সমললৈ যাওক

মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ/এঘাৰ

ৱিকিউৎসৰ পৰা

(এঘাৰ)

 গতিশীলতাই জীৱন, স্থবিৰতাই মৃত্যু। যিহেতু মোৰ খোজহে স্থবিৰ হৈছিল, জীৱন নহয়। সেয়ে জীৱনে গতি কৰিছিল দিশহাৰা পথেৰে। মনটো গতি কৰিছিল শৈশৱৰ এৰি অহা মধুময় স্মৃতিবোৰৰ মাজলৈ সমস্ত যাতনাক একাষৰীয়াকৈ থৈ। মই এতিয়া খন্তেকৰ কাৰণে অতীতৰ অৱক্ষয়ী স্মৃতিৰ লগত একাত্ম হওঁ। মোৰ ভাল লগা প্ৰতিটো উৎসৱ, প্ৰতিটো দিন স্মৰণ কৰোঁ। উৎসৱ বুলিলে প্ৰতিটো উৎসৱতে মই আনন্দিত হওঁ। প্ৰতিটো উৎসৱে সুকীয়া সুকীয়াভাৱে মন পুলকিত কৰে।

 মোৰ আটাইতকৈ ভাল লগা উৎসৱ– ব’হাগ বিহু, মাঘৰ বিহু আৰু ভয়লগা উৎসৱ ফাকুৱা, দীপাৱলী। ব’হাগ বিহুটো মোৰ অতিকৈ আপোন আৰু সোণোৱালী স্মৃতিৰ মেট্‌মৰা ভঁৰাল। কুলি-কেতেকীৰ সুৱদী সুৰীয়া মাতে দুপৰীয়াৰ নিৰ্জনতা ভাঙি প্ৰতিটো বছৰৰ প্ৰতিটো ব’হাগে আশা-আকাংক্ষাৰ আৰু হেঁপাহৰ মিঠা সোৱাদ কঢ়িয়াই আনে ন-ৰূপত। ব’হাগৰ ৰঙে চুই যায় আটাইৰে মন-প্ৰাণ আৰু হৃদয়। সুখানুভূতিৰে ভৰি পৰে প্ৰতিটো পল-অনুপল। ৰামধেনুবৰণীয়া সপোনে ঘৰ সাজে মনৰ মণিকোঠাত, পংকিলময় জীৱনটোত ব’হাগত ৰং সানে। ব’হাগে পলাশ, শিমলুৰ ৰঙা ৰঙে সুশোভিত কৰে প্ৰকৃতিক।

 সেউজময় পৃথিৱীখনত আমিও সেইকেইদিন অধিক সেউজ হৈ পৰোঁ। মোৰো মন আকাশে-বতাহে বসন্তই ছটিওৱা নানাৰঙী ছবিৰে ৰঙীন হৈ থাকে।

 সঁচাই জীৱন বৰ অনুপম। অনুপম প্ৰতিটো ঋতুৰ সুকীয়া সুকীয়া সৌন্দৰ্য। মই অতিকে ভাল পাওঁ আৰু উপভোগ কৰোঁ প্ৰতিটো ঋতুৰ সুকীয়া সুকীয়া সৌন্দৰ্যৰ প্ৰতিটো মুহূৰ্ত।

 ব্যস্ততাই দিনবোৰ চুটি কৰি দিছিল, আমাৰ ব’হাগ বিহুৰ আগমুহূৰ্তৰ দিনবোৰ। জনা হোৱাৰ পৰাই বিহুৰ পোন্ধৰ-বিশ দিনৰ আগৰপৰাই আমাৰ গাত তৎ নোহোৱা হৈ থাকিছিল। স্কুলৰপৰা ঘৰলৈ আহোঁতেই বাটত লগৰ কেইজনীৰ লগত কথা পাতি আহোঁ। কোন তাৰিখৰ পৰা ৰিহাৰ্চেল কৰিম। কোনে কোনে এইবাৰ একেলগে বিহু হুঁচৰি গাম। ক’ত ৰিহাৰ্চেল কৰিম। কি কি ৰঙৰ কাপোৰ পিন্ধিম। কাক কাক এইবাৰ আমাৰ লগত বিহু নাচিব নিদিওঁ। সমস্ত কথা বাটত আলোচনা কৰি শেষ কৰোঁ।

