মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ/ঊনৈশ
(ঊনৈশ)
নির্ধাৰিত সময়সূচীতকৈ পলম কৰি ৰে’লগাড়ীখনে তিনি দিন দুৰাতিৰ এক দীঘলীয়া যাত্রাৰ অন্ত পেলাই গন্তব্যস্থান ভেলোৰৰ কাটপতি ষ্টেচন পোৱালেহি। ৰে’লগাড়ীখন সেই ষ্টেচনটোত মাত্র তিনি মিনিট সময় ৰখায়। আকৌ গুচি যাব। সেই তিনি মিনিটত মােকো নমাব লাগিব আৰু বস্তু-বাহানিও।
সম্পূর্ণ মৌনতাৰে বুলি ক’লেও ভুল হ’ব। মই মন ভৰা কেইটামান অপূর্ব মুহূৰ্তৰ লগত একাত্ম হৈ পাৰ কৰিলোঁ।
তিনিদিনে একেৰাহে প্ৰস্ৰাৱ কৰি অহা কম্বলখন, বিছনা চাদৰখন টোপােলা এটা কৰি বেয়া ঠাই এটুকুৰাত পেলাবৰ কাৰণে আছুতীয়াকৈ ল’লে।
ৰেলগাড়ীখন থমকিল। মােক পল্লৱদাই দাংকোলা কৰি নি মায়ে দৌৰি গৈ প্লেটফৰ্মৰ পকাত পাৰি দিয়া বিছনা চাদৰখনৰ ওপৰত শুৱাই দিলে।
ৰেলগাড়ী গ’ল। এইবাৰ এখন যুদ্ধৰ আৰম্ভণি হ’ল। ক’লা কোট পিন্ধি ৰে’লবিভাগৰ কৰ্মীজনে আহি টিকট বিচাৰিলে।
আমি যিটো ভয় ভাবলৈ ষ্টেচনত নামিছিলোঁ তাকে হ’ল।
আমাৰ টিকট অনুযায়ী এজন মানুহৰ বয়সৰ মিল নাই। মােৰ ভাইটি বাবু আমাৰ লগত যােৱাৰ কথা আছিল। কিন্তু তাৰ বিপৰীতে উৎপলদাক নিবলগীয়া হ’ল। বাবুৰ ঊনৈছ বছৰৰ ঠাইত যেতিয়া ত্রিছ বছৰীয়া গৈছে, তাৰ ৰে’ল বিভাগৰ কর্মীজনে আমাক যাবলৈ নিদিয়া হ’ল। বহু কিবাকিবি কৈ জৰিমনা ভৰাৰ পিছত আমাক যাবলৈ দিলে।
এখন টেক্সি ভাড়াত আনি মােক উঠাই লৈ আটাইকেইজন এখন হােটেলত উপস্থিত হ’লোঁ।
হােটেলৰ দুটা কোঠা ভাড়াত লােৱা হ’ল।
পল্লৱদাই মােক দাঙি নি বিছনাত শুৱাই দি লগে লগে মােৰ ভৰিৰ বেণ্ডেজ খুলি, তিনিদিনে গেলেপা খাই থকা ‘ঘা’ কেইটুকুৰাত ড্রেছিং কৰি ঘাত দিয়া পাউডাৰ লগাই দিয়ে। তেওঁ ড্রেছিং কৰা কামটো জানিছিল। আমি হােটেলত থকা প্রত্যেক দিনা পল্লৱদাই ড্রেছিং কৰিছিল। আৰু গৰম পানীৰে মােৰ ভৰিৰ আঙুলি, নখবিলাক সদায় গধূলি সময়ত পৰিষ্কাৰ কৰি দিছিল।
প্রস্রাৱত ভৰি দুখন প্রতি পল পৰি থকা গতিকে নখবিলাক চুলেই খহি আহিছিল। সেই খহি অহা নখবােৰেই এৰাই নােযােৱাকৈ সযত্নে পৰিষ্কাৰ কৰিছিল। তেওঁ মােক অকণাে ‘ঘিণ’ কৰা নাছিল। এজনী সম্পর্ক নলগা ছােৱালীক যেনেদৰে পৰিচর্যা কৰিছিল। তেওঁক কৃতজ্ঞতা জনাবলৈ মােৰ ভাষা নাছিল। ভাবিছিলাে— মানুহৰ অন্তৰত মানুহৰ প্রতি আন্তৰিকতা শেষ হৈ যােৱা নাই।
