ভ্ৰম-ৰঙ্গ/প্ৰথম অঙ্ক
ভ্ৰম-ৰঙ্গ৷
⸻
প্ৰথম-অঙ্ক।
⸺:-✹-:⸺
প্ৰথম-দৰ্শন।
ৰজাৰ বৰচৰা।
ৰজা, ধনবৰ, কোটোৱাল, বিষয়, আৰু বন্দীপাল
আদি প্ৰবেশ।
- ধনবৰ—স্বৰ্গদেও! সোনকালে মোৰ প্ৰাণবধৰ ব্যৱস্থা কৰক; যমেই মোৰ দুখ-যন্ত্ৰণাৰ অন্ত নকৰিলে আৰু আনে কৰোতা নাই।
- ৰজা—শুনা কাম পুৰীয়া সাউদ, তুমি আৰু সৰহ কথা নকবা। আমি স্বদেশৰ বিধি লঙ্ঘন কৰি পক্ষপাত আচৰিৰ নোৱাৰোঁ! কামপুৰীয়া ৰজাই এই মায়াপুৰৰ নিৰপৰাধ
মুদৈবিলাকক যেনে যন্ত্ৰণা দিলে, আন কি ধন দিব নোৱাৰাত সিহঁতক শালত দিলে, সেই কথালৈ মনত পড়িলে আমাৰ মনত কাম-পুৰীয়া মানুহলৈ লেশ মাত্ৰ দয়ায়ো ঠাই নাপাই। তোমাৰ আৰু আমাৰ দেশৰ প্ৰজাৰ ভিতৰত এই কন্দল হবৰে পৰা উভয় দেশতে দৃঢ়ৰূপে বিধিবদ্ধ কৰা হইছে যে শত্ৰু-পক্ষৰ কোনো নগৰতে আমাৰ কোনো মানুহে বেহা-বেপাৰ কৰিবলৈ নাযাব। আৰু শত্ৰু-পক্ষৰ মানুহে আমাৰ ৰাজ্যলৈ নাহিব। অকল সেয়েই নহয়— যদি কোনো কামপুৰীয়া মুদৈয়ে মায়াপুৰৰ কোনো হাট- বজাৰত অকস্মাৎ ভৰি দিয়ে বা সাগৰৰ দাঁতিৰ নাও-বন্ধা ঘাটলৈ সোমায় তেন্তে এহেজাৰ টকা দিব নোৱাৰিলে তেওঁৰ প্ৰাণদণ্ড হব, আৰু তেওঁৰ বয়-বস্তু বেছিলেও কথমপি এশটকিমান ৰূপ পোৱাও টান। গতিকে বিধি-অমুসৰি তোমাৰ প্ৰাণদণ্ডই স্থিৰ হল।
ধনবৰ— মহাৰাজ! হওক, সিও মোৰ পক্ষে শুভ বাৰ্ত্তা, কিয়নো, মহাৰাজৰ কথাৰ ওৰ পড়িলেই মোৰ দুখৰে। ওৰ পড়ে। দিনৰ শেহত বেলি মাৰ যোৱাদি মহাৰাজৰ কথাৰ শেহত মোৰ দুখো অন্ত হব।
ৰজা— কামপুৰীয়া-বুঢ়া-সাউদ, বাৰু কোৱাচোন তুমি নো কিয় তোমাৰ ওপজা ঠাই এড়ি এই ৰাজ্যলৈ আহিছিলা? ধনবৰ স্বৰ্গদেও! মোৰ পক্ষে মোৰ নিজৰ অসহ্য দুখৰ কাহিনি কোৱাতকৈ আৰু একো টান শাস্তি নাই। তেও, স্বৰ্গদেও, আগলৈকে এই সংসাৰত কথা ৰব, আৰু দহ-চাৰিয়েও জানিব যে মই কোনো গৰ্হিত অপৰাধ কৰি প্ৰাণ হেৰুৱা নাই। কেৱল মাথোন লৰা- তিৰোতাৰ মৰমেইহে মোৰ কাল হল। মই কামপুৰত ওপজো, তাতে ডাঙ্গৰ-দীঘল হও, পাছে তাতে মোৰ গৃহবাসো হয। মই যাৰে সৈতে সম্বন্ধ কৰিলোঁ কিজানি তেওঁ মোৰ নিচিনা দুৰ্ভগীয়ালৈ নপড়া হলেই সুখে থাকিব পাৰিলে হেতেন। বিধিৰ বিপাক নোহোৱা হলে কি জানি তেওঁৰ মোৰ পৰাও সুখ হল হেতেন। বিয়া কৰি কিছুকাল আমি বৰ সুখেৰেই