মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ/ছয়
(ছয়)
শব্দহীন হুমুনিয়াহত পোত খাইছিল মোৰ দুখ-যন্ত্ৰণা-হতাশাৰে ভৰা শুকান হৃদয়। এক বুজাব নোৱৰা ’মহাশূন্য'ই ভাৰাক্ৰান্ত কৰি তুলিছিল জীৱন। ক্ৰমাগতভাৱে দুখৰ গোন্ধ মলঙিছিল শৰীৰৰ সিৰা, উপ-সিৰাই, প্ৰতিটো অংগতে। সুখী আৰু সুন্দৰ জীৱনৰ সপোনবোৰ চকুতে সীমাবদ্ধ ৰাখি নৈৰাশ্য আৰু স্বপ্নহীন দিশে বাট বুলিছিলোঁ।
কঁকালৰ নিম্ন অংশ প্ৰস্ৰাৱত প্ৰতিপল তিতি থকাৰ বাবে আগতকৈ ডাঙৰ ডাঙৰ ‘ঘা’হৈ গাঁত হৈছিল। মঙহ খহি খহি হাড় ওলাই গৈছিল। মঙহবোৰ এনেদৰে খহিছিল— বাৰিষাৰ বান আহিলে নদীৰ পাৰ খহাদি।
বহুদিনৰ মূৰত মোক যেতিয়া বহাই দিয়ে, সোনকালে ‘ঘা’ শুকাবলৈ মায়ে আনি দিয়া দৰ্শন ফাৰ্মাচীৰ সৰু সৰু হোমিঅ’ বড়িবিলাক গুড়ি কৰি ঘাবোৰত সানি দিছিলোঁ মায়ে নেদেখাকৈ। ঔষধবিলাক খাই থাকিলেও নুশুকোৱাৰ বাবে ঘাবোৰত সানি দিলে সোনকালে শুকাই যাব বুলি ভাবিছিলোঁ।
জুইত আঙুলি ভৰাই দিলে যেনেদৰে পোৰে, মোৰ কঁকালৰ পৰা আড়ষ্ট নিম্ন অংশ অহৰ্নিশে পুৰি থাকিছিল। মোৰ ভৰিৰ পোৰণিৰ যন্ত্ৰণা আছিল বৰ্ণনাতীত। মই তাক ভাষাৰে বা শব্দৰে বুজাবলৈ অপাৰগ।
আজিও আছে, থাকিবই। মৃত্যুৰ লগতহে সমাধিস্থ হ’ব মোৰ ভৰিৰ পোৰণি।
মই বাধ্যতাৰ জীৱন স্বীকাৰ কৰিছিলোঁ যন্ত্ৰণাৰ ওচৰত।
সেই সময়ছোৱাত মই মোৰ বিছনাখন অলপকৈও লৰাব নিদিওঁ, মোকো আনৰ হাতেৰে স্পৰ্শ কৰিব নিদিওঁ। মনৰ ভাব আছিল— মোক স্পৰ্শ কৰিলে বা বিছনাখন লৰাই দিলে বেছিকৈ প্ৰস্ৰাৱ নিগৰিব। এইটো ভ্ৰান্ত ধাৰণা আছিল যদিও মই কেনেকৈ শুকান কাপোৰত অলপ সময় থাকিব পাৰোঁ, সেই ভাবতে আছিলোঁ।
মায়ে তেতিয়াও মানুহৰ ঘৰত ফটা পেলনীয়া কাপোৰ বিচৰা অভিযান অব্যাহত ৰাখিছিল। এবাৰ খুৰীহঁতৰ খিৰিকীৰ পুৰণি পৰ্দাবোৰ সলাই নতুন পৰ্দা লগাওঁতে মায়ে পুৰণি পৰ্দাখিনি খুৰীক খুজি লৈ আহিছিল। কটন কাপোৰৰ পৰ্দাখিনি মোক আনি দিওঁতে দেউতাই মোলৈ সুস্থ হৈ থাকোঁতে প্ৰতিটো মাঘৰ বিহুত কৰ্মস্থানৰ পৰা আহোঁতে অনা ধুনীয়া ধুনীয়া নতুন ফ্ৰক আনন্দত বাচত জাপি জাপি থোৱাৰ দৰে মই হেঁপাহেৰে বিছনাৰ কাষত জাপি থৈছিলোঁ খুৰীহঁতৰ পেলনীয়া পৰ্দাকেইখন।
