সমললৈ যাওক

মঞ্জৰী

ৱিকিউৎসৰ পৰা

মঞ্জৰী-


(কবিতা)



লিখক-
 শ্ৰীবুলন চন্দ্ৰ চিৰিং।
  গাওঁ—ধেনুখানা:
   পো:—ঘিলামাৰা
    উত্তৰ লক্ষ্মীমপুৰ (অসম)


[সকলো স্বত্ব লিখকৰ]

প্ৰকাশক—


 শ্ৰীঘনশ্যাম শ‍ইকীয়া।
 ধেনুখানা গাওঁ;
 পোঃ আঃ—ঘিলামাৰা
 উত্তৰ লক্ষীমপুৰ (অসম)৷

—প্ৰথম ছপা—


 চ'তৰ নিশাবিহু,
 ১৯৫৫ চন।
 বেচ  অনা৷

—ছপাশাল


 মিশ্ৰ প্ৰেছ, ডিব্ৰুগড় (অসম)।

মঞ্জৰী অৰ্ঘ্য

অনাগত জীৱনৰ দীপ্ত সুৱাসত
মৰমী মাধুৰী বালা নাচি নাচি আহি;
অভিমানী বিহগীৰ কণ্ঠ সমস্বৰে
দেখুৱালে যৌৱনৰ নিৰূপমা হাঁহি।
অসীম অনন্ত ছানি ৰূপ ভাহি গ'ল
প্ৰেমৰ অমিয়া-ছন্দ মনোলোভা কৰি;
গোপনে লাজুকী-লয়ী বিজুলী বালাই
যাচি দিলে নতুনৰ সুধা সমাদৰি।
পলকতে উঠি-নামি লুকালে কেনিবা
যৌৱনৰ নিনাদিতা ক্ষীপ্ত ঢউ বোৰ;
নিৰাশাত বাজি মাথো থাকিলে নীৰৱে
ছিন্ন-ছায়া জীৱনৰ নিঠৰুৱা সুৰ।
পাষাণ নিয়তি আহি দহিলে এদিনা
প্ৰণয়ৰ অৰিহণা ৰঙা নাৰ্জী ফুল;
ছেগ চাই কৱিতাৰ কুঞ্জ-বনে গঁথা
ব্যৰ্থতাৰ এইপাহি “মঞ্জৰী" মুকুল।

ধেনুখানা
“মৰমী পঁজা”
ইতি-
—লিখক—
 

‘মঞ্জৰী’ সম্বন্ধে দুআষাৰ

 ‘মঞ্জৰী’ৰ ৰচয়িতা এজন ২৪ বছৰীয়া ডেকা কবি৷ তেওঁৰ দুই-চাৰিটা কবিতা “ভ্ৰমৰ” আৰু ‘মুক্তি’ আদি কাকতত প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে। ডেকা কবিয়ে সেইখিনিতে ক্ষান্ত নেথাকি ‘মঞ্জৰী’ শীৰ্ষক সুদীৰ্ঘ কবিতাটি লিখি উলিয়াই আমাক চকু ফুৰাই দিবলৈ অনুৰোধ কৰে। আমি তেওঁৰ অনুৰোধ কোনোমতে উপেক্ষা নকৰিলোঁ—কৰিব নোৱাৰিলো!

 ঠোৰতে কবলৈ গলে ,‘মঞ্জৰী’খনি পঢ়িবলৈ পাই সুখী হৈছোঁ। ডেকা কবিৰ প্ৰকাশ ভঙ্গীমাই পাঠক-পাঠিকাক বেদনা নিদিয়াকৈ নেথাকিব কিজানি—

“দিয়া সখি আজি  মোক জীৱন যাতনা
 মদনৰ পঞ্চ শৰ মাৰা হৃদয়ত :
নিঠুৰ বজ্ৰৰ স্বৰে  কলিজা কঁপাই দিয়া
 আৰু যত মহা অস্ত্ৰ আছে জগতত।”

 পবিত্ৰ প্ৰেমক কেন্দ্ৰ কৰিয়েই কবিতাটি ৰচিত হৈছে।

মানবে ব্যৰ্থতা নিবিচাৰে: কিন্তু ব্যৰ্থতা নিবিচাৰিলেও সি আপোনা আপুনি আহে। কবিয়ে বিৰহৰ দাৰুণ যন্ত্ৰণা হিয়াৰ গোপনতম কোনত সাঁচি লৈ আপোন মনে গাইছে-

“যৌৱনৰ মহা অৰ্ঘ্য  নকৰো কামনা
 ভালপোৱা প্ৰতিদানো নিবিচাৰে৷ হায়!
বিৰহৰ তীব্ৰজ্বালা অসহ্য ঝঙ্কাৰবোৰ
 থাকিম বুকুত সখি লই অকলেই!”

 দুনিয়াৰ ভিতৰত কেৰাণী আৰু শিক্ষক জাতিটোৰ সমান অৰ্দ্ধাহাৰী কোনো নাই। ডেকা কবি সেই অৰ্দ্ধাহাৰী দলৰ এজনা শিক্ষক। ঠায়ে ঠায়ে তেওঁৰ শব্দ-প্ৰয়োগত দুৰ্ব্বলতা প্ৰকাশ পাইছে যদিও মাজে মাজে বৰ প্ৰাঞ্জল হোৱা পৰিলক্ষিত হৈছে! তেওঁ সঁচাকৈয়ে আশা কৰিছিল—

“ভাবিছিলোঁ শৰতৰ  জোনোৱালী ৰাতি
 সেই প্ৰেম সেই সুধা একেৰাহে পাম :
ভাবিছিলোঁ যৌৱনৰ জ্বালাময়ী দিনবোৰ
 প্ৰেমক বুকুত লই নিৰলে কটাম।”

 মানৱ হিয়াৰ গোপনতম আশাবোৰ অপূৰণ হৈ থকাটো বিশ্ব দুনিয়াৰ এটা চিৰন্তন ৰীতি!সেই কথাষাৰ কবিয়ে হৃদয়ঙ্গম কৰিব পাৰিছে। কাজে কাজেই তেওঁ নিৰাশাক বুকুৰ আপোন কৰি লৈ গাই দিছে—