আছিলোঁহঁক। মুদৈ- নগৰৰ অঞ্চলত কেবাবাৰো বেহা-বেপাৰ কৰি অলপ-অচৰপ ধন-সম্পত্তিও কৰিছিলোঁ, কিন্তু কি হব দুখীয়াৰ দুখ কতো নুগুচে , মই যাৰে সৈতে ভাগী হৈ বেহা-বেপাৰ কৰিছিলোঁ তেওঁৰ অকস্মাৎ মৃত্যু হোৱাত যৰে বস্তু ততে পড়ি থাকিল। মই একো উপায় নাপাই—বস্তু- বাহানি বিলাকৰ দিহা লগাবৰ নিমিত্তে সকলো কথা কাতিকৈ থৈ ঘৰ-দুৱাৰ এড়ি মুদৈনগৰলৈ যাব লগাত পড়িলোঁ। কিন্তু মই সেই খিনি পাবৰ কথমপি ছমাহ হল কি নহল আমাৰ ঘৰৰ-ঘৈণী জনাৰ গাত উখল-মাখল লাগিল। তিৰোতাৰ মুখতো দুখ নুগুছে—আন একো নহলে তপত ভাতৰ ধোঁৱায়েই খায়। মোৰ পাছতে দিন চেৰেকৰ মূৰত বাটত একো বিঘিনি নোহোৱাকৈ মোৰ গুৰি ওলালগৈ। তাত অলপ দিন থাকিয়েই তেও দুটী যঁজা লৰা প্ৰসৱ কৰিলে। গঢ়ে-পিটে আকৃতিয়ে প্ৰকৃ- তিয়ে লৰা দুটী ইমান একে হল যে ইটোৰ পৰা সিটো চিনাই টান হল। দুইৰো নামো একে ৰখা হল কিন্তু কি আচৰিত কথা সেই দিনাই, সেই ক্ষেতে, সেই গাঁৱতে এজনি দুখুনী মানুহৰ তেনে দুটী লৰা হল। সিহঁতৰ মাক-বাপেক বৰ দুখীয়া আছিল। সেই লৰা দুটী মোৰ লৰা দুটীৰ লগতে থাকি আলপইছান ধৰিবৰ নিমিত্তে মই কিনি আনিলোঁ। লৰা দুটী হবৰে পৰা মাকৰ গাত গয় হল। নিতৌ মোক ঘৰলৈ যাবলৈ খাটে। মোৰ ঘৰলৈ যাবলৈ সিমান মন নাছিল। কিন্তু ঘৈণী জনাৰ কথা পেলাব নোৱাৰি তাতে মান্তি হলোঁ। আমাৰ দুৰ্কপালৰ গুণেই বৰ খৰপোছ কৰি যাবলৈ ওলালোঁহঁক। আমি জাহাজত উঠি ঘৰৰ ফাললৈ চাৰি দাড় মান বেলিৰ বাট আহিলোঁহঁক। তেতিয়া আকাশ বৰ নিৰ্ম্মল আছিল। জাহাজত বিপদৰ অলপো শঙ্কা নাছিল। কিন্তু আমি আৰু সৰহ বেলি এনে নিৰাপদ অৱস্থাত থাকিব নোৱাৰিলোঁহঁক। লাহে-লাহে গোটেই আকাশ ডাৱৰে ঢাকি পেলালে। দিনতে এন্ধাৰ হল। আমাৰ জীৱনৰ নিমিত্তে বিশেষ শঙ্কা হল। মোৰ জীৱনৰ প্ৰতি সিমান মায়া নাছিল। কিন্তু মোৰ তিৰোতাক ব্যাকুল দেখি আৰু সৰু কুমলীয়া লৰা দুটীৰ আটাহ শুনি মই থিৰেৰে থাকিব নোৱাৰিলোঁ। মৰণৰ হাত সৰা টান হল—এই কথা ভাবিয়েই মাক বিতত হল। লৰা কেইটাই মাকক কন্দা দেখিয়েই কান্দিবলৈ ধৰিলে, কিয়নো, ভয় কি বস্তু তেতিয়া সিহঁত বুজিব পৰা নৌ হয়। আমাৰ সেই অৱস্থাত কন্দাত বাজে আৰু আন একো উপায়ো নাছিল। জাহাজৰ নাৱৰীয়া বিলাকে জাহাজ এৰি সৰু নাৱেৰে বাম উঠিল। আমি