 পিছ দিনা আকৌ আৰম্ভ কৰোঁ আলোচনা। তাৰে মাজৰ এজনীয়ে কোনোবা এজনীৰ লগত কাজিয়া লাগি মাত-বোল নকৰে, গতিকে এজনীয়ে আমাৰ লগত বিহু নাচিলে সিজনীয়ে নাযাওঁ বুলি আপত্তি কৰে। আকৌ সিহঁত দুজনীৰ মাজত থকা মনোমালিন্য আঁতৰ কৰি দুয়োজনীক একেলগে নাচিবলৈ মান্তি কৰা, এই সকলোবোৰ স্কুলৰপৰা ঘৰলৈ আহোঁতে বাটতে আমাৰ মাজত সমাধান হৈছিল।

 নিৰ্ধাৰিত দিনত আমি ঠিক কৰি থোৱা গাঁৱৰ এল পি স্কুলখনৰ শিক্ষকৰ জিৰণি কোঠাটোতে বিহুৰ ৰিহাৰ্চেল আৰম্ভ কৰোঁ। তেতিয়া স্কুলঘৰটোৰ শিক্ষকৰ জিৰণি কোঠাটোৰ দুৱাৰ-খিৰিকী লগোৱা নাছিল। শিক্ষকসকলে সেই কোঠাটো জিৰণি কোঠা হিচাপে ব্যৱহাৰ কৰা নাছিল। নতুনকৈ সাজি থকা কেৱল ইটা বালিৰে দেৱালকেইখন গাঁথি থৈছিল। আমি স্কুলৰ সেই জিৰণি কোঠাটোকে ৰিহাৰ্চেলৰ কাৰণে উপযোগী বুলি ভাবি তাতে ৰিহাৰ্চেল কৰোঁ।

 ‘অ’ই, তই কিয় মুখেৰে চিঞৰি চিঞৰি নাগাৱ, আমিয়ে চিঞৰিব লাগে? তই মাত্ৰ হাত চাপৰি বজাই থাক। হুঁচৰি গাবলৈ দিলেও নাগাৱ। বোবা হৈ থাক। চাবোন’ সুমুৱাই থৱ নেকি মুখত? তোক পইচা ভগাওঁতে কমাই দিম ৰ। তেতিয়াহে মজা পাবি?’ মোক কৈছিল ধেমালিতে লগৰ কেইজনীয়ে। জাহ্নৱী, শেৱালী, স্নেহা, মৰমী, সৰুমণি, বা, মালা, আৰু মই একেলগে বিহু হুঁচৰি গাইছিলোঁ। বেছিকৈ ছোৱালী হ’লে বিহু নাচি পোৱা টকাকেইটা গাইপতি ভগাওঁতে কমকৈ ভাগত পৰিব বুলি বেছিকে ছোৱালীও নলৈছিলোঁ।

 বিহুৰ ৰিহাৰ্চেল কৰোঁতেও কিমান যে কাজিয়া হোৱা নাছিল। কাজিয়াৰ কোবত কোনোবাজনীয়ে নাগাওঁ বুলি ভেম কৰি থিয় হৈ থাকিছিল। তাইৰ ভেম ভাঙোতে ভাঙোতে সেইদিনাৰ ৰিহাৰ্চেলেই নহৈছিল।

 ৰিহাৰ্চেল শেষ কৰি আকৌ স্কুলৰ ফিল্ডত চোৱা-চুই, কাবাডী, হৌ-গুডু, ৰেডী খেলবোৰ খেলা। কাৰ বাৰীত কি আছে, কি পকিছে, বাৰীয়ে বাৰীয়ে পিট্‌পিটাই ফুৰা। সকলোখিনি বিহু ৰিহাৰ্চেল কৰিবলৈ যাওঁতেই সম্পূৰ্ণ কৰি অহা হৈছিল।

 জাহ্নৱীহঁতৰ কৰ্জা এজোপা আছিল। ৰিহাৰ্চেল আৰম্ভ হোৱাৰপৰা তাইক ফুচুলাই থাকিছিল এটা এটা কৰ্জা দিবলৈ। তাই এবাৰ দিম বুলি কয়, এবাৰ নিদিওঁ বুলি কয়। দিম বুলি ক’লে আনন্দতে তাইক সাৱটি ধৰে আৰু নিদিওঁ বুলি ক’লে ঠেলা মাৰি দিয়ে লগৰকেইজনীয়ে।

