সমললৈ যাওক

ভাগ্যপৰীক্ষা/প্ৰথম অঙ্ক: প্ৰথম দৃশ্য

ৱিকিউৎসৰ পৰা

প্ৰথম অঙ্ক।

১ম দৃশ্য-আলি

(সদাগৰ বেশেৰে ধনকন্যা আৰু ভাগ্যকন্যা)

ধ-ক— ছদ্মবেশ ধৰিল। সুন্দৰ তুমি

নোৱাৰি চিনি আৰু ভাগ্যকন্যা তুলি।

ভা-ক— তোমাকো। নিচিনে কেৱে ধনকন্যা বুলি।
ধ-ক— চোৱাঁ চোৱাঁ, সুন্দৰ নগৰ!

যেনি চোৱাঁ, চকু জুৰ হয়
মনোহৰ দৃশ্য অতিশয়।
বহল বহা আলি, শিলেৰে বন্ধোৱা
দুয়ো কাষে তাৰ,
বছা বছ! ধুনীয়া ধুনীয়া গছ
ফলি ফুলি আছে কেনে ঝক্-মক্ কৰি।
আলিয়ে আলিয়ে শোভে
শাৰী শাৰী প্ৰদীপৰ খুঁটা;
আন্ধাৰ ৰাতিত, জলে নগৰত
তাৰাৰ মালাৰ দৰে
অগণন বৈদ্যুতিক প্ৰদীপ উজ্জ্বল।
ঠায়ে ঠায়ে সুন্দৰ যমুনা

ঠায়ে ঠাৰে বিতোপন প্ৰমোদ কানন

নন্দন কানন যেনে।
গোটেই নগৰ জুৰি,
ৰাজ-ভৱনৰ দৰে
প্ৰকাণ্ড প্ৰকাণ্ড ঘৰে গগণ ভেদিছে;
মনোময় বিবিধ শিল্পৰ
চানেকি একেটি যেন প্ৰত্যেক ঘৰেই।
ঘৰে ঘৰে, মাৰ্জিত ৰুচিৰে পতা
সুশোভন ফুলনি সুন্দৰ;
চকু জুৰ কৰে, মন প্ৰাণ হৰে
বতাহক সুবাস বিতৰে
ফুল ফুলে ফুলনিৰ।

ভা-ক— সঁচা সখি, সুন্দৰ নগৰ,

মনোহৰ দৃশ্য অতিশয়।

ধ-ক— চোঁৱা পুন,

নগৰৰ ঘাটত সদায়
চাপিছে মেলিছে কত শত জল-যান;
উঠিছে নগৰ জুৰি বাণিজ্যৰ ঢৌ,
উথলি পৰিছে যেন গোটেই নগৰ।
ভাবি চোৱাঁ,
এই যে সকলোখিনি ধনেই কৰিছে;
সমস্ত নগৰে যেন
কীৰ্ত্তনিছে ধনৰ মহিমা।

ভা-ক— যদিও সকলোখিনি ধনেই কৰিছে,

কৰিব পাৰিছে
ভাগ্য আছে দেখি মাত্ৰ গুৰিত সহায়।
এই নগৰতে চোৱা,
ৰাজ-ভৱনৰ দৰে
প্ৰকাণ্ড প্ৰকাণ্ড ঘৰ শোভিছে এফালে,
ইফালে দূৰত সৌ
দুখীয়াৰ পঁজা শাৰী শাৰী
সোণৰ কাঁহীত,
নানা তৰহৰ উপাদেয় ৰাজভোগে
আমুৱায় এই ফালে,
সিফালে, এসাঁজ খায় আধা-পেটী ভাত,
লোণ তাতো নিমিলে শাকত।
দুখীয়া, সুখীয়া, দুয়ো একে প্ৰাণ ধৰে,
একেদৰে বশীভূত জনম মৃত্যুৰ,
অস্থি মাংস শোণিতেৰে
একেদৰে গঠিত শৰীৰ,
একে পৃথিৱীতে থাকে,
একে জোন, একে বেলি
একে বায়ু উভয় জনৰে;
তথাপিতো,
ইমান প্ৰভেদ কিয় হয় অৱস্থাৰ?
ভাগ্য মাত্ৰ কাৰণ ইয়াৰ।

ধ-ক— তাকেহে কৰিব লাগে প্ৰমাণ এতিয়া।
ভা-ক—

সৌ যে দেখিছোঁ পঁজা
তাতে এটি দৰিদ্ৰৰ বাস;
নিচেই দৰিদ্ৰ
কোনোমতে প্ৰৱৰ্তছে মাথোঁ;
তাৰ প্ৰতি বিমুখ এতিয়া মই
সুপ্ৰসন্ন হ’ম কিন্তু অলপ দিনতে।
এয়ে হ’ব উপযুক্ত পাত্ৰ পৰীক্ষাৰ।
দিয়াঁ ধন এই দৰিদ্ৰক,
চোৱা হক
কি কৰিব পাৰে ধনে, ভাগ্য নেথাকিলে।
হাৰাঁ যদি তুমি,
পাচত তেতিয়া
দেখুৱাম বাৰু মই ভাগ্যৰ প্ৰভাৱ।

ধ-ক—

বঢ়িয়া উপায় এয়ে;
আহাঁ তেনে নকৰো পৰল আৰু।

(দুইৰো প্ৰস্থান)