মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ/ত্ৰিশ
(ত্ৰিশ)
২০০৬ চনৰ শেষৰ ফালে। এটা উখল-মাখল আনন্দৰ পৰিৱেশে ঘৰখন বিৰাজ কৰিলে। লগতে অলপ দুখেও চুই গৈছে মনবোৰ।
মালাৰ বিয়া ঠিক কৰা হৈছে। জন্মৰ পৰা একেলগে থকাৰ পিছত তাই এতিয়া আনৰ ঘৰলৈ গুচি যাব। মোৰ অতিকৈ বেয়া লাগিছিল। তাই বিয়া হৈ যোৱাৰ পিছত মোৰ লগৰীয়া এজনী নোহোৱা হ’ব।
বিয়া শেষ হ’ল। ঘৰখনো উদং উদং লগা হ’ল।
মা, বাবু আৰু মই ঘৰখনৰ সদস্য হ’লোঁ।
দিনবোৰ পাৰ হৈ আছে সময়ৰ হাতত হাত ধৰি।
এখুজি-দুখুজিকৈ এটা নতুন ডাঙৰ সমস্যাই দেখা দিবলৈ ধৰিলে ঘৰখনত, ২০০৭ চনৰ আৰম্ভণিতে।
মা জৰায়ুৰ ৰোগত আক্ৰান্ত হ’ল। অধিককৈ ৰক্তক্ষয় হৈ থকাৰ বাবে মাৰ শৰীৰ ভালে থকা নাছিল। প্ৰায় শয্যাশায়ী হৈ পৰিল।
মোৰ অন্তৰাত্মাই মাৰ এই অসহনীয় কষ্ট চাই থাকিব নোৱৰা হ’ল। ঘৰৰ কামখিনি মায়ে নকৰিলেও নহয়। বাবুৰো ঘৰত থকাৰ থানথিত্ নাই।
মই মাক অলপকৈ কামত সহায় কৰিবলৈ ল’লো।
চি এম চিলৈ দ্বিতীয়বাৰ যাওঁতে মোক এসপ্তাহৰ প্ৰশিক্ষণ দিছিল। ঘৰুৱা কাম আৰু মোৰ প্ৰয়োজনীয় কিছু কাম কেনেকৈ কৰিব লাগে।
মাক কামৰ পৰা সকাহ দিবৰ কাৰণে মই ঘৰ সৰা, মোৰ সুবিধা মতে ঘৰৰ ভিতৰতে বাচন ধোৱা, ঘৰ পৰিষ্কাৰ কৰাকে ধৰি সকলো কামেই কৰিবলৈ ল’লো।
ভাত ৰান্ধিব ভালদৰে নাজানো, গতিকে মায়ে বিছনাৰ পৰাই দিহা দি থাকে।
মোৰ কষ্ট হৈছিল যদিও কিবা এটা ভাল লগাই মোক আগুৰি ধৰিছিল। মই কাম কৰিব পাৰিছোঁ। নিজে হুইল চেয়াৰখনতে বহি মাহঁতক ভাত ৰান্ধি খুৱাব পাৰিছোঁ। মাক অলপকৈ হ’লেও কামত সহায় কৰি দিব পাৰিছোঁ। সেয়ে মোৰ কাৰণে বহুত।
এবছৰীয়া চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ পিছত মা সুস্থ হৈ উঠিল।
২০০৮ চনৰ আৰম্ভণিতে দুজন সদস্যৰ স্থায়ী আগমনে আমাৰ ঘৰখনৰ সদস্যৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি কৰিলে। প্ৰথমজন দেউতা, চাকৰিৰ পৰা অৱসৰ লৈ ঘৰলৈ উভতি আহিল। দ্বিতীয়জন স্থায়ী সদস্য হ’ল— ৰ’জ।
ইংৰাজীৰ ৰ’জ বুলি ক’লেও গোলাপ ফুলক বুজায়। তাইৰ নামটোও ৰ’জ। গোলাপৰ কোমল পাহিৰ দৰে তাইৰ কোমল গাল দুখন। ধক্ ধক্ কৰে বগা মৰমলগা এজনী ধুনীয়া সাত বছৰীয়া ছোৱালী।
মোৰ এগৰাকী বান্ধৱী মণিয়ে ৰ’জক আমাৰ ঘৰলৈ আনি দিছে।
প্ৰথম কথা হ’ল— তাই আমাৰ কথা, ভাষা একো বুজি নাপায়। তাইক আমাৰ অসমীয়া ভাষা শিকাব লাগিব। আলুটো আন বুলি ক’লে পিয়াজটো আনে। গিলাচটো আন বুলি ক’লে কাপটো আনে।