 মই যিহেতু টেঙা নাখাওঁৱেই। কাকো খোচামতি কৰিবও নাই। কাকো ফুচুলাই থাকিবও নাই। মাত্ৰ সিহঁতৰ লগত থাকোঁ, সিহঁতৰ কাজিয়াৰ সাক্ষী হৈ, বিনিময়ৰ সাক্ষী হৈ।

 স্নেহাহঁতৰ আগফালে এজোপা বিলম্বী টেঙা আছিল। তাই আকৌ বিলম্বী দিওঁতে আনৰ লগত বিনিময় প্ৰথা প্ৰয়োগ কৰে। কোনজনীয়ে বিলম্বীৰ বিনিময়ত কি দিব? প্ৰত্যেকজনীয়ে ঘৰত কি বস্তু আছে দিব পৰা। তাইক দিবৰ কাৰণে প্ৰতিশ্ৰুতি দিয়ে আৰু বিলম্বীটো খায় মোৰ বাহিৰে।

 কি যে অপাৰ আনন্দ ফুটি উঠে সিহঁতৰ মুখাবয়বত। সাঁজ লাগো লাগো হওঁতে আমি দৌৰি দৌৰি ঘৰলৈ ওভতো।

 ঘৰ পোৱাৰ পিছত আমাৰ সদায় এটা কাম থাকে। হাত-ভৰি ধুই এইবাৰ আমি চাৰিওটা ৰাস্তালৈ ওলাই যাওঁ মাছ আনিবলৈ। আমাৰ গাঁৱৰ আৰম্ভণিৰ মানুহ ঘৰত এজন মুছলমান সম্প্ৰদায়ৰ মানুহ আছিল। তেওঁৰ নাম সূৰুয। আমিকেইটাই সূৰুয ককা বুলি সম্বোধন কৰি মাতো। তেওঁ আমাক অকৃত্ৰিম মৰম কৰিছিল। ককাৰ মৰমত জাতি-ভেদ নাছিল। আমিও ককা মুছলমান সম্প্ৰদায় বুলি তেওঁক বেলেগ দৃষ্টিৰে চোৱা নাছিলোঁ। ককাই আমাৰ ডিমৌ বিলখনত মাছ ধৰে আৰু গাঁৱত মাছ বিক্ৰী কৰে। আমাৰ কাৰণে ককাই মাছ বিক্ৰী কৰিব যোৱাৰ আগতে সদায় কেইটামান মাছ বেলেগ কৰি থৈ যায়। আমিকেইটাই গধূলি মাছকেইটা লৈ আহোঁগৈ। আমি ককাৰ পৰা মাছ এনেয়ে অনা নাছিলোঁ। টকা দি আনিছিলোঁ। কিন্তু সদায় মাছৰ টকাও নিদিছিলোঁ। প্ৰতিদিনে কিমান মাছ দিয়ে, তাৰ হিচাপ ককাই মনত ৰাখি যায়। আৰু মায়ে মাহৰ প্ৰথমতে, দেউতাই পঠিওৱা টকা পোৱাৰ লগে লগে মাছৰ যিমান টকা হয় দি দিয়ে। অৱশ্যে কেতিয়াবা যদি ককাই মাছ নাপায় তেন্তে নিদিয়ে। নাইবা একেবাৰে কম পালে গাইপতি এটাকৈ পাঁচটা মাছ দি টকা নালাগে, এনেয়ে দিছোঁ বুলি কয়।

