সমললৈ যাওক

মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ/সোতৰ

ৱিকিউৎসৰ পৰা

(সোতৰ)

 নিশা আন্ধাৰ যিমান গভীৰ হয়। পুৱাৰ পোহৰ সিমানে কাষ চাপি আহে।

 হয়তো, সেয়ে মোৰ গভীৰ আন্ধাৰে ছানি ধৰা জীবনটোত পুৱাৰ ফেঁহু-জালি পোহৰে ভুমুকি মাৰিছিল।

 ২০০২ চনৰ শেষৰ ফালে আমাৰ সম্পৰ্কীয় ছোৱালী এজনী আহিছিল আমাৰ ঘৰত কেইদিনমান থকাকৈ। মনত এটা ভয় ভয় ভাব লৈ।

 তেতিয়ালৈকে মই যন্ত্ৰণাৰ বোজা কঢ়িয়াই জীৱনৰ বাট বোলা জীৱনৰ সাত বছৰত ভৰি দিছিলোঁ।

 অপ্ৰস্তুত মুখত এটা ভয় ভাব লৈ মই থকা কোঠাটোলৈ সোমাই আহিল। তাইক মই ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে এখন বিয়াত শেষবাৰ লগ পাইছিলোঁ। সেই বিয়াখনৰ পিছৰ পৰা মই তাইক দেখা পোৱা নাই আৰু তায়ো মোক লগ পোৱা নাছিল।

 কিন্তু তাই মোক জানিছিল আনৰ মুখে মুখে।

 মালাৰ লগত তাই মই থকা কোঠাটোলৈ চুচুক-চামাককৈ সোমাই আহিল। তাই এতিয়া এজনী গাভৰু ছোৱালী।

 তাইৰ লগত কথা পাতি মই মোৰ সংগী কিতাপৰ লগত আকৌ ব্যস্ত হলোঁ। তেতিয়া মই আন মানুহৰ লগত কমকৈ আৰু কিতাপৰ লগত বেছিকৈ কথা পাতোঁ।

 লাহে লাহে অলপ অলপকৈ কথা পাতোঁতে পাতোঁতে তাইক মোৰ ভাল লগা হ’ল।

 এদিন তাই, মই আৰু মালাই কথা পাতি থাকোঁতে তাই ক’লে— জান জুলী বা, মই যেতিয়া তহঁতৰ ঘৰলৈ অহাৰ কথা কওঁ, তেতিয়া মোৰ তোৰ কথা ভাবি বৰ ভয় লাগিছিল। মই যদি আহি তহঁতৰ ঘৰত থাকো তেনেহ’লে তই থকা ঘৰটোতেতো থাকিব লাগিব। সকলোৱে কৈ থকা শুনিছিলোঁ— তই হেনো নাহাঁহ, কাকো নামাত। খুব কম কথা পাত। লেতেৰা বেয়া পাৱ। তোৰ বোলে মুখখন অনবৰতে গোমোঠা হৈ থাকে। অনবৰতে কিতাপ পঢ়ি থাক আৰু বহুত কিবা কিবি তোৰ বিষয়ে শুনিছিলোঁ ।

 তই কোৱা প্ৰতিটো কথাই সচাঁ। মোৰ বিষয়ে তোক যিখিনি কৈছে, প্রতিটো সঁচা৷ সকলোৱে মোৰ বিষয়ে একেই মন্তব্য দিয়ে। নিদিবনো কিয় ? মোৰ অসুখ হোৱাৰ পৰা অকলে থাকি ভাল পাওঁ। বাৰু ক’চোন-- এতিয়া মোক লগ পোৱাৰ পিছত কেনেকুৱা লাগিছে তোৰ ?

 ভাল লাগিছে। শুনি অহা প্রতিটো কথাই সঁচা যদিও তোৰ লগত মোৰ থাকি ভাল লাগিছে। ভয় ভাবটো নাই এতিয়া। প্রথমে কিন্তু বা, ই.. মা.. ন ভয় লাগিছিল।

 কেইদিনমান তাই আমাৰ ঘৰত থকাৰ পিছত তাইৰ ভনীয়েক আৰু সিহঁতৰ গাঁৱৰ ল’ৰা এজন আহিছিল তাইক ঘৰলৈ নিবলৈ।

 তাইক নিবলৈ অহা পল্লৱদাই মাৰ পৰা মোৰ অৱস্থাটোৰ কথা জনাৰ পিছত কেতিয়াও নুশুনা, শুনিবলৈ প্ৰতিপল অপেক্ষা কৰি থকা এষাৰ কথা ক’লে।

