ভ্ৰম-ৰঙ্গ/পঞ্চম অঙ্ক
পঞ্চম অঙ্ক।
⸻
প্ৰথম দৰ্শন।
ৰাজআলি, দেৱালয়ৰ সন্মুখ।
⸻
সোণেশ্বৰ আৰু অনিৰামৰ প্ৰবেশ।
সোণেশ্বৰ—মোৰ দোষতে যে আপুনি ইয়াত বান্ধ খাই থকা দি থাকিব লগা হল, মই তাত যি দুখ পাইছোঁ, তাক কি কম, বুজিছে নে? আপুনি আছে মই তেওঁক হাৰ-গছ হাতে হাতে দিছোঁ; কিয় তেওঁ মিছা মাতি এই মহাপাপ আচৰণ কৰিছে কব নোৱাৰোঁ।
অনিৰাম—বাৰু, তেওঁ নো কেনে বিধৰ মানুহ আপুনি কি কব পাৰে? ইয়াৰ মানুহৰ তেওঁৰ ওপৰত বিশ্বাস কেনে?
সোণেশ্বৰ— অস্, বুজিছে নে, সেই পাকে হলে তেওঁৰ মোলেই নাই। এই নগৰৰ সকলো মানুহেই তেওঁক বৰ ভাল পায়। তেওঁতকৈ ডাঙ্গৰ মানুহ এজন ইয়াত নাই। তেওঁৰ ওপৰত সকলোৰে বিশ্বাসো প্ৰবল। অইন কি, তেওঁৰ মুখৰ কথা একেষাৰ হলেই মোৰ যথা সৰ্ব্বস্ব তেনেই দিব পাৰোঁ।
অনিৰাম—ৰব, সৌৱা তেওঁ এই ফাললৈ আহিছেই হবলা।
কা, নিৰঞ্জন, আৰু কলিমনৰ প্ৰবেশ।
সোণেশ্বৰ—হয়! বাৰে বাৰে শপত খাই নাই পোৱা বুলি কোৱা সেই হাৰ-গছো তেওঁ ডিঙ্গিতে পিন্ধি আহিছে। অপুনি মোৰ ওচৰ চাপক চোন মই তেওঁক সোধোঁ। ডাঙ্গৰীয়া! আপুনি মোক এনে লাজত পেলাব বুলি নাজানিছিলোঁ। আপোনাৰ বাবেই এইজনা মোৰ আত্মীয় ভদ্ৰলোকো বৰ অসুবিধাত পড়িব লগা হল। ভাত বাজে, আপোনাৰো যথেষ্ট হানি হৈছে। কোটোৱালে ধৰা, আৰু বন্দীশালত সুমাই থোৱাকে আদি কৰি আপোনাৰ যি লাজ-অপমান হৈছেই, সেই ধনতে লাগিয়েই এৱোঁ ইয়াত বান্ধ পাই থাকিব লগা হল। আপুনি ধন ফেৰা দি দিয়া হলেই, এওঁ জাহাজত উঠি কোনোবাখন পালে গৈ হেতেন। তেতিয়া যে আপুনি মিছা মাতিছিল, এই গছ হাৰ কৰ? এই গছেই মই দিয়া নহয় নে?
কা, নিৰণ—হ পায় তুমিয়েই দিয়া, মই তো মিছা মতা নাই।
অনিৰাম— মাতিছিলা তুমি মিছা, আৰু বাৰে বাৰে শপতো খাইছিলা।
কা, নিৰণ—( খঙ্গেৰে ) কেনে শুনিছিল মই মিছা মতা, আৰু শপত খোৱা?
অনিৰাম—( খঙ্গেৰে) মোৰ এই দুখন কাণেই শুনিছিল। তোমাৰ জীৱনত ধিক্। ভাল মানুহৰ আগত মুখ উলিয়াবলৈ লাজ লগা নাই নে?
কা, নিৰণ—কি। মই মিছ কওঁ। দুৰাশয়! তোৰ ইমান সাহ! একে কোবে মুড়টো চিঙ্গিব দিছ নে! আহ, দুষ্ট মিছলীয়া, মই তোলৈ ভয় নকৰোঁ।
[ দুয়ো যুজ কৰিবলৈ সাজু হয়।
মালতী, তৰা, সোণপাহী ইত্যাদিৰ প্ৰবেশ।
মালতী—হে, হে, কি কৰা! নেমাৰিবা, নেমাৰিবা, তে আজি বলিয়া হৈছে। বলিয়াৰে যুজি কি হব। এজনে তেওঁৰ তৰোৱাল খন কাঢ়ি লোৱা দেওহে। লগুৱাটোকো ধৰি বান্ধাঁ, মোৰ ঘৰলৈ লৈ যাওঁ।
কা, কলি—দেউতা! পলাওক পলাওক! এইটো দেৱালয়, ইয়াৰ ভিতৰতে সোমাওক, নহলে আমাৰ ফালে আজি সাঙ্গ!
[ দুয়ো দেৱালয়ত সোমায়।
তাপসীৰ প্ৰবেশ।
তাপসী—কি হৈছে? কিয় তোমালোকে গোলমাল কৰিছা?
মালতী—আই, মোৰ স্বামী আপোনাৰ মন্দিৰলৈ সোমাইছে। তেওঁক ভূতেই পাইছে নে বিয়েই, কেৱলে ভ্ৰম হৈ ফুৰিছে। অনুগ্ৰহ কৰি যদি আমাক সোমাবলৈ দিয়ে আমি তেওঁক বান্ধি-চাটি ঘৰলৈ নি, বেজ-জ্ঞানী লগাব গৈ পাৰোঁ।
সোণেশ্বৰ—তেওঁৰ যে মনৰ কিছু বিপাক হৈছে, মই বুজিব পাৰিছিলোঁ।
অনিৰাম—এঃ! তেওঁ নকলে আপুনি, নেবুলি জনা হলে মই কেতিয়াও মাৰিবলৈ খেদি নাযাও। এতিয়া মোৰ মনত বেয়া হে লাগিছে।
তাপসী—তোমাৰ স্বামীৰ নো তেনেকুৱা হবৰ কিমান দিন হৈছে।
মালতী—'আজি সাতদিনমান তেওঁ মনটো কিছু গধূৰ কে ফুৰিছিল, আজি আবেলি হে তেওঁৰ টান কৈ জাঁই উঠিল।
তাপসী—ইয়াৰ কাৰণ কি, কব পাৰা নে? তেওঁৰ কোনোবা আত্মীয় মানুহ হানি পড়িল নে কি? বা নাও বুৰি তেওঁৰ অনেক ধন-সম্পত্তিয়েই নষ্ট হল? নাইবা গুপ্ত-প্ৰেমত পড়িয়েই তেওঁৰ এই দশা হৈছে, কি কব পাৰা?