 এদিনাখনৰ কথা। আমিকেইটা মাছ আনিবলৈ যাওঁতে আমাৰ লগত সৰুমণিও গৈছিল। ককা থকা ঘৰটোৰ ওচৰত এটা প্ৰকাণ্ড পুখুৰী আছে। বাৰিষাৰ দিন, পুখুৰীটো পানীৰে উপচি আছিল। ককাৰ কোঠাটো পুখুৰীটোৰ গাতে লগা। বাৰিষা দিন হোৱাৰ বাবে পুখুৰীটোৰ পাৰবিলাকত জংঘলে আৱৰি আছিল। আমিকেইটাই পুখুৰীপাৰত মাছ চাই ঘূৰি ফুৰোঁতেই কেনেবাকৈ মোৰ ভৰি পিছল খাই পুখুৰীটোলৈ সোমাই যাব ধৰিলোঁ। মই খপ্জপকৈ ভয়তে চিঞৰি পুখুৰীৰ পাৰৰ তামোল গছত বগাই থকা দীঘল দীঘল লতাবোৰ হাতেৰে খামুচি ধৰিলোঁ। মোৰ চিঞৰত বাহঁতে গম পালে। মই পানীত ডুবিছোঁ। সিহঁতে মোক দেখি ওপৰলৈ তুলিব ধৰে মানে মোৰ বুকুলৈকে পানী হৈ গ'ল। তেতিয়া ককাও কোঠাত নাছিল। সিহঁতকেইজনীয়ে মোক হাতত, চুলিত ধৰি ওপৰলৈ টানি উঠালে। কথমপি মই সেইদিনা ভৰা পুখুৰীত ডুবি নমৰিলোঁ।  আজি মই শোকৰ পুখুৰীত ডুবি থাকি ভাবোঁ মই যদি সেইদিনাই ভৰা পুখুৰীটোত ডুব গৈ মৰিলোঁহেঁতেন। আজিতো মই এই শোকৰ পুখুৰীটোত ডুবি থাকিব নালাগিল হেঁতেন!

 –আজি উৰুকা, কাইলৈ বিহু। আজি ৰিহাৰ্চেল নাই। আজিৰ কাম হ’ল— জেতুকা পিচি হাতৰ তলুৱা, নখত লগোৱা। বিহু নাচিবলৈ কোনযোৰ কাপোৰ পিন্ধিম, তাৰ ঠিক্ ঠাক্ কৰা।

 মাৰ তিনিখন মুগাৰ মেখেলা আছিল। চাদৰ আছিল দুখন। এখন ৰঙাপাৰি দিয়া আৰু এখন নীলা-বগা ঘৰ ঘৰ পৰা। তেতিয়াৰ সময়ত মাৰ সামৰণ কাপোৰ বুলিবলৈ সিমানেই আছিল আৰু বগা, ৰঙা, ক’লা ৰঙৰ তিনিটা ব্লাউজ। আমিকেইজনীয়ে এতিয়া ভাগ কৰোঁ। কোনজনীয়ে কোনখন পিন্ধিম? মোৰ ভাল লাগিছিল মোৰ প্ৰিয় ৰং ৰঙা ফুলৰ আঁঠুলৈকে বুটা বছা মুগাৰ মেখেলাখন আৰু ৰঙাপাৰি দিয়া চাদৰখন আৰু ৰঙা ব্লাউজটো। সেইকেইটা গোটাই থৈ এতিয়া জেতুকা পিচি হাতৰ তলুৱা ৰঙা কৰা কাম।

 আমাৰ ঘৰত তেতিয়া জেতুকা গছ নাছিল। কাৰ ঘৰৰ পৰা আনিম এতিয়া। জেতুকা খুজিব গ’লে যদি গালি পাৰে। কিয় বা জেতুকা খুজিবলৈ গ’লে গালি পাৰে আজিও নুবুজিলোঁ। গালি খায়ো আমি কুটুৰি কুটুৰি জেতুকাৰ পাত আনোঁ। জেতুকা খোজোঁতে, গালি খাওঁতে মনটো যিমানে ক’লা পৰি গৈছিল, হাতত জেতুকাৰ ৰং ধৰোঁতে সিমানে মনটো ৰঙীন হৈ পৰিছিল।

 সেই সময়ত হাতৰ জেতুকাৰ ৰং কেইদিনমানলৈকে থাকি আঁতৰি গৈছিল যদিও, জেতুকা খোজোঁতে মনত ক’লা পৰা দাগ আজিকোপতি বিৰাজমান হৈ আছে।

 কুমলীয়া কলিজাত তিক্ত বাক্যবাণে থকা-সৰকা কৰিছিল। আমি তেতিয়া কন্দা নাছিলোঁ বা তেওঁলোকক বেয়া পোৱাও নাছিলোঁ। কাৰণ গালি দিলেও আমাক তেওঁলোকে জেতুকাৰ পাত দিছিল। সেয়ে বহুত।

 দুটা কাম শেষ হ’ল। তিনি নম্বৰ কামটো হ’ল বিহুৰ দিনা তগৰ ফুলৰ মালা গঁথা কাম। কপৌ ফুলৰ অভাৱ, গতিকে আমি বিহুৰ দিনা তগৰ ফুল গোটাই মালা গাঁথিছিলোঁ পুৱাই।