মই পল্লৱদাৰ লগতাে খুব কম কথা পাতিছিলোঁ। মােৰ লগত প্ৰতিতাে মুহূর্ত থাকি যেনেদৰে দায়িত্ব পালন কৰিছিল, সেই সময়ত তেওঁক ভগৱানে আমাৰ কাৰণে ‘দেৱদূত’ পঠিয়াই দিয়া যেন লাগিছিল।
পিছদিনা আমি নির্ধাৰিত সময়ত চি.এম.চি ৰ ডাক্তৰক দেখুৱাবলৈ ওলালোঁ। হাস্পতালখনৰ কাষৰ হােটেল এখনতে আমি থকাৰ ব্যৱস্থা কৰিছিল, গতিকে এখন ৰিক্সা ভাড়া কৰি পল্লৱ দাদাই মােক দাঙি নি ৰিক্সাত বহুৱাই দিলে। তাৰ পিছত তেওঁ মােক পৰি নােযােৱাকৈ ধৰি লৈ গ’ল।
অকণমান বাটতে মােৰ পেট পকাই যােৱাৰ পিছত মূৰ ঘূৰাই বমি আহিবৰ উপক্ৰম হৈছিল আৰু বমি হৈ গৈছিল।
হাস্পতাল পােৱাত মােক চকী এখনত বহুৱাই দিলে। পল্লৱদাই মােক দাংকোলা কৰি লৈ গৈছিল। তেওঁৰ গােটেই কাপােৰ কানি মােৰ প্রস্রাৱেৰে তিতি গৈছিল।
কোনাে ভ্ৰূক্ষেপ নাই। কোনাে ঘিণ ভাব নাই। ডাক্তৰৰ ওচৰলৈ মাত্র মা আৰু দাদা লৰালৰিকৈ গৈছে। লগত যােৱা উৎপল দাদাক মােৰ কাষত থৈ।
মােৰ অৱস্থা একেবাৰে বেয়াৰ ফালে ঢাল খাইছে। হােলােকা-হােলােকে বমি কৰিছোঁ। উৎপলদাই নিজৰ হাত দুখন মােৰ মুখৰ ওচৰত পাতি দিছে। বমিখিনি পকাত নপৰিবলৈ। দুহাতেৰে বমিখিনি নি আঁতৰত থকা ডাষ্টবিনত পেলাই দিছে।এনেদৰে মই হােলােকা হােলােকে বমি কৰি থাকিলোঁ আৰু উৎপলদাই হাত পাতি পাতি পেলাই থাকিল।
যন্ত্রণা গধুৰ সময়। উশাহ নাইকিয়া হৈ যাবৰ উপক্রম হয়। কি ভয়ানক দৃশ্য। বুকু কঁপি যােৱা। এটা সময়ত ডাক্তৰে মাতিলে। মােক লৈ গ’ল। ডাক্তৰে চাই পিছদিনা এম আৰ আই আৰু লগতে বিভিন্ন টেষ্ট কৰিবলৈ দিলে।
ৰূমলৈ অহাৰ পিছত মােক ঠিক ঠাক কৰি সদায় গধূলি দুয়ােজন দাদা ফুৰিবলৈ ওলাই যায়।
তেওঁলােকে তাত থকা আটাইকেইদিন মােলৈ খােৱা বস্তু আনিছিল। তেওঁলােকক মা-দেউতাই ক’তাে খৰচ কৰিব দিয়া নাছিল। সকলােখিনি মা-দেউতাই কৰিছিল কিন্তু তেওঁলােকে সদায় তেওঁলােকৰ টকাৰে মােলৈ গধূলি খােৱা বস্তু আনিছিল। তেওঁলােকৰ আন্তৰিকতা আৰু সহৃদয়তা দেখি মােৰ ভাল লাগিছিল। প্রত্যেক দিনাই যাবৰ সময়ত মােক সুধিছিল,
কি খাবা ?
