মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ/সাত
(সাত)
‘জোনবাই' মোৰ একান্ত ব্যক্তিগত সঁফুৰাটো দ্বিধাহীনভাৱে খুলি দিব পৰা জোনাক নিশাৰ সংগী। পূৰঠ প্ৰাণোজ্জ্বল মুখখন চোৱাৰ অপেক্ষাত দুপৰ নিশাও চকুযুৰি পলক নেপেলোৱাকৈ খিৰিকীৰে চাই থাকিছিলোঁ, মোৰ লগত নিশা উজাগৰে আছিল মা। গৰম দিনত মোৰ বিছনাৰ কাষত মা দুপৰ নিশালৈকে হাতত বিচনীখন লৈ বিৰামহীনভাৱে ‘বা’ দি থাকিছিল। গৰমৰ দিনত বিজুলী সঘনাই কৰ্তন কৰে, গতিকে বিজুলী নাথাকে বুলিবই পাৰি। মই নিজে বিচি ল’ব নোৱাৰোঁ, গতিকে, মায়ে গেটেই নিশা বিছনাৰ কাষৰ টুলখনত বহি ‘বা’ দি থাকিছিল।
মাক মই তেনে অমানুষিক কষ্ট দিয়াৰ বাবে তেতিয়াও, আজিও নিজকে ক্ষমা কৰিব পৰা নাই৷ উপায়হীন আছিলোঁ।
এবাৰ গৰম দিনত গাঁৱৰ ট্ৰেঞ্চফৰ্মাৰটো বিকল হোৱাৰ বাবে গৰমৰ ছমাহ দিন গাঁৱত বিজুলী নাছিল। সেইদিন কেইটাৰ কথা ভাবিলে আজিও মোৰ চকুপানী সৰ্ সৰ্ কৰে নিগৰে। কঁকালৰ নিম্ন অংশ ওপৰে তলে দুখন ডাঠ প্লাষ্টিকৰ পলিথিনৰ মাজত সোমাই থকাৰ ফলত ভৰিৰ ঘাবোৰ গেলি গৈছিল।
অধীৰ আৱেগ মিহলি হৈ আছিল প্ৰতিটো ক্ষণ। বুকুৰ মাজত ঠাহ খাই থকা প্ৰাপ্তি-অপ্ৰাপ্তি, সুখ-দুখ, হাঁহি-কান্দোন, হুমুনিয়াহবোৰ উবুৰিয়াই থ'বলৈ প্ৰতিটো মাহৰ প্ৰতিটো পল প্ৰতীক্ষাৰে পাৰ কৰিছিলোঁ।
কেতিয়াবা শান্ত, সুবিশাল মুক্ত আকাশত নাইবা কেতিয়াবা গোমোঠা ডাৱৰে অগা-ডেৱা কৰি থকা মায়াময় আকাশৰ বুকুত আগমন হৈ। মই থকা কোঠাটোৰ খোলা খিৰিকীৰে ভুমুকি মাৰি জোনটোৱে সুধিছিল...
কেনে আছা তুমি?
