সমললৈ যাওক

মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ/চাব্বিশ

ৱিকিউৎসৰ পৰা

(চাব্বিশ)

 হাস্পতালত এডমিট হ’লো। এইবাৰ আগৰ বিছনাখন মোক দিয়া নাই। কোঠাটো অৱশ্যে আগৰ পাঁচজনীয়াটোৱেই। দীঘলীয়া শাৰীৰ দুই নম্বৰৰ বিছনাখন মোৰ।

 আগতে ছমাহ পাৰ কৰি যোৱা গতিকে এইবাৰ আমাৰ অসুবিধাৰ নামত একো হোৱা নাই।

 ডাক্তৰে পুনৰ পৰীক্ষা কৰি আকৌ অ’.টি. আৰু পি.টি.ৰ আধৰুৱা শাৰীৰিক ব্যায়াম আৰম্ভ কৰিলে। এইবাৰ শ্বৰীফ ছাৰে মোৰ কৰণীয়খিনি লোৱা নাই। আন এজন ৰবাৰ্ট নামৰ খ্ৰীষ্টিয়ান ল’ৰাই লৈছে। মহেন্দ্ৰ আন্না হাঁহিমুখে আছে।

 এইবাৰ অ’টি. আৰু পি.টি লৈ অনা-নিয়া কামখিনি মালাই কৰিছে। মালা মোৰ লগত প্ৰতিটো মুহূৰ্ততে লাগি থাকে। মাৰো এইবাৰ বিশেষ অসুবিধা হোৱা নাই।

 ষ্ট্ৰেচাৰখনতে মোক আকৌ উঠি যাবলৈ দিয়াত মই বেয়া পাইছিলোঁ। ষ্ট্ৰেচাৰখনত উঠি মোৰ ভাল লগা নাছিল। ঘৰত হুইল চেয়াৰখন ব্যৱহাৰ কৰি থকা গতিকে ইয়াত ষ্ট্ৰেচাৰখনত উঠি নিজকে অসুস্থ যেন লাগিছিল।

 মই বিছনাখনত নিজে বহিব পৰা হোৱাৰে পৰা নিজকে সুস্থ বুলি দাবী কৰোঁ যদিও মোৰ উশাহত গাঁঠি লগোৱা শৰীৰৰ আনুষংগিক পীড়াবোৰ অহৰহ লগতে থাকে। মই সিহঁতক মোৰ সুখী মনটোক চুবলৈ প্ৰশ্ৰয় নিদিওঁ। সিহঁতক এলাগী কৰি মই মোৰ জীৱন-যাত্ৰা এটা সেন্দুৰীয়া বাটেৰে আগুৱাই নি আছোঁ।

 গাঢ় সেউজীয়া পৰ্দাখন দাঙি মানুহ এগৰাকীয়ে হিন্দীতে সোধে ‘কাইলৈ কি বাৰ? কাইলৈ কি তাৰিখ?’

 মই দিন আৰু তাৰিখটো কৈ চকু মুদি শুব খোজোঁ।

 পুনৰ পৰ্দাখন দাঙি সোধে - ‘কাইলৈ কি বাৰ? কাইলৈ কি তাৰিখ? মোৰ নামটো কি?’

 মই পুনৰ কওঁ। এনেদৰে সজল চকুযুৰিয়ে চাই চাই মাজৰ পৰ্দাখন দাঙি দহবাৰমান সুধি থাকে।

 নামটো উমা । হায়দৰাবাদৰ। বয়স হ’ব পঞ্চল্লিশমান। চুটি-চাপৰ-শকত। চকুৰ গুৰি ক’লা পৰা। ডাঙৰ ডাঙৰ চকুৰমণিৰে ধুনীয়া হাঁহিৰে এগৰাকী শান্ত-ধীৰ মহিলা। এটা আঠ বছৰীয়া ল’ৰাৰ মাক।  যোৱাবাৰ আহোঁতেও তেওঁক দেখিছিলোঁ। কথা বতৰা পতা হোৱা নাছিল। এইবাৰ তেওঁ মোৰ কাষৰ বিছনাখনতে মোৰ সংগী হৈ আছে।

