সমললৈ যাওক

মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ/সাতাইশ

ৱিকিউৎসৰ পৰা


(সাতাইশ)

 মই এতিয়া খুবেই সুখী।

 সুখী বুলি ক’লে কিহৰ কিহৰ সংমিশ্ৰণত সুখৰ উপযুক্ত সংজ্ঞা হয়, মই আজিলৈকে জ্ঞাত নহয়। মাত্ৰ মোৰ জ্ঞানেন্দ্ৰিয়ই কয় যে, আত্মসন্তুষ্টিকে সুখী হোবা বুজায়, আৰু মই এইকাৰণেই সুখী। কেতিয়াও কল্পনা নকৰাখিনি মই পাইছোঁ। আৰু যেতিয়া কল্পনা নকৰাখিনি পোৱা যায়, তেতিয়াতো মানুহ সুখী হ’বই হ’ব। সেয়ে মোৰ জীৱনৰ কলা অধ্যায়ৰ বিষাদিত অতীতটোক এটা মাটিৰ চৰুত ভৰাই এখন গধুৰ ঢাকনিৰে ঢাকি থ’লো। যাতে মোৰ নতুন জীৱনৰ পূৰ্ণিমাৰ পোহৰখিনি আউসীৰ ক’লা অধ্যায়ে পুনৰ ছানি ধৰিব নোৱাৰে।

 কপৌজনীয়ে ৰুণ দিছে। মোৰ অতিকে ভাল লগা এটা ধ্বনি। সেউজভূমিৰ বুকুত কুঁৱলীৰ শুভ্ৰ জাল ফালি ভুমুকি মাৰিছে ৰক্তিম দিবাকৰে।

 আঃ কুঁৱলী!

 মিঠা মিঠা অনুভূতিৰে অতৃপ্ত হেমন্তৰ এক নান্দনিক অনাবিল সৌন্দৰ্য। অনামী সুখবোৰে বুকুৰ সজাটিত ঠাই ল’বলৈ হেতা-ওপৰা লগাইছে। বহুদিন নিয়ৰৰ টোপালত তিতিবলৈ নাপাই জুপুকা মাৰি থকা মোৰ মনটোও কুঁৱলীৰ টোপালত তিতিছে। শুকাই যোৱা বুকুৰ মৰুভূমিখনত হাজাৰ হাজাৰ ৰঙা, নীলা, হালধীয়া, বেঙুনীয়া, বগা ফুল ফুলি চতুৰ্দিশে সুগন্ধি বিয়পাই এক অতুলনীয় পৰিৱেশৰ সৃষ্টি কৰিছে।

 পুৱাৰ অযুত ভাললগাখিনিৰে মই পৰিপূৰ্ণ হৈ আজিকালি পুৱাৰ চেনি নিদিয়া চাহকাপ খোৱাৰ পিছত ‘কেলিপাৰ’যোৰ পিন্ধি থিয় হওঁ।

 চি এম চি হাস্পতালত থকাৰ দৰে দুডাল বাঁহ, কঁকালৰ ওচৰত পৰাকৈ ওখ কৰি চাৰিটা বাঁহৰ খুটা পুতি তাত বান্ধি দিছে। এতিয়া পুৱা আৰু আবেলি সময়ত মোক হাত থিয় কৰায়।

 পুৱা মালা-বাবু স্কুললৈ যোৱাৰ আগতে আৰু সিহঁতে স্কুলৰ পৰা আহি মাৰ লগত মোক থিয় কৰায়। মোৰ ভাগৰুৱা, দুৰ্বল শৰীৰক আওকাণ কৰি মনৰ বলেৰে মই থিয় হওঁ।

 মাৰ দূৰদৰ্শী দৃষ্টিপূৰ্ণ মনে মোৰ স্তব্ধ শিক্ষা পুনৰ আৰম্ভ কৰিবলৈ ক’লে।

 ১৯৯৫ চনৰ পৰা ২০০৪ চনলৈকে এটা সুদীৰ্ঘ বিৰতিৰ অন্তত মা এদিন মই নৱম শ্ৰেণীলৈকে পঢ়ি দশম শ্ৰেণীলৈ উত্তীৰ্ণ হোবা স্কুলখনত উপস্থিত হ’লগৈ।

