সমললৈ যাওক

মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ/দহ

ৱিকিউৎসৰ পৰা

(দহ)

 আৰম্ভ হৈছিল আন এক দুৰ্বিসহ সংগ্ৰাম। গুৱাহাটীৰ পৰা ঘূৰি অহাৰ পিছত ডাক্তৰে পৰামৰ্শ দি পঠিওৱা মতে ডিমৌ চাৰিআলিস্থিত হাস্পতালৰ ডাক্তৰজনক মাতি আনি কেথেটাৰডাল খুলি দিয়া হ’ল।

 অলপ সময়ৰ পিছত মই প্ৰস্ৰাৱ লগাৰ অনুভৱ নকৰাকৈয়ে প্ৰস্ৰাৱ বাহিৰ হৈ গ’ল।

 কি হৈছে মোৰ?

 কিয় গম নাপালোঁ মই প্ৰস্ৰাৱ লগাৰ কথাটো?

 হতভম্ব হলো মই।

 মায়ে ক’লে—‘খোজ কাঢ়িব নোৱৰাৰ লগতে মই প্ৰস্ৰাৱ-পায়খানা লাগিলেও গম নাপাম।’

 মাৰ মুখত এনে ভয়ংকৰ দুখৰ কথা শুনি মই নিশ্চুপ হৈ পৰিছিলোঁ। ভাৱিব উৱাদিহ পোৱা নাছিলোঁ। কেনেকৈ থাকিম জীয়াই?

 সৰ্বশৰীৰ নিৰুত্তাপ হৈ শিল হৈ পৰিছিল। কোনোদিনে বাঞ্ছা নকৰা এটা দুৰ্বিষসহ পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ।

 ভিতৰি ভিতৰি দুখৰ শিপাই মন-মগজু অৱশ কৰি তুলিলে।

 অনাকাংক্ষিত জীৱনটো এতিয়া কেনেদৰে আগবঢ়াই নিম?

 অজস্ৰ প্ৰশ্ন আহি ধূপ খালে। ওৰেটো জীৱনৰ যন্ত্ৰণা হাড়ে-হিমজুৱে উপলব্ধি কৰিছিলোঁ খন্তেকতে।

 আন্ধাৰৰ বুকুত নিমজ্জিত হৈছিল ভৱিষ্যত।

 সীমাহীন দুঃচিন্তাই হতাশ কৰি তুলিছিল।

 অলপ সময়ৰ পিছত প্ৰস্ৰাৱ বাহিৰ হ’ব ধৰিলে।

 কি কৰিম এতিয়া?

 গোটেই পিন্ধা কাপোেৰ, বিছনা কাপোৰ লেতেৰা হৈ যায়। মায়ে ভাবি চাই বিছনাখনৰ ওপৰত এখন পলিথিন পাৰি দিলে। তাৰ ওপৰত এখন কাপোৰ পাৰি দি মোক বহুৱাই দিলে।

 সেই দিনটোৱে মোক একেবাৰে মূক কৰি দিলে। মই সেইদিনাৰ পৰা আগতে যিমান কম কথা কৈছিলোঁ, তাতকৈ অধিক কম কথা ক'বলৈ ল’লোঁ।  প্ৰয়োজনত ক’বলগীয়াকেইটা কওঁ। উত্তৰ দিবলগীয়াকেইটাহে দিওঁ।

 ক’বলৈ গ'লে শৰীৰৰ নিম্ন অংশ জঠৰ হৈ যোৱাৰ দৰে মুখৰ শব্দবোৰো জঠৰ হৈ পৰিল।

 মই এতিয়া, মাৰ লগত বা-হঁত স্কুললৈ যোৱাৰ পিছত মাটিত পাটী পাৰি বহি চেংগুটি, কচুঠাৰিৰ টুকুৰাৰে খেলা ‘ঢাল’, তামোলৰ কলিৰে খেলা ‘খলি’, ‘লুডু নেখেলোঁ।

