সমললৈ যাওক

ভেকো ভাওনা/দৃষ্টিদান

ৱিকিউৎসৰ পৰা

দৃষ্টিদান

 বন্দৱস্ত আগতে ঠিক হৈ আছিল। বন্দৱস্ত মানে, বিহুত কণী যুজোৱাৰ বন্দৱস্ত। বিহুৰ আগতে বান্দৰে এদিন শিয়ালক কৈছিল : আচ্ছা বাৰু দেখা যাব এইবাৰ কণী যুঁজত কাক কোনে ঘটুৱাব পাৰে। শিয়ালে বান্দৰৰ এই কথাত সন্মতি জনাই থৈছিল।

 সেই কাৰণে বিহুৰ দিনা পুৱাই গাধুই জা-জলপান দুটামান ভালকৈ খাই, মূৰত বিহুৱানখন মাৰি শিয়াল ওলাল বান্দৰৰ ঘৰলৈ। হাতত, হাঁচতিখনত তুঁহগুৰি অলপমানৰ মাজত সুমুৱাই যুজাবলৈ লোৱা কণী কেইটাৰ টোপোলাটো। মনত, বান্দৰক ঘটুৱাৰ দাৰুণ আশা। জৰুল ঘটুৱাবই বান্দৰক। নহলে সি ঘৰে ঘৰে টাকুৰি ঘূৰাদি ঘূৰি কড়িৰে টুকৰিয়াই টুকৰিয়াই পৰীক্ষা কৰি কণীটোৱে প্ৰতি টকাটকাকৈ দি কিনি অনা সেয়া কণী কেইটাৰ মূল্যই বা থাকিব ক’ত? বাটচোৱা এইবোৰকে ভাবি ভাবি গৈ বান্দৰৰ ঘৰ পাই শিয়াল অবাক। আঠুদুটাৰ ওপৰত হাত দুখন থৈ তাতে মূৰটো গুজি পিৰালীতে বান্দৰ বহি আছে। গা-পা ধোৱাৰ একো চিনেই নাই। গাত সেই পুৰণি সাজটোৱেই। শিয়ালৰ মনটোতে বৰ আচৰিত আচৰিত লাগিল। আজি বিহুৰ দিনা ৰাতিপুৱাই এইখন কি কাণ্ড কৰিছে সখিয়ে? নাই, আজি বিহু বুলি খবৰেই নাই নেকি? কাষ চাপি বান্দৰৰ গাত লাহেকৈ ঠেলা এটা মাৰি শিয়ালে সুধিলে : কিহে সখি, আজি বিহুৰ দিনা ৰাতিপুৱাই হল কি? গা চা অসুখ কৰিছে নেকি?

 –এ নকবা সখি, শিয়ালৰ ঠেলা খাই মূৰটো দাঙি বান্দৰে কলে, গাৰ অসুখ নহয়, অসুখ মনৰহে। বৰ দুঃসংবাদ এটা পালো। সেই কাৰণেই কালি ৰাতিৰ পৰা মনটো একেবাৰে বিগৰি আছে।

 —দুঃসংবাদ! কি এনে দঃসংবাদ পালা যে তাৰ কাৰণেই আজি এই ৰঙালি বিহুৰ দিনতো ইমান দুখ কৰিব লগীয়া হল?

 শিয়ালৰ এই প্ৰশ্নৰ উত্তৰত বান্দৰে বৰ অলস ভাৱে গাৰ কাষতে পৰি থকা খবৰ কাগজৰ ফটা পাত এখিলা দি কলে : ইয়াত এই খবৰটো পঢ়াচোন। খবৰ কাগজৰ পাতখিলা লৈ বান্দৰে দেখুৱাই দিয়া খবৰটো শিয়ালে পঢ়িলে। তাত “মহাকাশ বিজয়িনী বান্দৰৰ মৃত্যু” বুলি ডাঙৰ ডাঙৰ আখৰেৰে শিৰোনামা দি আমেৰিকাৰ বৈজ্ঞানিকে ৰকেটত মহাকাশলৈ উৰুৱাই পঠিয়াই পুনৰ পৃথিবীলৈ ঘূৰাই অনা বান্দৰ এবলৰ অপাৰেশ্যনৰ সময়ত হোৱা মৃত্যুৰ কথা লিখা আছে। খবৰটো পুৰণি। আজি বহুত দিনৰ আগতেই এই খবৰটো বাতৰি কাকতত পঢ়া শিয়ালৰ মনত আছে। সম্ভৱ বান্দৰেও পঢ়িছিল। নপঢ়িলেও আজি ইমান দিনৰ মূৰত এই পুৰণি খবৰটোৰ বাবে বান্দৰে ইমান দুখ কৰাৰ কাৰণ একো বুজিব নোৱাৰিব শিয়ালে কলে : এইটোতো বহুত দিনৰ আগৰ ঘটনা। এবল মৰি এতিয়া ভূত হল। তাইৰ হাড়তো বন গজিল। এনেস্থলত আজিৰ দিনত ইয়াৰ বাবে দুখ কৰি বিহুৰ ফুৰ্ত্তিবোৰ মাটি কৰাৰ একো কাৰণ মই দেখা নাই।