মই প্রত্যেক দিনাই উত্তৰ দিছিলোঁ নাখাওঁ আৰু প্রত্যেক দিনাই আনি দিছিল, বিভিন্ন খােৱা বস্তু। পল্লৱদাৰ আগতেই চি.এম.চিৰ ডাক্তৰ এজনৰ লগত চিনাকি গতিকে আমাৰ তাত একো অসুবিধা হােৱা নাছিল। মা আৰু দাদাই সকলাে কৰিছিল। উৎপল দাদা প্রথমবাৰৰ কাৰণে গৈছিল, গতিকে তেওঁ মাত্র মােৰ লগতে প্রতি সময়ত থাকিব লাগিছিল হাস্পতালৰ কামখিনি কৰোঁতে।
এম আৰ আই কৰিলে, অন্যান্য পৰীক্ষাও কৰিলে মােৰ শৰীৰৰ। গুচি আহিলোঁ আকৌ ৰূমলৈ।
এনেদৰে বমি, প্রস্রাৱ কৰি কৰি তিনিদিনে অহা যােৱা কৰাৰ পিছত চাৰি নম্বৰৰ দিনা ডাক্তৰে ৰিপৰ্ট চাই ক’লে যে, এম আৰ আই-ত ধৰা পৰিছে যে মােৰ কঁকালৰ ৰাজহাড়ডাল ক’ৰবাত কষ্টপাই স্নায়ু থেঁতেলা খাই গৈছে। কষ্ট পােৱাৰ পিছত লাহে লাহে থেঁতেলা খােৱা ঠাইখিনি শুকাই গৈ গৈ, শেষত সম্পূর্ণ শুকাই যােৱাত একেবাৰে খােজ কাঢ়িব নােৱৰা হ’লোঁ। ডাক্তৰে আৰু ক’লে, মােক যদি অসুখৰ এক দুই বছৰৰ ভিতৰত চি.এম.চিলৈ আনিলে হেঁতেন, মােক অস্ত্রোপচাৰ কৰি ভাল কৰিব পাৰিলে হয়। এতিয়া বহু দেৰি হ’ল।
মাহঁতে ডাক্তৰক সুধিলে, বিকল্প ব্যৱস্থা আছেনে কিবা ?