 এতিয়া, মই মাথোঁ জীৱিত ‘মৰাশ’ এটাৰ দৰে বিছনাত পৰি থাকোঁ।

 আত্মীয়-কুটুমে মোৰ জীৱনত অকস্মাতে নিয়তিয়ে কুঠাৰৰ ঘাপ মৰা দুখত দুখী হৈ খবৰ লোৱাৰ সোঁত বলিল।

 যিমানেই মানুহে মোৰ খবৰ ল’বলৈ আহিল, সিমানেই ‘দ’ হৈ গৈ থাকিল মোৰ বুকুৰ ‘দুখ’ৰ খাৱৈটো।

 ধাৰাবাহিকভাৱে মায়ে খবৰ ল’বলৈ অহা মানুহৰ আগত মোৰ আকস্মিক ভয়ংকৰ দুখৰ জীৱনৰ একেটা অধ্যায়েই দিনটোত দহ বাৰমান ক’ব লগীয়াত পৰিল।

 মোৰ সন্মুখত মায়ে চকুলো টুকি টুকি যেতিয়া হৃদয়বিদাৰক অধ্যায় দোহাৰিছিল, মোৰ সহ্যৰ সীমা পাৰ হৈ গৈছিল।

 মায়ে মোক লৈ এক বুজাব নোৱৰা সীমাহীন দুখ পাইছে। মাৰ চকু-মুখৰ ভাষাতে ফুটি উঠিছিল। —চিঞৰি চিঞৰি কান্দিবৰ মন গৈছিল।

 দৌৰি পলাই যাবলৈ মন গৈছিল, তেনে এক শোকাকুল পৰিৱেশৰ পৰা ৷

 মই হাৰিছিলোঁ নিয়তিৰ ওচৰত। ইচ্ছা কৰিও মাক ক’ব পৰা নাছিলোঁ।

 মই ইচ্ছা কৰিও ক’ব পৰা নাছিলোঁ— ‘মা নাকান্দিব বুলি।’ মই আপোনাৰ চকুত চকুলো চাব নোৱাৰোঁ বুলি ক’ব খুজিও থমকি ৰৈছিলোঁ।

 শব্দহীন হুমুনিয়াহত মাথোঁ অদৃশ্যজনক কাকূতি কৰিছিলোঁ। মোক এই যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ দিবলৈ।

 প্ৰত্যেক মানুহৰে জীৱনত মৃত্যু চিৰসত্য।

 কিন্তু!

 মই ইমান কম বয়সতে যে মৃত্যু বিচাৰিছোঁ।

 মৰ্মাহত মোৰ বেদনাবোৰ, সহিব নোৱৰা যন্ত্ৰণাবোৰ, ঘৰখনক দিয়া যন্ত্ৰণাবোৰৰ উমৈহতীয়া কিছুমান চিন্তাই বাধ্য কৰিছিল মোক ভাবিবলৈ।

 খবৰ ল’বলৈ অহা বহু শুভাকাংক্ষীয়ে চকুলো টুকিছিল মোক চাই চাই। বহুজনে মাক উপদেশ দিছিল বিভিন্ন ধৰণে।

 কোনোজনে সান্তনা দিছিল— ভাল হৈ যাম বুলি। কোনোজনে কৈছিল— ‘বেজ’ বা ‘আই'ৰ ওচৰত চোৱা-চিতা কৰিবলৈ। কোনোজনে কৈছিল — ‘ভাগ্যৰ লিখন কোনেও খণ্ডাব নোৱাৰে’ বুলি। অন্ধবিশ্বাসত বিশ্বাসীসকলে কৈছিল— ‘পূৰ্বজন্মৰ পাপৰ ফল মই এই জন্মত ভুগিছোঁ।’ প্ৰত্যেকজনৰে মনৰ ভাব প্ৰকাশ কৰাৰ শব্দভংগী পৃথক পৃথক আছিল। কোনোজনে ক’লে— মই সৰুৰে পৰা অহংকাৰী, গতিকে ভগৱানে এসেকা দিবৰ বাবে এনেকুৱা কৰিলে। মই আছিলোঁ তেওঁলোকৰ আলোচনাৰ ‘বিষয়’।

