সমললৈ যাওক

মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ/ন

ৱিকিউৎসৰ পৰা

(ন)

 এটা মাথোঁ শব্দ— 'জীৱন'। জীবন কি? জীৱনৰ গূঢ়াৰ্থ কি? সুখ, আনন্দ, ধন-ঐশ্বৰ্যৰে পৰিপূৰ্ণতায়েই জীৱন! নে দুখ, যন্ত্ৰণা, হতাশা, বিষাদ, দৰিদ্ৰতাই পিষ্ট কৰা জীৱন। নে দুখ-সুখ, প্ৰাপ্তি-অপ্ৰাপ্তি, হৰ্ষ-বিষাদৰ যোগাত্মক মায়াৰ মাজত আবদ্ধ মায়াবৃত্ত জীৱন।

 চৈধ্য বছৰ বয়সত জীৱনৰ সংজ্ঞা বিচাৰি এটা সঠিক সংজ্ঞাত উপনীত হোৱাটো, জোনাক নিশা ফৰকাল আকাশত কণমানি শিশু এটাই আকাশৰ অগণন তৰা গণি‌ শেষ কৰি দিম বুলি কোৱা কথাৰ দৰে। হাবাথুৰি খাইছিলোঁ এটা সঠিক উত্তৰহীন প্ৰশ্নৰ মুখামুখি হৈ।

.....

 জীৱনৰ বৈচিত্ৰ্যক জুমি চাবলৈ কৰ্ণকুহৰত কম্পন কৰিলেহি এটা সুমিষ্ট কণ্ঠ। তেওঁৰ কণ্ঠৰে নিগৰিছিল এটা এটাকৈ হিন্দী চিনেমাৰ গীত। তেওঁৰ স্মৃতি শক্তিও আছিল প্ৰখৰ। ওঁঠত মিচিকিয়া হাঁহিটো সানি দ্বিধাহীনভাৱে গাই গৈছিল এটাৰ পিছত এটা কলি। কিন্তু, গান গাই শুনাইছিল বিনিময়ত। গান গাই শুনোৱাৰ বিনিময়ত তেওঁ লৈছিল এধানমান ‘চাধা’ ‘চাধা’ হাতৰ তলুৱাত চূণ দি মোহাৰি মোহাৰি খোৱা খৈনি। তেওঁ চাধা এধানমানৰ কাৰণে অনৰ্গল গান গাইছিল আৰু মই স্বচক্ষে প্ৰত্যক্ষ কৰিছিলোঁ অমানুষিক কিছু দৃশ্য।

 মানুহজনৰ বয়স আনুমানিক ২৬-২৭ বছৰমান হ’ব।কেতিয়াবা উদং গাৰে গামোচা এখন পিন্ধি নাইবা কেতিয়াবা উৱলি যোৱা জলহু ছাৰ্ট এটা, ফটা গামোচা এখনেৰে পথে পথে গান গাই গৈ থাকিছিল। তেওঁৰ পিছে পিছে যায় এচাম চেঙেলীয়া ল’ৰা। সিহঁতৰ আনন্দত কিৰীলি পৰা চিঞৰ আৰু ওঁঠৰ সুহুৰিয়ে বুজাই দিয়ে কোনফালে গান গাই গাই মানুহজন আহিছে।

 এটাৰ পিছত এটা গান গাই, মানুহজনে চেঙেলীয়াকেইটাৰ আগত হাত পাতে পথৰ মাজত বহি।

 সিহঁতৰ ভাষ্য আছিল– গা, আৰু গা, ভালকে গা। নহ'লে নিদিওঁ চাধা।

 মনটো সেমেকাই ডোকাতুৰ চাৱনিয়ে আকৌ গাই যায় গান...