জোনবাই, তোমাৰ চমু প্ৰশ্ন, মোৰ মৌন দীঘলীয়া উত্তৰ শেষ নৌহওঁতেই সময় গতিশীল বুলি নিঃশব্দে বুজাই গুচি গৈছিলা। মোৰ অভিমানী মনটো আকোৰগোঁজ হৈ পৰিছিল তোমাক কাষত পাবলৈ, আধৰুৱা কথাবোৰ শেষ কৰিবলৈ। সূৰ্যৰ তাপত ডাৱৰ গলিব ধৰাৰ দৰে মোৰ বুকুৰ ভিতৰত চকুলো গলিছিল।
ক’বলৈ থাকি গৈছিল- তুমি মোৰ নিঃসংগতাৰ সংগী হোৱাৰ আগতে নৈসৰ্গিক প্ৰাণ-প্ৰাচুৰ্য্যৰে ভৰা অপৰূপ সৌন্দৰ্যৰ অধিকাৰী ধৰিত্ৰী মোৰ সংগী আছিল। মুঠি মুঠি সপোন সিঁচৰতি হৈ আছিল মোৰ চৌপাশে, চৰাই-চিৰিকটিৰ কলকলনিত সাৰ পাইছিল প্ৰতিটো পুৱা। মোৰ চিঞৰত ঘৰৰ পিছফালৰ বাৰীত মই শোৱাৰ পৰা নুঠাৰ আগৰে পৰা কোৰ মাৰি থকা মায়ে য’ৰ কাম ত’তে এৰি থৈ গা ধুই চাহৰ কাপটো মোক আগতেই দিছিলহি।
য'ত মোৰ খোজৰ চাবত ফুটিছিল চোতালত বাৰিষাৰ বৰষুণ ফুল। বৰষুণত তিতি জুৰুলি জুপুৰি হৈ পখিলাৰ দৰে ডেও দি দি নাচিছিলোঁ। গৰম দিনত ঘামচিৰ চিটচিটনিৰ পৰা পৰিত্ৰাণ পাবলৈ আইতাহঁতৰ মুখত শুনা, দুটা ঘৰৰ মাজত থকা নাওৰাৰ পৰা বাগৰি অহা বৰষুণৰ পানীত তিতি গা ধুলে ঘামচি নাইকিয়া হয় বুলি কথিত বাক্যশাৰী নিজে প্ৰয়োগ কৰি চাইছিলোঁ। নতুনকৈ ইটা বালিৰে পকী কৰা দমকলটোৰ তলৰ ঠাইখিনিত পানী যাবলৈ থোৱা সৰু লুৰিটোত পলিথিনিৰ মোনাত বালি ভৰাই পলিথিনটোৰ মুখখন টানকৈ বান্ধি পানী ওলাই যাব নোৱাৰাকৈ লুৰিটোত সোপা দিছিলোঁ। দমকল মাৰি মাৰি পকাখিনিত অলপ পানীৰে সৰু পুখুৰী বনাই তাতে আটাইকেইটাই গা ধুইছিলোঁ।
আঘোণৰ পথাৰত ধান পকা দিনত সোণোৱালী পথাৰৰ পৰা লক্ষেশ্বৰ খুড়াই ধান কঢ়িয়াবলৈ ওলাওঁতে উদং গৰু গাড়ীত উঠি বা, মালা আৰু বাবুৰ সৈতে গৈছিলোঁ। খুড়াই কাটি থোৱা ধানৰ মুঠিবোৰ ডাঙৰি বান্ধি গৰুগাড়ীত ভৰায় মানে আমি আটাইকেইটাই পথাৰত পৰি থকা ধানৰ লেছেৰি বুটলিছিলোঁ। লেছেৰিবোৰ বুটলি লগত নিয়া নিজৰ নিজৰ পলিথিনৰ মোনাকেইটাত ভৰাইছিলোঁ। কাৰ মোনাত বেছি লেছেৰি ভৰিছিল, তাৰো প্ৰতিযোগিতা চলিছিল।
.....
আজিও মোৰ দুচকুত সোণালী শৈশৱৰ কেতিয়াও বিলীন নোহোৱা মধুৰ স্মৃতিবোৰ জীৱন্ত হৈ আছে। আমি গৰুগাড়ীৰ পিছে পিছে মোনাকেইটা জোকাৰি পোকাৰি ঘৰমুৱা পখীৰ দৰে ঘৰলৈ ওভতো! মনত পাৰাপাৰহীন আনন্দ— আজি মই মোনাত সিহঁততকৈ বেছি ধান গোটালোঁ। এইবাৰ ধান বেচি বহু টকা পাম। সেই টকাৰে কি কৰিম। ক্লিপ কিনিম নে খাৰু কিনিম। নে ধুনীয়া চাই এটা কলম কিনিম!
কিমান যে ভাবনা! লেখহীন!