 সময় বাগৰি গৈ আছে। মোৰো জীৱনত এটা এটাকৈ নতুন নতুন সমস্যাই বাহ লৈছে। এতিয়া মই তলপেট কৰি শুই থাকোঁ— ডাঠ পলিথিনৰ ওপৰত কাপোৰ পাৰি দিয়া বিছনাত।

 এদিন শুই থাকোঁতে এগৰাকী মানুহে আহি মাক কোৱা শুনিলোঁ— তাইৰ হেনো কিবা বৰ ডাঙৰ বেয়া বেমাৰ এটা হৈছে? তাইৰ ওচৰলৈ গ’লে বেমাৰটো তাইৰ গাৰ পৰা সোঁচৰি আনৰ গালৈ আহিব বোলে। কিনো বেমাৰ হৈছে তাইৰ, নাযাওঁ দেই তাইৰ ওচৰলৈ। ভয় লাগে পায়, আমাৰো হৈ যাব পাৰে।’

 মায়ে, মানুহগৰাকীক বাহিৰৰ বাৰাণ্ডাতে বহিব দিলে আৰু সুধিলে— কোনেনো মোৰ বিষয়ে এনেকৈ কৈছে?

 তেওঁ যিগৰাকী মানুহৰ নাম ল’লে, পেছাত তেওঁ এগৰাকী নাৰ্ছ আছিল। তেওঁ যে এনেকুৱা এটা কথা মোৰ অসুখটোৰ বিষয়ে ক’ব পাৰিছে, তাকে ভাবি মা আচৰিত হ’ল।

 মায়ে মানুহগৰাকীক একো নক’লে। বিদায় দি আহি মোৰ ওচৰত ৰ’লহি।

 মা কোঠাটোলৈ সোমাই অহাৰ আগতে মই চকু দুটা মুদি টোপনি যোৱাৰ ভাও ধৰি আছিলোঁ। মই জানিছিলোঁ — মা আহি মই সাৰে আছোঁনে, টোপনি গৈ আছোঁ গম ল’ব। মায়ে মানুহগৰাকীয়ে মোৰ বিষয়ে কোৱা শব্দকেইটা মই শুনিলে বেছিকৈ আঘাত পাম বুলি জানি মই সাৰে আছোঁনে গম ল’লে।

 যদিও মই শুই থকাৰ ভাও ধৰি আছিলোঁ, দুখত মোৰ দেহ-মন এনেদৰে পিষ্ট হৈছিল ভাষাৰে-শব্দৰে বুজাবলৈ মই অপাৰগ।

 মানুহগৰাকীৰ কথাকেইটা শুনাৰ পিছৰ পৰা মই সতৰ্ক হ’লোঁ। নিজকে ক’লোঁ- আজিৰ পৰা মই কাকো হাতেৰে স্পৰ্শ নকৰোঁ। নিজে খোৱা বস্তু আনক খাব নিদিওঁ। কাঁহী, বাটি, গিলাচ, কাপ বেলেগ কৰি ল’ম। মই খোৱা কোনো পাত্ৰতে আনক খাবলৈ নিদিওঁ।

 কথাকেইটা মনতে আওৰাই থাকোঁতে তীব্ৰ যন্ত্ৰণাত মানসিকভাৱে দেই-পুৰি মৰিছিলোঁ।

 মই যেতিয়া মোৰ নিজৰ এটা পাত্ৰতহে আহাৰ খাম বুলি জেদ ধৰিছিলোঁ, মায়ে অনুমান কৰিলে— মানুহগৰাকীয়ে কোৱা কথাখিনি মই শুনিলোঁ। সেয়ে সকলো বস্তু বেলেগকৈ ব্যৱহাৰ কৰিম বুলি কৈছোঁ।

 মায়ে মোক বুজাইছিল মানুহজনীয়ে কোৱা কথাটো সঁচা নহয়। মই দুখ পাব নালাগে। বাচন বেলেগকৈ ল’ব নালাগে।