 পুৱাই গোসাঁইঘৰত প্ৰাৰ্থনা কৰাৰ পিছত প্ৰসাদ খায়েই আমাৰ আৰম্ভ হয় কাপোৰ পিন্ধাৰ উৎপাত। আমাক কাপোৰ পিন্ধাই দিছিল অজন্তা বা আৰু ৰুবী বায়ে।

 দুখৰ কথা, মোৰ অসুখৰ কেইবছৰমানৰ পিছত ৰুবী বা কিবা এটা অসুখত অকস্মাৎ ইহসংসাৰ এৰি গুচি গ'ল খুব কম বয়সতে। ৰুবী বা আমাৰ স্কুললৈ যোৱাৰ লগ আছিল। আমি পঞ্চম শ্ৰেণীত পঢ়োঁতে ৰুবী বা সপ্তম শ্ৰেণীত পঢ়িছিল আৰু নতুন স্কুলখনলৈ প্ৰথমে আমাক লৈ যায়। কোনটো শ্ৰেণীকোঠাত বহিব লাগিব দেখুৱাই দিয়ে। ৰুবী বাক মোৰ অত্যন্ত ভাল লাগিছিল। তাই ধুনীয়াও আছিল। ওঁঠত লিপষ্টিক লগালে তাইক খুব ধুনীয়া লাগিছিল। মায়ে সেই বয়সত আমাক ওঁঠত লিপষ্টিক লগাব নিদিয়ে, গতিকে তাইৰ ওঁঠখনকে চাই মই মুগ্ধ হৈছিলোঁ। মোৰ অসুখৰ পিছত তাই মোক সংগ দিছিল বহু সময়। মোৰ কাষতে বগা টুলখনত সদায় বহি থাকেহি। তাইৰ ভাল লগা কিছুমান কথা কৈছিল মোক। কিন্তু যিদিনা তাই এই সংসাৰৰ পৰা কাকো আগজাননী নিদিয়াকৈ গুচি গ’ল, মই বহু আঘাত পাইছিলোঁ। তাইৰ উজ্জ্বল চকুযুৰিয়ে আমনি কৰে আজিও। তাই মোৰ বাবে আজিও মচিব নোৱৰা এটা অধ্যায় হৈ আছে বুকুৰ মাজত।

 -মোৰ চুলিখিনি কঁকাললৈকে পৰা দীঘল, চিধা হোৱা গতিকে খোপাটো মোৰ দেখিবলৈ ধুনীয়া হৈছিল। ধুনীয়া খোপাটোত বগা তগৰ ফুলৰ মালাডালে আৰু অধিক ধুনীয়া কৰি তুলিছিল। কপালত সেন্দুৰ-তেল মিহলোৱা ৰঙা সূৰ্যটোৰ দৰে ডগমগাই থকা এটা ৰঙা ফোঁট। ওঁঠত সেইদিনা হেঁপাহেৰে লগাওঁ ৰঙা লিপষ্টিক। মোৰ পছন্দৰ চাদৰ-মেখেলা, মনটো ভৰি পৰিছিল, আটাইকেইটা মোৰ ভাল লগা আশাপূৰ্ণ বস্ত্ৰ পৰিধান কৰাত।

 অ’ই কেই টকা দিছে?

 এক টকা।

 ইস্, ইমানকৈ বিহু নাচিবলৈ দি। এক টকাহে দিলে?

 জানিছিলোৱে। এক টকাতকৈ বেছি নিদিয়ে।

 তাইক কৈছিলোৱে। আৰু নানাচো। এইজনীয়েহে নামানিলে। হ’ব দে আৰু এটা বিহু নাচি দেখুৱাওঁ।

 পালি এতিয়া মজা। ইমান সময় নাচিলো, এটকাহে দিলে।

 এইবাৰৰ পৰা দুটাৰ ওপৰত কাৰো ঘৰত বিহু নানাচো, এটা হুঁচৰি, এটা বিহু। বচ।

 কিমান যে চুপতা-চুপতি। সীমা-সংখ্যা নাই।

 অ’ই, এইবাৰ মই বঁটা দাঙিম। তই প্ৰতিবাৰে মানুহৰ ঘৰত বঁটা দাঙি টকা মোনাত থ’ৱ। এইবাৰ মই ল’ম। তই নুচুবি।