আৰু একো উপায় নাপাই জাহাজতে থাকিলোঁ। মাকে বৰ লৰাটো মাস্তুললৈ আনি থোৱা কাঠ এডালতে বান্ধিলে, তাৰ লগতে বৰ লগুৱা লৰাটোও বান্ধিলে,। মইও ই দুটা লৰা সেই দৰেই আন এডাল কাঠত বান্ধিলোঁ। তাৰ পাছত আমি দুয়ো সিহঁতৰ লগতে ককাঁলত বান্ধ দিলোঁ। লৰাকেইটাৰ ওপৰতে আমাৰ ধাউতি থাকিল। পাছে সোঁতৰ লগে লগে উটি গৈ আছিলোঁহঁক। আমাৰ গাত দিক-বিদিকৰ একো ভূ নাছিল, অনুমানত আমি লোহিত নগৰৰ ফাললৈ উটি যোৱা যেন লাগিছিল। কিছু বেলিৰ পাছত ৰদ ৰেঙালে। বেলিয়ে গা দেখা দিলে। আপদীয়া মেঘ নাই- কিয়া হল। সাগৰেও শান্তমূৰ্ত্তি ধৰিলে। অলপমান বেলি আছে; এনেতে আমাৰ ফাললৈ দুখন জাহাজ অহা দেখিলোঁ। এখন লোহিত নগৰৰ আৰু আনখন দিব্যপুৰৰ পৰা অহা যেন মনে ধৰিলে। কিন্তু এই জাহাজ দুখন আমাৰ ওচৰ পাওঁ পাওঁ হওঁতেই —স্বৰ্গদেউ! স্বৰ্গদেউ! —মোৰ আৰু কথা নোলাই! তাৰ পাছত কি হল ইয়াৰ পৰাই বুজক-
(কান্দিবলৈ ধৰে)।
ৰজা— নহয় কোৱা, কোৱা, তাৰ পাছত?——এধা— কোৱাকৈ নেৰিবা। আমি তোমাক ক্ষমা কৰিব নোৱাৰিলেও পুতৌ কৰিব পাৰোঁ।
ধনব— (হুমুনিয়াহ পেলাই বৰ বেজাৰেৰে) অস্! স্বৰ্গদেও! দেৱতা সকল সেই ক্ষণতো যদি মোৰ প্ৰতি অলপ মান তুষ্ট হল হেঁতেন তেও মই আজি সিবিলাকক নিষ্ঠুৰ নুবুলিলোঁ হেতেন। আৰু কুৰী মাইলমান যোৱা হলে সেই দুখন জাহাজ লগ পালোঁহেতেন। কিন্তু নৌ পাওঁতেই বাটতে আমাৰ জাহাজখন অকস্মাৎ এটা বৰ ডাঙৰ শিলত পড়ি সোঁ মাজতে দুফাল হল। এইদৰে লগ এৰা এৰি হোৱাত আমাৰ হৰ্ষ-বিষাদ সমান হল। আমি কান্দিমেইনে হাহিমেই একো ঠিক নহল। লৰাহঁতৰ মাক থকা ডোখৰ অলপ সৰু হৈ ভাগিল। দুখৰো যদি তেও সেই দৰে সৰু ভাগ পালেহেঁতেন তেও ভাল আছিল, কিন্তু তেনে নহল! ধুমুহাত পৰি ভালেমান আঁতৰ হল। আমাৰ আগতে সিহঁত তিনিউকো লোহিতনগৰৰ মাছমৰা মানুহে তুলি নিয়া যেন দেখিলোঁ। কিছুমান বেলিৰ পাছত আমাকে সেই দৰে আন এখন নাৱৰ মানুহে তুলি নিলে। আৰু আস্ত-ব্যস্ত কৰি আমাক সিহঁতে সুশ্ৰষাও কৰিলে। এই খন নাৱৰ বেগ কম গুণে জালোৱাহঁতক একো অপকাৰ নকৰি একেবাৰে ঘৰলৈ পোনালে। স্বৰ্গদেও! এতিয়া শুনিলে মইনটা কেনেকৈ মুখৰ পৰা বিড়ম্বিত হলোঁ। মোৰ দুৰ্ভাগ্যৰ নিমিত্তে মোৰ এই ক্লেশ-ভোগী জীৱ নিজৰ দুখৰ কাহিনি কবলৈকে এতিয়াও জীয়াই আছে!