 হাতখন আগবঢ়ায়। চাধা। চাধা। চূণ। কোনোবাই চোলাৰ জেপ্‌ খুঁচৰি খুঁচৰি উলিয়াই শুকান গছৰ পাত গুৰি কৰি চাধা হিচাপে দিয়ে। কোনোৱে শুকান ফুলৰ পাত, ৰঙালাও, জাতিলাউৰ পাত চাধা হিচাপে দিয়ে। কোনোটোৱে দিয়ে গছৰ পাতত চৰায়ে কৰি থোৱা বিষ্ঠা। বগা, বগা চূণৰ নিচিনা থেপ্থে‌পীয়া চৰাই বিষ্ঠাখিনি আনি মানুহজনৰ তলুৱাত সানি দিয়ে।

 বহুদিন ভোকে-লঘোনে থকা মানুহ এজনে আগত কেইবাদিনো দুৰ্গন্ধত মলঙী থকা ভাত কেইটাকে গৰম ভাত বুলি হেঁপাহে হুতাহে খোৱাৰ দৰে মানুহজনেও শুকান গছৰ পাতখিনি আৰু চৰাইৰ বিষ্ঠাখিনি চুণ বুলি ভাবি আনন্দতে বাওঁহাতৰ তলুৱাত বিষ্ঠা আৰু শুকান গছৰ পাত লৈ সোঁহাতৰ বুঢ়া আঙুলিটোৰে মোহাৰি মোহাৰি হাঁহি হাঁহি ওঁঠৰ ভিতৰত সুমুৱাই থয়।

 মানুহজনক চাধা খাব দিয়া বিবেকহীন ল’ৰাকেইটাৰ আনন্দৰ সীমা নোহোৱা হয়। সিহঁতে পাহৰি যায় সিহঁতে কি কৰিছে, কাক কৰিছে।

 মানুহজন আছিল অলপ মানসিকভাৱে বিকাৰগ্ৰস্ত। শুনামতে তেওঁ পঢ়া-শুনাত প্ৰখৰ আছিল। সৰুৰে পৰা তেনেকুৱা নাছিল। বিশ-একৈশ মান বয়স উত্তীৰ্ণ হোৱাৰ পিছত তেওঁক নিয়তিয়ে এনে এটা কৰুণ জীৱন দিলে। যিটো জীৱনক লৈ কতজনে কতধৰণে উপহাস কৰে –‘পাগল, ঐ পাগল, ঐ অমুক পাগল।’ সুস্থ মগজুৰ মানুহ কিছুমানেও অসুস্থ মগজুৰ মানুহজনৰ নামৰ লগত ‘পাগল’ শব্দটো লগাই দিয়ে।

 তেওঁ কিন্তু এইটো অনুভৱ কৰিব নোৱাৰিছিল, ‘পাগল’ শব্দটো তেওঁৰ নামৰ লগত কিয় লগাই দিয়া হৈছে?

 তেওঁৰ নামৰ লগত ‘পাগল’ শব্দটো সংযোগ কৰি সুকীয়া সোৱাদ লৈছিল মাথোঁ সুস্থ মগজুৰ কিছুমান অমানুষিক ব্যক্তিয়ে।

 মোৰ অপৈণত মন-মগজুৱে তীব্ৰ যন্ত্ৰণাত ছটফটাইছিল। মানুহে মানুহক কি বৰ্বৰ ব্যৱহাৰ কৰিব পাৰে।

 হৃদয়বিদাৰক আছিল দৃশ্যাংশ। সেই বয়সলৈকে অনুধাৱন কৰিব পৰা হৈছিলোঁ যে বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰত মানুহেই জীৱ শ্ৰেষ্ঠ। জীৱ শ্ৰেষ্ঠ কিছু আত্মবিলুপ্ত ব্যক্তিয়েহে যে এনে কৰ্ম কৰিব পাৰে, সেই বয়সতে সেইটো উপলব্ধি কৰিছিলোঁ। গভীৰভাৱে ভাবিছিলোঁ মানুহভেদে মানুহৰ ব্যক্তিত্ব।

 আৰু জীৱন।

 সেই যে আমাৰ গাঁৱৰ মাজেৰে যোৱা পথটোৰে এছ কে বি এল মধ্য ইংৰাজী বিদ্যালয়লৈ যাওঁতে দেখা, বুকুত মেখেলাৰে মেঠনি বান্ধি চুটি চুলিৰে হাতত শিলগুটি লৈ বাটে বাটে মুখেৰে ভোৰভোৰাই যোৱা মানুহজনী।

