সমললৈ যাওক

ভাগ্যপৰীক্ষা/প্ৰথম অঙ্ক: দ্বিতীয় দৃশ্য

ৱিকিউৎসৰ পৰা

২য় দৃশ্য—পানীৰামৰ ঘৰ।

(বিমৰ্ষ মনেৰে পানীৰামৰ প্ৰবেশ)

পানীৰাম। হৰি গুৰু শঙ্কৰ! হেৰ জেতুকী-মাক, এহেলৈ হোচোন। প্ৰভু, আজি ভাল চৰখৰীয়াত পেলাল। মিছাতে ৰ'দে ব’দে তখন টলৌ টলৌ কৰি ফুৰিলোঁগৈ; কামৰ ফালে একোটো ন’হল। কালি জানিব, মৰাপাট এমুঠি আছিল, তাৰেই ফই এডাল বাটি, তাকে বেচি শিকি এটা উলিয়াই, কোনো- মতে আধা-পেটীকৈ ভাত এসাঁজৰ দিহা কৰিলোঁ। আজি এতিয়া কৰোঁ কি!

(মাণিকীৰ প্ৰবেশ)

মাণিকী— এত বেলিলৈকে নো ক’ত ফুৰিলাঁগৈ?
পানী- অত বেলিলৈকে ফুৰিও যে একো কৰিব নোৱাৰিলোঁ! ধনাই ক’লীয়, সোণাৰাম, পাহবৰ, ইহঁতৰ ঘৰে ঘৰে গৈ, কতনো কাকূতি কৰিলে, তেও মোক আধেৰ মৰা-পাট্ কালিয়নে দিওঁতা ন’হল কিয়নো দিব? অলপ ৰস্-পম্ থকা যেন দেখিলেহে মানুহে মানুহ যেন দেখে; আমাৰ নিচিনা নোম-দৰিদ্ৰক কোনেও পাই এটালৈকে নপতিয়ায়।
মাণি— নপতিয়ায়, নেলাগে পতিয়াব। দুখীয়া বুলি কিবা সিহঁতৰ ঘৰত পৰি আছোঁগৈ নে? নাই কাৰবাৰ ঘৰত চুৰ কৰিবলৈকে গৈছোঁ?
আমাক দুখীয়া দেখি মানুহে নপতিয়াওক, সেইটো লাজৰ কথা নহয়। চোৰ ডকাইত বুলি ঘিণালেহে বেয়া।
পানী— হেৰ, সেইটো বুজিছোঁ। মই জানো কিবা এতিয়া সেই বাবে বেয়া পাইছো? বোলে "সৱাতকৈ ডাঙৰ হৰি কথা. তাতোকৈ ডাঙৰ চাউল কঠা।" এতিয়া সেই চাউল কঠাই ওলায় কৰ পৰা, সেইটো ভাবিহে বিমোৰ হৈছোঁ। কালি গধুলি সেই আধা-পেটী ভাত; দুপৰীয়া বাৰু আনকালো নাই, আজিও নাই; গধুলিকৈ তেও এগাল খাব লাগিব? এতিয়ানে সেয়ে হয় কেনেকৈ?
মাণি— বাৰু আজি গধূলিৰ উপায় পাম। খুদ্‌ চাউল গোটাদিয়েক আছে। তাকে সিজালে জোৰা মৰিব; হয়ো যদি এমুঠি কম হ’ব।
পানী— ভাত জানিবা সেয়ে হ’ল; তাকে গিলিবলৈ তেও লগত কিবা এট। লাগিব?
মাণি— দেশত কিবা কচু শাকৰ মাকালে খাইছে নে? লোণ-তেলহে নাই হ’বলা; নাই, নাই; এদিন জানিবা লোণ-তেল নেপালোঁৱেই।
পানী — আজি জানিবা এই দৰেই জোৰা মৰিব; কাইলৈ আকৌ খুদ্‌ চাউলো নাই নহয়? দিনটোৰ মুৰত এসঁজীয়াকৈয়ে আধা-পেটা ভাত এগালো নেপালেনো মানুহ থাকিব পাৰেনে? আমাৰ কপালত লঘোনে লঘোনে আঁত শুকাই মৰিবলৈহে লেখিব পায়!
মাণি— বাৰু আজিৰ লেঠা আজি মৰক, কাইলৈ আকৌ পাচ কথা। হৰিয়ে এটা জোৰা মাৰিব; ফৰিঙ্গলৈকো কচু এডাল দিছে, আমাক নো আৰু খাবলৈ নিদি মাৰিবনে?

