সমললৈ যাওক

মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ/একত্ৰিশ

ৱিকিউৎসৰ পৰা

(একত্রিশ)

 তেতিয়ালৈকে আমাৰ নিজাকৈ এখন খবৰ-কাকত লোৱা হােৱা নাছিল। সবিতা খুৰীহঁতে পঢ়িবলৈ লােৱা ‘আমাৰ অসম’ কাকতখন কেতিয়াবা আনি পঢ়োঁ।

 সেইদিনা পুৱা খুৰীয়ে খিৰিকীৰে মাত দি ক’লে— ‘আজিৰ খবৰ’ কাকতখন চাবাচোন । তাত এগৰাকী ছােৱালীৰ জীৱন কাহিনী সংক্ষিপ্ত দিছে। পঢ়ি ভাল পাবা।

 কাকতখন আনি লেখাটো পঢ়ি মুগ্ধ হৈ পৰিলোঁ। মা, খুৰী, তন্দ্রালীয়ে মােকো লেখা এটা লিখি ‘আমাৰ অসম’ কাকতখনলৈ প্ৰেৰণ কৰিবলৈ ক’লে।

 মাহঁতৰ উৎসাহতে এটা নিবন্ধ লিখি সম্পূর্ণ কৰিলোঁ। নিবন্ধ লিখি এতিয়া ‘আমাৰ অসম’ কাকতলৈ কেনেকৈ প্ৰেৰণ কৰিব লাগে নাজানাে, গতিকে আমাৰ বহু পুৰণি মঙলদৈৰ পৰিচিত জ্যেষ্ঠ সাংবাদিক গণেশ দত্তক ফোন কৰি জনালোঁ যে মই এটা লেখা ‘আমাৰ অসম’ কাকতলৈ পঠাব বিচাৰিছোঁ। আপােনালৈ লেখাটো প’ষ্ট কৰি দিম, আপুনি এবাৰ চাই দি ‘আমাৰ অসম’ কাকতখনৰ ঠিকনাটোৰ সৈতে মােলৈ পষ্ট কৰি দিব ।

 তেওঁলৈ মই লেখাটো প’ষ্ট কৰি পঠিয়ালোঁ। তেওঁ লেখাটো পঢ়ি কেনেকৈ দৰ্খাস্ত লিখিব লাগে, এটা কপি লিখি আমাৰ অসমৰ ঠিকনাটোৰ সৈতে দি পঠালে।

 এমাহ অপেক্ষা কৰাৰ পিছতাে কাগজখন নাপালোঁ। শেষত অপেক্ষাৰ অন্ত পেলাবলৈ তেখেতক আমাৰ ঘৰলৈ আহি কাগজখন দি যাবলৈ ক’লাে। বৰ ব্যস্ত ব্যক্তি যদিও তেওঁ মােৰ কাৰণে এটা দিন ক্ষতি কৰি কাগজখন মােক দি গ’লহি।

 পিছদিনা মায়ে নিজে গুৱাহাটীৰ ‘আমাৰ অসম’ কাকতৰ কাৰ্যালয়ত মােৰ নিবন্ধটো দি আহিল।

 ২০১০ চনৰ ৩১ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে মােৰ লেখা ‘দুখ আৰু জীৱনৰ লগৰী’য়ে ‘আমাৰ অসম’ৰ পৃষ্ঠাত ভুমুকি মাৰিলে।

 তন্দ্রালীয়ে মােৰ লেখাটো চকুত পৰাৰ লগে লগে দৌৰি আহি কাকতখন লৈ মোৰ কাষ পালেহি। নিজৰ লেখা ছপা আখৰত প্ৰথম প্ৰকাশ হৈ ওলোৱাত আনন্দ উচ্ছল হৈ পৰিল পুৱাটো।