মালতী—অইন একো নাই, শেহৰটি অৰ্থাৎ গুপ্ত প্ৰেমত পৰা হলেই হব পাৰে।
তাপসী—যদি তেনে গম পাইছিলা, তেনেহলে তুমি তেওঁক কিবা কিবি কব লাগিছিল।
মালতী—তাকে নকৰিলোঁ নো কি?—কৈছিলোঁ।
তাপসী—হয়, কিন্তু টান মুখেৰে কোৱা নাছিলা ছাগেই।
মালতী—মুখৰ লাজ ৰাখি যিমান কব পাৰি, নকৈ এৰা নাই।
তাপসী-অকলৈ থাকোঁতে হে কোৱাঁ মনেৰে।
মালতী—কিয়, সমাজৰ মাজত থাকোঁতেও কওঁ।
তাপসী—হয়, তেও জোখাৰে নহল যেন পাইছোঁ।
মালতী—বাৰু শুনক, মই নো কেনেকৈ কওঁ। শুবলৈ গৈ শুব নোৱাৰে, মই সেইবোৰ কওঁ গুণেই; খাবলৈ গৈ খাব নোৱাৰে মই সেইবোৰ কোৱাৰ তাপতে; অকলৈ থাকিব, মই তাকে হে উলিয়াম; লগেৰে থাকিব মই মাজে মাজে তালৈকে হে ঠেলিয়াম; ৰাতিয়ে দিনে মুঠেই সেইবোৰ বেয়া ইয়াকে হে কৈ থাকোঁ।
তাপসী—এৰা, তাকে নোকোৱাঁ কিয়; সেই গুণেই হে মানুহটো বলিয়া হল। এনে তিৰোতাৰ মাত বলিয়া কুকুৰৰ দাঁততকৈও বিষাল। তোমাৰ উদ্ভণ্ডালিতে তেওঁৰ চকুৰ টোপনি নাইকিয়া হৈ বায়ু উধালে। তোমাৰ নিজৰ কথাতে ওলাইছে তেওঁৰ সদাই খোৱা-শোৱাত তোমাৰে পৰা অসুখ-অঁশাতি, যি খায় সিও জীণ নাযায়; বিহ-সনা যেন হয়। সেই গুণেই তেওঁৰ গাত জুই জলিল। আৰু বলিয়া হোৱা নো কি? একুৰা জুই মাথোন। তুমিয়েই কৈছা, তোমাৰ মাতৰ তাপতে তেওঁ এখন্তক মানুহৰ লগত ধেমালী-ধূমুলা কৰিও মন সুখেৰে থাকিবলৈ নাপায়, সেইবোৰ কথা তুমি উনুকিয়াই দিয়াঁ গৈ, এনেকৈ মনত সুখ শান্তিক অলপো ঠাই নিদিলে বায়ুৰ বহিৰে আৰু কি হে মুড়ত ঠাই পাব? খাওঁতে, শোওঁতে, ধেমালীত থাকোঁতে মানুহক সদাই অলপো তত নিদিলে মানুহ নেলাগে গৰু-মহো বলিয়া হব। শেহত এইয়ে হল গৈ যে তোমাৰ ঈৰ্ষ্যাৰ জুইয়ে তেওঁৰ জ্ঞানটি পুৰি চাই কৰিলে।
তৰা—বাইদেৱে কেতিয়াবা কিবা কিবি কলেও সেও হৈ হে কয়, তেওঁ হে জ্বলি-পকি উঠে।—নেমাতাঁ নো কিয়? ভেবা লাগি শুনি আছাঁ যে?
মালতী—তেওঁ মোক আপোন মুখতে ঘাটি খুৱালে। —হেৰা দেও সকল! দুজনমানে ভিতৰ সোমাই ডাঙ্গৰীয়াক ধৰি আনা বুজিছানে?