এনে অবৰ্ণনীয় শাৰীৰিক-মানসিক যন্ত্ৰণাৰ আঘাতৰ প্ৰতিফলনত মোৰ মন- মগজুত বাহ লৈছিল— ‘মৃত্যু’ নামৰ দৈত্যটোৱে।
’মৃত্যু’ জীৱনৰ শেষ দেৱালত অঁকা বিধ্বস্ত উপত্যকাৰ ভগ্ন শিলালিপি। ই ভয়ংকৰ যন্ত্ৰণাৰ পৰা মুক্তি দিয়াৰ শেষ আশ্ৰয় আছিল মোৰ। ’মত্যু’ কোনোৱে কামনা নকৰে। সৃষ্টিৰ দলিলত ’মত্যু’ চিৰন্তন সত্য যদিও তাক সহজে মানি লোৱাটো কঠিন। ’মৃত্যু’ এক ভয়ংকৰ সত্য।
দিন-ৰাতি এতিয়া মোৰ এটাই লক্ষ্য— ‘মৃত্যু'। মানসিকভাৱে কচৰৎ কৰি থাকিছিলোঁ। ’মৃত্যু’ নামৰ দৈত্যটোৰ লগত প্ৰতিপল। কেনেকৈ সফল হ'ম। যন্ত্ৰণাৰ পৰা মুক্তি পাই মৃত্যুৰ কোলাত প্ৰশান্তি ল’বলৈ এটা উপায় উলিয়ালোঁ।
‘আত্মহত্যা!’
উচপ খোৱা, আতংকিত, জিভা কোঁচ খাই অহা এটা শব্দ। শব্দটো মুখেৰে উচ্চাৰণ কৰোঁতে মোৰ শৰীৰৰ মাজেৰে তড়িৎ গতিৰে তেজ চলাচল কৰিব ধৰিলে। এক উদ্বিগ্ন শিহৰণত শিহৰিত হৈছিলোঁ। কম্পিত হৈছিল কেঁচা কলিজা। দুচকুৰে জৰ্জৰ্কৈ নিগৰিছিল চকুলো।
সেই সময়ছোৱাত অত্যধিক কষ্টই সৰ্বশৰীৰ পীড়িত কৰি থাকে। গতিকে নিশা খুব কম টোপনি হৈছিল। খুব কম বুলিবলৈ চিলমিলকৈ এক-দুই ঘন্টা। কেতিয়াবা মেলা চকু মেলাতে ৰাতি পুৱাইছিল।
মায়ে যেতিয়া ডাক্তৰৰ পৰামৰ্শ ল'বলৈ গ'ল, ডাক্তৰে ‘শ্লিপিং’ টেবলেট লিখি দিলে— যেতিয়া একেবাৰে টোপনি নাহে তাৰে এটা মোক খুৱাই দিবলৈ ক'লে। লগতে এইটোও সাৱধান কৰি দিলে যে একেলগে গোটেইকেইটা খালে হয়তো মৰি যাবও পাৰে।
মায়ে টেবলেটকেইটা কিনি আনি মোৰ ওচৰত থোৱা নাছিল। এনেয়ে মই যি ঔষধ খাওঁ মোৰ বিছনাৰ আগত থকা দীঘল বেঞ্চখনতে হয়। মায়ে চাগৈ মনে মনে ভাবিছিল মোৰ ওচৰত থ’লে মই গোটেইকেইটা একেলগে খাই মৰি যাম।
মায়ে মোক জীয়াই ৰাখিব বিচাৰিছিল। মোৰ কাৰণে ইমান কষ্ট কৰিবলগীয়া হোৱা সত্ত্বেও তেওঁ মোক হেৰুৱাব বিচৰা নাছিল।
‘মা অন্যন্যা’