“নহবা কুণ্ঠিতা আজি যাবা দূৰলই
 যোৱা গই মোৰ আৰু শেষ উক্তি নাই:
মহান ক্ষণত প্ৰিয়া নাই মোৰ অৰ্ঘ্য দান
 ছন্দহীন গীতিকাৰে মাগিছোঁ বিদায়।”

 ভুল-চুক্ থাকিবই: কিয়নো ভুলৰ হাত সাৰিবৰ অধিকাৰ মানুহৰ নাই। দেশৰ সমালোচক আৰু পাঠক-পাঠিকাৰ হাতত ‘মঞ্জৰী’ৰ বিচাৰৰ সম্পূৰ্ণ ভাৰ সমৰ্পণ কৰি আমি ইমানতে সামৰিলোঁ! অৱশেষত ৰচয়িতাৰ পৰা ভবিষ্যতলৈকো নতুন লিখনি পোৱাৰ প্ৰত্যাশা নকৰি নোৱাৰিলোঁ। অন্তৰ্য্যামীয়ে ডেকা কবিৰ জীৱন চিৰ উজ্জ্বলতৰ কৰি তোলক। এয়েই আমাৰ শেষৰ কামনা! ইতি—

তাং ২২।৭৷৫৫ ইং
(শুক্ৰবাৰ)
বিনীত—
কোবাদ আলী আহমদ
ডিব্ৰুগড়।
 

মঞ্জৰী

(কবিতা)

(১)

জীৱন-যাতনা আজি সহিব নোৱাৰি
গাইছেহি মাধৱীৱে মনমোহা গান;

অনন্ত ৰাগিণী-ময়ী প্ৰেমৰ কাকলি শুনি
  কানন কুঞ্জত কাৰ নাচি উঠে প্ৰাণ?

(২)

সেন্দূৰী আচল খনি অকুণ্ঠা ভাৱেৰে
কোনে আজি অযাচিতে দিলে উদঙাই;

অচিন বুকুৰ ৰেখা মুচি দিলে কোনে কাৰ?
 বিৰহিণী প্ৰেয়সীৰ শেষ ছবি চাই।

(৩)

আথে বেথে ফাগুনীয়ে ভুৱন ভুলোৱা
অনাবিল গীত-ধাৰা দিলেহি বিলাই;

মৰতৰ মনোৰমা সেন্দূৰী খোপাত কোনে
 ৰঙা—বগা ফাকুগুড়ি দিলে ছটিয়াই?

(8)

দশোদিশে জগতৰ দৃশ্য মনোময়ী
কেনি কতো বিষাদৰ গীত মাত নাই;

বসন্তৰ অবুজনী আজলী কিশোৰী আহি
 নিমাত বিশ্বৰ বাঁহী দিলেহি কঁপাই!

(৫)

চঞ্চলা অঞ্চলা বালা মূৰ্ত্ত মুৰুতিৰে
কোন সউ অদুৰেদি ঢউ খেলি যায়;

পদুম কুঞ্জত বহি ঊষাৰ চানেকীটিয়ে
 দুগাল তিয়াই জানো কাৰ ছবি চাই?

গায়িকাৰ ভঙা ভঙা কণ্ঠ মিহলোৱা
শুনিছিলোঁ নেপূৰৰ জুনুকী ঝঙ্কাৰ;

ফুলিছিলে আধাফুলা প্ৰেমৰ কঠুৱা কলি
 দেবঙ্ ভূষিতা বালা অপৰাজিতাৰ।

(৭)

দেখিছিলো ৰূপ জ্যোতি পদ্ম বনে বনে
উটি যোৱা অনন্তৰ তৰণী খনিৰ;

শুনিছিলো সিপাৰত বিজন প্ৰান্তৰ ছানি
 মধুৰ ছন্দৰে উঠা গীত মাধৱীৰ।


(৮)

ভাবিছিলোঁ অৰুণৰ ৰূপৰ মাধুৰী
নিৰস বুকুত মোৰ বব অবিৰাম;

উচাটন যৌৱনৰ পুলক ‘বিজুলী খেলা'
 প্ৰেমৰ কুঞ্জত বহি একেথৰে চাম।

(৯)

চকুৰ আগত আহ! উজ্জ্বলি উঠিলে
অপূৰ্ব্ব ৰূপৰ জ্যোতি চতুদ্দিশ জিনি;
অশুভ ক্ষণত আহি বিদাৰিলে বক্ষস্থল,
 নুবুজিলোঁ কোন সিটি চামুণ্ডা ৰূপিনী।


(১০)

বুজিলো সিদিনা এই জীৱন তৰণী
উজান হেন্দোল এৰি যাব ভটিয়াই-
উঠা-নমা তৰঙৰ সহিব নোৱাৰি ঠেলা
 তটিনী সোঁতত দিব নিজক বিলাই।


(১১)

কঁপিল সিদিনা মোৰ নিশ্চল পৰাণ
পৰিল উন্মত্ত ঢৌত বসুধা উথলি;
উটি গ’ল কত শত ভুলৰ কৱিতা কুকি
 দুকুল ওপচি পৰা সোঁত সতে মিলি।

(১২)

 প্ৰেমৰ মাধুৰী ভৰা নানা নৃত্য জিনি
 উঠিছিলে কিযে এটি মনোমোহা তান;
দেৱীনে, মানৱী কিম্বা সুৰ বালা, মায়াবিনী
 গান গাই কৰিছিলে বিয়াকুল প্ৰাণ?

(১৩)

 চন্দ্ৰাৱলী শৰতৰ জোনালী সোঁতত
 প্ৰেমৰ পাষাণ ছবি দিম উটুৱাই;
থাকিব অৰূপ ৰূপে বসুধা বুকুত ভাহি
 চিৰকাল অৰূপত মাধুৰী বিলাই।

(১৪)

 সেইদিনা যৌৱনৰ নিজান তীৰত
 ভাবিছিলো বিৰহৰ সুখ-গীতি গাই;
জীৱন জলধি ফালি কিদৰে সিপাৰ হম
 প্ৰেমৰ চেঙেলী নাওঁ অকলে উজাই!

