মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ/তেইশ
(তেইশ)
অনুৰোধৰ ওপৰত অনুৰোধ কৰি হতাশ হৈ পৰিছোঁ৷ হাস্পতালত ভৰ্তি হোৱাৰ দিনৰে পৰা সদায় ভাবি থাকোঁ-- আজি খাব দিয়া ঔষধে মোৰ দুভৰিৰ অহৰ্নিশে জ্বলি থকা দপদপীয়া জুইকুৰা নুমুৱাব!
নাই, এদিন-দুদিন পাৰ হৈ হৈ তিনিমাহ সম্পূৰ্ণ হ’বৰ হ’লহি, একবিন্দুও কমা নাই। ডাক্তক সুধিলে কয়— হ’ব, হ’ব। সেইদিনা ডাক্তৰে হ’বৰ অন্ত পেলাই নহ’ব বুলি এটা মাৰাত্মক ৰায় শুনালে— তোমাৰ ভৰিৰ পোৰণিৰ অন্ত নহ’ব যেতিয়ালৈকে তোমাৰ উশাহ শৰীৰত থাকিব। তোমাৰ ভৰিৰ পোৰণিৰ কোনো ট্ৰিটমেন্ট নাই। ৰাজহাড়ডাল থেতেলা খাই যোৱা গতিকে মূৰৰ পৰা ভৰিলৈ তেজ চলাচল কৰিব নোৱাৰে। কঁকালৰ নিম্ন অংশৰ মাজতে তেজ চলাচল হৈ থাকে। সেয়ে ভৰিৰ সিৰাবোৰ পুৰি থাকে। আজিলৈকে এই পোৰণি প্ৰশমন কৰিব পৰা ঔষধ ওলোৱা নাই। উপায় নাই, শৰীৰত উশাহ থকালৈকে পোৰণিও উশাহৰ লগতে থাকিব।
আদালতৰ ন্যায়াধীশে যাৱজ্জীৱন কাৰাবাস দিয়া ৰায়দানৰ দৰে ডাক্তৰজনেও মোক মোৰ জীৱনটোৱেও অসহিষ্ণু পীড়া যাৱজ্জীৱনৰ কাৰণে ল’ব লাগিব বুলি শিলৰ খুঁটি মাৰি এটা ভয়ংকৰ ৰায় শুনাই গ’ল। স্তম্ভিত হৈ পৰিলোঁ। আঠ বছৰে উশাহৰ লগত গাঁথি লোৱা পোৰণিৰ পৰা পৰিত্ৰাণ পোৱাৰ যি আশা বুকুত বান্ধি আহিছিলোঁ, খন্তেকতে ভস্ম হৈ গ’ল।
ডাক্তৰৰ বাক্যশাৰীয়ে অন্তৰত আঘাতৰ মাত্ৰা দুগুণে বঢ়াই তুলিলে। গোট মাৰি বৰফলৈ ৰূপান্তৰ হ’ল চকুলো। মূক হৈ পৰিলোঁ মই। জীৱনজোৰা পোৰণিৰ কাৰাবাস। হায় মোৰ জীৱন। দলিৱাওঁ বুলিও দলিয়াই পেলাব নোৱাৰো। পাহৰি থাকিবলৈও যিয়ে পুৰি থাকিয়ে উমান দি থাকে। ‘স্থবিৰ’ যদিও আমি তোৰ শৰীৰৰ এটা এৰাব নোৱৰা অংশ হৈ আছোঁ।
মাৰ মাতত প্ৰকৃতিস্থ হ’লোঁ। ডাক্তৰনীয়ে তোক মাতিছে। বেজি দিব। মোক এইকেইদিন বহু কষ্টকৰ বেজি এটা দি আছে। ভৰিৰ হাড়ত। ভৰি দুখনৰ হাড়বিলাক ভাঁজ কৰিবও নোৱাৰি। বহলকৈ মেলি দিব নোৱাৰি, টান। সেয়ে সপ্তাহত দুটা কাৰেন্টৰ সহায়ত বহুত দীঘল বেজি এটা ভৰিৰ হাড়ত ভৰাই দি ঔষধ পুশ্ব কৰি দিয়ে। ধপধপাই থাকে ভৰি দুখন। ‘দুখ’ পোৱাৰ সিমান উমান নাপাওঁ যদিও অলপকৈ পাওঁ। বেজিটো দেখিলেই বুকু কঁপি উঠে। ই...মা...ন ডাঙৰ বেজি মোৰ গাত ভৰাই দিব?