‘চেষ্টা কৰিব লাগিব।’
ডাক্তৰৰ কথাকেইটাই মােক আকৌ শৈশৱৰ চাইকেলখনলৈ টানি নিলে। পেডেল ঢুকি নােপােৱা দিনৰে পৰা চাইকেল শিকি কিমান বাৰ পৰি কিমান কষ্ট পাইছিলোঁ, হিচাপ নাই। কিজানি তেতিয়াই মােৰ শৰীৰটোত ঘুণে ধৰিলে আৰু ঘুণে বিন্ধি বিন্ধি নষ্ট কৰি একেবাৰে নিঃশেষ কৰি পেলালে।
মাৰ প্ৰয়ােজনীয় প্রায়খিনি কামেই মই কৰি দিছিলোঁ। চাইকেল চলাব জনা হােৱাৰ পৰা এক কিলােমিটাৰ দূৰত থকা ডিমৌ চাৰিআলিৰ ধান বনা মিলত দিগন্ত আৰু মই মাহটোৰ কাৰণে ধান বানি আনাে। মােৰ ডিমৌ চাৰিআলিটোৰ মাজেৰে ধানৰ বস্তা থেলি নিবলৈ লাজ লাগে, গতিকে মই ডিমৌ এম. ভি. স্কুলৰ কাষতে পথত ৰৈ থাকোঁ। ধানৰ বস্তা চাইকেলখন লৈ দিগন্তই প্রথমে তাৰ চাইকেলখন ধানৰ সৈতে মিলত থৈ আহি, মােৰ চাইকেলখন লৈ যায়। যদি কেতিয়াবা দিগন্ত মােৰ লগত নাযায়, তেতিয়া মই পুৱাই গৈ ধান খুন্দা ঘৰৰ মানুহ নুঠোতেই ধানৰ বস্তা লৈ বহি থাকোঁ।
কি যে দিন আছিল? সিহঁতৰ ছােৱালীকেইজনীক দেখি মােৰ অলপকৈ লাজ লাগিছিল। সিহঁতে বাৰু মােৰ কথা স্কুলত কৈ দিব নেকি ?
মতা ল’ৰাৰ নিচিনাকৈ ধান বানিবলৈ আহিছে বুলি ?
এহ ক’লেও ক’ব দে। মই বানিবলৈ নাহিলে কোনে বানি নিব আমাৰ ধান ?
ডিমৌ চাৰিআলিত ধান বনা, বজাৰ কৰা, ঘৰত খৰি ফলা, ধান জৰা, চাউল জৰা সকলাে কামেই কৰিছিলোঁ, অসুখ হােৱাৰ আগত চৈধ্য বছৰ বয়সলৈকে।
.......
আমাক চি.এম.চি ৰে এখন অলপ দূৰৈত থকা, ব্যায়াম কৰা বিভাগ এটালৈ পিছদিনা আবেলি হাস্পতালৰ গাড়ীৰে লৈ গ’ল।
আমি এটা নতুন পৰিবেশত ভৰি দিলোঁ। শুভ্র কাপােৰ পৰা ষ্টেছাৰ এখনত মােক হাস্পতালৰ কৰ্মীকেইজনে তুলি নি এখন শুভ্র কাপােৰ পৰা বিছনাত শুৱাই দিলে। লগে লগে তৎপৰ হ’ল হাস্পতালৰ নাৰ্ছসকল মােৰ প্রাথমিক কামবিলাক কৰিবলৈ।
কোনােবা এগৰাকী নাছে আহি ক’লে— ইয়াত এটা অসমৰ পৰিয়াল আহি আছে।
কোনােবা এগৰাকীয়ে আহি ঘৰ ক’ত, কি হৈছে সুধিলে।
নানানটা প্ৰশ্নৰ উত্তৰ দিবলগীয়াত পৰিছিল মাৰ। হাস্পতালৰ কাষতে ‘লজ্’ এটাৰ কোঠা এটা ভাড়াত ল’লে। হাস্পতালত মোৰ লগত মাত্র মাকহে থাকিবলৈ দিব। খােৱা বােৱা নিজৰ। সেই গতিকে ভাড়া কোঠাটো ঠিক-ঠাক কৰি তাতে দাদা দুজন থাকিবলৈ ল’লে।
পিছদিনা। পুৱা সাত বজাত।
মােক লৈ গৈছে ষ্টেছাৰখনত তুলি এটা কোঠালৈ। আচহুৱা লাগিছিল। বিভিন্ন অৱয়বৰ মানুহ দেখি। কোনােজন অচিনাকিয়ে গুড্ মর্ণিং জনাইছে। কোনােবাজন ৰােগীৰ গৰাকীয়ে সেমেকা চকুৰে সম্ভাষণ জনাইছে।
মই, মা আৰু দাদা দুজন ৰৈ আছোঁ এটা কোঠাত।
এজন মানুহে আহি মােক সুধিলে— মােৰ নামটো কি ?