 —দুখ নকৰিলো হেঁতেন যদি এই পুৰণি খবৰটো মই কালি আকৌ নেপালোহেঁতেন।

 —খবৰটো থকা সেই পুৰণি ফটা কাগজখননো তুমি পালা কেনেকৈ?

 —বিহুত তিলপিঠা দুটামান কৰিম বুলি কালি দোকানৰ পৰা তিল কিনি আনোতে দোকানীয়ে তাতে তিল বান্ধি দিছিল। ঘৰলৈ আহি তিলবোৰ থৈ কৌতুহল বশতঃ কাগজখন এনেয়ে পঢ়ি চাওঁতেই সেই দুঃসংবাদটো পালো।

 —পালাই জানিবা, সেই বুলিনো আৰু তাত দুখ কৰিবলৈ কিটো আছে? তাইৰ মৃত্যুত লঘোণ দিবলৈ, চৰু-হাড়ি পেলাবলৈকো সেই বান্দৰজনী সম্বন্ধৰ ফালৰ পৰাও তোমালোকৰ একো নহয়। তাই হ’ল সুদূৰ আমেৰিকাৰ কিবা “ৰেচাছ” জাতীয় বান্দৰ। আকাৰত আমাৰ ইয়াৰ কেৰ্কেটুৱা একোটাৰ মানহে।

 –কি ক’লা সখি? শিয়ালৰ কথা শুনি বান্দৰে ভেকাহি মাৰি কলে। ভৌগোলিক সীমাৰ সঙ্কীৰ্ণতাৰে সম্বন্ধ বিচাৰ কৰিবলৈ, জাত বিচাৰ কৰিবলৈ তুমি ক’ত শিকিলা? তুমি যে ইমান ঠেক মনৰ সেইটো মই আজিহে বুজিলো।

 বান্দৰে ভেকাহি মাৰি কোৱা কথা কেইটাই শিয়ালৰ মুখত যেন চাবুকেৰেহে কোবালে। লাজ আৰু অপমানত শিয়ালৰ কণ্ঠৰ কথা কণ্ঠতে হেৰাই গ’ল। তাৰ উত্তৰত কি কব কি নকব বুলি কিং-কৰ্ত্তব্য বিমূঢ় হৈ ভালেমান পৰ নিমাতে থকাত আকৌ বান্দৰেই কলে : বেয়া নেপাবা সখি, আজি বিহুৰ দিনা পুৱাই তোমাক বহুত টান কথা কলোঁ। কিন্তু কি কৰিম, পুৰণি হলেও এবলৰ মৃত্যুৰ সংবাদটোৱে মোক ইমান অভিভূত কৰি পেলাইছে যে ম‍ই কথা কেইটাও চম্ভালি কোৱাৰ হুচ হেৰুৱাই পেলাইছোঁ। এবল বিদেশী হব পাৰে। কিন্তু জাতত আমি একে বান্দৰেই। তাইৰ দৰে পৰোপকাৰ কৰি জীৱন উচৰ্গা কৰা যেই কোনো প্ৰাণীৰ মৃত্যুতেই অনুভূতি থকা যেই কোনো লোকৰেই দুখ লগাটো স্বাভাৱিক। কিন্তু বৰ পৰিতাপৰ কথা জানা সখি, আমাৰ জন্তুবোৰ আজিও নিজৰ নিজৰ জাত লৈয়ে ব্যস্ত। আমাৰ এই জাতিভেদ নীতিৰ কুফলতেই আজিও আমি প্ৰীতিৰ ডোলেৰে বান্ধ খাব পৰা নাই। এইটো আমাৰ জন্মগত দোষ। ই আমাৰ হাড়ে হাড়ে, মজ্জাই মজ্জাই সোমাই আছে। ইয়েই আমাৰ মনবোৰ অতি ঠেক কৰি পেলাইছে। এই ঠেক মনোভাব দলিয়াই পেলাই যিদিনা আমি সকলোকে সমান বুলি ভ্ৰাতৃভাবে বুকুত সাৱটি লব পাৰিম সেই দিনাই আমাৰ মনবোৰ মুকলি হব, নিষ্কলুষ হব। সেই দিনাই বহল পৃথিবীখন আমাৰ কাৰণে এক হৈ পৰিব। আজি বিহু। বিহু আমাৰ অসমৰ সাম্য, মৈত্ৰী, ভালপোৱা, স্নেহ-প্ৰীতিৰ প্ৰতীক। আজিৰ দিনত সাত শতুৰুকো আপোন কৰি লব পৰাটোতেই বিহুৰ বৈশিষ্ট্য। আজিৰ দিনত ভেদাভেদ, হিংসাদ্বেষ পাহৰি পৃথিবীখনকে আপোন বুলি ভাবিবলৈ শিকাটোতেই আমাৰ বিহু পতাৰ সাৰ্থকতা.......