ৰজা— আৰু অলপ থিৰ হোৱা। তুমি যাৰ নিমিত্তে কাতৰ হৈছা সিহঁতৰ হকেই কোৱা, সিহঁতৰ আৰু তোমাৰ এতিয়ালৈকে কি কি অৱস্থা হৈছিল আমাক সাৱশেষে জানিব দিয়া।
ধনবৰ—মোৰ বৰ মৰমৰ সৰুলৰাটীৰ বয়স যেতিয়া ওঠৰ বছৰ সোমাল, তেতিয়া সি ককায়েকৰ নিমিত্তে বৰ উত্ৰাৱল হল। সি মোক নিতৌ লগুৱা লৰাটোয়ে সৈতে ককায়েকক বিচাৰি যাবলৈ খাটে। লগুৱা লৰাটোৰো তাৰ দশাই! তাৰো ককায়েক হেৰাল। যদিও মৰমত মোৰ সৰু লৰাটী পঠাবৰ মন নাছিল তেও বৰটীৰ মৰমতে তাক পঠালোঁ। কোলাৰটি এৰি পেটৰটীলৈ আশা কৰাৰ দৰে হল। পাছত সিহঁতকে বিচাৰিব লগাত পডিল। এবছৰ নহয় দুবছৰ নহয় পাঁচ বছৰ মই সিহঁতকে বিচাৰি দেশ-দেশান্তৰ ফুৰিলোঁ; অৱশেষত পোৱাৰ অলপো আশা নাথাকিলেও মানুহে বসতি কৰা সকলো ঠাইত বিচাৰিবৰ মনেৰে ঘৰমুৱা হৈ সাগৰৰ দাঁতিয়ে দাঁতিয়ে আহি মায়াপুৰ পালোঁহি। ইমানতে মোৰ জীৱনৰ কাহিনি শেষ হল। অত দেশ ফুৰি সিহঁত জীয়াই আছে বুলি শুনা হলেও এই অকাল মৃত্যুতে মই সুখী হব পাৰিলোঁহেঁতেন।
ৰজা—শুনা দুৰ্ভগীয়া কামপুৰীয়া মুদৈ, বিধতাই তোমাক কেৱল ইমান বিলাক কষ্ট ভুঞ্জিবলৈকে স্ৰজিছিল। যদি তুমি আমাৰ কথাত প্ৰত্যয় যোৱা, আমি পেটে সৈতে তোমাৰ সলনি দুখ পাইছোঁ। আৰু আমাৰ তোমাক নিস্তাৰ কৰিবৰ শক্তি থকা হলে নিশ্চয় কইছোঁ তুমি নিস্তাৰ পালাহেঁতেন। কিন্তু তেনেকৈ ৰক্ষা কৰা আমাৰ পক্ষে অযুগুত। দেশৰ বিধি লঙ্ঘন কৰিলে, এই ৰাজ, সিংহাসন, এই ছত্ৰ-দণ্ড, ৰজাৰ মান-সম্ভ্ৰম, পদ-মৰ্য্যাদা, ৰাজ- প্ৰতিজ্ঞা, ৰজাৰ ধৰ্ম্ম, সকলোকে লঙ্ঘন কৰা হয়। এই বিলাক ৰজাই কেতিয়াও অৱহেলা কৰিব নেপায়। ৰাজ ধৰ্ম্ম নষ্ট কৰা মহা পাতকৰ কথা। যদিও আমি তোমাক প্ৰাণ-দণ্ডৰ আজ্ঞা দিলোঁ, আৰু সেই ৰাজ আদেশ লুটিয়া নোৱাৰোঁ, তেও আমি তোমাক আমাৰ ৰাজ-মৰ্য্যদাৰ গৌৰৱ হানি কৰিও সাধ্য- মতে উপকাৰ কৰিম। আজি গোটেই দিনটো তোমাক দিলোঁ, তুমি পাৰামানে চেষ্টা কৰি চোৱা, আৰু পাৰিলে আপোৰ জীৱনৰক্ষা কৰা। কোনোবাই পুতৌ কৰিব পাৰে। এই নগৰত তোমাৰ যদি চিনাকি কোনোবা আছে তেওঁৰ গুৰিলৈ যোৱা। ধাৰে হক, মাগি হক, ধনৰ যোৰা মাৰি নিজৰ প্ৰাণৰক্ষা কৰা। তাকে কৰিব নোৱাৰিলে নিশ্চয় তোমাৰ প্ৰাণদণ্ড হব। বন্দীপাল! এওঁক তোৰ হাতত ৰাখ।
বন্দীপাল—স্বৰ্ণদেৱৰ যি আজ্ঞা।
ধনবৰ— মই নিৰাশ, নিঃসহায়, নিৰুপায়, আপদত পড়িলোঁ, হে হৰি! তুমি একমাত্ৰ পৰম বন্ধু!