(সদাগৰ বেশেৰে ধনকন্যা আৰু ভাগ্যকন্যাৰ প্ৰবেশ; মাণিকীৰ প্ৰস্থান)

ধ-ক— তোমাৰে নাওনে পানীৰাম?
পানী— হৈছে।
ধ-ক— তুমিয়েই ফই বাটাঁ নে?
পানী— হয়; কোনখিনিৰ পৰা বা অহা হৈছে?
ধ-ক— আমি বহুতৰ মানুহ; তোমাৰ নাম শুনি, লগ পাবলৈ আহিলোঁ। এফেৰি দৰ্কাৰ আছে।
পানী— আপোনালোক, দেখিছে, কোনোবা ডাঙৰ লোক। এতিয়! বহিবলৈনো দিওঁ কি? মই ছাল-ছিগা ভিকহু। হেৰ, চাঙৰ ওপৰত টোপনি আৰি থোৱা মোৰ সেই ভাৰ-কাপোৰখন উলিয়াই দে; তাকে পাৰি দিওঁ বহিবলৈ।
ধ-ক— নেলাগে, নেলাগে থাওক; আমাৰ অলপ কথা; থিয়ৈ থিয় হ'ব।
পানী— পাচে, তেনে সকাম বা কি?
ধ-ক— আমি সদাগৰ মানুহ; নানা তৰহৰ বস্তু লৈ, দেশে বিদেশে বেপাৰ কৰি ফুৰে। এই নগৰলৈ আহি শুনিলোঁ, তুমি হেনো মৰাপাটৰ বঢ়িয়া বঢ়িয়া ফই বাটিব পাৰাঁ॥ সেই গুণে তোমাৰ গুৰিলৈ আহিলোঁ। তুমি আমাৰে সৈতে বন্দবস্ত কৰি লোৱা, তুমি যিমান ফই বাটাঁ, সকলোখিনি আমি থাউকতে, তোমাৰ ঘৰৰেপৰা কিনি নি খাকিমহি। তেতিয়া হ'লে, তুমি ফই বেচিবলৈ গৰাকী বিচাৰি ফুৰিব নেলাগে; তাৰ উপৰিও, লাগে লোকতকৈ অলপ দামো বঢ়াই দিম।
পানী— সেইটো কৰিব পৰা হ'লে দেখোন তৰিবই পাৰোঁ! পাচে, তাকে কৰোঁ কেনেকৈ? দিনৌ, দহ জোৰা মাৰি কোনোমতে, মৰা- পাট একোমুঠ গোটাই আনো; তাৰেই ফই একোডাল বাটি, তাকে, আধামূলীকৈ হলেও, ততালিকে বেচি আনিলেহে খাবলৈ হয়; নহলে মোৰ লঘোন। তেনেহলে নো, অপো-

নালোকক ফই বাটি দিবলৈ, মই পোন প্ৰথমতে, মৰা-পাটকে পাম ক’ত? * কোনোবা স্বৰূপে যদি এমুঠি পাই, দুগছ এগছ বাটিবও পাৰোঁ, তেন্তে, তাকে বেচি কিনি নানি, থাউকতে বেচিম বুলি, সাঁচি থ’লে, মই খাঁও কি?

ধ-ক - সেই বাবে বাৰু চিন্তা কৰিব নেলাগে। আমি তোমাক এতিয়াই এশ টকা ৰূপ দি যাওঁ। তাৰে তাকৰীয়াকৈ টকাদিয়েক তুমি ভঙ্গি খাবা; আৰু ইখিনি ৰূপেৰে মৰা-পাট কিনি, ফই বাটি থৈ দিবা। আমি আহি, হাততে ধন দি, এটাইখিনি ফই কিনি নিম। তেতিয়া সেই ধনেৰে আকৌ মৰাপাট কিনি আনিব। এইদৰে কিছু দিনৰ মূৰত দেখিবা, তুমি আৰু দুখীয়া হৈ নেথাকা।
পানী-- হে দেউতা ঈশ্বৰ, এনে কথা কিয় কয়? মই খুদ মগনীয়া ভিকহু, মোৰে সৈতে নো আপোনালোকে ধেমালি কৰিলে শুৱায় নে? মোৰ সাত পুৰুষতো এশ টকা ৰূপ দেখা নাই।
ধ-ক- কামি একো ধেমালি কৰা নাই; যি কৈছোঁ, স্বৰূপ কথা। এইটো জাল মোনাতে এশ টকা ৰূপ লেখি আনিছোঁ; তোমাক দিলোঁ, ৰ॥ মন পুতি কাৰবাৰ কৰিবা, তোমাৰ উন্নতি হ'ব। আমি ফই নিবলৈ দুমাহ মানৰ মুৰত আহিম। এতিয়া বিদায় কৰিলোঁ।