(১৫)

তুমিয়েনে যৌৱনৰ যমুনা সিপাৰে
যাচিছিলা পাৰভঙা প্ৰেম প্ৰতিদান;
তোমাৰ গীতৰে নেকি নিঠুৰ হেন্দোল লই
 উৰিছিলে বিৰহৰ বলীয়া নিচান?


(১৬)

মাধৱী মৰহি যায় দুদিন উথলি
সেইবাবে হব জানো অলি বিয়াকুল;
নোপোৱা নেপাই নেকি দুনাই বিচাৰি আৰু
 মউভৰা- মালতীৰ মনোৰমা ফুল?


(১৭)

সেন্দূৰীয়া অৰুণৰ ৰূপ-সুধা ঢালি
কিয় মোৰ অবাবতে বুকু কঁপোৱাই;
লাজুকী এচাটি বা— বলিছিলে অবিৰাম
 কৱিতাৰ প্ৰেমে–পমা ৰূপ চাই চাই।

(১৮)

ভাবিছিলা তুমি সখি কৰি পদাঘাত
কাতৰ চকুলো ধাৰী ধীৰে যাব বই;
তোমা' পদাঘাত সহি  আশাত পৰাণ সপি
 প্ৰিয়তমা ধীৰে ধীৰে যাওঁ আগুৱাই।


(১৯)

বনত বকুল ফুলে,—বিলাই সৌৰভ
মধু-প্ৰিয়া সমীৰণে চুমি চুমি যায়;
কবিতা বনত বহি  নিবিচাৰে৷ সেইসুধা
 বিৰহ-বিদগ্ধ সেই দাম্দেউকাই।


(২০)

যৌৱনৰ মহা-অৰ্ঘ্য নকৰো কামনা
ভালপোৱা প্ৰতিদানো নিবিচাৰো হায়;
বিৰহৰ তীব্ৰ-জ্বালা  অসহ্য ঝঙ্কাৰবোৰ
 থাকিম বুকুত সখি লই অকলই!

(২১)

ভাবিছা উত্তাল সেই প্ৰণয়ৰ ঢৌত
ওপঙি ওপঙি সখি উটি গুচি যাম;
যৌৱন তৰণী খনি তৰঙত বুৰি গলে
 অথাউনি জলধিত থাউনি নাপাম।


(২২)

সেইদিনা অজানিতে নিকুঞ্জ ফুলিলে
ৰেণুৰে বুলালে মোৰ কলি কৱিতাৰ;
তাকে লই পাহৰিম অনন্ত দুঃখৰ তাপ
 পাহৰিম বুকুভঙা জ্বালা কলিজাৰ।


(২৩)

নপৰে মনত সথি সান্ধ্য-সমীৰণে
যমুন৷ তীৰত গোৱা প্ৰেম-পূৰ্ণ গান;
অনন্ত লহৰী লই  মিলনৰ ছন্দ গঁথা
 অপূৰ্ব্ব মাধুৰী সেই সুমধুৰ তান৷

(24)

সেই শৰতৰ সখি এয়ে নেকি আজি
অযাচিতে যাচি দিয়া পূজাৰ সমল;
আহিবনে এনে হলে বিচাৰি বিশ্বৰ লীলা
মিলনৰ মউখোৱা চতুৰঙ দল?

(২৫)

নহয় সিকথা হায়! নোৱাৰে কদাপি
জীৰ্ণ-বুকু পাষাণৰ হেলাৰে টলাব;
ভেজপিয়া ঘাতকীৰ  নিঠুৰ আঘাত আহি
 তাতে লাগি নিলগত ছিটিকি পৰিব।

(২৬)

ভাবিছা হৃদয়ে আজি নিচিনে হৃদয়
জীৱনৰ সুৰ ভুলি হেৰুৱাব তৰী;
ওভতা ডকাত লাগি ডুবিব ফুলৰ নাওঁ
 ভাগি যাব ডাঁৰ-চই চিঙি যাব জৰি!

(২৭)

ভাবিছা বাজিব আজি ছিন্ন হৃদয়ত
শৰতৰ সেই সুৰ গীত অনুপম;
ভাবিছা কিজানি আজি অবিনাশী অৰুণৰ
 পাষাণ চানেকিটিকে আঁকোৱালি লম।


(২৮)

দেখিছিলোঁ পৰাগত পাপৰিৰ লয়
কৰিছিলে অদূৰত পৱনে কল্লোল;
অসীম কপাঁই তোলা শুনিছিলোঁ লতিকাৰ
 যৌৱনৰ বিনন্দীয়া কান্দোনৰ ৰোল।

(২৯)

ৰচিম এখনি কুঞ্জ নিকুঞ্জ বনত
যত সখি ফলে ফুলে ফুলক সজাই;
বিৰহৰ স্বপ্ন দেখি ভাগৰি নপৰো য'ত
লভিম অনন্ত সুখ তাতে মিলি গই।

(৩০)

যাম গুচি অসীমৰ গন্তব্য স্থানলে'
শান্তি-পুৰ্ণ শেষ-পথ ফুলেৰে সজাই;
শ্যামলা তোমাৰ পথ যোৱা তুমি সেই পথে
 মোৰ পথ “দগ্ধ-চিতা” যাম আগুৱাই।


(৩১)

অলীক কল্পনা প্ৰিয়া নকৰিবা আজি
আগুৱান হোৱা মাথো বান্ধি লই বল;
বিচাৰিব পুনৰপি  আঁতুৰ পৰাণে মোৰ
 কলিজাৰ দহা-পোৰা প্ৰেম-গঙ্গাজল।


(৩২)

নবয় বসন্তৰ বা নাই কুঁহি পাত
পদুমৰ ফুল কলি কলিতে শুকাই;
নাই তাত গুণ গুণ  বলিয়া অলিৰ স্বৰ
 সেয়ে হব জীৱনৰ মাথো শ্ৰেষ্ঠ ঠাই।

