেখিছোঁ।

দ্বিতীয় খণ্ড
দ্বিতীয় অধ্যায়

 (১) ইংৰাজ গবৰ্ণমেণ্টে কিয় চন্দ্ৰকান্ত ৰজাক সহায় নকৰিলে এই বিষয়ে জোনাকীত ৺প্ৰত্নেশ্বৰ মহন্তৰ “অসমত মান” এই প্ৰবন্ধ চাব৷ ৺ৰত্নেশ্বৰ মহন্তে প্ৰত্নতত্ত্ব বিষয়ে ভালেমান অনুসন্ধান কৰিছিল৷ আক্ষেপৰ বিষয় ঈশ্বৰে আমাৰ এই উৎসাহী ডেকাজনক অসময়তে আমাৰ হাতৰ পৰা কাঢ়ি নিলে৷ অসমীয়াৰ দুৰ্কপাল!

পঞ্চম অধ্যায়

 (১) আমি এবাৰ জৈন্তিয়ালৈ যাওঁতে জৈন্তিয়াত ভোলাগাওঁ নামেৰে এডোখৰ ঠাইত এখন অসমীয়া মানুহৰ বস্তি পাইছিলোঁ আমি এৰাতি সেই গাৱঁত থাকি মানুহ সকলে সৈতে আলাপ কৰি জানিব পাৰিছিলোঁ সেই গাৱঁৰ মানুহবিলাকৰ পূৰ্ব্বপুৰুষ সকল মানভঙনিত ৰংপুৰ, নগাঁৱৰ পৰা পলাই লৈ সেই ঠাইত বস্তি কৰিছিল৷ কাছাৰ ত্ৰিপুৰা, মইমনসিং এই বিলাক ঠাইতো হেনো মানভঙনিত পলাই যোৱা অসমীয়া মানুহৰ সতি- সন্তান আছে৷ আমাৰ শ্ৰদ্ধাস্পদ শ্ৰীযুত হৰবিলাস গুপ্তই হেনো বৰ্ম্মাত অসমীয়া বস্তি পাই আইছে৷ বঙ্গদেশৰ প্ৰত্নতত্ত্ববিৎ সুপ্ৰসিদ্ধ শ্ৰীযুত শৰংচন্দ্ৰ ৰায় বাহাদুৰে হেনো তিব্বতত বঙালী মানুহ পাইছে। আমাৰ অনুমান সেইসকল বঙালী মানুহ নহয় অসমীয়া৷ কাৰণ বঙালী মানুহৰ তিব্বতলৈ যাবৰ কোনো সকাম নাছিল৷ কিন্তু মানভঙনিত ভালেমান

অসমীয়া মানুহ তিব্বতলৈকো পলাইছিল৷
ত্ৰয়োদশ অধ্যায়

 (১) এতিয়াও বৰনগৰৰ ফালে প্ৰবাদ আছে যে চণ্ডী বৰুৱাক উদ্ধাৰ কৰিবৰ নিমিত্তে এযোৰা মানুহে হেনো বহুদূৰৰ পৰা এটা সিদ্ধি খানি তেওঁ থকা বন্দী ঘৰটোৰ ভিতৰত সোমাই ভুল কৰি তেওঁক নিনি আন কোনোবা এটা মানুহকহে নিলে৷ বৰপেটা অঞ্চলৰ সকলো মানুহেই এইটো কথা কয়৷

পঞ্চদশ অধ্যায়

 (১) ১৮৯৭ চনৰ প্ৰবল ভূমিকম্পৰ সময়লৈকে এই সমৃদ্ধিশালী গাওঁখন আছিল৷ ১৮৯৭ চনৰ ভূমিকম্পত এই গাওঁখন নষ্ট হৈছে৷ আজি কালি ইয়াত মানুহ নাই৷

ষোড়শ অধ্যায়

 (১) প্ৰবাদ আছে চৈতন্যসিংহে হেনো অকলৈ নিজ হাতে এহেজাৰ মান কাটে৷ তেওঁ মৰাত হেনো তেওঁৰ ঘৈণীয়েকে ৰণচণ্ডী বেশ ধাৰণ কৰি দুই হাজাৰ মান কাটি শেষত তেৱোঁ পতিৰ অনুগামিনী হয়৷

চৈতন্যসিংহৰ বীৰত্ব আজিলৈকে অসমীয়া মানুহে বখানে৷

সামৰণি

 (১) পোৰা পাতা- আমাৰ দেশত মাইকী মানুহবিলাকৰ ভিতৰত হেনো এটা নিয়ম আছিল৷ কোনো মাইকী মানুহক যদি গিৰিয়েকে মৰম এৰি খেদি পেলাই বা এৰি থৈ কৰবালৈ গুচি যায়, তেনেহলে সেই তিৰুতাজনীয়ে হেনো যদি তেওঁৰ স্বামীক পুনৰ পাব খোজে, তেনেহলে তুঁহ জুই একুৰা ধৰি কিবা দৰবৰ লগত বুকুৰ তেজ এটোপা ককিলা-দাঁড়েৰে উলিয়াই সেই দৰবৰ লগত মাৰি দৰব তুঁহ জুইত সুমাই দিয়ে, আৰু মন্ত্ৰ মাতে৷ তেতিয়া হেনো তেওঁলৈ তেওঁক এৰি থৈ যোৱা গিৰিয়েকৰ হৃদয়খন পুৰিবলৈ ধৰে৷ শেষত পোৰণিত তত নেপালে হেনো লৰি উলটি আহি ঘৈণীয়েকৰ ভৰিত পৰেহি আৰু এইদৰে আহুদিত বশ হৈ ঘৈণীয়েকৰ আগত এটা ভেড়া হয়৷

 (২) পাঠক! বৰপেটীয়া বিয়াৰ নাম কেনেকুৱা তাৰ আৰ্হি স্বৰূপ তিনিটা যোৰা নাম দিওঁ৷

(১)

 
 “অ নিলাই অ
 আগ খান চোতাল অ
অ নিলাই অ-মোছানা কোছানা অ
পাছখান চোতালৰ ধূলি মন্দোদৰী কমলা অ
অ নিলাই অ—আমাৰে বৰটো অ
অ নিলাই অ—যিখানত বহিছে অ
সেইখানে বৈকুণ্ঠৰ পুৰী মন্দোদৰী কমলা অ
অ নিলাই অ—কাৰবাৰ কোনোবা অ
চোতাল পাই চিনাকি দুলি মন্দোদৰী কমলা অ’

(২)

“হাঁয় হৰি বাটচৰাৰ আগৰে।
হাঁয় হৰি মিঠা আম এযুপি
হাঁয় হৰি অ! বাকলি গুচুৱাই খাবা অ
হাঁয় হৰি মাক নাইকিয়া
হাঁয় হৰি অ মাউৰী ছোৱালী
হাঁয় হৰি অ পতিপালে কৰিবা অ”

(৩)

“বৰ ঘৰ সাৰিলোঁ চাৰিচুক এৰিলোঁ
ঐৰে পদুলিত পেলালোঁ ছাই
হিয়াত ভুকু মাৰি সখীয়ে কান্দিছে।
ঐৰে মোৰ সখী শহুৰিক যায়।”