 মোৰ মানুহগৰাকীলৈ বৰ মৰম লাগে। তেওঁৰ হৰিণী চকুযুৰিৰ কৰুণতাই মোৰ অন্তৰত হুলে বিন্ধা দি বিন্ধে।

 তেওঁ যেতিয়া নিশা দহবাৰৰো অধিক মোক— কেইটা বাজিল? কাইলৈ কি বাৰ? মোৰ নামটো কি? —সুধি থাকে, তেওঁ মোৰ টোপনি ভাঙি কিয় অসুবিধা দিয়ে বুলি তেওঁৰ ওপৰত মোৰ তিলমাত্ৰও খং নুঠে৷ মই গোটেই ৰাতি অস্থিৰতাত ভোগোঁ।

 দুখে খুন্দা মাৰি ধৰে তেতিয়া, যেতিয়া নিশাটো মোক সুধি সুধি মুখস্থ কৰি থকাৰ পিছত পুৱা দেউতাকে আহি কি বাৰ বুলি সোধা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি তেওঁ কান্দে! সেমেনা-সেমেনি কৰি দোষী দোষী ভাবেৰে মূৰটো তল কৰি দেউতাকে খুৱাই দিয়া ব্ৰেকফাষ্ট খাই থাকে।

 প্ৰথম অ-আ শিকোৱা শিশুৰ দৰে কলম-বহী লৈ দেউতাকে পুৱাই এ বি চি ডি...., ওৱান টু থ্ৰি শিকাই থাকে।

 হয়। তেওঁ পঞ্চল্লিশ বছৰীয়া হ’লেও চাৰি বছৰীয়া শিশু এটিয়ে প্ৰথম অ-আ শিকাৰ দৰে এ বি চি ডি শিকিবলৈ আৰম্ভ কৰিছে।

 নিয়তিয়ে তেওঁক পঞ্চল্লিশ বছৰীয়াৰ পৰা চাৰি বছৰীয়া কৰি পেলালে।

 সম্ভ্ৰান্ত পৰিয়ালৰ। গৃহস্থও উচ্চ পদত কৰ্মস্থ। তেওঁ নিজেও ইঞ্জিনিয়াৰ। এটা সুখী পৰিয়াল। কিন্তু সুখক গচকি দুখে জীৱনত আধিপত্য স্থাপন কৰিবলৈ বেছি সময় লাগে জানো?

 গৃহস্থৰ সৈতে একেলগে কৰ্মস্থলীলৈ ৰাওনা হৈছিল। দুৰ্ভাগ্যবশতঃ গাড়ীৰ দুৰ্ঘটনা হৈ তেওঁ নিজকে সম্পূৰ্ণ পাহৰি গ’ল। নিজৰ পিতৃয়ে বহু চিকিৎসাৰ জৰিয়তে তেখেতক অলপ আৰোগ্য কৰি তুলিছে।

 স্বামীঘৰে ত্যাগ কৰিলে। তেওঁলোকে পঞ্চল্লিশ বছৰীয়া শিশু-আচৰণৰ পত্নীক বোজা হিচাপে গ্ৰহণ নকৰে। পোন্ধৰ বছৰীয়া বৈবাহিক জীৱনৰ মধুৰতাক মষিমূৰ কৰি আদালতৰ জৰিয়তে জীৱনৰ পৰা একেবাৰে চুচি-মাজি উলিয়াই দিছে তেওঁক, তেওঁৰ স্বামীয়ে।

 যিজনে সুস্থ অৱস্থাত প্ৰতিটো ক্ষণতে তেওঁৰ ওচৰত ছাঁ হৈ থাকিম বুলি দৃঢ় প্ৰতিজ্ঞা কৰিছিল, সেইজনে এবাৰো ভাবি নাচালে- কিয় তেওঁ নিজৰ পত্নীক বোজা বুলি ভাবিছে?  যদি তেওঁৰ তেনে অৱস্থা হ'লহেঁতেন আৰু পত্নীয়ে বোজা বুলি ভাবি এৰি গুচি আহিলহেঁতেন, তেওঁ কি কৰিলেহেঁতেন তেতিয়া?