 জুলীক যদি ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজ (চি.এ.চি) হাস্পতাললৈ এবাৰ লৈ যায়, তাই হয়তো অলপ আৰোগ্য হ’ব। - পল্লৱদাৰ কথাকেইটা শুনি এনে লাগিছিল যে তৃষ্ণাৰ্ত মৰুভূমিৰ মাজত পানীৰ হ্ৰদ এটা আছে বুলি খবৰ দিছে। নিশ্চয়কৈ সৃষ্টি হৈছিল- মহা শূন্যতাৰ বুকুত আশাৰ একাঁজলি পোহৰ। ভাৰাক্ৰান্ত মনটোক হাত বাউল দি মাতিছিল এটা কেতিয়াও নভবা সময়ে। মৃত্যুক্ষণ গণি থকা দুচকু উজ্জ্বল হৈ পৰিছিল। উজ্জ্বল হৈ পৰিছিল মাৰ শেঁতা পৰা মুখখন জোনাক নিশাৰ জোনজনীৰ দৰে। আনন্দই চুমিছিল দেউতা, বা, মালা, বাবুৰ মনবোৰ। তাইক অসমৰ বাহিৰলৈ নিলেও ভাল নহ’ব, তাইৰ মৃত্যু আসন্ন৷ - ডাক্তৰে কোৱা বাক্যশাৰী প্রতিধ্বনি হৈ বাজিছিল আমাৰ প্রত্যেকৰে হৃদয়ত।

 চকুলোৰে উপচি পৰিছিল মাৰ দুচকু আৰু চকুলোৰ লগত উজলিছিল চকুৰ মণি।

 মায়ে পল্লৱদাক অনুৰোধ কৰিলে- এবাৰ যদি তেওঁ ভেলোৰৰ হাস্পতালখনলৈ আমাৰ লগত যায়। মোক এই জীৱনৰ পৰা মুক্তি পোৱাত অকণমান দয়া কৰি সহায় কৰে, তেতিয়া তেওঁৰ ওচৰত চিৰ ঋণী হৈ থাকিব।

 যিহেতু আমাৰ কোনেও সেই ঠাইলৈ যোৱা নাছিল সেইপৰ্যন্ত।

 পল্লৱদাই কথা দিলে। তেওঁ আমাক মাত্ৰ হাস্পতালখনত নি ডাক্তৰৰ লগত চিনাকি কৰি দি থৈ আহিব। বেছি দিন নাথাকে।

 মায়ে ক’লে- ‘সেইকণ উপকাৰ কৰিলেও হ’ব মোৰ ছোৱালীৰ ওপৰত।’

 আশা, চিন্তা, উখল-মাখল। ঘৰত মালা, বাবুৰ লগত কোন থাকিব? ইমান হাজাৰ টকা ক’ত পাব? প্ৰস্ৰাৱ গৈ থাকে, কেনেকৈ তিনিদিন ৰেলগাড়ীত নিব? ভৰিৰ ঘাবিলাকৰ সৈতে কি কৰিব? অলেখ চিন্তা-দুশ্চিন্তাত প্ৰতিটো পল ব্যস্ত হৈ থাকিবলগীয়াত পৰিল মোৰ আৰোগ্যৰ যাত্ৰাৰ লগত।

 এদিন ‘টিকট’ কাটিলে ৰে’লগাড়ীৰ।

 ক্ৰমশঃ শুকাই যোৱা হৃদয় জগতত আশাই সঁজাল ধৰিব ধৰিলে। কোনেও উমান নোপোৱাকৈ সাজি থকা নিজৰ মৃতদেহ সৎকাৰৰ চিতাখন সজা বন্ধ কৰিলোঁ। এতিয়া ক্ষণ গণিলো ভেলোৰলৈ যাবৰ কাৰণে।

 মনে মনে ভাবিলোঁ— ভৰিৰ অন্তহীন পোৰণিৰ পীড়াৰ পৰা পৰিত্ৰাণ পাম৷ অহৰহ প্ৰস্ৰাৱত পৰি থকাৰ পৰা মুক্তি পাম।

 নিস্তাৰ পাব মায়ে, সদায় প্ৰস্ৰাৱৰ দুৰ্গন্ধ লৈ কাপোৰ ধুই থকাৰ পৰা।

 ইয়াৰ আগতেও বহুবাৰ মায়ে দেউতাক মোক এবাৰ দেউতাৰ কৰ্মস্থান দিল্লীলৈ নি ডাক্তৰ দেখুৱাই আনিবৰ কাৰণে কৈছিল।

