সমললৈ যাওক

ভেকো ভাওনা/অঘটন

ৱিকিউৎসৰ পৰা

অঘটন

 পুলিচৰ চকুত ধুলি দি বান্দৰ পলাই সাৰিলে। শিয়াল ধৰা পৰিল। ধৰা পৰি হাতত হেণ্ডকাফ্ পিন্ধি থানালৈ গৈ এনিশা হাজোতত বাস কৰিলে। তাৰ পিচ দিনা কছাৰীত হোৱা বিচাৰত দোষী সাব্যস্ত হৈ শিয়ালৰ দুমাহ ফাটেক আৰু পঞ্চাছ টকা জৰিমনা হল। জৰিমনা অনাদায়ে আৰু এমাহ ফাটেক। কিন্তু ...........।

 কিন্তু সেইবোৰ এতিয়া থাওক। সেইবোৰ পিচৰ কথা। সেইবোৰ কোৱাৰ আগতে কব লাগিব শিয়ালৰ কি দোষত দুমাহলৈ ফাটেক আৰু পঞ্চাছ টকাকৈ জৰিমনা হল। ঘটনাটো, ঘটনা বুলিলে অৱশ্যে ভুল হব। সেইকাৰণেই বুলিব লাগিব অঘটন।

 অঘটনটো ঘটিল এনেকৈঃ

 বহুত দিনৰ আগৰ পৰা শিয়ালৰ গাত কিবা এটা অচিন চৰ্ম্মৰোগে বাঁহ লৈছিল। চকু চৰহা, পেটকুপটীয়া যিবোৰ জন্তুৱে তল খুচৰি ফুৰি শিয়ালৰ এই ৰোগটোৰ কথা গম পাইছিল সিহঁতে কৈছিল, শিয়ালৰ সেয়া খৰ হৈছে। ইয়াত সিহঁতৰ যুক্তি : খৰ শিয়ালৰ নহবই বা কিয়? কথাতে কয় বোলে, এশ পাপে জ্বৰ, হেজাৰ পাপে খৰ। শিয়ালে জানো জীৱনত কেতিয়াবা কিবা পুণ্য কৰিছে। লোকৰ হাঁহ, পাৰ চুৰ কৰি খাই সি আজীৱন পাপকেই কৰি আহিছে। এইবোৰৰ কৰ্ম্মফল সি জানো নোভোগাকৈ থাকিব? ভুগিব। আৰু সেয়া ভুগিছেও—গোটেই গাত খৰৰ বাঁহ লৈ। শিয়ালে কিন্তু এই চেলেপু, চকু চৰহা জন্তুবোৰৰ কথালৈ মুঠেই কেৰেপ নকৰে। সিহঁতে তাৰ গাত সেয়া খৰ বুলি দেখুউৱা যুক্তিৰ প্ৰতি, সেয়া খৰ নহয় বা খৰ হবই নোৱাৰে বুলি দেখুউৱা তাৰ প্ৰতিযুক্তি এনেঃ এশ পাপত জ্বৰ আৰু হেজাৰ পাপত খৰ হোৱা কথাষাৰ যদি সঁচা তেন্তে তাৰ সেয়া কেতিয়াও খৰ নহয়। কাৰণ জ্বৰ নোহোৱাকৈ খৰ কেতিয়াও হব নোৱাৰে। শিয়ালে যদি আজীৱন পাপকেই কৰি আহিছে তেন্তে সেই পাপৰ সংখ্যা এশ হওঁতে তাৰ জৰুল জ্বৰ হব লাগিছিল। কিন্তু, তাৰ মনত পৰা মতে আজিলৈকে তাৰ জ্বৰৰ কথা নকওঁৱেই, মূৰ কামোৰণি এটা হৈছে বুলিও কোনো মতে শতুৰুৱেও বুকুত হাত দি কব নোৱাৰে। এশ নোহোৱাকৈ হেজাৰ যেনেকৈ হব নোৱাৰে ঠিক তেনেকৈয়ে হব নোৱাৰে ফকৰাটোত থকা মতে—জ্বৰ নোহোৱাকৈ খৰ।