ধানৰ লেছেৰিখিনি আনি নিজৰ নিজৰ সদায় থোৱা ধানৰ দ'মখিনিত থৈ দিওঁ। দ’ম বুলি ক'বলৈ এক কেজিয়ে এটা দ’ম।
মনে মনে এই শংকাতো থাকে, সিহঁতকেইটাই মোৰ পৰা মই গম নোপোৱাকৈ ধান লৈ যাব নেকি? সিহঁতে মোতকৈ বেছি টকা পাব নেকি? কিমান যে দুঃচিন্তাই অগা-ডেৱা কৰি থাকে। এহ, সোনকালে ধানখিনি ভৰিৰে মোহাৰি কাইলৈ বেচি দিম। আমাৰ ধান কিনা মানুহ এগৰাকী আছিল আমাৰ ‘মা’। আমি ধানখিনি মাৰ তাত প্ৰতিবাৰে দৰ-দাম কৰি বেচো, মায়েও আমাৰ ধানৰ দৰ-দাম কৰি কিনি লয়। আমি আটাইকেইটাই পথাৰৰ পৰা বুটলি অনা নিজৰ নিজৰ ধানৰ গৰাকী হওঁ। নিজকে নিজে বয়সত বহু ডাঙৰ মানুহ, ডাঙৰ মানুহ যেন লাগে।
মাৰ লগত আমি দৰ-দামত চুপতা চুপতিও কৰোঁ, কমাই দিলে নহ'ব। ধানৰ দাম বাঢ়িছে। আমি কম দামত নিদিওঁ।
মায়েও আমাৰ কুমলীয়া মনকেইটা মৰহি নাযাবলৈ দুই-এটকা বেছিকৈ দি আনন্দেৰে মনটো ভৰাই দিয়ে! খুড়াই মৰণা মাৰিলে আমি কেইটাও খুড়াহঁতৰ ঘৰত গৈ গৰু খেদি মৰণা ফুৰাই দিওঁ। ধানৰ ওপৰত আমিকেইটা স্ফুৰ্তিতে জঁপিয়াই জঁপিয়াই পৰোঁ। চোতালত থাক থাককৈ থোৱা ডাঙৰিবোৰৰ মাজত লুকাভাকু খেলোঁ। আমাৰ হাঁহি আনন্দৰ খলকনিত গোটেই চুবুৰিটোৱেই ৰজনজনাইছিল। সন্ধিয়া যেতিয়া মায়ে ভৰি ধুৱাই দিয়ে, ধানৰ খেৰে কটা ভৰিত পানী লাগি কলাফুল চিটচিটাইছিল। আমিকেইটাই কান্দিছিলোঁ। মায়ে খঙতে মিঠাতেল সানি দি কৈছিল - ‘কালিৰ পৰা যাবিচোন তহঁতক কি কৰোঁ দেখিবি।’
মোকতো মায়ে বেছিকৈ গালি দিছিল এটা কাৰণত। গধূলি হলেই মোৰ ভৰি দুখন তীব্ৰ বিষাইছিল। মই সৰুৰে পৰাই দুৰ্বল আছিলোঁ। দুৰ্বল এই কাৰণে আছিলোঁ যে খোৱাৰ প্ৰতি মোৰ আছিল অনীহা আৰু অৰুচি। পৰিষ্কাৰ হাতখনেৰে খালে হাতখন লেতেৰা হ'ব, মুখখন লেতেৰা হ’ব, এই ভাবতে মই নাখাইছিলোঁ আৰু ইয়াৰ লগতে এলাহ নামৰ প্ৰধান শত্ৰুটোও কাৰণ আছিল। জেংখৰি যেন ভৰিকেইটাৰে ‘চোৱা-চুই’ ‘কাবাদী’, ‘হৌ-গুডু’ যিকোনো খেল খেলিলে বা কেতিয়াবা এনেয়ে দৌৰ মাৰিলেও অলপতে পৰি গৈছিলোঁ। চোতালত খেলি থাকিলে ধপকৈ কিবা শব্দ হয়, মা আতংকিত হৈছিল— মই দৌৰোঁতে আকৌ পৰিলোঁ নেকি।
মই পৰিলেও গাত লগা মাটিখিনি জোকাৰি-পোকাৰি, সেমেনা সেমেনি কৰি হাঁহি হাঁহি কওঁ নকওঁকৈ কওঁ - মই দুখেই পোৱা নাই। চাওক। এনেয়ে ঘূৰি চাওঁতে পৰি গ'লোঁ।