শনিবাৰে ড্ৰয়িং ক্লাছ থাকে। দুই বজাত। মোৰ ভাললগা এটা ক্লাছ। তাতে এজন লাইব্ৰেৰিয়ান আছে। কোনোবাই কিতাপ পঢ়িলে আনিব পাৰে। চহী কৰি আনিব লাগে। পঢ়া হলে জমা দিব লাগে। ছবি অঁকা শিকাবলৈ অহা ছাৰজনৰ নাম আছিল সুৰেশ। চছমাযোৰৰ সৈতে এখন প্ৰাণোচ্ছল মুখ। ওঁঠত স্মিত হাঁহি। সৰ্বশৰীৰৰ এটা অংগও লৰচৰ কৰিব নোৱাৰে।
শকত, প্ৰথম দিনাই দেখি হতভম্ভ হৈছিলোঁ। ডিঙিটো পোনাই ৰাখিব নোৱৰে, হালি যায়। সৰ্বশৰীৰৰ কাষে কাষে ডাঙৰ ডাঙৰ গাৰু দি মাজত বহাই দিছে পি. টিৰ বহল বিছনাখনত, দুজনে হুইলচেয়াৰৰ পৰা দাঙি আনি। স্পষ্টকৈ সুন্দৰ কথা পাতিব জানে। উৎসাহে ভৰাই দিয়ে প্ৰতিজনৰ মন-প্ৰাণ। বহীখন সঠিক ঠাইত দি কলমটো সোঁহাতৰ আঙুলি দুটাৰ মাজত ভৰাই দিলে আঁকি যায় সুন্দৰ ছবি। আশ্চৰ্যান্বিত হৈছিলোঁ, কেনেকৈ থাকে বাৰু এটাও অংগ লৰাব নোৱৰাকৈ? নাই আক্ষেপ, নাই উদাসীনতাৰ চাপ।
মই তাত গ্লাচ পেইন্টিং শিকিব ল’লোঁ। মায়ে কিনি আনি দিয়া কাপোৰত ফুল তুলি ৰুমাল বনাই দিলোঁ। ৰংতুলিকাৰে বিভিন্ন ছবি আঁকিলোঁ। গ্ৰিটিংছ কাৰ্ড বনাই বেচিবলৈ দিলোঁ। সামৰ্থ্য অনুযায়ী পৰাখিনি কৰিলোঁ। মই কাগজৰ ঘৰ সাজো, গতিকে এটা কাগজৰ ঘৰ সাজি তেওঁলোকৰ তাত মোৰ উপস্থিতিৰ এটা চিন দিব লাগে। মই সময় বহু লাগিব বুলি কোৱাত কাগজ, কেঁচী, আঠা যোগাৰ দি ৰূমত থকা আজৰি সময়ত বনাবলৈ দিলে।
তাই উচুপিছে। তাইৰ উচুপনিয়ে মোৰ হৃদয়ৰ আথাউনিত স্পৰ্শ কৰিছে। মাক এজনীৰ সন্তানৰ পৰা বিচ্ছেদ হোৱাৰ উচুপনি। বুকুৰ আমঠুৰ চিৰদিনৰ কাৰণে এক পলকো দেখিবলৈ নোপোৱাৰ যন্ত্ৰণা।
নামটো শ্যামলী, বঙালী সম্প্ৰদায়ৰ। ধুনীয়া মুখখনিৰে সৰল বাৰ্তালাপৰ এগৰাকী পঁচিছ বছৰীয়ামান শিৰত সেন্দুৰ নল’লে বোৱাৰী বুলি ক’ব নোৱৰা ছোৱালী। মাক দেউতাকৰ একমাত্ৰ ছোৱালী। এবছৰীয়া সন্তান এটিৰ মাতৃ শ্যামলী। উদাসীনতাই লেপি থকা দুচকু। হাস্পতালৰ সমূহীয়া ফোনটো বাজিলে মাকৰ ফালে কৰুণকৈ চায়। কিজানি স্বামীৰ ঘৰৰ পৰা কোনোবাই খবৰ ল’বলৈ ফোন কৰিছেই! কণমানিটো কেনে আছে জনাব নেকি? শ্যামলীয়ে খোজ কাঢ়িব নোৱাৰে।
নাই? তাইলৈ কোনোদিনে স্বামীৰ ঘৰৰ পৰা ফোন নাহে। দেউতাকেহে আজি আহি দুঃসংবাদটো দিলে। তাইক হেনো ল’ৰাটো নিদিয়ে। স্বামীৰ ঘৰে ৰাখিব।
সেই দুঃসংবাদৰ হিয়া ৰুকি ৰুকি ওলাই অহা উচুপনিয়ে মোৰ কৰ্ণকুহৰত স্পৰ্শ কৰি কলিজাত স্পৰ্শ কৰিছেহি। কি দুখত বাৰু শ্যামলীয়ে দুমহলীয়া বিল্ডিঙৰ পৰা জঁপিয়াইছিল?