 শুনামতে, মানুহজনীয়ে ‘কেৰাচিন তেল’ পিয়ে। মানসিকভাৱে বিকাৰগ্ৰস্ত। আমি স্কুললৈ গ’লে মানুহগৰাকীক প্ৰায়ে বাটত লগ পাওঁ। মলিয়ন মেখেলা এখন

বুকুত মেঠনি বান্ধি ক’ৰবালৈ গৈ থাকে।

 গন্তব্যস্থান নাই তেওঁৰ। মাথোঁ গৈ থাকে। গৈ থাকে।

 বাটত মানুহে ‘কেৰাচিন তেল খাইটি’ বুলি জোকালে অগ্নিশৰ্মা হৈ মানুহলৈ শিলগুটি দলি মাৰি দিয়ে।

 তেওঁ কিন্তু ইমান মানসিকভাৱে বিকাৰগ্ৰস্ত নাছিল যে তেওঁক ‘কেৰাচিন তেল খাইটি’, ‘পাগলী’ বুলি জোকালে তেওঁৰ বিবেকে অলপকৈ কৈছিল— তেওঁক জোকাইছে। তাই পাগলী বুলি।

 মোৰ লগত একেটা শ্ৰেণীতে পঢ়া ছোৱালী এজনীৰ সম্পৰ্কীয় আছিল।

 কোনো কোনোৱে তাইক স্কুললৈ গৈ কয় —‘ঐ তোৰ সম্পৰ্কীয় পাগলীজনীক আজি বাটত পাইছিলোঁ।’

 তাই মুখেৰে একো নামাতি মনে মনে থাকে।

 কি ভাবিছিল চাগৈ তাই?

 তাইৰ ...!

 —এতিয়া মই কি ভাবিছোঁ!! হয়, মই এতিয়া ভাবিছোঁ। তেওঁলোকৰ দৰে মোৰ নামটোৰ লগতো এতিয়া শব্দ এটা সংযোগ হ’ব নেকি?

 ‘পংগু’

 উস্, বুকুখনে ভাৰ ল’ব নোৱৰা নামহীন এক জীয়া যন্ত্ৰণা কঢ়িয়াইছিল।

 অবিৰাম দুখ, বেদনাত ঘঁহনি খাই থকা বুকুখনৰ স্পন্দন অধিক তীব্ৰভাৱে ধপ্‌ধপাবলৈ ধৰিলে।

 ...ইয়াতকৈ আৰু কিবা লাগেনে দুখী হ’বলৈ? সপোন ভঙা দুচকু, আশ্বাসহীন উশাহ... ইয়াতকৈ আৰু লাগিছিলেনে বুকুত যন্ত্ৰণা বঢ়াবলৈ? প্ৰাণৰ আকুল আৱেগৰ স্বতঃস্ফূৰ্ত প্ৰকাশ নহৈছিল যদিও আৱেগত বাকৰুদ্ধ হৈ পৰিছিলোঁ।

••••••

 ‘আজি তোক ধুনীয়া লাগিছে।’

 সেইদিনাখন মই গাঢ় কলপতীয়া এযোৰ ধুনীয়া পোছাক পিন্ধিছিলোঁ। মোক দুখে সাৱটি লোৱা জীৱনটোৰ তেতিয়া তিনি মাহ হৈছিল। মা, মই আৰু খুৰা এজন গুৱাহাটীলৈ যাব ওলাইছোঁ চেকআপৰ বাবে।

 সঁচাকৈ, ধুনীয়া লাগিছে মোৰ নিজকে।

 সৰুৰে পৰা মাৰ ওচৰত মোৰ সদায় এটা আক্ষেপ থাকিছিল। মই বগা নহয়। ধুনীয়া নহয়। এই বগা নোহোৱা, ধুনীয়া নোহোৱা ভাৱটোৱে মোক বহু অসুখী কৰি ৰাখিছিল। বা আৰু মালা মোতকৈ বেছি ধুনীয়া, বগা বুলি মাক সদায় কৈফিয়ৎ দি থাকিছিলোঁ।

 আজি জানো কিয়? মোক নিজকে ধুনীয়া ধুনীয়া লাগিছে। মোৰ লাহী দেহত কাপোৰ সাজে ধুনীয়াকৈ শুৱাইছে।