 মই কিন্তু মাৰ কথা মনা নাছিলোঁ। কাপ, বাটিৰ পৰা সকলো বস্তু বেলেগ কৰি লৈছিলোঁ।

 ঈশ্বৰক মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ—

 ঈশ্বৰ, মোকেই যে এই দুখ-যন্ত্ৰণাৰে ভৰা জীৱনটো দিলে, তাৰ কাৰণে ধন্যবাদ। মই ঘৰখনৰ প্ৰতিজন সদস্যকে বহু ভাল পাওঁ। সিহঁতৰ যদি আজি মোৰ দৰে অসুখটো হ’লহেঁতেন, সিহঁতেও বহু কষ্ট পালেহেঁতেন আৰু মই সিহঁতৰ দুখ-কষ্ট দেখি সহ্য কৰিব নোৱাৰিলোঁ হেঁতেন।

 জনা–নজনা হোৱাৰ পৰা সদায় গধূলি চোতালৰ আগত থকা গোসাঁইঘৰটোত চাকি-ধূপ জ্বলাই প্ৰাৰ্থনা কৰিছিলোঁ ঈশ্বৰক ঘৰৰ সকলোকে কুশলে ৰাখিবলৈ। ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনিলে। ঘৰৰ আন কাকোকে এই সহ্যাতীত শোকাগ্নি নিদি মোকে দিলে।

 মই এতিয়া মাৰ লগত একেখন বিছনাত শুব নোৱৰা হ’লোঁ। প্ৰস্ৰাৱ হৈ থাকে বাবে অকলে শুবলৈ ল’লোঁ। মায়ে মোৰ কাষতে এখন সৰু বিছনা পাৰি ৰাতি শোৱে। মই থকা কোঠাটোত দুখন বিছনা পাৰি থ’ব নোৱাৰে, গতিকে দিনত বিছনাখন উঠাই থয়।

 গোটেই ৰাতি উজাগৰে থাকোঁ। টোপনি নাহে। মাৰ হাতখন ধৰি শুই থাকোঁ লেখহীন ভাবনাৰ মাজত ডুবি। মায়ে যদিও বেলেগকৈ শুইছিল, মোৰ ভয় লগাৰ কাৰণে একেবাৰে মোৰ বিছনাৰ কাষত মাৰ বিছনাখন পাৰি লৈছিল যাতে মই মাৰ হাতখনত ধৰি টোপনি যাব পাৰোঁ।

 সৰুৰে পৰা মই মাৰ বাহিৰে আন কাৰো লগত নুশুইছিলোঁ। আমাৰ ডাঙৰ বিছনাখনত মা, আমি চাৰিটা একেলগে শুইছিলোঁ। মই মাহঁতৰ লগত শাৰীপাতি শোৱা নাছিলোঁ। মাৰ ভৰি দুখনৰ ওচৰত মূৰটো থৈ হাতেৰে ভৰি তলৰ অংশ মুঠি

মাৰি ধৰি শুলেহে মোৰ টোপনি আহিছিল।

 সৰুতে এবাৰ মাৰ সম্পৰ্কীয় বায়েক এজনীৰ ঘৰত বছৰেকীয়া পৰীক্ষা দি বা আৰু মই কেইদিনমান থাকিবলৈ গৈছিলোঁ। জেঠাইগৰাকীয়ে প্ৰথমবাৰৰ কাৰণে তেওঁলোকৰ ঘৰত আমাক থাকিবৰ বাবে লৈ গৈছিলহি। তেতিয়া আমি পঞ্চম শ্ৰেণীত পঢ়োঁ। জেঠাইৰ লগত যাবলৈ মই ভালকৈ ওলালোঁ। তাত গৈ নাকান্দো, ঘৰলৈ আহোঁ, আহোঁ কৰি নাথাকো, ভালকৈ থাকিম বুলি কথা দি গ'লোঁ।

 কিন্তু কথা দিয়ামতে মই কথা নাৰাখিলোঁ। প্ৰথম দিনাই ৰাতি বিছনাখনত শুবলৈ উঠি কন্দা আৰম্ভ কৰিলোঁ। মই এইখন বিছনাত নোশোওঁ। ঘৰলৈ যাওঁ। মোক থৈ আহক। তাল-ফাল লগাই চিঞৰি চিঞৰি কান্দিব ধৰিলোঁ।