তাপসী—অ, মোৰ ইয়ালৈ কোনো সোমাব নোৱাৰে।
মালতী—তেনেহলে আপোনাৰে মানুহক কওক, তেওঁক উলিয়াই আনিবলৈ।
তাপসী—সিও নহয়। তেওঁ ইয়াকে শৰণৰ ঠাই মানি ইয়াত সোমাইছেহি যেতিয়া, তোমালোকৰ হাতৰ পৰা তেওঁ অৱশ্যে ৰক্ষা পাব। মই যি জানোঁ তাৰেই নিজে চাই চিঁতি তেওঁক ভাল কৰিম; বা ভাল কৰিব নোৱাৰি হাৰ মানি হে এড়িম।
মালতী— মই তেওঁৰ ধৰ্ম্মপত্নী; তেওঁক নৰীয়াত পৰ দিয়া, খুউৱা-ধুউৱা আদি কামত মোৰ হে অধিকাৰ, মই আনক সেইবোৰ কৰিবলৈ এড়ি নিদিওঁ; আপুনি উলিয়াই দিয়ক, মই তেওঁক ঘৰলৈ নিওঁ।
তাপসী—তুমি ইমান বিতত নহবা; তেওঁক আকৌ আগৰ অৱস্থালৈ নি ভাল কৰিবলৈ, মই যি জানোঁ, আৰু সকলোৱে যাক ভাল বোলে, এনে দৰব-জাতি খুৱাই-মেলি নোচোৱা কৈ, আৰু তেওঁৰ হৈ, যি পাৰোঁ, পূজা পাটল নকৰা কৈ মই এড়ি নিদিওঁ, ধুৰুপ জানিবা। এনেবিলাক কাম মোৰ ধৰ্ম্মৰ এক অংশ; মই যি ব্ৰত অৱলম্বন কৰিছোঁ, এইবোৰ দয়া-ধৰম সেই ব্ৰতৰ সঙ্কল্প। সেই কাৰণে এই কামত মোৰো অধিকাৰ আছে। তোমালোক যেই বাটেই আহিছা সেই বাটেই গুচি যোৱাঁ গৈ হঁক।
মালতী—মই মোৰ স্বামীক নিনিয়াকে ইয়াৰ পৰা খোজকে নলৰাওঁ; আৰু আপুনি ধাৰ্ম্মিক মানুহ হৈ এনে অন্যায় কৰি গিৰীয়েক-ঘৈণীয়েকৰ বিচ্ছেদ কৰাটো ভাল নহয়।
তাপসী—বাৰু মনে মনে গুচি যোৱাঁগৈ এতিয়া; তেওঁক নিবলৈ নোপোৱাঁ।
[ প্ৰস্থান।
তৰা—এই অপমানৰ কথা ৰজাত গোচৰ দিয়াঁ গৈ।
মালতী—আহ, মই ৰজাৰ ভৰিতে দীঘল হৈ কান্দি- কাটি পড়োঁ গৈ; ইয়ালৈ ৰজা নিজে আহি মোৰ স্বামীক তাপসীৰ হাতৰ পৰা কাঢ়ি আনি দিম নোবোলে মানে নুঠোঁয়েই।
অনিৰাম—এতিয়া মানে পাঁচ বাজিব পায়। সৌৱা ৰজাই দেখোন এই ফাললৈকে আহিছে। অ, ঠিক, এই মন্দিৰৰ পাছ ফালে যে দেখিলেই ভয় লগা সেই জেৰেঙ্গা খন (মশান) আছে, তালৈকে যাবলৈ এই বাটে আহিছে।
সোণেশ্বৰ—কি সকামত নো তালৈ যায়?
অনিৰাম—আজি পুৱা কামপুৰৰ এজন দুৰ্কপলীয়া বুঢ়া মুদৈয়ে এই দেশৰ বিধি লঙ্ঘন কৰি ইয়াত সোমালহি। সেই দোষতে তেওঁৰ প্ৰাণদণ্ড হব, তাকে চাবলৈ ৰজা নিজে আহিছে।
সোণেশ্বৰ—সৌৱা তেওঁবিলাক পালেহিয়েই। বলক আমিও সেই দুৰ্ভগীয়াৰ মৰণকে চাওঁ গৈ হঁক।
তৰা—ৰজাই এই মন্দিৰ পাৰ নৌ হওঁতেই তুমি আঠু লৈ গোচৰ দিবা।
ৰজা, ধনবৰ, বন্দীপাল, চাওদাঙ্গ, আৰু অইন
অইন বিষয়া সকলৰ প্ৰবেশ।
ৰজা—এতিয়াও ঢোল পিটি শুনাই দিয়া হওক, যে যদি কোনোৱে ধন-দণ্ড দি এওঁক সৰুৱাব খোজে, এতিয়াও এওঁক প্ৰাণদণ্ডৰ পৰা মুক্ত কৰা হব।
মালতী— স্বৰ্গদেৱ! এই তাপসীৰ ওপৰত বেটীৰ এখন গোচৰ আছে, বিচাৰ কৰক।
ৰজা—মই জানোঁ তেওঁ বৰ ধাৰ্ম্মিক মানুহ, তেওঁ নো তোমাক কি জগৰ কৰিছে? মোৰ বিশ্বাস, তেওঁ কেতিয়াও অন্যায় নকৰে। কোৱা, অৱশ্যে ন্যায় বিচাৰ কৰা হব।
মালতী—স্বৰ্গদেৱক কব নালাগে মোৰ স্বামী কোন; কাৰণ স্বৰ্গদেৱেই বেটীৰ বিয়া ঠিক কৰিছিল। আৰু মইও স্বৰ্গদেৱৰ কথাতে তেওঁক মোৰ ধন-জন-জীৱনৰ গৰাকী পাতিলোঁ। ঈশ্বৰৰ ইচ্ছা, আজি তেওঁ প্ৰচণ্ড বলিয়া হল। নগৰ গোটাইখনত যাৰে পায় তাৰে ঘৰত সোমাই বিৰিটো, মণিটো, আঙ্গঠিটো, যিহকে মন গৈছে তাকে আনি, তেওঁ অনেক মানুহৰ অপকাৰ কৰি ফুৰিছে। তেওঁৰ লগতে তেওঁৰ লগুৱাটোৰো সেই দশা, দুইও সমান। এবাৰ দুইকো বান্ধি নি ঘৰত সুমাই থোৱা হৈছিল গৈ। থৈ, কত কি জগৰ লগাইছে, জানি, লেঠা-পিঠা মাৰিবৰ মনেৰে এখন্তক বাহিৰলৈ ওলাইছিলোঁ; সেই ছেগতে, কিহৰ নো বলত কব নোৱাৰোঁ, ৰখীয়া-পৰীয়াকো নগণি, বলিয়া লগুৱাটোৰে সৈতে তেওঁ ওলাই আহিল। দুয়ো খঙ্গত উগ্ৰমূৰ্ত্তি হৈ হাতত তৰোৱাল লৈ আমাক খেদাত চেষ্টা হেৰুৱালে। মাতি বুলি সৰহ কৈ মানুহ- দুনুহ গোটাই লৈ আকৌ দুইকো বান্ধি নিবলৈ আহিছিলোঁ, তেনেতে এই মন্দিৰটোতে তেওঁ বিলাক লড় মাৰি সোমাল গৈ। আমিও পাচতে গৈছিলোঁ, কিন্তু তাপসীয়ে দুৱাৰ মাৰি ধৰিলে। তেওঁবিলাকক ঘৰলৈ লৈ যাবলৈ উলিয়াই আনিবলৈ আমাকে সোমাব নিদিয়ে; তেওঁ নিজেও উলিওৱাই নিদিয়ে। এইয়ে মোৰ গোচৰ। স্বৰ্গদেৱে বিচাৰ কৰি মোৰ স্বামীক মন্দিৰৰ পৰা উলিয়াই দিবলৈ তাপসীক আজ্ঞা কৰক।