মই মনে মনে এটা বুদ্ধি সাজিলোঁ। এটা এটাকৈ খাবলৈ দিয়া ‘শ্লিপিং’ টেবলেটকেইটা নাখাই গোটাই গোটাই দহটা যেতিয়া গোট খাব, একেলগে এদিন ৰাতি খাই দিম। মৰি থাকিম...।
বুদ্ধি সজা মতে, মই এটা এটাকৈ গোটাই থ'লোঁ। মায়ে যেতিয়া ‘শ্লিপিং’ টেবলেটটো মোৰ হাতত তুলি দিয়ে-- এক শূন্যতাই হেঁচা মাৰি ধৰে বুকুখন। পৰিমাপহীন বিষাদে কোলাহল কৰি তোলে কোঠাটো।
মাৰ চকুত চকু থ’ব নোৱাৰোঁ।
মই মা-দেউতা, বা, মালা, বাবুক চিৰদিনৰ বাবে এৰি যোৱাৰ যি প্ৰস্তুতি আৰম্ভ কৰিছোঁ , তাৰ উমান ঘুণাক্ষৰেও সিহঁতে গম নাপায়। সেই কথা ভাবি আতুৰ হৈ পৰোঁ।
যিদিনা মায়ে ‘শ্লিপিং’ টেবলেট খাব দি ভাবিছিল—মই শান্তিৰে আজি টোপনি যাম। সেই ৰাতি টোপনিৰ বিপৰীতে মই যে গোটেই ৰাতি উজাগৰে থাকি চকুৰ পানীৰে গাৰু তিয়াইছিলোঁ মা অজ্ঞাত আছিল। গোটেই ৰাতি নিঃশব্দে চকুলো টুকিছিলোঁ। কান্দোনৰ উচ্চাৰণ ডাঙৰ হ'লে মাহঁতে টোপনিৰ পৰা সাৰ পাই যাব বুলি উশাহটোও মই নিজে উমান নোপোৱাকৈ লৈছিলোঁ।
মোৰ অন্তহীন দুখৰ জীৱন আৰম্ভ হোৱা দিনৰ পৰা এটা নিশাও বাদ পৰা নাছিল চকুলোৰে সিক্ত দুনয়নৰ লগত পাৰ নকৰা। মই গোটেই নিশা হিয়া উজাৰি কান্দিছিলোঁ এইকাৰণতে পিছদিনা ঘৰখনৰ লগত এটা সুন্দৰ হাঁহি, আনন্দৰ পৰিবেশ গঢ়ি তুলিবলৈ।
প্ৰতিনিশাৰ কান্দোনে মোক সাহস দিছিল পিছদিনা হাঁহিবলৈ।
মই দুখৰ পোছাক পিন্ধি সুখী হোৱাৰ অভিনয় কৰিছিলোঁ। কোনোদিনে দুখ- যন্ত্ৰণা, পোৱা- নোপোৱাৰ হিচাপ কৰি ঘৰখনৰ মানুহখিনিৰ মনত মনোকষ্ট দিয়া নাছিলোঁ।
এটা, দুটা, তিনিটা। কিমান দিনৰ অন্তত দহটা হ’ব? সময় যেন লেহেমীয়া গতিত গতি কৰিছে। টেলেটকেইটা ঘৰৰ মানুহে পায় বুলি সতৰ্কতাৰে বিছনাৰ তলত লুকুৱাই থৈছিলোঁ। মাজে মাজে ভয় হৈছিল, কোনোবাই পায় নেকি?
আজি দহটা হ’ব। একেলগে খাই দিম। পুৱাৰ পৰা অধিক অপেক্ষাৰে ক্ষণ গণি থাকিলোঁ। মুক্তিৰ সময় সমাগত হোৱাত মনটো দুখ-বেদনাই মৰ্মাহত কৰি তুলিছিল।
আজি মোৰ জীৱনৰ অন্তিম দিন। মৃত্যুৰ কোলাত প্ৰশান্তিৰে শুই পৰিম চিৰদিনলৈ! মাহঁতৰ মৰম-চেনেহ এৰি মই গুচি যাম!
মোৰ মৃত্যুৰ পিছত মা-দেউতাই বাৰু কিমান কান্দিব?
