সমললৈ যাওক

মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ/একৈশ

ৱিকিউৎসৰ পৰা

(একৈশ)

 মনটোক মনাব পৰা নাই। সদায় ভাবাে। আজি তাইৰ হাতখন এবাৰ চুই যাম। সাহস গােটাব নােৱাৰোঁ। পিছদিনাখন আকৌ তাইক চাই ভাবোঁ, আজি তাইৰ গালখন চুই চাম— কিমান কোমল ? সেইদিনাও সাহস গোটাব নােৱাৰোঁ। এনেদৰে দিন পাৰ হৈ ৰাতি আহে, মনৰ আশা মনতে মাৰ যায়।

 কিন্তু! বুকু ডাঠ কৰি মাতটোকে দি যাওঁ।

 পাপৰি।

 তাই মুখখনৰ লগতে ওঁঠটো বেঁকা কৰি ফুলাম হাঁহি এটা মাৰি, মােলৈ মূৰ ঘূৰাই চাব নােৱাৰিলেও জোৰ কৰি চাবলৈ যত্ন কৰে।

 তাইৰ ফুলাম নিষ্পাপ হাঁহিটোৱে উত্তৰ দিয়ে মােকো যে তাই মাতিব বিচাৰে। তাইৰ হাঁহিটো কিমান মৰমলগা। মই শব্দৰে বৰ্ণনা কৰিব নােৱাৰিম। তাইক দেখাসকলেহে অনুভৱ কৰিব পাৰিব। মােৰ চকুৰ আগতে এক ঘণ্টাৰ অন্তৰে অন্তৰে তাই কাপােৰ সলায়।

 আজিকালি তাইক চাই থাকিবৰ কাৰণে মই মােৰ বিছনাৰ কাষৰ দীঘল পর্দাখন অলপকৈ আঁতৰাই থওঁ। তাইৰ হেনাে নতুন নতুন ফ্রক পিন্ধাত বহুত চখ। ৰঙা- নীলা-বগা ৰঙৰ ফুলাম ফ্ৰকবােৰে তাইক অধিক ধুনীয়া কৰি তােলে। মৰমলগা পাপৰি।

 এদিন মনটোত সাহস গােটাই তাইৰ হাতখন চুই চালোঁ। কোমল কোমল। আন এদিন সাহস গােটাই তাইৰ গালখন চুই চালোঁ। ফুলৰ পাহিৰ দৰে সুকোমল। কিন্তু! সেই সুকোমল ফুলৰ পাহিতে যে কিমান বিষাক্ত যন্ত্রণাৰ কাঁইটে বিন্ধি থাকে, ভাবি মােৰ বুকু কঁপি উঠে। উশাহ লােৱাত কষ্ট অনুভৱ কৰোঁ, হাহাকাৰ কৰি উঠে মনটো৷ তাইৰ গাৰ পৰা পীড়াৰ কাঁইটবিলাক মই যদি আঁজুৰি আঁজুৰি দলিয়াই পেলাব পাৰিলোঁ হয়।

 হায়! মই নিৰুপায়। অদৃশ্যজনক বাৰে বাৰে প্রশ্ন কৰোঁ। তুমি যদি এই সংসাৰত প্রত্যেকৰ দেহত থিতাপি লৈ আছ, তেনেহ’লে তুমিও বাৰু কষ্ট পােৱানে? আৰু যদি তুমি আমাৰ দেহত নাথাকি দূৰৰ পৰাই চাই থাকা, তেনেহ’লে তােমাৰ অন্তৰে দুখ নাপায় নেকি?  মই যেতিয়া পি.টি. লৈ যাওঁ, তাই তেতিয়া অ.টি.ত যায়। আমাৰ কোঠাটোৰ মােৰ বিছনাখনৰ বাহিৰে আন চাৰিখন বিছনাৰ প্ৰথমখনতে পাপৰি থাকে। পুৱাই দেখোঁ মাকে পাপৰিক মুখ ধুৱাই দিয়ে। ধুনীয়া ফুটুকা-ফুটুকী ফ্রক পিন্ধাই দিয়ে, মুখেৰে বঙলাত কথা কৈ কৈ। তেওঁলােক বঙালী সম্প্রদায়ৰ আছিল। দেউতাকে পুৱাৰ ব্রেকফাষ্ট লৈ আহি হাঁহিমুখে তাইক গুড্ মর্ণিং কয়। তাই শুনা-নুশুনা মাতটোৰে দেউতাকলৈ চাই বেঁকা হাঁহিটোৰে গুড্ মর্ণিং বুলি কয়।

 পাপৰিৰ দেউতাকে মােকো লগতে মাতষাৰ দিয়ে। গুড্ মর্ণিং। ভাল আছ’?