 এইবিলাক উত্তৰবিহীন প্ৰশ্ন।

 এইবাৰ আমি হাস্পতালত অসমৰ তেজপুৰৰ মোৰ সমবয়সীয়া ল’ৰা এটাক লগ পালোঁ। আমি এতিয়া সন্ধিয়া হ’লেই ময়ুৰ, মালা, বাবু, ৰাজু, দাদা, ৰোহিত দাদাৰ লগত তাৰ ফুলনিখনৰ মাজত থকা ফুলৰ ওচৰত আড্ডা মাৰোঁ। ৰোহিত দাদাই মাংসৰ পকৰি কিনি আনে, আমিকেইটাই খাওঁ৷ মায়ে সন্ধিয়াৰ চাহকাপ প্ৰস্তুত কৰি আনি আটাইকেইটাকে তাতে যোগান ধৰে।

 আমাৰ আড্ডাৰ হাঁহিৰ খিলখিলনিত নাৰ্ছসকলে মাজে মাজে আহি সাৱধানবাণী শুনাই যায়।

 সেই সময়তে মোৰ কাৰণে একেবাৰে বেয়া পোৱা কাম এটা লৈ হাজিৰ হয়হি নাৰ্ছ এগৰাকী। তাত উপস্থিত থকা প্ৰতিজন ৰোগীক গধূলি সময়ত সদায় তাপমাত্ৰা পৰীক্ষা কৰা থাৰ্মমিটাৰডালেৰে পৰীক্ষা কৰেহি।

 একেডাল থাৰ্ম’মিটাৰকে ঔষধ মিহলোৱা পানীত ডুবাই প্ৰতিজন ৰোগীৰ বাবে ব্যৱহাৰ কৰাৰ বাবে মই অত্যন্ত বেয়া পাওঁ। প্ৰতিবাদো কৰোঁ, মই জ্বৰ নোজোখো বুলি। মোৰ জ্বৰ নাই। মই সম্পূৰ্ণ সুস্থ ছোৱালী।

 নাই। নাৰ্ছসকলে নামানে। কৰিবই লাগিব। বাধ্য হৈ মই বেয়া পোৱা কামটো কৰি উঠি ‘থু থু’ কৰোঁ।

 কিন্তু মই একেবাৰে বেয়া পোৱা কামটো কেতিয়াবা নকৰিলেও হয়। যিকেইগৰাকী নাৰ্ছে অলপ হ’লেও মোক বুজি পাইছিল তেওঁলোকে মোক বাধ্য নকৰে। তেওঁলোকে মাত্ৰ হাঁহি এটা মাৰি গাত হাতখন দি চাই কৈ যায়— ‘নেহি কৰনা৷’

 সময় গৈ আছে। আমি অ.টি., আৰু পি.টি. কৰি আছোঁ। মোক এইবাৰ ‘কেলিপাৰ’ পিন্ধাই থিয় কৰাইছে। ময়ো ৰেলিঙত ধৰি দহমিনিটমান থিয় হৈ থাকোঁ।

 অপাৰ আনন্দই চুইছে আমাৰ মনবোৰ। ৰবাৰ্ট নামৰ যিজন ল’ৰাই মোক ব্যায়াম কৰাইছিল, তেওঁ সঠিককৈ কৰিব নোৱৰাৰ বাবে শ্বৰীফ ছাৰে কৰাই যায়হি।