 বান্দৰে কথাবোৰ অনৰ্গল এইদৰে কৈ গৈছিল। শিয়ালে তলমূৰ কৰি শুনি শুনি নিজৰ মনৰ দৰিদ্ৰতা আৰু সংঙ্কীৰ্ণতা উপলব্ধি কৰি ভাবিছিল : সখি আকাৰতহে ঘুটমুটীয়া সৰু। মনটো কিন্তু বৰ ডাঙৰ। সেই অনুপাতে মোৰ মনটো কিমান সৰু, কিমান ঠেক। সুদূৰ ইউৰোপ, আমেৰিকাৰ কথা বাদেই দিছো। মই চোন এই কাজিৰঙাখনৰ শিয়াল কেইটাৰ বাহিৰে অসমৰ আন আন ঠাইৰ শিয়াল কেইটাকেই আপোন বুলি ভাবিবলৈ শিকা নাই। অথচ, পৃথিবীৰ সমস্ত শিয়ালেই আমাৰ সমগোত্ৰীয়। জাতত এক। যেনেকৈ এক বান্দৰ সখিহঁতৰ আটাইবোৰ বান্দৰেই। কথাবোৰ এনেকৈ ভাবি থাকোতেই বান্দৰে বহাৰ পৰা উঠি শিয়ালক সাৱটি ধৰি কলে :

আঁহা সখি আজি বিহুৰ দিনা আমি প্ৰীতিৰ আলিঙ্গন কৰো। বিহুৱে আমাৰ সকলোৰে মনৰ সঙ্কীৰ্ণ সীমাৰেখাক ভাঙি সকলোকে আপোন বুলি ভাবিব পৰাকৈ মনবোৰ আমাৰ আকাশৰ দৰে বহল আৰু উদাৰ কৰক। বিহুৱে আমাক সাম্য, মৈত্ৰী আৰু ভ্ৰাতৃভাবৰ মহান মন্ত্ৰ শিকাওক।

 বান্দৰৰ নোমাল বুকুৰ মাজত সোমাই শিয়ালে অভিভূত হৈ সখিয়েককো সাৱটি ধৰিবলৈ খপজপ কৰোতে হাতৰ টোপালাটো সৰি পৰি কণীকেইটা ভাগি খুনখুনীয়া হল। শিয়ালে কিন্তু তালৈ কাণ নকৰি বান্দৰক আবেগেৰে সাৱটি ধৰিলে। ভাগক, কণি কেইটা ভগাৰ কাৰণে লেশমানো অনুতাপ শিয়ালে নকৰে। আজি বিহুৰ দিনত সখিয়েক বান্দৰে তাক এটা ডাঙৰ শিক্ষা দিলে। এই শিক্ষা কণী কেইটাতকৈ বহুত, বহুত মূল্যবান। এই শিক্ষাই শিয়ালৰ মনৰ সঙ্কীৰ্ণ সীমাৰেখাক, কণীকেইটা পৰি খুনখুনিয়াকৈ ভগাৰ দৰেই ভাঙি দিলে চিৰকাললৈ। এই ভগা সীমাৰেখাৰ বাহিৰত থিয় হৈ শিয়ালে তাৰ মনৰ চকুৰে দেখিবলৈ পালে এখন বহল নতুন পৃথিবী। সেই পৃথিবীত নাই জাতিভেদ, নাই ভেদাভেদ, নাই হিংসাদ্বেষ, উচ্চ-নীচ তাত নাই একোৱেই। স্নেহ-প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই তাত সকলোটি এক হৈ আছে। তাত বিৰাজ কৰিছে শান্তিপূৰ্ণ সহ-অৱস্থান।

 শিয়ালে এক নতুন দৃষ্টি লাভ কৰিলে আৰু তাক এই দৃষ্টি দান কৰিলে সখিয়েক বান্দৰে—আজি ৰঙালি বিহুৰ দিনা।