 দেউতাই কিন্তু কথাটো সিমান গুৰুত্বসহকাৰে লোৱা নাছিল। দেউতাৰ ভাব মই ভাল কেতিয়াও নহওঁ। দৰাচলতে দেউতাই তেনেকৈ ভবাৰো কাৰণ এটা দৰ্শাইছিল। দেউতাৰ কৰ্মস্থানৰ ওচৰত এঘৰত এজন মানুহে সদায় ‘হুইলচেয়াৰ’ত বহি থাকে। দেউতাৰ যুক্তি মতে— ‘দিল্লীত যদি মোৰ নিচিনা খোজ কাঢ়িব নোৱৰা মানুহ ভাল কৰিব পাৰেই, তেনেহ’লে কিয় মানুহজনে খোজ কাঢ়িব পৰা নাই।’ কিন্তু দেউতাৰ যুক্তি ভুল আছিল। পিছত জানিব পাৰিছিলোঁ। মোক যদি অসুখ হোৱাৰ এক বছৰ, দুই বছৰৰ পিছতত লৈ গ’ল হেঁতেন। তেন্তে মই হেনো পূৰ্ণ সুস্থ নহ’লেও, অ’ত-ত’ত ধৰি অলপকৈ খোজ কাঢ়িব পাৰিলোঁহেঁতেন। কিন্তু চাৰি বছৰমানৰ পিছত এবাৰ দেউতাই মোক চিকিৎসাৰ কাৰণে নিবৰ বাবে চিন্তা কৰিছিল যদিও ঘৰত বাহঁতৰ লগত কোন থাকিব সেই অসুবিধাবশতঃ মোক নিয়া নহ’ল। মাৰ বায়েক কুঞ্জ জেঠাই থাকিম বুলি কৈছিল যদিও আমাৰ যোৱাটো নহ’ল।

 আমি সাজু হ’লোঁ। ২০০৩ চনৰ ১৫ ফেব্ৰুৱাৰীত ভেলোৰলৈ যাবলৈ। ঘৰত থাকিব মালা, বা আৰু দুই বছৰীয়া ভাগিন চ’না।

 দেউতাই কৰ্মস্থানৰ লগৰ মানুহৰ পৰা অলপ টকা সুতত ল’লে। দৰ্খাস্ত দিলে কৰ্মস্থানৰ অফিচত মোৰ চিকিৎসাৰ কাৰণে অলপ সহায় কৰিব লাগে বুলি। মায়ে কাৰোবাক কাৰোবাক টকা ঋণলৈ খুজিলে। কোনোজন হৃদয়ৱানে মাক টকা ঋণলৈ দি ডাঙৰ উপকাৰ কৰিলে। কোনোজন হৃদয়হীনে টকা থাকিও ঋণলৈ নিদি বিমুখ কৰি পঠালে।

 আমি ভেলোৰলৈ যাবলৈ ওলোৱা গতিকে ভেলোৰৰ পৰা ঘৰৰ লগত যোগাযোগ কৰিবৰ বাবে এটা টেলিফোন সংযোগ কৰা হ’ল।

 ভেলোৰলৈ যাবলৈ মাজত মাত্ৰ এটা দিন। সকলো যো-জা হৈ গৈছে।

 ভৰ দুপৰীয়া বাৰ মান বজাত ফোনটো বাজি উঠিল।

 ফোনটো মোৰ কাষতে থাকে।

 মায়ে ফোনটো ৰিচিভ কৰি হুক্ হুকাই কান্দি উঠিল।

 মই মাক কি হৈছে, কিয় কান্দিছে সুধিলোঁ।

 মায়ে হুক্ হুকাই কান্দিয়ে ক’লে— আমাৰ লগত ভেলোৰলৈ যাবলৈ ওলোৱা পল্লৱ আমাৰ লগত নাযায়।

 কথাষাৰ শুনি মোৰ মূৰৰ ওপৰত আকাশখন ভাগি পৰা যেন লাগিল। নিঃশব্দে বৈ আহিল চকুলো।

 লগে লগে মায়ে কান্দোন বন্ধ কৰি ক’লে— মই এতিয়াই গুৱাহাটীলৈ যাওঁ। তাক হাতে-ভৰিয়ে ধৰিম আমাৰ লগত যাবলৈ। কালিৰ দিনটো থাকি পৰহিলৈ যোৱাৰ দিন।