(৩৩)

সেই তাতে নিজানত, ফল্গু সলিলৰ
তীৰত নীৰলে বহি শেষ গীতি গাম;
পুৰণি চকুত মোৰ  নতুনৰ বোল সানি
 পথহাৰা তটিনীৰ ঢউখেলা চাম।


(৩৪)

ৰূপৰ প্ৰতিমা গঢ়ি কতজনে আজি
কণ কণ মুকুতাৰ মালাৰে সজাই;
চাতুৰীৰ পদাঘাত  সহিব নোৱাৰি কেৱে
 নীৰলত বহি কান্দে ইনাই বিনাই।


(৩৫)

অদ্ভুত প্ৰেমৰ স্মৃতি নামানিব প্ৰাণে
অন্তৰ্দ্দাহী জ্বলাজুয়ো নাযাব নুমাই;
যাব মাথো যাব লগা  বিৰহৰ শোক তাপ
 ভঙাবুকু একেদৰে নেথাকে সদায়।

(৩৬)

দিয়া সখি আজি মোক জীৱন-যাতনা
মদনৰ পঞ্চ শৰ মাৰা হৃদয়ত;
নিঠুৰ বজ্ৰৰ স্বৰে কলিজা কপাঁই দিয়া
 আৰু যত মহা-অস্ত্ৰ আছে জগতত।


(৩৭)

নাভাবিবা নোৱাৰিম সহিব যাতনা
নিদাৰুণ ময়ো শত নকৰো আক্ষেপ;
যত পাৰা মাৰি থাকা থাকিম নীৰৱে ৰই
 নহওঁ কাতৰ ওহোঁ, নকৰো সন্তাপ।


(৩৮)

প্ৰাণেই যদিও আজি প্ৰাণ কপোঁৱাই
প্ৰণয়ৰ অশ্ৰু-নীৰ নাই সখি তাত;
যদিওবা বিৰহৰ গইছে এসুঁতি বই
 নাই জৰা পদ্ম মধু হৃদি-চাহাৰাত।

(৩৯)

তমোময় যৌৱনৰ ‘লুকা লুকি’ খেলা
নাই তাত ছাঁয়া চকা বিজুলীৰ ঢউ;
নাভাবিবা বিৰহৰ  জ্বলি থক৷ চিতা জুয়ে
 হিয়া খনি দহি-পুৰি থাকিব নিতউ!


(৪০)

নাভাবিবা স্মৃতিকে আকুলি থাকিম
উটি যোৱা গান কিটি গাম পুনৰাই;
চিঙি যোৱা তাঁৰ ডালি  ৰেপিম ভুলতো সখি
 তোমাৰ ৰাগিণী স্বৰ গীতত মিলাই।


(৪১)

তুমিতো নুবুজা সখি অন্তঃ বীণাৰ
উঠি উঠি মাৰ যোৱা লয় ৰাগিনীৰ;
শুনা নাই কাহানিও মাদুৰি বনত গোৱা
 কেতেকীৰ কণ্ঠস্বৰ কেনে সুমধুৰ?

(৪২)

আহিছোঁ আন্ধাৰ ফালি যামগে' অকলে
নেকান্দিম জীৱনৰ পথ হেৰুৱাই;
শ্মশানৰ অগ্নি-শিখা বুকুত জ্বলাই লই
 আন্ধাৰ পথত নিতে যাম আগুৱাই।


(৪৩)

শোক-অশ্ৰু দুঃখ-তাপ চিন্তা চিতা-ধুম
অকাতৰে এতিয়াই সকলো ত্যজিম;
কলিজাৰ এফালত জ্বালিলা চিতাৰ জুই
 জীৱনত স্মৃতিকথা কিয় পাহৰিম?


(88)

ভাবিছিলা বিৰহৰ অসহন জ্বালা
হৃদয়ত ল'ই সখি নীৰৱে সহিম;
জীৱনৰ লক্ষ্য এৰি ৰূপত জিলিকি উঠ
 মৰীচিকা খেদি খেদি ভাগৰি পৰিম?

(8৫)

কপট মাধুৰী ঢালি গাইছিলা গান
অনুপম যৌৱনৰ গৰিমা বিলাই;
প্ৰেমৰ পিঞ্জৰা ভাঙি মইনা আঁতৰি গলে
 ভাবিছিল৷ কান্দি ৰম খালী সজা চাই!


(৪৬)

নাভাবিবা জগতত মউ-মধু ভৰা
মায়াঁ, মৰীচিকা আৰু নাই সখি তাত;
নাপাবা বিচাৰি ক'তো শোকৰ কবিতা এটি
ইননি-বিননি অশ্ৰু নাই বসুধাত।


(৪৭)

ঘিউৰ এগচি বন্তি শেষ হই গ'ল
অনন্ত সম্ভাৰ ৰ'ল থাপনাতে পৰি;
উঠে আজি কিয় তাতে অনাগত সুৰ এটি
 পূজাৰীৰ জীয়া তেজ বিচাৰি বিচাৰি?

(৪৮)

সেইদিনা সখিয়তী অতীত বিচাৰি
প্ৰতিমাৰ মূৰ্ত্তছবি একেথৰে চাব;
ৰাগিণী মুঞ্জৰি উঠা  অনন্ত বেদনা পূৰ্ণ
 বিৰহৰ প্ৰেম-গীতি তাতে বহি গাব।


(৪৯)

বিতোপন শৰতৰ ছবি হেৰুৱাই
নিজান বনত পখি চকুলো টুকিব;
নিয়ঁতিৰ বুকু কঁপা বিকট চিঞৰ এটি
 নিস্তব্ধ ৰজনী ভেদি আকুলি উঠিব।


(৫০)

গাম সখি সেইদিনা প্ৰাণভৰা-গীতি
অতীতক দূৰণিলে' দিম দলিয়াই;
মোহ-মুগ্ধ প্ৰকৃতিৰ নতুন চানেকিখনি
 নিৰাশ বুকুত লম যতনে ভৰাই।

(৫১)

অৰ্পিম যৌৱন সখি ভুলৰ পূজাত
নাভাবিবা কাতৰত গাম আৱাহন;
অগণন গীতি-নৃত্য অনন্ত অযুত বাদ্য
 বাজিব পূজাত সখি কৰি প্ৰাণ পণ।


(৫২)

নাভাবিবা ফল-পুষ্প আথানী এনেই
যৌৱনৰ ধূপ, দীপ অৰিহণা নাই;
ছিন্ন ভিন্ন হৃদয়ৰ শেষৰ সমল খিনি
 ভাবিছা পূজিম লই নীৰৱে গোটাই!