আজি অ’টিত দেখি অহা বিৰহখিনিক পাহৰিব পৰা নাই। আকৌ এটা দুখে চুলে অন্তৰখন। আক্ষেপতে গাই যায়—
“মেৰা জীৱন কোৰা কাগজ
কোৰা হী ৰেহ গয়া-।”
দীঘলকৈ কপালৰ পৰাই শিৰত সেন্দুৰ লয় স্বামীৰ দীৰ্ঘায়ু কামনা কৰি। ফোটটোও লয় আঁতৰৰ পৰাই বেলিটোৰ দৰে ৰঙা হৈ জিলিকি থকাকৈ। কিহৰ প্ৰতীক্ষাত পানীৰ দৰে টকা খৰচ কৰিছে? ‘আশা’ নামৰ দুটা বৰ্ণৰ এটা শব্দৰ কাৰণে? দীঘলীয়াকৈ হুমুনিয়াহ কাঢ়ি কৈ গৈছিল– উলাহে নধৰা হৈ গৈছিল চতুৰ্দিশে।আজি বছৰৰ শেষ দিন। কালিলৈ নতুন বছৰ আৰম্ভ হ’ব। পুৰণা বছৰৰ শেষ দিনটোক আনন্দ-স্ফুৰ্তিৰে বিদায় দিবলৈ যো-জা কৰিছিলোঁ। তেতিয়াই আহিল দুঃসংবাদটো।
বাইক দুৰ্ঘটনাত সম্পূৰ্ণৰূপে আঘাত পাই ক’মালৈ গ’ল। সকলো আনন্দ উল্লাস খন্তেকতে নিঃশেষ হৈ গ’ল। অন্তহীন আশা লৈ প্ৰতিপল প্ৰতীক্ষাত আছে-সংজ্ঞা ঘূৰাই পাব। ল’ৰা-ছোৱালী দুটাক মুখেৰে মাত দিব। আজি সেয়ে বুকুৰ মাজত অহৰ্নিশে লৈ ফুৰা ল’ৰা-ছোৱালীহালৰ ফটো দেখুৱাই এইটো কোন, সেইটো কোন সুধি থকা দৃশ্য দেখি মোৰ হৃদয়খন মোচৰ খাই গৈছিল। সংজ্ঞা ঘূৰাই আনিবলৈ অলপ ‘তপত’ পানী গিলাচত ভৰাই ভৰিত লগাই দিওঁতে মানুহজনে অলপকৈ ভৰিখন আঁতৰাই আনোতে দুখ-আনন্দত কেনেকৈ চিঞৰি দিছিল।
অলপকৈ আকৌ লৰাই দিয়কচোন। আপুনি ভাল হৈ যাব দিয়ক। আমাৰ সিহঁত দুটাই সদায় ফোনত সুধি থাকে। দেউতা কেতিয়া আহিব? আপুনি শুনিছেনে?