 মই মোৰ লেখা পঢ়ি শেষ কৰিবলৈ নাপালোঁৱেই, এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল। ফোনটো ধৰাৰ লগে লগে প্ৰথমে সুপ্ৰভাত জনাই মোৰ লেখাটোৰ বিষয়ে আৰু জীৱনৰ ঘাত-প্ৰতিঘাতৰ ওপৰত অলপকৈ কথা পাতি জীবনত আগবাঢ়ি যাবলৈ শুভেচ্ছা জনালে। লেখাটোৰ লগতে মোৰ ফোন নম্বৰটো দিয়া গতিকে ইটোৰ পিছত সিটো ফোন লানি নিছিগাকৈ আহিবলৈ ধৰিলে। প্ৰত্যেকজনে নিজস্ব কথনশৈলীৰে মোক আপ্লুত কৰিলে। কোনোজনে নিজৰ জীৱনৰ দুখ-কষ্টৰ লগত মোৰ জীৱনটোক তুলনা কৰিলে, কোনোজনে মোৰ লেখাৰ পৰা কিবা এটা পাইছে বুলি জনালে। বহুজনে মোৰ লগত আছোঁ বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। বহুজনৰ লগত সেই মুহূৰ্তৰে পৰা এটা সম্পৰ্কয়ো গঢ় ল’লে— জেঠাই-জেঠু, মামা-মামী, দাদা-বাইদেউ, বৰমা-বৰদেউতা, ভাইটি, খুৰা-খুৰী আদিৰ অনাত্মীয় হৈয়ো আত্মীয় সম্পৰ্ক। দুখৰ বোজা কঢ়িয়াই লৈ ফুৰা কোনোজনেও ফোন কৰি তেওঁৰ জীৱন বৃত্তান্ত সুঁৱৰিলে। মানুহৰ কাৰণে আন এজন মানুহৰ থাকিব পৰা হৃদয়ৰ অনুভৱ মই শুনিলোঁ। মোৰ ভাল লাগিছিল প্ৰেৰণাদায়ক প্ৰতিশ্ৰুতি, উৎসাহেৰে ভৰি পৰা শব্দবোৰত।

 মোবাইলৰ ইনবক্স ভৰি পৰিল অচিনাকি নম্বৰৰ পৰা অহা প্ৰেৰণাদায়ক বাৰ্তাৰে।

 কেতিয়াও নেদেখা এখন জগত মই বিছনাতে দেখিলোঁ। লেখাটো প্ৰকাশ কৰাৰ বাবে ধন্যবাদ জনাবলৈ দুপৰীয়া আমাৰ অসমৰ মুখ্য সম্পাদক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিলৈ ফোন এটা কৰিলোঁ। ছাৰে ফোনটো ৰিচিভ কৰি মৃদু কণ্ঠস্বৰেৰে মতাৰ লগে লগে মনটো ভাল লাগি গ’ল। প্ৰথমবাৰ কথা পাতিয়েই খুব কম সময়তে তেওঁ মোক এখন বেলেগ পৃথিৱীৰ কথা ক’লে। মোৰ মনৰ ভাববিলাক লেখাৰ জৰিয়তে প্ৰকাশ কৰি তেওঁ খবৰ কাকতলৈ পঠাবলৈ ক’লে। মোক লিখিবলৈ উৎসাহ দিলে। তেওঁৰ আশীৰ্বাদ, উপদেশ আৰু জীৱনবাণী মোৰ বাবে সঞ্জীৱনী সুধা হৈ পৰিল।

 লাহে লাহে আমাৰ ঘৰলৈ অসমৰ বিভিন্ন প্ৰান্তৰ হৃদয়বান ব্যক্তিসকলৰ আগমন হ’বলৈ ধৰিলে। মোক শুভেচ্ছা জনাবলৈ অহা প্ৰায়বোৰ ব্যক্তিয়ে মোলৈ বুলি কিতাপৰ একো একোটা টোপোলা লৈ আহিছিল, যিসকলে মোক কলম চলাই যাবলৈ উৎসাহ যোগাইছিল। এই হৃদয়বান ব্যক্তিসকলৰ সংস্পৰ্শলৈ অহাৰ পাছতহে মই বাহিৰৰ সুন্দৰ জগতখনৰ সম্ভেদ পাইছিলোঁ।

 বন্ধ কোঠালিত থাকি মই অনুমানেই কৰিব পৰা নাছিলোঁ যে বাহিৰতো ইমান সুন্দৰ মনৰ মানুহৰ পৃথিৱী এখন আছে।