(৫৩)

অনন্ত ছন্দিকা ভৰা নুশুনা আজিতো
মঙ্গল আৰতি গীতি নাই মন্দিৰত;
তেজৰ নিশ্বাস এটি নোপোৱা আজিতো সখি
 ‘প্ৰেমৰ পাতত’ দিয়া মোহন ভোগত!

(৫৪)

কব পাৰা ভুল সখি “কবিতা নৈবেদ্য”
সৃষ্টিৰ ৰহস্য তাত আছিল লুকাই;
বিজয়া তিথিৰ দিনা  ভুল হ'ল দেৱী পূজা
 পৰাণৰ ভাল পোৱা ভুল হোৱা নাই।


(৫৫)

সবিতাৰ সু-শীতল ৰূপ-জেউতিত
নতুনৰ কুঁহি-কলি নাযাব শুকাই;
বোকাত পদুম ফুলি সেন্দুৰী সুষমা ৰাশি
 বিৰহ বিধুৰা বা-ক নীৰলে বিলাই।


(৫৬)

যোগবলে কোনোজনে মৃত্যু কৰে জয়
কাৰোবাৰ জগতত অস্তিত্ব হেৰাই;
যুঁজি যুঁজি কোনোজনে অশান্ত পৰাণ লই
 গহীন বনত বহি জীৱন কটাই।

(৫৭)

দেৱীৰ মোহন মূৰ্ত্তি আৰাধোতে দেহি
ক্ৰন্দন ধ্বনিত কেৱে অসীম কঁপাই;
অনুতপ্ত জীৱনৰ হেৰুৱ৷ চানেকি আঁকি
 মউ-ভৰা প্ৰণয়ৰ পিয়াঁহ গুচাই।


(৫৮)

ক’ত জন জগতত দানী-মহামানী
কোনো জন দীন-দুখী কেঁও কিছুনাই;
ক’তই বুকুৰ জুই  থাকিব নোৱাৰি সহি
 অনন্ত সন্ধ্যাৰ স'তে মিলি গুচি যায়।


(৫৯)

যৌৱনৰ জয়শিঙা বাজি উঠা শুনি
ক'তৰ বুকুত বলে সুপ্ত তেজ ধাৰ;
কোনোৱেবা ব্যৰ্থতাৰ ৰোধিব নোৱাৰি ভেটা
 চকুৰ পানীৰে ৰচে প্ৰেম কবিতাৰ।

(৬০)

কোনোৱেব৷ প্ৰণয়ৰ ভাণ্ডাৰ বিদাৰি
মাধৱীৰ মউ-ৰস ধাৰেৰে বোৱাই;
ক'তৰ কাতৰ বুকে বজ্ৰৰ আঘাত লাগি
 আশাৰ পদুম কলি কলিতে শুকাই!


(৬১)

বিধিৰ বিধান কেয়ে খণ্ডাব নোৱাৰে
চিতাৰ শোকাগ্নি জ্বালি মৰে দেই-পুৰি;
কোনোৱেবা নিৰাশাৰ উত্বপ্ত নিশ্বাস ত্যজে
 পাৰ হই যৌৱনৰ পদুমনি পুৰী।


(৬২)

অসীম বৈভৱ লভি সুখ-সৰগত
ত্ৰিভঙ্গ ভঙ্গিৰে ক'ত কৰে বিচৰণ;
বিধাতাৰ নিৰ্যাতন থাকিব নোৱাৰি সহি
 সমাদৰি লয় কে'ৱে গহন কানন।

(৬৩)

যৌৱনৰ মহাভাৰ ভাঙিব নোৱাৰি
ইনাই বিনাই কেৱে কান্দে বেজাৰত;
কাতৰ বুকুৰ তেজ খাই নিত্য পাষাণীয়ে
 কৰিছে বিহেৰে ভৰা সুন্দৰ জগত।

(৬৪)

অনিত্য সংসাৰ তেন্তে জানিছা নিজেই
পাৰ্থিব সুখৰ সুখ তীব্ৰ হলাহল;
শৰতৰ সেই সুৰো পাহৰি পেলোৱা সখি
 নাই তাত মউ-ৰস, নাই পৰিমল।


(৬৫)

ময়ো আজি বুজো সখি মোৰো আছে প্ৰাণ
বিধাতাৰ শ্ৰেষ্ঠ-দান লম সমাদৰি;
কল্পনা কুসুম ফুলি কল্পনাতে জহি গ'ল
 তাৰ কথা কোনো কালে নাথাকো সুৱঁৰি।

উপহাৰ


(৬৬)

সোণৰ ‘জিঞ্জিৰি’ সখি নাই তোমালই
ক'ত পাম ৰত্ন-ময়ী মণি-মুক্তা হাৰ;
চেনেহ কুসুমে মোৰ নাটিলে তোমালে আজি
 নাই একো দিবলই দগ্ধ-কলিজাৰ।


(৬৭)

পদুম বনত বহি পুষ্প “বনমালা”
চিঙি আনি নিজানত আলফুলে ল'ই;
নাই গঁথা মালাধাৰী তোমাৰ নামতে সখি
 নহয় কণ্ঠৰ মালা সেয়ে তোমালই।

(৬৮)

নাজানো ‘গায়ত্ৰী’ সুৰ তোমাৰ বন্দনা
প্ৰেমৰ পবিত্ৰ সখি নাই গঙা-জল;
অনন্ত ক্ষীৰৰ দধি মথোঁতে মথোতে সিওঁ
 অমৃত ভাণ্ডাৰ গুচি হ'ল হলাহল।