 হাইস্কুলৰ শিক্ষকক লগ ধৰি মই পুনৰ দশম শ্ৰেণীৰ প্ৰৱেশিকা পৰীক্ষাটো দিবলৈ ইচ্ছুক বুলি জনালে আৰু তেখেতসকলৰ সহায় একান্তভাবে বাঞ্ছা কৰিলে।পোনছাটেই তেতিয়াৰ শিক্ষক ন বছৰৰ মূৰত পৰীক্ষা দিবলৈ যোৱাটোত অমান্তি হ’ল। কোনোধৰণৰ সহায় কৰিব নোৱাৰো বুলিও ক’লে। তেওঁলোকে মোৰ অনুপস্থিতিত মোৰ সকলো নথি-পত্ৰ নিঃশেষ কৰি পেলালে বুলি খাৰাংখাচ মাক কৈ দিলে। পৰীক্ষা দিয়াৰ আশা বাদ দিবলৈ দিলে।

 মায়ে তেওঁলোকক হাতযোৰ কৰি অনুৰোধ কৰি ক’লে— ‘কিবা এটা উপায় দিয়ক মোৰ ছোৱালীক আকৌ পঢ়িবলৈ। তাইৰ আধৰুৱা শিক্ষা যিমানখিনি পাৰো আগুৱাই নিম। আপোনালোকে বিমুখ কৰিলে তাইৰ শিক্ষা কেতিয়াও আগনাবাঢ়িব। এবাৰ ভাবি চাওক। তাই কষ্ট কৰি হ’লেও পৰীক্ষাটো দিবলৈ হেঁপাহ কৰিছে। তাইৰ হেঁপাহত আপোনালোকে চেঁচাপানী নাঢালিব।’

 ‘নাই নাই। আমি এতিয়া পুৰণি ফাইল খুঁচৰি খুঁচৰি আমাৰ বহুমূলীয়া সময় অপব্যয় কৰিব নোৱাৰোঁ। তাইৰ নামৰ কাগজ কাৰ জাপত সোমাই আছে ক’ব নোৱাৰোঁ। আছে বা নাই তাৰো ঠিক নাই।

 মায়ে হাতযোৰ কৰি শিক্ষকক কাকূতি কৰিলে— এজনী ছোৱালীৰ আশাক তেওঁলোকে যেন এনেকৈ ভৰিৰে মোহাৰি নিঃশেষ নকৰে। এবাৰ দয়া কৰি পুৰণি ফাইলবিলাক খুঁচৰি চায় যেন!

 কাকূতিৰ উপৰি কাকূতি কৰোঁতে তেওঁলোক সৈমান হ’ল। এবাৰ চাই দিব। মাক পিছত আহি এবাৰ খবৰ ল’বলৈ ক’লে।

 মায়ে বলে নোৱৰা নিৰাশাজনক মনটো কঢ়িয়াই কঢ়িয়াই আনি আমাৰ আগত উপৰিউক্ত কথাখিনি কৈছিলহি। কিমান কঠুৱা অন্তৰৰ হ’লে এজন মানুহে আন এজন মানুহক এনেকৈ আঘাত কৰিব পাৰে।

 কিমান?

 চাদৰৰ আঁচলত মায়ে দুদিনৰ মূৰে মূৰে ‘আশা’ নামৰ দুটি বৰ্ণৰ শব্দটো কঢ়িয়াই স্কুলৰ এক কিলোমিটাৰ দৈৰ্ঘ্যৰ বাটটো খোজকাঢ়ি সদায় অহা-যোৱা কৰিলে।

 প্ৰত্যেক দিনাই মায়ে হতাশ মনটোৰে, উদাসীন দুচকুৰে, ভাগৰুৱা দেহাৰে বিমুখ হৈ আহিছিল। স্কুলৰ পৰা মোৰ অনুৰোধক উপলুঙা কৰি প্ৰত্যেকদিনাই তেওঁলোকে কৈ পঠিয়ায় ‘কাইলৈ আহিব, চাই দিম।’