 ২০১১ চনৰ ২৪ ব’হাগত আমাৰ আশা পূৰ্ণ কৰিবলৈ স্বনামধন্য হোমেন বৰগোহাঞি ছাৰ, ডাঃ অঞ্জনজ্যোতি চৌধুৰী, ডাঃ সৌৰভ ভূঞা, ডাঃ ৰুবী কটকী, বিনু ভূঞা আদি আমাৰ ঘৰত উপস্থিত হৈ আমাক ধন্য কৰিলে। প্ৰত্যেকজনে মোৰ কাৰণে কিতাপৰ উপহাৰ লৈ আহিছিল।

 নতুনকৈ হৃদয়ৰ বান্ধোনেৰে বান্ধ খালে শৰ্মিষ্ঠা প্ৰীতম, অনিন্দিতা কলিতা, ৰশ্মিৰেখা ভূঞা, ছয়নিকা ভূঞা, ধ্ৰুৱজ্যোতি দাস, মণিকা দাস, বিদ্যাৱতী গগৈৰ দৰে জীৱন-যুঁজত পৰাজয় নোহোৱা বিজয়ী, সাহসী সহযাত্ৰী। ‘মটৰ নিউৰণ’ৰ দৰে জটিল ৰোগত আক্ৰান্ত জেছমিন আৰা আহমেদৰ যন্ত্ৰণাৰ তুলনাত মোৰ যন্ত্ৰণা নগণ্য যেন অনুমান হ'ল।

 এদিনাখন আনৰ দুখত দুখী হ’ব পৰা তেজপুৰৰ ডাঃ গোপেন্দ্ৰ মোহন দাসে আমাৰ গৃহত উপস্থিত হৈ মোক ক’লে— “তুমি তোমাৰ ভাৱসমূহ কবিতাৰ আকাৰত প্ৰকাশ কৰি যোৱা। মই এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াই দিম, তোমাৰ কবিতাৰে।

 ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহ। মোৰ প্ৰথম কবিতা সংকলন ‘বেদনাৰ মিঠা মাদকতা’ প্ৰকাশ হৈ ওলাল। ডাঃ গোপেন্দ্ৰ মোহন দাসৰ প্ৰচেষ্টাত। অসমৰ বহু গুণী-জ্ঞানী ব্যক্তিৰ উপস্থিতি, কৰুণাধাৰা ন্যাসৰ শ্ৰীযুত নিশিনাথ চাংকাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত ‘বেদনাৰ মিঠা মাদকতা’ উন্মোচন কৰিলে হাস্যৰসিক, গায়ক, মোক হৃদয়ত স্থান দিয়া ডাঃ অঞ্জনজ্যোতি চৌধুৰীদেৱে।

 এয়াই আৰম্ভণি। জীৱনৰ ঘাত-প্ৰতিঘাত; দুখ-বেদনাক মনৰ দৃঢ়তাৰে দমন কৰি ন-দৃষ্টিৰে জীৱনটোক উপভোগ কৰিবলৈ হাতত কলম তুলি ল'লোঁ। ড° ভূপেন হাজৰিকাৰ এটি গীতলৈ মনত পৰিছে—

“মুক্তিকামী লক্ষজনৰ মৌন প্ৰকাশ শুনিছানে নাই,
জীৱন আকাশত নতুন সাহসৰ পৰিছে জ্যোতি দেখিছানে নাই।
.... .... .... ....
যিমান পাৰা হোৱা অগ্ৰগামী নৰ’বা কিঞ্চিৎ কোনো লাভ নাই।

 জীৱনটো সঁচাকৈয়ে সুন্দৰ। জীৱনৰ নোপোৱাখিনিৰ হা-হুতাহ পাহৰি গতিশীল সময়ৰ লগত আগুৱাই যাবলৈ মই পণ কৰিছোঁ। সীমাহীন শাৰীৰিক যন্ত্ৰণাৰ মাজতো জীৱনৰ নতুন অৰ্থ বিচাৰি...



□ □ □