 ফেব্ৰুৱাৰী মাহ। দিন সিমানো দীঘল নহয়। তথাপি, মা ততাতৈয়াকৈ যাবলৈ ওলাল।

 মা গৈ গুৱাহাটীৰ ঘৰ পায় মানে নিশা সাত বাজিল। মা পল্লৱদাৰ ঘৰলৈ গ’ল।

 মায়ে পল্লৱদাৰ মাক-দেউতাকক ক’লে— তেওঁলোকৰ ল'ৰাক আমাৰ লগত এসপ্তাহৰ কাৰণে যাবলৈ অনুমতি দিয়ে যেন।

 পল্লৱদাৰ মাক-দেউতাকে আমাৰ লগত তেওঁলোকৰ ল’ৰাক যাবলৈ অনুমতি দি আমাৰ ওপৰত এটা ডাঙৰ উপকাৰ কৰিলে। যাৰ কাৰণে মায়ে তেওঁলোকৰ ওচৰত চিৰঋণী বুলি কৈ গুচি আহিল।

 কেনেকৈ ‘অনুভূতিৰ’ৰ লগত খেলিব পাৰে?

 সেয়ে সৰ্বকথিত এশাৰী বাক্য আছে-- ‘মানুহক জনাটোৰ সমান কঠিন কাম নাই।’

 যা হওক, আমি যাবলৈ সাজু হ’লোঁ ভেলোৰলৈ। যিদিনা যাম সেইদিনা পুৱা স্থানীয় ডাক্তৰজনে আহি মোক প্ৰস্ৰাৱ কৰিবৰ কাৰণে কেথেটাৰডাল সংযোগ কৰি দিলেহি।

 মালাই কলেজৰপৰা আহি বা আৰু মাৰ লগত আঁঠুৰ ভৰিৰ ঘাবিলাক বেণ্ডেজ কাপোৰেৰে মেৰিয়াই মেৰিয়াই ঢাকি-বান্ধি দিলে।  আঠ বছৰৰ মূৰত মোক ধুনীয়া এটা ‘লংপেন্ট’ পিন্ধাই দিলে।

 গধূলি ছয় বজাত মা, দেউতা, মই আৰু ট্ৰেইনত উঠাই দিবলৈ ওলোৱা সৌৰভ, বাবু, গাড়ী চলাই যোৱা দাদাজনৰ সৈতে গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ।

 ষ্টেচন পোৱাৰ পিছত মোক ষ্ট্ৰেচাৰত তুলি নি ষ্টেচনৰ অপেক্ষাৰত কোঠাত এখন কাঠৰ দীঘল টেবুলত শুৱাই দিলে।

 ডাক্তৰজনে গুৱাহাটীলৈ যোৱাৰ আগতে সংযোগ কৰি দিয়া কেথেৰেটডাল ভালদৰে সংযোগ নোহোৱা বাবে গোটেই ৰাস্তাত প্ৰস্ৰাৱ বাহিৰ হৈ গৈছিল।

 আকৌ আগৰ পদ্ধতিতে কাপোৰ পাৰি দি শুৱাই থ’লে।

 আমি গৈ ষ্টেচন পোৱাৰ আগতেই মামাৰ ল’ৰা নৱ আৰু দুজনমান তাৰ লগৰ ল’ৰা আহি উপস্থিত হৈছিলহি।

 কিন্তু আহি উপস্থিত হোৱা নাছিল আমাৰ লগত ভেলোৰলৈ যোৱা পল্লৱদা।

 আমি সকলো চিন্তিত হ’লোঁ। যদি তেওঁ আহি নাপায় কি হ’ব? যদি নাযায় কি হ’ব? অলেখ ভাবনাত শংকিত হৈ থাকিল মনবোৰ। নিশা বাৰ বাজোঁ বাজোঁ হৈছে, একো গম-গতিয়েই নাই।

 কি হ’ব? যদি নাহে?

 ঘড়ীৰ কাঁটা যিমান বেগেৰে পুৱাৰ ফালে আগবাঢ়িছিল, আমাৰ বুকুৰ ধপধপনি তাতোকৈ বেছি বেগত ধপ্‌ধপাইছিল।

 প্ৰতি ছেকেণ্ড এক দিন যেন লাগিছিল।

 কোনোবাটোৱে কৈছিল— ‘নাহে আৰু।’

 কোনোবাটোৱে কৈছে- ‘আহিব ৰ।’

 কোনোবাটোৱে কৈছে— ‘তাৰ ঘৰলৈ যাওঁ। লৈ আহোঁগৈ।’

 তাত উপস্থিত থকা প্ৰত্যেকজনৰ মন শংকাৰে ভৰি পৰিছিল।

 আহিবনে? আহিবনে?

 শেষত, পল্লৱদা আহিল।

 এটা শংকিত অপেক্ষাৰ অন্ত পৰিল...