 মা প্ৰতিদিনে গৈ গৈ বিমুখ হৈ আহে তেওঁলোকৰ কৰ্কশ শব্দবোৰ শুনি। কোনোবা দিনা কয়— আজি কেৰাণী নাই। কোনোবা দিন কয়— আজি প্ৰধান শিক্ষক নাই। নানানটা অজুহাত...।

 মালাই তেতিয়া নগাঁও এ ডি পি কলেজত পঢ়ি আছিল। মই যিখন স্কুলৰ পৰা পৰীক্ষা দিম, সেইখন স্কুলৰ সন্মুখেদি মালা কলেজলৈ যায়।

 মায়ে যিকেইদিন স্কুলখনত খবৰ ল’বলৈ যাব নোবাৰে, মালাই গৈ স্কুলৰ শিক্ষকক লগ ধৰে। তেওঁলোকে তাইকো সদায় বিমুখ কৰি পঠিয়াই দিয়ে। পিছলৈ তাইৰ স্কুলৰ উপস্থিতিত শিক্ষকসকলৰ মুখত বিৰক্তিৰ ভাব ফুটি উঠিছিল।

 বহু ঘাত-প্ৰতিঘাত, কৰ্কশ শব্দ হজম কৰাৰ পিছত তেওঁলোকে এখন কাগজ লিখি দিলে। গুৱাহাটী স্কুলৰ মুখ্য কাৰ্যালয়ত যোগাযোগ কৰি ঘৰৰ মানুহে কামখিনি কৰিব লাগিব।

 ঢিমিক-ঢামাককৈ সুদূৰত অলপ পোহৰ দেখা গ’ল। মোৰ স্কুলীয়া জোৎস্না নামটোৰ মৃত্যু ঘটাই এইবাৰ ঘৰত মতা নামটো স্কুলৰ কাগজখনত লিখি দিলে। মোৰ জন্ম ১৯৮১ চনৰ বিপৰীতে ১৯৭৯ চন কৰি দিলে। স্কুলৰ পৰা সহায়ৰ নামত বিৰাট ‘শূন্য’ এটা দি পঠিয়ালে। এইবাৰ মাৰ এক কিলোমিটাৰৰ ঠাইত আহোঁতে তিনিঘণ্টা, যাওঁতে তিনিঘণ্টাৰ দীঘলীয়া পথৰ যাত্ৰা আৰম্ভ হ’ল গুৱাহাটীলৈ।

 অফিচৰ কাম বুলি ক’লে এদিনতে নহয়। এবাৰ এখন কাগজ আনি স্কুলত জমা দিয়া, স্কুলৰ প্ৰধান শিক্ষকে চহী কৰি আকৌ নি কাৰ্যালয়ত জমা দিয়া। দুদিনলৈ অফিচাৰ নাহিলে এটা চহীৰ কাৰণে খাপ পিটি থকা। কিমান যে যাতনা মায়ে ভোগা নাই।

 অলপকৈ পৰীক্ষাত বহিবলৈ পোৱাৰ আশাটো পূৰণ হোৱা যেন দেখি মোক দশম শ্ৰেণীৰ কিতাপখিনি যোগাৰ কৰি দিয়া হ’ল।

 অংক আৰু ইংৰাজী বিষয়টো নটা বছৰে পঢ়া নাই। গতিকে অলপ অসুবিধা হৈছিল। সেই অসুবিধাখিনি সুবিধালৈ আনিবৰ কাৰণে এদিন মালাই এজন ঘৰুৱা শিক্ষকৰ ওচৰলৈ গ’ল। তেখেতে এখন স্কুলত শিক্ষকতা কৰিছিল আৰু ঘৰতো টিউচন লৈছিল।

 মালাই শিক্ষকজনক মোৰ বিষয়ে সবিশেষ কোৱাৰ পিছত তেখেতে পোনছাটেই এনেকৈ ক’লে— মই ইমান বছৰ পৰি থকা বেমাৰী ছোৱালী এজনীক পঢ়ুৱাব নোৱাৰোঁ। মই ভাল ল’ৰা-ছোৱালীক পঢ়ুৱাওঁ। তাই ইমানদিন পঢ়াই নাই, গতিকে কষ্ট কৰিব লাগিব। গাধ ল’ৰা-ছোৱালীক মই নপঢ়ুৱাওঁ।