[ কান্দিবলৈ ধৰে আৰু বন্দীপালে হাতত বান্ধ দি লৈ যায় ]
[ সকলোৰে প্ৰস্থান।]
⸻
[ ১০ ]
দ্বিতীয় দৰ্শন।
ৰাজআলি।
কামপুৰীয়া নিৰঞ্জন, কামপুৰীয়া কলিমন,
আৰু এজন মুদৈৰ প্ৰবেশ।
মুদৈ—সেই দেখি আপুনি আনৰ আগত আপোনাৰ
মায়াপুৰতে ঘৰ বুলি কব। নাইবা আপোনাৰ বস্তু-বাহানি যি
আছে সোপাকে আটক কৰি ৰাজভড়াঁললৈ নিব। আজি
এজন কামপুৰীয়া মুদৈক এই নগৰলৈ সোমোৱা বাবেই বন্দী
কৰিছে। এই ৰাজ্যৰ বিধি মতে তেওঁৰ প্ৰাণদণ্ডও হব। মোক
হাতত থবলৈ দিয়া ধনৰ মোনাটো নিয়ক।
(মোনাদিয়ে)
কা, নিৰঞ্জন—কলিমন, যা এইৰূপৰ মোনাটো নি আমি থকা জাহাজ ঘাটৰ ওচৰৰ অতিথি-থকা ঘৰত থগৈ। মই নাযাওঁ মানে তই ৰাখি থাকিবি। আমাৰ ভাত খাবৰ বেলি হয় হে—হয় মানে মই নগৰৰ গঢ়-গতি চাই ফুৰি আহোঁ। বজাৰ-সমাৰো দৰ-ভাও বুজোঁ, ঘৰ-দুৱাৰ, আলি-পদুলী বিলাকো চাওঁ। ঘূৰি আহি অলপ শুমগৈ, ফুৰি ফুৰি বৰ
ভাগৰ লাগিছে—যা। কা, কলি—ভাল, যাওঁ বাৰু।
[ প্ৰস্থান। ]
কা, নিৰণ—শুনিচেনে দেও, এই লগুৱাটো মোৰ বৰ বিশ্বাসৰ। মোৰ যেতিয়া বৰকৈ দুখ-ভাগৰ লাগে, বা চিন্তাই চাৰিও ফালৰ পৰা মোক বেঢ়ি ধৰে, ই বহুৱালি কথা কৈ মোৰ মনত ৰঙ্গ লগায়। আহক ছোন, আমি নগৰৰ চাৰিও ফালে চাওঁ-চিতোঁ, পাছে দুয়ো আমাৰ থকা ঘৰতে গৈ দুপ- ৰীয়া ভাত-পানী খামগৈহঁক। কিবোলে?