ৰজা—তোমাৰ স্বামীয়ে বহুত দিনৰ পৰা মোক অনেক যুদ্ধত সহায় কৰিছে। আৰু তোমাকো মই নিজ মুখে কৈ তেওঁৰে সৈতে পৰিণয় কৰাবৰ সময়ত, যত পাৰোঁ তেওঁৰ ভাল কৰিম বুলি নিজে এই ৰাজমুখেৰেই প্ৰতিজ্ঞা কৰিছিলোঁ। তোমালোক কোনে হয় এজনে এই দেৱালয়ৰ দুৱাৰত খুন্দিয়াই, ৰাজ আজ্ঞা শুনাই, তাপসীক ওলাই আহিবলৈ কোঁৱা। মই এই কথাৰ এটা নিশ্চয় কৰি হে ইয়াৰ পৰা যাম।
এটা লগুৱাৰ প্ৰবেশ।
লগুৱা—আই! আই! আঁতৰক! আঁতৰক! আপোনাৰ গাটোকে সৰুৱাওক! দেউতা আৰু কলিমন দুইও কেনেবাকৈ মুকলি হৈ ওচৰৰ মাইকী মানুহবোৰক উধা-মুধা কৈ মৰিয়ালে; আৰু সেই বেজটোক ধৰি বান্ধি লৈ, ডাল-জুইৰে তাৰ দাঢ়ি বোৰ পুৰিলে; আকৌ দেশৰ খিচনি-বোকাবোৰ মাৰি দাঢিত লাগি থকা জুই কুৰা নুমালে। এতিয়া লগুৱাটোৱে কাচী এখন লৈ চুলি-টুলি কাটি তাক বহুৱাটো সাজিছে; দেউতাই আকৌ ‘অলপ ৰ অলপ ৰ’ বুলি তাক চেঁচনী দিছে। সঁচা কৈছোঁ, আই, যদি এতিয়াই তাক এৰুৱাবলৈ মানুহ নপঠিয়াই, তেনেহলে দুইও গোট খাই তাক মাৰি হে এড়িব।
মালতী—হে হে বলিয়া! তোৰ দেউতাৰ দেখোন তেওঁৰ লগুৱাৰে সৈতে ইয়াতে আছে। তই মিছা কথা কৈছ।
লগুৱা—সঁচা আই, মৰিবলৈ, মই মিছা কোৱা নাই। মই এই বোৰ দেখি একে উশাহতে এইখিনি পাইছোঁহি। দেউতাই পাৰে মানে আপোনাক, বিচাৰি ফুৰিছে, আৰু শপত খাই কৈছে, আপোনাক পালে হেনো আপোনাৰ মুখ এধা পোৰা কৰিব।
[ভিতৰত চিয়ঁৰ-বাখৰ।
শুনক, শুনক আই! দেউতাৰ মাত শুনিছোঁয়েই। পলাওক! ইয়াৰ পৰা লড় মাৰক!
ৰজা—আহাঁ, তোমালোক মোৰ ওচৰলৈ আহাঁ। একো ভয় নকৰিবা, কেউপিনে ৰখীয়া থওক। মালতী—কত নো মৰোঁ গৈ! সৌৱা হয় দেখোন ডাঙ্গৰীয়াই! দেখিছা ঔ ৰাইজ সকল! তোমালোক সাক্ষী হবা হঁক, তেওঁক কিহবাই উড়ুৱাই লৈ ফুৰাইছে। এতিয়া আমাৰ আগতে এই মন্দিৰত সোমাল, এতিয়াই আকৌ এই পিনে ওলালহি; এনে কথা মনেৰেও ভাবিব নোৱাৰি।
মা, নিৰঞ্জন আৰু মা, কলিমনৰ প্ৰবেশ।
মা, নিৰণ–মহাৰাজ! বিচাৰ কৰক, স্বৰ্গদেৱ! ন্যায় বিচাৰ কাৰ বন্দীক ৰক্ষা কৰক। অনেক যুদ্ধত মোৰ এই দেহাকে আগ কৰি স্বৰ্গদেৱক ৰাখি যুজি ফুৰোঁতে মোৰ গাৰ মঙ্গহ বখলা-বখলে গৈছিল, সেই কথাক এতিয়া সোঁৱৰক। তেতিয়া মই যি টোপা তেজ স্বৰ্গদেৱৰ নিমিত্তে দিছিলোঁ, এতিয়া ন্যায় বিচাৰ কৰি স্বৰ্গদেৱে তাৰ বেচ মোক দিয়ক।
ধনবৰ—(মনে মনে) মৰাৰ ভয়ত যদি মোৰ চকুত চলি- হাই ধৰা নাই, তেনেহলে এই দুটা, মোৰ পো নিৰঞ্জন আৰু তাৰ লগুৱা কলিমন যেন লাগিছে।
মা, নিৰণ—স্বৰ্গদেৱ! এই পাপিষ্ঠী তিৰোতাক স্বৰ্গ- দেৱেই মোক দিয়ে; তাই আজি মোক যিমান অপমান- অমৰ্য্যাত কৰিছে, আৰু তাৰ দ্বাৰাই মোৰ যিমান অনিষ্ট হৈছে তাৰ সীমা নাই।
ৰজা—কেনেকৈ? প্ৰমাণ কৰাঁ, অৱশ্যে ন্যায় বিচাৰ কৰা হব।
মা, নিৰণ— আজি দুপৰীয়া তাই মোক ঘৰৰ ভিতৰলৈ সোমাব নিদি দুৱাৰ-ডাঙ্গ মাৰি বাহিৰতে থলে। যত দুষ্ট মানুহ লগত লৈ তাই মোৰ ঘৰৰ ভিতৰত খিকিন্দালি মাৰি ভোজ পাতি সোমাই থাকিল।
ৰজা—ই বৰ ডাঙ্গৰ অপৰাধ! হয় নে মালতী, সঁচা নে?