 মালা উদাস, বিষণ্ণ মনে ঘৰলৈ উভতি আহি আমাক কথাখিনি ক’লে। শিক্ষকজনৰ অমানুষিক দুৰ্ব্যৱহাৰে আমাক অতিশয় আঘাত দিলে। আমাৰ সবিতা খুৰী এগৰাকী শিক্ষয়িত্ৰী। ওচৰা-উচৰি ঘৰ হোৱা গতিকে খুৰীয়ে আমাৰ সকলো সুখ-দুখতে লগত থাকে। প্ৰয়োজনত কৰিবলগীয়া সহায়খিনিও কৰে। নজনাখিনিৰ দিহা-পৰামৰ্শও দিয়ে।

 খুৰীয়ে হৃদয়হীন শিক্ষকজনৰ কথাত দুখ প্ৰকাশ কৰি ক’লে—‘তেখেতে যিখন স্কুলত শিক্ষকতা কৰে, সেই স্কুলৰ শিক্ষক এজনৰ লগত কথা পাতিব।’

 খুৰীয়ে কথা দিয়া মতে তেখেতে শিক্ষকতা কৰা স্কুলখনৰ অংকৰ শিক্ষক অঞ্জন শৰ্মা ছাৰৰ লগত কথা পাতিলে। তেখেত প্ৰথমে মান্তি নহ’ল মোক পঢ়ুৱাবলৈ। খুৰীয়ে অঞ্জন ছাৰক মাত্ৰ দুদিন মোৰ ওচৰলৈ আহি মোক প্ৰাথমিক পৰীক্ষা কৰি চাবলৈ ক’লে। লগতে দুদিন পঢ়ুৱাই চাই পুনৰ পঢ়ুৱাবনে নপঢ়াই সেই সিদ্ধান্ত তেখেতক ল’বলৈ দিলে।

 কেইদিনমানৰ পিছত প্ৰতীক্ষাৰ অন্ত পেলাই অঞ্জন ছাৰ আহিল। দুদিন মোৰ প্ৰাথমিক পৰীক্ষা ল’লে। তাৰ পিছত তেখেতে খুৰীক মোৰ অংকৰ বিষয়টোৰ সম্পূৰ্ণ দায়িত্ব ল’ম বুলি ক’লে আৰু এজন ইংৰাজী শিক্ষকক বিচাৰি আনিম বুলিও কথা দিলে।

 এতিয়া ডাঙৰ সমস্যা হ’ল মোৰ শৰীৰটোৰ। আধাঘণ্টাও বহি পঢ়ি থাকিব নোৱাৰোঁ। উশাহ ল’ব নোৱাৰো। টানি টানি উশাহ উলিয়াই আনিব লাগে। আধা ঘণ্টা পঢ়িলে আধা ঘণ্টা শৰীৰটোক বিৰাম দিব লাগে। কেতিয়াবাতো পঢ়ুৱাবলৈ আহি এক ঘণ্টাও বহি থাকিব লাগে। কেতিয়াবা নপঢ়ুৱাকৈ উভতি যাব লাগে।

 মনৰ জোৰ থাকিলেও শৰীৰৰ ওচৰত পৰাস্ত হওঁ মই সঘনে। শীতৰ দিনত শৰীৰটো একেবাৰে লেবেজান হৈ পৰে। উশাহ ল’বলৈ বৰ কষ্ট হয়। মাতটো বহি যায়। বিষবিলাকে চেপি-খুন্দি মাৰে। গৰম পানীৰ বেগ দি শৰীৰত উত্তাপ আনিব লাগে। শৰীৰত উত্তাপ থাকিবলৈ দিনটোৰ বেছিভাগ সময়েই ৰ’দত বহুৱাই থয়। জুই পুৱাই থাকি হাত দুখনত তাপ ল’বলৈ গধুলি টেবুল লেম্পটো জ্বলাই আনি বিছনাত দিয়ে।

