সমললৈ যাওক

ভাগ্যপৰীক্ষা/পঞ্চম অঙ্ক: দ্বিতীয় দৃশ্য

ৱিকিউৎসৰ পৰা

২য় দৃশ্য—পানীৰামৰ নতুন ঘৰৰ এটা কক্ষ।

(বিহুৱাই অকলৈ হাঁহি ফুৰে; বগাইৰ প্ৰবেশ)

বগাই — কি হল অ' বিহুৱা? তোৰ গাত কি বিহু লাগিল? অকলৈ অকলৈ হাঁহি ফুৰিছ দেখোন?
বিহুৱা— এৰা বোপাই, মোৰ মনটোত বৰ ৰং লাগিছে হেৰ!
বগাই— কিয় ইমানটোনো ৰং কেনেকৈ লাগিল?
বিহুৱা— মোৰ বৰ সুখ হৈছে হেৰ!
বাই— সুখ কিবা তোৰে অকলৈ হৈছে নে? এইঘৰ মানুহত নো কাৰ সুখ হোৱা নাই? সেই বুলি আৰু অকলৈ এই দৰে হাঁহিব লাগে নে?
বিহু— মই বোপাই ৰং লাগিলে নেহাঁহি নোৱাৰোঁ। মনৰ ৰংটো, তহঁতৰ দৰে সাফৰ মাৰি ঢাকি থোৱাৰ কি “পয়জন” আছে? চাচোন, এনে ঘৰ মানুহ আৰু আমি ক’ত পাম?
বগা— সেইটো হ'লে বোপাই ঠিক কৈছ। ওলাই যাবৰ দিনা কান্দি হে যাব লাগিব।
বিহু— মই হ'লে বাপেকে ওলাই নেযাৱেঁই। ঘিঁউ, চেনি, গাখীৰ, গুড়, সোপাই আমাৰ হাততে; যেতিয়াই যিহকে মন যায়, তাকে খাইছোঁ, গিৰীহত ঘৈনীৰ তাত একে। হকা-বধা নাই; আমিয়েই দিছো যদিহে খাবলৈ পাইছে। ইফালে চাচোন, এইবোৰ ছমহীয়া সাত মহীয়া চুৰিয়া, বঢ়িয়া বঢ়িয়া “কোট্” চোলা, যিহকে খুজিছোঁ, তাকে দিছে! এনে সুখ বোপাইৰ আজো ককাকেও কৰিবলৈ পোৱা নাই। মই বোপাই, লাগে দৰ্ম্মহাকে নলওঁ, এনেয়ে থাকিম।
বগা-— গৃহস্থ ঘৈণী দুই গৰাকী বৰ ভাল মানুহ, বোপাই। চা চোন আমিয়েই যতবোৰ হে জগৰ কৰিছোঁ, অইন এঘৰত হোৱা হলে শিলেৰে খুন্দেলেহেতেন। তেও জানো, কোনোবা দিনা টোকৰ এটা মাৰিছে? কেতিয়াবা বৰ টান হলে মুখেৰে একেষাৰ ডাবি দিয়ে। কেনে মৰমেৰে মানুহ জানে!
বিহু— ঘৈণী গৰাকী “সাইখাত্” লখিমী আৰু গিৰীহত গৰাকী জানিবা তেওঁৰে গিৰীয়েক। মানুহে অলপতে দুখ পায় দুখ পায় হেন দেখে। এটাইলৈকে পেটে পেটে বৰ মৰম।
বগা— সেই দেখিছে আকৌ আমাৰো মৰম লাগিছে; মৰম দিলেই মৰম পায়। এনে মানুহৰ লগতহে থাকিবৰ মন যায়।
বিহু— আৰু কি এটা কথা, ক'ব নোৱাৰোঁ, দুই হাতে বনকে কৰি ফুৰোঁ, তেও দুখ যেন নেলাগে।
বগা— এৰা, এৰা "ৰহইচতে” বন কৰিবৰ মন যায়; বন কৰ মানে ৰংহে লাগে।
বিহু— বৰ ৰং লাগে বোপাই, বৰ ৰং লাগে! সেই দেখি হে মই তেও নেহাঁহি নোৱাৰোঁ। ইয়াত আমাৰ বৰ সুখ হেৰ, বৰ সুখ। মই ইয়াৰপৰা কেতিয়াও নোলাওঁ।
বগা— আমি জানো ওলাম? খেদি নিদিলে, নিজে কেতিয়াও ওলাই নেযাওঁ। যাওঁ বুলিবৰ সতেই নেযায়। এতিয়া কথা হৈয়েই থাক নে? আলহীও আহিছে; বহুত বন আছে; আহ, আহ।
বিহু— ব’ল ব’ল; ৰ, মই অলপমান হাঁহি লওঁ।

( দুইৰো হাঁহি হাঁহি প্ৰস্থান)