(৬৯)

হৃদয়ৰ মাধুৰীমা নাই কুঞ্জ-মধু
নাই একো দিবলই নেমেলিবা হাত;
‘জালিকটা’ দুঠিয়া  খনিয়া চেলেঙ নাই
 দিবলই ছাতি মাৰি আলসুৱা গাত।


(৭০)

চিতাৰ অগনি জ্বলি দহিলে হঠাতে
কলিজাৰ যি পাহি কামিনী-কাঞ্চন;
সেয়ে সখি পূৰ্ণ-অৰ্ঘ্য আছিল তোমালে মাথোঁ
 অশ্ৰুভৰা দৰদৰ মাধুৰী চন্দন।

(৭১)

এনে ৰত্ন নাই সখি নাপালোঁ বিচাৰি
যাক পালে আনন্দত হবা পুলকিত;
নাগাঁথো পদুম কলি  নীৰলে তোমালে বহি
 নিৰূপমা বিৰহৰ অমৰাৱতীত।

(৭২)

প্ৰণয়ৰ পূৰ্ণ-দান নাই তোমালই
তন্ত্ৰী-হীন হৃদয়ত নাই একোসুৰ;
‘বীণাৰৰ’ মনোমোহা  স্বৰৰ কঁপনি নুঠে
 যৌৱনৰ প্ৰেম-পুষ্প নাইকিয়া মোৰ।

(৭৩)

নোৱাৰো তুষিব সখি আথে বেথে আনি
সাঁচৰুৱা ‘গামখাৰু’ জোৰোণ পিন্ধাই;
শালেকটা ‘কাতিয়ন’  মুগাৰ “ছতিয়া-ৰিহা”
 ব্যথিত প্ৰাণৰ অৰ্ঘ্য নাই সখি নাই।

(৭৪)

চেনেহৰ দিগ্‌-বাণি গৰিয়লী কৰি
প্ৰীতিৰ আচুঁৰে তুলি চানেকি তোমাৰ;
তোমাতে তোমাৰ ছন্দ  সানি দিব খোজোতেই
 মাধুৰী হেৰাব খোজে মোৰ কৱিতাৰ।


(৭৫)

প্ৰণয়ৰ ‘গাথিয়ন’ থাকিল থকাতে
হালধীৰ বোল গ'ল কৰবালে উটি;
চিৰ-ব্যৰ্থ যৌৱনৰ  সজোৱা কুসুম ডালি
 ছন্দে-ভৰা পাহি ছিগি হ’ল এটি এটি।


(৭৬)

‘ইডেনৰ উদ্যানত নাই অনা গাঁথি
বাসৰুৱা ‘দুগ দুগী’ শুভ্ৰ টগৰৰ:
মৰমে জেউতি খজা  নেজ পতা কেৰু নাই
চেনেহৰ চিন মোৰ চিৰ-জনমৰ।

(৭৭)

ফাগুনৰ ফাকুঁসনা ৰাঙলী-ৰূপহী
ফুলাম কুঞ্জত বহি গাঁথি অন৷ নাই;
ৰজা-বগা পৰাগৰ এধাৰী মালতী মালা
জীৱনৰ যৌৱনৰ ৰূপ-চৰোৱাই।


(৭৮)

শেৱালিৰ আধাফুলা ঢোপা-কলি চিঙি
নাই অনা আল্‌ফুলে কৰণি ভৰাই;
নকৰো এডালি তাৰে চেনেহৰ ‘চেৰামণি’
বিৰহৰ বাত দিওঁ লেৰেলি শুকাই।


(৭৯)

‘জেটুকা’ বুলীয়া কৰি কিহেৰে বোলাম
পদুমৰ পাহি যেন দুটি অধৰত;
গুটি গুটি ডালিমৰ অনন্ত সুষমা বচা
সানি দিম কিনো সখি সেন্দুৰী গালত।

(৮০)

প্ৰেমৰ,“ডবুৱা” বাছি গুণা দিয়া ৰিহা
যৌৱনৰ অৰ্ঘ্য দান নাই তোমালই;
চেনেহ কদম ফুলে ‘সাতসৰী' মালাগঁথা
অমূল্য ৰতন আজি, নাই দিবলই।

(৮১)

যৌৱনৰ ‘পূৰ্ণ তীৰ্থ' আছিল এদিনা
শাৰী শাৰী টগৰৰ ঢোপাকলি ভৰি;
মন্দাৰ-পলাশ ফুলি শোভিছিল কতকাল
দুখনি পৰাণ বান্ধি একেখনি কৰি!


(৮২)

এডালি পোৱাল ৰত্ন, এডালি মাণিক
ভাবিছিলোঁ গাঁথি তাৰে দিম উপহাৰ;
নুঠে দুলি আজি আৰু হৃদয় বীণাত মোৰ
প্ৰেমৰ পুৰৱী-সুৰ ব্যৰ্থ জীৱনৰ।

(৮৩)

নাহিবা ওচৰ চাপি দীন-দুঃখী মই
আধা বন্ধা খোপাটিত কিনো গুজিদিম;
ভিক্ষাৰীৰ ‘লাওলোৱা’ নাই সখি বন-ফুলো
তোমাৰ চেনেহী ছবি কিহেৰে পূজিম?