 জেঠাইগৰাকীয়ে মৰমেৰে বুজাব ধৰিলে – ‘হ’ব দে নাকান্দিবি। ভাল কাপোেৰ এখন পাৰি দিম। ইয়াতে আজি শুই থাক। মই কালিলৈ থৈ আহিম ঘৰত।’

 মই নহ’ব বুলি বিছনাৰ ওপৰত বহি কান্দি কান্দি ৰাতি পুৱাই দিলোঁ।

 পুৱা জেঠাইক ক'লোঁ- মোক ঘৰত থৈ আহক। মই নাথাকো। মাক লাগে।

 তেতিয়া পথাৰৰ ধান চপোৱাৰ দিন আছিল। জেঠাইগৰাকীয়ে আনৰ ঘৰত ধান কটাৰ কাম কৰে। তেওঁ মোক বুজাব ধৰিলে – ‘আজি তোক ঘৰত থ’বগৈ নোৱাৰিম। মানুহ এঘৰত ধান কাটি দিম বুলি কথা দিছোঁ। যদি ধান কাটিবলৈ নাযাওঁ তেন্তে তেওঁ ঘৰত আহি গালি দিব।’

 জেঠাইৰ কথা শুনি সেইদিনা থাকিম বুলি ক'লোঁ। জেঠাইৰ ল'ৰা দুটা আৰু ছোৱালী এজনী। ছোৱালীজনী মোতকৈ পাঁচ বছৰমান ডাঙৰ। এটা ল'ৰা মোৰ সমনীয়া আৰু এটা মোতকৈ সৰু। সিহঁতকেইটাক মাকে দায়িত্ব দিলে। - দিনটো মোক নকন্দোৱাকৈ খেলাই থাকিব। সিহঁতকেইটায়ো চোতালৰ আগত থকা দুজোপা তামোল গছত গৰুৰ পঘা বান্ধি তাৰ ওপৰত বস্তা দি ‘ঝুলনা’ বনাই মোক জেঠাই নহালৈকে ঝুলাই থাকিল।

 জেঠাইদুপৰীয়া খৰখেদাকৈ পথাৰৰ পৰা আহি আমাক ছাগলীৰ গাখীৰ উতলাই খাবলৈ দিলে চৌকাৰ কাষতে পীৰাত বহুৱাই।

 মই প্ৰথমবাৰ ছাগলীৰ গাখীৰ পিবলৈ মুখৰ ওচৰলৈ নিওঁতেই কিবা অচিনাকি গোন্ধ এটা নাকত লাগিল। মই গাখীৰখিনি পিব নোৱাৰি মাটিতে থৈ চোতাললৈ দৌৰ মাৰিলোঁ। জেঠাইহঁতৰ ঘৰতে ছাগলী পুহিছিল। ছাগলীৰ মল-মূত্ৰৰ গোন্ধত অপৰিষ্কাৰ পৰিৱেশত সিহঁতৰ ঘৰত থকাটো মোৰ কাৰণে বহু অশান্তিদায়ক হৈ পৰিছিল।

 দিনটো পাৰ হ’ল। ৰাতি কি কৰিম এতিয়া। জেঠায়ে আকৌ কয়।— আজি শুই থাক কালিলৈ থৈ আহিম। মোৰ কোমল মনটোৱে পিছদিনা মাক লগ পাম বুলি ভাবি ভাবি টোপনি যাওঁ।

 পুৱা হোৱাৰ পিছত জেঠায়ে আকৌ কয়— আজিও যাব নোৱাৰিম। থাক দে। কালিলৈ থৈ আহিম।

 নহ’ব, মোক এতিয়াই থৈ আহিব লাগিব বুলি মই কান্দিবলৈ ধৰিলোঁ—

 জেঠায়ে খঙতে ক’লে— ‘কি ভাল এজনী ডিঙিৰ হাৰমাল চপাই ল’লোঁ মই। ধানো কাটিব লাগে। তাইক থ’বলৈ যাবও লাগে। বায়েকজনীৰ চাচোন একো আপত্তিয়ে নাই। তাইৰহে খোৱাত আপত্তি, থকাত আপত্তি, সকলো ফালে আপত্তি। ডাঙৰ ‘গলগ্ৰহ’ এটা গোটাই ল’লোঁ— এই ধান কটাৰ দিনত।