খোৱাত মই একেবাৰে বেয়া। কোনোটো বস্তু আগ্ৰহেৰে নাখাওঁ। একপ্ৰকাৰে ক'বলৈ গ'লে “জীৱনত বেয়া পোৱা প্ৰথম কামটোৱে হ'ল মই খাই বেয়া পাওঁ।
- মায়ে এতিয়া মোৰ এই যন্ত্ৰণাদায়ক খোজবিহীন জীৱনৰ কাৰণে মই খাই বেয়া পোৱাটোও একপ্ৰকাৰৰ কাৰণ বুলি দুখ প্ৰকাশ কৰে। মাৰ মতে,যদি সৰুৰে পৰাই ভালদৰে খালোঁ হয়, হয়তো মোৰ শৰীৰটোৱে যুঁজ দিব পাৰিলে হয়, এই দুৰ্ঘটনাৰ লগত৷
খোৱা বস্তুৰ প্ৰতি অনীহা আজিও আছে। আমি স্কুললৈ যোৱাৰ দিনত স্কুললৈ যোৱাৰ আগতে আনৰ ঘৰত লগাই লোৱা এপোৱা গাখীৰকে চাৰিওটাকে ষ্টীলৰ কাপ চাৰিটাত ভগাই দিছিল। মই সেই অকণমান গাখীৰৰ পিবলৈ এলাহ কৰিছিলোঁ। এলাহৰ লগতে খাই তৃপ্তি পোৱা তালিকাখনো মোৰ তেনেই চুটি।
মই আমাৰ আগ চোতালখনত খেলি খুব ভাল পাইছিলোঁ। বা, মালা, বাবু, ৰমেন, সৰুমণিৰ লগত খেলোঁতে উন্মনা হৈ পৰিছিলোঁ। প্ৰকৃতিৰ ভিন্ন ৰূপ ৰং, ভিন্ন স্বাদ, সুখৰ অধিকাৰী আছিলোঁ।
মা, যেতিয়া প্ৰতি মাহে দেউতাই কৰ্মস্থানৰ পৰা ঘৰ চলাবলৈ পঠিওৱা টকা আনিবলৈ নগাঁও চহৰত থকা বেংকলৈ যায়, সেইদিনা আমাক ঘৰত কোনে পায়, আৰু গোটেই ঘৰটোত আমাৰ হাঁহি-স্ফুৰ্তি, চিঞৰত বিয়াঘৰ হোৱাদি হৈ থাকে। মাক ৰাস্তাত আগবঢ়াই থ’বলৈ গৈ তিনিআলিৰ পৰা আইমণিক লগত লৈ আহোঁ তাইৰ মাকক সুধি। লগতে লৈ আহোঁ সৰুমণিকো। ঘৰ আহি পায়ে বাকচৰ পৰা মাৰ নতুন চাদৰ মেখেলা উলিয়াই গোটেই কেইজনীয়ে পিন্ধি লওঁ। মই কিন্তু মা ঘৰত নথকা দিনত খেলাৰ লগতে সদায় এটা বেলেগ সুযোগৰ অপেক্ষাতহে থাকোঁ।
মাৰ কাপোৰ থোৱা টিঙৰ বাকচটোত দুখন কিতাপ কাপোৰৰ মাজত জাপি ভৰাই থোৱা আছিল। মোৰ উৎসুক কণমানি মনটো মায়ে যেতিয়া বাকচটো খোলে, তেতিয়া মোৰ চকুত পৰা নীলা ৰঙৰ বেটুপাতৰ কিতাপখনে অধিক আকৰ্ষণ কৰিছিল।
মাক যেতিয়া সুধিছিলোঁ— কিতাপখনত কি লিখা আছে? মই পঢ়িম।
মায়ে কৈছিল— সেইখন বাহিৰা কিতাপ, এতিয়া নপঢ়ে। মই মাক আকৌ খুঁচৰি খুঁচৰি সুধিছিলোঁ— কি বাহিৰা কিতাপ? তাততো আমাৰ কিতাপত থকাৰ দৰে অ-আ-ক-খ আখৰেৰে বাক্য সজা আছে? মায়ে নম্ৰভাৱে বুজাই দিছিল—হয় তহঁতে পঢ়াৰ দৰে আখৰ আছে। কিন্তু এইখন কিতাপ ডাঙৰ মানুহেহে পঢ়ে।
মনতে ভাবিছিলোঁ— কি ডাঙৰ মানুহে পঢ়া কিতাপ?