.  হ’ব দে, হ’ব দে। তয়ে ল’বি। একেবাৰে। তাই টকাকেইটা ল'লেহে যেন এটকাটো দুটকা হৈ যাব। বৰ বেছি কৰ।

 সন্ধিয়া হোৱাৰ লগে লগে আমিও নচা বন্ধ কৰি আমাৰ ঘৰলৈ আহোঁ। আমাৰ ঘৰতে সেইদিনাখন কিমান টকা উঠিল হিচাপ কৰি টকাকেইটা মাৰ হাতত সিহঁতে জমা দিয়ে। চাউল কিমান হ’ল টেমাৰে জুখি মোনা এটাত ভৰাই থৈ সিহঁত যায়গৈ। পিছদিনা কিমান সময়ত ক’ত লগ হ’ব কৈ যায়।

 পিছদিনাখন য’ৰ পৰা বিহু গোৱা বন্ধ কৰিছিলোঁ, তাৰ পৰাই আৰম্ভ কৰি গোটেই গাঁওখন শেষ কৰোঁ। বিহু নাচি পোৱা চাউলখিনি জোখ কৰি মাৰ তাত বেচি দিওঁ। চাউল বেচি পোৱা টকা আৰু নগদ টকা মুঠ কৰি গাইপতি মায়ে ভগাই দিয়ে। নিজৰ ভাগৰ টকাকেইটা হাতত পৰাৰ লগে লগে গুণা-গঁথাত লাগি যাওঁ। টকাকেইটা কি কৰিম, কি নকৰিম।

 বছৰ বাগৰাৰ লগে লগে আমিও ডাঙৰ হৈ আহিলোঁ। এতিয়া বা, মই মানসীয়ে গাঁৱৰ ডেকা ল’ৰাবিলাকৰ লগত বিহু গাঁৱতে মাৰো। ব'হাগ বিহু আহিলে এতিয়া আমি ৰাস্তাত বিহু নাচৰ কথা আলোচনা নকৰোঁ।

 মাঘ বিহু। ভৰা পথাৰৰ বুকু উদং কৰি ভঁৰালৰ বুকুত সোণালী ধান ভৰোৱা বতৰ। পথৰুৱাৰ বছৰটোৰ কষ্টোপাৰ্জনৰ ফল প্ৰাপ্তিৰ সময়। হাঁহি হাঁহি দাৱনিয়ে কাটি নিয়া ধান। ককাইটিয়ে ধানৰ ভাৰ কঢ়িওৱা সময়। সমগ্ৰ পৃথিৱীয়ে ‘ফৰকাল’ হোৱাৰ সময়।

 মোৰো মনটো মাঘ বিহু অহাৰ আগে আগে আনন্দত ফৰকাল হৈ থাকিছিল। উৎফুল্ল হৈ আছিল পৰিৱেশ। মোৰ আনন্দৰ কাৰণো আছিল সুকীয়া। দেউতা প্ৰতিটো মাঘৰ বিহুত ঘৰলৈ আহে। দেউতা আহিলে ঘৰখনৰ পৰিৱেশটোৱেই সলনি হৈ যায়। দেউতা সেনাবাহিনীত চাকৰি কৰিছিল, গতিকে ঘৰলৈ আহোঁতে তেওঁ সেনাবাহিনীৰ পোছাকযোৰ পিন্ধি আহিছিল। দেউতা দেখাত ওখ, শকত, হৃষ্ট-পুষ্ট আছিল। সেনাবাহিনীৰ পোছাকযোৰ পিন্ধি আহিলে আমাৰ কণমানি বয়সৰ কুমলীয়া মনকেইটা ভয়তে টিপখাই থাকিছিল। সেইটো আছিল আমাৰ কাৰণে দুখৰ কথা। তাৰ বিপৰীতে দেউতা আহিলে দুখতকৈ সুখৰ আনন্দ আছিল বহু উচ্চ। দেউতাই আমালৈ অনা ‘নতুন’ কাপোৰৰ সুখৰ অনুভূতি। প্ৰতিটো বছৰৰ প্ৰতিটো মাঘৰ বিহুত আহিলে নতুন কাপোৰ আনে আৰু আমি বছৰত এবাৰেই নতুন কাপোৰ পাওঁ। সেয়ে মাঘৰ বিহুটো আমাৰ বাবে বৰ্ণিল আনন্দৰ দিন। দেউতা ঘৰত উপস্থিত হোৱাৰ লগে লগে এটি চিনাকি গোন্ধে আমাৰ নাক চুই যায়। পাৰাপাৰহীন হেঁপাহেৰে বাট চাই থাকোঁ। কেতিয়া কাপোৰ ভৰাই অনা ভি আই পিটো খুলিব? কেতিয়া আমাৰ অপেক্ষাৰত দুচকুৱে নিজৰ নিজৰ পোছাক দেখিবলৈ পাম? অধীৰ অপেক্ষা আবেগ। এটা সময়ত অপেক্ষাৰ অন্ত পেলাই দেউতাই ভি আই পিটো খুলি আমাৰ নিজৰ নিজৰ কাপোৰ হাতে হাতে দিয়ে। যদি পছন্দ হ’ল আনন্দৰ সীমা নাই, আৰু যদি নহয় বেদনাৰ সীমা নাই।

