সমললৈ যাওক

ভাগ্যপৰীক্ষা/প্ৰথম অঙ্ক: তৃতীয় দৃশ্য

ৱিকিউৎসৰ পৰা

তৃতীয় দৃশ্য—পাহবৰৰ দোকান।

( পাহবৰ আৰু ধূলিৰাম)

পাহবৰ- সেই কেৰাচিন্‌ তেলৰ টিন্‌বোৰত একোটা ফুটা দি, এসে এসেৰ তেল উলিয়াই লগৈ; আৰু ফুটাবোৰ ৰাংপানীৰে জালি গগৈ। পাচে, টিনবোৰৰ তলিত ফুটা দিবি দেই, তেহে পোনে পোনেহ চকুত নপৰা হ’ব। তেও যদি কোনোবাটো ঘেকেটি-খোৱা মানুহে লুটিয়াই বাগৰাই চাই, ধৰিব পাৰে, তাক ক'ব বুলি আমি ক'ব নোৱাৰোঁ; জাহাজত খালাচীয়ে চাগৈ তেল চুৰ কৰিলে।
ধূলিৰাম-- বাৰু মই ক'ব জানিম। মই লাগে সাতবাৰ মান গোসাঁইৰ শপতকে থাম।
পাহ— খাবি তোন; আমাৰ বেপাৰী মানুহৰ কি গুৰু গোসাঁই আছে? মচুৰ মাহত শিল-গুটি মিহলালি নে?
ধুনি— কেলেই, ঘিঁউৰ টিনবোৰত নাৰিকলৰ তেল আৰু মচুৰ মাহ দহ মোণত দহ সেৰ শিল-গুটি একেদিনাই মিহলাই থৈছো নহয়।
পাহ— দহ মোণ মাহত দহ সেৰ শিল-গুটি তাকৰ হ’ল।
ধূলি— শিল-গুটি আৰু নাই, মই কি কৰিম? বাৰু আধা মোণ মান ধূলিকে মিহলাই থ’ম।
পাহ— ধূলি নিবিবি; জোখোতে মাথোতে উড়ি যায়। তাতকৈ, বালিকে দিবি; সি গধুৰ বস্তু, উড়ি যাব নোৱাৰে।

(পানীৰামৰ প্ৰবেশ)

পাহ— এইবাৰ আকৌ কি হ'ল?
পানী— এৰা, দিয়া মৰাপাট আধেৰ।
পাহ— মই তোক এতিয়াই কৈ পঠিয়াইছো নহয়, বোলোঁ মোৰ ইয়াত তই কালিয়ন-বাহিয়ন কৰিবলৈ নাহিবি; আকৌ কেলৈ চুপতি কৰিবলৈ আহিছ?
পানী— বাৰু কালিয়নে দিব নেলাগে; হোৱা এয়া ধন লোৱাঁ
পাহ— (ধন লৈ) অ’ এইদৰে হলে কথাই নাই; দোকান গোটেইখন নিলেও, এতিয়াই দিওঁ। (মৰা-পাট দিয়ে) তই এতিয়াই, ঘৰত পাই এটাও নাই বুলি শপত খাই, কালিয়নে মৰাপাট নিবলৈ আহিছিলি নহয়?
পানী— আহিছিলোঁ।
পাহ— পাচে দেখোন সেয়া ধানো কিনি আনিলি, সেয়া লোণ তেলো আনিলি, আৰু এয়া মৰা-পাটো কিনিলিহি; এতিয়া নো পাকটোতে ধন ক’ৰ ওলাল?
পানী— এৰা, তেতিয়া পইচা নাছিল দেখি, সিমান কাকূতি কৰি, মৰা-পাট আধেৰ কালিয়নে খুজিলোঁ, তুমি নিদিলাঁ। পাচে দুখীয়াৰ দুখ দেখিব নোৱাৰি, এতিয়া হৰিয়ে দুমহা দিলে। তোমাৰ মৰম নেলাগিল বুলি, গৰাকীজনৰো লাগিব নেপায় নে।
পাহ— যা যা হেৰ, এনে কাণত নোসোমোৱা কথা ক'বলৈ নাহিবি। তোতকৈ ঘঁটীয়া এটা পোৱা নাই। হাতত ধন থাকোতেও, কালি-
য়ন কবি, মোক ঠগিবলৈ আহিছিলি? মহৰ শিঙ্গত কি কঁকিলাদাৰ মাৰিবি! মইও বেপাৰী মানুহ; বেগত নোৱাৰ বলে।
পানী— তুমি নপতিয়ানে নো আৰু কি কৰিম?

