সমললৈ যাওক

ভাগ্যপৰীক্ষা/প্ৰথম অঙ্ক: চতুৰ্থ দৃশ্য

ৱিকিউৎসৰ পৰা

৪ৰ্থ দৃশ্য—পানীৰামৰ ঘৰ।

(পানীৰাম আৰু মাণিকী)

মাণিকী— দুৱাৰ-চুকৰ তুঁহ-গুড়িৰ পাচিটো ক’লৈ গ'ল?
পানীৰাম— কেলৈ, মই সেইটো পাচিতে কালি ধান কিনি অনাগৈ নাই?
মাণি— পাচিটো পাইছে; তাৰ তুঁহ-গুড়িবোৰ কৰিলাঁ কি?
পানী— তই কালি পানী আনিবলৈ যাওঁতে, বেঙ্গুলী এটাক বেচি দি দুটা পইচা লৈ থৈ’ছোঁ, বাপেকে!
মাণি— কি! মই তাতে বস্তু এটা থৈছিলোঁ নহয়, ক'ত থ’লাঁ?
পানী— তত কি বস্তুটো আছিল অ'? মই তাত একো বস্তু-বেহানি পোৱা নাই। সেই বেঙ্গুলীটোৱেই দেখিছে নহয়; তাৰ থৈলাত তুঁহগুড়ি- গাল ঢালি দি, পাচিটো আজৰাই লৈ, মই বজাৰলৈ গুচি গৈছোঁ।
মাণি— কি ক’লাঁ? খালাঁ, খালঁ! ভালটোকে কৰিলাঁ নহয় আৰু?
পানী— কিটো কৰিলে। অ’? কিনোঁ হ’ল?
মাণি— হ’বলৈ আৰু কি আছে? যি হ’ব লাগে, হ’ল; কালিৰ সেই ধনৰ মোনাটো তুঁহ-গুড়িৰ মাজতে সুমাই থৈছিলোঁ।
পানী— হেৰ, কি নো কৱ! উস, খালি, খালি, খালি; মোক জীয়াতে টঙ্গনিয়াই মাৰিলি! পোন পোনেই এটকা কম এশ ৰূপ! ভাবিছিলো বোলোঁ দুখীয়াৰ দুখ দেখি হৰিয়ে চকু মেলি চালে। হেন্ কৰিম, তেন্ কৰিম বুলি কত নো মনতে পাঙ্গিছিলোঁ। উস্! ইয়াকে বোলে “বিধতাই দিলেও তিৰোতাই নিদিয়ে।” এতিয়া
লাভৰ ভিতৰত টেঁটুত এশ টকা ৰূপৰ ধাৰ লাগিল। ঘৰে দুৱাৰে বেচি, মতা তিৰোতা হালেই বন্দী সোমালেও, এই জনমত এইখিনি ধাৰ শুজিব পাৰিম নে? ভাল মৰিয়াই মাৰিলি তই মোক ভাল মৰিয়াই মাৰিলি!
মাণি— তুমি নিজ হাতে বেঙ্গুলীক ধন দি পঠিয়ালাঁ, তেও আকৌ জগৰটো ঘূৰি মোৰ গাতহে লাগিল? তুমি নে তুঁহ-গুড়ি বেচিছিলাঁ কিয়? নেবেচা হ'লে ধন যাবলৈ নেপায়েই নহয়।
পানী— হেৰ কোনোবাই নো তুঁহৰ পাচিত ধন থয়? তই তুঁহ-গুড়িৰ মাজত এশ টকাকৈ ৰূপ সুমাই থৈছ বুলি, মই সৰৱজান হ’ব লাগিছিল নে? মই সুধিছিলোঁ নহয়, বোলো ক’ত থ'লি; তেতিয়া নকলি কিয়?তই যে ধন থ’বলৈ আৰু ঠাই নেপালি, মই কেনেকৈ জানিম?
মাণি।— মইও নো আকৌ ইমান ন হয়গৈ বুলি কেনেকৈ জানিম? মই চালো বোলো ইয়াত ধন আছে বুলি কোনেও নেভাবে; সেই দেখি কোনেও গম নেপাওক বুলিহে তাত থৈছিলো।
পানী।— এতিয়া কৰোঁ কি! বেঙ্গুলীটোকে বিচাৰি যাওঁ বুলিবলৈ, সি বা ক'ৰ মানুহ কোনখিনি পালেগৈ তাৰ কি “টায়ন” আছে! আৰু তাক পলেও, সি নো আৰু মোক ৰূপ ওভোতাই দিব খুজিছে নে? যেই হওক, যাও এবাৰ বিচাৰি।

( প্ৰস্থান)

মাণি।— মইও চোন বাৰু ওচৰ চুবুৰীয়া মানুহ কেইঘৰত পাক মাৰি আহোঁ; কি জানি সি আজিও আকৌ তুঁহ-গুড়িৰ লোভত আহিছেই।

( প্ৰস্থান)