তাই এতিয়া আমাৰ ঘৰত হাঁহিৰ খোৰাক দিয়া ৰ’জ। ক্ৰমান্বয়ে ৰ’জে সকলো শিকিবলৈ ল’লে। মায়ে বহু যত্ন কৰি এদিন তাইৰ সম্পূৰ্ণ ষাঠিদিনীয়া মৌনব্ৰত ভাঙিলে। এই ষাঠিদিনত তাই খিলখিলাই হাঁহি থকাৰ বাদে আন এটা শব্দও উচ্চাৰণ কৰা নাছিল। দুমাহৰ অন্তত অলপ অলপকৈ নতুনকৈ মাত ফুটা শিশুৰ দৰে এটা-দুটা অসমীয়া ভাষাত কথা ক’বলৈ ললে। বস্তুবোৰৰ নামসহ সম্পূৰ্ণকৈ নহ’লেও অলপ- চলপ চিনাকি হ’ল।
মায়ে তাইক ঘৰতে অ-আ, ক-খ আখৰকেইটাৰ লগত চিনাকি কৰাই দিলে। তাই আধা ফুটা মাতেৰে অ-অমিতা, আ-আম মাতিবলৈ ধৰিলে। তাই এ-এন্দুৰ পোৱাৰ লগে লগে সদায়েই ইমান জোৰেৰে হাঁহে যে মা আৰু মই তাইৰ হাঁহি দেখি ৰব নোৱাৰি আমিও হাঁহো।
এদিন তাইক গাঁৱৰ এল পি স্কুলখনত প্ৰথম শ্ৰেণীত নামভৰ্তি কৰাই দিলে। এতিয়া ৰ’জ ষষ্ঠ শ্ৰেণীত।
মোৰ এতিয়া সংগী বহু বাঢ়ি গৈছে, বাৰ ল’ৰা—এটা বাৰ বছৰীয়া চ’না আৰু এটা আঠ বছৰীয়া পল; মালাৰ আঠ বছৰীয়া ল’ৰা প্ৰিন্স। আটাইকেইটা মোৰ মৰমৰ ভাগিন। পাল্কী দুবছৰীয়া মৰমলগা ভতিজী। ভাইটিৰ ছোৱালী।
এতিয়া ভাগিনহঁত স্কুল বন্ধত আমাৰ ঘৰলৈ আহিলে মই সিহঁতৰ হাজাৰটা প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হৈ থাকোঁ—
মাহী, তুমি কিয় খোজ কাঢ়িব নোৱৰা হ’লা?
মাহী, তুমি খোজ কাঢ়িব পৰা হৈ থাকোঁতে কি কি কৰিছিলা?
ভগৱানে কিয় তোমাক এনেকুৱা কৰিলে?
তোমাৰ যদি এখন ভৰি ভাল হৈ থাকিলে হয়, তেতিয়াও তুমি এখনেৰে খোজ কাঢ়িব পাৰিলা হয়। অজস্ৰ। সিহঁতৰ শিশু মনকেইটাৰ অজস্ৰ প্ৰশ্নৰ সন্মুখীন হ'ব লাগে মই।
ডাঙৰ ভাগিন চ’নাৰ কুটুৰণিত মাকে মামাৰ ঘৰৰ পৰা মোৰ পদব্ৰজ জীৱনৰ প্ৰমাণ আনি দিবলগীয়াত পৰিছিল। জীৱন আঁউসীয়ে আৱৰাৰ লগে লগে মোৰ সেন্দুৰীয়া জীৱনৰ যিমান ফটো আছিল, এদিনাখন কোনেও গম নোপোৱাকৈ মনৰ বেজাৰতে ফালি পেলালোঁ। মোৰ সেন্দুৰীয়া জীৱনৰ প্ৰমাণ বায়ে যে কাৰ কাৰ ঘৰত বিচৰা নাছিল! শেষত মামাহঁতৰ পুৰণি এলবাম এটাৰ পৰা এখন ফটো পাই লৈ আহি তাক দেখুৱালে। এতিয়া আটাইকেইটাই মোৰ ফটোখন চাই কিমান যে কথা নকয়!
উৎসৱবিলাক আগতকৈ বেছি ভাললগা হৈছে। প্ৰতিটো উৎসৱতে নহ’লেও প্ৰায়ে সত্যেন্দ্ৰ ভিনদেউ আৰু মালাৰ গৃহস্থ তপন আৰু ভাগিনকেইটা উপস্থিত থাকে। বাবুৱেও বিয়া পতা কৰৱীৰ সৈতে ঘৰখনৰ প্ৰতিজন সদস্যৰ উপস্থিতিত উৎসৱবোৰ আনন্দমুখৰ হৈ উঠে।
মোৰ কাৰণে ব্যৱহাৰ-উপযোগী এটা শৌচাগাৰ সজা হ’ল। চাৰি ঘণ্টাৰ মূৰে মূৰে মই নিজেই কেথেটাৰ ব্যৱহাৰ কৰি প্ৰস্ৰাৱ কৰোঁ। পায়খানা কৰাটো মোৰ বাবে এটা দুৰ্বিসহ কষ্টকৰ কাম।