মই উত্তৰ নিদিলোঁ। মােৰ হৈ পল্লৱদাই মােৰ নামটো ক’লে। ক’ৰপৰা আহিছোঁ সুধিলে। এইবাৰাে পল্লৱদাই উত্তৰ দিলে।
তৃতীয়বাৰ আৰু কিবা এটা সুধিলে। সেইবাৰাে দাদাই উত্তৰ দিলে।
এইবাৰ তেওঁ খঙতে হিন্দীতে ক’লে—
কি কথা ? ছােৱালীজনীয়ে কথা ক’ব নােৱাৰে নেকি ? তাইক মই সুধি আছোঁ আৰু আপুনি উত্তৰ দি আছে। তাইক ক’বলৈ দিয়ক। তাই বােবা নেকি ?
পল্লৱদাই লগে লগে ক’লে— তাই বােবা নহয়। তাই মাত্র কথা নকয়। খুৱ কম কথা কয়। সেই কাৰণে ময়েই কৈছোঁ।
মই মানুহজনে ডাঙৰকৈ ধম্কি দি কোৱা কথাকেইটাত, ফেকুৰি, ফেকুৰি কান্দিব ধৰিলোঁ।
মানুহজনে এইবাৰ নম্রভাৱে ক’লে—মােৰ নাম শ্বৰীফ। মই এওঁৰ ‘কেছ’ টো লৈছোঁ। এতিয়া যদি এওঁ কথাই নকয় মুখেৰে, কি হ’ব ? ডাক্তৰৰ আগত কোনে ক’ব এতিয়া৷ মই টপৰাই হিন্দীতে ক’লোঁ— আপুনিয়ে মােৰ হৈ কথাখিনি ক’ব।
তেওঁ হাঁহি ক’লে। হ’ব দিয়া।
শ্বৰীফ ছাৰ, ফিজিঅ’ থেৰাপিষ্ট আছিল।
আমি ডাক্তৰৰ সন্মুখত উপস্থিত হ’লোঁ।
ডাক্তৰে সুধিলে—মােৰ নাম কি ? কি হৈছে ? সকলাে..। মই তলমূৰ কৰি আছোঁ। চকুপানী বৈ আছে।
শ্বৰীফ ছাৰে ক’লে— তাইৰ হৈ মই কাগজত থকাখিনি ক’ম।
শ্বৰীফ ছাৰে মােৰ বিষয়ে কাগজত লিখা থকাখিনি কৈ দিলে। মােকো বিদায় দিলে ডাক্তৰে ৰূমলৈ যাবলৈ।
মই ঘৰৰ পৰা যিটো আশা লৈ চি.এম.চি লৈ গৈছিলােঁ, সেই দীর্ঘদিনীয়া সাত বছৰীয়া আশাটো পূর্ণ হ’ল। হৰহৰ কৈ একেৰাহে প্ৰস্ৰাৱ নিগৰি থকাৰ পৰা পৰিত্ৰাণ পালোঁ মই। কেথেৰেটাৰডাল ভালদৰে সংযোগ কৰি দিয়াত, প্রস্রাৱত তিতি থকাৰ পৰা সকাহ পালোঁ।
কেনেকুৱা লাগিছিল মােৰ মনটো !
কিমান সুখী হৈছিলোঁ মই !
সাতবছৰীয়া শােকৰ পৰা মুক্তি পায় !