( ধন-কন্যা আৰু ভাগ্য-কন্যাৰ প্ৰস্থান; পানীৰামে ভেবা লাগি চাই থাকে; মাণিকীৰ বেগেৰে প্ৰবেশ।)

পানী— হেৰ জেতুকী মাক দেখিলি নে?
মাণি— ওঁ, দেখিলোঁ। তো; মই বেৰ জুমি চাই আছিলোঁ নহয়।
পানী— হেৰ সপোন নে দিঠক?
মাণি— দিঠক, দিঠক; কিয় সপোন হ’ব?
পানী— নহয়, হেৰ জেতুকী-মাক, ই সপোনহে; আৰু সপোনে; সপোন, বৰ জবৰ সপোন।
মণি— নহয়, জেতুকী-বাপেক, দিঠক, দিঠক, তেনেই দিঠক।
পানী— চাওঁ বাৰু তোৰ হাতটো দেচোন। (মাণিকীৰ হাতত চিকোট্ মাৰি) দুখ পাইছ নে?
মাণি— উস্! উস্! উস্! এৰি দিয়াঁ, এৰি দিয়াঁ; গোটেই বকটা ছিগি যাব এতিয়া।
পানী— এঃ! তোৰ ছিগি যোৱাটোহে টান হৈছে! চাওঁ মোৰ হাতত টানকৈ চিকোট্ এটা মাৰচোন। (মাণিকীয়ে চিকোট্ মাৰে) হৈছে, হৈছে, থাওক। হওঁতে, দিঠক যেনেই লাগিছে। বাৰু, ৰূপগাল চাওঁহকচোন। (দুয়ো ৰূপ চায়) হেৰ, এই গাল নো ৰূপ নহয় নে?
মাণি— কিয় নহব? গালেই ‘নগজ্” গোটা গোটা চিকা ৰূপ।
পানী— এ হে! মোৰ হৰিৰ বন! দুখীয়াৰ দুখ দেখিব নোৱাৰি, ঘৰতে মোনা ভৰাই ধন দি গ'লহি!
মাণি— মই নকৈছিলোঁ. বোলোঁ। ফৰিঙ্গলৈকো কচু এডাল দিছে যেতিয়া, হৰিয়ে এটা জোৰা মাৰিব।
পানী— কৈছিলি হয়; ভাল কলি, ভাল লাগিল! হেৰ জেতুকী-মাক, তই মোৰ কোনো জনমৰ গোসানী আছিলি!
মণি— ইঃ! এনে কথা ক'ব নেপায়।

নৃত্য গীত।

 পানী—জেতুকী-মাক, আজি বহালোঁ।
 মণি—জেতুকী-বাপেক, আজি বহালোঁ
 দুয়ো—আজি বহালোঁ, আজি বহালোঁ, আজি বহালোঁ।
 পানী—ঘৰত নাছিল' ফুটা কড়ি
 মাণি—ধনৰ মোনা আহিল উড়ি
 দুয়ো—ঘপহ, কৰে কোঁচত পৰিল, ভাল আজি বজালোঁ।
 পানী— ধন্য ধন্য পানীৰাম
 মানী—মাণিকীৰো ল’বা নাম
 দুয়ো—ঘৰত বহি এমোন ধন ভাল আজি চপালোঁ।

পানী— এতিয়া ৰূপগাল ভালকৈ এঠাইত লুকাই থগৈ। পাচে থ'ৰি ক’ত? আমাৰ জানো লোকৰ দৰে কিবা পেৰা-পেটাৰি আছে!
মণি— মই থ'ম দিহা লগাই; তুমি ভয় নকৰিব॥