মুদৈ—মোক নধৰিব, মোৰ আজি আন এজন মুদৈৰ ঘৰত নিমন্ত্ৰণ আছে। তাত মোৰ ভালেমান লাভৰো আশা আছে। যদি লাগে, গধূলি মই বজাৰতে আপোনাৰে সৈতে দেখা কৰিম। তেতিয়া হলে শুবৰ বেলিলৈকে আপোনাৰে সৈতে কথা-বাৰ্ত্তা পাতি থাকিব পাৰিম। এতিয়া আপুনি বেয়া নাপাব, কাম আছে দেখিহে এতিয়া আপোনাৰ পৰা বিদায় লব লগাত পড়িলোঁ।
কা, নিৰণ—ভাল, তেন্তে এতিয়া যাওক। মই নগৰৰ ইফাল-সিফাল কৰি চাওঁ-চিতোঁ।
মুদৈ—ভাল, মই এতিয়া বিদায় হওঁ। ঈশ্বৰে আপোনাৰ শুভ ইচ্ছা পূৰ্ণ কৰক।
[ প্ৰস্থান। ]
কা, নিৰণ—তেওঁ মোৰ ইচ্ছা পূৰ্ণহক বুলিছে; কিন্তু যাক পালে মোৰ মনৰ ইচ্ছা পূৰ্ণ হব, তাক কত-কেনেকৈ পাম! এই সংসাৰ-সমুদ্ৰত মই টোপাকৈ এটোপা পানীৰ দৰে—তেনে হৈ মই সাগৰৰ পানীৰ মাজত মোৰ লগৰ এটোপা পানী বিচাৰিছোঁ—লগৰ টোপা যে নাপালোঁয়েই আপোনাকো হেৰুৱালোঁ—বিমোৰ হলোঁ। আপোনাকে চিনিব নোৱাৰাত পড়িলোঁ! আই-ভাইক বিচাৰিবলৈ আহি আপুনি নিৰুদ্দেশ হলোঁ। ইয়াকেহে বোলেঃ— বিধিৰ বিড়ম্বনা! হৰি, হৰি, কপাল!!
মায়াপুৰীয়া কলিমনৰ প্ৰবেশ।
অ, আমাৰ জন্ম পত্ৰিকা ডোখৰ আহি ওলালহিযেই দেখোন; ইমান সোনকালে নো আকৌ কিহে ওভোটাই আনিলে?
মা, কলি—সোনকালে ওভোটোই আনিলে কিহে- কি? মোৰ মনেৰে ৰব পলমহে হব পায়। ভাত শুকাই কৰ্ক্কৰা হল; আঞ্জা চেচাঁ হল, ভজা-খৰিকাত দিয়া মাছ মচমচীয়া গুছি পাততদিয়াৰ দৰে হল, আৰু পাততদিয়া মেকুৰীৰ পেটত সোমায়ো জীণ যাব লগা হল। ঘড়ীত বাজিল বাৰ, আইয়ে আমাৰ গালত বজালে এক। আইৰ খঙ্গে মুড় পালেগৈ, জ্বলি-পকি উঠিল—কিয়নো, ভাত চেঁচা হল। ভাত চেঁচা হল—আপুনি ঘৰলৈ নাযায়। আপুনি ঘৰলৈ নাযায়—পেটত ভোক নাই। পেটত তোক নাই— এসাজি খাই আহিছে। কিন্তু যি লঘোনে থাকে সিহে বুজে; আমাৰ ফালে আধ্যা, ইপিনে পেটতো লঘোন, আৰু আপোনা দোষৰ বাবে পিঠিটো ঔ কিল।
কা, নিৰণ—তোমাৰ কেলকেলনি খন এতিয়া সামৰি থোৱা। কছোন, মই দিয়া টকা খিনি কত থলি?
মা, কলি— ( কিছুমান বোল মৌন হৈ) অ—- সেই বুধবাৰে দিয়া শিকিটো, মই তাক কিয় থৈছোঁ, মুচিয়াৰক দিবলৈ দিছিল— দিলোঁ। ঘোড়াৰ পেটীডাল চিগিছিল, তাৰ যোৰোৱা বেছত মাৰি দিলোঁ।
কা, নিৰণ—মোৰ গাত এতিয়া ধেমালী লগা নাই। এতিয়া ৰঙ কৰিব নালাগে, ধন কত থলি ক? তই নাজাননে আমি ইয়াত আচহুৱা? সিমানবিলাক টকা তই কোনটো সাহেৰে লোকৰ হাতত থৈ আহিলি?
মা, কলি— মই আপোনাক সেৱা এটি কৰিছোঁ সেইবিলাক ধেমালী ভাতৰ পাতত বহি কৰিবগৈ; মোক আইয়ে লৰালৰিকৈ কৈ আপোনাক নিবলৈ টেকেলা পঠাইছে, যদি সুদা মুখেহে ওলাবগৈ লাগে, তেন্তে খুটাত বান্ধি লৈ টেকেলাৰ মান চাৰিব! আপোনাৰ খঙ মোৰ পিঠিতে সাৰিব। মই চাওঁতে মোৰ দৰেই আপোনাৰ ভোকত পেটে কলমলনি লগাব পায়। আৰু টেকেলা নলগাকৈয়ে ঘৰলৈ
যাব লগা হব পায়। কা, নিৰণ— হেৰ, হেৰ, কলিমন! থাক, থাক, এতিয়া ধেমালীৰ সময় নহয়। সেইবিলাক ধেমালী মন ভাল লগা কাললৈ থৈ দে। তোক থবলৈ দিয়া ধনখিনি কত?