 মই বহি বহি কান্দিয়ে আছিলোঁ।

 জেঠায়ে এইবাৰ মোক ফুচুলাবলৈ ধৰিলে—আজি আমাৰ চাৰিআলিত ‘চাৰ্কাছ’ আহিব। আবেলিৰ পৰা দেখুৱাব। তই ইহঁতকেইটাৰ লগত চাবলৈ যাবি দে। তাত হাতী, ঘোঁৰা আদি জন্তুৱে কিবা কিবি কৰিব, মানুহে যাদু দেখুৱাব, চাই ভাল পাবি। নাকান্দিবি দে এতিয়া। খেলি থাক এতিয়া, আবেলি চাৰ্কাছ চাবলৈ যাবি।

 মই লগে লগে কন্দা বন্ধ কৰি চকুপানী মচি মিচিকিয়াই হাঁহিলোঁ আৰু মুখেৰে উচ্চাৰণ কৰিলোঁ - ‘যাদু’!

 আমিকেইটা আবেলি সময়ত ‘যাদু’ চাবলৈ গ’লোঁ। প্ৰথমবাৰৰ কাৰণে স্বচক্ষে যাদু দেখিলোঁ। হাতী লৈ যাদু দেখুৱাইছে, এডাল ৰছীৰ ওপৰেদি চাইকেল চলাই গৈছে, মুখৰ ভিতৰৰ পৰা ৰঙা-ক’লা দীঘল দীঘল ৰিবন উলিয়াই দিছে।

 কি চমৎকাৰ দৃশ্য! স্ফূৰ্তিত মোৰ আনন্দৰ সীমা নোহোৱা হ’ল। তাতকৈ আৰু বেছি ভাল লাগিছিল বাঁহৰ খাপ খাপকৈ ওখকৈ বনোৱা বাঁহৰ আসন ‘গেলাৰিত’ বহি চাবলৈ পাই। ওপৰত বহি তলৰ মানুহখিনিক চাই বহু মজা লাগিছিল।

 ৰাতি শোৱাৰ সময়ত আকৌ একেই কান্দোন। ঘৰত যাওঁ, ঘৰত যাওঁ। জেঠায়ে -কালিলৈ থৈ আহিম। এনেদৰে ফুচুলাই, কন্দুৱাই মোক এসপ্তাহ ৰাখিলে।

 ক’বলৈ গ’লে জেঠাই মোক লৈ উপায়হীন হৈছিল।

 আনৰ ঘৰত দিনটোৰ কাৰণে কাম কৰে, গতিকে তেওঁ গৰাকীৰ ওচৰত বাধ্য আছিল। আৰু তেওঁ যদি গৰাকীৰ ঘৰত কাম নকৰে, ঘৰত থকা তেওঁৰ ল’ৰা- ছোৱালীকেইটাৰ পেটত খুদকণ এটাও নপৰে। ঘৰত থকা ল’ৰা-ছোৱালীকেইটাক খুৱাবৰ বাবে জেঠাই প্ৰতিদিনে মানুহৰ ঘৰত কাম কৰিবলগীয়াত পৰিছিল। সেই বয়সতে দৰিদ্ৰৰ জুই দেখিছিলোঁ জেঠাইৰ ঘৰত। উপলব্ধি কৰিছিলোঁ ভোকাতুৰ পেট। কম বয়সৰ উপলব্ধিয়ে মোক জেঠাইৰ দুখ বুজাতকৈ মাক যে মোৰ বেছি প্ৰয়োজন, তাত বেছি গুৰুত্ব দিছিলোঁ।

 এসপ্তাহৰ শেষত জেঠায়ে আমাক ঘৰত থৈ গ’লহি।

 মাৰ ভৰি দুখন এৰি মই প্ৰথমবাৰৰ কাৰণে আনৰ লগত এসপ্তাহ শুই আহিছোঁ, যিজনী ছোৱালীয়ে এদিনো মাৰ পৰা আঁতৰি নাথাকিছিলোঁ।

........