 শিয়ালৰ মতে এয়া তাৰ সাধাৰণ খজুতি বেমাৰ এটা। খজুতি নো কাৰ নহয়। সকলোৰে হয়। ডাঙৰ ডাঙৰ ৰজা-মহাৰজাবোৰৰো খজুতি বেমাৰ আছে। থাকিলেও কিন্তু এই সাধাৰণ খজুতিটোৱেই শিয়ালক অসাধাৰণ ভাবে জ্বলাকলা কৰি মাৰিছে। খজুতিৰ কোবত তাৰ খাৱন, শোৱন নাই বুলিলেই হয়। তাৰোপৰি ইয়াৰ চিকিৎসাৰ বাবেই শিয়ালে অলেখ ধন পানী কৰিছে। প্ৰথমেই কাজিৰঙাৰ নামজ্বলা লেডী ডাক্তৰ মিছ মেজালি পৰুৱা বৰুৱাৰ পৰা সি কেইবাটাও ইনজেকছন ললে। তাৰ পৰা একো ফল নেপাই খবৰ কাগজত বিজ্ঞাপন চাই নানা ঠাইৰ পৰা “বিফলে মূল্য ফিৰৎ” দিয়া বহুত দৰব মগাই আনি ব্যৱহাৰ কৰিলে। নাই, তাতো একো ফল নহল। একো ফল নহল—দেৱাদিদেৱ মহাদেৱৰ আশীৰ্ব্বাদত সপোনত পোৱা তাবিজ মগাই আনি লৈও।

 শেহলৈ শিয়াল প্ৰায় হতাশেই হৈ পৰিছিল। এনে অৱস্থাত সখিয়েক বান্দৰে এদিন এটা খবৰ দিলে শিয়ালক। বান্দৰে অসম ভূগোল পঢ়োঁতে শিৱসাগৰ জিলাৰ গোলাঘাটৰ ওচৰত নামবৰ হাবিত থকা গৰম পানীৰ কথা পাইছিল। এই গৰম পানীৰ উঁহবোৰত বোলে গন্ধক মিহলি হৈ আছে। আৰু সেই কাৰণেই চৰ্ম্মৰোগ হোৱা লোকে এই উঁহৰ পানীত গা ধুলে চৰ্ম্মৰোগ গুছে। বান্দৰে কথাটো শিয়ালক কলে। কলেঃ ইমান দৰব-জাতি কৰি, তাবিজ পিন্ধিও একো গুণে নধৰিলে যেতিয়া শেষ চেষ্টা এবাৰ কৰি চোৱাত কি লোকচান আছে। ঈশ্বৰে কিজানি চকু মেলি চায়েই। গৰম পানী কোনো অজান্তি মুলুকতো নহয়। আমাৰ এই কাজিৰঙাৰ পূব অংশটোৰ নামেই নামবৰ হাবি। তাতে আছে এই গৰম পানী। ওলোৱা সখি এবাৰ গৈ আহোঁ। ই আমাৰ তীৰ্থযাত্ৰা হোৱাদিয়েই হব। সখিয়েক বান্দৰৰ কথাত শিয়াল মান্তি হল। হবৰ কথাই। কাৰণ, শিয়ালৰ মনৰ অৱস্থা এতিয়া এনেকুৱা হৈছেগৈ যে, কোনোবাই যদি কয়—বিহ খালে তোমাৰ এই চৰ্ম্মৰোগ ভাল হব তেন্তে সি বিহ খাবলৈও ৰাজী আছে।

 দিনবাৰ চাই এদিন দুয়ো সখিয়ে গৰম পানীলৈ বুলি যাত্ৰা কৰিলে। সিহঁতৰ যাত্ৰাৰ বাহন হল – শিয়ালৰ নতুনকৈ কিনা ৰেলি চাইকেলখন। বাট দূৰ। সিহঁতৰ বন্দবস্ত—দুয়োটাই সলনা সলনি কৈ চাইকেল চলাব। এটাই চলাই ভাগৰ লাগিলে সিটোৱে চলাব আৰু ইটো পিচফালে কেৰিয়াৰত বহি যাব। এনেকৈয়ে সিহঁত গৈ আছে। বাট,—হাবিতলীয়া লুংলুঙীয়া বাট। ঠায়ে ঠায়ে গছৰ ডালত মূৰ লাগি খুন্দা খাই মূৰ ভগাৰে ভয়। কিন্তু শিয়াল, বান্দৰ পাকৈত চাইকেল আৰোহী। সকলো বিপদ বিঘিনি অতিক্ৰম কৰি সিহঁত গৈ আছে। গৈ গৈ সিহঁতে দুদিনৰ পিচত বেচ আহল বহল আলিবাটত আহি ওলালহি। আলিবাটবোৰ দেখিলে ঠাইখন নগৰ যেনেই অনুমান হয়।