মা, কলি মোক নে? মোক দেখোন আপুনি একো ধন-বিত দিয়া নাই।
কা, নিৰণ— থ, থ, তোৰ বহুৱালি ইমানতে ওৰ পৰক। তোক যি থবলৈ দিছিলো^ সি কত? কত পেলালি কুকুৰ, নিলাজ?
মা, কলি—থোৱা-লোৱা কি? আপোনাক নিবলৈ মোক পঠিয়াইছে, মই এতিয়া তাত বাজে একো নাজানোঁ আপোনাক ভাত খাবলৈ নিব লাগে। আইও ৰৈ আছে, আইটীও বাটচাই আছে।
কা, নিৰণ—মই কেনে ভকত তই চিনা নাই? মই সঁচা কৈছোঁ, সুদাই নেড়িম। তই ঠিক কথা ক, টকা কাৰ হাতত থৈ আহিছ, নহলে তোৰ ধেমালী কৰা মুখকে ভাঙিম। মোৰ মন বেয়া লাগি থাকোতে ধূন কৰাৰ জোল উলিয়াম চাবি। মোৰ পৰা নিয়া ৰূপ হেজাৰ কত থলি?
মা, কলি—মই ৰূপ-বান থোৱাৰ কথা কব নোৱাৰোঁ, মনতো নপৰে। গালত ঠাচ্-ঠাচ্ কৈ মৰা চড় গোটা- দিয়েকৰহে মনত আছে। আইয়ে মৰা ভুকু কেইটামানৰো সাঁচ পিঠিত থাকিব পায়। কিন্তু চড়-ভুকু এটাইখিনি গোটা- লেও এহেজাৰ নহব হবলা।
কা, নিৰণ— তোৰ আইয়েৰৰ ভুকু। তোৰ আইয়েৰ আকৌ কোন অ?
মা, কলি—দেউতাৰ ঘৈণীয়েক। ভেলউগুৰিত থকা আমাৰ আই, যি জনাই আপোনালৈ বাটচাই এতিয়ালৈকে লঘোত পেটুশুকাইমৰি কই পঠাইছেঃ— সোনকালে ভাত খাবলৈ আহক।
কা, নিৰণ—কি তই মোক মুখৰ আগতে ইমানকৈ উপলুঙ্গা কৰ? হাক দিয়াতো ইমান পা দেখোন খেকাৰখোৱা গোলাম!
[ প্ৰহাৰ।
মা, কলি—কি কৰে—আধ্যাকে কৰেনে কি? হে-হে -আপোনাৰ এটাইৰে সপত, এড়ক, এড়ক। আপুনি নেড়ে যদি আমি পলায়্ৰ্দ্ধ্ং।
[ ভিৰাই ধৰি লৰ মাৰে।
কা, নিৰণ—মই নিশ্চয় জানিছোঁ, এই পাষণ্ডক কোন- বাই চলিলে। মোৰ ধনখিনি ফাকি দি নিলে। সকলোৱে কয় বোলে এই নগৰত বৰ মায়া জানে। তেলেকীবাজী কৰি চকুতে বালি মাৰে। জুগুনীহঁতে মনকে ভূলাই মানুহৰ সৰ্ব্বনাশ কৰে। মন্ত্ৰকৰি বোলে পিঠিতে গছ গজায়। বহিবলৈ দিয়া পিৰাই লাগি ধৰে। গছকে বাটবুলায়। নৈৰ ওপৰে হুনু খৰমেৰেই যায়। ই নিশ্চয় ডাইনী-জুগুণীৰ দেশ। ভালে- তোহে ইয়াৰ নাম মায়াপুৰ হৈছে। ইয়াৰ কথা ভাবোতেই পেটতে হাত-ভৰি লুকায়। ইয়াৰ পৰা সোনকালে গা সাৰি যাব পাৰিলেই মঙ্গল। যাওঁ, সোনকালে সেই থকা ঠাইলৈ যাওঁ। লগুৱাটোকে বিচাৰ-খোচাৰ কৰোঁগৈ। মোৰ মনত বৰ উগুল-থুগুল লাগিছে—টকা খিনি গল-কি-চল হে।
[ প্ৰস্থান।
⸻