(প্ৰস্থান)

( কৃষ্ণকান্ত প্ৰবেশ )

পাহ— ডাঙৰীয়া, আহক আহক, কি লাগে?
কৃষ্ণকান্ত— ( মনতে) মই যদি পোনে-পোনেই আৰ্চী এখন লাগে বুলি কওঁ, সি আৰ্চীখনৰ মখনা হাতী এটাৰ দাম কৰিব। (শুনাই) মোক এটা ভাল ছাতি লাগে।
পাহ— কেনেকুৱা লাগে চাওক; এইবোৰ বঢ়িয়া বঢ়িয়া ছাতি আছে। ( ছাতি এটা দেখুৱাই) এইটো যে ছাতি দেখিছে, ইয়াৰ যোৰৰ ছাতি, গোটে দহ টকাকৈ দিলেও, আমাৰ ইয়াত পাবলৈ নাই। নমুনা বুলি মুঠেই তিনটা ছাতি আহিছিল। আহি পোৱাহি দিনাই, এটা মেহিনীমোহন মুন্সিফে, এটা গোবিন্দৰাম উকিলে, দহ মহা দহ মহা ৰূপ পেলাই দি, বলেৰে নিয়াদি লৈ গ'ল; এই এটা আছে; বৰ বঢ়িয়া মাল।
কৃষ্ণ- -- এইটো মোৰ চকুত নেলাগিল।
পাহ- তেন্তে ইয়াৰ এটা নিয়ক। (আন এটা দেখুৱাই) দাম মুঠেই ছমহা; ইফালে বস্তুটো বৰ “মজবুদ্”। আজি চাৰি বছৰৰ আগতে, এই নম্বৰৰ ছাতি এটা মোৰ পেহীৰ পুতেকে নিছিল। তাৰ লোৱৰ দণ্ডি খয় গৈ ভাগি ধুনা-শুনা হৈ গৈছে, তেও
যেনে কাপোৰ তেনেই আছে। এই চালানত বাৰ দৰ্জন আনিছিলোঁ;থাপতে উড়ালে; এই মাথোন দুটা বাকী আছে।
কৃষ্ণ— উহুঁ; মোক লগা বিধৰ ছাতি ইয়াত নাই।
পাহ— আপোনাক নো কেনে লাগে?
কৃষ্ণ- কাপোৰডোখৰ ৰেচমী হ’ব লাগে।
পাহ— সেইবোৰ নহয় ৰেচমী।
কৃষ্ণ— পাচে, এইবোৰ “স্প্ৰিং’ খকা; মোক ‘স্প্ৰিং” নথকা লাগে।
পাহ— কিয়, সেয়া “স্প্ৰিং” নথকাও আছে নহয়?
কৃষ্ণ- আছে বুলি, ইয়াৰ নালবোৰ লোৱৰ; মোক লাগে বাঁহৰ নালৰ।
পাহ- বাঁহৰ নালৰো আছে; ৰ'ব বাৰু , মই দিওঁ।
কৃষ্ণ— অ’ মই পাহৰিহে বাঁহ বুলিছোঁ; মোক কাঠৰ নালৰহে লাগে।
পাহ- তেন্তে, মোৰ ইয়াত নেপায়; আন ঠাইত বিচাৰকগৈ।
কৃষ্ণ— এৰা, ন’হলে কি কৰিবা? (যাব খুজি) অ’, এই আৰ্চীখনৰ দাম কিমান হেঁ মোক হওঁতে নেলাগে; তেও শস্তা দামত পালে লৈ থ’ব পাৰোঁ।
পাহ— দাম কৰিম নে ঠিক কথা ক’ম?
কৃষ্ণ-- ঠিক কথা ক’বা আকৌ
পাহ— তেন্তে, এটকী ৰূপ দিব।

(কৃষ্ণকান্তৰ বেগেৰে প্ৰস্থান)

ডাঙৰীয়া, লৰ মাৰিলে কিয়? কি দিব খোজে কৈ যাওক চোন।
কৃষ্ণ— ( ভিতৰৰ পৰা) আঠ অনাত দিবানে?
পাহ— (মনতে) আঠ অনাত বেচিলেও, চাৰি অনা লাভ থাকে। বাৰু তাৰ ওপৰে কি সৰকাব পাৰোঁ চাওঁ। (শুনাই) হাও! নপৰে; তেও যদি নিব খুজিছে, পোন্ধৰ অনা দিয়ক।
কৃষ্ণ- ( ভিতৰৰ পৰা) মই দহ অনাতকৈ এটা পইচাও নিদিওঁ।
পাহ— তেন্তে গুচি যাওক; ভাল ভালে কেতিয়াও নেপায়। (অলপ চাই থাকি) সঁচাকৈয়ে গ'লেই হ’বলা। উভতি উভতি চাই যাবলৈকো এৰিলে! হেৰ. মাতচোন মাত, মাত; চিঞৰ ধৰ।
ধূলি— (চিঞৰি) হেৰি ডাঙৰীয়া, হেৰি, শুনি যাওক।

(কৃষ্ণকান্তৰ পুনঃ প্ৰবেশ )

পাহ— মূলে মুলেই এৰি দিলোঁ; এটা পইচা যদি লাভ ৰাখিছোঁ গুৰু ভকতৰ অন্তৰ। তেৰ অনা পইচা দিয়ক, লৈ যাওক।
কৃষ্ণ— বাৰু দিয়াঁ যদি, বাৰ অনাত দিয়াঁ, নহলে থাওক।
পাহ— বাৰ অনাত দিলে এক অনা পইচা লোকচান হয়; বাৰু আৰু দুটি পইচা দিয়ক।
কৃষ্ণ— তেন্তে থাওক, আহিলোঁ।
পাহ— বাৰু হোঁৱক, হোঁৱক, লৈ যাওক; আপোনাক হে লাগে।

(পইচা দি আৰ্চী লৈ কৃষ্ণকান্ত প্ৰস্থান।)

যা, ঠগিলোঁ; লাভকে ৰাখিলোঁ। আঠ অনা।