মালতী—ৰাম ৰাম! নহয় মহাৰাজ! তত আজি তৰা আৰু মোৰ আগতে ভাত খাইছে। যদি মিছা কৈছোঁ, মোৰ ৰৌৰৌ নৰকত হে বাস হব।
তৰা—চন্দ্ৰ সূৰ্য্য দেৱতা সকল সাক্ষী, বাইদেৱে যি কথা কৈছে তাৰ এক ধনিষ্টামানো মিছা নহয়।
সোণেশ্বৰ—উঃ কি মিছা কথা। স্বৰ্গদেৱ! তেওঁ- বিলাক দুই মিছা শপত খাইছে। যদিও এওঁৰ আজি কথাৰ ঠিক নাইকিয়া হৈছে, তথাপি এওঁৰ এই কেষাৰ কথা হলে অলপো মিছা নহয়; মই বেচকৈ জানোঁ৷
মা, নিৰণ—মহাৰাজ! মই যি কৈছোঁ, তাক মোৰ সম্পূৰ্ণ জ্ঞান বিশ্বাসেৰে কৈছোঁ। মই মদ খাই মতলীয়া হোৱাও নাই, বা অকাৰণত খঙ্গ উঠি ভ্ৰম বকাও নাই। মোক ইহঁতে যেনে অন্যায় কৰিছে, তেনে অৱস্থাত মোতকৈ জ্ঞানী এজন হলেও থিৰেৰে থাকিব নোৱাৰে। দুপৰীয়াৰ ভোকত এই দুৱাৰ মাৰি থৈ মোক খেদাই পঠিয়াই। সেইটো সোণাৰিয়েই তাৰ সাক্ষী হব পাৰিলে হেতেন; তেতিয়া সি মোৰ লগতে আছিল, এই বোৰ কথা সি এটাই বোৰ আপোন চকুৰে দেখিছিল; কিন্তু কি হব, সিহঁত দুইৰো একে ফিকিৰ। তাৰে পৰা তাক পঠিয়াই দিলোঁ, বোলোঁ মই আহঁতগুৰিতে লাহমনে সৈতে খোৱা-বোৱা কৰিম গৈ; তালৈকে তই মোলৈ গঢ়া হাৰগছ লৈ যাবি। সি শলাগি-শুলাগি গল হয়, কিন্তু আমাৰ ভাত-পানী খোৱা হৈ গল, তেও সি নোলাল গৈ। বেলি হোৱা দেখি ময়ে তাক বিচাৰি আহি এই মানুহটোৱে সৈতে বাটতে লগ পালোঁহি। সি মিছলীয়াই সোধ-পোছ নাই পোনে-পোনেই বোলে মোৰ হাৰ গছৰ বেচ দিয়ক। বাৰে কুৰি শপত খাই কলে যে মোক সি হাৰ-গছ দিলে, ধন পাবলৈ মাথোন বাঁকি। কিন্তু ঈশ্বৰে জানে, হাৰ-গছ কেনেকুৱা মই এতিয়ালৈকে চকুৰেই দেখা নাই। পাছে এটা কোটোৱালক মাতি সি মোক তেতি- য়াই ধৰালে। মইও স্বৰ্গদেৱক জনাই তাক সমুচিত দণ্ড দিয়াম বুলি একো আপত্তি নকৰি মান্তি হলোঁ৷ দিব লাগে বোলা ধন খিনি আনিবলৈ মোৰ লগুৱাটোকে ঘৰলৈ পঠিয়াই দিলোঁ৷ দি বাটচাই আছে ভালেখিনি বেলি, সি উভতি নাহিল। তাৰ পাচত মই কোটোৱালক খোলা-খুলি কৈ কলোঁ, ‘সি দেখোন আহি নেপালেহি; মোৰ লগত তয়ে মোৰ ঘৰলৈ বৈ, তাতে তোক টকা দি পঠিয়াই দিওঁ গৈ। এই বুলি দুইও গৈ আছোঁ, স্বৰ্গদেৱ! বাটতে দেখোন মোৰ তিৰোতা তাইৰ ভনীয়েক আৰু এমখা নীচ প্ৰকৃতিৰ মানুহেৰে সৈতে আহি উপস্থিত। লগতে সিহঁতে এটা খাবলৈ নেপোৱা, পেটুৱা, এহাতলৈ চকু সোমোৱা, আদনাঙ্গঠা, জকাওলোৱা, হুলমুৱা, এধাজীয়া-এধামৰা দুষ্ট বেজ লৈ আহিছিল। সি পাষণ্ডই হেনো মন্ত্ৰ জানে, ভূত খেদাব পাৰে। সি দেখোন আগবাঢ়ি আহি মোৰ চকুদুটালৈ টেলেকা-টেলেকি কৈ চাবলৈ ধৰিলে; আৰু হাত খনত ধৰি এবাৰ নাড়ীডাল টিপি চাই বোলে ‘এওঁক ভূতে পাইছে’। পাছে এটাই মখাই মোকে লগুৱাটোকে বেঢ়ি ধৰিলে; আৰু দুইকো হাতে ভৰিয়ে বান্ধি ঘৰলৈ লৈ গৈ এন্ধাৰ-মুধাৰ জেকা ঘৰ একোথালিত পেলাই থলে গৈ। কামুৰি-জামুৰি কোনো মতে বান্ধটো শোলোকাই মুকলি হৈয়েই স্বৰ্গদেৱৰ ওচৰলৈ তৰা-নৰা চিঙ্গি আহিছোঁ। এতিয়া স্বৰ্গ- দেৱে বিচাৰ কৰি এইবোৰ অমৰ্য্যাতৰ বাবে দোষীক সমুচিত দণ্ড দিয়ক, বন্দীৰ এই প্ৰাৰ্থনা।
সোণেশ্বৰ—স্বৰ্গদেৱ। মই এই মাত্ৰ কব পাৰোঁ, তেওঁ আজি ঘৰত ভাত খোৱা নাই; দুৱাৰ মাৰি তেওঁক বাহিৰত থোৱাটো সঁচা৷
ৰজা—বাৰু, তেওঁক হাৰ-গছ দিছিলি নে নাই?