(৮৪)

অনন্ত মাধৱী ৰাতি নুপুৱালে সখি
নেদেখিলোঁ সেইদিনা চিন মানিনীৰ;
বকুল বনত মাথো  শুনিছিলোঁ একেৰাহে
গাই গাই জীণ যোৱা গীত কেতেকীৰ।


(৮৫)

লবানেকি! লোৱা তেনে শেষ অৰ্ঘ্য দান
যাওঁ গই বিদায়ৰ বাতৰি জনাই;
থাকক থাকিলে আৰু  অস্ফুত প্ৰাণৰ ভাষা
সময় আহিলে কম হিয়া উদঙাই।

(৮৬)

হৃদয় নিকুঞ্জ আজি মৰহি শুকাল
যৌৱনৰ ভঁৰা-সুঁতি পকা বালি হ'ল;
আল্‌ফুলে কেতেকীৰ  কোমল কৱিতা চুমি
বীণা খনি ভাঙি-চিঙি নাইকিয়া হ'ল।


(৮৭)

শুনা সখি অনন্তত বাজিছে ‘দুন্দুভী’
বাজিছে মেলানি ৰৱে তন্ত্ৰী পৰাণৰ;
হিয়া-সিন্ধু দুলি উঠা  প্ৰেমৰ সৌৰভ আজি
লোৱা উপহাৰ বুলি চিৰ-বিদায়ৰ।


(৮৮)

আৱেগৰ সুধা-সনা ‘তৰুৱা কদম’
কুসুম মালিকা গাঁথি নাই যচা আজি;
যচা নাই শুনি শুনি  ‘কটুৰ’ আমনি পোৱা
বুলৰ সুৰভি কণ্ঠ কল্পনাৰে সাজি।

(৮৯)

সপোনতে আল্‌ফুলে আধাগঁথা মালা
দিঠক্‌ত চেনেহৰ জৰি ছিগি যায়;
আকাশী লতাৰে গঁথা  দুহুৰীয়া অনিজৰী
প্ৰেমৰ কৰণি ভাঙি হিয়৷ কঁপোৱাই।


(৯০)

নাই সখি আমডালি ‘দুলনি কলচী’
‘দৈয়নৰ’ পূৰ্ণ পাত্ৰ; নাই পূৰ্ণ-জল;
এগছি শলিতা বন্তি   দুটিমান খুদুগুৰি
তোমাৰ পূজাৰ নাই পৱিত্ৰ সমল!


(৯১)

প্ৰেমৰ ‘লকেট’ সাজি ভাবিছিলো সখি
আল্‌ফুলে আঁৰি দিম ডিঙিত তোমাৰ;
অভিমানী যৌৱনৰ  গফত ওফন্দি উঠা
সেন্দুৰী সুষমা স’তে মোৰ কৱিতাৰ।

কদম কলিৰে সখি নাজানো সাজিব
কেচ্কটা, ‘লট.কণ’ চকা পিতলৰ;
বুটা তুলি বনকৰা  পদুম পতীয়া নাই
প্ৰীতিৰ ‘জাকিত’ খনি হীন পৰাণৰ।

(৯৩)

ৰিহাত ‘কল্‌ক৷’ বাছি কৱিতা ফুলেৰে
তোমাক আমনি আৰু নকৰো দুনাই;
খঁহি যোৱা খোচোনাৰ  চঞ্চল ‘আঁচলি’ ধৰি
নকওঁ সাদৰী সখি হিয়াৰ বিলাই।

(৯৪)

গুচোৱা ওৰণি খনি এৰি অভিমান
কৱিতাৰে শেষ হাৰ আনিছোঁ সজাই;
শেষ-মাল্য সমাদৰি  সাদৰে বিদায় দিয়া
নিজ নিজ পথ ল'ক দুখনি হিয়াই।

(৯৫)

নহবা কুণ্ঠিতা আজি যাবা দূৰলই
যোৱাগই মোৰ আৰু শেষ-উক্তি নাই;
মহান ক্ষণত প্ৰিয়া  নাই মোৰ অৰ্ঘ্য দান
ছন্দ-হীন গীতিকাৰে মাগিছোঁ বিদায়।


(৯৬)

শেৱালীৱে আঁকিছিলে ছবি অৰুণৰ
শেৱালীৱে কৰিছিলে কৱিতাতে স্নান;
দেহাৰ এফালে জ্বলা  অজান ইকুৰা জুয়ো
শেৱালীৰে যৌৱনৰ শ্ৰেষ্ঠ-অৱদান।


(৯৭)

বিদায় বেলাত আজি নকৰি আক্ষেপ
নানিবা মনত কথা সেই শৰতৰ;
মিলনৰ পূণ্য-ভূমি  ছিন্ন হব বেজাৰত
শোকৰ কৱিতা ঘোষি দুটি পৰাণৰ।

(৯৮)

এয়ে আজি শেষ দেখা, মাগিছোঁ মেলানি
বিৰহ-কৱিতা ৰসে দুগাল তিয়াই;
শেষৰ দিনত প্ৰিয়া নকৰো আমনি আৰু
যোৱ৷ গুচি নৱ পথে উভতি নেচাই।


(৯৯)

কোৱাকেই কই মাথো কৰিলোঁ আমনি
মৰষিবা অন্তৰেৰে মোৰ দোষ দায়;
বাতুলৰ বলিয়ালী শুনিব নালাগে সখি
ধীৰে ধীৰে যোৱাগই সৰগ ধিয়াই!


(১০০)

‘বহুকথা’ কলে৷ আজি হঠাতে তোমাক
নুবুজিবা ভুল প্ৰিয়া থাকা নীৰলেই;
ব্যথাভৰা জীৱনৰ অনন্ত বেদনা শিখা
থাকিম বুকুত লই চাই তোমাকেই।

(১০১)

অতীতৰ নাই আজি মান-অভিমান
উটিযোৱা সপোনৰে৷ নেপাম সন্ধান;
যৌৱন কঁপাই দিয়া  নুঠে সেই সুৰ ধ্বনি
নাই অশ্ৰু, বিসৰ্জ্জন, নাই প্ৰতিদান।


(১০২)

বেদ-ধ্বনি, শঙ্খ-ধ্বনি, নাই আজি হায়!
আৰু নাই হোম-যজ্ঞ মহা মিলনৰ;
শ্মশানৰ শিখাকেই  থাকিম বুকুত লই
সুৱঁৰি সুৱঁৰি ভুল ব্যৰ্থ-জীৱনৰ।


(১০৩)

ভাবিছিলোঁ শৰতৰ জোনোৱালী ৰাতি
সেই প্ৰেম, সেই সুধা, একেৰাহে পাম;
ভাবিছিলোঁ যৌৱনৰ  জ্বালাময়ী দিনবোৰ
‘প্ৰেমক’ বুকুত লই নীৰলে কটাম।

(১০৪)