 ময়াে মূৰ দুপিয়াই গুড্ মর্ণিং বুলি কওঁ।

 মই বঙলা ভাষা বুজি পাওঁ অলপ অলপ, ক’ব নােৱাৰোঁ।

 দিন গৈ ৰাতি আহিছে, ৰাতিৰ আন্ধাৰক গিলি পােহৰে বিৰাজ কৰিছে ধৰিত্ৰীত। পাপৰিৰ মাকে পাপৰিক দাংকোলা কৰিলৈ কান্দি কান্দি কোঠালৈ বেগাবেগিকৈ আহিছে। তাইক বিছনাখনত শুৱাই দি ৰাউচি জুৰি কান্দিব ধৰিলে। মানুহগৰাকীৰ শুকান কৰুণ মুখখনত চকুপানীৰে বাৰিষাৰ ভেটা ভাঙি অহা বানৰ দৰে হৈছে।

 মােৰ বুজিবৰ বাকী নাথাকিল। আজি শুকুৰবাৰ ‘ৰাউণ্ড’ আছিল। ডাক্তৰে চাগৈ, মানুহগৰাকীৰ মূৰৰ ওপৰৰ আকাশখন খহি পৰাকৈ কিবা এটা ক’লে। যিটোৱে মানুহগৰাকীক শােকত বিধ্বস্ত কৰি তুলিছে।

 ‘ৰাউণ্ড’ হ’ল— শুকুৰবাৰে ডাক্তৰে সপ্তাহটোত কিমান আৰােগ্য হ’ল,তাৰ পর্যবেক্ষণ কৰে। যদি কোনােবা পেচেণ্টক ডিচার্জ দিবলগীয়া সময় হয়, ডিচার্জ দিয়ে। সকলােখিনি কথা এই ৰাউণ্ডতে আলােচনা হয়।

 এজনী মাকৰ জীয়েকক আৰােগ্য কৰিব নােৱৰাৰ দুখ দেখি মই স্তম্ভিত হ’লোঁঁ। ছােৱালীজনী অলপ ভাল হ’ব বুলি যি আশা বুকুত বান্ধি ডাক্তৰৰ ওচৰলৈ আহিছিল, সিওঁ আজি শেষ হ’ল।

 শান্ত্বনাৰ নামত মাত এষাৰ দিবলৈ সাহস গােটাব নােৱাৰিলোঁ। আমাৰ পাঁচজনীয়া বিছনাযুক্ত কোঠাটো কাঁহ পৰি জীণ গ’ল, কেৱল পাপৰিৰ মাকৰ হিয়াভঙা কান্দোনৰ বাহিৰে কোঠাটোত আমি দহ বাৰজন এটা এটা জড় পদাৰ্থৰ দৰে ৰৈ আছোঁ। কোনেও কাৰো চকুলৈ চাব পৰা নাই। প্রত্যেকজনী মাকে জীয়েকহঁতক সুস্থ কৰি তুলিৰ নােৱৰা জীয়া দপ্‌দপীয়া জুইকুৰা বুকুতে লৈ ৰৈ আছে, চাদৰৰ আঁচলেৰে নিঃশব্দে বৈ অহা চকুলাে মচি মচি।

 মই হাস্পতালত ভর্তি হােৱাৰ কেইদিনমানৰ পিছত পি.টি.ৰ পৰা আহি এক নম্বৰ বিছনাখনত বাৰ-তেৰ বছৰীয়া ক্ষীণ-মীন মৰমলগা ছােৱালী এজনী শুই থকা দেখি মনটো উচ্‌পিচাই উঠিছিল তাইৰ বিষয়ে জানিবলৈ।  ইমান কম বয়সৰ মৰমলগা জনীৰ কি হৈছে? কিয় তাই হাস্পতালৰ ‘আলহী’ হ’ব লগা হ’ল ? নানানটা প্রশ্ন মনত উদয় হ’ল। ভাল নালাগে ঘপহকৰে মাক-দেউতাকক ছােৱালীজনীৰ বিষয়ে সুধিবলৈ। তাতে মই বঙলাও ক’ব নাজানাে। প্রথমদিনাই মাৰ লগত চিনাকি হৈছিল ছােৱালীজনীৰ মাকে। মােৰ মায়ে অসমীয়া, বঙলা, হিন্দী তিনিওটা ভাষাতে কথা পাতিব পাৰিছিল। তাইক জনাৰ হেঁপাহ দমাই ৰাখিব নােৱাৰি মাক ক’লোঁ—‘ছােৱালীজনীৰ বিষয়ে মােৰ খুউব জানিবৰ মন গৈছে। আপুনি তাইৰ মাকক পৰিৱেশ চাই তাইৰ কি হৈছে, জানি আহি মােক জনাবচোন। মই তাইৰ বিষয়ে জানিব বিচাৰোঁ।’

