(পানীৰাম, সদাগৰ বেশেৰে ধনকন্যা আৰু ভাগ্য কন্যা)
| পানী—
|
আচলতে, কপাত সুখ নেথাকিলে, আপোনালোকে মোৰ কেনেকৈ সুখ কৰি দিব? এই দুবাৰ দোমোনা ধন দিলেহি; মই তাৰ দহ টকা ৰূপে ৰাখি খাব নোৱাৰিলোঁ। বাৰু ধন নো ক'ৰবাত চিলনীয়ে থ’পিয়াই নিয়ে নে? এইটো কথাকে চাওকচোন। এনেখন মোৰ কপাল! পাচে এতিয়া আপোনালোক আহিল, ভাল হ’ল; মই বাটলৈ চাইহে আছিলোঁ। মোক এফেৰি উপকাৰ কৰক।
|
| ভা-ক—
|
কি লাগে কোৱা; পৰাখিনি পক্ষত আমি তোমাৰ উপকাৰকেহে কৰিম।
|
| পানী—
|
ধন আৰু মোক নেলাগে; ধনে মোক নুশুজে। এই দুশ যে গ'ল, তাৰ বাবেও বেজাৰ কৰিবলৈ লাহে লাহে এৰি দিছোঁ। গ’ল গ'ল, ভালেই হ’ল; আগৰো নাই, এতিয়াও নাই। পাচে এতিয়া আপোনালোকৰ ধাৰৰ পৰা নিস্তাৰ পাওঁ কেনেকৈ?
|
|
|
ধাৰৰ বোজা লৈ মৰিবলৈ হ'লে মোৰ কি গতি হ’ব। মানুহহাল আৰু এই টোকোৰা পঁজাটো, ইয়াৰ বাহিৰে মোৰ একো নাই। এতেকতে, আপোনালোকে আমাক দুইকো আপোনালোকৰ লগতে লৈ ব’লক। আপোনালোক সদাগৰ মানুহক বহুত বন্ধু লাগে; গাত এডোখৰ ফটা কানি, পেটত এমুঠি ভাত, মুঠেই ইয়াকে দিব, এই দুশ ৰূপ নমৰে মানে, আমি বন্দী বৈ থাকিম।
|
| ধ-ক—
|
সেই বাবে নো কেলৈ চিন্তা কৰিছাঁ? আমি সিবাৰ কৈ গৈছোঁ নহয়, বোলে। দুশ টকা ৰূপ লোকচান হলে আমাৰ গা নেপায়গৈ?
|
| পানী—
|
নহয়, সেই বুলি মোৰ দিবলগীয়া বাবটো ক’লৈ যাব?
|
| ভা-ক—
|
বাৰু তুমি আগেয়ে যেনেকৈ খাইছিলাঁ, সেই দৰেই খাই থাকাঁ যেতিয়া ধন-বিৎ গোটাব পাৰাঁ, আমাক দিবাঁ।
|
| পানী-—
|
সেই দৰে হ'লে মোৰ ধাৰ শুজিৰ কি শক্তি আছে? নহয় মোক লৈ যাওক, ঋণ-সাগৰৰপৰা নিস্তাৰ কৰক।
|
| ভ-ক—
|
বাৰু কিছু দিন বাট চোৱাঁচোন; সদায় একে কালেই যাব নে? কি জানি গোসাঁয়ে চকু মেলি চায়েই। যদি কোনো পিনে একো নহয়, তেনেহলে পাচত জানো কিবা আমাৰ লগত যাব নোৱাৰিবাঁ?
|
| পানী—
|
মই ফই বাটি, পেটত খাই, আকৌ ধন সাঁচি ধাৰ শুজিম, সেইটো পাইছোঁ। বাৰু আপোনালোকে নিনিয়ে, য’তে ত’তে বন্দী সোমায়েই কিবা এটা দিহা কৰিম। আকৌ কেতিয়া লগ পাম, তাৰে এটা ঠিকনা দি যাওক।
|
| ধ-ক --
|
আমি এই ফালে বেপাৰলৈ আহিয়েই থাকোঁ। অজৰি পালেই, মাজে সময়ে আহি তোমাৰ ভু-ভা লৈ থাকিম। ধাৰৰ বাবে কোনো চিন্তা নাই।
|
| ভা-ক—
|
তুমি আমাৰ ধাৰলৈ কিয় ইমান ভয় খাইছাঁ? তাৰ বাবে ক’তো বন্দী সোমাব নেলাগে। আমি এইবাৰ আহোঁতে বাৰু এটা দিহা কৰিমহি। এতিয়া আৰু আমি যাওঁহক। হোৱাঁ তোমাক এটি বস্তু দি যাওঁ; এই সীহ্ডুখৰি দিলোঁ।
|
| পানী--
|
কি কৰিব লাগে ইয়াৰে? ভা-ক-থৈ দিয়াগৈ; কপাল ভাল হ’লে, ইয়াৰেপৰা সোণৰ গছ গজিব পাৰে।
|
| পানী—
|
ওঁ, পাৰে তো; মোৰহে যেনে কপাল, কিয় নোৱাৰে? মোনা মোনে ধনহে পাখি লাগি উড়ি যায়!
|
| ভা-ক-
|
বাটতে পালোঁ সীহ্ডোখৰ, পেলাই দিমনে আৰু? থৈ দিয়াঁ এঠাইত পেলাই; সি নো কি ভাত মাছ খুজিব?
|
| ধ-ক-
|
থৈ দিয়াঁ, কেতিয়াবা কিবা কামত লাগিব পাৰে। আমি আহলো!!
|
(ধনকন্যা, আৰু ভাগ্যকন্যাৰ প্ৰস্থান)
|
|
দেহি ঐ, ডাঙৰ ডাঙৰ মন! অতখিনি ধন হেৰাল দেখিছেই, তেও একেষাৰ টান কথা নাই। আমাৰ পাহ্বৰ দোকানীৰ দৰে ন চহকীয়ে পোৱা হ’লে, দুশহে নেলাগে, দুটা পইচাৰ লগতে অত বেলিয়ে মোৰ গাৰ মঙ্গহকে এৰুৱাই নিলেহেতেন।
|