তুমি কোৱাকেই আজি কব খোজো সখি
‘ভুল’ বুলি অতীতক নাই দিয়া ঠাই;
ভুল হ'ল প্ৰথমেই  পথৰ সন্ধান লোৱা
আজি আৰু বুজিবলে বাকী থকা নাই।

(১০৫)

যৌৱন তীৰত বহি লিখোতে অলেখ
কণ কণ মুকুতাৰ ৰূপালী কিৰণ;
শেৱালীয়ে তৰিছিল  প্ৰণয়ৰ ইন্দ্ৰজাল
পাহিছানি জ্বলিছিলে অৰুণ-বৰণ।

(১০৬)

আৱেশ সুৱগী সুৰ নুশুনিলোঁ ক'তো
নেদেখিলো চিন-চাব দীপ্ত অমিয়াৰ;
থাকিল মাথোন জ্বলি  অনন্ত এগছি বন্তি
ধিমিকি ধিমিকি জ্বলি পাষাণী পুজাৰ।

(১০৭)

লাজুকী লতাৰ দৰে মুচ্-কুচ্ যোৱা
দেখিছিলোঁ চকামকা আজলী বালাক;
শুনিছিলোঁ অৰুণৰ নিচুকনি গীতগোৱা
নিচিনিলোঁ সুন্দৰৰ ৰূপ-প্ৰতিমাক।


(১০৮)

ৰঙীণ যৌৱন উটি যাব ৰঙীনলে'
প্ৰণয়ৰ বালি ভেঁটা থান্ বান্ কৰি;
নিতউ নতুন ৰূপে  থাকিব তাতেই চৰি
অনন্ত মাধুৰী সুধা অতীত সুৱঁৰি।

(১০৯)

নাইতাত কলিজাৰ ডোঙা ডোঙা তেজ
কাতৰ চকুলো ভৰা নহয় সিঠাই;
প্ৰাণৰ প্ৰাণত বজা উন্মত্ত প্ৰেমৰ সুৰ
পশিব নোৱাৰি তাত জহি-খহি যায়।

১১০)

চাম তাতে অৰুণৰ নিতে নৱ-ৰূপ
প্ৰেমৰ চানেকি খনি পৰিব মোলান;
মোহ-মুগ্ধ মৰতৰ  বই অশ্ৰু অবিৰাম
উটুৱাই নিব কাৰো নোৱাৰিব প্ৰাণ।


(১১১)

জীৱন যমুনা ছানি উটি ভাহি যোৱা
লেখিছিলো এটি এটি পদুমৰ কলি;
উঠিছিল অনন্তত ভুৱন ভুলোৱা সুৰ
থৰ হই শুনিছিলো নপৰিলো ঢলি।


(১১২)

বিতোপন যৌৱন ‘ৰঙা-হাঁহি’ ভৰা
দেখিছিলো জগতৰ কান্তি বিমোহন;
অসীম কঁপাই তোলা প্ৰেমৰ সুৰভি ময়ী
দেখিছিলো কণকৰ মাধুৰী কিৰণ।

(১১৩)

বেথাভৰা জীৱনৰ শেষৰ দিনত
মনত পৰিছে সখি অতীতৰ কথা;
যদিওবা চিতাগ্নিয়ে  দহিদিলে কলিজাটি
পাহৰিব পৰা নাই বিৰহৰ ব্যথা।

(১১৪)

কব খোজা সখি আজি ভুল প্ৰতিদান
অন্তৰে অন্তৰ চিনি নোপোৱাতো ভুল;
তুমিয়ে সিদিনা জানে৷ নাই দিয়া সোৱঁৰাই
এখনি অন্তৰে বুজা এখনিৰ মূল?

(১১৫)

আজি তুমি ‘মৌন ব্ৰতী’ নুশুনা একোকে
নাই মোৰে৷ কব লগা সামৰো পাতনি;
আহিছিলো কবলই  জীৱনৰ কথাবোৰ
যাওঁ গুচি অহা বাটে নকৰো আমনি।

(১১৬)

নকওঁ কলিজা ভঙা বাকী থকা কথা
লক্ষ্য-হীন জীৱনৰ তৰী মেলি দিম;
নিৰাশাৰ বিজুলীত লক্ষ্যৰ চমক লেখি
অদূৰত বহি বহি ৰূপ-সুধা পিম।


(১১৭)

থাকা তেন্তে সখি আজি শেষ লক্ষ্যতেই
যৌৱনৰ যুক্তিহীন ভালপোৱা লই;
চাবা যাতে জীৱনত নুশুনো তোমাৰ সুৰ
বিৰহৰ বা-আহি হিয়াত নবয়।


(১১৮)

সেই সত্য তোমাকেই কৰিছোঁ অৰ্পণ
নিবিচাৰো তাত আৰু মঙ্গল মাধুৰী;
হলে হ’ক দিঠকেই অনন্ত স্বপ্নৰ ৰেখা
কণ্ঠে তুলি তাকে আজি লম সমাদৰি।

(১১৯)

লম তুলি শত দুঃখ নকৰো আক্ষেপ
কৱিতাই হ'ক মোৰ চিৰ লগৰীয়া;
উৰুমিৰ বুকুভঙা  কৱিতা বনতে সখি
বিৰাজিব মাথে৷ এই চিৰ-ব্যৰ্থ হিয়া।

সামৰণি

(১২০)

মন্দাৰ কুঞ্জত বহি
লেখোতে ৰূপৰ ঢউ
 অজান বিহগী সুৰে বুকু ভেদি যায়:
নেদেখিলোঁ পৰাগৰ
মিলন বিৰহী স্বপ্ন
 ৰঙাতেজ ঢালি দিয়া কেঁচা কলিজাই।


(১২১)

নপৰিলে দু-চকুত
ৰূপৰ অনন্ত জ্যোতি
 নজ্বলিলে সুন্দৰৰ সেন্দূৰীয়া ছবি;
নেগাঁথিলে মালিনীয়ে
আৱেশ মাধুৰী মালা
 পূৰ্ণ কৰি মনোৰথ বিৰহিণী কবি।

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলভ্য।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।