 মায়ে সুবিধা চাই মাকৰ মনত আঘাত নিদিয়াকৈ ছােৱালীজনীৰ বিষয়ে সুধিলে। ছােৱালীজনীৰ মাকেও মােৰ বিষয়ে মাৰ পৰা জানিব বিচাৰিলে। মায়ে মােৰ কথাখিনিও সংক্ষিপ্তে কৈ আহিল।

 নামটো পাপৰি। মাক-দেউতাকৰ একমাত্ৰ ছােৱালী। জন্মৰপৰাই তাই দুর্বল আছিল যদিও স্কুললৈ অহা-যােৱা কৰিব পাৰিছিল। টিউশ্যনলৈ গৈছিল সেই দুর্বল দেহাৰে। মাক-দেউতাকৰ বিয়াৰ বাৰ বছৰৰ মূৰত হেনাে ঘৰখনত তাইৰ ফুলাম হাঁহি, কলকলনিত এক অনির্বচনীয় পৰিৱেশে বিৰাজ কৰিছিল। উজলি উঠিছিল মাক-দেউতাকৰ চকু। তাইক লৈ মাকহঁতৰ আশা, সপােনৰ সীমা নাই।

 ক্রমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে তাইৰ শৰীৰ একেবাৰে দুৰ্বল হৈ পৰিল। পখিলা খেদা ভৰি দুখনে দৌৰি পখিলা ধৰিব নােৱৰা হ’ল। অলপ খােজ কাঢ়িলে ভাগৰি পৰে। স্কুলত থৈ আহে, লৈ আহে। সাত-আঠ বছৰ বয়সলৈকে শীর্ণকায় শৰীৰটোৰে অ’ত-ত’ত পৰি শৈশৱৰ মধুৰ মুহূর্তবােৰ পাৰ কৰিছিল। নাছিল তাইৰ হেনাে দুখ পােৱালৈ আক্ষেপ। মাত্র ওমলিছিল তাই। স্মৃতিৰ মণিকোঠাত সৰু-বৰ মিঠা অনুভুতিবােৰে ভৰাই তুলিছিল।

 আঠ বছৰ বয়সত তাই এবাৰ বিল্ডিঙৰ ছিৰিৰে তললৈ নামি আহোঁতে ভৰিত শক্তি নাপাই পৰি গ’ল। তেতিয়াই তাইৰ ৰাজহাড়ডালত কষ্ট পালে। লাহে লাহে তাই আগতকৈ বেছি দুর্বল হৈ আহিল। বিভিন্নজন ডাক্তৰৰ পৰামৰ্শ ল’লে। নাই তাই অধিক বেয়াৰ ফালেহে ঢাল খালে। তেতিয়ালৈকে তাই মুখেৰে কথাখিনি ভালদৰে ক’ব পাৰিছিল। এদিনাখন, তাই মনৰ জোৰত মাক-দেউতাক ওচৰত নাথাকোঁতে ওপৰৰ পৰা তলৰ কোঠালৈ ছিৰিৰে নামি আহোঁতেই আকৌ পৰি গ’ল। হুৱাদুৱা লাগিল। তাইক হাস্পতাললৈ নিলো ডাক্তৰে পৰীক্ষা কৰি ক’লে—ডিঙিৰ পিছফালৰ হাড়ডালত তীব্রভাৱে কষ্ট পাইছে। মুখখন বেঁকা হৈ গ’ল। ডিঙিটো পােনাই থাকিব নোৱাৰি হালি যায়। হাত-ভৰি লৰাব নোৱাৰে। মাতটো একেবাৰে সৰু হৈ অস্পষ্ট হ’ল। সম্পূৰ্ণৰূপে তাই আঁকোৱালি ল’লে এটা ভয়ংকৰ যন্ত্ৰণাৰে মেৰিয়াই ধৰা জীৱন।