হাঁকুটীৰে কলিজা টানি-আঁজুৰি উলিয়াই আনি মেচী দাৰে ঘপিয়াই ঘপিয়াই টুকুৰা-টুকুৰ কৰা দুখৰ যন্ত্ৰণা। আস... ।
পি. টিৰ ৰাউণ্ডৰ পিছত ডাক্তৰে “কেলিপাৰ”, জোতা-মোজা কিনি আনিবলৈ দিলে মোৰ কাৰণে। “কেলিপাৰ” হ’ল এবিধ ষ্টিলৰ ফ্ৰেমৰ ভৰিৰ ওপৰৰ অংশৰ পৰা ভৰিৰ পতালৈকে কাৰুকাৰ্য্যৰে সজা জোতাৰ লগত পিন্ধি খোজ কাঢ়িব পৰা কৌশলেৰে সজা সৰঞ্জাম।
অপাৰ আনন্দ। স্তৰে স্তৰে সুখানুভূতিয়ে স্পৰ্শ কৰিছে। মই আকৌ ‘খোজ’ কাঢ়িম৷ নিজৰ ভৰিৰ জোৰেৰে নহ’লেও ‘কেলিপাৰ’ৰ সহায়ত মই খোজ কাঢ়িম।লেপেটা খাই পৰি থকা বিছনাখন এৰি মই মুকলি আকাশৰ তলত খোজ কাঢ়িম।জোনজনীৰ ওচৰত এতিয়াৰ পৰা অভিমান কৰিব নালাগে। মোৰ কোঠাৰ অকণমানি খিৰিকীখনেৰে অতি কম সময় মোৰ লগত পাৰ কৰা গতিকে।
এতিয়াৰ পৰা জোনাকৰ দিনত মই তৰাই তিৰবিৰাই থকা আকাশৰ তলত নিশা এপৰলৈকে বহি থাকিম। ক’ত লুকাব জোনজনী? যেনিয়ে যাব, সেই ফালেই মোক লগ পাব। মেঘে বাৰু আঁৰ কৰি ধৰিব নেকি?
জোতা-মোজা কিনি আনিলে। ‘কেলিপাৰ’ও আহিল। এতিয়া মাজত এটা দিন ব্যায়াম কৰি মঙলবাৰৰ পৰা কেলিপাৰ পিন্ধাই থিয় কৰাব। সোমবাৰ পি.টিৰ পুশ্ব-আপ, স্পাইনেল কৰ্ড, ডাম-বেল স্প্ৰিং টনাৰ পিছত। ভৰিৰ ব্যায়াম কৰিবলৈ সেইদিনা শ্বৰীফ ছাৰৰ লগতে সুন্দৰ ছাৰ আহিল। এওঁ মোৰ বিষয়ে সিমান জনা নাছিল যে ভৰিৰ দুখন জোৰত হেঁচি দিলে ভাঙি যাবও পাৰে। সুন্দৰ ছাৰে জোৰত জোৰত শক্তি প্ৰয়োগ কৰি ভৰি ব্যায়াম কৰি থাকিল। মই এবাৰ ক’লোঁ—- ‘ইমান জোৰত নিদিব। মই দুখ পাইছোঁ।’ ভাঙি যাব। তেওঁ মোৰ কথাষাৰত কাণসাৰ কৰা নাছিল। বাবু আৰু মাৰ বুকু ধপধপাই আছিল। দুজন মানুহে গাৰ বলে ভৰিখনৰ ওপৰত চাৰিখন হাতেৰে সৰ্বশক্তি প্ৰয়োগ কৰি হেঁচিলে।
মাৰ মুখৰ পৰা আৰ্তনাদ হৈ ওলাই আহিল--- গ’ল।
বাবুৰ মুখেৰে স্বতঃস্ফুৰ্তে ফুটি উঠিল --- ভাঙিল।
মুহূৰ্ততে এক নতুন পৰিস্থিতিৰ উদ্ভব হ’ল। দৌৰা দৌৰি লাগিল। চিঞৰ-বাখৰ লাগিল। ততাতৈয়াকৈ মোক লৈ গ’ল ডাক্তৰৰ কোঠালৈ। আকাশ-বতাহ একাকাৰ হৈ পৰিল মোৰ হিয়া ধাকুৰা কান্দোনত। মা-বাবুৰ চকুলোৰে বাট নেদেখা হ’ল চকুলোৰে। ডাক্তৰৰ তৎপৰতা, নাৰ্ছৰ তৎপৰতা। শ্বৰীফ ছাৰ আৰু সুন্দৰ ছাৰৰ আতংকিত বুকুৰ ধপ্ধপনি।