সোণশ্বৰ—দিছিলোঁ স্বৰ্গদেৱ! তেওঁ যেতিয়া ইয়াত লড় মাৰি সোমায়, তেতিয়া তেওঁৰ ডিঙ্গিতে সেইগছ হাৰ আছিল, এইবোৰ মানুহেই দেখিছে নহয়।
অনিৰাম—আৰু মইও শপত খাই কব পাৰোঁ, যে তুমি প্ৰথমে এবাৰ আমাক সেই বজাৰত লগ পাওঁতে ‘কৰ হাৰ মই তাক দেখাই নাই’, বুলি মিছা মাতিছিলা। এতিয়া আকৌ এই খিনিতে ‘মই কেতিয়া মিছা মাতিছিলোঁ’ বুলি হাৰ-গছ পোৱাৰ সৈ লৈছলা। তাতে হে মই তোমাক মিছলীয়া বুলি কাটিবলৈ তৰোৱাল দাঙ্গি লৈছিলোঁ। তুমি লড় মাৰি গৈ এই দেৱালয়তে সোমালা। কি ভেলেকী মাৰি নো তুমি আকৌ ওলাই আহিলা, তাক হে কব নোৱাৰোঁ।
মা, নিৰণ—মই ইহাৰ ভিতৰলৈ কেতিয়াও সোমোৱা নাই, আৰু তুমিও মোলৈ তৰোৱাল দঙ্গা নাই। ধৰ্ম্মক সাক্ষী কৰি কৈছোঁ, মই সেই হাৰ চকুৰেও দেখা নাই, যদি মই মিছা কৈছোঁ, মোক সেই ধৰ্ম্মেই ঘটাব।
ৰজা—এই খন কি বেমেজালি গোচৰ পাতিছা হঁক তোমালোকে? এটাইবোৰ মতলীয়া হলা হঁক নে কি? যদি মন্দিৰৰ ভিতৰলৈ এওঁ সোমাইছিলেই আকৌ ইয়াত ওলালহি কেনেকৈ। বলিয়া বুলিবলৈকো, তেনে মানুহে এনে থিৰ ভাবে গোচৰ দিয়াটো কেতিয়াও সম্ভৱ নহয়। তোমালোকে কোৱা এওঁ ঘৰতে ভাত খাইছে, ই সোণাৰিয়ে পোনেই সেইটো কথা মিছা বুলি কয়। হেৰ তই কি ক?
মা, কাল—স্বৰ্গদেৱ ঈশ্বৰ! দুপৰীয়া ডাঙ্গৰীয়াই সেই তেওঁৰ ঘৰত আহঁতগুৰিতহে ভাত খাইছিল।
সোণপাহী—হয় স্বৰ্গদেৱ, আৰু মোৰ হাতৰ পৰা সেই আঙ্গঠিটোও তত কাঢ়ি লৈ আহিছে।
মা, নিৰণ—হয় স্বৰ্গদেৱ, এই আঙ্গঠিটো মই তাইৰ পৰা অনা হয়।
ৰজা—এই মন্দিৰলৈ তেওঁক সোমোৱা দেখিছিলি নে তই?
সোণপাহী—হয় স্বৰ্গদেৱ, মই নিজ চকুৰেই দেখিছোঁ।
ৰজা—ই বৰ আচৰিত! যা এটাই তাপসীক মাতি আন। হয় তহঁত এটাই মখা বলিয়া হৈছ, নহলে তহঁতৰ কিবা এটা বৰ ভ্ৰম হৈছে। [তাপসীৰ গুৰিলৈ এজন যায়]
ধনবৰ—স্বৰ্গদেৱ ঈশ্বৰে অনুমতি দিলে বন্দীয়ে এষাৰ কথা কব খোজোঁ। এই সমাজৰ ভিতৰতে মোৰ এজন বন্ধু দেখিছোঁ, তেওঁ দণ্ডৰ ধন দি মোৰ প্ৰাণৰক্ষা কৰিব পাৰিব পাৰে।
ৰজা—কামপুৰীয়া, তোমাৰ যি মনৰ কথা আছে, নিৰ্ভয়ে ভাঙ্গি কোৱাঁ।
ধনবৰ—বোপা, তোমাৰ নাম নিৰঞ্জন নহয় নে? আৰু সেইটো তোমাৰ লগুৱা কলিমন নহয়নে?
মা, কলি— |
হয়। |
ধনবৰ—তোমালোকে অৱশ্যে মোক চিনিব পাৰিছা। বোপা, তুমি মোলৈ চাই কিয় তধা লাগিছা? মোক তো তুমি বেছকৈ চিনাঁ।
মা, নিৰণ—মই আপোনাক দেখা মনত নপড়ে।
ধনবৰ—হায় হায়! দুখে শোকে মোৰ তেজ মাংস শুকুৱালে; কুটিল কালৰ হাতত মোৰ মুখৰ কান্তি হৰিল। মোৰ মুখ দেখি সেই কাৰণে নিচিনিব পাৰা। তেওঁ কোৱা চোন বোপা, তুমি মোৰ মাততো চিন ধৰিব পৰা নাই নে?
মা, নিৰণ—কতা নাই পৰা দেখোন।
ধনবৰ—কলিমন তই একা?