 এদিন দুপৰীয়াৰ সময়ত ডাক্তৰ অনুপমাই আহি মোক হিন্দীতে ক’লে- ‘তোমাক এটা কথা কওঁ। তুমি অসমৰ পেচেন্ট ৰাজুক এটা কথা ক’ব লাগিব যে, তেওঁ জীৱনত কোনোদিনেই নিজৰ ভৰিৰে খোজ কাঢ়িব নোৱাৰে। কোনোদিনে ভৰি লৰচৰ কৰিব নোৱাৰে। প্ৰস্ৰাৱ-পায়খানা লাগিলে গম নাপায়। এই কথাখিনিকে তুমি তাৰ কোঠাত গৈ বুজাই থৈ আহিব লাগিব। তুমি আজি আবেলি যাবা। আমি তেওঁক কথাটো ক’বলৈ সাহস গোটাব পৰা নাই। তুমি তোমাৰ জীবনত পাৰ কৰি অহা কিছু অংশ কৈ হয়তো তেওঁক বুজাব পাৰিবা, যিটো আমি কৰাটো কিছু কঠিন হ’ব। তোমাৰ ওপৰত আমাৰ বিশ্বাস আছে। তুমি তেওঁক বুজোৱাত সফল হ’বা।’

 মনে মনে ভাবিলোঁ, পাৰিমনে মই ৰাজুক ক’ব যে, ‘তুমি চিৰদিনৰ কাৰণে এটা খোজবিহীন জীৱন আঁকোৱালি ল’বলগীয়াত পৰিলা।’ পাৰিমনে ক’ব যে চিৰদিন হুইলচেয়াৰখনেই তোমাৰ লগৰী হৈ থাকিব। তুমি মুকলি আকাশৰ তলত বহিবলৈ হুইলচেয়াৰখনৰ সহায় ল’ব লাগিব।’

 পাৰিমনে...?

 অঁ ক’ব পাৰিবই লাগিব মই। ক’ব পাৰিব লাগিব যে মোৰ জীৱনৰ ‘আশা’, ‘সপোন’ সকলো আঠ বছৰৰ আগতেই মৃত্যু ঘটিছে। নিয়তিয়ে মোক চৈধ্য বছৰতে এনেধৰণে কুঠাৰেৰে ঘাপ মাৰিলে যে, সেইদিনাৰ পৰা অহৰ্নিশে ৰক্ত নিগৰি আছে মোৰ হৃদয়ৰ পৰা।

 মই ক’ম যে মই এতিয়া আকৌ নতুন এটা জীৱনলৈ আগবাঢ়িছোঁ। যদিও মোৰ সৰ্বশৰীৰত কাঁইটে এতিয়াও আবৰি আছে আৰু গোটেই জীৱন থাকিবই, তথাপি মই অভিনয় কৰি হ’লেও সুখী হৈ আছোঁ।

 ৰাজুৰ ওচৰ পোৱাৰ লগে লগে সি আনন্দতে ফুলি অজস্ৰ প্ৰশ্নৰ বাণ এৰিলে। মই তাৰ কোঠালৈ কিয় গৈছোঁ। সি মোক কি খাবলৈ দিব? আমিচোন সন্ধিয়া বাহিৰত লগ হ’মেই। কিয় আহিলা, আৰুচোন হাস্পতালৰ নিয়ম অনুসৰি কোনোৱে কাৰো ওচৰলৈ যাব নোৱাৰে, তুমি কেনেকৈ আহিলা? দেখিলে গালি দিব।

 ‘নাই। নিদিয়ে মোক কোনেও গালি আজি।’

 কিয়?

 ‘এনেয়ে।’

 ‘কিয় এনেয়ে?’