এক অবাঞ্ছিত পৰিৱেশ। মোৰ চিঞৰত হাস্পতালৰ মানুহবিলাকেও জানিবলৈ উৎসুক হৈ পৰিছে। কি হ’ল এদিনো চকুত চকুপানী নেদেখা ছোৱালীজনীৰ? কিয় কান্দিছে এনেদৰে গগন ফলা চিঞৰত? পৰিৱেশটোৱেই উত্তাল হৈ পৰিছে। ডাক্তৰে পৰীক্ষা কৰি ঘোষণা কৰিলে— বাওঁ ভৰিৰ ডাঙৰ হাড় এডাল ভাঙিছে।
‘আশা’ টুকুৰা টুকুৰ হৈ পৰিল। খোজকঢ়াৰ প্ৰতীক্ষা প্ৰতীক্ষা হৈয়েই ৰ’ল। আমাৰ অতদিনৰ দীঘলীয়া অপেক্ষাৰ অন্ত পৰিল চকুৰ পানীত। তৎকালীনভাৱে ভৰি প্লাষ্টাৰ কৰি তিনিমাহৰ বিশ্ৰাম দিলে। ক’তো ওলাই যাব নোৱাৰোঁ। বহিব নোৱাৰোঁ।ইকাতি-সিকাতি হ’ব নোৱাৰোঁ। পাৰ কৰি অহা সাত বছৰ জড়ীভূত জীৱনে পুনৰ সাবটি ল’লে।
আকৌ এবাৰ আত্মসমৰ্পণ কৰিলোঁ ‘নিয়তি’ৰ ওচৰত। দুখে সহিব পৰা সীমা অতিক্ৰম কৰিলে। মোৰ শান্ত, মৌন, উদাসীনতাই পৰিবেশটোকে পৰিবৰ্তন কৰি পেলালে। ক্ষোভ, হতাশা, যন্ত্ৰণাৰে সংপৃক্ত মুহূৰ্তবোৰত মনক কি বুলি বুজনি দিম। সান্ত্বনাৰ অনুপাতে ‘দুখ’ আহিছিল বহু উৰ্ধ্বত। এটা নতুন সংগ্ৰামপূৰ্ণ সময়ে আহ্বান জনালে আমাক।
মই খোজকঢ়াৰ ‘আশা’ ত্যাগ কৰিলোঁ। শ্বৰীফ ছাৰে দোষী দোষীভাৱে আহি তেওঁৰ ভুলৰ কাৰণে অনুসূচনা কৰিলে, শিললৈ পৰিণত হোৱা মোৰ মূৰ্তিৰ ওচৰত।ডাক্তৰে অ’ টিৰ ফিজিঅ’থেৰাপিষ্ট বিমল, যুৰ্বত, সংগীতা মেডামক নিৰ্দেশ দিলে-প্ৰতিদিনে অ’টিত পেছেন্টক কৰিবলগীয়াখিনি কৰি আহি মোৰ লগত খেলিবলৈ। মোৰ আমনিদায়ক যন্ত্ৰণাগধুৰ সময়খিনিত অলপ সময়ৰ কাৰণে ৰসাল কথা কৈ আনন্দমুখৰ কৰিবলৈ।
তেওঁলোক ব্যৰ্থ হৈছিল মোৰ ‘মৌনতা’ ভাঙিবলৈ। যন্ত্ৰৰ দৰে মই তেওঁলোকৰ নিৰ্দেশত তাচপাত মিলোৱা খেলত তাচপাতৰ পট্টা এখনৰ পিছত এখন দি থাকোঁ। শ্বৰীফ ছাৰ আৰু আন্নাই সদায় ছুটীৰ পিছত মাত লগাই যায়, মোৰ পৰা কোনো প্ৰত্যুত্তৰ নোপোৱাকৈ। অনিশ আহে উদাস উদাস মনটো লৈ। মা-বাবু থাকে কাঁইটে আঁচুৰি বখলা-বখল কৰি পেলোৱা অন্তৰকেইখনক লুকুৱাই।