ডাঙৰ মানুহে পঢ়া কিতাপ এই ভাবটোৱে মোৰ মন-মগজুত অহৰহ খুন্দিয়াই থাকিছিল। সেয়ে, মা ক'ৰবালৈ গ'লে মোৰ খেলাতকৈ ডাঙৰ কাম হ'ল— মাৰ বাকচ খুলি বাহিৰা কিতাপখনৰ মাজত কি লিখা আছে পঢ়ি চোৱা।
দৌৰাদৌৰিকৈ সিহঁতে কাপোৰ উলিয়াই পিন্ধাত লাগে আৰু মই কিতাপকেইখন কোনখিনিত আছে খোঁচৰো।
আচৰিত কথা, কিতাপ দুখন হাতত তুলি লোৱাৰ লগে লগে সৰ্বশৰীৰ থকথককৈ কঁপিব ধৰিলে। মাৰ সাৱধান বাণী কৰ্ণকুহৰত কম্পন কৰিব ধৰিলে —’বাহিৰা কিতাপ পঢ়িব নাপায়। নপঢ়িবি। ভয়তে মোৰ ঘামি জামি অৱস্থা নোহোৱা হ'ল। জাপি-কুচি আকৌ মায়ে থোৱা ভাঁজে ভাঁজে থৈ দিলোঁ। পঢ়া নহ'ল।
কেইদিনমান যোৱাৰ পিছত মনটো আকৌ উচুপিচাই থাকে। কি বা আছে কিতাপখনত! এবাৰ পঢ়িবলৈ পোৱা হ'লে। এইবাৰ পঢ়িমেই....পঢ়িম।
বেটুপাতটো গাঢ় নীলা। কিতাপখনৰ নাম ‘শানিত নখ’। আনখনৰ নাম ‘অনল বাসনা। জিজ্ঞাসু মনটোৰে লোভ সামৰিব নোৱাৰি মাজে সময়ে বেটুপাতটোতে হাত ফুৰাই থাকোঁ, কাপোৰ বিচৰাৰ ছলেৰে।
এদিন পঢ়িমেই!!!
মা আজি যাব! মই পঢ়িম।
আকৌ, সেই একে পুনৰাবৃত্তি। জাপি থৈ দিওঁ।
কাবাডী-কাবাডী-কাবাডী...
ৰমেনৰ উশাহটো বহু দীঘল আছিল। সি এটা উশাহতে গোটেইকেইটাকে চুই মাৰি থৈ আহিব পাৰিছিল। তাৰ এটাই লক্ষ্য আছিল মোক প্ৰথমে চুই মাৰি লোৱা। মই মৰিলে সিহঁতৰ ফৈদটো জিকি যাব। আমি দুয়োটা সদায় দুটা ফৈদত হৈছিলোঁ। সি সদায় মোৰ প্ৰতিদ্বন্দ্বী আছিল। দুয়োটা খেলত পাকৈত আছিলোঁ। সি মোতকৈ শাৰীৰিকভাৱে অধিক শক্তিশালী আছিল। মই শাৰীৰিকভাৱে অধিক দুৰ্বল আছিলোঁ যদিও মানসিকভাৱে সৰুৰে পৰা শক্তিশালী আছিলোঁ। খেলত মোক হৰুৱাটো তাৰ কাৰণেও কঠিন আছিল। এই অজীৰ্ণ শৈশৱৰ অনুপম স্মৃতিবোৰ আজিও শেলুৱৈধৰা হৃদয়ত জীপাল হৈ আছে। যদিও শৈশৱৰ সোণালী দিনবোৰ আজি মোৰ অতীত। মই বৰ্তমান সেই অপূৰ্ব মোহনীয় স্মৃতিৰ লগত ওমলো ক্ষণিক।