(ৰূপ লৈ প্ৰস্থান)

পানী— হেৰ, লোণ-তেল নাই বুলিছিল নহয়?
মাণি— (ভিতৰৰ পৰা) এৰা।
পানী – তেন্তে তাৰে এটকা লৈ আহ। মই বজাৰলৈ গৈ, লোণ-তেল অলপে, ধান এদোণ মানে অনেগৈ; আৰু মৰাপাট, ডাল-চৰেকে আনোগৈ।

( মাটিকলহ এটা লৈ মাণিকীৰ প্ৰবেশ )

মাণি- হোৱাঁ, এই টকা ৰূপ। বেৰৰ আগতে তেলৰ চুঙাটো আছে; ধান আনিবলৈ পাচি এটা বিচাৰি লৈ তুমি যাব। মই ঘাটৰ- পৰা পানী একলহো আনোগৈ, গাটোও ধুই আহোঁগৈ।
পানী -- পাচে, থ’লি ক’ত? ক'ৰবাত চোৰ চাৰিয়ে পায় বা?
মাণি- তোমাক নো কেলৈ তাৰ উহটো লাগিছে? মই থৈছোঁ ভালকৈ। মই বুঢ়ী-মাকে যতহে থৈছোঁ, চোৰৰ আজোককাকেও তাৰ গম নেপায়?

( প্ৰস্থান)

( কানত থৈলালৈ বুধনৰ প্ৰবেশ )

বুধন— হ’ মিতা, মিতা হ'।
পানী-- ক’ৰ মানুহ, কি লাগে তোক?
বুধ- মিতা “তুঁচ” গুড়ি বিকিব? আছে তো, নগদা পইচা দিব, হামাকে দিবি।
পানী- হেৰ, তহঁতৰ বেঙ্গুলীবোৰে যে ঘৰে ঘৰে তুহ গুড়ি বিচাৰি ফুৰ, তহঁতে নো তুহ গুড়িৰে কি কৰ? খাৱ নে কি?
বুধ- নাহি মিতা. কেনে খাবে? হামিলোক “তুঁচ” গুড়িকে বেপাৰ কৰিছে। যে মানুষকে গৰু বইলকে, নাই ঘোৰাকে দানাকে
দৰ্কাৰ হ’ব, হামাৰ পাছ, কিনি লিব। ৰাখকে বিক্ৰী কৰিব।
পানী— তহঁত এই বাৰ-বঙ্গলুৱা শনাহী মানুহবোৰ সোমাই, আমাৰ দেশত ভাল টোকোনা বিদাবোৰ উলিয়ালিহি! ভালেতোহে দেশনৰ চিৰি-বিধি নোহোৱা হ'ল! চাচোন, তহঁতৰ তাপত পথাৰৰ নৰা আৰু ঢেকীশালৰ তুঁহ গুড়িও নসৰা হ'ল।
বুধ— হামি কি খাৰাপ কৰিছে? তুমি “তুঁচ্” গুড়ি এইচাই ফেকি দিছে; হামি পইচা দিকে কিনিছে; তোমাৰ লাভ আছে কি লোস্কান আছে? আছে তো দিব মিতা, হামি বহুত দুৰ যানে লাগে।
পানী— সিদিনা এপাচি দেখিছিলোঁ; বাৰু মই চাওঁ, ৰবি।

(প্ৰস্থান আৰু তুঁহ গুড়ি এপাচি লৈ পুনঃ প্ৰবেশ)

এই পাচি আছে, নে; পইচা কিমান দিবি?
বুধ— এক পাচিমে এক পইচা পাবি, ঔ্ৰ, কেতনা লিবি?
পানী— নাই, নাই, এপইচালৈ নিদিওঁ।
বুধ— আচ্ছা লে’ লে' দুপইচা লে।

(পানীৰামে পইচা লৈ থৈলাত তুঁহ গুৰি বাকি দিয়ে; বুধনৰ প্ৰস্থান)

পানী— হক তেও, এই দুটা পইচাইনো, ক’ৰ হয়? তুঁহ গুৰি পেলাইহে দিলোঁহেতেন যাওঁ এতিয়া বজাৰৰ পৰা আহোঁগৈ।

(তেলৰ চুঙা আৰু পাচি লৈ প্ৰস্থান)