মা, কলি—সঁচা কৈছোঁ দেও, মই পৰা নাই।
ধনবৰ—মই ঠিক জানিছোঁ তই পাৰিছ।
মা, কলি—তাতোকৈ ঠিক, দেউতা ঈশ্বৰ মই নাই পৰা। আৰু এতিয়া আপুনি, যেইয়ে যিহকে কয় তাকে পতিয়াবই লাগিব।
ধনবৰ—অস্! অস,! মোৰ মাতো চিনিব নোৱৰা হল! হয় দুৰ্দ্দান্ত কাল! তোৰ কঠোৰ গতিয়ে কি এই সাত বছৰৰ ভিতৰতে মোৰ জিভাকো ইমানকৈ কোঁচ খুৱালে, যে মোৰ একেটি পোৱেও মোৰ মাত বুজিব নোৱাৰা হল! বোপা, যদিও মোক ৰোগে শোকে জুৰুলা কৰিলে, যদিও মোৰ তেজমাংস তেনেই শুকাল, তেও মোৰ শোক আন্ধাৰত পড়ি থকা মনতো স্মৰণ শক্তি অলপ আছে। মোৰ অন্ধলা চকুতো অলপ তেজ আছে; মোৰ কলা কাণতো অলপ শক্তি আছে। মই দেখোন তহঁতক চিনিব পাৰিছোঁ। তই বোপা মোৰ পো নিৰঞ্জনেই হৱ, মোৰ তাত এক ধনিষ্টা মানো সন্দেহ নাই।
মা, নিৰণ—আপুনি হে তেনেকৈ কৈছে, মই উপ- জিবৰে পৰা মোৰ পিতৃ-মুখ কেনে দেখাই নাই।
ধনবৰ—বোপা, তই মোক কামপুৰত এড়ি থৈ অহা সাত বছৰ মাথোন হৈছে। হব পাৰে তই মোক দুখত পৰা দেখি বোপাই বুলিবলৈ লাজ পাইছ!
মা, নিৰণ—উপজিবৰে পৰা কামপুৰ যে মই কেতিয়াও দেখা নাই, মহাৰাজকে প্ৰমুখ্য কৰি এই নগৰৰ সকলো মানুহে বেছকৈ কব পাৰে।
ৰজা—কামপুৰীয়া মুদৈ, ময়ে তাক মোৰ পেটৰ পোৱালিৰ দৰে আদৰ কৰি লৈ ফুৰুৱা আজি কুৰি বছৰ হৈছে, ইয়াৰ ভিতৰত সি কামপুৰ চকুৰেই দেখা নাই, মই বেছকৈ কব পাৰোঁ। বয়সে বিপদে গোটখাই তোমাক আঁখিৰ অবিৰ কৰিছে হবলা।
তাপসী, কা, নিৰণ আৰু কা, কলিমনৰ পুনঃ প্ৰবেশ!
তাপসী—মহাৰাজৰ জয় হওক! মহাৰাজ! এই (কামপুৰীয়া নিৰঞ্জনলৈ আঙ্গুলিয়াই ) বিপদীয়াৰ গোচৰলৈ কৰ্ণপাত কৰক।
[ সকলোৱে বেঢ়ি সিহঁতক চায়।
মালতী—মই দেখোন দুজন স্বামী দেখিছোঁ, নে মোৰ চকুৰেই হে ভ্ৰম।
ৰজা—ই কি! ইহঁত দুটাৰ এটা অৱশে মায়াবী; ইহঁত দুটাৰ কোনটো নো মানুহ কোনটো মায়াবী? কোনে কব পাৰে?
মা, কলি—স্বৰ্গদেৱ! ময়ে কলিমন, তাক খেদাই দিয়ক।
মা, কলি—স্বৰ্গদেৱ ঈশ্বৰ! মই হে কলিমন; মোক ৰাখক নেখেদাব।
[ কাঁও-বাঁও কৰে!
কা, নিৰণ—আপুনি দেউতা নহয় নে? নাই আপুনিও কিবা মায়াবী হে?
কা, কলি—অ এইয়া দেখোন আমাৰ বুঢ়া দেউতা। দেউতাক কোনে বান্ধিলে।
তাপসী—যেয়ে বান্ধক, মই বান্ধ মোকোলাই দিওঁ। তেওঁৰ মুক্তিয়েই মোৰ স্বামী-লাভ। ডাঙ্গৰীয়া! কওক চোন আপোনাৰ সুমথিৰা নামে এজনী ভাৰ্য্যা আছিল নে? সেই ভাৰ্য্যাই একেবাৰেই দুটি সুন্দৰ সুন্দৰ লৰা প্ৰসৱ কৰিছিল নে? যদি আপুনি সেই জনাই হয় তেনেহলে কওক, ময়েই আপোনাৰ হতভাগিনী দাসী সুমধিৰা।
[প্ৰণিপাত]
ধনবৰ—ই যদি স্বপ্ন নহয় তুমি মোৰ সেই সুমথিৰা হোৱা। যদি হোৱাঁ, কোৱাঁ চোন তোমাৰ লগত উটি যোৱা মোৰ সিটি লৰা কত?
তাপসী—মুদৈ নগৰৰ মানুহে তাক, মোক, আৰু কলিমন, তিনিওকো নাও এখনত তুলি ললে। কিন্তু লোহিত নগৰৰ কিছুমান দগা মাছমৰীয়াই অইন এখন নাৱেৰে লাহে লাহে আহি আমাৰ ওচৰ পাই কলিমনকে নিৰঞ্জনকে বলেৰে কাঢ়ি লৈ গুছিগল। মই মুদৈনগৰৰ মানুহৰ লগতে পৰি থাকিলোঁ। তাৰ পাছত সিহঁতৰ কি হল কব নোৱাৰোঁ। মই কি কৰিলোঁ দেখিছেই!
ৰজা—হয়, ঠিক পুৱা এওঁ কোৱা কথাৰো এইখিনিতে আৰম্ভ। ইপিনে এই দুইটা নিৰঞ্জন যেন একে সাচঁতে মৰা হে। এই দুইটা কলিমন দেখোঁতে একেটাই যেন। তাতে বুঢ়ীৰ নাও বুৰা কথা। ঠিক এই বাপেকি-মাইকীৰে এই দুটি লৰা। ঈশ্বৰে অতদিনৰ মূৰত কৃপাকৰি এটাইকেটিক একেঠাই কৰিছে। নিৰঞ্জন, তুমিয়েই পোনেই লোহিত নগৰৰ পৰা আহিছিল নহয়?
কা, নিৰণ—নহয়, স্বৰ্গদেৱ! মই কামপুৰৰ পৰা হে আহিছোঁ।
ৰজা—ৰবা, তোমালোক দুইও দুফালে ঠিয় হোৱা চোন। কোনটো কোন, মই চিনিবই পৰা নাই।
মা, নিৰণ—দয়শীল মহাৰাজ! ময়েই লোহিত নগৰৰ পৰা আহিছিলোঁ।
মা, কলি—তৰ লগতে ময়ো।
মা, নিৰণ—মহাৰাজৰ জগদ্বিখাত খুড়া জনা স্বৰ্গদেৱ বিজয়সিংহ মহাৰাজে মোক লগত লৈ আহে।
মালতী—অপোনালোকৰ কোন জনে আজি দুপৰীয়া মোৰ তাত আহাৰ কৰিছিল?