 আৰু এতিয়া।

 মাৰ ভৰি দুখনৰ পৰা বিচ্ছেদ হৈ হাতত ধৰি টোপনি যাবলৈ চেষ্টা কৰিবলগা হৈছে। বিনিদ্ৰা চকুযোৰে টোপনিৰ বিপৰীতে নীৰৱে চকুলো টুকি গাৰুৰ গিলিপ তিয়াইছোঁ। বুকুৱে হাহাকাৰ কৰিছিল জয়ালনিশা। মায়ে উমান পায় বুলি উচুপনিও হেঁচি ৰাখিবলগীয়াত পৰিছিল।

 অসহনীয় সময়...

 পুৱা নিত্য কৰ্মখিনিত মা ব্যস্ত হৈ পৰে। মোক আলপৈচান ধৰাৰ লগতে বাহঁত স্কুললৈ যাবৰ কাৰণে ভাত ৰন্ধা, মোৰ খবৰ ল’বলৈ অহা মানুহক শুশ্ৰুষা কৰা৷ চকুলো টুকি টুকি মোৰ ‘আঁউসী’ জীৱনৰ অধ্যায় দোহাৰে। সকলোখিনি যন্ত্ৰৰ দৰে কৰি গৈছিল।

 মাজে মাজে মোলৈ চাই হুমুনিয়াহ কাঢ়ি কৈছিল— ‘তাইৰ দুখ-যন্ত্ৰণাখিনি মই চকুৰে চাই থকাৰ বাহিৰে একো কৰিব পৰা নাই। দহ মাহ দহদিন গৰ্ভত ৰাখি জন্ম দিয়াৰ পিছত এতিয়া লওঁ বুলিও তাইৰ শৰীৰ মনৰ কষ্টখিনি ল'ব নোৱাৰোঁ, ইচ্ছা থাকিও। মাথোঁ তাইক চকুৰ আগত বিছনাত থৈ চাই আছোঁ।’

 মাৰ মুখৰ বাক্যকেইটাই মোৰ হৃদয়ত ধুমুহাৰ সৃষ্টি কৰিছিল।

 কিয় মই আটাইতকৈ ভালপোৱা মানুহগৰাকীক দুখ দিছোঁ। যদিও মই জানিছিলোঁ, মই নিজে মাক দুখ দিয়া নাই, তথাপি মাৰ দুখৰ উৎস ময়েইতো।

 মই মোৰ নিজৰ শাৰীৰিক-মানসিক যন্ত্ৰণাতকৈ মায়ে ‘মাক’ হিচাপে যিমান যন্ত্ৰণা পাইছিল, তাক বেছিকৈ অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ। মাৰ বিৱৰ্ণ মুখখনে মোক বেছি মানসিক কষ্ট দিছিল।

 মই বিমোৰত পৰিছিলোঁ।

 মাক সান্ত্বনা দিম,

 নে মই নিজে সান্ত্বনা ল’ম?

 সেই সময়খিনিত মোৰ মনৰ মাজত উমি উমি খং উঠিছিল।

 মনতে ভাবিছিলোঁ— মানুহবিলাকে যদি মোৰ খবৰ ল’বলৈ নাহে, তেতিয়াতো মায়ে মোৰ কথাবোৰ দোহাৰি থাকিব নালাগিব আৰু মাৰ বুকুত হোৱা ঘা টুকুৰা বাৰে বাৰে ঘঁহনি খাই অধিক যন্ত্ৰণাকাতৰ নহ’লহেঁতেন।

 খন্তেকৰ পিছতে আকৌ ভাবিছিলোঁ। তেওঁলোকৰ এখন এখন অন্তৰ আছে বাবেইতো আমাৰ দুখৰ খবৰ ল’বলৈ আহিছে।

 মই বাৰু কিয় বেয়া পাইছোঁ?

 মোৰ নিজকে তেতিয়া স্বাৰ্থপৰ স্বাৰ্থপৰ ভাব হৈছিল।