 দেউতাকজনো অলপ অসুখীয়া। তেওঁ কথাবোৰ স্পষ্টকৈ মুখেৰে ক’ব নোৱাৰে, আগতে ভাল আছিল। দুবছৰমানৰ আগতে এটা অসুখ হৈ মাতটো অস্পষ্ট হ’ল। খোজবোৰ থৰক-বৰক। মুৰটো অলপকৈ লৰাই থাকে। তেওঁ কৰ্মত এজন উচ্চ পদত থকা চৰকাৰী বিষয়া। অৱস্থাসম্পন্ন পৰিয়াল। অত্যধিক মৰমেৰে জীয়েকৰ লগত সময় পাৰ কৰে। জীয়েকৰ লগত থকা প্ৰতিটো সময়তে তাইক বিশ্ব ব্ৰহ্মাণ্ডৰ কথা কৈ থাকে। ক্ৰিকেট খেলত কোন জিকিল, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কি ক’লে, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সেইদিনাৰ ভাষণত কি ক’লে— সমস্ত কথা।

 তাইৰো স্মৃতিশক্তি ইমান প্ৰখৰ আছিল যে দেউতাকে যি যি কৈ যায় এবাৰতে মনত ৰাখি থয়। পিছত ডাক্তৰ আহিলে তাইক সোধা প্ৰশ্নবোৰৰ উত্তৰ সঠিককৈ দিয়ে। ডাক্তৰসকলেও তাইৰ মনত আনন্দ দিবলৈ পাপৰি কোৱাচোন ‘অমুক দেশৰ ৰাষ্ট্ৰপতি কোন? অমুক দেশৰ ৰাজধানী কি?’বিভিন্ন প্ৰশ্ন সোধে। তাইক প্ৰশ্ন সোধাটো ডাক্তৰসকলৰ চিকিৎসাৰ ভিতৰত নাছিল। তাইক অকণমান সুখী কৰিবলৈহে ডাক্তৰসকলে প্ৰশ্ন সুধিছিল আৰু অধিক সুখী হৈছিল, তাই সঠিক উত্তৰ দি।

 মাকৰ কান্দোন অলপ থমকিল। মাহঁতেও নিজৰ নিজৰ কৰ্মত ব্যস্ত হ’ব ধৰিলে। ময়ো পৰ্দাখন টানি, নিজৰ লগত নীৰৱে অলপ কথা পাতিব ধৰিলোঁ।

 আবেলি সময়, বেলি ডুবিছে পশ্চিমত। এই সময়খিনিত আমি আজিকালি আগফালৰ নিমগছৰ তলত থাকোঁ। ভাল লাগে নিমপাতৰ শীতল বতাহ। প্ৰশান্তি পাওঁ, দিনত ব্যায়াম কৰি ভাগৰুৱা শৰীৰটোক অলপ সময় আৰাম দি।

 আজি বাবু আহি পাব দেউতাৰ লগত। মনটো আৱেগিক হৈ আছে। প্ৰায় এমাহৰ মূৰত তাক লগ পাম। সি বা কি কি খবৰ লৈ আহে? দি, মালা, চ’নাই বা কি কৈ পঠিয়াইছে?

 জ্যোতি বাক মই আৰু মালাই ‘দি’ বুলি মাতোঁ। কেতিয়া আহি পাব...?

 অপেক্ষাৰ অন্ত পেলাই বাবু আহি পালে মোৰ ওচৰত। কঢ়িয়াই লৈ আনিছে, এটা চিঠিৰ টোপোলা। সি মোৰ হাতত ‘চিঠি’ৰ টোপোলাটো দিয়াৰ পিছত মই তাত উপস্থিত থকা ভানু ভেয়া, মানু, বিজয় আৰু নিভা ভাৱীৰ লগত পৰিচয় কৰি দিলো। ভানু ভেয়াই হিন্দীতে বাবুক প্ৰথমে সুধিলে তোমাৰ বাৰ কি পৰিবৰ্তন হোৱা দেখিছা এই মুহূৰ্ত্তত? বাবুয়ে ক’লে- ‘বায়ে কথা কৈছে।’