 মাঘৰ বিহুটো আৰু এটা কাৰণত মোৰ ভাল লাগিছিল। এই বিহুটোত মই আৰু মালাই বছৰটোৰ কাৰণে কাপ-প্লেট আৰু গিলাচ গোটাওঁ। আমাৰ গাঁৱৰ পৰা পাৰ হৈ এখন গাঁও আছিল। সেই গাঁওখনৰ পৰম্পৰা অনুসৰি প্ৰত্যেক বছৰে মাঘৰ বিহুৰ পিছদিনাৰ পৰা তিনিদিনীয়া খেল পাতিছিল। আমাৰ গাঁৱৰ পৰা জাহ্নবী, শেৱালী, স্নেহা, মৰমী, সৰুমণি, বা, মালা আৰু মই তাত খেলিবলৈ যাওঁ।

 মই আৰু মালাই তাত খেলিব দিয়া প্ৰতিটো খেলতে অংশগ্ৰহণ কৰোঁ। তাই ‘খ’শাখাত অংশগ্ৰহণ কৰে। মই ‘ক’শাখাত কৰোঁ। তাই আৰু মই প্ৰত্যেকটো খেলতে প্ৰথম নাইবা দ্বিতীয় পুৰস্কাৰটো ৰাখোঁ। খেলৰ অন্তিম দিনা আমি দুয়োজনীয়ে সগৌৰৱে পুৰস্কাৰ পোৱা কাপ-প্লেট, গিলাচ আনি মাক দিওঁ। সেই দিনটো এটা বিৰল সুখানুভূতিৰ দিন।

 মোৰ ভয়লগা উৎসৱটো আছিল— ‘ফাকুৱা’। ৰঙৰ উৎসৱ ফাকুৱা। এই উৎসৱত সকলোৰে মন ৰঙেৰে ৰঙীন হয়। কিন্তু মোৰ মনতো ৰঙৰ বিপৰীতে ভয়ে বাহ লয়। ভয়ৰ এটা কাৰণো আছিল বাবুৰ কাৰণে। সি মোতকৈ তিনি বছৰ সৰু। মই তাক বহু মৰম কৰিছিলোঁ। তাক ‘ফাকুৱা’ লগালে ভয়ত কান্দে বুলি মোৰ লগে লগে লৈ ফুৰিছিলোঁ।

 পোহৰৰ উৎসৱ দীপাৱলীলৈকো ভয় লাগিছিল। ফটকা ফুটিলে হাত-ভৰিত জুই লাগি পুৰিব বুলি দীপাৱলীলৈ মোৰ অতিপাত ভয় লাগিছিল। ভয় লাগিলেও মই উৎসৱবোৰৰ প্ৰতিটো মুহূৰ্তই প্ৰাণভৰি উপভোগ কৰিছিলোঁ।

 যদিও আজি সেই মধুময় দিনবোৰ মোৰ কাৰণে জীৱনৰ এৰি অহা সোঁৱৰণীৰ পৃষ্ঠা, তথাপি মোক এতিয়া কোঠাবন্দী জীৱনত সুখৰ স্বাদ দিয়ে, এই সোঁৱৰণীৰ পৃষ্ঠাৰ অম্লান মুহূৰ্তবোৰে।