পিছদিনা, মােক এটা সৰু কোঠাত নি আল্ট্ৰাছাউণ্ড কৰিবলৈ ওলাল।
আল্টাছাউণ্ড কৰা ডাক্তৰজনে, আল্ট্ৰাছাউণ্ড কৰাৰ আগতে মােৰ গালত উঠা অকণমানি ফোঁহা এটা, এইটো কি উঠিছে বুলি নখেৰে ভাঙি দিলে। তাৰ পিছত, আল্ট্ৰাছাউণ্ড কৰি ক’লে— মােৰ ‘বসন্ত’ ওলাইছে।
ডাক্তৰ-নাৰ্ছৰ এইবাৰ মােকলৈ আকৌ এক বেলেগ ধৰণৰ তৎপৰ লাগিল।
মাহঁতক ডাক্তৰে ক’লে— মােক হাস্পতালৰ আন পেচেন্টৰ লগত ৰাখিব নােৱাৰে। তেওঁলােকৰ গালৈ ‘বসন্ত’ ৰােগ সোঁচৰিব পাৰে গতিকে হাস্পতালৰ আছুতীয়া কোঠা আছে। তাতে মই ভাল নােহােৱালৈকে থাকিব লাগিব। তাৰ পিছত শুকালে, ভাল হ’লে আহিবলৈ ক’লে।
মাহঁতে ডাক্তৰক ক’লে— মােক মাহঁতে ভাড়ালৈ লােৱা কোঠাটোলৈকে লৈ যাব।
‘বসন্ত’ ওলাই আমাৰ মনত আকৌ এটা দুখে কোব মাৰিলে।
ষ্ট্ৰেছাৰখনত তুলি মােক ভাড়াৰ কোঠাটো পােৱাৰ পিছত, মােক দাংকোলা কৰি নি বিছনাত শুৱাই দিওঁতেই, বিছনাৰ কাঠত মােৰ কঁকালটো লাগি দুখ পাই পুৰণা ঘা এটাৰ পৰা হৰ্-হৰ্কৈ তেজ বৈ আহিল।
কি হ’ব এতিয়া ?
আকৌ এটা ঘা বাঢ়িল ! ‘বসন্ত’ৰ চিকিৎসাত লাগিল এইবাৰ।
নিমপাত ছিঙি আনি কোঠাটোত থ’লে। ফোঁহাবোৰ খজুৱতি ধৰিলে নিমপাতৰ ঠাৰিৰে লাহে লাহে পাতবিলাক গাত বুলাই দিছিল।
কি কি কৰা নাছিল মােক প্রশান্তি দিবলৈ দাদাদুজন আৰু মায়ে ?
দেউতাই আমাক তাতে থৈ গুচি গ’ল।
ডাক্তৰে এখন কাগজ লিখি দিছিল। মােৰ চিকিৎসাৰ খৰচ কিমান হ’ব। সেইখন নি দেউতাৰ অফিচত জমা দিলে অফিচৰ পৰা মােৰ চিকিৎসাৰ খৰচ খিনি দিব।
দেউতাহঁতৰ সেনাবাহিনীৰ চাকৰিত নিয়ম আছিল–চাকৰি কৰাজনৰ পত্নী, ল’ৰা-ছােৱালী, মাক-দেউতাকৰ অসুখ হ’লে চিকিৎসাৰ খৰচখিনি চৰকাৰে বহন কৰে। মােৰ কাৰণেও চিকিৎসাৰ টকা আনিবলৈ দেউতা গ’ল দিল্লীলৈ।
মােৰ চিকিৎসাৰ খৰচ আছিল অত্যধিক।
এটা সৰু কোঠা। এখন বিছনা। দাদা দুজনে পকাত শােৱে। পকাতে বহি খায়।
মােক লজৰ কোঠাত থাকোঁতেই পল্লৱদাই বহু যত্ন কৰি, আনে বহুৱাই দিলে অলপ সময় বহি থাকিব পৰা কৰিলে।
মাৰ মনত সীমাহীন আনন্দ উজলিছিল। পৰিতৃপ্তিৰ এটা হাঁহি ফুটি উঠিছিল ওঁঠত।
মায়ে দাদা দুজনক ক’লে—এটা ‘কেমেৰা’ কিনি আনি মােক এখন ফটো তুলি বা, মালা, বাবুক দেখুৱাবলৈ পঠিয়াই দিব লাগে।