 আমি সেইবাৰ পাব্লিক গাড়ীত গুৱাহাটীলৈ যাবলৈ ওলালোঁ। মোক তিনিচুকীয়া ৰিক্সাখনৰ পৰা খুৰাই ডাংকোলা কৰি নি গাড়ীৰ আসনত বহুৱাই দিলে। গাড়ী চলিল।

 সেইদিনা গাড়ীত বহি যাওঁতে নিজকে এজনী সুস্থ ছোৱালীৰ দৰে লাগিছিল। যেন, পৃথিৱীৰ সমস্ত নান্দনিক সৌন্দৰ্যই মোক উষ্ণ আলিংগন কৰিছে। গাড়ীখনে এৰি যোৱা সেউজীয়া গছ-বননি, উদং পথাৰ, পক্ষীৰ কলকলনি সিঁচৰতি সূৰ্যৰ কিৰণে স্বাগতম জনাইছে। ব্যস্ত জীৱনৰ যান্ত্ৰিকতা জীৱনে মোক ভাবুক কৰি তুলিছিল। কোনোবা এখন দোকানত বজাই থকা ড০ ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটিৰ কলিটিয়ে বুকুত শিহৰণ তুলিছিল।

 পখীৰাজ ঘোঁৰা খট খট খটকে দৌৰা...

 আকাশখন নেদেখাৰ দুখত, সপোন ধ্বংস হোৱাৰ দুখত, জোনাকবোৰ চুব নোৱৰাৰ দুখত পৃথিৱীৰ আটাইতকৈ অসুখী ‘মই’জনী সেইদিনাখন একাৰ্থত ‘সুখী’জনীলৈ ৰূপান্তৰিত হৈছিলোঁ। বিষণ্ণ মনটোৰ সমাধিত খন্তেকলৈ ফুলিছিল বিভিন্ন ৰঙীন ফুল। ব’হাগত, সেউজীয়া পোছাক পিন্ধি থকা গছপাতবোৰে হালধীয়া ৰং সানি খহি পৰি গছ জোপাক লঠঙা কৰি কুঁহিপাতলৈ ঠাই এৰি দিয়াৰ দৰে। মোৰ জীৱনটোৱে নতুনকৈ পিন্ধি লোৱা দুখ, যন্ত্ৰণা, বিষাদ, বেদনাবোৰেও খন্তেকৰ কাৰণে মোৰ পৰা আঁতৰি গৈ প্ৰকৃতিৰ মোহনীয় সৌন্দৰ্যৰ লগত একাত্ম হ’বলৈ দিলে।

 তৃষ্ণাত মনটোৱে পান কৰিছিল এক প্ৰশান্তিৰ নিজৰা। গাড়ীৰ খোলা খিৰিকীখনেৰে ফিৰ্ফিৰীয়া বতাহৰ লগত সোমাই অহা কণ কণ বৰষুণৰ টোপালবোৰেও মোক স্পৰ্শ কৰিছিল।

 ৰ’দ-বৰষুণৰ মিশ্ৰিত প্ৰাকৃতিক সৌন্দৰ্যই আহ্লাদিত কৰি তুলিছিল মোক।আহা, সেয়া যেন জীৱনৰ এক অনন্য সুখময় সময়!

 মায়ে জাগীৰোডত কিনি দিয়া আমৰ জুচৰ সোৱাদো আছিল পৰিতৃপ্তিদায়ক।

 ...গন্তব্যস্থান হাস্পতাল পোৱাৰ পিছত ডাক্তৰে মোৰ দেহ পৰীক্ষা কৰি চাই ক’লে— ‘ব্যায়াম কৰিব। ব্যায়ামৰ বাহিৰে বিকল্প চিকিৎসা আৰু নাই ক’তো। আগৰ দৰে খোজকাঢ়িব পৰা জীৱন ঘূৰাই পাবই যে তাৰো নিশ্চয়তা নাই।’ প্ৰস্ৰাৱ কৰিবৰ বাবে সংযোগ কৰি থোৱা কেথেটাৰডাল স্থানীয় ডাক্তৰ এজনক কৈ খুলি দিব দিলে।

 আমি ঘূৰি আহিলোঁ ঘৰলৈ এবোজা তিক্ত বেদনা বুকুত বান্ধি।