 ‘হ’ব দিয়া ইমানকৈ প্ৰশ্ন সুধি থাকিব নালাগে। কোৱা যদি কোৱা বেলেগ কথা।’

 সি হাঁহিটো মাৰি আৰম্ভ কৰিলে—‘মোক আৰু দুদিনমানৰ পিছত ডাক্তৰে খোজ কাঢ়িবলৈ দিবই চাগে।’ তাৰ পিছত আমি ঘৰলৈ যামগৈ। অ’ এটা কথা, মই ঘৰৰ পৰা তোমালোকৰ ঘৰলৈ আহিম। তেজপুৰৰ পৰা নগাঁৱলৈ বেছি দূৰ নহয়। বাইক লৈও আহিব পাৰিম। অ’,এটা কথা, মোৰ দুৰ্ঘটনাৰ লগতে বাইকখনো বেয়াকৈ ক্ষতি হ’ল। জানো, ভাল হ’লনে নাই। এ...হ’ব দিয়া, নহ’লেও ঠিকঠাক কৰি যাম।’

 ‘মই এটা কথা কওঁনে?’

 ‘কোৱা।’

 ‘তুমি মোৰ বিষয়ে জানানে?’

 ‘অলপ চলপ।’

 ‘সম্পূৰ্ণকৈ কওঁ শুনিবানে?’

 ‘শুনিম। কোৱা।’

 মই মোৰ জীৱনৰ আঠ বছৰৰ দিনলিপি সম্পূৰ্ণকৈ নক’লেও তাক বহুখিনিয়েই ক’লোঁ। সি সান্ত্বনাৰ নামত কিছু কথা ক’লে।

 মই তেতিয়া তাক ক’লো— ‘যদি তুমিও আজিৰ পৰা খোজ কাঢ়িব নোৱৰা হৈ যোৱা। তেনেহ’লে তুমি মোক দিয়া সান্ত্বনাখিনি নিজেই ল’ব পাৰিবানে?’ সি পোনছাটেই নোৱাৰোঁ বুলি ক’লে।

 মই তাক ক’লো— ‘ৰাজু, তুমি ল’ব পাৰিব লাগিব মোৰ দৰে খোজবিহীন জীৱন এটা আঁকোৱালি।’

 সি আৰ্তনাদ কৰি উঠিল— ‘তুমি কি ক’বলৈ আহিছা! মই কিয় তোমাৰ জীৱনটো ল’ম। মই ভাল হৈ খোজকাঢ়ি ঘৰলৈ যাম।’

 মই ক’লোঁ— ‘তুমি চিৰজীৱন নিজৰ ভৰিৰে খোজ কাঢ়িব নোৱাৰা। তুমি কেতিয়াও ভৰি লৰচৰ কৰিব নোৱাৰা। তুমি প্ৰস্ৰাৱ-পায়খানা হলেও গম নাপাবা।’

 মই কথাখিনি কৈ নিশ্চুপ হৈ পৰিলোঁ।

 সি এইবাৰ চিঞৰি কান্দি ক’বলৈ ধৰিলে— ‘কেতিয়াও হ’ব নোৱাৰে। মই খোজ কাঢ়িমেই। তুমি মিছা কৈছা।’

 কাপোৰবিলাক দলিয়াই পেলাইছে। ওচৰত থকা বস্তুবোৰ আফাল মাৰি পেলাইছে। এটা শ্বাসৰুদ্ধকৰ যন্ত্ৰণাদায়ক পৰিস্থিতিৰ সৃষ্টি কৰি পেলাইছে।

 আৰু নেপেলাবওনো কিয়?

 পঁচিশ বছৰতে জানো এটা জীৱনৰ সমাপ্তি ঘটিব পাৰে? পঁচিশ বছৰতে জানো জীৱনৰ খোজ নিখোঁজ হ’ব পাৰে?