কা, নিৰণ—ময়ে।
মালতী—আপুনি মোৰ স্বামী নহয় নে?
মা, নিৰণ-নহয়; ময়ে কৈছোঁ।
কা, নিৰণ—ময়ো তাকে কওঁ; কিন্তু তেওঁ নুশুনে আৰু তেওঁৰ ভনীয়েক এই সুন্দৰীয়ে মোক ভিনিহিদেও, ভিনিহিদেও, কৰিছিল। [ তৰাক।] যদি এইবিলাক সমাজিক নহয়, মই সঁচা কৈহে দেখিছো, শুনিছোঁ, তেনেহলে ঈশ্বৰে কৰিলে মই তেতিয়াৰ কথা তোমাক সোৱঁৰাবলৈ পাম।
সোণেশ্বৰ—ডাঙৰীয়া, মই দিয়া হাড়-গছ দেখোন সেই গছেই।
কা, নিৰণ—ওঁ হব পায়, মইতো নহয় বোলা নাই।
মা, নিৰণ—আৰু তুমি এই গছ হাড়ৰ বাবেই মোক কোটোৱালৰ হাতত দিছিলা নহয়? সোণেশ্বৰ—হবপায় ডাঙ্গৰীয়া, কিন্তু মোত কি দোষ, আপোনাৰ নিজ ভাৰ্য্যাই আপোনাক চিনিব নোৱাৰিলে।
মালতী—ডাঙ্গৰীয়া, আপোনাক মুকলি কৰি নিবলৈ মই কলিমনৰ হাততে ধনৰ মোনাটো দি পঠিয়াইছিলোঁ, কিন্তু সি নিদিলেহি হবলা।
মা, কলি—কতা, মোৰ হাতত হলে ফুটা কড়ি এটাকে দিয়া নাই।
কা, নিৰণ—এইয়া সেই ধন মই হে পালোঁ৷ মোৰ লগুৱা কলিমনে লৈ আহিছিল। অ ভালেতো হে, আমি দুইও ইটোৱে সিটোৰ লগুৱাক, সিটোৱে ইটোৰ লগুৱাক ঘুৰি ঘুৰি পাই ফুৰিছিলোঁ; মোক তেওঁ বুলি ভাবে, তেওঁক মই বুলি ভাবে, এয়েই হে অতবোৰ ভ্ৰমৰ মূল।
মা, নিৰণ—পিতাৰ দণ্ডৰ বাবে এই হাজাৰ ৰূপ মই পেলালোঁ৷
ৰজা—ৰূপ দিবৰ আৱশ্যক নাই। তোমাৰ পিতৃৰ জীৱন দান দিলোঁ।
সোণপাহী—মোৰ সেই আঙ্গঠিটো পাব লাগে।
মা, নিৰণ—এইটো নে?
তাপসী—হে ৰাজাধিৰাজ মহাৰাজ! বেটীক অনুগ্ৰহ কৰি যদি এই মন্দিৰৰ ভিতৰলে দোখোজ মান আহে, তেনে- হলে স্বৰ্গদেৱক দুৰ্ভাগ্যৰ সকলো কথা জনাই বেটীয়ে কৃতকৃত্য হব পাৰোঁ। আৰু ইয়াত গোটখোৱা সমজুৱা সকলে, যদি অনুগ্ৰহ কৰে তেনেহলে আজি এদিনৰ অতবোৰ ভ্ৰমৰ কাৰণে আপোন সকলে যি কষ্ট পাইছে, তাৰ বাবে সমুচিত সুশ্ৰষা কৰিব পাৰোঁ। বোপা তহঁত উপজিবৰে পৰা তেত্ৰিশ বছৰৰ মূৰত আজিহে মোৰ বুকুৰ শিল চপৰা গুচিল।
ৰজা—একো কথানাই; আনন্দমনেৰে মই যাম।
[দুই নিৰঞ্জন আৰু দুই কলিমনত বাজে
সকলোৰে প্ৰস্থান।
কা, কলি— দেউতা, জাহাজত তোলা আপোনাৰ বস্তু-ৱাহানি সোপা আনোঁ গৈ।
মা, নিৰণ—মোৰ কি বস্তু জাহাজত তুলিছিলি হেৰ কলিমন?
কা, কলি—কেলেই, সেই পকাঘাটত অতিথি-থকা ঘৰত যে আছিল, সেই সোপা।
কা, নিৰণ—অ সি মোক হে কৈছে। হেৰ মোৰ লগত হে আহিছ তই কলমন। আহ বাৰু তই আমাৰ লগত, আমি তাৰ দিহা কৰিম। সেইটো তোৰ ককায়েৰক সাবত মাৰি ধৰি, তাৰে সৈতে ৰঙ্গ-ধেমালী কৰ।
[ দুই নিৰঞ্জনৰ প্ৰস্থান।
কা, কলি—তোমাৰ দেউতাৰাৰ ঘৰত থকা সেই শকত গাৰে মাইকী মানুহ জনাই, আজি মোক দুপৰীয়া তুমি বুলি যেনেকৈ হে লাগিছিল। হওক তেও এতিয়া মোৰ ঘৈণী নহৈ বৌ হব লগা হল।
মা, কলি — এইটোৱেই মই নে, সেইটোৱেই মই? তই মোৰ আৰচী যেন হে পাইছোঁ, ভাই নহ। এহে! মই কেনে চিকোন-মুৱ ডেকা! এতিয়া হে দেখিছোঁ।— বল যাওঁ।
কা, কলি— তুমি আগ হোৱাঁ৷
মা, কলি— নহয়, দুয়ো সমানে উপজিছোঁ, এতিয়াও দুয়ো সমানে হাতত ধৰা-ধৰি কৈ যাওঁ।
[প্ৰস্থান।
সমাপ্ত।