বা, মালা আৰু বাবুৱে মোক কিমান দিনলৈ মনত পেলাই কান্দিব? সিহঁতেতো মোক বহু মৰম কৰে। অসুখ হোৱাৰ পিছতো সিহঁতে প্ৰতিটো পল মোৰ লগত পাৰ কৰে। কেতিয়াও নিঃসংগ অনুভৱ কৰিব নিদিয়ে। মোৰ ৰক্তাক্ত হৃদয় সিহঁতৰ মৰমৰ উমে জুৰ পৰি থাকে।
সেইদিনা নিশাৰ ভাত মই নাখাওঁ বুলি ক'লোঁ। মায়ে নামানিলে।
অলপ খাবই লাগিব। আজি টোপনিৰ টেবলেট খাব লাগিব। যদি ভাত নাখাৱ টোপনিৰ টেবলেট খাব নোৱাৰিবি।
মাৰ কথাত ভাবিলোঁ আৰু এটা দিনো কষ্ট যন্ত্ৰণা নলওঁ। আজিয়ে মই মৰিম...।
ভাত খালোঁ।
ভাত খোৱাৰ পিছত মায়ে হাতত তুলি দিলে অপেক্ষাৰ অন্তিম টেবলেটটো।
এতিয়া মই ক্ষণ গণিছোঁ মাহঁত শোৱালৈ.........।
মাহঁত শোৱাৰ পিছত দহটা ‘শ্লিপিং’ টেবলেট হাতৰ তলুৱাত লৈ একেলগে মুখত ভৰাই দিলোঁ। বেঞ্চত থকা পানীগিলাচ পি টেলেটকেইটা গিলি দিলোঁ।
........
কাণৰ ওচৰত কিছুমান অস্পষ্ট ভুনভুননি।
অলপ অলপকৈ চকু মেল খাইছে, আকৌ মুদ গৈছে। মুখৰ ভিতৰত টেঙা এসোপা ভৰাই দিছিল। মুখখন বিকটা-বিকট কৰি থু-থুৱাইছিলোঁ৷ মায়ে জোৰে জোৰে গাত ধৰি জোকাৰি আছিল। চকুত পানী ছটিয়াই দিছিল।
নাই.., মই সাৰ নাপাওঁহে নাপাওঁ!
মাহঁতে ভয় খাইছিল, ৰাতিৰ টোপনিৰ টেবলেটটোৱে মোক একেবাৰে সাৰ নোপোৱা কৰিলে নেকি? এনেদৰে সাৰ নোপোৱাকৈ পিছৰ দিনটো আৰু ৰাতিটোও শুই থাকিলোঁ।
তাৰ পিছৰ দিনা দুপৰীয়া মাৰ চিঞৰত সাৰ পালোঁ।
সাৰ পাই দেখোঁ গোটেই ঘৰৰ মানুহকেইটা মোলৈ চাই কান্দি আছে। ময়ো সিহঁতক দেখি কান্দিলোঁ। এক শোকাকুল পৰিৱেশ।
মায়ে সুধিলে— কিয় ইমানকৈ শুইছিলি?
মাৰ প্ৰশ্নৰ উত্তৰত সঁচা কথা ক'লোঁ— মই একেলগে দহটা ‘শ্লিপিং’ টেবলেট খাই মৰি যাব বিচাৰিছিলোঁ।
মায়ে আতংকিত হৈ সুধিলে— ক’ত পালি দহটা টেব্লেট?
মই ক'লোঁ— যেতিয়া ৰাতি টেবলেট খাব দিয়ে, মই নাখাই গোটাই গৈছিলোঁ আৰু দহটা হোৱাৰ লগে লগে খাই দিলোঁ মৰি যাম বুলি!
কিন্তু?
কেইদিনমানলৈ ঘৰখনৰ প্ৰত্যেকজন মানুহৰ বুকুৱে বুকুৱে খোজকাঢ়ি ফুৰিছিল বিষাদে।
মৃত্যু সম্পৰ্কে মোৰ মনত দকৈ বহি যোৱা উপলব্ধিটোৱে কেইদিনমানলৈ মোক ‘মূক’ কৰি ৰাখিলে। শূন্যতাই গাঢ় কৰিছিল কোঠাটো।
নিজকে মই প্ৰস্তুত কৰিছিলোঁ আকৌ মাহঁতৰ লগত এক সহজ পৰিৱেশ গঢ়ি তুলিবলৈ। যন্ত্ৰণা আৰু বিষাদ মোৰ বাবে উশাহ-নিশাহ হৈ পৰিছিল। দুখ-যন্ত্ৰণাৰ জীৱন সংগ্ৰামৰ চাকনৈয়াত মই পুনঃ ডুবি থাকিলোঁ অহৰহ।
মই জীৱন-যুঁজত পৰাজয় হৈ আত্মহত্যা কৰিব বিচৰা নাছিলোঁ। যন্ত্ৰণাৰে পীড়িত জীৱনৰ পৰা মুক্তি বিচাৰিহে, সেই দুৰ্বল পথটো বাছি লৈছিলোঁ৷