 ঠাণ্ডাৰ দিনকেইটাৰ টিউচনত অঞ্জন ছাৰে প্ৰায়ে পঢ়ুৱাবলৈ আহি মই উশাহ ল’ব নোৱৰা যেন দেখিলেই মোক ৰ’দত গৈ বহি আহিবলৈ কয়। তেখেতে মোৰ শৰীৰৰ যন্ত্ৰণা অনুভৱ কৰিব পাৰিছিল। এজন হৃদয় থকা শিক্ষক।

 প্ৰৱেশিকা পৰীক্ষাৰ আগেতে হোৱা টেষ্টটোলৈকে মোৰ ফাইনেল পৰীক্ষা দিয়াটো ঠিৰাং হোৱা নাছিল। মায়ে প্ৰধান শিক্ষক অনুৰোধ কৰি টেষ্ট পৰীক্ষাটো দিবৰ বাবে অনুমতি বিচাৰিলে। প্ৰধান শিক্ষক ছাৰে মাৰ অনুৰোধ অগ্ৰাহ্য কৰিলে। মায়ে তেখেতক ক’লে— কাৰ্যালয়ৰ পৰা ফাইনেল পৰীক্ষাৰ আগতে কাগজ দিব। তাইক মাত্ৰ টেষ্টৰ পৰীক্ষাটো দিবলৈ অনুমতি দিয়ক। নবছৰ পৰীক্ষা দিয়া নাই। গতিকে ফাইনেল পৰীক্ষাৰ আগতে এবাৰ পৰীক্ষাত বহিলে তাইৰ ফাইনেল পৰীক্ষালৈ অলপ সহজ হ’ব।’

 অনুৰোধৰ উপৰি অনুৰোধ কৰাত শিল ঘঁহি থাকিলে ক্ষয় যোৱাৰ দৰে প্ৰধান শিক্ষকে টেষ্টৰ পৰীক্ষাটোৰ কাৰণে অনুমতি দিলে। নিৰ্ধাৰিত তাৰিখত টেষ্টৰ পৰীক্ষা দিবলৈ আমি স্কুলখনত গৈ উপস্থিত হ’লো। মোক এখন অট’ৰিক্সাত লৈ গৈছিল।

 হুইল চেয়াৰখন অট’ৰিক্সাৰ পৰা নমাই মোক দাঙি নি হুইল চেয়াৰখনত বহুৱাই দিয়াৰ লগে লগে স্কুলখনৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী-কোঠাৰ পৰা ওলাই আহি মোক বেলেগ গ্ৰহৰ প্ৰাণীৰ দৰে জুমাজুমি কৰি চাবলৈ ধৰিলে। আৰু নকৰিবনো কিয়? মই যে সিহঁততকৈ পৃথক হয়েই। সিহঁতে খোজ কাঢ়ে, মই খোজ নাকাঢ়োঁ। মই এটা আছুতীয়া কোঠাত অকলে অকলে পৰীক্ষা দিবলৈ বহিলোঁ।

 কাৰণ মাক স্কুলৰ শিক্ষকে কৈ পঠাইছিল যদি মই পৰীক্ষা দিবলৈ যাওঁ তেনেহ’লে এটা আছুতীয়া কোঠা দিব লাগিব। মই যদি আন ছাত্ৰ-ছাত্ৰীৰ লগত একেলগে পৰীক্ষা দিওঁ, তেওঁলোকৰ পৰীক্ষা দিয়াত মনোযোগ নাথাকিব। লেখাত বাধা আহিব। আৰু বহুতো...

 তিনিঘণ্টা একেৰাহে এখন প্ৰশ্নকাকত শেষ কৰাটো মোৰ কাৰণে বৰ কঠিন কাম আছিল। যিজনী ছোৱালীয়ে আধা ঘণ্টা একেৰাহে লিখি থাকিব নোৱাৰো, বহি থাকিব নোৱাৰো, সেইজনী ছোৱালীৰ কাৰণে তিনি ঘণ্টা একেৰাহে বহি পৰীক্ষা দিয়াটো কিমান কষ্টকৰ আছিল; কাৰোবাক বুজাব পাৰিমনে শব্দৰে?