 হয়, ঠাইখন নগৰেই—। বাটৰ কাষে কাষে দোকান বজাৰ আছে, লেম্প পষ্ট আছে, চাইন বৰ্ড আছে। চাইকেল চলাই গৈ থাকোতেই এখন চাইন বৰ্ডলৈ শিয়ালৰ চকু গল। তাত লিখা আছেঃ এখন চাইকেলত দুজন উঠিলে দণ্ডনীয় হব। শিয়ালে সেই চাইন বৰ্ডখন বান্দৰক দেখুৱালে। কেৰিয়াৰত বহি যোৱা বান্দৰে কলে, সেইবোৰ মিছামিছি, ফাং ফুং। সেইবোৰ নামতহে আছে। কামত কোনেও নেমানে। একো নহয়। গৈ থাকা। কিন্তু, অদৃষ্ট বেয়া থাকিলে কোন আৰু কিমান দূৰ গৈ থাকিব পাৰে? সেই কাৰণেই, অদৃষ্ট বেয়া আছিল দেখিয়েই হবপায় শিয়াল আৰু, বান্দৰ আৰু বেচি দূৰ যাব নোৱাৰিলে। অচিনাকি ঠাইৰ আলি এটাৰ পাক এটা ঘূৰোতেই শিয়ালে চাইকেলেৰে সেই আলিতে যান-বাহন নিয়ন্ত্ৰণ কৰা কামত ব্যস্ত হৈ থকা পুলিচ এজনৰ গাত দিলেগৈ মাৰি খুন্দা! খুন্দা খোৱা পুলিচে চাইকেলেৰে সৈতে শিয়ালক তৎক্ষণাত জপতিয়াই ধৰি পেলালে। কেৰিয়াৰত বহি যোৱা বান্দৰ যে কেতিয়া পলাই গল পুলিচে তাৰ গমেই নেপালে।

 যান-বাহন চলাচলৰ নিয়ম ভঙ্গ কৰি কৰ্ত্তব্যৰত পুলিচক আঘাট কৰাৰ কাৰণেই গ্ৰেপ্তাৰ হৈ বিচাৰত দোষী সাব্যস্ত হৈ শিয়ালৰ দুমাহ ফাটেক আৰু পঞ্চাছ টকা জৰিমনা হল। জৰিমনা পঞ্চাছ টকাৰ অনাদায়ে আৰু এমাহ ফাটেকৰ হুকুম। বিচাৰৰ শেষত শিয়ালে বিচাৰকক কৈছিল : ধৰ্ম্মাৱতাৰ, যদি এমাহ ফাটেকৰ দাম পঞ্চাশ টকা হয়, তেনেহলে মই মোৰ বাকী মাহ ফাটেকৰ দাম এশ টকা দি কিনি লৈ সৰ্ব্ব মুঠ এশ পঞ্চাছ টকা দি দিওঁ। মোক খালাচ দিয়ক। কিন্তু, বিচাৰক তাত মান্তি নহল। নোহোৱাত শিয়ালেও তাৰ পঞ্চাছ টকাৰ জৰিমনাটোও দিবলৈ মান্তি নহৈ আৰু এমাহ ফাটেকত পচিব পাৰে তেন্তে তাৰ লগতে আৰু এমাহ পচিব নোৱাৰিব কিয়? পাৰিব, নিশ্চয় পাৰিব। আৰু, পাৰিব দেখিয়েই শিয়ালে হাঁহি মুখে কাৰাবৰণ কৰি আজিও চৰকাৰৰ বগাঘৰত চৰকাৰৰ বগা ভাত খাই পুৱা-গধূলি নিয়ম মতে তেলৰ ঘানি ঘূৰাই আছে।