 ৰাজুৰ চিঞৰ উচুপনিলৈ ৰূপান্তৰ হওঁতে মোক মালাই লৈ আহিল। ময়ো আহি বিছনাত চকুহাল মুদি শুই দিলোঁ। ডাক্তৰে মোক পুনঃ পুনঃ পৰীক্ষা কৰি বাওঁ ভৰিৰ ভঙা হাড়ডাল সম্পূৰ্ণকৈ ভাল হোৱা নাই, গতিকে থিয় কৰাৰ বাদে খোজ কাঢ়িব নোৱাৰিম বুলি ক’লে।

 আমি চল্লিছ দিন হাস্পতালৰ কৰণীয়খিনি কৰি ঘৰলৈ আহিবলৈ ওলালোঁ।

 আমাৰ ডিছ্‌চাৰ্জৰ তাৰিখতকৈ ঘৰলৈ ওভতা ৰে’লৰ টিকটৰ দিন পিছত থকা গতিকে মোক হাস্পতালৰ পৰা ডিছ্‌চাৰ্জ কৰি আনি ভাড়া ৰুমত ৰাখিলে।

 ভাড়া ঘৰৰ মালিকৰ দহ বছৰীয়া ল’ৰাটোৱে এদিন এপ্ৰিলৰ ভৰ দুপৰীয়া গৰম চুৱেটাৰ, জোতা, মোজা, টুপী আৰু চছমা পিন্ধি মোৰ ওচৰত উপস্থিত হ’লহি।

 মই তাক দেখি বিচুৰ্তি খালোঁ। এই গেলা গৰমখনত এয়া সি কি কৰিছে?

 মাক তাৰ বিষয়ে সোধাত ক’লে— ‘জন্মগতভাৱে তাৰ মগজুটো কম হৈ আহিছে। সি কি কৰি থাকে নিজেই গম নাপায়। অলপ ভাল যদিও বেছিভাগেই বেয়া।

 এদিন সি মই শুই থাকোঁতে মোৰ ওচৰলৈ আহি গাটোত ধৰি মাত দিলেহি।

 মই তাক বহিবলৈ দিলোঁ।

 সি মোৰ ওচৰৰ টুলখনতে বহি হাতৰ মুঠিত লুকুৱাই অনা, এটকাৰ মুদ্ৰা এটা উলিয়াই মোৰ বিছনাৰ সন্মুখত থকা ভগৱানৰ ফটোখনত থৈ, সি মোক হাতেৰে বুজালে যে, এই এটকাটো এই কাৰণে ভগৱানৰ ওচৰত দিছোঁ যাতে তোমাক ভগৱানে সোনকালে খোজকাঢ়িব পৰা কৰি দিয়ে।

 মোৰ মনটো দুখেৰে ভৰি গ’ল। যিটো ল’ৰাই দিন নে ৰাতি, গৰম নে ঠাণ্ডা নিজৰ কথা গম নাপায়, সেই ল’ৰাটোৱে মোৰ দুখত দুখী হৈ ভগৱানক প্ৰাৰ্থনা কৰিছে মোক ভাল কৰি দিবলৈ।

 মানুহৰ অন্তৰ!

 নিৰ্ধাৰিত ৰে’লৰ টিকটৰ দিনত আমি ঘৰলৈ আহিবলৈ যো-জা চলালো। লগত লৈ আহিলো হাস্পতালত এই দুয়োবাৰতে উপস্থিত থকা মানৱ-জীৱনৰ এখন এখন নতুন কিতাপৰ সমল। য’ত হাস্পতালত থকা প্ৰতিজন ৰোগীৰ জীৱন সংগ্ৰামৰ দিনলিপি খোদিত হৈ আছিল। জীৱন যুদ্ধৰ বিজয়ী সৈনিক আছিল প্ৰত্যেকজন। প্ৰতিজন বীৰ যুঁজাৰুৰ সাহস দেখি ভাবিছিলো— নিয়তিয়েও হয়তো এসময়ত হাৰ মানিব তেওঁলোকৰ সাহসৰ ওচৰত।